সমস্যাজৰ্জৰ অসম
ৰঞ্জুমণি মহন্ত
   এমুঠিমান দেশ
বাদ দি সমগ্ৰ পৃথিৱী আজি ক
ৰনাত আক্ৰান্ত৷ সৰ্বত্ৰতে মৃত্যুৰ
বিভীষিকা৷ আমেৰিকা
, ইটালি, স্পেইন আদিৰ দৰে দেশো কৰনাত
বিধ্বস্তপ্ৰায়৷ আজিৰ তাৰিখত ভাৰতবৰ্ষই ক
ৰনাক্ৰান্তৰ
সংখ্যাৰ ফালৰ পৰা বিশ্বৰ ভিতৰত চতুৰ্থ স্থান অধিকাৰ কৰিলে৷ মৃতকৰ সংখ্যাই
 এই মুহূৰ্তত প্ৰায় ,১৯৫ চুলেগৈ৷ এহাতে লক্‌ডাউন পৰ্যায়ক্ৰমে উঠাই থকা হৈছে আৰু আনহাতে ৰাজ্যত  ভিড১৯ৰ গণসংক্ৰমণৰ আশংকা কৰা হৈছে৷ শেহতীয়াকৈ জানিব পৰা
মতে
, দেশত পুনৰ লক্‌ডাউন ঘোষণা কৰাৰ কথাৰো গুণাগঁঠা চলি আছে আৰু সেই মৰ্মে ১৬ আৰু ১৭ জুন
তাৰিখে দেশৰ প্ৰধানমন্ত্ৰীয়ে মুখ্যমন্ত্ৰীসকলৰ লগত আলোচনাত মিলিত হ
ব৷ হয়তো গুৱাহাটীত পুনৰ লক্‌ডাউন হব৷
   কিন্তু অসমৰ
কথা যেন সুকীয়া৷
 ক’ৰনাৰ বাহিৰেও অন্যান্য বিপদেও চাৰিওফালৰ পৰা  বেৰি ধৰিছে অসমক৷ কৰনাৰ সন্ত্ৰাস, ক্ডাউন আৰু তাৰ পাৰ্শ্বক্ৰিয়া হিচাপে  সৃষ্টি হোৱা  অৰ্থনৈতিক মন্দাৱস্থা, দাৰিদ্ৰতা, নিবনুৱা সমস্যা আদিয়ে ৰাজ্যখনক পিষ্ট
কৰি থকাৰ সময়তে ভূতৰ ওপৰত দানহ
 পৰাদি আহিল বাঘজানৰ তৈলখাদৰ বিষ্ফোৰণ আৰু অগ্নিকাণ্ড৷ কৰনাৰ বাবে বাৰু আমি প্ৰকৃতিকে দায়ী কৰিলোঁ৷ কিন্তু
বাঘজানৰ দুৰ্ঘটনাৰ বাবে
? ইয়াৰ বাবেতো দায়ী প্ৰকৃতি নহয়৷ ইয়াৰ
বাবে মানুহ দায়ী৷ মানুহৰ অবিবেচনা আৰু দায়িত্বজ্ঞানহীনতা দায়ী৷ কিন্তু যিসকলৰ
 অবিবেচনা আৰু দায়িত্বজ্ঞানহীনতা বাবে এই দুৰ্ঘটনা সংঘটিত হ, তেওঁলোকৰ কোনো ক্ষতি নহ, ক্ষতি হ
বাঘজানবাসীৰ৷ ক্ষতি হ
ল জীৱন দিবলগীয়া হোৱা দুজনকৈ অইলৰ নিৰীহ কৰ্মচাৰীৰ পৰিয়ালৰ৷ আজি
বাঘজানবাসীয়ে যি ক্ষতিৰ সন্মুখীন হ
, চৰকাৰ অথবা অইল কৰ্তৃপক্ষই দিয়া আৰ্থিক ক্ষতিপূৰণ’-এৰে সেই ক্ষতি পূৰ হোৱা সম্ভৱনে? পুৰুষে পুৰুষে তিল তিলকৈ গঢ়ি তোলা নদনবদন
