ড˚ অনিল শইকীয়া
আজিৰ প্ৰজন্মই, ধৰা হওক একবিংশ শতিকাৰ
প্ৰথম দশকত জন্ম গ্ৰহণ কৰা প্ৰজন্মই বিহুনাম, বিহুনাচ,
বিহু-ঢোলৰ চাপৰ, পেঁপাৰ লহৰ, গগনাৰ সুৰীয়া গুঞ্জন ক’ত শিকিব বুলি যদি প্ৰশ্ন কৰা হয়, তাৰ উত্তৰ দুটাই, প্ৰথম বিহুৰ কৰ্মশালা বা
আখৰাৰ থলিসমূহত আৰু দ্বিতীয় বিহু প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ যোৱা
প্ৰস্তুতিসমূহত।

আজি যিসকলৰ বয়স আঢ়ৈকুৰি, তিনিকুৰিৰ
দেওনা পাৰ হৈছে তেখেতসকল বিহুৰ ক্ষেত্ৰত বৰ সৌভাগ্যৱান। কাৰণ তেখেতসকলে চোতালৰ
বিহুৰ বৰ্ণাঢ্য ৰূপটো কেইবাবছৰো ওচৰৰ পৰা দেখিছিল। যিসকলে একান্তমনে বিহু চাইছিল
বা হুঁচৰিত অংশগ্ৰহণ কৰিছিল, তেখেতসকলে চোতালৰ বিহুৰ
স্বকীয় বৈশিষ্ট্য অনুভৱ কৰিব পাৰিছিল, চোতালৰ বিহুৰ
স্বতঃৰ্স্ফুট প্ৰকাশভঙ্গী প্ৰত্যক্ষ কৰিব পাৰিছিল, চোতালৰ
বিহুৰ অনামী আনন্দত আত্মহাৰা হ’ব পাৰিছিল, চোতালৰ বিহুৰ
ঢোলৰ ছেও-চাপৰেবাৰ শুনিছিল। চোতালৰ বিহুত নাচিব নজনা মানুহেও ৰাইজৰ লগত এপাক
অথালি-পথালিকৈ নাচি দৰ্শকক আমোদ দিয়া আৰু নিজেও আনন্দ-লভা নাচনিও দেখিছিল। চোতালৰ বিহুত একেটা উশাহতে বিশেষ কিটিপত
বজোৱা পেঁপাৰ লহৰো শুনিছিল, জাউৰিয়ে জাউৰিয়ে বিহুনাম গোৱা শুনিছিল, টকা
আৰু হাত চাপৰিয়ে বিহুনামৰ ছন্দ ৰখা দেখিছিল, নতুনকৈ শিকা
নাচনিয়ে ভাল নাচনিৰ লগত নাচি নাচি পাকৈত নাচনি হোৱা দেখিছিল, ঢুলীয়াৰ লগত ঢোল বজাই বজাই ঢোলৰ চেও আয়ত্ব কৰা চেমনীয়া ঢুলীয়াও
দেখিছিল। কৈছিল– ‘আমুকৰ ল’ৰাটোৱে ভাল ঢোল বজাব পৰা হৈছে দেই’। একেবাৰে শেষত চোতালৰ
বিহুত গৃহস্থই সভক্তিৰে ৰাইজক সেৱা কৰাও দেখিছিল।

এই যে ঢুলীয়াৰ লগত ঢোল বজাই বজাই চেমনীয়া ঢুলীয়াই ঢোলৰ ছেও-চাপৰ আয়ত্ব কৰাৰ কথা কোৱা হৈছে সেয়া কেনেকৈ হৈছিল।
এটা সৰু উদাহৰণ লোৱা হওক।
এটা সৰু উদাহৰণ লোৱা হওক।
দাও দাও। দাওঁ দাওঁ। দাওঁ দাওঁ। দাওঁ দাও।
এই বোলকেইটা কমেও ষোল্লবাৰ!বিছবাৰমান বজায়। ঢোল মূল ওজাজনে এনেকৈ
বজাব যেন তেওঁ বাকীখিনিক ঢোল বজাবলৈ শিকাই আছে। তেওঁৰ মুখৰ প্ৰকাশ-ভঙ্গীৰ এটা
ইচাৰাত ঢোলত নতুন Îবাল
সংযোগ হয়। ওজাই যি বজাব লগত বজোৱাসকলে তাকে বজাব। যেনে–

তাক তাখি দিঘেন, তাক তাখি দিঘেন,
তাক তাখি দিঘেন, তাক তাখি দিঘেন,…
তাক তাখি দিঘেন, তাক তাখি দিঘেন,…
এই বোলকেইটাও
ষোল্লবাৰমান বজায়। এনেকৈ বজাওতে এজন দুজনকৈ পুৰুষ নাচনি কঁকাল ভাঙি চোতালৰ মাজলৈ
নাচিবলৈ ওলাই আহে। ঢোলত একেটা বোলকে বহুবাৰ বজোৱাৰ বাবে বজোৱাসকলে, বিশেষকৈ ন-শিকাৰুসকলে বোলবোৰ
আয়ত্ব কৰে। এইযে ষোল্লবাৰ!বিছবাৰ বজোৱাৰ কথা কৈছো,
তাৰবাবে সময় বেছি নালাগে, খুউব বেচি
আধামিনিট পঞ্চল্লিছ চেকেণ্ড। ক্ৰমে ক্ৰমে ঢোলৰ Îবাল সামান্য পৃথক হয়। যেনে–

তাক তাখি দিঘেন, ঘেন তাকি দিঘেন,
তাক তাখি দিঘেন, ঘেন তাকি দিঘেন,……..
তাক তাখি দিঘেন, ঘেন তাকি দিঘেন,……..
এয়া সৌ
সিদিনাৰ কথা। Î১৯৬২ চন মানৰ
পৰা প্ৰায় ১৯৮০ চনৰ কথা। দিনৰ দুইমান বজাৰ পৰা ৰাজহুৱা হুঁচৰি আৰম্ভ হয়। আৰু ৰাতি চাৰে এঘাৰমান
বজাত শেষ কৰে। প্ৰায় ন-ঘণ্টামান হুঁচৰি গায়। এইখিনি সময়ত প্ৰায় বিছ-পঁচিশ ঘৰ মানুহৰ
ঘৰত হুঁচৰি গায়। কাৰো ঘৰত পদ-ঘোষা এটিহে দিয়ে।কেতিয়াবা দুঘৰ মানুহৰ একেখন চোতাল হ’লে–
‘হুঁচৰি এ হাও, দুয়োঘৰৰ
মাজতে হুঁচৰি গাওঁ’ বুলি পদঘোষা জোৰে। পদ-ঘোষাৰ অন্তত গৃহস্থই সেৱা কৰে। সেৱা কৰাৰ
পাছত বিহু অকমান চলিবনে কি বুলি গৃহস্থৰ অনুমতি লয়। (এয়া যোৰহাটৰ ৰংদৈ অঞ্চলৰ পৰম্পৰা, সকলো অঞ্চলতে হয়তো এনেকৈ অনুমতি
লোৱাৰ নিয়ম নাথাকিব পাৰে। বা পদৰ অন্তত সেৱা নকৰিবও পাৰে) গৃহস্থই বিহু মাৰিবলৈ
সন্মতি জনালে– ‘প্ৰথমে প্ৰণামো আই সৰস্বতী’ যোজনাৰে চোতাল ৰজনজনাই উঠে। তাৰ পাছত
আৰু এটা যোজনা– ‘চাগে চেলাবৰে ডবুৱা কটাৰী, পহু চেলাবৰে
মিট, গাঁৱৰ বুঢ়া-মেঠা দায় নধৰিবা, গাই যাওঁ বতৰৰ গীত।’ এই যে আৰম্ভ হ’ল তাৰ পাছত চলিয়েই থাকে। কাৰো ঘৰত আধাঘণ্টা,
কাৰো ঘৰত চল্লিছ মিনিট, কাৰো ঘৰত দহ
মিনিট, সেইটো নিৰ্ভৰ কৰে গৃহস্থই শৰাইখন উলিয়াই দিয়াৰ
ওপৰত।

গৃহস্থৰ চোতালখন হৈ পৰে বিহুৰ আখৰা-থলি। এটা নিদিষ্ট ক্ৰমত
বিহুনাম আগ বােIÿ।প্ৰথমে
প্ৰকৃতিমূলক তাৰপাচত ক্ৰমে আখ্যানমূলক বা মালিতাৰ নিচিনা, কৃষিৰলগত জড়িত, পীৰিতিমূলক,
ফকৰা-যোজনা ইত্যাদি জাউৰিয়ে জাউৰিয়ে বিহুনাম।

চোতালৰ বিহুত
একেটা জাতনামকে বহুসময় ধৰি গাইছিল। জাতনাম বিহুনামৰ এটি প্ৰকাৰ। ই এটা শাৰীৰো হ’ব
পাৰে বা ততোধিক শাৰীৰো হ’ব পাৰে। জাতনামক আন এটা বিহুনামৰ লগত বাৰে বাৰে দোহাৰা
হয়। সেইকাৰণে বহুত সময় গাই থাকিব পাৰি। এটা জাতনামৰ উদাহৰণ লোৱা হওক। চাৰিটা শব্দৰ জাতনাম। ‘বনমালী
ৰৈ ৰৈ ধেমালী কৰা’ । গাওঁতে শব্দ কেইটি পুনৰাবৃ¿M কৰি এটা নিদিষ্ট ৰ্দ্ঘৈৰ কৰা হয়। যেনে–

