নৱনীতা ভট্টাচাৰ্য্য


(১)


জহ কালৰ দুপৰীয়াবোৰ
বৰ আমনিদায়ক৷ সঁচাকথা ক’বলৈ গ’লে জহকালিৰ দিনবোৰ ৰিণিৰ একেবাৰে ভাল নালাগে৷ ৰাতিপুৱাৰ
পৰা খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই অহা বেলিটো দেখিলেই তাইৰ বৰ খং উঠে৷ অৱশ্যে প্ৰখৰ
ৰ’দ বা প্রচণ্ড গৰম তাইৰ সমস্যা নহয়৷ তাইৰ সমস্যা হ’ল গৰম পৰাৰ লগে লগে তাইৰ গতি-বিধিত
লগোৱা বাধা-নিষেধাজ্ঞাবোৰ৷ গৰমত গা বেয়া হ’ব বুলি মাকে ঘৰৰ ভিতৰতে থাকিবলৈ দিয়ে৷
সঁচাকৈয়ে সময়বোৰ বৰ আমনিদায়ক হৈ পৰিছে! মনৰ বেজাৰতে তাই খিৰিকিখনৰ ওচৰতে থিয় হৈ
বাহিৰলৈ চাই থাকিল৷ এনেতে এছাটি বতাহ আহি তাইৰ গালে-মুখে কোবাই গ’ল৷ শীতল বতাহজাকে
তাইৰ মনটো আনন্দৰে ভৰাই তুলিলে৷ আনন্দতে তাই দৌৰি বাহিৰলৈ ওলাই আহিল৷ ৰিণিৰ মাক তেতিয়া
কাপোৰ চপোৱাত ব্যস্ত৷ মাকক দেখি তাইও চোতাল পালেগৈ৷ লাহে লাহে বতাহজাক বেছি জোৰেৰে
বলৈ ধৰিলে৷ ৰিণিক ওচৰতে দেখি মাকে ক’লে, “বংগপোসাগৰত অহা ঘূৰ্ণিবতাহৰ প্রভাৱ আমাৰ
ইয়াতো পৰিছে৷ সেইবাবে বতৰটো সলনি হৈছে৷”
 

মাকৰ কথা শুনি ৰিণিয়ে
আচৰিত হৈ মাকক সুধিলে, “মা বতাহে বতৰ সলনি কৰি দিব পাৰে নেকি?”

“পাৰেতো!” 

মাকৰ উত্তৰটো ইমান
চুটি হ’ব বুলি তাই ভবাই নাছিল৷ সেইবাবে তাই মাকক পুনৰ সুধিলে, “মা! বতাহ বলিলে বতৰ
কিয় সলনি হয়?”
 

ৰিণিৰ প্ৰশ্ন শুনি
মাকে তাইক ওলোটাই প্ৰশ্ন এটা কৰিলে, “বাৰু, তুমি বতাহ কিয় বলে জানানে?”

মাকৰ মুখৰ পৰা কথাষাৰ
সৰি পৰিল কি নাই নাই, ৰিণিয়ে টপৰাই ক’লে, “গছৰ পাতবোৰ লৰিলে বতাহ বলে৷”

কথাষাৰ কৈ ৰিণিয়ে
অলপ থমকি ৰৈ পুনৰ ক’লে, “আইতাই এদিন সাধুকথা কওঁতে কৈছিল যে, ধুমুহা আৰু ব্ৰজৰ দেৱতা
হৈছে ইন্দ্ৰ৷ আৰু পৱন দেৱতা হৈছে বায়ু বা বতাহৰ অধিকাৰী৷ তেওঁলোকৰ কৃপাতেই বতাহ, ধুমুহা
ইত্যাদি হয়৷”
 