একোখন ঘৰ
, ফলে-ফুলে  জাতিষ্কাৰ
একোখন বাৰী
, ক্ষতিপূৰণৰ টকাৰে পাৰিবনে আকৌ দুদিনতে
গঢ়ি তুলিব
? এই পৰ্যন্ত নিৰ্বাপিত নোহোৱা বাঘজানৰ
অগ্নিকাণ্ডৰ ফলত নিৰ্গত হোৱা বিষাক্ত গেছে বিপজ্জনকভাৱে প্ৰদূষিত কৰি তোলা বায়ু
সেৱন কৰিবল
গীয়া হোৱাৰ ফলত বাঘজানৰ জনসাধাৰণৰ
স্বাস্থ্যৰ প্ৰতি যি ভাবুকি সৃষ্টি হৈছে
, তাৰ জানো
কাহানিবা ক্ষতিপূৰণ হোৱা সম্ভৱ
? আজি বাঘজানৰ জল, স্থল, মানুহ, জীৱজন্তু, পশুপক্ষী, গছগছনি আদিৰ যি ক্ষতি হ, সেই ক্ষতি অপূৰণীয়৷ তথাপি চৰকাৰ আৰু
সংশ্লিষ্ট কৰ্তৃপক্ষই যি তৎপৰতাৰে
 বাঘজানবাসীৰ কাষত থিয় দিব লাগিছিল, সেই তৎপৰতা লোৱা দেখা নগ’ল৷ কিন্তু বিচাৰোঁ— বাঘজানবাসীক ন্যায় দিয়াৰ ক্ষেত্ৰত সকলো পক্ষ তৎপৰ হওক৷
   অসমত দিনক দিনে বাঢ়ি অহা আন এটা বিপদ হৈছে— মানুহৰ জীৱনৰ অনিশ্চয়তা, নিৰাপত্তাহীনতা৷ দিনক দিনে মানৱতাৰ বধ্যভূমি হৈ পৰা অসমৰ চাৰিওফালে ইটোৰ পাছত সিটোকৈ ঘটিব লাগিছে হত্যা, গণহত্যা৷ জীৱনৰ নিশ্চয়তা নোহোৱা হৈ পৰিছে দিনে দিনে৷ ঘৰৰ পৰা ওলাই যোৱা আপোনজন ঘূৰি আহি ঘৰ
নোসোমোৱা পৰ্যন্ত অনৰৱৰতে এটা দুঃশ্চিন্তা থাকে মনত৷
 কোনেও কাকো সহ্য নকৰে৷ কিয় হৈছে এনেকুৱা? পুৰুষৰ পাছত পুৰুষ বাস কৰি অহা নিজৰ জন্মভূমিখনৰে এঠাইৰ
পৰা এঠাইলৈ যাবলৈ ভয় লগা হৈছে কিয়
? হয়, এইবোৰ প্ৰতিৰোধ কৰিবলৈ আমাক এখন শক্তিশালী আইন
লাগে৷ আমি বিচাৰোঁ অভিজিৎ
,
নিলোৎপল, দেৱেন দত্ত, সনাতন ডেকা, পৰাগজ্যোতি নেওগ, দেৱাশিস গগৈ আৰু ৰিতুপৰ্ণ পেগুয়ে ন্যায় পাওক৷
কিন্তু এইটো কথা
ধুৰূপ যে মাথোঁ আইনৰ সহায়ত এনে ধৰণৰ
ঘটনাসমূহ ৰোধ কৰিব পৰা নাযায়৷ মানুহৰ পৰিৱৰ্তিত মানসিকতা আৰু ব্যৱহাৰৰ অন্তৰালত
থকা আৰ্থ-সামাজিক অথবা ৰাজনৈতিক কাৰকসমূহ চিনাক্ত কৰি দূৰ কৰিব নোৱাৰিলে এইবোৰ
সমস্যাৰ সমাধান হ’ব সুদূৰপৰাহত৷