স্পৰ্শ
হৰেকৃষ্ণ ডেকা

স্পৰ্শ এক ভাষা আৰু যোগাযোগ হয়
চকুত যি ফুটি উঠে ক্ৰমে আগবাঢ়ে,
আৰু স্পৰ্শত আচল হৈ পৰে
এই ৰসায়ন নুবুজাকৈ অনুভৱ হয়
ওচৰৰ পৰা আমি দুয়ো দুয়োলৈ চাই আছিলোঁ,
অথচ আমাৰ মাজত বহুত দূৰত্ব
আমাৰ মনত হেঁপাহ,
কিন্তু ভৰি জঠৰ
লাহে লাহে আমাৰ মগ্ন চাৱনি
আঁতৰিবলৈ লৈছিল
দুয়োটা শৰীৰে আবুৰ টানিবলৈ সাজু হৈছিল
তেতিয়াই আমাৰ দুয়োৰে ছাঁই
ইটোৱে সিটোক স্পৰ্শ কৰিলে
ৰবিশংকৰৰ চেতাৰৰ গুঞ্জন
আৰু আল্লাৰাখাৰ তবলাৰ লহৰ
একেলগে কৰবাৰ পৰা বৈ আহিল
আৰু আমাৰ বন্দী চাৱনিত নাচিবলৈ ধৰিলে


লবংগলতা

অনুভৱ তুলসী

লবংগলতা, অ’ লবংগলতা
ছাই বৰণীয়া এই চহৰৰ
চাবুকৰ কোব কিয় সহিছ
ব’ল বৰঙাবাৰীলৈ যাওঁ
নাৰিকলৰ পাতৰ মাজেৰে
জোনৰ পিঠিৰ মৰা তেজ
দেখা মনত আছেনে
সাঁজ লগাৰ গাঁওখন  
হঠাতে শূলত উঠা
দবা-কাঁহৰ হুৱা-দুৱা
তই গ’লি নেকি পাহৰি
অ’ লবংগলতা
দাৱনীৰ পিনে দোঁ খোৱা  
ধান-কাঁচিয়ে ঢৌ তোলা
ভাটৌ পোৱালিৰ ঠোঁটত
বেলিৰ নাচোন চোৱা
আনন্দই নধৰে হিয়া
যাওঁ ব’ল বৰঙাবাৰীলৈ
হাতত পতাকা লৈ থকা
গুলী খায়ো খহি নপৰা
সঙ্গীনৰ খোঁচ খোৱা
দিন আৰু ৰাতিৰ
ধৰিবলৈ আল্-পৈচান
লবংগলতা
চমকা-ভমকা চহৰৰ ফুল
তাকে চাই চাই নেলাগ তধা
যাওঁ ব’ল বৰঙাবাৰীলৈ
তোৰ ভেঁটকলি পদুম বাটিত
কি লাই হালিছে কি লফা জালিছে
ছাই বৰণীয়া চহৰৰ চকুৰে
তই নেপাৱ দেখা
লবংগলতা
হাৰমতীৰ সঁজাল পাত    
দিক্ৰঙৰ ডকাৰ উকি
পিছলাৰ শিলঘঁৰিয়া
মাজৰ চাপৰিৰ সাধু  
তামোলবেপাৰী কোন
পোৰামাটিৰ চৰুমুখীয়া চহৰীয়াৰ
ৰৌজাল-বৌজাল মাতৰ
ছলাহী হাতৰ কলাপী মুদ্ৰা
এফলীয়া কৰি থৈ
যাওঁ ব’ল বৰঙাবাৰীলৈ
লবংগলতা অ’ লবংগলতা
বহুবেলি হ’ল
আৰু পলম কৰিলে
আয়ুসূতাত লাগিব আউল

গ্ৰন্থমেলাত ৰাধা
নীলিম কুমাৰ
সেইজনী ৰাধা
গ্ৰন্থমেলাত ঘূৰি ফুৰিছে
কিতাপৰ স্তূপবোৰৰ ফাঁকে
ফাঁকে
কিতাপবোৰৰ পৃষ্ঠাত, কিতাপবোৰৰ
ভাৰত, বেক্‌ কভাৰবোৰত
তাই বিচাৰি ফুৰিছে কানাইক
মুখৰ ভিতৰতে ভোৰ্‌ভোৰাইছে তাই,
এইখন কি গ্ৰন্থমেলা কানাই
নাই
 
তাইৰ সৰু পিংক্ কালাৰৰ চেল্‌ফনত
তাই খৰধৰকৈ মেছেজ লিখিছে
তই ক
কানাই
?
তই ক?
গ্ৰন্থমেলালৈ মাতি তই
নিজেই
নাহিলি কিয় হা?
মই কবিতাৰ কিতাপ মেলি
চাইছোঁ

উপন্যাসৰ কিতাপ মেলি চাইছোঁ
আনকি গল্পৰ কিতাপবোৰো
মেলি চাইছোঁ
 উকা,
সকলো উকা পৃষ্ঠা, এটাও আখৰ নাই কোনো পৃষ্ঠাত
তই নাথাকিলে পৃথিৱীখনেই
উকা কানাই
 
তই কবি মই পাগলী বুলি
হয় যদি হয় পাগলী, হয় যদি হয় …”
সেইজনী ৰাধা
গ্ৰন্থমেলাত ঘূৰি ফুৰিছে
কিতাপৰ স্তূপবোৰৰ ফাঁকে
ফাঁকে
 চকুৰে কাতৰ আঙুলিৰে
কৈ লিখিছে মেছেজ
আজি ৰাতি হব ফৰিংফুটা জোনাক
আমাৰ প্ৰেমৰ দৰে উপচি পৰা
জোনাক
তই আহিবি কানাই
দুয়ো যমুনাৰ বালিত পৰি
থাকিম
 
