কাব্যশিল্প

স্পৰ্শহীন
স্পৰ্শ

হৰেকৃষ্ণ ডেকা
স্পৰ্শ
নিষিদ্ধ
কিন্তু তাৰ
মাতে তাইৰ ওঁঠ স্পৰ্শ কৰিছিল৷
নিষেধাজ্ঞাৰ
নঙলা
জঁপিয়াই 
তাত চুমা
খাইছিল
তাইৰ চাৱনিত
আঙুলি গজিছিল
তাৰ গাত
চেতাৰৰ আলাপ হৈছিল
প্ৰহৰীসকলে
দেখা নাছিল
তাইৰ চকুৰ
ঠাৰত নাচৰ মুদ্ৰা৷
তাৰ চকুৰ
মণিত নৃত্যৰতা
স্পৰ্শ
নিষিদ্ধ
কিন্তু কামনা
স্পৰ্শাতীত৷
 
তাৰ চকুত ওঁঠ
গজিছিল
,
তাইৰ পাঁচো
ইন্দ্ৰিয়ত চুমা হৈছিল
স্পৰ্শ
নিষিদ্ধ
কিন্তু তাৰ
চকুৰ অদৃশ্য আ
লিংগ
তাইৰ চাৱনিত
লিপিত খাইছিল
স্পৰ্শ
নিষিদ্ধ
কিন্তু তাইৰ
গানৰ নগ্ন মুদ্ৰাই
তাৰ লাজৰ
পোছাক শিথিল কৰি দিছিল
তাইৰ তেজৰ
লৌহকণা
নগ্ন হৈ
তাৰ কলিজাৰ
বিদ্যুত-চুম্বকত
লাগি ধৰিছিল
নঙঠা
কেইটামান শব্দৰে
,
এইমাত্ৰ মই
মুকুট পিন্ধা
অনু-সম্ৰাটৰ
নিষেধাজ্ঞা
অতিক্ৰম কৰিলোঁ



 কবিতাটিৰ শ্ৰব্য ৰূপ



দুটি কবিতা

এম. কামালুদ্দিন আহমেদ
(প্ৰয়াত ছামছিং হাঞ্চেক সুঁৱৰি)

১. পঁজাৰ বেৰত
প্ৰিয়তমা আৰু মাছ
মোৰ অন্তৰৰ পঁজাৰ বেৰত
লেপি থোৱা নাম
অক্‌ কিপ্ৰু
আন্দোলিত
সুৱদি ডেকা তেজ
সঞ্চৰণ আৰু বিস্তৃতি‍
গাৰ মলি জৰি জৰি‍
পূত এই শৰীৰ
মৰা মাছবোৰ ভাহি উঠে‍
অসীমৰ এচৰেঙা সিহঁতৰ চকুত
(অক্‌ কিপ্ৰু: অক্‌ কিপ্ৰু
কাৰবিসকলৰ সমূহীয়া মৎস্য চিকাৰৰ উৎসৱ৷ এই উৎসৱ মাছ ধৰাৰ নামত পূত স্নানৰ উৎসৱ৷ হিৰু
নামৰ এবিধ বিষাক্ত গছৰ শিপা থেতালি ৰস উলিয়াই নদীৰ পানীত মিহলাই দিয়া হয়৷ মাছবোৰ মৰে৷)
২. বং
লাৰ ৰং পিন্ধায় খোলাত
কাৰবিৰ আকাশৰ দিগন্ত
বহলাই
শংকুৰ দৰে ডিঙি দীঘলীয়া
মুঠিতে লুকোৱা
বিচাৰি চলাথ কৰিও নোপোৱ
ঘন বেঙুনীয়াৰে বোলাই যায়
গোটেইখন
পিছফালৰ পৰা কোনে জানো লাহে
লাহে ক’লে:
তিতালাউৰ খোলাই বগায়
মৃত্যুক ঘনীভূত কৰি‍
তোমাৰ বুকুতে আছিল জাৰণি
এখন
উলাহেৰে মাত দিলে তিল পিছলা
বঙৰ বুকুতে হেন্দোলি উঠে‍
নিজৰা

( বং: বিভিন্ন প্ৰজাতিৰ তিতা
লাউৰ খোলা ব্যৱহাৰ, আকাৰ, আকৃতিৰ ফালৰ পৰা ইয়াক বিভিন্ন ভাগত ভগোৱা হয়৷ বং নোহোৱাকৈ
কোনো কাৰবি অনুষ্ঠান হ’ব নোৱৰালৈ চাই ইয়াক কাৰ্বি সংস্কৃতিৰ লাইখুঁটা আখ্যা দিয়া
হয়৷)


 কবিতাটিৰ শ্ৰব্য ৰূপ


কালিকা
লুট্‌ফা হানুম ছেলিমা বেগম
ৰাতিৰ গাঁঠি খুলি খুলি‍
দিনবোৰ হৈছে দীঘল
ঘৰৰ ভিতৰতে ঘৰ
ইচ্ছা-অনিচ্ছাৰ মিছিল
উদয় নোহোৱাকৈ বেলি‍
কোনে পঢ়িছে ৰ’দৰ শিলালিপি
অন্ধ মানুহবোৰে পাৰ হ’বলৈ‍
বিচাৰিছে চুলিৰ সাঁকো‍
ইপাৰৰ পৰা সিপাৰ পাবগৈনে‍
মহুৰাবিহীন মৰণৰ মাকো
কোনে কাক দিব পাৰে‍
দীন- দিনলিপিৰ বিনন্দীয়া বতৰা
সময়ৰ ভগা পঁজাত
বহি আছে উদাস পৃথিৱী
মনটো মৰা


