হীৰাগুড়ি পাহাৰৰ দেৱতা

 (ধাৰাবাহিক শিশু-উপন্যাস)

বিদিশা দত্ত 


(২) 

 পুৱাৰ বেলিয়ে হাবিখনক
সম্পূৰ্ণকৈ পোহৰাই তুলিবলৈ পোৱাৰ আগতেই ভুচুৱে সাৰ পালে। গাঁতৰ ওচৰতে পোক দুটামান
বগাই ফুৰিছিল। গাঁতৰ পৰা ওলাই পোককেইটা দেখি তাৰ মনটো ভাল লাগি গ
ল।
ৰাতিপুৱাৰ জলপানৰ যোগাৰ এনেকৈয়ে হৈ গ
ল।

চৰাইবোৰে বিভিন্ন
মাতেৰে
, বিভিন্ন সুৰেৰে গান গাবলৈ আৰম্ভ কৰিছিল। ভুচু আনন্দমনে জপং
জপংকৈ উৰিয়ামৰ তললৈ গ
ল। গাঁতটো পানীৰে পূৰ হৈ আছিল।

“টোৰ্-টোৰ্ টোৰ্-টোৰ্,

দেৱতাৰ পাহাৰলৈ কিমাননো
দূৰ
?

টোৰ্-টোৰ্ টোৰ্-টোৰ্,

সৌ পাহাৰটোৰ দৰে 

জিকমিক্ কৰিছেনে পিঠিটো মোৰ!” 

ভুচুৱে ভালেমান পৰ
আপোনমনে গান গাই গাই গা ধুলে। তাৰ গান শুনিয়েই হাবিখনৰ প্ৰায় সকলোৱেই গম পাই
গৈছে – ভুচুৰ পিঠি আজি আ
না জিলিকাদি জিলিকিব। 

উৰিয়ামজোপাৰ এটা ডালত
কাকৈ বহি আছিল। কাকৈৰ যথেষ্ট বয়স হ
ল। হাবিখনৰ আটাইতকৈ
বয়সীয়া ধনেশ। তেওঁৰ এলাহো আজিকালি বেছি হ
, চকুৰ জোৰো কমি আহিল। টোপনিয়াই বহি থাকোঁতে হঠাতে চক্‌কীয়া কিবা এটা কাকৈৰ চকুত পৰিল। ভালকৈ চাই দেখে-
সেইটো ভুচু।
 

“ঔ আই! এইটো আমাৰ
ভুচুৱেইনে
? মই আকৌ ভাবিছিলোঁহে, বোলো পাহাৰৰ পৰা হীৰাৰ গুড়ি এসোপা আনি কোনেনো ইয়াত পেলাই থৈছে?” 

কাকৈৰ কথাষাৰ ভুচুৱে
শুনা নাপালে। সি গা ধুই উঠি জঁপিয়াই জঁপিয়াই সেইখিনিৰ পৰা আঁতৰি গৈছিল।
 

চিম্পি ওচৰেদি পাৰ হৈ
গৈছিল। কাকৈৰ কথাষাৰ শুনি তাই ৰৈ গ
ল। 

“কি দেখিলানো কাকৈ?” 

“আমাৰ ভুচুক চাচোন
চিম্পি! গা ধুই গোটেইটো কেনে ধুনীয়াটো হৈ পৰিল!”

“তাতে কি হলনো?”

“এঃ একো হোৱা নাই।
তাৰ পিঠিটো যেনেকৈহে জিলিকিছে
, মই মানে সৌ পাহাৰৰ হীৰাৰ
গুড়ি এলেপা আনি সানি লৈছে বুলি ভাবিছি
লোঁ
 

“ইঃ! বুঢ়া ধনেশৰ কথা
শুনা! ভেকুলীৰ পিঠিখনত কোনোবাই হীৰা সানিবলৈ যাব!”- চিম্পিয়ে মুখৰ ভিতৰতে
ভোৰভোৰকৈ কৈ আঁতৰি গ
ল। এই ভুচু বোলাটোক আটাইখনে যিহে বৰ
মৰম চেলাই থাকে
, তাইৰ অকণো সহ্য নহয়।
 

হাবি এখনৰ সকলোতকৈ
ধুনীয়া প্ৰাণী হৈছে
ম’ৰাচৰাই। সেইটো কোনে নাজানে?