মই যে তোৰ বুকুৰ বালিত
কিমানবাৰ মৰিছিলোঁ
কিমানবাৰ তই মোক
জীয়াই তুলিছিলি
মোৰ চেঁচা চুলিবোৰ তই
আঁচুৰি দিছিলি, মোৰ চুলিৰ
জঁট ভাঙিছিলি, মোৰ
চেঁচা নখবোৰত তই
নেইল্‌পলি লগাই দিছিলি
টিক্‌টিকীয়া ৰঙা 
আজি আকৌ মৰিম তোৰ বুকুৰ
বালিত
নতুবা নাচিম যমুনাৰ বালিত
তোৰ
হাতত ধৰি ঘূৰি ঘূৰি ঘূৰি
ঘূৰি
অজি ফৰিংফুটা জোনাক ৰাতি
আহিবি কানাই আহিবি আহিবি …”
ৰাধাই মাতিছে কানাইক
অৰু কানাই নাযাব, সেই কথা হবই নোৱাৰে!
কিন্তু আজি যে কানাইৰ
মূৰত ভাৰস্তখন
আজিয়ে কানাইৰ বাপেক
ঢুকাইছে
গ্ৰহ শ্মশানত আছে মুখাগ্নি
অঙঠাবোৰৰ পৰা বিচাৰি
বিচাৰি
নিবলৈ আছে অস্থি
তাৰ পাছত কোনোমতে থাকিব লাগিব
মাকৰ চকুলোৰ নৈত নোযোৱাকৈ
উটি
 
ৰাধাই মাতিছে কানাইক আহিবলৈ
ফৰিংফুটা জোনাক ৰাতি!
কানায়ে‍ লিখিছে
মৰমৰ ৰাধা,
কোনোপধ্যে তোক
লগ দিব নোৱাৰিম সোণজনী
মোৰ ঘৰত ঘোৰ অমাৱস্যা
নামিছে আজি  যদিও আমাৰ নামত
ৰাস পূৰ্ণিমাৰ ৰাতি
উত্তৰ লিখিছে ৰাধাই
অভিমানী আঙুলি
জানো দে তোক
ষোল্লশ হাজাৰ গোপীনীৰ লগত
ঘূৰি
পাহৰি ফুৰ মোক
মই জানো দে তোৰ ভোক
তোৰ বুকুত
ষোল্লশ হাজাৰ গোপীনীৰ খোজ …”
তোক ভাল পাবৰ বাবেই
ষোল্লশ হাজাৰ গোপীনীৰ
প্ৰেমৰ মাজেৰে যাব লাগে অ
কেৱল তোক পাবৰ বাবে ৰাধা
কেৱল তোৰ বুকুত অকণমান
ঠাই পাবলৈ
!
তোৰ বুকুত অকণমান ঠাই
দিবি
?
তোৰ বুকুত অকণমান ঠাই
দিবি ৰাধা
?”
সেইজনী ৰাধা
গ্ৰন্থমেলাত ঘূৰি ফুৰিছে
কানাইক বিচাৰি 

এৰা-এৰি

অলকেশ কলিতা



গেটখন তায়ে জপালে
আৰু ভিতৰফালে ৰ
চাতকৈ এবাৰ উলটি চাই
মই বিয়পাই দিলোঁ
বিচ্ছেদৰ মৃদু সুঘ্ৰাণ
তাইৰ হাঁহিটো চাগে ক্ৰমাৎ কলা কলাকৈ
খহি পৰিছে
আৰু মই লাহে লাহে আন্ধাৰ গাঢ় হৈ অহা দেখিছোঁ
মই এৰি আহিছোঁ
কিছুমান এঁৱা সূতাৰ জঁটত
এখন লাহী ৰাঁ:
প্ৰেম
এতিয়া ঘন জোপোহাৰে ভৰা তাইৰ বাগিচাখন
এন্ধাৰৰ মাজেৰে
মোৰ লগে লগে আহি আছে
ত কিছুমান ৰাতি ফুলা সুগন্ধি ফুল
ফুলি থাকিব শেষৰ ৰাতিটোলৈকে


মৰা মানুহ

কিশোৰ
বড়ো


ইয়াত ইমান ভ্ৰাম্যমাণ ভিৰ
জীৱিত হৈ এজনো জীয়াই থকা নাই


ভটিয়নি ভোটভোটিত ভেকুলী জাঁপ দি
জেঠীৰ মাত সাবটি‍ ঘড়ীৰ কাঁটাত ওলমি
সেই ভিৰৰ লগত যাবলৈ মোৰ সমূলি মন নাই


চকুমেলা অন্ধ গাঁওবুঢ়াৰ আখৰ আন্ধাৰ দেখা পুতেক গাঁওবুঢ়া
চোৰৰ চকু ফৰকাল পুতেক চোৰ
এনে নয়ন নোহোৱা নিয়মৰ নঙলা ভাঙিবলৈ
যাৰ হাতত হাত দুখন নাই
বুকুত হৃদয়খন ৰাখিবলৈ বুকু এখন নাই
সেই মৰা মানুহৰ লগত মই মৰি নাথাকোঁ


জাৰৰ জুহালত কাৰ শৰীৰ খৰি হৈ জ্বলে
পিতনিত পোত গৈ গঁড়ৰ ডিঙিলৈকে বোকা
কিতাপৰ পাতৰ তলত ময়ূৰৰ পাখি
গাড়ীৰ চেপাত লেৰেলা কুকুৰৰ মাতত মই নিজকে জুকিয়াই চাওঁ


দাৱনী কাঁচিয়ে কটা ধাননিৰ লেছেৰি বোটলা আঙুলি
ধানৰ ধমনী ধাৰণ কৰি
হেতাৰ বোকোচাত ভাত হৈ উঠাৰ কেঁচেলুৱা হেঁপাহক সাকাৰ কৰিবলৈ
জীয়ন দি জীৱনক জীয়াই তুলিবলৈকে মই জীয়াই আছোঁ

কবিতকৈ কবিতা মোৰ একান্ত অনুৰাগ

যি কবিতাৰ শব্দই মোক জগাই জীয়াই তোলে
পাছে মৰুভূমিৰ মৰীচিকাৰ বাহিৰে
তেনে মাতৰ মমতা যেন নাই
মৰা কবিৰ মৰা কবিতাই মোক মৰিবলৈ কয়

