Category অন্যযুগ, নৱেম্বৰ ২০২০

শিশু চলচ্চিত্ৰৰ সজ্ঞায়ণ আৰু মার্কিন শিশু চলচ্চিত্ৰ

বিতোপন বৰবৰা শিশু-চলচ্চিত্ৰ বুলিলে আমি কি বুজোঁ? শিশুৰ বিষয়ে নির্মিত ছবি নে একান্তই শিশুৰ বাবে নির্মিত ছবি? এই আলোচনাৰ প্ৰাৰম্ভতেই আমি সেই বিষয়ে স্পষ্ট হৈ লোৱাটো উচিত হ’ব৷ মূলতঃ শিশু-ছবি বুলিলে আমি দুই ধৰণৰ ছবিৰ কথা ভাবিব পাৰোঁ৷ ইয়াৰে এবিধ…

ধোনীৰ বাবে এটা কবিতা

ধীমান বৰ্মন (end of dhoni era or no end of dhoni era!!) যদিওবা গুঁজৰি আছেবাঘ বুঢ়া হৈছে সময়ৰ এই নিৰ্ঘাত বেজীৰ পৰাবাঘৰ ৰক্ষা নাই বুলি সি নিজেও জানে তথাপি প্ৰাণটাকি দৌৰিছেনখ মাৰিছে বতাহত বনৰ ৰজা হৈমনোবল পৰিবলৈ নিদিয়াকৈ নিজ সৈন্যৰবুঢ়া বাঘে যুঁজিছে হাৰিলেও ঘাঁহ খাবলৈ অপাৰগবাঘটোৰ…

গগন চন্দ্ৰ অধিকাৰীৰ শিশু-সাহিত্য (বিশেষ লেখা)

ড° অসীম চুতীয়া এটি শিশুৱে এখন বিচিত্ৰ জগতত বাস কৰে৷ তাত  কল্পনাৰ পখী এটাই অনৱৰতে ডেউকা মেলি অনন্ত আকাশত উৰি ফুৰে৷ সেয়েহে শিশুৰ মনোজগতক বুজি পোৱাটো প্ৰতিজন বয়োজ্যেষ্ঠ ব্যক্তিৰ বাবে প্ৰত্যাহ্বানমূলক কাম হিচাপে বিবেচিত হৈ আহিছে৷ প্ৰতিজন ব্যক্তিয়েই শিশুকাল এটা উদ্‌যাপন কৰিহে…

ছদ্মমুখ

অনুলেখা বৰদলৈ পৃথিৱীৰ ধূমায়িত গৰ্ভতদোমোজাগ্ৰস্ত কোৱাভাতুৰীয়া মুখমুখতঅহৈতুকী হাঁহিৰ আস্ফালন মুখৰ ওপৰত অনেক মুখৰ এঙেৰুৱা প্ৰলেপ মন কৰিলেই যিসলাব পাৰে মুখৰ আভাস নিদ্ৰা আৰু জাগৰণৰ তফাৎ নোহোৱাএইখন কি ঠাইআন্ধাৰৰ মৰ-ৰাওচি কিনো দেখোঁ কিনো শুনোহেৰোৱা মাত একাঁজলি জীৱনৰ মৈদাত কচি কচিকালৰ আমঠুহুমুনিয়াহৰ ডেউকা নাচে প্ৰতিবেশীৰ নখৰ আঁচোৰশেলুৱৈ সময়ৰমৃত্যুসিক্ত…

বুদুৰ কাহিনী

 দ্বিজেন কুমাৰ দাস   স্মৃতি চপাই উৰি যায় অতৃপ্ত আত্মাৰ এটি চৰাই ডাক্তৰে নজনালে   প্ৰাৰ্থনাইও নিদিলে উমান                        মেঘৰ এজোলা বিস্ময় মলঙা কপালত শুভ্ৰ শিল পাখি ভঙা পখিলা!   জানিলে বিচনাৰ কাষৰ টুলখনত পৰি থকা চামুচখনে   ইমান কঁপনি…

