হিমাংশু ভাগৱতী

৫৪৩
+ ২৪৫ = ০
ভুল
বুলি ভবা যোগটো অতি সৰলভাৱে শুদ্ধ
 
মাজে-সময়ে
হাতৰ নখত লগাই দিয়া চি
য়াঁহীকণ
নীলা
বুলিয়ে সৰলভাৱে ভবা যায়
অথচ
বহু দিনলৈ লাগি থকা দাগটো ক
লা
 
সমদলত
সৰল
ভাৱে‍ যোগ
দিয়াৰ
এটা
ঋতুৰ পাছতহে
কেমেলিয়নক
অনুসৰণ কৰাৰ ভাগৰ আহে
,
এই
সাধুটো বাৰে বাৰে ঘূৰে
 
ইফালেসিফালে অকালতে নোহোৱা হোৱা
মানুহবোৰ
আচলতে
শূন্যহে
 
অধিকাৰ
কোঁদোবাহ
, চুব খুজিলেই বিপদ
 
৫৪৩+
২৪৫ = ০
 
এই
শূন্যটো শূন্য বুলি নাভাবিব
 
সৰলভাৱে
এই শূন্যটোৱে গিলি থয়
প্ৰায়
এশ
 আঠত্ৰিছ কোটি  
লাখ
লাখ শ শ

শ্ৰব্য ৰূপ