মূল : কেশৱ শংকৰ পিল্লাইৰ “স্নে’ক-বাইট”
অনুবাদ : বিদিশা দত্ত
এদিন ঘৰৰ চোতালত মই সৰু সাপ এটা দেখা
পালোঁ। সাপটো লাহে লাহে বগাই আহি আছিল। মোক দেখা মাত্ৰকে সি তৎক্ষণাৎ ওচৰতে পৰি
থকা নাৰিকলৰ কোৰোকা এটাৰ ভিতৰত সোমালগৈ। মই লাহেকৈ শিলগুটি এটাৰে কোৰোকাটোৰ মুখখন
বন্ধ কৰি সেইটো তুলি লৈ আইতাৰ ওচৰলৈ দৌৰ মাৰিলোঁ।
“চোৱা চোৱা আইতা, মই সাপ এটা ধৰিলোঁ!”- মই চিঞৰি ক’লোঁ।
উঠিল। তেওঁ ভয়তে সহায় বিচাৰি চিঞৰিবলৈ ধৰিলে। ককা ভিতৰৰ পৰা দৌৰি আহিল। নাৰিকলৰ
খোলাটোৰ ভিতৰত সাপ এটা আছে বুলি গম পাই তেওঁ মোৰ হাতৰ পৰা সেইটো কাঢ়ি লৈ দূৰলৈ
দলিয়াই দিলে। অকণমানি সাপটো খোলাটোৰ পৰা ওলাই জোপোহাৰ মাজত সোমালগৈ। ককাই মোক
সাপৰ ওচৰলৈ নাযাবলৈ সতৰ্ক কৰি দিলে, কাৰণ সাপ বৰ বিপদজনক
প্ৰাণী।
সেইদিনা সন্ধিয়াৰ পৰত, মৌ-মাখি এটা ধৰিবলৈ মই
চেষ্টা কৰি আছিলোঁ। এপাকত ধৰিবলৈ লওঁতেই মৌ-মাখিটোৱে মোৰ আঙুলিত বিন্ধি দিলে।
আঙুলিৰ তীব্ৰ বিষত মই ৰক্ষা নোপোৱা হ’লোঁ। আইতাৰ ওচৰলৈ গৈ মই
ক’লোঁ যে মোৰ আঙুলিত কিহবাই কামুৰিলে, বিষটো
কমাবৰ কাৰণে তেওঁ কিবা এটা উপায় কৰক। আইতাই মোৰ অৱস্থাটো দেখি মোৰ আঙুলিত সাপে
খোঁটা বুলিয়ে ভাবিলে। তেওঁ লৰালৰিকৈ ককাক মাতিলে আৰু মোৰ আঙুলিটো দেখুৱালে।
ককাই মোৰ আঙুলিটো ভালকৈ চালে। মৌ-মাখিয়ে
বিন্ধি দিয়া ঠাইডোখৰত সৰুকৈ নীলা দাগ এটা স্পষ্ট হৈ আছিল। ককাই ঘপহকৈ মোক কোলাত
উঠাই ল’লে আৰু
বাহিৰলৈ দৌৰ মাৰিলে। বাগিচা আৰু ধাননি পথাৰবোৰৰ মাজেৰে তেওঁ মোক লৈ দৌৰি গ’ল। অৱশেষত আমাৰ ঘৰৰ পৰা ভালেমান আঁতৰত থকা এটা সৰু জুপুৰীৰ সন্মুখত ককা ৰ’লগৈ। ঘৰৰ গৃহস্থক ককাই চিঞৰি মাতিলে।
সুস্থ কৰি তোলাৰ মন্ত্ৰ বৃদ্ধজনে জানিছিল। ককাই তেওঁক ক’লে- “এই ল’ৰাটোক সাপে খুঁটিলে, ইয়াক সহায় কৰক।” মানুহজনে মোক
ভিতৰলৈ মাতিলে। তেওঁ মোৰ আঙুলিটো চালে আৰু মোক লৰচৰ নকৰাকৈ বহি থাকিবলৈ ক’লে। মই ককাৰ কোলাতে বহি ৰ’লোঁ”। পিতলৰ এটা সৰু পাত্ৰত পানী আনি বৃদ্ধই আমাৰ
সন্মুখত বহি মন্ত্ৰ মাতিবলৈ ধৰিলে।
মোৰ ক’বলৈ খুব মন গৈছিল যে মোক
সাপে খুঁটা নাই, মৌ-মাখিয়েহে বিন্ধিলে। কিন্তু ককাই মোক একো
কথা ক’বলৈ নিদিয়াকৈ জোৰকৈ সাবটি ধৰি আছিল। ইতিমধ্যে মোৰ
আইতা আৰু লগতে ভালে সংখ্যক মানুহ আহি সেই ঠাইত উপস্থিত হৈছিল। সকলোৱে বৰ দুখমনেৰে
মোলৈ চাই আছিল।
তেতিয়ালৈ মোৰ আঙুলিৰ বিষ পলাই পত্ৰং
দিছিল। তথাপি মোৰ শৰীৰৰ পৰা “সাপৰ বিষ” উলিয়াবলৈ মন্ত্ৰপাঠ চলি আছিল। খন্তেক
সময়ৰ পাছত বৃদ্ধজন ঠিয় হ’ল। মোৰ আঙুলিটো ধুলে আৰু মোক পানী অলপ খাবলৈ দিলে। তেওঁ মোক
আৰু কিছু সময় মনে মনে বহি থাকিবলৈ ক’লে যাতে সেই মন্ত্ৰপূত
পানীয়ে মোৰ শৰীৰলৈ সোমোৱা সাপৰ বিষ নাইকিয়া কৰি দিব পাৰে। তাৰ পাছত তেওঁ ককাক ক’লে- “এতিয়া আৰু ভয় কৰাৰ দৰকাৰ নাই। আপুনি লৰালৰিকৈ মোৰ ওচৰলৈ লৈ আহিল
কাৰণেহে ল’ৰাটো ৰক্ষা পৰিল। তাক খুব বিষধৰ সাপ এটাই
খুঁটিছিল।”
ককা, আইতা আৰু বাকী সকলোৱে বৃদ্ধজনক সেই
যাদুকৰী মন্ত্ৰশক্তিৰ বাবে ধন্যবাদ জনালে। ঘৰলৈ অহাৰ পাছত ককাই বৃদ্ধলৈ বহু উপহাৰ
পঠালে।
…
ঠিকনা :
অইল হাউচিং কলনি
দুলীয়াজান
ফোন- ৭৫৭৮৮১৯৭৫৭