উশাহ বিলাবলৈ কোনেও গছ হৈ

ইয়াত জীয়াই থকা নাই
মৰুভূমিৰ বালিয়ে ইয়ালৈকে সামৰিব খুজিছে

এইবোৰ সকলো জানিও যিয়ে একোৱেই নাজানে

নিজৰ বাহিৰে যিয়ে একোৱেই জানিবলৈ ইচ্ছা নকৰে
নিজৰ চিকুণ ছাঁটোও যাৰ অচিনাকি
একুৱাৰিয়ামৰ পানীত সাঁতোৰা মাছ হৈ
যিয়ে সাগৰত সাঁতোৰা বুলি ভাবে
সেই মৰা মানুহৰ বেজিমুখে মোৰ কলিজা খুঁচি
কৈ থাকে— মৰ মৰ

মৰা মানুহে শ্মশানলৈ নাযায়

ইয়াতে শ্মশান পাতিব খোজে

যাৰ সকলো আছে
অথচ একো এটা নাই

তেনে মৰা মানুহৰ লগত মৰি থাকিবলৈ
সমূলি মোৰ মন নাই৷





ৰাতি বিষয়ক

খনিন্দ্র ভূষণ মহন্ত

স্মৃতিৰ পাদুকা পিন্ধি ৰাতিবোৰক
পাত পাত কৰাৰ পাছত
বুকুৱে খেপিয়াই ফুৰে
তন্দ্রালু দুনয়নৰ অঘৰী ঠিকনা

ৰাতি মানেই হাতী

ইকাটি-সিকাটি কৰিলেই
বিৰ্‌বিৰাই উঠে হুতাশনৰ লেলিহান ওঁঠ আৰু
উষ্মাৰ ধুমুহাই খহাব খোজে সোণসেৰীয়া মণিকোঠা
(
জনাই জানে, যিটো আনে নাজানে)

পোহৰক ভেঙুচালি কৰি
ৰাতিবোৰ জয়াল হয়

গোপন ঘাবোৰ লিৰিকি
মলঙা চকুবোৰ উখহে
শিলুৱা বাটটোৰ ওজন বাঢ়ে নে কমে!

এন্ধাৰৰ একাকিত্ব যাৰ আলফুল সাৰথি
তেনে প্রত্যেকজন লোক ভিতৰৰ পৰা নিঃসংগ
(
ৰাতিয়ে এই কথা জানে)

আপাততঃ মই এনে এটা ৰাতিৰ সন্ধানত আছোঁ
য’ত শূন্যতাৰ বাদে আন একো নাই
স্মৃতিও...

ভ্ৰাম্যভাষ নং : ৯১০১৯৮৬১৪০




মাটিৰ উশাহ
পৰাগজ্যোতি মহন্ত

মোৰ কবিতাত উঠক জী
সৰাপাতে ঢাকি থোৱা মাটিৰ উশাহ

মই মোক মাটি হ’বলৈ জী নিয়াম
মাটিৰ বুকুৰ পৰাই উঠি আহিম মাত এটা কাটি মাটিৰ মুৰুলীৰ
থোৰ মেলা শব্দৰ গজালিৰ পোহৰত
এৰাল দিয়া মোৰ হাত আৰু চকুৰ
দ্যোতনাত লালিত হ’ব মোৰ কবিতা

অসুখী মোৰ কবিতা অসুখী কবিৰ দৰেই

মোৰ কবিতা কুঁৱলীৰ সূতাৰে বোৱা চাদৰৰ দৰে শুভ্ৰ হওক
শৰতৰ সকলো অশান্ত নিৰ্যাস সঞ্চিত হওক মোৰ কবিতাত

মোৰ কবিতাত নিৰ্বা হওক সকলো ভোকাতুৰ কবিৰ ভোক!
কবিতাৰ লঘোনীয়া উদৰ৷

কবিতাই মোক সাৰে ৰাখিব খোজে ৰাতিৰ অসুখৰ দিনতো৷
মৰি মৰিও মই জী থাকিম৷
সকলো অনিদ্ৰাৰ ৰাতিৰ নিদ্ৰা
পথ্য হ’ব কবিতাৰ বাবে৷

উকা কাগজৰ নিৰ্যাসবোৰ
ইতিমধ্যে মই গ্ৰহণ কৰিছোঁ মোৰ জীৱনৰ লঘোনীয়া
দিনবোৰতো

মোৰ ওঁঠৰ পিয়াহত
কবিতাই বাকি দিয়ে শব্দৰ অম্লজ পাৰিজাত৷

আজি কবিতাই শুনক প্ৰতিটো জাতিৰ আৰ্ত স্বৰ
মাটিৰ বুকুত গজি উঠক শইচৰ সম্ভাৱনা

ভ্ৰাম্যভাষ: ৯১০১০৫১৯৬৭






ইউৰেনি‍য়ামৰ য়ুকেলিপ্টাছ



অনিতা গগৈ



.



এদিন হঠাৎ আকাশ
বালিচৰ



কুঁৱলীৰ চামিয়ানা
তৰি



মেঘ-মেহফিল



.



হাতৰ মূঠিৰে সৰকি
যোৱা এমূঠি বালিত



কাচৰঙী মৌনতাৰ
কফিন ভাঙি



মই বিচাৰিছোঁ
তৰা



.



শ্ব’পিংমলৰ এস্কেলেটৰৰ
উঠা-নমাত



গুঁজৰি আছে এজনী
বাঘিনী



তাইৰ বনপোৰা দৃষ্টিত



গঁৰালৰ পৃথিৱী



.