কিন্তু এই ভুচু বোলাটো
ৰবাৰ পৰা আহি যেই ইয়াত পৰিলহি, সকলোৰে
মুখত মাত্ৰ তাৰ চিকচিকীয়া পিঠিটোৰ কথা। হ
লেই যেনিবা আইনাৰ
দৰে পিঠি এটাৰ গৰাকী
, তাৰ বাদে ভুচুৰ আছেনো কি? সি এটা সামান্য ভেকুলী। ইমানদিনে কোন মাংসভোজী চৰাইৰ পেটত হজম হলহেঁতেন, ঠিকনাই নাই! আয়ুসত চাউল আছিল কাৰণে বাচিল
আৰু!
 

অঁ, সি যে
ভেকুলী
, সেই কথা চাগে সি নিজেও পাহৰি থাকে। পিঠিটোক লৈ তাৰ
কি ফুটনি ঐ!

আৰু এই বুঢ়া ধনেশটো!
বুঢ়াই তাক লাই দি দি আৰু ওপৰত উঠাই লৈছে।
 

চিম্পিৰ ভোৰভোৰণি চলি
থাকিল। তাইৰ কথাকেইটা কাকৈয়ে স্পষ্টকৈ শুনা নাপালে যদিও তেওঁ ঠিকেই ধৰিব পাৰিলে।
কাকৈয়ে মিচিকিয়াই হাঁহিলে।

“হেৰৌ বেচেৰা
ভেকুলীটোক মৰমৰ মাতষাৰ দিয়াটো তহঁতে কিয় সহিব নোৱাৰ
? তহঁতে
তাক মৰমেৰে নামাত নালাগে
, মই জোৰ নকৰোঁ। কিন্তু মই হাবিখনৰ
সকলোকে মৰম কৰোঁ। সি য
ৰপৰাই নাহক, সি
এতিয়া আমাৰ মাজৰে এজন। তহঁতে তাকে নুবুজিলে মইনো কি কৰিব পাৰোঁ!”- কাকৈয়ে মনতে
ভাবিলেহে। মুখ ফুটাই একো নক
লে। কৈনো কি লাভ!
 

দুবছৰ মানৰ আগৰ কথা।
আবেলি হ
ব ধৰিছিল। চৰাই আৰু জন্তুবোৰ হাবিলৈ ঘূৰি অহাৰ সময় আহি
পৰিছিল। তেনে সময় এটাত কাকৈ ওখ শিৰীষ এজোপাত বহি আছিল। হঠাতে ওপৰত কোনো চৰাইৰ
কাঁউৎ কাঁউৎ মাত শুনি দেখে- ক
লা ডাঙৰ চিলনী এজনীয়ে মুখত
কিবা এটা লৈ বেগেৰে উৰি গৈছে। মুখৰ সেই কিবাটোৱে ঠেং আচাৰি আছে। পিছে পিছে আন দুটা
চিলা। চিলনীজনীয়ে বাকী দুটাক খেদিবলৈকে নেকি
, উভতি
বৃত্তাকাৰে উৰিবলৈ লাগিল। হঠাতে এটা চিলাই তাইৰ ঠোঁটতে খোঁট মাৰি দিলে। লগে লগে
মুখৰ পৰা চিকাৰটো সৰি পৰিল।
 

সেই চিকাৰটোৱেই আছিল
ভুচু। ভুচু আহি শিৰীষজোপাতে পৰিল। কাকৈয়ে তাক তুলি আনি নিজৰ লগতে ৰাখিলে। মৰম-চেনেহেৰে প্ৰতিপাল কৰি সুস্থ কৰি তুলিলে। হাবিখনৰ লগত
, জন্তু-চৰাইবোৰৰ
লগত চিনাকি কৰাই দিলে। সেই ভুচুৱেই আজি ইমানটো হ
লহি। 

