জীয়নীয়া জেঠীনেজীয়া

সুপ্ৰকাশ ভূঞা
ই যে দিনে-ৰাতিয়ে  লাওখোলাটোৰ ভিতৰত কিবা এটাই  খুন্দিয়াই  থাকে— তেজ, সিৰা, ধমনী— ইয়াৰ ভিতৰত কিবা এটা সন্তৰ্পণে ঘূৰি
ফুৰে— কিন্তু এই
 
কিবাটো কি মিথুৱেও সঠিককৈ নাজানে। নজনাকৈয়ে তাই সপোন দেখে। মাছৰ
চকু দুটা
, উৰি থকা পখিলা, অপেস্বৰী
এজনী
, সোণালী ড্ৰেগন, নিফুট কথা এষাৰি—
এই
  বিবোৰ জী 
উঠিব খোজে। তেজ-মঙহেৰে‍প্ৰাণ পাই
  উঠিবলৈ হাহাকাৰ কৰি উঠে। আৰু
মিথু অসহায় হৈ পৰে। শ
ব্দবোৰ গৈ গৈ কৰ’বাত যেন ৰৈ যায়গৈ।
  কিবা
এটা চুবগৈ নোৱাৰে। ভিতৰৰ ক
থাবোৰকে
  ইহঁতে সঠিককৈ  আঁকিব নোৱাৰে।

    তথাপি মিথু থমকি ৰ’ব নোখোজে।
আচলতে নিজে
  নৰলে
বাহিৰৰ একোৱে মানুহক থমাই থ’ব নোৱাৰে। হাতৰ মুঠিতে চাই তাই দেশ এখনৰ কথা শুনে।
প্ৰশাসনে তাত চিনেমা-নিৰ্মাণ নিষিদ্ধ কৰিছে। তাৰ পাছতো
, কোঠাৰ
ভিতৰত
, গাড়ীৰ ভিতৰত লুকাই
  লুকাই  মানুহে  চিনেমা কৰিছে। খুঁচৰি খুঁচৰি তাই দুই-এখন চায়।  আৰু তাই দেখে— ভিতৰৰ সেই কিবা
এটা
, দিনে-ৰাতিয়ে ঘুৰ্মুটিয়াই
  থকা কিবা এটা, তুচ্ছ যেন লগা প্ৰাত্যহিকতাৰ পৰা  কেনেকৈ উঠি আহিছে। মানুহৰ সেই
অদম্য শক্তিৰ কি নি
ৰ্বিকাৰ উত্থান!
 

   মিথুৱেও
চিনেমা কৰাৰ সপোন
 দেখে। তাই খুঁচৰি ফুৰে দেশ-বিদেশ,  চুক-কোণ! খুঁতি-নাতি মাৰি জানিব খোজে সকলো। নিজে নিজে। হাতৰ মুঠিলৈ পৃথিৱীখন গুচি আহিছে বুলি কোৱা কথাষাৰ কিমান দূৰলৈ সঁচা— যদিহে হাতত টকা
নাথাকে
! টকাতো গছত নালাগে! তাৰ
কাৰণে যদি এটা ছিষ্টেমত সোমাই দিবলগীয়া হয়— য’ত ক
থাবো
নিজৰ হৈ নাথাকে।
বেলেগ ৰূপ লৈ লয় কথাবোৰে। তাই তেনে হ’বলৈ নিবিচাৰে। সম্পূৰ্ণ স্বাধীনভাৱে এখন চিনেমা কৰাৰ সপোন দেখে,
 