ৰিণিৰ কথা শুনি মাকে
ক’লে, “হয় তুমি ঠিকেই কৈছা, পুৰণি কালত মানুহে বতৰৰ ক্ৰিয়া-কাণ্ডবোৰ কোনো আলৌকিক শক্তিৰ
প্রভাৱ বুলিয়ে ভাবিছিল৷ সেইবাবে নানা যাগ-যজ্ঞ কৰি দেৱতাসকলক সন্তুষ্ট কৰি ৰাখিব বিচাৰিছিল৷
দৰাচলতে বায়ুমণ্ডলত সংঘটিত হোৱা ভৌতিক প্ৰতিক্ৰিয়াৰ পৰিণাম হৈছে বতৰ৷ বায়ুমণ্ডলে
বতাহৰ যোগেদি ইয়াৰ সমতা ৰক্ষা কৰে৷ তুমি জানানে সূৰ্যৰ ৰশ্মিয়ে ভু-পৃষ্ঠৰ সকলো
ঠাই সমানে উত্তাপিত কৰিব নোৱাৰে৷ যিবোৰ ঠাইত সূৰ্য্যৰ ৰশ্মি লম্বভাৱে পৰে তাত উষ্ণতা
বেছি হয় আৰু য’ত সূৰ্যৰ ৰশ্মি হেলনীয়াকৈ পৰে তাত উষ্ণতাও হ্ৰাস পায়৷ উষ্ণতা বৃদ্ধিৰ
লগে লগে বায়ু পাতল হৈ ওপৰলৈ গতি কৰে আৰু তেতিয়া সেই ঠাই পুৰাবলৈ উচ্চচাপৰ পৰা নিম্নচাপ
অঞ্চললৈ বায়ু প্ৰৱাহিত হয়৷ তাকে আমি বতাহ বুলি কওঁ৷
 

মাকৰ কথা শুনি ৰিণিৰ
মনটো খেলিমেলি লাগি গ’ল৷ ইমানদিনে বতাহ বুলি ক’লে তাই যি বুজিছিল, মাকে তাৰ ঠিক ওলোটা
কথাটোহে ক’লে৷ খালী ঠাই পুৰাবলৈ বায়ুৰ চলাচল হয়, তাকে আমি বতাহ বুলি কওঁ৷ কথাবোৰ
ভাবিলে বৰ ৰসাল যেন লাগে৷ বতাহ সম্পৰ্কে জানিবলৈ তাইৰ বৰ মন গ’ল৷ সেইবাবে তাই মাকক
বতাহ সম্পৰ্কে আৰু অলপ ক’বলৈ অনুৰোধ কৰিলে৷ তাইৰ অনুৰোধ ৰক্ষা কৰি মাকে ক’বলৈ আৰম্ভ
কৰিলে-
 

সূৰ্যৰ পৰা অহা তাপে
ভূ-পৃষ্ঠৰ শিল, বালি, মাটি আদিৰ উত্তাপ বৃদ্ধি কৰে৷ পৃথিৱীৰ গাত লাগি থকা স্তৰটোত ধূলিকণা,
জলীয় বাষ্প আদি বেছি পৰিমাণে থাকে, এইবোৰৰ তাপ গ্রহণ কৰা ক্ষমতা আৰু ধৰি থাকিব পৰা
ক্ষমতা অধিক৷ সেইবাবে বায়ুমণ্ডলৰ তলৰ অংশৰ উত্তাপ বেছি হয়৷ যিবোৰ অঞ্চলত উষ্ণতা অধিক
তাত সদায় বায়ুৰ নিম্ন চাপৰ সৃষ্টি হয়৷ আকৌ শীতল বায়ু গধুৰ হয় সেয়েহে ই নিম্নগামী
হয় আৰু ই উচ্চ চাপ অঞ্চলৰ সৃষ্টি কৰে৷ বায়ু স্বাভাৱিকতে উচ্চচাপ অঞ্চলৰ পৰা নিম্নচাপ
অঞ্চললৈ গতি কৰে৷ এনেদৰে বায়ুমণ্ডলে বতাহৰ যোগেদি ইয়াৰ সমতা ৰক্ষা কৰে৷
 

