অচিন জগতত বাটলু

 স্মৃতিৰেখা দেৱী


চাওঁতে চাওঁতে
গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকলৰ ঐকান্তিক প্ৰচেষ্টা আৰু প্ৰতিপালনত সেউজপুৰ
ৰাজ্যৰ বহুখিনি খালী হৈ থকা ঠাই গছ-লতাৰে ভৰি উঠিল৷ দেখাত প্ৰায় পৃথিৱীৰ মানুহৰ
দৰেই
, কিন্তু সম্ভৱতঃ মানুহতকৈ বেছি মৰমিয়াল এই লোকসকলৰ উপস্থিতিয়ে
সেউজপুৰখনক যেন কিছু সলনি কৰি পেলালে– সেউজপুৰীয়াসকলেও আগৰ নিচিনাকৈ অলসভাৱে
থাকি সময় অপব্যয় কৰিবলৈ বেয়া পোৱা হ’ল৷ ঘাইকৈ সৰুমখাৰ আচাৰ-আচৰণত আমূল পৰিৱৰ্তন
লক্ষ্য কৰিলে মহাৰাজ কেশৰীয়ে৷

এয়া
স্বাভাৱিকতেই শুভ লক্ষণ৷’ 
 ভাবিলে তেওঁ৷

অহা দুই-এদিনৰ
ভিতৰতে সেউজপুৰৰপৰা গ্ৰীনা নামৰ জগতখনলৈ অলপ অলপকৈ গছপুলি নিয়া আৰম্ভ হ’ব৷ তাত
তেওঁলোকে কৃত্ৰিমভাৱে প্ৰস্তুত কৰা বেলেগ বেলেগ প্ৰকাৰৰ মাটিত বেলেগ বেলেগ
প্ৰজাতিৰ গছপুলি ৰোপণ কৰিবগৈ৷

আদিৰপৰা
এতিয়ালৈকে ঘটনাবোৰ মনত পেলাই মহাৰাজৰ মনটো কিবা এক দুখেৰে ভৰি পৰিল– তাৰ মানে
গ্ৰীনাৰ অতিথিসকল সেউজপুৰৰপৰা যাবগৈ! এৰা! অতিথি যেতিয়া এদিন নহয় এদিন যাবতো
লাগিবই৷ গ্ৰীনাৰ মাটি ইতিমধ্যে গছপুলি ৰোপণ কৰিব পৰাকৈ উপযুক্ত হৈ উঠা বুলি খবৰ
আহিছেই৷ সেই মাটি ইয়ালৈ আনি কিবাকিবি পৰীক্ষাও কৰি চাইছে হেনো তেওঁলোকে৷ কিছুদিনৰ
আগতে সেউজপুৰৰপৰা নি তাত ৰোৱা গছপুলিখিনিও হেনো লহপহকৈ বাঢ়িছে৷ খবৰ শুনি সেউজপুৰত
থকা গ্ৰীনাৰ লোকসকল আনন্দিত হোৱা দেখি সেউজপুৰীয়াসকলেও মনত ৰং পাইছে৷

মহাৰাজ, অকলে
অকলে কি ভাবি আছেনো
?’ – সেনাপতি হিতৰামৰ মাতষাৰ শুনি মহাৰাজে তেওঁৰ
ফালে ঘূৰি চালে৷

’, আহ আহ , হিতৰাম৷
মই কি ভাবি আছোঁ জাননে
?’ অকণমান সময় ৰৈ মহাৰাজে আকৌ ক’লে– ‘এই যে
গ্ৰীনা নামৰ জগতখনৰপৰা অহা লোকসকল
, মানে আমাৰ অতিথিসকল, তেওঁলোক হেনো ইয়াৰপৰা যাবগৈ৷ যোৱা তিনিমাহতকৈও বেছি সময়… চাচোন, তেওঁলোকে আমাক
কেনেকৈ আপোন কৰি পেলালে! এতিয়া তেওঁলোকক এৰি দিবলৈকে মন যোৱা নাই অ’৷’

ঠিকেই কৈছে
মহাৰাজ৷ ইমান কম দিনতে তেওঁলোকে সকলো সেউজপুৰীয়াৰ মনত বৰ দলৈকে সোমাই পৰিল৷
সৰুজাকেতো তেওঁলোক যাবগৈ বুলি শুনি কন্দা-কটা কৰিবলৈকে আৰম্ভ কৰিছে৷’ – হিতৰামে
ক’লে৷

হয় নেকি?
মোৰো
খুব বেয়া লাগি আছে অ’ মনটো৷ অৱশ্যে তেওঁলোকে আশা কৰাৰ দৰেই কষ্টৰ ফল যে পাইছে সেই
কাৰণে মনটো ভালো লাগিছে বুইছ৷ কেনেবাকৈ তেওঁলোকক আমাৰ ইয়াতে চিৰকাললৈ ৰাখি থ’ব
পৰাহ’লে!’

মহাৰাজ, আপুনি
দেখোন এইষাৰ একেবাৰে মোৰ পোৱালিটোৱে কোৱাদি কৈছে৷ বেয়া নাপাব
, কিন্তু
ল’ৰাই বুঢ়াই সমান বুলি কিয় কয় মই আজিহে বুজিলোঁ মহাৰাজ৷’– হিতৰামে হাঁহি হাঁহি
ক’লে৷

ঐ তই মোক বুঢ়া
বুলিছ হ’বলা
? বয়স অৱশ্যে মোৰ ভালেখিনি হৈছে৷ সেইবুলি এতিয়াও তোৰ
নিচিনা সাতোটা-আঠোটাক হৰুৱাব পৰা শক্তি আছে দেই এই বুঢ়াৰ দেহত৷ চাৱ নেকি প্ৰমাণ
?’