এ’ বনমালী ৰৈ
ৰৈ ধেমালি!
ৰৈ ধেমালি!
কৰা বনমালী ৰৈ
ৰৈ ধেমালি!
ৰৈ ধেমালি!
কৰা বনমালী ৰৈ ৰৈ ধেমালি!
ৰৈ ৰৈ ধেমালি কৰা ।
এই বিহুনাম-ফাকিক
আন কেইবাটাও বিহু নামৰ লগত বাৰে বাৰে গোৱা হয়। এইযে আন কেইবাটাও নামৰ কথা কৈছো, সেই নামসমূহো প্ৰায় দুবাৰ দুবাৰ
গোৱা হয়। প্ৰথমবাৰ নামতি গৰাকীয়ে লগাই দিয়ে। দ্বিতীয়বাৰ লগৰীয়াসকলে দোহাৰে আৰু এখন
চোতালতে নহয়, কেইবাখনো চোতালত। তেনে কৰোতে নামসমূহ কণ্ঠস্থ
হয়। কেনেকৈ গাব চোৱা হওক–

নামতী: প্ৰথমে প্ৰণামো – এ’ বনমালী! সমস্বৰেঃ- প্ৰথমে প্ৰণামো – এ’ বনমালী
নামতী: আই সৰস্বতী – এ’ বনমালী ! সমস্বৰেঃ- আই সৰস্বতী – এ’ বনমালী
নামতী: দ্বিতীয়ে প্ৰণামো হৰি– বনমালী ৰৈ ৰৈ ধেমালি !কৰা বনমালী ৰৈ ৰৈ ধেমালি!
কৰা বনমালী ৰৈ ৰৈ ধেমালি ! ৰৈ ৰৈ ধেমালি
কৰা ।
নামতী: তৃতীয়ে প্ৰণামো – এ’ বনমালী! সমস্বৰেঃ- তৃতীয়ে প্ৰণামো – এ’ বনমালী
নামতী: ঘৰৰে গৃহস্থ– এ’ বনমালী! সমস্বৰেঃ- ঘৰৰে গৃহস্থ– এ’ বনমালী
নামতী: ধৰি যাওঁ নামৰে -গুৰি বনমালী ৰৈ
ৰৈ ধেমালি !কৰা বনমালী ৰৈ ৰৈ ধেমালি!
ৰৈ ধেমালি !কৰা বনমালী ৰৈ ৰৈ ধেমালি!
কৰা বনমালী ৰৈ ৰৈ ধেমালি ! ৰৈ ৰৈ ধেমালি
কৰা ।
নামতী: অতিকৈ চেনেহৰ – এ’ বনমালী! সমস্বৰেঃ- অতিকৈ চেনেহৰ – এ’ বনমালী
নামতী: মুগাৰে মহুৰা– এ’ বনমালী ! সমস্বৰেঃ- মুগাৰে মহুৰা – এ’ বনমালী
নামতী: তাতোকৈ চেনেহৰ – মাকো বনমালী ৰৈ
ৰৈ ধেমালি !কৰা বনমালী ৰৈ ৰৈ ধেমালি!
ৰৈ ধেমালি !কৰা বনমালী ৰৈ ৰৈ ধেমালি!
কৰা বনমালী ৰৈ ৰৈ ধেমালি ! ৰৈ ৰৈ ধেমালি
কৰা ।
নামতী: তাতোকৈ চেনেহৰ – এ’ বনমালী! সমস্বৰেঃ- তাতোকৈ চেনেহৰ– এ’ বনমালী
নামতী: ব’হাগৰ বিহুটি– এ’ বনমালী! সমস্বৰেঃ-ব’হাগৰ বিহুটি– এ’ বনমালী
নামতী: নাপাতি কেনেকৈ – থাকো বনমালী ৰৈ
ৰৈ ধেমালি !কৰা বনমালী ৰৈ ৰৈ ধেমালি!
ৰৈ ধেমালি !কৰা বনমালী ৰৈ ৰৈ ধেমালি!
কৰা বনমালী ৰৈ ৰৈ ধেমালি ! ৰৈ ৰৈ ধেমালি
কৰা ।
এনেকৈ বিহুনামফাকি আগবাঢ়ি গৈ থাকে। বিহুনামটিৰ লগত সংযোজিত হয়
আৰু বহুত বিহুনাম। গাওঁতে গাওঁতে মুখস্থ হয় বিহুনামফাকি। অকলযে গাওঁতাসকলৰে মুখস্থ
হয তেনে নহয়,þকাষত ৰৈ শুনি
থকা বহুতৰে মুখস্থ হয়। বিহুনামৰ মাজে মাজে মন প্ৰাণ উতলা কৰা ঢোলৰ ছেও। এটিৰ পাচত এটিকৈ
বিহুনাম বা¿Iÿ যায়। বিহুনাম লগাই দিয়াৰো যেন
প্ৰতিযোগিতা চলে। কিচিম কিচিম জাত নাম। জাত নামৰ লগত ৰজিতা খোৱা অন্য বিহুনামেৰে
জাত-নামফাকিৰ পুনৰাবৃ¿M চলে। ৰজিতাখোৱা অন্য বিহুনাম মানে, জাতনামটিৰ অৰ্থৰ লগত সংলগ্ন কৰা
বিহুনামটিৰ ৰস একে হ’ব । অন্য এক জাতনাম আৰু লগত যোগ কৰা একে ৰসৰ বিহুনাম চোৱা হওক–

জাতনামঃ- অ’ নিৰলা দাৱনী !ঠোঁকে পকা ধাননী !ৰঙাচোলা নিপিন্ধিবি !এনেয়ে তই শুৱনি।
অন্য বিহুনামৰ সহায়ত পুনৰাবৃ¿Mকৰণ–
বন্ধা কবি বন্ধাবি – অ’ নিৰলা দাৱনী ! মোৰেনো মন বান্ধিলি -অ’
নিৰলা দাৱনী !
মনৰ কথা নকলি – খুলি নিৰলা দাৱনী! ঠোঁকে পকা ধাননী!ৰঙাচোলা নিপিন্ধিবি!
এনেয়ে তই শুৱনি।
এনেয়ে তই শুৱনি।
কুহিয়াৰ পেৰাদি – অ’ নিৰলা দাৱনী ! মোকেহে তই পেৰিলি -অ’ নিৰলা
দাৱনী !
এতিয়া তই পাহৰি – গ’লি নিৰলা দাৱনী! ঠোঁকে পকা ধাননী ! ৰঙা চোলা
নিপিন্ধিবি! এনেয়ে তই শুৱনি।
অন্য এটা বিহুনামৰ উদাহৰণ লোৱা হওক- য’ত এফালৰ পৰা খেতিৰ
সজুলিসমূহৰ নাম বৰ্ণিত হয়। বিহুনামফাকিৰ ৰচনা শৈলীও অতি মনোৰম। এজন দুখীয়া ডেকাৰ
খেতি কৰাৰ কাহিনী। তেওঁৰ নিজৰ বুলিবলৈ একো নাই।এঘৰৰ এটা বুঢ়া গৰু ,ইঘৰৰ এটা বুঢ়া গৰু, তেনেকৈ এঘৰৰ ভগা নাঙল,আন এঘৰৰ ভগা শলমাৰি, তেনেকৈ আৰ ঘৰৰ ভগা যুঁৱলী,তাৰ ঘৰৰ ভগা মৈ, তাৰ পাছত আৰ ঘৰৰ ভগা কোৰ,
তাৰ ঘৰৰ ভগা পাচি,আৰ ঘৰৰ শালী কঠিয়া,তাৰ ঘৰৰ বৰা কঠিয়া, তাৰ ঘৰৰ ভগা কাচি,তাৰ ঘৰৰ ভগা বিৰিয়া…গোটাই গোটাই খেতি-কৰা কাহিনী।সেইেবাৰ গোটাই
যেনেতেনে খেতি অকনমান কৰে কিন্তু কি হ’ব,খেতিৰ ধানে মাথো
ছমাহ যায়। ছমাহলৈ নোজোৰে ভাত । তেতিয়া গৈ প্ৰেমিকাৰ ঘৰত হাত পতাৰ এক হাস্যমধুৰ
কল্পনা।

আৰ ঘৰৰ বুঢ়া গৰু এটা—- সোণজনী
তাৰ ঘৰৰ বুঢ়া গৰু এটা—- সোণজনী
আনি সোণজনী কৰোনো খেতি-বাতি
তাতে সোণজনী ছমাহলৈ নোজোৰে ভাতে সোণজনী
তোমাৰ ঘৰত পাতোগৈ হাত।
বিহুগীতটিত এফালৰ পৰা খেতিৰ সজুলিসমূহৰ নামেবাৰ কৈ কৈ (আৰঘৰৰ ভগা
নাঙল,তাৰঘৰৰ ভগা শলমাৰি…..) দীঘল কৰি গাই থাকে।

আকৌ খেতিক লৈ বিহুনাম। শাওনৰ পথাৰত হাল বাই থকাৰ কথা মনত পৰে।
হাল বাই থাকোতে শলমাৰি সোলকে। বুঢ়া গৰু বোকাতে ৰয়। নাঙলৰ ফালখনো আঁতৰি যায়।
এনেকুৱা সময়তহে ‘তাই’ অবিহনে পালে। তাইৰ নাম সোণপাহী নহয়। তাইৰ নামৰ এটা অদ্ভ²ত নাম দিলে– হেৰেপী। (হেৰেপা মানে
চেপেটা খাই জাঁপ খাই পৰা।) বিহুনামফাকি–

শাওণৰ পথাৰত হালে বাই আছিলো ! শলমাৰি সুলৰি গ’লে অ’ হেৰেপী
বুঢ়া গৰু বোকাতে ৰ’লে অ’ হেৰেপী ! নাঙলে মেলিলে ফালে অ’ হেৰেপী,
অসময়ত আহিলি তয়ে অ’ হেৰেপী ! সেইখিনিতে ঠিয় হৈ থাক।
এনেকৈ অনেক বিহুনাম আৰু ঢোলৰ ছেও-চাপৰেৰে চোতাল গমগমাই থাকে ।সময়
অতীতহৈ যোৱাৰ পাচতো শৰাই উলিয়াই নিদিলে বিভিন্ন ধৰণৰ বিহুনাম গায়। যেনে–