য’ত সকলো ভাষা অতিক্ৰমি কথাবোৰ মানুহৰ
বুকুত খুন্দিয়াবগৈ পাৰে। টে
ক্‌ন’লজিক লৈ তাই
  ইমান মূৰ নঘমায়— ই  চকুত চমক লগায় ঠিকেই, কিন্তু প্ৰাণ? আত্মা?
মিথুৱে ভিতৰৰ
ছবিকেইখন আঁকিব খোজে। প্ৰথমে ভাষা এটা দিবতো লাগিব। ফটা কাগজে
  তাইৰ টেবুলত দ’ম বান্ধে। অ’ত-ত’ত
পৰি থকা কাগজৰ
  লাৰুবোৰে কাহিনীটোলৈ বাট এটা কাটিব খোজে।
   মিথুৱে বুজে  চিনেমা এখন কেৱল কাহিনী এটা  নহয়। কিন্তু এই কাহিনীটো  তাইৰ সপোনৰ চিনেমাখনলৈ এটা আৰম্ভণি বিন্দু হ’ব পাৰে। এনেকৈ  ঘঁহি-পিহি  থাকিলে মূৰকত গৈ কাহিনীটো তাইৰ
মনঃপুত হ’বগৈ পাৰে। ভিতৰত
কঢ়িয়াই ফুৰা অসংলগ্ন
ছবিকেইখনেৰে
  তাই  কাহিনীটো থিয় কৰায়…
এদিন
আবেলি পথাৰে পথাৰে কোবাকোবিকৈ আহিল ফুলমতী। আহিয়ে পাকঘৰত
সোমাই
  ভাত
এমুঠি অমৃত খোৱাদি খালেহি। পাটৰাণী হৈ
সেই চিনালীয়া নটৰ জী ফুলেছৰীয়েই বোলে বুজাই গ’ল— আইৰ
ঘৰখনৰ মান আন একো নহয়। আনকি ৰজাৰ
কাৰণেও! প্ৰেমদাৰ এই
  কথাষাৰকে কাৰোবাক ক’বলৈ  মন গ’ল। পিছে  ওচৰত কোনো নাই। 
মনে খন্দা
পুখুৰীৰ পানী খাবলৈ পাই জানো
সৱে? কাষতে থকা, সৰুপানী
চুবলৈ যতনাই
  দিয়া
মাটিৰ টেকে
লিটো লাখুটিডালেৰে
একে মাৰতে ভা
ঙি
 পেলাবলৈ মন গ’ল তেওঁৰ। লাখুটিডালো দূৰৈত। 
   চকু দুটা
জপালেই
  যমদূত
এটাই
  আহি
কয়হি— ঐ
বুঢ়ী, তোৰ লগৰ পাতলী বুঢ়ী যে, মৰিল নহয় কালি। পদুমীও মৰিল। তইহে আছগৈ।
তেওঁ চকু দুটা পিৰিকিয়াই চালে। সেইটো দেখোন যমদূত নহয়
, তেওঁৰ
নাতি এটাহে
! লাখুটিডাল ক’ত? একেমাৰে
এইবাৰ তাৰ ওপৰৰ টেকেলিটো
ভাঙিবলৈ মন গ’ল তেওঁৰ।
  মূৰকত মুখৰ পৰা গোঁগোঁৱনিহে বাহিৰ হ’ল। কথাষাৰে তেওঁক এছাৰি-থুকুচি তেনেই জেলজেলীয়া কৰি পেলালে। ভৰি-পঠানৰ আঁঠুৱামাৰিৰ ফিচিকি উৱলি যোৱা
কপাহী চাদৰখনত নিজকে
 
দেখা যেন লাগিল । তেওঁ শিয়ৰি উঠিল।
 
কিমান দিন? এৰা, ইয়াৰো  হয়তো বহু আগতেই। পুতেকে যেতিয়া
সুধিলে
, ‘‘বৌতি বৈ, এবাৰ মামাৰ ঘৰৰ পৰা আহোঁগৈ।’ তেওঁৰ মন-প্ৰাণ নাচি উঠিল। পাছ পাকতে উদাসীনভাৱে তেওঁ
  কৈ পেলালে,
‘‘নেযাওঁ দে। কিনো চামগৈ এতিয়া।’
 তেনেকৈ কৈ তেওঁ এক প্ৰকাৰৰ আনন্দ
পালে—পাশৱিক আনন্দ
!
  এইবাৰ তেওঁ 
আগতে নকৰা কাম এটা কৰিলে— বিছনাৰ ওপৰতে নেজে-গোবৰে লেটি লৈ বহি
  থাকিল। কোঠাটোলৈ ভুমুকিয়াই আটায়ে
পলাই পত্ৰং দিছে। গোটেই কাৰবাৰটোত তেওঁ কিবা এটা অ
দ্ভু
  ৰস পালে।
    তাৰ পাছত ঘৰৰ চিলিঙত বগাই 
থকা জেঠী এটালৈ চাই
 