কোনেও নাজানে, সি
আগতে ক
ত আছিল। কোনোবা মানুহৰ ঘৰতে আছিল, নে কোনোবা হাবিত আছিল কোনেও নাজানে। তাৰ পৰিয়ালৰ কথা
ইয়ে সিয়ে সুধিবলৈ চেষ্টা কৰিছে। কিন্তু উত্তৰ কোনেও পোৱা নাই। বাকী সকলো সময়ত ভুচু
ফূৰ্তিবাজ। মাত্ৰ সেই এটা প্ৰসংগ ওলালেই সি অকণমান গপচ হৈ দেখুৱায়। “আগৰ কথা সকলো
পাহৰিলোঁ” বুলি কয়। সঁচাকৈয়ে পাহৰিলে
, নে কবলৈ ইচ্ছা নকৰে, সিহে জানে।

কথাবোৰ ভাবি ভাবি বহি
থাকোঁতে হঠাতে কাকৈয়ে চকামকাকৈ দেখিলে- কোনো চৰাইৰ অকণমানি ৰংচঙীয়া পাখি এটা
হালি জালি ওপৰৰ পৰা তললৈ সৰি পৰিছে।

কাকৈয়ে ওপৰলৈ চালে।

সৰু চৰাই এটা ইতিমধ্যে
পাখি কোবাই আঁতৰি গৈছে।

পিছে মটীয়া ৰঙৰ
চৰাইটোৰ পাখিৰ লগত এই পৰি যোৱা পাখিটোৰ মিল নাই। কাকৈয়ে এইবাৰ তললৈ চালে।
ৰংচঙীয়া পাখিটো ইতিমধ্যে তলত পৰিছেগৈ। গছৰ তলতে বহি থকা গুবুৰ কাষতে পাখিটো
পৰিছেগৈ।
 

কিন্তু এইটো কাৰ পাখি? 

অঃ!!

কাকৈয়ে পাহৰিয়েই
আছিল! এতিয়া বসন্ত কাল। এনেকুৱা সময়তে পাহাৰত দেৱতাই সভাৰ আয়োজন কৰে। কোনোবাই
যেতিয়া এনে একোটা ৰংচঙীয়া কণমানি পাখি লাভ কৰে
, বুজিব লাগিব যে তেওঁক
দেৱতাৰ সভালৈ নিমন্ত্ৰণ কৰা হৈছে।
 

এই পাখিটো গুবুৰ ওচৰত
পৰিছে। এইবাৰ তেন্তে গুবুৰ কপাল ফুলিল। এইবাৰ হ
বলগীয়া পাহাৰৰ সভাখনলৈ
গুবু যাবলৈ পাব।
 

কাকৈ বৰ সুখী হল।
হাবিখনৰ বাকীবোৰে যিয়েই নকওক কিয়
, শান্ত আৰু কৰ্মী জীৱটোক
দেৱতাই অৱহেলা নকৰিলে।
 

কিন্তু পাছ মুহূততে
কাকৈৰ মনটো কেনেবাখন লাগিল। খন্তেক পৰৰ আগলৈকে সেই ঠাইত ভুচুৱে গা ধুই থকা নাছিল
নে! দেৱতাৰ পাহাৰলৈ যাবলৈ বেচেৰা ভুচুটোৰ অলপ হেঁপাহ নে হেৰৌ!
 

কাকৈয়ে গছৰ তলৰ
গাঁতটোলৈ চালে। সৌৱা
, ভুচুৱে গা ধোৱা গাঁতটোৰ পানীবোৰ এতিয়াও
লৰি-চৰি আছে। পানীপৰুৱা দুটামান বগাই ফুৰিছে কিজানি! কণমানি মটিয়া চৰাইটোৱে চাগে
ভুচু গা ধোৱা গাঁততে সোমাই আছে বুলি ভাবিয়ে পাখিটো পেলাই থৈ গুচি গ
ল।
 

কি হ
এতিয়া
? সভালৈ নিমন্ত্ৰণ কোনে লাভ কৰিলে? গুবুৱে নে ভুচুৱে?
 

