অচিন জগতত বাটলু

স্মৃতিৰেখা দেৱী


ভাগৰুৱা বাটলু মুহূৰ্ততে
চোপনিৰ কোলাত ঢলি পৰিল৷
 

টোপনিতে সি এটা ধুনীয়া সপোন দেখিলে৷ 

… সি সৰগ হেন ধুনীয়া ঠাই এখনত
আছেহি৷ তাৰ কাষৰপৰাই চাৰিওফালে দূৰ-দূৰণিলৈকে নানা ৰঙৰ ফুলনি
, সেউজীয়া গছ-বন, দূৰণিত ওখ পাহাৰ, তাতকৈও দূৰৈত আকাশ চুব খোজা
পৰ্বতৰ বৰফে বগাকৈ ৰখা শিখৰ… সেই শিখৰবোৰৰপৰা যেন ওপঙি ওপঙি ওলাই আহি আকাশ ভৰাই তুলিছে
শুকুলা ডাৱৰবোৰে৷ মাজে মাজে জাকে জাকে ৰং-বিৰঙৰ চৰাই উৰি উৰি আকাশৰ ৰং যেন চৰাই
তুলিছে৷ ধুনীয়া দেশখনৰ লোকসকলো ধুনীয়া আৰু মৰমিয়াল৷ ধুনীয়া ধুনীয়া পৰিচাৰিকা
দুজনীমানে বাটলুৰ আলপৈচান ধৰিছে
,
তাৰ ভাগৰুৱা হাত-ভৰি পিটিকি দিছে৷ দেখাত তাহাঁত দুজনীও বাটলুৰ
নিচিনাই… তাহাঁতে তাক কিবা খাবলৈও দিছে৷ কপাহৰ নিচিনা কোমল বিছনা এখনত শুই শুই
বাটলুৰ খুব আনন্দ লাগিছে৷ আনন্দতে সি একোবাৰ শুইছে
, একোবাৰ বহিছে, কোনোবা এবাৰত আকৌ ৰঙতে জঁপিয়াইছে সি…

কিবা হুলস্থুলত টোপনি ভাগি গল বাটলুৰ৷ 

চকুহাল মেলিহে সি গম পালে যে ইমান পৰে সি সপোনৰ ৰাজ্য এখনতহে ভাহি
আছিল৷ হুলস্থুল দেখোন তাৰ একেবাৰে ওচৰতে হৈছে৷ সি আকৌ ভয় খালে৷

চৌপাশৰ দৃশ্যটো দেখি সি এইবাৰ আগতকৈও বেছিকৈহে আচৰিত হ’ল৷ কাৰণ সি
আৱিষ্কাৰ কৰিলে যে শুবৰ সময়ত সি য’ত আছিল এতিয়া তাত নাই৷ এতিয়া সি যি ঠাইত আছে তাত
চাৰিওফালে আইনাৰ নিচিনা কিহবাৰ বেৰা এখন আছে৷ বেৰাখন আকাশৰ ফালেও থকা দেখি তাৰ
অনুভৱ হ’ল
, সি যেন
কিবা এটা যন্ত্ৰৰ ভিতৰতহে সোমাই আছে!

সি সোমাই থকা যন্ত্ৰটোৰপৰা অলপ দূৰত ইপ্পিহঁতৰ নিচিনা অনেক প্ৰাণী৷
আটাইবোৰে তাৰ ফালেই চাই আছে দেখোন৷ সি লৰচৰ কৰা দেখি প্ৰাণীবোৰে নিজৰ মাজতে
কিবাকিবি কোৱাকুই কৰিছে৷ ফলত এক প্ৰকাৰ হুলস্থুলীয়া পৰিস্থিতি এটাৰ সৃষ্টি হৈছে৷

সি মন কৰিলে, লাহে
লাহে যেন আকাশৰ ফালে থকা বেৰাখন আঁতৰি গ’ল৷ আকাশখন
, ৰাতিপুৱাৰ শেঁতা জোনটোৰ লগতে তৰা কিছুমানো সি
ফটফটীয়াকৈ দেখা পালে৷