তেওঁ
 
ব্ৰিটিছৰ দিনৰ পখিলা এজনী খেদি ফুৰিলে!
ফাদাৰ-ছিষ্টাৰেৰে পৰিৱেষ্টিত মিশ্যনে
ৰি
  স্কুল এখন— যীচুৰ ছবি—
প্ৰাৰ্থনা…
ৰিণি ৰিণি ভাহি
আহিল স্কুল ছুটীৰ পাছত গোৱা সেই সংগীত—
   ‘‘নমস্কাৰ
বাইদেউ
সৱে ঘৰে যাওঁ।
   কাইলৈ ৰাতি
পুৱা আনন্দে আহিম।।’
   তেনেকৈ উভতি
অহাৰ পাছত এদিন পখিলাজনী উৰুলি এজোলোকাৰে স’তে পালেগৈ
  আন্ধাৰ কোঠা এটা— সানন্দে
ৰাতিপুৱা স্কুললৈ যোৱাৰ সিমানতে ইতি— বছৰ নৌঘূৰোঁতেই
, আগতকৈ
দীঘলীয়া উৰুলি এলানিৰে নুৰীয়াই-ঘূৰীয়াই
  এইবাৰপখিলাজনী উঠিল চৈ দিয়া
গৰুগাড়ী এখনত। নতুন ঘৰখনৰ মানুহজন
পেছাত সোণাৰী। দিনাব‍োৰ হুৰুস হুৰুসকৈ খহিল। পখিলাৰ পাখি সৰিল আৰু লেটাত সোমাল। বাৰ বছৰ
মানেইতো এযুগ
!
  চাৰিটা
সন্তানৰ লগ দি স্বৰ্ণকাৰৰ প্ৰস্থান। আহিল বছৰ
, গ’ল বছৰ।
এদিন চিমেণ্ট ফে
ক্টৰিত সোমোৱা ডাঙৰ ল’ৰাটোক কামৰ জেগাৰ পৰা বাহিৰে বাহিৰে আনি চোতালত শুৱাই
  দিলেহি। তেওঁ একো ততকে ধৰিব
নোৱাৰিলে।
  স্কুল
এৰি আনটো ল’ৰাই চিলাইৰ কাম শিকিলে মাৰোৱাৰীৰ দোকানত।
 
 খৰকৈ দৃশ্যবোৰ সলনি হৈ থাকিল। 
 …আৰু
আহি আহি উলিয়াই দিয়া সৰুৰ ঘৰৰ চোতালত তেওঁ
  নিজকে বিচাৰি পালে! কোলাত নাতি এটা লৈ ৰ’দ পুৱাইছে। পুতেকেই কৈছিল— জোঁৱাইৰ অগাধ সম্পূৰ্ণ,
তাকে ভিতৰুৱাল, মাটিৰ তলৰ কলহ,
  ধন-সোণ, ৰজাদিনীয়া বাচন-বৰ্তন!
   এতিয়া ক’তা, 
একোতো নাই।
 
   নিচাত থকা
মানুহৰ
  কথাৰ
কি সঁচা-মিছা
!
   সৰুৱে একো
নকয়। উভতি আই উলাইছিল। জমক উঠিলেহে ৰক্ষা নাই। এতিয়া তাইৰে
  চকু দুটা মাটিলৈ তোলা  মাছৰ নিচিনা।
সিদিনা তাই খঙতে গৰুজনী লৈ পথাৰৰ ফালে গুচি
গৈছিল। গৈ দেখিলে দলঘাঁহেৰে ভৰি থকা
ডোঙা এটাত এজাক মাছে
ল্‌খলাই আছে। হাতেৰে ঘাঁহকেইজোপা আঁতৰাই পানীডোঙাৰ পৰা মাছেবাৰ তুলি গামোচাখনেৰে মোনা এটাৰ দৰে
মেৰিয়াই ল’লে।
  ঘৰলৈ
আহি গামোচাৰ
টোপোলাটো তেওঁৰ হাতত তুলি দি সৰুৱে ক’লে,
‘‘কৈ দিবি। মই ৰাজী আছোঁ।’’— কৈয়ে তাই
পুখুৰীৰ ফালে দু
প্‌দুপাই গুচি গ’ল। টোপোলাটো মেলি তেওঁ শিয়ৰি উঠিল— মাছেবাৰে
পিন্ধিছে  নেকি সৰুৰ চকু দুটা
?
নে সৰুৱে মাছৰ চকু দুটা
পিন্ধি
ল’লে?
   তেতিয়াৰে পৰা
তেৱোঁ যেন এজনী বৰশিত লগা মাছ হ’ল
!
   নিচা খাই
জোঁৱাই তাল-মাতাল হৈ নাথাকে পুতেকৰ দৰে। সেয়ে জোঁৱাই বা
নিত উঠিছিল। পিছে সৰুৰ লগতহে
নিমিলে কোনোফালে
, অকল বয়সেৰেই নহয়। তিৰাশীৰ সময়ত স্কুলৰ
পৰা আন্দোলনত গৈ সৰুৱে পুলিচৰ মাৰ খাইছিল আৰু জোঁৱায়ে সেই
  আন্দোলনৰ বিৰোধ কৰি অপদস্থ
হৈছিল। মুঠতে আৰৈতকৈ উখোৱা চৰা। সেয়ে মাজে মাজে
  খা-খৰিয়ালত ঘৰ গুচি বাঁহতল হয়। 
    সিদিনা চ’তৰ চৌফলীয়া দুপৰেবলা। সৰুৱে
দাইলত মৰা ফোৰণৰ ম
হ্‌মহীয়া গোন্ধ এটা বিয়পি পৰিছে। নাতিনীজনীক
হাতত ধৰি ধৰি আখৰ লিখিবলৈ শিকাই আছিল। আটাইকেইটাই
পঢ়া-শুনাত ভাল।
  পিছে   খাই-বৈ উঠি
উগাৰ মাৰোঁতেই
  হুৱাদুৱা।
কি বা হ’ল
!
 