খুটিতে পৰিলে জিয়াঁ।! তললৈ মূৰেকৈ গুনিব নালাগে !শৰাইখন উলিয়াই দিয়া।
অথবা- ভগাকৈ জেওৰা কতক বাটি থাকিম !লোকে খৰি পুৰি খায়;
তোমাৰে চোতালত কতক ৰৈ থাকিম !নাচনী ভাগৰি যায়।
এনেকৈ প্ৰায় বিছ-পঁচিশখন চোতালত হুঁচৰি গায়। তেনেকৈ সাত-আঠ দিন
হুঁচৰি গাই গাঁওখন শেষ কৰে।
হুঁচৰি গাই গাঁওখন শেষ কৰে।
*****
চোতালত হুঁচৰি গোৱাৰ আগতে মানুহে অৰণ্যৰ কাষত বা পথাৰৰ মাজত বিহু
মাৰিছিল। সেই দিনবোৰ এতিয়া আৰু অৱধাৰিত ভাৱে বিচাৰি পোৱা নাযাব। কাৰণ তেতিয়াৰ
সামাজিক পটভূমি এতিয়া আৰু নাই। তেতিয়া প্ৰায় সকলো-মানুহ কেৱল কৃষি নিৰ্ভৰশীল আছিল।
(বণিজ হয়তো দুই এজন আছিল।) সেই সময়বোৰত পথাৰ,
অৰণ্য আৰু নদীয়েই আছিল মানুহৰ বিচৰণভূমি। মানুহ তেতিয়া উন্মুক্ত প্ৰকৃতিৰ লগত একাত্ম
হৈ আছিল। ক’ব নোৱাৰাকৈয়ে
হয়তো মানুহে প্ৰকৃতিৰ লগত এক নিবিড় সম্পৰ্ক স্থাপন কৰিছিল।..

হয়তো আকুল-ব্যাকুল হৈছিল শৰতৰ সন্ধিয়া শুকুলা ডাৱৰে উমলি থকা আকাশখনলৈ চায়। উন্মণা
হৈছিল সন্ধিয়াৰ
আকাশৰ পাখিত পাখি লগাই উৰি যোৱা বগলীজাক চায়। চাইছিল, শাওনৰ আকাশৰ কজলা মেঘৰাশি,
আহিনৰ কঁহুৱা বন, চ’তৰ কুহি পাতে সতেজ
কৰা গছ-বিৰিখ, ব’হাগৰ ন-পানী পাই উজাই অহা জাক জাক মাছ,
আঘোনৰ সোনালী ধাননীপথাৰ, অকাই-পকাই Æব যোৱা মায়াবি নদী, হাবিৰ মাজৰ লুংলুঙীয়া বাট-পথ,
শৰৎ কালৰ জোনাক ৰাতি আৰু অনেক মন আকুল কৰা দৃশ্য। মানুহে একান্ত মনে অনুভৱ
কৰিছিল ফাগুনৰ ফিৰফিৰিয়া বতাহ, ব’হাগৰ সন্ধিয়া তগৰ ফুলৰ সুবাস, বিৰিণাৰ
সুহুৰি,পুহ মাহৰ হাড় কপোৱা জাৰ, মাঘৰ
সেমেকা বতৰ, …..কিমান যে মনোমুগ্ধকৰ পৰিেবশ। আৰুযে সেইযে আহিনৰ সেউজীয়া গেঁৰ-ধৰা ৰোৱােবাৰ, সেইযে মাঘ মাহৰ বিশাল নৰা ভৰা পথাৰেবাৰ, শিমলু গছৰ
পৰা উৰি অহা কমোৱা তুলােবাৰ, ফেনে ফুটুকাৰে বাঢ়ি অহা নদী…. আৰু যে ক’ত কি দৃশ্য। শুনিছিল গংগা
চিলনীৰ মাত, দেখিছিল শেন চৰাইৰ চোকা দৃষ্টি।হেটুলুকা
চৰাইৰ হেটুলুক-হেটুলুক মাত। চৰাইৰ মাত শুনি ব্যাকুল হৈছিল হৃদয়। এইযে চৰাইবোৰ….
চাকৈ-চকোৱা, কপৌ, ডাউক, কুলি, কেতেকী, মটীয়া
চিলনী, কাম চৰাই, টুনি, কৰচন কনুৱা, দৰিক, দহিকতৰা,
মইনা, পাৰ, শালিকা….
এইবোৰহৈ পৰিল একো একোটা উপমা। সিবোৰৰ উপমাৰে ৰচনা কৰিলে গীত। বিহুগীত। উপমাৰ সহায়ত
প্ৰকাশ কৰিব মনৰ মাজৰ এটি আলফুল বতৰা।

এই যে গীতবোৰ! চৰাই আৰু নদীক উপমা হিচােব লৈ
ৰচনা কৰা গীতেবাৰ! কি সেই গীত?
ৰচনা কৰা গীতেবাৰ! কি সেই গীত?
ওপৰে উৰিলে গংগাকৈ চিলনী ! পাখিয়ে নল’লে ঘোৰ,
তুমিয়ে আমিয়ে একেটি আছিলো ! শতৰুৱে ভাঙিলে ঘোৰ।
দেহা হ’ল অলিয়া দেহা হ’ল বলিয়া ! দেহা হ’ল দিহিঙৰ গঢ়া,
তোমাৰে লগতে হ’লো মই বলিয়া ! চিনাচিনি হ’বৰে পৰা।
নাৰী-পুৰুষ উভয়ে সমানে সমানে ৰচনা কৰিছিল গীত। চাওঁচোন এবাৰ
নাৰীয়ে ৰচনা কৰা গীতসমূহ–
নাৰীয়ে ৰচনা কৰা গীতসমূহ–
নলনীত কান্দিলে হেটুলুকা চৰাইটি ! হেটুলুক কৰিলে বনত,
হাতৰ বনে সৰি চিতনি ধৰেহি ! ধনৰ কথা পৰিলে মনত।
কলঙৰ পাৰতে কাপোৰ ধুই আছিলো ! তোমালৈ ধাউতি কৰি,
মনৰে হাবিয়াস মনত নামাৰিবা ! নিয়াই ডিঙিতে ধৰি।
ধনৰে বাতৰি বেয়াটো শুনিলোঁ ! কঠিয়াতলীলৈ গৈ;
চৰাই হোৱা হলে উৰি গলোহেঁতেন ! মাজত ধনশিৰী নৈ।
আগলি বাহৰে লাহৰি গগনা ! বহি তাঁতৰ পাতত বাওঁ;
আহে কি নাহে অ’ মোৰে ধনচেনাই অ’ !চিৰি পাতি মঙ্গলখন চাওঁ।
যোৱাটো বিহুতে গগনা খুজিলো !এই বেলিও নিদিলা সাজি;
তোমাৰে গগনা আমাকো নালাগে ! দিয়াগৈ সিজনীক সাজি।
এইযে ফুলবোৰ– ঔ ফুল, ঠেকেৰা ফুল,
তগৰ ফুল, তিতাফুল সেইবোৰ মনৰ মাজত এনেই
থাকিবনে·
তগৰ ফুল, তিতাফুল সেইবোৰ মনৰ মাজত এনেই
থাকিবনে·
ঔফুল ফুলিলে জগতে জানিলে !ঠেকেৰা ফুলিলে ৰাতি,
আমাৰে লাহৰী ওলায়ে আহিছে !যেন হালধীৰে গাঁঠি।
এইবাৰ মনৰ প্ৰেয়সীক জোকাবৰ মন গ’ল। তাইলৈ চাই কতাক্ষ কৰি
ক’লে-ধুনীয়া ধুনীয়া চম্পাফুল পিন্ধিবলৈকে কোনো নোলাল। ঔ টেãাৰ ফুল কোনেবা পিন্ধিব। তোক গাভৰুকালতে
নিওতা কোনো নোলাল,বুIÿী হ’লে আৰু কোন আহিব। সেইকাৰণে সময়
থাকোতেই আহিলে আহ। কি অনিৰ্বচনীয় কল্পনা।

চম্পাফুল ফুলোতে পিন্ধোতা নহ’লে ! ঔ ফুল পিন্ধিব কোনে,
গাভৰু কালতে নিওতা নহ’লে ! বুঢ়ী হ’লে নিবনো কোনে·
ঔফুল ফুলিলে,ঠেকেৰা ফুলিলে,গোলাপ ফুলিলে,চম্পা ফুলিলে, তিতাফুল ফুলিলে ,অনেক ফুল ফুলিলে- এই ফুলেবাৰ
এনেয়ে অহাযোৱা কৰোতে দেখিয়ে থাকে। দেখি দেখি ফুলেবাৰৰ লগত এক আত্মিক সৰ্ম্পক গIÿ ললে। কোনোবা কাব্যপ্ৰাণ ডেকাই
ফুলেবাৰৰ লগত কথা পাতিলে। মনৰ কথাটি ক’বলৈ ফুলেবাৰৰে উপমা ল’লে। উপমাৰ সহায়ত অনেক
মনৰ ভাব ব্যক্ত
কৰিলে।

বাৰীৰ মাজে মাজে গোলাপ ফুল ফুলিলে ! তিতাফুল ফুলিলে ঢাপত
তোমাৰে আমাৰে যোৰা নাপাতিলে ! কোনোবা জনমৰ পাপত।
চহা হ’ব পাৰে ,নিৰক্ষৰ হ’ব পাৰে সেই
বুলি কিন্তু হোজা নহয়। কাৰণ তেওঁলোকৰ আছিল বিস্ময়াতিত পৰ্যােবক্ষণ ক্ষমতা,বিশ্লেষণ ক্ষমতা,নিৰীক্ষণ ক্ষমতা। কি
পৰ্যাক্ষেণ কৰে চাওঁচোন- নদীৰ পাৰৰ ঘুৰি ফুৰোতে বালিৰ ফালে আহি থকা কাছেবাৰ দেখে,
কাছেবাৰে বালিত কণী পাৰে। দেখাত তেনেই সাধাৰণ কথা। পিছে, ই অসাধাৰণ হৈ পৰিল। সৃষ্টি কৰিলে এটি সুন্দৰ উপমা। নদীৰ নাম হ’ল লুইত।
বালিেবাৰ হৈ পৰিল বগী ঢকেঢকি। কাছেবাৰে গন্তি কৰি গন্তি কৰি কণী পাৰিলে। তাৰ মাজতে
প্ৰেয়সী আহিছে নদীৰ পৰা পানী নিবলৈ। প্ৰেয়সীক দেখি কি হ’ল মনৰ অৱস্থা। গাটো ৰমৰমকৈ
জ্বলিছে, তপত কেৰাহীত সৰিয়হ ফুটাৰ দৰে অনুভব হৈছে। এই
সমস্ত মনৰ ভাৱ মাথো ছাৰিটা শাৰীত বন্দী হৈ ৰ’ল।