কিন্তু সি আচৰিত হ’ল তাৰ বিছনাখন দেখিহে৷ এইখন দেখোন সি সপোনত দেখা
বিছনাখনৰ সৈতে একে
, কপাহৰ
নিচিনা কোমল৷

ইপ্পি আৰু তেওঁৰ লগৰ দুজনমান বাটলু সোমাই থকা সৰু ঘৰটোৰ কাষলৈ আহিল৷
ইপ্পিক দেখি সি অলপ সাহস পালে৷

: গুড মৰ্নিং, বাটলু৷–
ইপ্পিৰ সম্ভাষণ শুনি বাটলু আচৰিত হ’ল৷
 

: গুড মৰ্নিং, ইপ্পি৷
ৰাতি পুৱাল নেকি
? আকাশত
দেখোন তৰা ওলায়েই আছে৷ মানে…
 
মানে মই কিজানি বহুত দেৰি শুলোঁ…

বাটলুৰ কথা শুনি সামান্য মিচিকিয়াই হাঁহি ইপ্পিয়ে ক’লে–

: ৰাতি কেতিয়াবাই পুৱাল, বাটলু৷ তোমাৰ মূৰৰ ওপৰৰ আকাশখন আচল আকাশ নহয়, আকাশৰ দৰে সজাইহে থোৱা
হৈছে৷ সেই জোন-তৰাবোৰো

নকলহে৷

বাটলুৱে নকল আকাশ,
নকল জোন-তৰাবোৰলৈ আকৌ এবাৰ চালে৷ ইপ্পিয়ে কৈ গ’ল–

: বাৰু কোৱাঁচোন এতিয়া৷ তুমি সম্পূৰ্ণ সুস্থ হৈ উঠিছানে? মানে তোমাৰ ভাগৰ মৰিলনে?

: হয়, হয়৷ মই
এতিয়া সম্পূৰ্ণ সুস্থ৷ মনটোও ভাল লাগিছে৷ –এই বুলি বাটলুৱে বিছনাখনৰ ওপৰতে খোজ
কাঢ়ি দেখুৱালে৷ ইপ্পিয়ে তেতিয়া লগৰীয়া দুজনক উদ্দেশ্যি ক’লে–

: লিবু আৰু হু৷ তোমালোক দুয়োজনে আমাৰ অতিথি পৃথিৱীবাসী বাটলুক আমাৰ
জগতখন ভালকৈ দেখুৱাবলৈ ব্যৱস্থা কৰাঁ৷ মোৰ ব্যক্তিগত বাহনখনকে লৈ যাবা৷

দুয়োজনে বিশেষ ভঙ্গীত সঁহাৰি জনাই হ’ব বুলি কৈ আঁতৰি গ’ল৷

ইপ্পিয়ে বাটলুক সি সোমাই থকা যন্ত্ৰটোৰপৰা উলিয়াই আনিলে৷ বাহিৰলৈ
আহিহে বাটলুৱে দেখিলে যে হয়
, আচল
আকাশখনত জোন-তৰা একোৱেই নাই৷ খুব প্ৰখৰ ৰ’দে তাৰ দুচকু চাট মাৰি ধৰিলে৷

তাৰ মনত আকৌ প্ৰশ্ন এটাই পাক ঘূৰণি খাবলৈ ধৰিলে–

কি জগত
এইখন
?’

তাত গোট খোৱা প্ৰাণীবোৰে লাহে লাহে তাক চুই চাবলৈ ধৰিলে৷ ইপ্পিয়ে
বিশেষভাৱে আটাইকে সাৱধানবাণী শুনাই থাকিল– ‘অতিথিয়ে দুখ পাব নালাগে দেই৷ মৰমেৰে
, লাহে লাহে’ ইত্যাদি৷ সিও
তাৰ সৰু হাতোৰাখনেৰে আটাইকে মৰমেৰে স্পৰ্শ কৰি গ’ল৷ সকলোৰে চকুবোৰ মৰমেৰে উজ্জ্বল
,আনন্দময়৷

তাৰ অনুভৱ হ’ল, এইখন
জগতৰ প্ৰাণীবোৰ দেখোন পৃথিৱীৰ মানুহৰ সৈতে তুলনাই নহয়৷ এওঁলোক ইমান মৰমিয়াল আৰু
সাৱধানী!