প্রিয় এটা শব্দৰ
অৰ্থবিহীনতাত বিতত বুদ্ধ



আমাজনৰ উদ্বাস্তু
শূন্যতাত



ছাইৰ ছাইৰেন বজাই



য়ুৰেনিয়ামৰ য়ুকেলিপ্টাছ



ভ্ৰাম্যভাষ: ৮৭৬১৮৩০৪৯৯




কাগজ
সাৰাংগপাণি কলিতা

উৰি থকা কাগজখিলাই
শূন্যত বুকু থৈছে
পৰজনমৰ সন্ধানত

বতাহধূলিবোকাপানীৰ
সুৰেৰে

সুন্দৰৰ পদূলিয়ে পদূলিয়ে
অপেক্ষাৰ আকাশ

দালিয়ে কলম হৈ
বৰষুণ চিয়াঁহীৰে
লিখি যায় কেঁচা মাটিৰ গোন্ধ

উকাবোৰে প্ৰাণ পাই উঠে
সেউজীয়া হব খোজা দৃষ্টিৰ দুৰন্তত

সাগৰৰ দৰে উত্তাল
তৰাৰ দৰে মায়া

মেৰুদণ্ডহীন কাগজখিলা
আজি গোলকীয় ৰজনীগন্ধা

গৰ্বচূৰ্ণ আদৰ্শৰ শুকুলা
হাজৰ জনৰ হাতে ঢুকি নোপোৱা

বহু পৃষ্ঠা
কেঁচা অথবা পকা বন্ধোৱা বজাৰত
ৰেকত ঠাক ঠাক

ঠিক সময়ত
সৰকি যোৱা কাগজখিলা

আজি জনতাৰ উচ্চতম প্ৰভা


কবিতা

ধ্ৰুৱাৰ্ক চৌধুৰী

তুমুল ব..ৰ..ষু..ণ
হিয়াভগা কান্দোন

চকুলো
কাৰ?


লুকাই খোৱা ফলৰ সোৱাদৰ
কথা
মাখন কলিতা
নতুনকৈ আৰু এতিয়া কাকো
ক’ব নেলাগে
লুকাই খোৱা ফলৰ সোৱাদৰ
কথা
খাদকৰ জিভাই থপিয়াই খোৱা
ফলৰ কথাও
ওখ জেউৰাও জঁপিয়ায় জুতি
পোৱা জিভাই
চল-চাতুৰিৰ বাটত ভাণ্ডকী
বৰ খৰখুজীয়া
কঁঠাল চোৰৰ আঠাই সাক্ষী
বোলা কথাষাৰ
পলকতে নস্যাৎ কৰি ভণ্ডে চৈধ্য সাক্ষীক
জুতি দিবলৈকে জিভাক কিমান
যে আয়োজন
ক’ত ক’ত কিমান যে নেপাতে
জাল
আইনেৰে বহল কৰে আইনৰ
সুৰুঙা
নিমিষতে কমাব পাৰে নাকৰ
দৈ
র্ঘ্যকো
মঙহেই মঙহৰ বৈৰী
জিভাৰ পানীৰ কাৰণ
জুইলৈ ভয় নকৰাই
গ্‌জিভিশ্বনিজ্‌ম’ৰ চিকাৰ হোৱাই
আত্মজাহৰ বাটকেই বোলে বাট
মৰণ কেৱল কাঠী-চেলেকাৰ
ক’ৰবাত ভগা ঘৰ এখনে উচুপে
ক’ৰবাত দুখুনী বুকু এখন
ভাগে
ক’ৰবাত সপোন এটা হেৰায়
ঘঁৰিয়ালৰ চকুপানীয়ে আমাৰ চকুত
অলপ জিৰণি লৈ
পাহৰণি কৰি গুচি যায়
সকলো।

পিতলৰ ৰাধা
ঋষভ
নাথ

কুঁৱলীয়ে ফুঁৱাই নুমুৱালে
জোনাকী পৰুৱাবোৰ
ঠিক তেনেতে ,
ৰাসৰ শেষ দোকানখনত
তয়ে নে অআঁকৰী!
তোৰেই আঙুলি লাগি
উভতি আহে সুহুৰি
ওঁঠ ঘূৰি ঘূৰি
কাটে হাঁহি

তেনে কানাই সঁচাকৈ সত্যৰ আধা
পোহৰৰ পিঠিত লুকোৱা ছাঁ
পিছে ৰাধা তই
নিঃকিন শিল্পীৰ
কি চৌখিন কল্পনা

দেখিছনে সেই নেদেখাখিনিত
নিয়তি বৈ বৈ
ৰৈ যোৱা এখনি নৈ

মৈথুন-বিচনী ভাঙি
আৰু নিদিওঁ দে শপতক পাখি
নপঠিয়াওঁ চিঠি সখি বতাহৰ হাতে
টোপনি কোঁচাই এবাৰ চা তই
সৰাপাতৰ সপোন ধোঁৱা

তোৰ চেঁচা গালে-মুখে
বুলালেই জুই
ক্ষমা কৰিব পৰিবিনে
মোৰ বেসুৰীয়া আঙুলিবোৰক?
এনেয়ে কি পানীৰ কৌস্তুভ পাঞ্চজন্য
নিজতে ডুবি দুয়োহাত শূন্য

চাচোন কেনেকৈ
তোৰ আধাফুটা চকুত ঠোঁট থৈ থৰ
মোৰ মৌপিয়া-প্ৰহৰ

কি দুখ-বেদনাৰ নাম তই ৰাধা
সিৰাই-ধমনীয়ে লৈ অপ্ৰাপ্তিৰ পাৰা
আজি অত অতীতৰ পাছতো
হেজাৰ প্ৰতিশ্ৰুতিৰ বাবদ
এটি ধাতৱ ভৱিষ্যৎ
তথাপিচোন
মোৰ সাহত নুঠে ধাৰ
আদায় দিবলৈ
তোৰ মৌনতাক এখনি কাণ
দিশ হেৰুওৱা পখিলাক
ফুলদানিৰ বেলি