লুইতৰে বালি বগী ঢকেঢকী ! কাছই কণী পাৰে লেখি,
গাত জুই জ্বলিছে সৰিয়হ ফুটিছে ! ধনক পানীঘাটত দেখি।
আৰু বুকুৰ মাজত জীপালহৈ থকা নদীসমূহ · বèহ্মপুত্ৰ,(বৰহমপুত্ৰ) দিখৌ,দিচাং,
জাঁজী, কাকডোãা,
Îভাগদৈ, ধনশ্ৰী এই নদীেবাৰ এনেই থাকিবনে· তেওঁ দিখৌ নৈ,জাঁজী নৈ সকলো এৰিব পাৰে। নাখায়ো
থাকিব পাৰে কিন্তু এৰিব নোৱাৰে প্ৰেয়সীক। কি দুৰন্ত কল্পনা।

দিখৌ নৈ এৰিব পাৰো মই লাহৰী! জাঁজী নৈ এৰিব পাৰো,
তোমাক লাহৰী এৰিব নোৱাৰো ! নাখায়ো মৰিব পাৰো।
নদীখন জেং-জাবৰ দি ভেটি থ’ব পাৰি। কিন্তু যৌৱনক· যৌৱন অতি থুনুকা। সাৱধান কৰে প্ৰেয়সীক।
ধনশিৰী ভেটিলে জেঙে ঐ জাবৰে ! সোৱণশিৰী ভেটিলে কিহে;
ভঙা খোলাকটি কমাৰে গঢ়িলে! যৌৱন গঢ়ি দিলে যিহে।
পিছে সমাজ· সমাজে কেতিয়াবা পুৰাতন
বিশ্বাসত,অথবা যিকোনো অলাগতিয়াল কথাত লাগি অতি নিষ্ঠুৰ আৰু নলবলগীয়া সিদ্ধান্তও লয়। নদীৰ দলং ভেটাৰ উপমাৰে সমাজৰ পুৰাতন সিদ্ধান্তৰ বতৰাও মূৰ্তহৈ উঠে বিহুগীতত।

ধনশিৰী দলংখন ভেটিলে ঐ চেনাইকণ ! লোহাৰ ঐ শলখা মাৰি;
তোমাকে ঐ আমাকে ভেটিলে ঐ সমাজে ! দুটি দেহা দুফালে কৰি।
কেতিয়াবা কাব্যপ্ৰাণ ডেকাই নিজৰ অসহায় নিৰুপায় মনটোৰ কথা ভােব।
সি সকলো কৰিব পাৰে । এটাৰ পাচত এটাকৈ পৰ্বত বগাব পাৰে। দুটাকৈ হাতী একেলগে বশ কৰিব
পাৰে। দুৰন্ত সাহসী সি। পিছে কি হ’ব; সাধাৰণ লতা এডাল
বগাবলৈ যেনেকৈ টান একে ধৰণেই প্ৰেয়সীক বলাবলৈও টান।

পৰ্বতে পৰ্বতে বগাব পাৰো মই ! লতা বগাবলৈ টান;
জুৰিয়া হাতীকো বলাব পাৰো মই ! তোমাক বলাবলৈ টান।
তথাপি তাৰ প্ৰেয়সীলৈ মনত পৰি থাকে । ৰাতিও টোপনি নাহে। কথাটো প্ৰেয়সীক জনাবলৈ, সি দিখৌ নৈৰ পাৰৰ সদায় দেখি থকা
থোৰালী ঢেকীয়াৰ উপমা এটি বাছি ল’লে ।
থোৰালী ঢেকীয়াৰ উপমা এটি বাছি ল’লে ।
দিখৌ নৈৰ পাৰৰে থোৰালি ঢেকীয়া! নিতৌ চাৰি আঙুল বাঢ়ে;
তোলৈ লাহৰী মনত পৰি পৰি ! ৰাতিও টোপানি নাহে।
কেতিয়াবা আক’ উপমা নোহোৱাকৈ প্ৰত্যক্ষভাৱে মনৰ কথাটি কোৱা হয়।
তেনেকুৱা উদাহৰণ চোৱা হওক–
তেনেকুৱা উদাহৰণ চোৱা হওক–
ৰাতিৰ পৰে পৰে তোলৈ মনত পৰে!ওলাই বাহিৰলে চাওঁ,
তোকে দেখো বুলি চাওঁ তিনিবেলি !ভাবো কাহানিকৈ পাওঁ।
আহো পদূলিয়ে যাওঁ পদূলিয়ে !তোমাৰ পদূলিয়ে বাট,
বৰঘৰৰ মুধতে কাপোৰ বৈ আছিলা!মুখেৰে নিদিলা মাত।
মুখৰ মাত এষাৰো নাপালো বুলি ডেকাই যেতিয়া অসন্তোষ কৰিলে,কাব্যপ্ৰাণ সেই গাভৰুগৰাকীয়ে জানো একাচ নিদিয়াকে থাকিব। তেৱো একাচি চৰা
উMৰ এটা দিলে। কথাটো হয়তো এনেকুৱা,তোমাক কিয় মাতিম, মুকলি পথাৰত মোক যে এথানি
এবানি কৰি এৰি থৈ আহিছিলা। তেতিয়া মোৰ কি হৈছিল তুমি জানো জানা?

তোমাক চায়ে চায়ে চকুযোৰ বিষালে !থিয় দি বিষালে ভৰি,
মুকলি পথাৰত এৰি থৈ গ’লা !এথানি এবানি কৰি।
এই যে বুকুৰ পৰা নিগৰি ওলাই অহা ভাৱসমূহ মুকলি পথাৰত
এথানি-এবানিকৈ এৰি থৈ যোৱাৰ কথা, বৰঘৰৰ মুধত কাপোৰ বৈ
থকাৰ কথা, তোক দেখো বুলি চাওঁ তিনিবেলিৰ কথা। এই ভাৱসমূহ
অন্তৰৰ কুসুম গাঁঠা, আপোনা-আপুনি নিগৰি অহা বুকুৰ ব্যথা।
ভাৱৰ ক’তো জড়তা নাই। কোনে ৰচিলে তাক লৈয়ো কোনো ব্যতিব্যস্ত নহয়। ৰচিলে আৰু গালে।
নিজেও মনত ৰাখিলে, লগৰীয়াসকলেও মনত ৰাখিলে। মূল ৰচোতাজন
ক’ৰবাত হেৰাই থাকিল। থাকি গ’ল সৃষ্টি। সেই সৃষ্টি ইমান হৃদয়স্পৰ্শী আৰু নান্দনিক
সেয়া প্ৰজন্মৰ পাছত প্ৰজন্মলৈ আহি থাকিল। পিছে সেই সামাজিক পটভূমি আৰু এতিয়া নাই।
এতিয়া বিচাৰি ফুৰিলেও নাপাওঁ। মাথোঁ ক’ব পাৰিম আগৰ দিনৰ বিহুনামবোৰ এনেকুৱা আছিল।
তথাপিও কওঁ প্ৰকৃতিৰ সেই গছ-বিৰিখ, পশু-পখী, নদ-নদী, জান-জুৰিসমূহ এতিয়াও আছে। এতিয়াও
বসন্ত কালত কুলি চৰায়ে গীত গায়। অৰণ্যত কৰচন কনুৱা উৰে। কিমান যে কল্পনা। ডেকা
গাভৰুৱে ওচৰা-ওচৰিকৈ বিহু মাৰে। জোকাই জোকাই বিহুনাম গায়। য’ত এফালে কাবি্যক চেতনা
আনফালে,কাৰোবাক আেপান কৰাৰ বাসনা।

গাভৰুৱে বিহুনাম জোৰে। প্ৰমান কৰে নাৰীৰ সৃষ্টিশীলতা পুৰুষৰ সৈতে
সমান।
সমান।
ম’হৰ শিঙৰ পেঁপাৰ মাতে মন উতলা কৰে। হাতৰ বন সৰি পৰে। ঘৰৰ পৰা
ওলাই যাবৰ মন যায়। সেই যে মনৰ মাজত গুমৰি থকা উগুল-থুগুল ভাৱ-ৰাশি,সেয়া অথলে যাবলৈ নিদিলে।বান্ধি ৰাখিলে কেইটিমান শব্দই। েপঁপা-বজোৱা
থুলন্তৰ ডেকাজনক ম’হৰ শিঙৰ পেঁপাটি ‘বনকৰি’ চিকচিকিয়া কৰি আনিবলৈ ক’লে। আৰু শপত খাই ক’লে-তেওঁৰ লগতে বিহুলৈ যাব। সেই
বিহুনামত পথাৰখন ৰজন-জনাই গ’ল। উন্মণা হ’ল পেঁপা বজোৱা বিহুৱাজন।