— ‘‘থোৱা
ঠাইত গহনাখিনি নাই দেখোন।
’’ সৰু বিতত-বাউলী। চাৰিওফালে
ৰৌজাল
-বৌজাল। বাৰীৰ শুকান পাতেবাৰ লুটিয়াই-বগৰাই
  তাই  চকুৰে বাট নেদেখা হ’ল। নখ-বাছনি‍চোৱালে। উঠিলো চোৰ। সৰুৰ ককায়েকৰ পুতেক। ভালেতেহে, তাই পথাৰত থকা দিনতে আহিছিল সি। এসপ্তাহমান থাকি গৈছিল। সৰু ঘৰ ওলালগৈ।
সি ঘৰতো নাই। তাইৰ ঘৰৰ পৰা গৈ সি ঘৰলৈ
  যোৱাই নাই বোলে!
ঘূৰি আহি সৰুৰ
গাত জমক উঠিল। অমৰা গুটি হেন চকুৰে তেওঁলৈ চাই
  ক’লে— ‘‘তয়ে তাক গহনাখিনি দি পঠালি। পোনাতি নহয় 
জানো তোৰ? ঘৰতেতো আছিলি তই।
তেওঁ সৰুলৈ
পলক
নেপেলোৱাকৈ
চালে আৰু সেই মাছৰ চকু দুটা পিন্ধি ল’লে। জলকা লাগি বহাতে বহি
  থাকিল।
দুদিনমানৰ
পাছতে পুতেকে আহি তেওঁক লৈ গ’লহি।
— ‘‘আই,
তোৰ ভাল হ’ব। ল’ৰা-ছোৱালীকেইটাক ডাঙৰ কৰ
ভালকৈ।
  ইহঁতহে  তোৰ আচল গহনা।’’— কৈ 
তেওঁ গাড়ীত উঠিল।
   ঘৰলৈ আহি তেওঁ
দেখিলে— নাতিয়েকে
বোৱাৰী আনিছে— কাণত তিৰ্‌বিৰ তিৰ্‌বিৰ৷ ৰাতি মদ খাই 
নাটক—
 
খেদাখেদি, গালি-গালাজ। হ’বই, আৰু হ’ব
 
তহঁতৰ! এই
  তিৰ্‌বিৰ
গহনাও গৈ
বেপাৰীৰ হাতত পৰিবগৈ।
  তেওঁ বিৰ্‌বিৰায়।
   ৰাতি তেওঁ লাগ-বান্ধ নোহোৱা সপোন কিছুমান দেখে। তেওঁ দেখে—
ৰ’দত চুলি মেলি
অপেস্বৰী এজনী নৈৰ পাৰত বহি আছে। গালত হাত
দি বহি থকা ছোৱালীটিৰ অনামিকাত এটি দীঘল জেঠীনেজীয়া
  আঙঠি জিলিকি আছে। লাহে লাহে
আন্ধাৰ
 নামিল। জেঠীনেজীয়া
আঙঠিটোৱে‍শিয়া
মেলিলে। তেওঁ একো ততকে ধৰিব নোৱাৰিলে
, আঙঠিটো নে
ছোৱালীজনী এটা পাখি লগা
, কাঁইটীয়া জন্তু হ’ল। জন্তুটোৰ
পিঠিত কাঁইট
, মুখেৰে জুই ওলায়। আগতে কৰ’বাত দেখিছিল এইটো,
টিভি বাকচতে চাগে। পাখি কোবাই গুচি যোৱা জন্তুটোৰ পাছে পাছে
  গলা সোণৰ ধাৰ এটাই খেদি ফুৰে।
খেদি খেদি এপাকত গৰম সোণৰ
সুঁতিটোৱে‍জন্তুটোক পুতি পেলালে৷ সি থিতাতে এটা মূৰ্তি হ’ল। সোণৰ।
পাছদিনা
তেওঁ জলকা লাগি
 