পাহৰণিত কাগজৰ নাও মেলিলেই
ঢিমিক্-ঢামাক্ হাতবোৰে
বিচাৰি আহিবহি
কাহিনীৰ বাঁহী

তোৰ একলহ মগ্নতাত
যেতিয়া ওপঙে মোৰ মন
ৰাতিবোৰ মচগুল
দিঠকো সপোন
তেতিয়া ৰাধা
আমঠুৰ আধা
তয়ে সোঁৱৰণি-ৰখীয়া

ভ্ৰাম্যভাষ-৯৮৫৯৯৭৬৬৪৩


পঁইতাচোৰাৰ ঈশ্বৰপ্ৰাপ্তি
উচ্চজিৎ দশগিৰি

ৰাজধানীলৈ গৈ থকা ৰেল গাড়ীৰ শৌচালয়ৰ
চুকবোৰত

ইফাল-সিফাল কৰি থকা পঁইতাচোৰাবোৰৰ মাজত
এদিন এটা খবৰ বিয়পি পৰিল,
মানুহৰ আছে হেনো দেশে দেশে বহুতো ঈশ্বৰ
যিবোৰে নিশ্চিত কৰে মৰা মানুহৰ স্বৰ্গ নাইবা নৰকত পদাৰ্পণ৷
সৌ সিদিনাহে পৃথিৱীত জন্ম লাভ কৰা
মানুহে পালে নিজৰ নিজৰ বহুতো ঈশ্বৰ,
আৰু অনাদি কালৰে পৰা পৃথিৱীৰ সমস্ত দুৰ্ঘটনাই
আজিলৈকে নিশ্চিহ্ন কৰিব নোৱৰা
আমি পঁইতাচোৰাবোৰে নাপালোঁ এটাও ঈশ্বৰ৷
‘‘ইয়াৰ প্ৰতিবাদ হওক’’, সমস্বৰে
আটাহ পাৰি উঠিল এজাক পঁইতাচোৰা৷
ৰেলগাড়ীৰ ডবাই ডবাই গুঞ্জিবলৈ ল’লে সেই চিঞৰ,
ঈশ্বৰপিয়াসী বুভুক্ষু পঁইতাচোৰাবোৰে
পৃথিৱীৰ প্ৰতিটো আস্থানতে বিক্ষোভৰ জুই জ্বলাই দিলে ৷
পিছে কোনেও সিহঁতক পাত্তাই নিদিলে,
মানুহৰ সমাজত পঁইতাচোৰাৰ বিপ্লৱ যেন অৰণ্যৰোদন৷
সেই সময়তে ৰেলগাড়ীৰ
বাতানুকূল ডবাৰ শৌচালয়ৰ চুকত

বাস কৰা কেইটামান পঁইতাচোৰাই ভাবি উলিয়ালে
বিক্ষোভৰ এটা অভিনৱ উপায়,
পৃথিৱীৰ প্ৰতিখন মহানগৰ আৰু সকলো সৰু-বৰ চহৰৰ
নৰ্দমা পৰিষ্কাৰ কৰিবলৈ যোৱা
বনুৱা মানুহবোৰক আক্ৰমণ কৰিলে
নলাৰ পৰা ওলোৱা হেজাৰ-বিজাৰ পঁইতাচোৰাই৷
মানুহৰ বনুৱাবোৰ নিৰুপায়ত পৰিল,
সদায় সহযোগিতা কৰা পঁইতাচোৰাবোৰ আজি বিদ্ৰোহী,
সিহঁতৰ কামোৰত বহুতো বনুৱা হ’ল ধৰাশায়ী ৷
মৰিও নমৰে পঁইতাচোৰা, এটা মাৰিলে চাৰিটা ওলায়৷
বনুৱাবোৰে কাম এৰিলে,
মানুহৰ সমাজত নৰ্দমাৰ দুৰ্গন্ধই লগালে হাহাকাৰ৷
উপায়ান্তৰ হৈ‍মানুহৰ সমাজে
পঁইতাচোৰাবোৰৰ লগত কৰিলে চুক্তিনামা,
আজিৰ পৰা পঁইতাচোৰাবিলাকৰো থাকিব ঈশ্বৰ৷
নীলা তেজৰ, ৰঙা দেহৰ ঈশ্বৰ এটা পাই
পঁইতাচোৰাবোৰ লাহে লাহে শান্ত হ’ল৷
পিছে ঈশ্বৰ এটা পোৱাৰ লগে লগে
এই প্ৰাচীন পঁইতাচোৰাবোৰৰ বিৱৰ্তন আৰম্ভ হ’ল,
আৰু চাই থাকোঁতে চাই থাকোঁতে,
এহেজাৰমান বছৰৰ ভিতৰত
দুটাএটা নাস্তিক পঁইতাচোৰাত বাদে
বাকী সকলো পঁইতাচোৰা ক্ৰমশঃ মানুহলৈ ৰূপান্তৰিত হ’ল৷
অৱশিষ্ট এই দুইতিনিটা পঁইতাচোৰাক সিহঁতৰ মানুহ স্বজনে
মৰিয়াই মৰিয়াই পাহাৰৰ ওপৰৰ পৰা সাগৰলৈ দলিয়াই দিলে৷
মৰিবলৈ ধৰা পৃথিৱীৰ শেষ পঁইতাচোৰাটো
পাহাৰৰ যুঁৱলিৰে চুঁচৰি গৈ
সাগৰতলীত পোত গৈ থকা অলেখ নিযুত বছৰ পুৰণি
এটা ডাইন’ছৰৰ জীৱাশ্মৰ কাষত হামখুৰি খাই পৰিল,
মৰাৰ আগে আগে সেহাই সেহাই পঁইতাচোৰাটোৱে
ডাইন’ছৰৰ জীৱাশ্মটোৰ কাণত ফুচফুচাই সুধিলে,
‘‘হেৰা, তোমালোকৰ ঈশ্বৰ আছিলনে?’’
সুধিয়েই পঁইতাচোৰাৰ শেষ প্ৰতিনিধিটো মৰি থাকিল;
আৰু ডাইন’ছৰৰ প্ৰাগৈতিহাসিক জীৱাশ্মটো
ঈশ্বৰৰ নাম শুনি লাহে লাহে সাৰ পাই উঠিল!
  