সকলোৱে তাক আচৰিত হৈ চাইছে, কিন্তু এজনৰ চকুতো পৃথিৱীৰ মানুহৰ নিচিনাকৈ হিংসা বা ঘৃণা প্ৰকাশ
পোৱা নাই৷ হয়তো তাৰ নিচিনা অকণমানি প্ৰাণী এওঁলোকে আগতে দেখিবলৈকে পোৱা নাই৷

তেনে সময়তে সামান্য শব্দ কৰি উৰণীয়া বাহন এখন আহি সেইখিনিতে পৰিলহি৷
ইপ্পিয়ে আটাইকে আঁতৰাই বাটলুক সেই বাহনখনত উঠিবলৈ ক’লে৷ বাটলুৱে কি কৰোঁ কি নকৰোঁ
কৰি থাকোঁতেই হুৱে সোঁহাতৰ তলুৱাখন পাতি তাক উঠিবলৈ ক’লে৷
 

লিবু বাহনখনৰ চালকৰ আসনত বহি আছে৷ নিজৰ হাতৰ তলুৱাত বাটলুক লৈ হু
বাহনত উঠিলগৈ৷ লাহে লাহে বাহনখন মাটিৰপৰা দুজনমান মানুহৰ সমান ওপৰলৈ উঠিল আৰু আগ
বাঢ়ি যাবলৈ ধৰিলে৷

পৃথিৱীত মানুহে চলোৱা উৰণীয়া বাহনবোৰলৈ মনত পৰিল বাটলুৰ– বহুত ওপৰেদি
উৰি যায় যদিও ইমান ডাঙৰ শব্দ কৰে! এইখন বাহনে দেখোন সামান্য শব্দহে কৰিছে৷ সি বাৰে
বাৰে আচৰিত হৈছে৷

মহাৰাজ কেশৰীয়ে আহ্বান কৰা সভাখন সুকলমে হৈ গ’ল৷ একেবাৰে অলৰ-অচৰ
বয়সীয়া কেইজনমানক বাদ দি সেউজপুৰৰ সকলো প্ৰজাই সভাখনত ভাগ ল’লে৷
 

আচলতে এজন বিশ্বস্ত,
বিচক্ষণ তথা সাহসী সভাসদ বাটলু নিৰুদ্দেশ হোৱাৰ বাতৰিটোৱে ৰাজ্যখনৰ
প্ৰতিজন প্ৰজাকে চিন্তিত কৰি তুলিছে৷ প্ৰায় প্ৰতিজন সেউজপুৰবাসীৰ অন্তৰত বাটলুৱে
এখন বিশেষ আসন অধিকাৰ কৰি লৈছে৷
 

আটাইৰে মৰম-শ্ৰদ্ধাৰ এধানমান প্ৰাণীটো এই মুহূৰ্তত ক’ত, কেনেকৈ আছেগৈ বাৰু? মহাৰাজ কেশৰীৰ লগতে সকলোৰে
মনত অকল এইটোৱেই প্ৰশ্ন৷
  

অৱশ্যে সভাখনত বিশেষ একো সমাধান নোলাল, আটায়ে কেৱল একান্তমনে বাটলুৰ মঙ্গল কামনাহে কৰিলে৷
বাৰে বাৰে আটায়ে বনদেৱীক খাটনি ধৰিলে
দেৱীয়ে যেন বাটলু মহাশয়ৰ মঙ্গল কৰে; তেখেত য’তেই নাথাকক, দেৱীয়ে যেন তেখেতক অতি সোনকালে সুস্থ শৰীৰেৰে উভতি
আহিবলৈ শক্তি দিয়ে৷