বহি থাকিল।
 
অপেস্বৰীজনী কোননো?
 
হওঁতে সোণাৰী
মানুহজনক দীঘলকৈ সোণৰ
আঙঠি এটা পিন্ধিবলৈ মন থকাৰ কথা  তেওঁৰো কোৱা  নহ’ল।
আৰু  এদিন তেওঁ বিছনা ল’লে। আটায়ে চাই
গ’লহি। কেৱল
  সৰুৰ
বাদে।
   তাই আহক। তেওঁ
বাট চাই আছে।
   তেওঁৰ শকতি
কমি আহিছে। মাত হৰি আহিছে। উশাহ ল’বলৈকে কষ্ট হৈছে তেওঁৰ। পুৱাই শেহাই শেহাই
  কৈছে তেওঁ— সৰুক মাত। মই তাইক
চাওঁ। হাত দুখন ওপৰলৈ তুলি তেওঁ অনুনয় কৰিছে। সৰুক কাষত বহুৱাই তেওঁৰ ক’বলৈ মন
গৈছে—
‘সেই যে তোক কৈছিলোঁ, ল’ৰা-ছোৱালীকেইটাই আচল গহনা বুলি। ভুল কৈছিলোঁ। তোৰ কাৰণে সঁচা হ’লে ভালেই। মই ভুল
বুলি হাতে হাতে গম পালোঁ। ইহঁত দেখোন কোনোৱেই মোৰ
আপোন
নহয়—
  নিজে  নাখাই খুৱালোঁ, নিপিন্ধি পিন্ধালোঁ। কি পালোঁ? চাবি, ইহঁত যমদূত— এদিন চমতাৰে কোবাব। টেঁটুৰ গুৰিলৈকে এসোপা গিলি অবাইছ
মাতেৰে গহনা পিন্ধাব। কাক ক’বি
, কোনে শুনিব? শেহত গৈথৈ ইহঁত কোনো আপোন নহয়। নিজৰ মনটোহে আচল গহনা। মনৰ কথা শুনিবি। যতন ল’বি। যি ভাল লাগে
পিন্ধিবি
, খাবি, ফুৰিবি।’ এই কথাকেইটাকে কৈ যাব নোৱাৰিলে তেওঁ যেন মৰি
শান্তি নেপাব।
 