কোনে ক?

কেনেকৈ গম পোৱা যাব?

এয়াতো দেৱতাৰ ইচ্ছা।
দেৱতাকনো কোনে সুধিবলৈ যাব
?

কেনেবাকৈ সেই পাখিটো
কাকৈৰ বাবেই পেলাই থৈ যোৱা নাইতো
? অৱশ্যে কাকৈয়ে
এতিয়ালৈকে তিনিবাৰ ৰংচঙীয়া নিমন্ত্ৰণী পাখি লাভ কৰিছে। তিনিবাৰতকৈ বেছি দেৱতাৰ
সভালৈ নিমন্ত্ৰণ কোনেও নাপায়। তাতে কাকৈৰ স্বাস্থ্যও আগৰ দৰে টনকিয়াল হৈ থকা
নাই। গতিকে পাখিটো গুবু নাইবা ভুচুৰ কাৰণেই দিয়া হৈছে।
 

কি কৰা যায় এতিয়া!
কাকৈ বিবুধিত পৰিল।

বাৰু, কি
কৰা যায়
, সেয়া সময়ত দেখা যাব। সদ্যহতে পাখিটো সযতনে সামৰি
থোৱাই ভাল হ
ব।

কাকৈয়ে লাহেকৈ গছৰ
পৰা নামি পাখিটো তুলি ল
লে। গুবুৰ পিছফালেহে পাখিটো পৰিছিলহি।
গতিকে সেইখিনিতে বহি আছিল যদিও সি একো গম নাপালে।

 হাবিখনত ইতিমধ্যে
হাঁহি-ফূৰ্তিভৰা পৰিৱেশ এটাৰ সৃষ্টি হৈছিল। কেইটামান দিন হাবিত এনেকুৱা পৰিৱেশেই
চলি থাকিব। দিনে প্ৰায় ছয়-সাতটা জন্তু
, চৰাই অথবা পতংগই
নিমন্ত্ৰণী পাখি একোটা লাভ কৰে। যিয়ে পাখিটো লাভ কৰে
, তাৰ
সেইদিনা ফূৰ্তিতে ভোক
পিয়াহ একো নলগাৰ দৰেই অৱস্থা হয়।
এইকেইটা দিন হাবিখনত কাজিয়া-পেচাল কৰিবলৈ কাৰো মন নাযায়। সকলোৱে আনন্দ 
মনে গান গাই, নাচি-বাগি থাকে।

এয়াই পৰম্পৰা। এনে
সময়ত গছত নতুন ফুল-পাত ওলায়। নতুনকৈ অহা বৰষুণে ধূলিত পোত গৈ থকা হাবিখনক ধুৱাই-পখলাই পৰিষ্কাৰ কৰি তোলে। জাৰৰ দিন সহ্য কৰিব নোৱৰা
, আঁতৰৰ
ঠাইলৈ গুচি যোৱা চৰাইবোৰ এনে সময়ত হাবিলৈ পুনৰ ঘূৰি আহে। তাতে হীৰাগুড়ি পাহাৰৰ
সভাখন আছেই!

এনেহেন ধুনীয়া
দিনকেইটাত হাবিত খাম-খেয়ালিৰ সৃষ্টি হ
লে দেৱতা হেনো অসন্তুষ্ট
হয়। দেৱতা অসন্তুষ্ট হোৱা মানে হাবিখনৰ আয়ুস কমি অহা। হাবিৰ আয়ুস কমা মানে
হাবিৰ বাসিন্দাখিনিৰে বিপদ। এইটো বোপাককাৰ দিনৰে পৰা চলি অহা ধাৰণা। যুগ যুগ ধৰি
হাবিৰ বাসিন্দাখিনিয়ে এই নিয়ম মানি আহিছে।
 