সভাত গৃহীত হোৱা সৰ্বসন্মত প্ৰস্তাৱ মতেই বাটলুৰ সন্ধানত ছটছটীৰ
নেতৃত্বত আকৌ এজাক চৰাই জুৰণিপাৰৰ অৰণ্যলৈ ৰাওনা হ’ল৷ যাবৰ সময়ত ৰাইজৰ সম্মুখত
মহাৰাজ কেশৰীক তাই কথা দি গ’ল যে খবৰ যিয়েই নহওক
, তথ্য-প্ৰমাণ পালেহে হেনো তাই উভতি আহিব, নহলে নাহে৷ মহাৰাজে
বাটলু উভতি নহালৈকে তাৰ পৰিবাৰ আৰু সন্তানকেইটাক নিজৰ তত্ত্বাৱধানতে ৰাখিব খুজিলে৷
ৰাইজেও মহাৰাজৰ প্ৰস্তাৱটো সমৰ্থন কৰিলে৷

: মহাৰাজ, চৰাইৰ
দলটোৰ পিছে পিছে বাঘসেনাৰ দল এটাৰ লগত হাতী কেইজনমানো পঠাই দিয়াটো ভাল হ’ব নেকি!
কাৰণ উভলি পৰি থকা গছপুলি বা গছৰ ডাল চৰাইহঁতে কেনেকৈ আঁতৰাব
? আৰু যদিহে বাটলু ডাঙৰীয়া
তেনে কিহবাৰ তলত ওলাব নোৱৰা হৈ সোমাই আছে
?

মহামন্ত্ৰী বৃকোদৰৰ প্ৰস্তাৱটো সমৰ্থন কৰি মহাৰাজে ক’লে–

: আপুনি সঠিক কথাকে কৈছে মন্ত্ৰীবৰ৷ মোৰ মনৰ অৱস্থা ইমান শোচনীয় যে মই
একো ভাবিবই পৰা নাই৷ আপুনি কোৱামতেই ব্যৱস্থা কৰক৷

: হ’ব মহাৰাজ৷ আপুনি নিশ্চিন্ত থাকক৷ বাটলু ডাঙৰীয়া উভতি আহিব, মোৰ বিশ্বাস আছে৷ আপুনি
মনটো বেয়া কৰি নাথাকিব৷

মন্ত্ৰী বৃকোদৰে মহাৰাজক সান্ত্বনা দিবলৈ যত্ন কৰিলে৷

: ময়ো সেয়ে আশা কৰোঁ মন্ত্ৰীবৰ৷ 

দীঘল হুমুনিয়াহ এটা কাঢ়ি মহাৰাজ ঠাইতে বহি পৰিল৷

অতিকে কোমল মনৰ মহাৰাজ কেশৰীৰ অস্থিৰতাৰ কাৰণ মন্ত্ৰী বৃকোদৰে
ভালদৰেই বুজি পাইছে৷ বাটলুৱে মহাৰাজৰ অন্তৰত যিখন আসন লাভ কৰিছে সেইখন আসনৰ কথা আন
কোনোবাই
  কল্পনাও
কৰিব নোৱাৰে৷

যি হওক, এই
মুহূৰ্তত মহাৰাজক জিৰণিৰ প্ৰয়োজন৷ সেয়ে বৃকোদৰে ক’লে–

: মহাৰাজ, আপুনি
অকণমান জিৰণি লওক৷ মই বাকী কাৰ্যব্যৱস্থা তদাৰক কৰিম৷ আপুনি অকণো চিন্তা নকৰিব৷

কথাষাৰ শেষ কৰি গজেন্দ্ৰ গমনে বৃকোদৰ সেউজপুৰৰ সেউজীয়াৰ মাজত সোমাই
পৰিল৷

 (আগলৈ)

ঠিকনা :

বাগেশ্ৰী, উপপথ  বি

জোনাকী পথ, খনীয়া গাঁও

ডিব্ৰুগড়- ৭৮৬০০৩

ফোন : ৮৪৮৬০৩৩৮৩৬