বতাহ কিমান জোৰেৰে
বলে, কোন দিশৰ পৰা বলে ইত্যাদি সকলো কথা বিজ্ঞানীসকলে ইতিমধ্যে অধ্যয়ন কৰিছে৷ তুমি
জানানে, বতাহ যিটো দিশৰ পৰা বলে সেই দিশৰ নামেৰেই ইয়াক নামাকৰণ কৰা হয়৷ উইণ্ড ভে’ন
নামৰ যন্ত্রৰ দ্বাৰা বতাহৰ দিশ নিৰ্ণয় কৰা হয়৷ আমি সাধাৰণতে পূৱ দিশৰ পৰা বলা বতাহক
কুৰুৱা বতাহ, পশ্চিমৰ পৰা বলা বতাহক পছোৱা বতাহ, দক্ষিণৰ পৰা বলা বতাহক মলয়া বতাহ
আৰু উত্তৰৰ পৰা বলা বতাহক ফাগুনী বতাহ বুলি কওঁ৷ তুমি কেতিয়াবা বতৰৰ বতৰা শুনিবাচোন৷
তাত বতৰ কিমান বেগেৰে বলিব কৈ দিয়ে৷ বতাহৰ গতি বেগ ‘এনিমমিটাৰ’ নামৰ যন্ত্ৰ এটাৰ দ্বাৰা
জোখা হয় আৰু ইয়াৰ একক হৈছে নট (০)৷ বতাহৰ গতিবেগ এক নট মানে হৈছে প্ৰতি ঘণ্টাত ১
নটিকেল মাইল৷ বতাহৰ গতি বেগৰ ওপৰত নিৰ্ভৰ কৰি ইয়াক আকৌ বিভিন্ন নামেৰে জনা যায়৷ বায়ুপ্রবাহ
কেতিয়াও স্থিৰ অৱস্থাত নাথাকে৷ শান্ত অৱস্থাত থাকিলেও বতাহ এটা গতিত বৈ থাকে৷ বতাহৰ
গতিবেগ ৪ বা ৫ নট থাকিলে তাক পাতল বতাহ বুলি কোৱা হয়৷ তেতিয়া আমি চকু-মুখত বতাহৰ
কোব অনুভব কৰিব পাৰোঁ৷ তাতকৈ বেছি হ’লে আমি তাক ৰিব ৰিব বতাহ বুলি কওঁ৷ ইয়াৰ গতিবেগ
বাঢ়ি গৈ ২২ ৰ পৰা ২৭ নট হ’লে তাক প্ৰবল বতাহ বোলে৷ এনে বতাহত বাহিৰলৈ ওলাই গ’লে খোজ
কাঢ়িবলৈ অসুবিধা হয়৷ আকৌ বতাহৰ গতিবেগ 8০ নটৰ ভিতৰত থাকিলে তাক ধুমুহা বুলি কোৱা
হয়৷ সাধাৰণতে ইয়াৰ লগত গৰ্জনবৃষ্টি অহাও দেখা যায়৷ ঘূৰ্ণীবতাহৰ লগত অহা ৩৩ নটৰ অধিক
গতিবেগৰ নিৰৱচ্ছিন্ন বায়ুপ্ৰৱাহক গেইল বোলা হয়৷ আনাহাতেদি ঘূ্ণীবতাহৰ সময়ত বলা ৬৩
নটৰো অধিক গতিবেগৰ দুৰ্বাৰ বায়ুপ্ৰবাহক হাৰিকেন বুলি কোৱা হয়৷ ঘূৰ্ণীবতাহ আহিলে মানুহ
আতংকিত হৈ পৰে কিয়নো ই মানুহ, জীৱ-জন্তুৰ বহুতো ক্ষতি কৰে৷
 

মাকে বতাহৰ বিষয়ে
কোৱা কথাবোৰৰ কিছুমান তাই বুজি পালে যদিও কিছুমান একেবাৰে বুজি নাপালে৷ তথাপি কথাবোৰ
শুনি তাইৰ বৰ ভাল লাগিল৷ সেইবাবে মাকক ক’লে, “আমাৰ চাৰিওফালে কিমান যে ঘটনা ঘটি থাকে৷
সামান্য বতাহক লৈয়ে কিমান কথা চোৱাঁচোন৷ বতাহৰ নাম, বতাহ জোখা যন্ত্ৰ আৰু ক’ত যে কি?
মুঠতে সকলোতে কিবা নহয় কিবা ৰহস্য লুকাই আছে৷