ম’হৰ শিঙৰ পেঁপাটি নবজাবা ককাইটি ! মোৰে মন উৰুঙা কৰে;
পেঁপাৰ মাত শুনি ৰবকে নোৱাৰি ! হাতৰ বন সৰি পৰে।
এইবেলি আহুধান পানীয়ে মাৰিলে ! অহা বেলি আহুধান পাম;
ম’হৰ শিঙৰ পেঁপাটি বনকিয়াই আনাগৈ ! তোমাৰ শপত বিহুলৈ যাম।
অকল পেঁপা বজোৱা অসাধাৰণ প্ৰতিভাধৰ শিল্পীজনকে নহয়,
ঢুলীয়াকো জোৰাই জোৰাই বিহুনাম ৰছিলে কোনোবা কাব্যপ্ৰাণ গাভৰুৱে।
ঢোলৰ মাতে মন উতলা কৰে। ঢোলৰ মাত শুনিলেটোপোলাৰ সেন্দুৰ টোপোলাতে থাকে। যৰে তাঁতশাল ত’তে পৰি থাকে , আনকি খাবলৈ লৈ এৰিথৈ আহে বঢ়া ভাত।

ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে ! বহি বৈ আছিলোঁ তাঁত;
টোপোলাৰ সেন্দুৰ টোপোলাতে থাকিলে ! খাবলৈ নহলে ভাত।
আৰু ঢুলীয়াই নাচনীৰ কথা শুনি তৎকালীন ভােব উMৰ দিয়ে। … বৰ বেছি ওচৰ চাপি নাহিবি । চাবি আক’, হাতত ঢোলৰ মাৰি আছে।
ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে ! কাৰ ঘৰৰ
নাচনী নাচে;
ওচৰ চাপি চাপি নাহিবি নাচনী ! হাতত ঢোলৰ মাৰি আছে।
*****
বুকুৰ মাজত যেন মেটমৰা মহাকাব্য। সন্ধানী মনে গোটেইখন পিটপিটাই
ফুৰে। চকুৰ আগৰ পৰা একো সাৰি যাব নোৱাৰে। এই যে ঘৰৰ ফু লচটিত কাঁড়শলা সাপ বগাযÿ, এইযে বৰঘৰৰ মূধত থকা ভঁৰালৰ টুপটোত বহি চৰায়ে ফুটুকলা খায়, এইযে ফুলে জকমকাই থকা কােপাৰখনি
বতাহত উৰি যায়, এইযে কাৰোবাৰ বেজাৰত ৰঙানদীখন শুকাই যায়, প্ৰভৃতি
কিমান যে কল্পনা। কল্পনােবাৰ উপমা হৈ পৰে। উপমাসমূহত প্ৰতিফলিত হয় জনজীৱন । উপমাৰ আশ্ৰয়তে ছন্দোযুক্ত ভােব
মূৰ্ত হয় মনৰ এটি লাখটকীয়া বতৰা।

ঘৰৰ ফুল চটি মাৰলি মাৰলি ! বগায় কাঁড়শলা সাপ;
মোৰ জানো কপালত যি হবৰ হইছে ! চেনাই তই কুশলে থাক।
কিনো কাপোৰখনি ফুলে জকেমকি ! উৰি যায় বতাহৰ লগত;
নেখায় চাৰি সাজি থাকিব পাৰোঁ মই ! বহাগৰ বিহুৰে লগত।
তোমাৰে বাৰীতে কলাপাত কাটিলোঁ ! আগলি আগলি চাই;
বিহুৰে তলীতে তোমাক বাছি ললোঁ ! কঁকাল খামুচীয়া পাই।
বৰঘৰৰ মূধতে ভঁৰালৰ টুপতে ! চৰাই ফুটুকলা খায়;
মোৰ জানো মনতে পৰে ঘনে ঘনে ! তোৰ জানো মনতে নাই।
নৈলৈ হালিলে নদালি ভলুকা ! পথাৰলৈ হালিলে কাক;
বুকুৰ হাড় ওলালে ডালি ডালি কৰি ! কালৈ চিন্তা কৰি থাক।
ৰঙা নৈ শুকালে মাছৰে বেজাৰত ! লুইতখন শুকালে কিয়;
মই চেনাই শুকাইছো তোমাৰে বেজাৰত ! তুমিনো শুকাইছা কিয়।
এনেবোৰ বিহুনামেৰে অতীজৰ পথাৰৰ মাজত জুৰিয়া আঁহতৰ তলত বা অৰণ্যৰ
কাষত মনৰ আনন্দতে বিহু মাৰিছিল। ঘূৰণীয়া হৈ লৈছিল। যাতে প্ৰত্যেকেই প্ৰত্যেককে
দেখা পায়। ইজনে-সিজনলৈ চাই নাচিছিল। এজনে লগাই দিয়া বিহুনাম এটা লগৰীয়াসকলে বাৰে
বাৰে দোহাৰিছিল। গাওঁতে গাওঁতে বিহুনামবোৰ কণ্ঠস্থ হৈছিল। এনেকৈ গোটেই চ’তৰ মাহটো
বিহু মাৰিছিল। তেতিয়া বিদ্যালয়-মহাবিদ্যালয় দুৰৰে কথা। সাধাৰণ পাঠশালাও নাছিল।(দুই
এখন টোল হয়তো আছিল)সেইকাৰণে পঢ়া–পৰীক্ষা এনেকুৱা কথাবোৰো
নাছিল। একেবাৰে নিচিন্ত আজৰি সময়। সেইকাৰণে আবেলি পৰত ঘৰৰ পৰা নিলগলৈ গৈ নিচিন্ত
মনে বিহু মাৰিছিল। বিহুমৰা ডেকা-গাভৰুসকলৰ মনবোৰ ফৰকাল আৰু জীপাল আছিল। ঘৰত পঢ়িবলৈ
আছে, কালিলৈ চাকৰিলৈ যাব লাগিব তেনেকুৱা কথাবোৰ তেতিয়া
নাছিল।গোটেই ৰাতিটো বিহু মাৰিছিল।

এপৰ দুপৰি কৰি ৰাতি পাৰে হব! আমাৰ বিহুত আমনি নাই;
ৰাতিৰ পৰে পৰে ফেঁচাই কুৰুলিয়াই! আমাৰ বিহু ভাঙোতা নাই।
পাচলৈ পাচলৈ ৰাতি বিহু চাবলৈ সম্ভ্ৰান্ত ঘৰৰ ব্যক্তিও আহিছিল
নিশ্বয়। তলৰ বিহু গীতটিয়ে তেনে এক বাৰ্তা প্ৰেৰণ কৰে। গীতটি নিশ্বয় ১৯০১ চনৰ পাচত ৰচনা কৰা।
কাৰণ সেইখিনি সময়তহে অসমলৈ সণ্ঢালনিকৈ কাৰাচিন তেল আহিছিল।

ই বোলে বৰুৱা সি বোলে বৰুৱা! বৰুৱা কেহেলৈ গল;
তেলৰ চাকি হাততলৈ বৰুৱানীক লগত লৈ! ৰাতি বিহু চাবলৈ গল।
*****
এতিয়া আৰু আমি এৰি অহা দিনৰ সেই পৃথিৱীখন কেতিয়াও নাপাওঁ। অথচ
আমি অতীতৰ দৃষ্টিৰে বৰ্তমানক চাব বিচাৰো। আমাৰ সংস্কৃতিৰ স্বকীয় ৰূপ হেৰাইছে বুলি
কাৰোবাৰ ওচৰত আক্ষেপ কৰো। কাৰোবাক দোষাৰোপ কৰিব বিচাৰো। কিন্তু কাক দোষাৰোপ কৰিব
বিচাৰিছোঁ৷

সংস্কৃতিয়ে সদায় গতি সলায়। কিন্তু তাৰ মাজতে সংস্কৃতিৰ কিবা এটা
নিজস্ব স্বৰূপ থাকে। বিহু চোতালৰে হওক বা গছতলৰে হওক, তাৰ
এটি স্বকীয় বৈশিষ্ট্য আছিল। শ শ বছৰৰ অনুশীলনৰ অন্তত বিহুনামৰ সুৰ আৰু বিহু নাচৰ
ভঙ্গিমাই এক নান্দনিক ৰূপ পৰিগ্ৰহ কৰিছিল। সেই বিশিষ্ট ৰূপটোক কালক্ৰমত পৰম্পৰা
আখ্যা দিয়া হ’ল। এতিয়া প্ৰশ্ন হয় বিহুৰ সেই পৰম্পৰাগত স্বকীয় স্বতঃস্ফুট আবেদন
ক’ৰবাত হেৰাই থাকিল নেকি· এইযে হেৰাল বুলি ভবা হৈছে,
প্ৰশ্ন হয় সেয়া বাৰু অতীতৰ দৃষ্টিৰে বৰ্তমানক বিশ্লেষণ কৰাৰ বাবে
হৈছে নেকি বাৰু· অতীতত এটা সময়ত চ’তৰ মাহৰ ৰাতিবোৰত
অৰণ্যৰ কাষত বা জনবসতিৰ পৰা নিলগত বিহু মৰা হৈছিল, আৰু
তাৰ পাছত চোতালত হুঁচৰি গোৱা হৈছিল। দুয়োটা পৰম্পৰাৰে সামান্য হ’লেও পাৰ্থক্য আছে।
কাৰণ হুঁচৰি পুৰুষৰ এক গাম্ভীৰ্যপূৰ্ণ আনুষ্ঠানিক অনুষ্ঠান। যাক গৃহস্থৰ চোতালত এক
বিশিষ্ট নিয়মেৰে পৰিৱেশন কৰা হয়। য’ত দৰ্শক থাকে। য’ত গৃহস্থই বিহুৱা দলক যথাবিধি
আদৰি নিয়াৰ নিয়ম থাকে। য’ত পৰিৱেশনৰ অন্তত গৃহস্থই সভক্তিৰে সেৱা কৰি বিদায় দিয়াৰ
নিয়ম থাকে। হুঁচৰি আৰম্ভ কৰে এক বিশিষ্ট শৈলীত ৰচনা কৰা পদ-ঘোষাৰে। পদ-ঘোষাৰ অন্তত
কোনো কোনো অঞ্চলত পুৰুষৰ গাম্ভীৰ্যপূৰ্ণ ‘লহৰি নাচ’। লগত সংগত কৰা হয় বিশেষভাৱে
ৰচনা কৰা ঢোলৰ বুঢ়া চাপৰ, কছাৰী চাপৰ ইত্যাদি চেও। তাৰ
পাছত সকলোৰে বাবে গ্ৰহণযোগ্য প্ৰকৃতিমূলক বিহুনাম। তাৰ লগতে আহিল মণিকোঁৱৰৰ গীত,
ফুলকোঁৱৰৰ গীত, পগলা পাৰ্বতীৰ গীত
ইত্যাদি আখ্যান গীতৰ কিছুমান শাৰী। অৱশ্যে চোতালৰ বিহুতো প্ৰেম, মিলন আৰু বিৰহৰ বিহুনামো গায়।