 ভ্ৰাম্যভাষ: ৯৮৯৯২২০৮৯৮

সহযাত্ৰী

কাব্যশ্রী মহন্ত



বাটৰ মোৰত তেওঁ ৰৈ আছিল৷
ৰবালৈ যাবলৈ ওলাই ৰৈ থকাৰ দৰে লাগিছিল৷ মাত্ৰ ক’ত যাব যেন
তাক ঠিৰাং কৰিব পৰা নাছিল৷
কিবা কব খোজা যেনো লাগিছিল, কিন্তু কি কব খুজিছে তাক যেন বুজা নাছিল৷
ভাব হৈছিল তেওঁ যেন একেবাৰে নিৰাসক্ত
পথটোত তেওঁ অকলে নাছিল,
আগেপাছে আৰু বহুজন৷
কোনোবাজনে তেওঁক চেৰাই গৈছে
আন কোনোবাজন হয়তো পিছে পিছে আহি আছে
কিবা ভাবি মই ৰৈ দিছিলোঁ আৰু তেওঁ মোৰ লগ লৈছিল
যোৱাৰ বাটত ডাঙৰ ডাঙৰ মাতেৰে তেওঁ কথা
আৰম্ভ কৰিলে

প্ৰাখোলা হাঁহিৰে সকলোকে সম্ভাষণ জনালে
বাটটোও যে কি আশ্বৰ্যকৰ!
ডোঙা বন্ধা পানী, তাতে কাঁইটীয়া ফুল৷
এটা সময়ত কোন আগত আছে, কোন পিছত আছে তাৰ যেন ঠিকনা নোহোৱা হল৷
মানুহবোৰ মাথোঁ গৈ আছে৷
এসোপা বেলেগ বেলেগ মানুহৰ মাজত গৈ থাকোঁতে
কোনোবাই গান গাইছিল,
কোনোবাজনে এৰি অহা বাটৰ কাহিনী কৈছিল
এটি নিসংগ কিশোৰে আহি কৈছিল:
মই আকাশৰ ছবি আঁকি আনিছোঁ
কোনোবাজনে কেতিয়াবা আন এক বাটৰ কাহিনী
  কৈছিল,
উজুটি খাই পৰিব খুজিল কেতিয়াবা কাষৰজনে
তুলি ধৰিছিল

কেতিয়াবা আনজনে নোচোৱাকৈও পাৰ হৈ
  গৈছিল

বাটৰ আধাখিনি পাৰ তেনেকৈয়ে হ’লোঁ,
কিছুমানৰ মুখবোৰ লুকাই পৰিল
ধূলিৰ আঁৰত৷
আন কিছুমানৰ ডাৱৰৰ আঁৰত,
উৰি যোৱা চৰাইৰ পাখিয়ে ঢাকি ধৰিলে আন বহুজনৰ 
মুখ
আন্ধাৰত খেপিয়াই খামুচি ধৰিব খুজিছিলোঁ
কাৰোবাৰ হাত
পোহৰ হলত দেখিলোঁ সেইখন তেওঁৰ হাত,

বাটৰ পিছৰছোৱা যে কিমান চমকেৰে ভৰা
কাষত সেউজ পাহাৰ, তাতে থিয় থিয় শিল
লতাত বগাই যোৱা বৰণীয়া ফুল
পিছল শেলুৱৈত খুপি খুপি যাব লাগে
কেতিয়াবা গাত লাগে জোনাকৰ জোল
সুখৰ পুখুৰী দেখিলেই ৰওঁ যেন লাগে
দুখৰ পাহাৰো তাৰ পিতেই থিয় দি থাকে,
কিমান কেঁকুৰিৰ পিছত কেঁকুৰি পাৰ হ’লোঁ
বাটৰচোন শেষেই নাই 
কিমান দূৰত যে এৰি আহিলোঁ আকাশৰ ছবি অঁকা
নিসংগ কিশোৰটি
  আৰু
কাহিনী কোৱা মানুহবোৰ
 
আহি আছেনে বাৰু সিহঁতো?
নাই কোনেও নাজানে,
কাৰণ সকলো মাথোন আগলৈহে গৈছে৷
আন্ধাৰ হলে মাথোঁ খেপিয়াই চাওঁ,
বাৰে বাৰে তেওঁৰ হাততে
  লাগে মোৰ হাত৷ 


চিলিং ফেন
 ড˚ দেৱজিৎ শইকীয়া

বয়স হলে গৰাহ মাৰি
ধৰে অনেক ব্যাধিয়ে—
বিছনাৰ ওপৰৰ চিলিং ফেনখনে এদিন ৰাতি
কথাটো মোক কলে
মই বোলোঁ এৰা,
বয়সত কিবা এটা নোহোৱাটোও বেয়া
ফেনখন কিনাৰ দিনটো পাহৰিলোঁ
পাহৰিলোঁ দামটোও
কিন্তু,
ঘেৰ্ঘেৰণি তোলা মাত এটাৰে সিদিনা 
ফেনখনে সোঁৱৰাই দিলে বয়স হোৱাৰ কথা,
আৰু
লেকেচিয়াই লেকেচিয়াই ঘূৰি 
শোৱনি-কোঠাৰ ৰাতিটো কৰি তুলিলে
এন্ধাৰেৰে গোমা
চিলিং ফেনখনৰ যন্ত্ৰণাৰ সমভাগী হবলৈ
বুলি
এদিন ৰাতিৰ ৰাতিটো ফেনখনক পৰ দি মই
চকুৰ নোমে নোমে নলগাকৈ থাকিলোঁ,
আৰু চাই ৰলোঁ—
নিজে বিনিদ্ৰ ৰজনী পাৰ কৰা ফেনখনে 
কিদৰে শীতলা-পানী ছটিয়াই
ৰাতিটোক শুৱাই থয় মোৰ শিতানৰ মূৰত,
বিছনাচাদৰখনৰ গাৰ পৰা কেনেকৈ আঁজুৰি
নিয়ে
 