পাহাৰৰ কোনটো অংশত
দেৱতাই বাস কৰে
, কোনেও নাজানে। বেছিভাগে কয়- দেৱতা সদায় একেডোখৰ ঠাইতে
নাথাকে। তাৰ প্ৰমাণ ৰাতি হ
লেই পোৱা যায়। জোন-তৰাৰ পোহৰত
যেতিয়া লানি লানি পাহাৰৰ ওখ
, জোঙা অংশবোৰ হীৰাৰ গুড়িৰ দৰে
জিলিকি থাকে
, ভালকৈ মন কৰিলে দেখা যায় – নিৰ্দিষ্ট এটা
পাহাৰৰ জিলিকনি আনবোৰতকৈ বেছি হয়। সেই বেছিকৈ জিলিকা পাহাৰটো সেই এটা ৰাতিৰ বাবে
দেৱতাৰ বাসস্থান হয়। পিছদিনা কিন্তু সেইটো পাহাৰৰ জিলিকনি আগদিনাৰ দৰে নাথাকে।
তাৰ সলনি অন্য এটা পাহাৰ জিলিকি থাকে।
 

এয়াই জানো প্ৰমাণ
নহয়!
 

ভুচু তলকা মাৰি গাঁততে
সোমাই আছিল। পুৱা সোনকালে উঠি গা ধুই হাবিত জপং জপংকৈ ইফাল সিফাল কৰি নিজৰ পিঠিটো
দেখুৱাই ফুৰি তাৰ বৰ ভাগৰ লাগিছিলগৈ। পোক-পৰুৱা অলপমান পেট ভৰাই খাই সি দুপৰীয়া
গাঁতত শুইছিলহি। সি যেতিয়া সাৰ পালে
, আবেলি গুচি সন্ধ্যা
লাগিবৰে হ
ল।

চৌপাশে হাঁহি-ফূৰ্তি
বিয়পি পৰিছে। সি কাণ ঠিয় কৰি গাঁততে সোমাই থাকিল। তাৰহে কপালত জানো কি লিখা আছে!
দেৱতাৰ পাহাৰৰ কাহিনী কাকৈৰ মুখত শুনাৰে পৰা পাহাৰটো ভালকৈ চাবলৈ তাৰ যে কিমান
হেঁপাহ! দেৱতাই দেখোন সকলোৰে মনৰ কথা বুজে! তাৰ মনটোনো কিয় বুজা নাই!
 

নাই, এনেকৈ
আৰু গাঁতত সোমাই পৰি থকা নাযায়। এই কেইদিন হাবিত সকলোৱে আনন্দ মনে
, মিলা-প্ৰীতিৰে থাকিব লাগিব। তেহে দেৱতা সুখী হব।
 

ভুচু বাহিৰলৈ ওলাই গল।
বাহিৰখন আন্ধাৰ। ঘন গছ-লতাৰে হাবি ভৰি থাকে কাৰণে হাবিলৈ আন্ধাৰ সোনকালে নামি আহে।
 

গাঁতৰ পৰা কিছু দূৰ
আগুৱাই গৈ ভুচুৱে দেখিলে- গুবু আৰু কাকৈয়ে কথা পাতি বহি আছে। কাকৈয়ে নিশ্চয় গুবুক
দেৱতাৰ কথা
, পাহাৰৰ সভাখনৰ কথাকে কৈ আছে। গুবু নতুন, সিতো এইবোৰ একোকে নাজানে।

তেনেতে নৈখনৰ ফালে
ভুচুৰ লগৰীয়াহঁতৰ টোৰটোৰণি শুনা গ
ল। 

“আ…আও ইহঁত আজি ফূৰ্তিতে
নৈৰ ওচৰ পালেগৈ! গৈছোঁ ভাইহঁত
, ময়ো গৈ আছোঁ ৰ!”- ভুচুৱে
ডাঙৰকৈ মাতষাৰ লগাই নৈৰ ফালে আগবাঢ়িল।

(আগলৈ)