   দুপৰীয়াটো গৈ
আছে। কিয় অহা নাই সৰু
?
 ‘‘সৰু,
সৰু। সৰু অ’…’’ তেওঁ শেহাইছে।
   দুৱাৰৰ সিপাৰে পুতেকে লগৰীয়া মোহনক কৈছে,
‘‘তয়ে নহ’লে বুঢ়ীক কৈ দে, সৰুৰ ঘৰলৈ গৈছিলোঁ বুলি। তাই নাহে। বুঢ়ী
ঢুকালে খ
ৰ দিবলৈতো যাব লাগিবই। খালি তই এতিয়া কৈ দে, তাই নাহে বুলি। বোলো পথাৰৰ কামত লাগিছে। তেতিয়াহে যদি বুঢ়ীৰ জী ওলায়।’’— মোহনে বন্ধুৰ কথা কাণ পাতি শুনিলে আৰু দুৱাৰলি দেই
  মুখত সোপা দি বিছনাখনৰ কাষত
ৰ’লগৈ।
— ‘‘খুৰীটি,
সৰুৰ ঘৰলৈ মই গৈছিলোঁ নহয় পুৱাই। তাই পথাৰৰ কামত লাগিছে। এতিয়া
আহিব নোৱাৰে
বোলে৷
’’
 — ‘‘তাই
তেনেকৈ
ক’লে?’’
 ‘‘হয়, খুৰীটি। পাছতহে আহিব বোলে৷ খেতি সামৰি।’’
   তেওঁৰ বিছনাৰ
ওপৰৰ
চিলিঙত জেঠী
দুটাই খেদাখেদি কৰি ফুৰিছে। শনাহীকেইটাই নামাতিলেই
  হয় গোসাঁ!  হঠাৎ
জেঠী এটা চ’তিৰ পৰা
আঁঠুৱামাৰিত খুন্দা খাই তেওঁৰ বিছনাৰ
ওপৰতে পৰিল।
নিঃশব্দে সি লৰ মাৰিলে যদিও তাৰ
  ছিগা নেজডাল বিছনাৰ ওপৰতে ছট্‌ফটাই 
থাকিল।
   তাইক সেই
কথাকেইটা কৈ যাব পৰা হ’লে…
! কথাকেইটাই 
শিল এচটা হৈ তেওঁক হেঁচি আছে। খেকাৰ গিলাদি
কথাকেইটা তেওঁ
  সাউতকৈ   গিলি থ’লে। পেটৰ কথা লুকুৱাই থোৱাত সদায়ে ভাল আছিল তেওঁ। কেৱল
মনতে ক’লে সদায়ে কোৱাৰ দৰে
, ‘‘ভাল হওক তোৰ।’’
   আৰু মোহনলৈ
চাই তেওঁ শেহাই শেহাই
   মাত লগালে, ‘‘তেনেহ’লে তাই নাহে? তাই মোক তেজিলে। হ’ব দে। ময়ো তাইক তেজিছোঁ।’
   সেই মুহূৰ্ততে
কঁপি থকা জেঠীৰ নেজডালৰ পৰা দীঘলকৈ
আঙঠি পিন্ধা অপেস্বৰী হেন ছোৱালীজনী  তেওঁৰ সমুখলৈ  উঠি আহিল।
   সবিস্ময়ে তেওঁ
আৱিষ্কাৰ কৰিলে—
  এইজনী
দেখোন সৰু
!
     
   সদ্যহতে মিথুৰ
কাহিনীটো ইমানতে শেষ। পৰৱৰ্তী সময়ত ইয়াৰ যোগ-বিয়োগ হ’ব পাৰে। ইয়াৰ
শ্রী-চেহেৰা তেনেই বদলিবও পাৰে।
   চিনেমা আৰু
গহনাৰ কথা যিহেতু একেলগে ওলাল
, মিথুৰ দুজন চিনেমা-নিৰ্মাতালৈ মনত পৰিল। দুয়োৱে বোলে চিনেমাৰ কাৰণে ঘৰৰ 
ঘৰিণীৰ গহনা বেচিছিল, বন্ধকত থৈছিল।
গহনাখিনি মানে কেৱল সৌন্দৰ্যবৰ্ধনৰ বস্তুৱে নহয়
, ঘৰখনৰ
এটা উমৈহতীয়া
সম্পত্তিও! তাইৰ মনত পৰিল, মাক সৰুমায়ে
 
প্ৰায়ে দুখ কৰিছিল, ল’ৰা-ছোৱালীকেইটাৰ পঢ়া-শুনাৰ কাৰণে খৰচ কৰিবলৈকো ডকাইতটোৱে এপদ গহনা থৈ নগ’ল বুলি।
 
   মিথুৱে বাৰু
তাইৰ
সপোনৰ
চিনেমাখনৰ কাৰণে
, গহনা এখিনি থকা হ’লে, সেয়া বিক্ৰী কৰিব পাৰিলেহেঁতেন নে? নাই,
এই সপোন
 
হাতৰ তলুৱাৰ পুৰাতন সেই
  কণমানি মাছটোৰ দৰে বাঢ়ি গৈ আছে; 
ফিছা কোবাই কোবাই
 
ডাঙৰ হৈ গৈ আছে। গহনা এখিনি থকা-নথকা কথাটো তাইৰ চিনেমাখনৰ বাটৰ
প্ৰতিবন্ধক হ’ব নোৱাৰে।
 
   তথাপি এই
গোটেই
  কথা-কাণ্ডটোৱে হয়তো কিবা এটা
মাত্ৰাৰ
সৃষ্টি কৰে, যি
  মিথুৰ মনত  খুন্দিয়াই  আছে!
ভ্ৰাম্যভাষ: ৯৯৫৪৯০৫৫৮৭