আৰু তাহানিৰ চ’তৰ বিহু · তাহানিৰ চ’ত-মাহৰ ৰাতিবোৰত ডেকা-গাভৰুৱে পৃথকে পৃথকে আপোনমনে নিজৰ
মাজতে প্ৰেম, মিলন আৰু বিৰহৰ বিহুগীত গাইছিল আৰু নাচিছিল।
কোনো কোনেও তাৰ মাজতে নিজৰ প্ৰেয়সী নিৰ্বাচন কৰিছিল। সেয়া আছিল এজাক যৌৱনদীপ্ত
ডেকা-গাভৰুৰ স্বতঃস্ফুৰ্ট আনন্দ প্ৰকাশৰ এক অনানুষ্ঠানিক অনুষ্ঠান। সেয়া কেৱল নিজৰ
মাজতে আৱদ্ধ আছিল।তেওঁলোকে যি গাইছিল সেয়া আছিল হূদয়ৰ একান্ত অনুভৱ।তেওঁলোকৰ সমস্ত
ধ্যান-ধাৰণাত প্ৰকৃতিৰ গছ-লতিকা,ফুল-ফল, নদ-নদী, জান-জুৰি,চৰাই-চিৰিকটিয়ে
এক বিশিষ্ট স্থান অধিকাৰ কৰিছিল। যি গাইছিল যি ৰচিছিল সেয়া আছিল হূদয়ৰ তাগিদা। তাত
টকা পইচা বিনিময়ৰ কথা নাছিল।

এতিয়াও মানুহ প্ৰকৃতিৰ লগত একাত্ম হ’ব পাৰে। পিছে সময় এতিয়া
তেতিয়াৰ দৰে ‘নিচিন্ত সময়’ নহয়। কাৰণ তেতিয়া ভঁড়ালত ধানমুঠি আছিল, বাৰীৰ ঢাপত আম, কঁঠাল, লিচু, পনিয়ল, জামু,
আমলখি আছিল। বাৰীত উভৈনদীকৈ শাক-পাচলি আছিল। ঘৰৰ ওপৰ-চাঙত আলু,
কোমোৰা, ৰঙালাও আছিল। সেইকাৰণে নিচিন্ত।
নিচিন্ত আছিল সমুখৰ সময়। এতিয়া সেই সামাজিক পটভূমি নাই। এতিয়া উদ্যোগ আহিল,
ব্যাপকভাৱে বাণিজ্য আহিল, চৰকাৰী-বেচৰকাৰী
অনেক অনুষ্ঠান-প্ৰতিষ্ঠান আহিল। মানুহ হৈ পৰিল চাকৰিমুখী। তেতিয়া বেচিভাগ মানুহেই
বস্তু উৎপাদন কৰিছিল বছৰটোৰ বাবে। এতিয়া টকা উপাৰ্জন কৰে মাহটোৰ বাবে। তেতিয়া খেতি
কৰি বছৰটোলৈ খাদ্য সম্ভাৰ গোটাই লোৱাৰ পৃথিৱী, এতিয়া টকা
সৰ্বস্ব পৃথিৱী। তেতিয়া আপোন ইচ্ছাত বিহু মাৰিবলৈ ওলাই আহিছিল আৰু এতিয়া বিহু
মাৰিবলৈ কোনোবা দুজনমানে আগভাগ ল’ব লগা হয়। তেতিয়া সাধাৰণ মানুহৰ দুবেলা দুমুঠি
যোগাৰ হ’লেই হ’ল। এতিয়া দুবেলা দুমুঠি যোগাৰ হ’লেই নহ’ব।
বেংক বেলেন্স লাগিব। কাৰণ অসুখ-বিসুখৰ কথা আছে, সন্তানে
ডাক্টৰ-ইঞ্জিনীয়াৰ ইত্যাদি পঢ়াৰ কথা আছে, চট্ দিয়া ঘৰ
নিৰ্মাণ কৰাৰ সপোন আছে, চাৰিচকীয়া কিনাৰ বেংকৰ কিস্তীৰ
কথা আছে। সেইকাৰণে এতিয়া কৰচন কনুৱা বা ডৰিক চৰাইৰ গান শুনি কাৰোবাৰ অনুভৱত টোকৰ পৰিলেও সেয়া
তাহানিৰ দিনৰ দৰে হ’বনে নহয় সেয়াও এক প্ৰশ্ন হৈয়ে ৰ’ব।

আকৌ আগৰ প্ৰশ্নলৈ ঘূৰি আহো। বিহুৰ স্বকীয় বৈশিষ্ট্য হেৰাই গ’ল
নেকি· এই প্ৰশ্ন তেতিয়াৰ পৰা উত্থাপন হ’ল যেতিয়া বিহু
মঞ্চলৈ আহিল। বিহু মঞ্চলৈ আহিল ঠিকেই। ই কিন্তু এটা-দুটা বছৰতে অহা নাই। মঞ্চ
বিহুৱে শতিকা অতিক্ৰম কৰিবলৈ আৰু হয়তো বেছি বছৰ নাই। ইতিমধ্যে ৰাজহুৱা স্থানত
উদ্যাপন কৰা বিহুৱে এতিয়া শতিকা অতিক্ৰম কৰিছে। (চতিয়াৰ মাধুৰী অাঁঁহতৰ তলৰ বিহুৰ
শতবৰ্ষ ২০১৮ চনত উদ্যাপিত হৈছে।) ক্ৰমাগতভাৱে আহি আহি অসমত এতিয়া ২০২০ চনত মঞ্চ
বিহু বা বিহু সন্মিলনৰ সংখ্যা ২০০০ৰ অধিক হ’ল। বিহু সন্মিলনৰ সংখ্যা বছৰে বছৰে
যিদৰে বাঢ়ি আহিছে, ঠিক একেদৰেই চোতালৰ বিহুৰ সংখ্যা বছৰে
বছৰে বিভিন্ন কাৰণত কমি আহিছে। কিন্তু এতিয়াও চোতালৰ বিহু আছে। এতিয়া চোতালত বিহু
মাৰিবলৈ বা হুঁচৰি গাবলৈ সেই সকলেই বেছিভাগ ওলাই আহে, যিসকল
হয়তো কৃষিৰ লগত জড়িত আৰু অতীতত চোতালত বিহু মাৰিছিল। হয়তো দুৰ্ভাগ্যৰ কথা, তেখেতসকলৰ লগত সঙ্গ দিবলৈ গাঁওখনত বিহু গাব জনা আৰু ঢোল বজাব জনা
ডেকাসকল প্ৰায়ে আগবাঢ়ি নাহে বা নাহিল। অহা হ’লে গাঁওসমূহত চোতালৰ বিহুৱে এতিয়াও
গিজ্গিজাই থাকিলহেঁতেন। চোতাল বিহুৰ পৰম্পৰা চোতালতে থাকিহেঁতেন। প্ৰজন্মৰ পাছত
প্ৰজন্মই চোতালৰ বিহুৰ স্পণ্ডন জীয়াই ৰাখিলেহেঁতেন।

চোতালৰ বিহু কমি আহিল। চোতালৰ বিহু কমি অহাৰ আৰু হয়তো বহুত
সামাজিক কাৰণ আছে। ইয়াৰ ভিতৰত প্ৰধান কাৰণ হ’ল– কৃষি কাৰ্যত নিয়োজিত হৈ থকা মানুহৰ
সংখ্যা আৰু জনমূৰি কৃষি ভূমিৰ পৰিমাণ। বিহু মূলতঃ কৃষিজীৱি সমাজৰ বিনোদনৰ এক
প্ৰধান উৎসৱ আছিল। এটা সময়ত মানুহে যিমান ইচ্ছা সিমান মাটি উলিয়াই (মাটি ভাঙি)
খেতি কৰিব পাৰিছিল। জনসংখ্যাও একেবাৰে কম আছিল। বৰ বেছি দূৰলৈ নগৈ ১৯০১ চনলৈ যদি
উলটি যাওঁ, তেতিয়া দেখিম অসমৰ জনসংখ্যা আছিল মাত্ৰ ৩২.৮৯
লাখ। ধৰা হওক, ৩৩ লাখ। এতিয়া ২০১১ চনত অসমৰ জনসংখ্যা হ’লহি ৩ কোটি ১২ লাখ।
এই সময়চোৱাৰ প্ৰায় মাজৰ বৰ্ষ ১৯৭৪-৭৫ চনত অসমৰ নাঙলেৰে কৃষি কৰা ভূমিৰ পৰিমাণ আছিল ২৯০০০০০ হেক্টৰ (২১৬৩৩৭১০ বিঘা।অসমত এক হে”ৰ
সমান ৭.৪৫৯৯ বিঘা) আৰু খেতি নকৰা মাঠিৰ পৰিমান ২৪১৪০০০ হেক্টৰ (১৮০০৮১৯৯ বিঘা)। অৰ্থাৎ
অসমত ১৯৭৪-৭৫ চনত খেতি কৰা আৰু নকৰা মুঠ মাটিৰ পৰিমাণ ৫৩১৪০০০ হেক্টৰ বা
৩৯৬৪১৯০৯ বিঘা। ধৰা হওক, অসমৰ প্ৰতিটো পৰিয়ালৰ সদস্যৰ সংখ্যা ১৯০১ চনত কমেও ৮ জন। (২০১১ চনৰ
হিচাব মতে প্ৰতি পৰিয়ালত সদস্যৰ সংখ্যা ৪.৮৭ জন), তেন্তে
১৯০১ চনত অসমৰ মুঠ পৰিয়ালৰ সংখ্যা হ’ব প্ৰায় ৪.১৩ লাখ। এতিয়া প্ৰতিটো পৰিয়ালৰ মাজত
কৃষিভূমি যদি ভাগ কৰা হয়, তেন্তে ১৯০১ চনত অসমৰ প্ৰতিটো
পৰিয়ালৰ নাãলেৰে খেতি কৰা ভূমিৰ পৰিমাণ হ’ব ৫১.৪বিঘা । এই
হিচাব অশোধিত, কাৰণ ইয়াত ১৯৭৪ চনৰ কৃষিভূমিৰ পৰিমাণ ধৰা
হৈছে। অশোধিত হ’লেও ২০১৬ চনত মুঠ খেতি কৰা ভূমিৰ পৰিমান হ’ল ২৮২৭৩২৬ হে“ৰ(২১০৯১৫৫৪ বিঘা)। অৰ্থাৎ ৪০ বছৰত প্ৰায় সমানেই আছে, বঢ়া নাই।) ।