গৰমৰ উষ্মা,
অথবা 
শুহি লয় ঘামৰ দুৰ্গন্ধ
টেপ্‌টেপীয়া দি থকা মোৰ বনিয়নটোৰ পিঠিৰ পৰা
মোৰ ইচ্ছুক চকুলৈ আওকা
কৰি
সৌৱা চিলিত ওলমি ফেনখন
ঘূৰিব লাগিছে
,
ফেনখনৰ ধুৰাডালেৰে একাকাৰ হৈ পৰিছে
মোৰ আইৰ আঙুলিৰ পৰা সৰুগাঁঠিলৈকে 
এখন হাত,
পাংখাকেইখন যেন আইৰ হাতৰ লাচত নাচি থকা
উজাগৰী ঢকুৱা-বিচনীখন
,
আৰু ঘেৰ্ঘেৰণি তুলি ঘূৰি থকা 
পুৰণি ফেনখনৰ এইটো যেন কৰ্কশ মাত নহয়, 
আয়ে গোৱা এয়া নিচুকনি গীত—
‘‘তোৰে কানে কাটি লগামে বাতি…’’
চিলিং ফেনখনৰ দৰেই 
মোক এদিন আয়েও কৈছিল বয়স হোৱাৰ কথা
কোষ্ঠী নেদেখিলেও বুজিব পাৰি—
আইৰ গাৰ মঙহ শুকাল, আগতকৈ
বাঢ়িল লোভ
তিনিমূৰীয়া হৈ ঢাকিবলৈ এৰিলে বুকুৰ আবুৰ
মনৰ মৰম বিচাৰি আকলুৱা হবলৈ
লে মন
আইৰ দৰে চিলিং ফেনখনেও
বয়সৰ ভৰত মোক এদিন কলে—

বয়সত বেঢ়ি ধৰে অনেক ব্যাধিয়ে



এটা ঘৰৰ কাহিনী

জোনমণি‍ দাস
মই থকা ঘৰটোত তেওঁ থাকে। তেওঁ থকা ঘৰটোত মই নাথকোঁ, অথচ আমি একেলগে থাকোঁ৷ একেটা ঘৰতে। দিনৰ দিনটো লেদেনা উকতি ফুটগধূলিতে আহি‍ মই ঘৰত সোমাওঁ আৰু ডেউকাযোৰ জপাই ধোন্দফেঁচাটোৰ দৰে টোপনি যাওঁ। দুপৰ ৰাতি তেওঁ আছে আৰু দুৱাৰত নক কৰি মোৰ কেঁচা টোপনি ভাঙে। কপাহী কামিজটো খুলি কইল জ্বলাই তেওঁ কোঠাটোৰ ভিতৰৰ মহবোৰ খেদাব খোজে‍। কিছু পৰ নিতাল মাৰি কাণৰ কাষত আকৌ কুঁ-কুঁৱাই উৰি ফুৰে মহবোৰ
আজি অছৰে‍ যিমান কইল জ্বলি ছাই হৈ গৈছে,থচ এদিনো এৰাতি মহৰ কুঁ-কুঁৱনি নবজাকৈ থকা নাই। কইল জ্বলাই মহ খেদোৱাৰ কোনো অৰ্থ না এই চহৰত
এই ঘৰটোৰ ভিতৰতে এদিন তেওঁ মোক এটা গল্প ক’লে— এই পৃথিৱীত সৱ মানুহেই ঘৰ সাজি ঘৰ পাতি থাকে যদিও আচলতে ঘৰৰ কোনো নিজৰ অৰ্থ এটা নাই। ঘৰত থাকি কোনো মানুহ কাহানিও ৰিয়াল নয়ঘৰ মাথোঁ এক আশ্রয় অথবা নিজকে উলংগ কৰি চোৱাৰ এক অৱলম্বকোনো মনুহেই আচলতে ঘৰচীয়া নহয়
মই থকা ঘৰটোত তেওঁ থাকে। তেওঁ থকা ঘৰটোত মই নাথাকোঁ, অথআমি একেলগে থাকোঁ একেটা ঘৰতে। ঢোঁৰা কাউৰীৰ অজস্ৰ কোলাহলেৰে‍ ৰা এই চহৰখনত তেওঁ এই ঘৰটোৰ ভিতৰতে গানৰ গুঞ্জমেলি দিয়ে, শোক নিৰাই বাট মোকলাই দিয়ে চেৰাশলীয়া সপোনবোৰক… ঘৰগুণা বলৰ দৰে মই ঘৰত থাকি ভাল পাওঁ, অথচ ঘৰৰ পৰা পলাই আহি বিচাৰি ফুৰোঁ আন এটা ঘৰ। এৰাল দি আজিলৈকে কোনো এটা ঘৰে ৰাখিব পৰা নাই মোক!
তেওঁ আৰু মই একেটা ঘৰতে থাকোঁ, অথচ দুয়ো অকলে। ঘৰটোৰ ভিতৰতে দুখন আকাশ আৰু দুখন পৃথিৱী। ঘৰটোৱেই আমাৰ দুয়োৰে‍ নিগাজী ঠিকনা, অথচ সঠিক ঠিকনা নহয়
ভ্ৰাম্যভাষ: ৯১০১০৩৮৬৫১