ৰঙা চিয়াঁহী

  (শ্লেভয় জিজেকৰ ৰগৰেৰে…)             দিগন্ত শইকীয়া বপুৰা সিয়ান বৰ আঁহতৰ তলত জিভা ধৰাই থাকোঁতে এদিন ওপৰৱালাৰ পৰিল নজৰ ধৰাই নিলে তাক বঁটাই নে গতাই বুজাই নাযায়৷   বিদায়ৰ চলেৰে সি কোনো কাণক কৈ গ’ল– চিঠি লিখিম চিয়াঁহী যদি নীলা…

মিকেলেঞ্জেল’

(উৎসৰ্গঃ নীলপৱন বৰুৱা)বিপুল কুমাৰ দিহিঙীয়া ঠিক দুপৰ নিশাৰ কথাযীশুক ক্ৰুচত দিয়াৰ পাছতজেৰুজালেমত পোহৰ। ৰঙা পোহৰওখ ওখ পাইন গছবোৰে মাজৰাতিনিচুকাৰ পাছত কাষতে পৰি থকাজঠৰ শিলাবোৰে ক’লে–কোনে কোনে অ’ তহঁতৰ টোপনি কাঢ়িলমাইকেলেঞ্জেলো।শিলাবোৰ এইবাৰ কঁপিল ঠক্ ঠককৈনিয়ৰৰ টোপালবোৰে ক’লে–তহঁতক জীৱ দিবকঁপ কিয়?আন্ধাৰত পোহৰৰ…

নেহাঁহিবি মোক সোঁচৰিব তোক

মঞ্জিত হাজৰিকা কঁঠাল গছত উঠি মলুৱাইপকা কঁঠাল খাই,গোটেই গাতে লাগিল এঠাএৰুৱাৰ উপায় নাই।। এৰুৱাব নোৱাৰি কঁঠাল এঠামলুৱা জXপিয়াই ফুৰে,তাকে দেখি কেৰ্কেটুৱাইধেক‌্ ধেকাই হাঁহে।। খঙত মলুৱাই কেৰ্কেটুৱাকখেদা মাৰি মাৰি যায়,বাঁহত উঠি কেৰ্কেটুৱাইনেগুৰ জোঁকাৰি চাই।। মলুৱাই বোলে নেৰিছোঁ তোকএসেকা নিদিয়াকৈ,এই বুলি বাঁহৰ…

কুসুমিত কলাজ

খনিন্দ্র ভূষণ মহন্ত (১)ছোঁ হৈ দুলি আছিলোঁ পথাৰত বতাহৰ বেগেৰে কোনে আহি ক‘লেঃজীৱনৰ গণিতে সৰল অঙ্কৰ উপপাদ্য নামানে বনৰীয়া ফুলবোৰ শুই থকা শিশুৰ একোখন মুখ  (২)বুকুৰ বলুকাত এপাহ বকুল  ছায়া-ছবিৰ তুলিকাত উঠি আহিছেএখনি জীর্ণপ্রায় এজাৰফুলীয়া হাত স্মৃতিকাতৰতা কবিৰ পুৰণি অসুখ (৩)ক্রন্দনৰতা আকাশ আজি নিঃসংগ শিলচেঁচা শূন্যতা এখিনি…

কথকতা

কৌস্তুভমণি শইকীয়া দত্ত সঁচাই মিছাই কথা কোৱাকথকী চৰাই এজাকমোৰ চৌপাশে কলৰৱ কৰি উৰি ফুৰে।সিহঁতে বাহ সাজোঁতেও হাজাৰ গল্প কৰেঅমুকৰ বাহটো দুষ্প্ৰাপ্য এক ঘাঁহেৰে সজাতমুকৰ বাহটো ধুমুহাই ভাঙিব নোৱৰাকাৰোবাৰ বাহটো ভেমেচাকাৰোবাৰটো হেনো ৰঙীন পলিথিন আৰু কাগজৰ কৃত্ৰিমতাসনা।(কথাৰ প্ৰকোপত নেদেখাকৈয়ে মই সিহঁতৰ…