অসমৰ ২০১৬ চনৰ শষ্যভূমিৰ আৰু অন্যান্য পৰিমান চোৱা হওক।
মুঠ শষ্যভূমি ঞ্চ ২৮২৭৩২৬ হেক্টৰ ঞ্চ ২১০৯১৫৫৪ বিঘাা ৩৫.৮১ ক্ম বিঘা
অন্য কৃষি অনুপযোগী ভূমি ঞ্চ ৫২৮৭৫৭ হেক্টৰ ঞ্চ ৩৯৪৪৪৭৪ বিঘা ৬.৭০ ক্ম বিঘা
অন্য খেতি নকৰা মাটি ঞ্চ ১২৭০৭১৮ হেক্টৰ ঞ্চ ৯৪৭৯৪২৯ বিঘা ১৬.১০ ক্ম বিঘা
অনুৰ্বৰ কৃষি অনুপযোগী ভূমি ঞ্চ ১১৮৯৫৯৯ হেক্টৰ ঞ্চ ৮৮৭৪২৯০ বিঘা ১৫.০৭ ক্ম বিঘা
জল আবদ্ধ ভূমি ঞ্চ ৬৩৭১৫ হেক্টৰ ঞ্চ ৪৭৫৩০৮ বিঘা ০০.৮০ ক্ম বিঘা
অৰণ্য অঞ্চল ঞ্চ ১৮৫২৬৭৬ হেক্টৰ ঞ্চ ১৩৮২০৭৭৮ বিঘা ২৩.৪৬ ক্ম বিঘা
সামাজিক বনানিকৰণ ঞ্চ ১১৪২৬ হেক্টৰ ঞ্চ ৮৫২৩৭ বিঘা ০০.১৫ ক্ম বিঘা
জলাশয় ঞ্চ ১৫১৬৫৩ হেক্টৰ ঞ্চ ১১৩১৩১৬ বিঘা ১.৯১ ক্ম বিঘা
মুঠ ঞ্চ ৭৮৯৫৮৬৮ হে”ৰ ঞ্চ ৫৮৯০২৩৮৬ বিঘা ১০০.০০ ক্ম বিঘা
(উৎস-Statistical Hand Book of Assam 2018-19)
এই তালিকা এই কাৰণেই দেখুওৱা হৈছে যে
১৯৭৪ চনৰ তুলনাত ২০১৬ চনত মুঠ খেতিকৰা ভূমিৰ পৰিমান একেই আছে। এতিয়া (২০১১
চনত)অসমত মুঠ পৰিয়ালৰ সংখ্যাই হ’লগৈ ৬৪ লাখ। সাধাৰণ অশোধিত হিচাবত এতিয়া
পৰিয়ালমূৰি নাãলেৰে খেতি কৰা
কৃষিভূমিৰ পৰিমাণ হ’ব ৩.৩০ বিঘা। যদি কেৱল গ্ৰাম্য জনসাধাৰণেই খেতি কৰে বুলি ভবা
হয়, তেন্তে ২০১১ চনত
অসমৰ গ্ৰাম্য জনসংখ্যা ২.৬৮ কোটি। আৰু গ্ৰাম্য জনসংখ্যাৰ পৰিয়ালৰ সংখ্যা ৫৪.২১
লাখ। তেনে হিচাবত গ্ৰাম্য জনসাধাৰণ পৰিয়ালমূৰি খেতি কৰা মাটিৰ পৰিমাণ হ’ব মাত্ৰ
৩.৮৯ বিঘা (ধৰা হওক
প্ৰায় চাৰি বিঘা)। চৰকাৰী হিচাবমতে অসমৰ ৮৪ শতাংশ খেতিয়কৰ কৃষিভূমি আৰু অন্যান্য ভূমি
সকলো মিলাই জনমূৰি মাটিৰ পৰিমাণ ৭.৫ বিঘা। ইয়াৰ ভিতৰত ৯০ শতাংশ কৃষিভূমিতে
জলসিঞ্চনক ব্যৱস্থা নাই। ইবোৰ কাৰণতে এতিয়া খেতিয়কসকলেই সমাজৰ আটাইতকৈ অভাৱগ্ৰস্থ
। অথচ খেতিয়কসকলেই আছিল আমাৰ সাতামপুৰুষীয়া সংস্কৃতিৰ ধবজাবহনকাৰী আৰু
ধাৰাভাস্যকাৰ। গছতলৰ বা চোতালৰ বিহুৰ চালিকা শক্তি আছিল শইচ সোণোৱালী পথাৰখন; আৰু ভঁড়ালত সাঁচি থোৱা মেটমৰা
ধানমুঠি আৰু মাহ-সৰিয়হ আদি। এতিয়া পৰ্যাপ্ত পৰিমাণৰ কৃষিভূমি নাই।তথাপিও কৃষকে
ইচ্ছা কৰিলে উন্নত প্ৰযুক্তি আৰু শষ্যবীজেৰে দুই তিনিতৰপীয়া খেতি কৰি উৎপাদন বৃদ্ধি কৰিব
পাৰে।, এতিয়া ২০২০ চনত ১৯০১ চনৰ তুলনাত
অসমৰ জনসংখ্যা বিভিন্ন কাৰণত দহগুণ বৃদ্ধি হ’ল। কৃষি কৰা
ভূমিৰ পৰিমাণ বাঢ়িছে যদিও দহগুণ বাঢ়িছেনে। কাৰণ আমি জানো পৃথিৱীখন নিৰ্দিষ্ট আকাৰৰ,
মাটিৰ পৰিমাণ স্থিৰ। অসমীয়া মানুহৰ সৰলতা আৰু কাম নকৰা এলেহুৱা
স্বভাৱৰ সুযোগ লৈ অসমলৈ বহিঃৰাজ্য আৰু বহিঃৰাষ্ট্ৰৰ পৰা বহুতো মানুহ আহিল। সলনি
হ’ল অসমৰ জনগাঁঠনি। বহুতো বহিঃৰাজ্যৰ পৰা অহা মানুহে অসমত নানান বাণিজ্য মাটি স্থাপন
কৰিলে। কিন্তু স্থাপন নহ’ল দ্ৰব্য উৎপাদন কৰিব পৰা বৃহৎ উদ্যোগ।

এতিয়া অসমৰ সমাজখন কেৱল কৃষিজীৱি মানুহৰ সমাজ নহয়। এতিয়াৰ
সমাজ-কৃষক, উদ্যোগ আৰু বাণিজ্য ক্ষেত্ৰৰ শ্ৰমিক, চৰকাৰী-বেচৰকাৰী চাকৰিয়াল, ব্যৱসায়ী আৰু
নিবনুৱা ডেকা-গাভৰুৱে ভৰি থকা সমাজ। অতীতৰ লগত বৰ্তমানক তুলনা কৰিলে বিপৰীত ছবি
এখন মনৰ মাজত ভাঁহি উঠিব। এতিয়া অসমলৈ বাহিৰৰ পৰা চাউল, আলু,
বিভিন্ন-জাতৰ মাহ, পিয়াজ, নহৰু, চেনি,মচলা,সকলোধৰণৰতেল,নিমস,আদি
খাদ্য-বস্তু আৰু ৰাসায়নিক-সাৰ,চিমেন্ট,টিংপাট,লোৰসামগ্ৰী,বিভিন্নহাৰ্ডৱেৰ
বস্তু,Îপইন্ট,বাৰ্মিছ,পাম্প,পাইপ,টিউব-ৱেল,চাইকেল,মটৰ-চাইকেল,কাৰ,
ট্ৰাক,Îট্ৰকটৰ,পাৱাৰ-টিলাৰ,কােপাৰ, অলংকাৰ,ষ্টেশ্বনাৰী-দ্ৰব্য,
কম্পিউটাৰ,মোবইল-ফোন,বিভিন্ন যন্ত্ৰপাতি আদি নিত্য ব্যবহাৰ্য বস্তুসমূহ নাহিলেই নহয়। এসপ্তাহ বাহিৰৰ পৰা অসমলৈ খাদ্য
বস্তু নাহিলে অসমত হাহাকাৰ হয়। অথচ এটা সময়ত অসম আছিল স্বাবলম্বী। সেইকাৰণেই বিহুত
আছিল স্বতঃস্ফূৰ্ত আনন্দ।

এতিয়া চোতালত বিহু মাৰিবলৈ তাহানিৰ দৰে স্বাৱলম্বী কৃষক সমাজ এখন
হয়তো পোৱা নাযাব। সকলো মানুহৰে কৃষি আছিল বাবেই সকলোৰেই অফুৰন্ত অৱসৰৰ সময় আছিল।
এতিয়া হয়তো তেনেকুৱা অৱসৰৰ সময় কমি আহিল, আৰু সামাজিক
পটভূমি বেলেগ হ’ল। কিন্তু অসমীয়া মানুহৰ তেজত থকা বিহুৰ উদ্দীপনা ক’ত হেৰাব। নতুন
ৰূপত আকৌ চৰ্চা হ’ল বিহু।