জৰায়ুত শুই থকা পৃথিৱীখন
অত্ৰেয়ী গোস্বামী
শুই থকা পৃথিৱীখনে ইকাটিসিকাটি কৰোঁতে
নতুনে ন ৰূপত ন-কৈ হাঁহিছিল৷
মৰ বেপৰোৱা জীৱনত 
ৰুটিন অথবা নিয়ম বুলি কোনো কথাই
নাছিল৷
ম-ইভৰ কথাবোৰ পুৰাতন
কলিজাৰ ধপ্‌ধপনিত থকা উকমুকনিবোৰ
এদিন এদিনকৈ টিপচাকি এটা হৈছিল
ইভৰ তলপেটত শুই আছিল এটা বিৰাট
সাঁথৰ
শিল এচটাত ঠেকা খাই গছপাতবোৰে
সিঁয়াৰি দিছিল৷
লাজৰ পোহৰৰ অকণমান চিকমিকনি
চাবলৈ
সময় শুই আছিল৷
স্ফীত উদৰৰ ৰহস্য ফাদিল
নোহোৱালৈকে
পৃথিৱীখনে হাঁহিছিল৷
ৰঙৰ বেহা কৰা আপোন বেপাৰীয়ে
তেতিয়াও ইন্দ্ৰধনুৰ ৰং সিঁচি
দিছিল৷
ইভৰ শৰীৰত পৃথিৱীয়ে পোখা মেলোঁতে
যীশু অথবা হজৰতৰ কথাবোৰ শুনিবলৈ, ক’বলৈ
কোনো নাছিল৷
সেই কথাবোৰে তেতিয়া জন্মৰ বাট
বুলিবলৈ ইচ্ছা কৰা নাছিল৷
গৌতমৰ সাধু ক’বলৈ কালিন্দীৰ
জন্মই হোৱা নাছিল৷
জৰায়ুত শুই থকা পৃথিৱীখনে ভয়
খাইছিল
যমুনাৰ তীৰত কানাইৰ বাঁহী
শুনিবলৈ
,
আকাশবাণী হোৱাই নাছিল৷
হাড় মেৰমেৰোৱা শৰীৰৰ
বিধ্বস্ততাই কাবু কৰি অনা
ইভৰ আটাহ শুনিবলৈ আম সাৰে আছিল৷
পৃথিৱীখন বাৰে বাৰে জিকাৰ খাই
শুই পৰিছিল৷
আৱেগ আৰু চিঞৰৰ ভাষা একেই
পোহৰৰ ৰং সদায় অভিন্ন৷ 

কাউৰী

শ্ৰীমন্ত বৰা

চৰাইৰ মাতত
চকু মেলা বেলিয়ে

বুজি পোৱা হলে মাতৰ মিঠা
ভাগ হলহেঁতেন পোহৰো

উশাহ দিয়া
গছে চিনি নাপায় চৰাইৰ জাত
,
চৰায়ে নিচিনে
দেশৰ সীমা
,
বতাহত
পৃথিৱীৰ চিলা৷

সেই চিলাত
ওলমি আহে এটি প্ৰশ্ন—

কোনে
শুনিছিল! কোনে শুনিছিল
!
কোনে
বিয়পাইছিল কঠুৱা মাত
!

কঠুৱা মাত
শুনিয়েই বিছনা এৰা পিতায়ে

পুৱাই গৰুহাল
জো
ৰোঁতেই
জো…ৰ…কৈ
চকুহাল মেলি

পঢ়া টেবুলত
বিচাৰিছিলোঁ জীৱন-সূত্ৰ

সেই ঋতুতেই
গাঁৱৰ বহু পা
হুৱাল ডেকাই
ঢপলিয়াই
পাইছিলগৈ সীমান্তৰ যুদ্ধক্ষেত্ৰ

কা কা মাতত
ছিগিছিল এন্ধাৰৰ মালা

গাৰুত লেপেট
খোৱা লেলা
উটি
ট্‌ফটাইছিল
প্ৰণয়ৰ এহালি পৰুৱা

পোহৰৰ ছিটিকনিত জিলিকি উঠিছিল
পাৰসজাৰ মুখত
এটুকুৰা আইনা

ত কৰ্কশ মাতে সেও মনা বলত
জীয়াই আছিল
আইৰ সাহ

যি সাহত আয়ে
কিনিছিল উদৰৰ দৰৱ
,
শীতৰ উম আৰু
হাগৰ সুখ

তথাপি আইৰ
মুখেৰে শুনিছিলোঁ
 
কা’য়ে খবৰ
আনে
,আলহী আনে
অমঙ্গলীয়া, বদনামী হয় কাউৰী
এনেকৈয়ে মুখে
মুখে বাগৰি আহে

কত কিমান যে
কাউৰী কাহিনী

চহৰখন গাঁৱলৈ
অহাৰ পাছত

বাঢ়নী কাঠিত খুঁচি লোৱা লিচুগুটিৰ টুকুৰাটোৰ দৰে
গাঁওখন
ঘূৰিছিল চহৰীয়া বতাহৰ আঙুলিত

আৰু থানবান
হৈছিল কাউৰী-চুবু
ৰি‍

এতিয়া মোৰ
বুকুত এজাক কাউৰীৰ বাহ

বাহ সজা দিন
ধৰি

গাঁওখনত
কাউৰী বুলিবলৈ কেৱল মই

বগলীৰ সভাত
বুঢ়াগছৰ ডালত বহি ৰমলিয়া
ওঁ

পোতা পুখুৰীত
বহি ল
ৰাটোক কলোঁ
সৰ্বভোজী
কাউৰীয়ে বুজি নাপায় জাত-পাত

নুবুজে ধৰ্মৰ
ৰং
  


বাঘজানৰ ছবি
গীতুমণি তালুকদাৰ
‘‘এডাল খেৰে বৰ ঘৰটো বেৰে’’
সাঁথৰৰ আঁহ ফালি ফালি
জুইকুৰা
জ্বলি উঠিল
প্‌প্‌কৈ…
উৰি যায়
ওপৰলৈ
কুণ্ডলী পকাই পকাই
আৰ্তনাদৰ ছাই
কৃষ্ণকায় আৰ্তনাদবোৰে
ছানি ধৰে 
আকাশ
নাকেৰে উজাই আহিছে
শ পোৰাৰ গোন্ধ
ঘৰ পোৰাৰ গোন্ধ
আৰু
সুদূৰত ৰৈ 
এখন কেনভাত আমি আঁকি আছোঁ
ধোঁৱা হৈ উৰি যোৱা
বাঘজানৰ ছবি৷