এইবুলি মহাৰাজে
হিতৰামৰ ফালে চোঁচা ল’বই খুজিছিল৷

জানো মহাৰাজ,
জানো৷
ক্ষমা কৰক মহাৰাজ
, মই ধেমালিহে…৷’ – ভয়ত বিতত হৈ হিতৰামে নতমস্তক হৈ কলে।

হেৰৌ, ময়ো
ধেমালিহে কৰিছোঁ৷’ – মহাৰাজে থিতাতে মুখত হাঁহি এটা ফুটাই তুলিলে৷

মহাৰাজ, আপুনি
সঁচাই কৈছে৷ গ্ৰীনাৰ লোকসকলক আমাৰ ইয়াতে ৰাখি থ’ব পৰাহ’লে তেওঁলোকৰ
স্বভাৱ-চৰিত্ৰৰ সমানে 
সমানে মানে লাহে লাহে তেওঁলোকৰ বুদ্ধিমত্তাৰো ভাগ আমি পালোহেঁতেন৷ লাহে লাহে তেওঁলোকৰ
প্ৰযুক্তিৰ কৌশলবোৰো আমি শিকিব পাৰিলোহেঁতেন৷ তেতিয়াহ’লে আমাৰ সেউজপুৰখন
ভৱিষ্যতলৈও সুৰক্ষিত কৰি ৰাখিব পাৰিলোহেঁতেন৷’

হিতৰামৰ কথা
শুনি মহাৰাজে মনে মনে ভাবিলে–

সেউজপুৰত
বিভিন্ন ধৰণৰ লোক আছে৷ গ্ৰীনাৰপৰা অকল এক ধৰণৰ লোকহে ইয়ালৈ আহিছে৷ তেওঁলোক নিজে
এটা বেলেগ জাতৰ
, বেলেগ এখন পৃথিৱীৰ জীৱ হৈও এইখন সেউজপুৰৰ বেলেগ
বেলেগ জাতৰ জীৱৰ সৈতে কেনেদৰে মিলিজুলি কাম কৰিছে
, ন ন কথা শিকিছে,
নিজেও
আমাৰ লোকসকলক যতমানে ন ন কথা শিকাইছে৷ সূৰ্য নথকা সময়তো তেওঁলোকে চাৰিওফাল পোহৰ
কৰি ৰাখিব জানে
, বেলি আকাশত থাকোঁতেও বহুখিনি ঠাই ৰাতিৰ
নিচিনাকৈ ঘোপমৰা আন্ধাৰ কৰি ৰাখিবও জানে৷ আটাইতকৈ ডাঙৰ কথা
, তেওঁলোকৰ
নেতাজনে কৈছেই বোলে গ্ৰীনাত থকা সা-সুবিধা আটাইবোৰ ইয়ালৈ আনিব পৰা নাই কাৰণে
তেওঁলোকৰ অসুবিধাই হৈছে৷ তথাপি তেওঁলোকে কৰিবলগীয়া সকলো কাম কৰিবও পাৰিছে৷ আমি
সেউজপুৰীয়াবোৰ সম্পূৰ্ণৰূপে প্ৰাকৃতিক জীৱ৷ তেওঁলোক পিছে আমাৰ জগতৰ মানুহ নামৰ জীৱবোৰৰ নিচিনাই কিছু কৃত্ৰিম৷ কিন্তু আমাৰ জগতৰ মানুহবোৰে প্ৰকৃতিৰপৰা ক্ৰমে ক্ৰমে আঁতৰি গৈছে
, প্ৰকৃতিক
ধ্বংসহে কৰিছে যদিও এই গ্ৰীনাবাসীসকলে প্ৰকৃতিক প্ৰকৃতি কৰি ৰাখিবলৈ ব্যগ্ৰহে হৈ
পৰিছে৷ সেই উদ্দেশ্যে তেওঁলোকে নিজকে কেনেকৈ একাগ্ৰভাৱে কামত লগাইছে!

মহাৰাজৰ চকুহাল
কিবা এক বুজাব নোৱৰা আনন্দত ঢুলঢুলীয়া হৈ উঠিছে৷ তেওঁৰ মুখলৈ তধা লাগি চাই থকা
হিতৰামেও যেন সেই আনন্দৰ ভাগহে পাইছে– তেওঁৰো চকুহাল সেমেকি উঠিল৷

হয় মহাৰাজ৷
তেওঁলোক সফল হ’ল যেতিয়া আমিও আনন্দ লাভ কৰিলোঁ৷ আৰু মহাৰাজ
, আনন্দৰ আৰু এটা
বিষয় আছে নহয়৷’

আৰু এটা আনন্দৰ
বিষয়! সেইটো কি
?’

মহাৰাজ! আমাৰ
বাটলু মহোদয়ো খব কম সময়তে জানো সেউজপুৰলৈ উভতি নাহিব
?’

বাটলুৰ কথা
সঁচাকৈ পাহৰি গৈছিল কেশৰীয়ে৷ তেওঁ ক’লে–

দেখিছ, মই
মোৰ দেহলাওটোৰ কথাকে বাৰু পাহৰি যাব লাগেনে
? বাটলু আহিব,
বুইছ৷
আহিব সি৷ সি এইবাৰ উভতি আহিব৷ মোৰ মনটোৱে তাক দেখিলেহে শান্তি পাব৷’


(আগলৈ)