নৱ প্ৰজন্মই এতিয়া অতি নিষ্ঠাৰে ঢোল শিকিছে, বিহুনামৰ চৰ্চা কৰিছে, পেঁপা শিকিছে, গগনা শিকিছে। একেলগে ডেকা-গাভৰু গোট খাই বিহুৰ আখৰা কৰিছে। সেয়া কিন্তু
চোতালত বিহু মাৰিবৰ বাবে নহয়। চিধাচিধি কথা; মঞ্চত বিহু
মাৰিবৰ বাবে। এই সত্যক ঢাকি ৰাখিব নোৱাৰি। নৱ প্ৰজন্মই অতি নিষ্ঠাৰে বিহুৰ আখৰা
কৰিছে। অঞ্চলে অঞ্চলে বিহুৰ দল গঠন কৰিছে। নিজৰ দলটি জাকত জিলিকা কৰিবলৈ ক’ৰবাৰ
পৰা বিচাৰি-খোচাৰি ভাল ভাল বিহুনাম গাব পৰা নামতী গোটাইছে, ঢুলীয়া গোটাইছে, ভাল নাচিব পৰা নাচনিযনাচনী
গোটাইছে। প্ৰয়োজন সাপেক্ষে টকা-পইচাৰ চুক্তিও কৰিছে। ধুনীয়াকৈ বিহুৰ সাজপাৰ চিলাই
লৈছে। পৰম্পৰাগত বিহুনাম সংগ্ৰহ কৰিছে। আৰু অতি শৃংখলিতভাৱে বিহুনাচ,বিহুনাম আখৰা কৰিছে।কেনেকৈ আৰম্ভ কৰিব আৰু কেনেকৈ শেষ কৰি তাৰ এটি
আৰ্হি লিখিতভাৱে প্ৰস্তুত কৰি লৈছে। অথবা পূৰ্বতে এখন সংগীতালক্ষ্যৰ নিচিনা
পাণ্ডুলিপি প্ৰস্তুত কৰি লৈছে। ক’ত কি কি বিহুনাম গাব,কেনেকুৱা
সুৰত গাব,কোনখিনিত কেনেকৈ নাচিব,নাচোতে
বিহুৱা সকলৰ অৱস্থান কি হ’ব,কোনখিনিত কি ঢোলৰ ছেও পৰিব,ক’ত ক’ত ঢোলৰ ছেওসমূহৰ ভাঙনি হ’ব, ক’ত পেঁপা বজাব, পেঁপা বজাওঁতে ঢোলত কি চাপৰ পৰিব, পেঁপা বজাওঁতে কেনেকৈ নাচিব, সেইখিনি সময়ত
বিহুৱাসকলৰ অৱস্থান কি হ’ব সেই সকলোখিনি আগতিয়াকৈ আখৰা কৰি লৈছে। তাৰ বােব যথেষ্ট
ব্যয়ো বহন কৰিছে। এক পৰিশীলিত অনুশীলন।কোনোবাই হয়তো ক’ব-‘একেবাৰে কৃত্ৰিম’।কিন্তু
বিহুনাম,বিহুনাচ,ঢোলৰ ছেও-চাপৰ
সঠিক ভােবই পৰিেবশন কৰিছে। হয়, এনে পৰিেবশনত আমি হয়তো
তাহানিৰ চোতালৰ বিহুৰ স্বতঃস্ফূৰ্ত প্ৰকাশ নেদেখিব পাৰোঁ, কাৰণ এয়া এক পূৰ্বপৰিকল্পিত পৰিৱেশন। এই পৰিৱেশনৰ মাজলৈ বাহিৰৰ কোনো
সদস্য প্ৰৱেশ কৰিব নোৱাৰে অথবা দলটিৰ ভিতৰৰ পৰাও হথাৎ কোনো প্ৰস্থান কৰিব নোৱাৰে।
তেনে কৰিলে ছন্দপতন হ’ব। আৰু সেই উদ্দেশ্যে তেওঁলোকে বিহুৰ আখৰা কৰা নাই।
তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য স্পষ্ট, তেওঁলোকে কেৱল
মঞ্চতে বিহু মাৰিব। (প্ৰয়োজন সাপেক্ষে হয়তো দুই-এঘৰ বিত্তমান গৃহস্থৰ চোতালত
আগতিয়াকৈ জনাই বিহু মাৰিব।) মঞ্চত বিহু মৰাৰ প্ৰধান উদ্দেশ্য দুটা– প্ৰথম বিহু
সন্মিলনসমূহে আগবঢ়োৱা নগদ ধনৰ পুৰস্কাৰ লাভ কৰা আৰু দ্বিতীয় বেলেগ বেলেগ মঞ্চত
বেলেগ বেলেগ দৰ্শকৰ আগত বিহু প্ৰদৰ্শন কৰা। তেনেকৈ হলেও নৱ প্ৰজন্মই অতি শৃংখতিভাৱে বিহুৰ সাধনা কৰিছে। কেনেকৈ পদ-ঘোষা
গাব, পদ-ঘোষাত পদ-চালনা কেনেকৈ কৰিব, কেনেকৈ লহৰী নাচিব, কোন কেইটা যোজনা গাব,
কোনকেইটা ঢোলৰ চাপৰত কেনেকৈ লহৰী নাচিব, মঞ্চত কেনেকৈ দলীয় অৱস্থানৰ শৃংখলা
ৰক্ষা কৰিব ইত্যাদি নিয়াৰিকৈ সাধনা কৰিছে। কণ্ঠৰ চৰ্চা কৰিছে। গুৰুৰ ওচৰলৈ গৈ ঢোল
শিকিছে। নিজে শিকাখিনি আনকো শিকাবলৈ ইউ-টিউবত ঢোলৰ পাঠ্যক্ৰম আৰম্ভ কৰিছে।

বিহুনাম, বিহুনাচ, ঢোলৰ চেও চাপৰৰ ধাৰাবাহিকতা অক্ষুণ্ণ ৰাখিবলৈ নৱ প্ৰজন্মই কৰা দ্বিতীয়
প্ৰচেষ্টাটো হৈছে বিহুৰ কৰ্মশালা। য’ত বিভিন্ন প্ৰকাৰৰ বিহুনাম যেনে- যোজনা,
জোঙাৰ, জাতনাম, যোৰানাম, ফকৰা, কাহিনীমূলক
বিহুগীত, নেজলগা বিহুগীত ইত্যাদিৰ অনুশীলন কৰাইছে। য’ত
বিহুনাচৰ বিভিন্ন ভংগীমা, বিভিন্ন পাক, বিভিন্ন হাতৰ ভংগিমা, বিভিন্ন ভৰিৰ খোজ
দেখুওৱা হৈছে। এইযে ভৰিৰ খোজবোৰ– খুজি খুজি, খুপি খুপি,
খোপ-খুপি বা খুটুক জাপ, খুপি খুপি বা
মকৰা বুলনি, শালিকি বুলনি, গিৰিপ-গিৰিপ
বা খুন্দনা থেকেচনি বা বুঢ়ী থেকেচনি, পানী পৰুৱা বা পৰুৱা
বুলনি,ধেনু ভিৰিয়া বা চালনি ঘূুৰুৱা ইত্যাদিবোৰ অনুশীলন কৰোৱা হৈছে।সেইদৰে
অনুশীলন কৰোৱা হৈছে হাতৰ ভঙ্গিমাসমূহ যেনে-ঘেৰ্ হাত বা ম’হৰ শিঙা হাত, চিলনি পাখি হাত, শগুণ পাখি
হাত, পখিলা পাখি হাত, পানীখেলা বা ঢৌ খেলা হাত, উঁইচিৰিঙা হাত, অগাপিচা হাত, এখন হাত ককালত এখন হাত খোপাৰ পাচফালে ৰখা হাত ,দুয়োখন হাত খোপাৰ পাচফালে ৰখা হাত ,¸ দুয়োখন
হাত ককালৰ পিচফালে ৰখা হাত,বাওঁ হাতৰ তলুৱাৰ আঙুলিত
সোঁহাতৰ তলুৱাৰে ধৰি সৰু গাঁঠি ভঙা হাত ইত্যাদি। অনুশীলন কৰোৱা হৈছে বিহুনাচৰ পাকসমূহ যেনে- টাকুৰি পাক ,চেৰেকি পাক, ৰৈ-পাক গৈ-পাক বা টুকুৰা পাক, হাউলি পাক,
ভাঁউৰী পাক, এখন হাত কঁকালত আৰু এখন হাত
খোপাৰ কাষত ৰাখি পাক, দুয়োখন হাত খোপাৰ কাষত ৰাখি পাক ইত্যাদি। শিকোৱা বিভিন্ন শৰীৰৰ
ভঙ্গিমাৰ নাচসমূহ যেনে- বুঢ়ী নাচ, মাগুৰ নাচয ৰিপ্ফৌ-ফিফৌ নেউল নাচ, গিৰিপ গিৰিপ
নাচ, ঢেঁকী নাচ, লহৰি নাচ ইত্যাদি।
সৃষ্টি হৈছে এচাম বিহু নাচনী, ঢুলীয়া আৰু বিহুনাম গাব পৰা
প্ৰজন্ম।

এটা কথা পিছে সঠিক ভােব মনত ৰাখিব যে কোনো কাৰণতে বিহু-পৰিেবশন
শৈলী ইয়াৰ শিপাৰ পৰা আঁতৰি যাব নোৱাৰিব। কোনো কাৰণতে বিহুৰ সাজপাৰ আ-অলংকাৰৰ
ক্ষেত্ৰত আেপাচ হ’ব নোৱাৰিব। বিহুৱে হয়তো শিপাৰ খোপনিতে অধিক শক্তিশালীভাৱে ইয়াৰ ধাৰাবাহিকতা পূৰ্ণ গতিত
ৰক্ষা কৰিব।