“এই ৰহস্যবোৰ জানিবলৈ
আমি পঢ়িব লাগে৷ এই সকলোবোৰ কথা কিতাপত লিখা আছে৷ তাৰে কিছুমান স্কুলত পঢ়িবলৈ পাবা
আৰু কিছুমান তুমি নিজে নিজেই বুজি পাবা, কিছুমান আকৌ বেলেগ কিতাপ, আলোচনী ইত্যাদি পঢ়ি
শিকি ল’বা৷
– মাকে তাইৰ মুখৰ মাতষাৰ কাঢ়ি আনি মোখনি মাৰিব বিচাৰিলে, পিছে ৰিণিয়ে
ইমান সোনকালে জানো মোখনি মাৰিবলৈ দিব৷ তাইৰ মনৰ খোকোজা মাৰ নোযোৱালৈকে তাই প্ৰশ্ন সুধিয়েই
থাকিব৷ এইবাৰ তাই মাকক সুধিলে-

কিন্তু মা, বতাহ
কিয় বলে?”

“গৰমত তোমাক আৰাম
দিবলৈ বতাহ বোলে৷
মাকৰ উত্তৰ শুনি তাই মাকক, “কোৱানা, কোৱানা বুলি অনুৰোধ কৰিব
ধৰিলে৷ মাকেও উপায় নাপাই ক’বলৈ আৰম্ভ কৰিলে, “বায়ু হৈছে গেছীয় পদাৰ্থ৷ ই সদায় উচ্চচাপ
অঞ্চলৰ পৰা নিম্নচাপ অঞ্চললৈ গতি কৰে৷ সমগ্ৰ পৃথিৱীজুৰি নিয়মিতভাৱে বায়ু চলাচল হৈ
থাকে৷ কিয়নো পৃথিৱীৰ দুয়োটা গোলাৰ্ধ শীতল হোৱা বাবে তাত বায়ুৰ চাপ অধিক হয়৷ আকৌ
বিষুৱীয় অঞ্চলত বায়ুমণ্ডলীয় উষ্ণতা বেছি৷ সেইবাবে তাত বায়ু নিম্নচাপৰ হয়৷ ফলত
দুই গোলাৰ্ধৰ পৰা নিম্নচাপ বলয়লৈ বায়ু প্ৰৱাহিত হৈ থাকে৷ এনেদৰে বলা বতাহক প্ৰাথমিক
বা নিয়ত বায়ুপ্রৱাহ বোলে৷ আকৌ ভূমণ্ডলৰ প্ৰকৃতি, বিস্তৃতিৰ বিভিন্নতা বা ঋতুভিত্তিক
চাপৰ তাৰতম্য আদিৰ বাবেও বায়ুপ্রৱাহৰ সৃষ্টি হয়৷ ইয়াক গৌণ বায়ুপ্ৰৱাহ বোলে৷ মৌচুমী
বায়ু গৌণ বায়ুৰ উদাহৰণ। তদুপৰি কিছুমান স্থানীয় কাৰণ যেনেঃ ভূ-অৱয়বৰ বিভিন্নতা,
উচ্চতাৰ পাৰ্থক্য ইত্যাদিৰ বাবেও বায়ুপ্ৰৱাহৰ সৃষ্টি হয়৷ ইয়াক অস্থায়ী বা অনিয়মিত
বতাহ বোলে৷
 

বাৰু! বতাহ সম্পৰ্কে
আজি আমি বহুতো কথা পাতিলোঁ৷ আমাৰ কথা শুনি শুনি আমাৰ বতাহজাকে উৰি গৈ বৰষুণকে মাতি আনিলে৷
ব’লা, এতিয়া নিজৰ কামত ধৰাঁ৷
 

বায়ুৰ প্ৰকাৰৰ কথা
শুনি ৰিণিৰ মনত কৌতূহল বাঢ়ি গৈছিল৷ কিন্তু সেই সময়ত মাকৰ কথাত হয়ভৰ দিয়াৰ বাহিৰে
তাইৰ আৰু আন বিকল্প নাছিল৷ সেইবাবে তায়ো মাকৰ লগে লগে ভিতৰলৈ সোমাই আহিল৷

***

 

লেখিকাৰ ঠিকনা:

নৱনীতা ভট্টাচাৰ্য্য

বি, এন শইকীয়া পথ৷

বেলতলা তিনিআলি

 

৯৮৬৪২৩৩৩৫০ (ম)