 কবিতাটিৰ শ্ৰব্য ৰূপ


কঠিন অংকৰ সঠিক
উত্তৰটোৰ দৰে
দেবপ্ৰসাদ
তালুকদাৰ
তুমি ইমান
আন্ধাৰ ফালি আহিছা
দোকমোকালি হবলৈ
তুমি জোনাক
চুই আহিছা
ভালপোৱা হবলৈ
তুমি ফট্‌ফটীয়া পানী
পাৰ হৈ হিছা
হৃদয় খুলি
হিয়া ঢালি
দিবলৈ
 
ইমান কঠিন
শিলবোৰ
কাটি  কাটি তুমি
কালৈ বাটবোৰ
পোনাইছা
কঠিন অংক
এটাৰ
সঠিক
উত্তৰটোৰ দৰে
সকলো ভাল
কামৰ
ফলাফল
তিতা ফল এটা
খোৱাৰ পাছত
মুখখন মিঠা
মিঠা লগাৰ দৰে


 কবিতাটিৰ শ্ৰব্য ৰূপ


ৰংফুল মালতী
ধ্ৰুৱজ্যোতি দাস
ৰংফুল মালতী
থম্‌ থম্‌কৈ বহি থাকে‍
ঘৰৰ ভিতৰত
এইবাৰ বৰদৈচিলা মাকৰ ঘৰলৈ
নাহিল৷
থাকক এতিয়া এইবিলাক কথা
কবিতা-ছবি, ঘৰ-সংসাৰ৷ পিছে
কৰিবানো কি
ব’লা ওলাই যাওঁ বুলিবও নোৱাৰি‍
কালি বন্ধ
আজি লকডাউন
কালিলৈ অচিন বতৰা
এনেকৈ কিমান দিন
কোনে জানে‍
তেৰ নদীৰ সিপাৰৰ ঘটনাবোৰো
এতিয়া
জল্‌জল্‌-পট্‌পট্‌
পুৰিব নোৱাৰি পুতিব নোৱাৰি‍
পলিথিনেৰে মেৰিয়াই শবোৰ যে
পেলাই দিয়া হৈছে‍
শ শ- হাজাৰ শ
কি কৰিছা?
কি কৰিবা ভাই, জোতা সিজোৱাতকৈও
ওপৰৰ সময়…
ৰংফুল মালতী,
ক’ৰনা অ’ ক’ৰনা…
(ঠিকনা: ‘নেৱালি-মণি’, ই-মেইল:
rdmt.bc@gmail.com, ভ্ৰাম্যভাষ: ‍৯৯৫৪৩৫৫২৯৯)

 কবিতাটিৰ শ্ৰব্য ৰূপ


শূন্য 
ভাস্কৰ জে
নাথ
 
কবিতা এটাৰ
পৰা কবিতা এটা খহি পৰালৈ মই চাই
থাকোঁ 
মোৰ মগজুত
জুই একুৰা জ্বলে
 
নেওতা শিকাওঁতে, শি‍কোঁতে‍‘এক’-ৰ পৰা আৰম্ভ আৰু শূন্যটো শেষত
পানী মেটেকা
ভৰিৰ আঙুলিত গজা দিনবোৰত
 
শূন্যৰ প্ৰতি
মোহ প্ৰায় নাছিল অথবা বিস্ময়
 
এক’, ‘দুই’-ৰ পৰা ’-লৈ যিমান মোহ
সাপ্তাহিক বজাৰৰ
পৰা শিশু ধাৰাপাত এখন চাইকেলত উঠি আহিছিল দগাৰ ছবিকেইটাৰ সৈতে
 
সিকিয়া এটাৰ
পিঠিত ঘূৰি আছিল স্কুল জিৰণি
এতিয়া, 
পাটমুগীয়ে
ঠোঁটত কঢ়িওৱা আবেলি এটাত দি আছোঁ জীৱন দগা
, ওজন কৰা, ওজন
কৰা
 
গাঁৱৰ একাবেঁকা আলিবাটটো শূন্য এটা হৈ খেদি আহে 
মই পলাওঁ
মই দৌৰোঁ 
শূন্য নাভাগৰে 
পদূলিত শিশু
ধাৰাপাতৰ
শূন্য’-টোৱে মোলৈ ট টকৈ চাই কয়— ‘‘পিছ পৰি থাকিলা’’
আৰু মই
পলু লেটাৰ
এটাৰ ভিতৰত ন
লপেঁপা এটা বজাই গাই থাকোঁ মুখ ফালি গাব নোৱৰা এটা গান


 কবিতাটিৰ শ্ৰব্য ৰূপ


ঘটোৎকচ

কিশোৰ মনজিৎ
বৰা
সি এটা
ৰাক্ষস
কিন্তু তাৰ
তেজবোৰ
যজ্ঞত লাগে
ঘটোৎকচ
অৰণ্যৰ নিজৰ সন্তান
নুফুলা ফুলৰ
পৰাগযোগ
ৰিজাৰভেশ্বন লিষ্টত তাৰ
নাম থাকে
ছাৰ্জিকেল
ষ্ট্ৰাইকত সি জৰুৰী
সি কোন বুলি
সুধিলে
আমি ৰাক্ষস
বুলি কওঁ
আচলতে আপুনি
মই একোটা
ঘটোৎকচ
এই
অৰ্ধ-প্ৰজাতন্ত্ৰত
সি কেৱল
একোটা হাতিয়াৰ
অথবা এটা
বুলেটপ্ৰুফ জেকেট
নিষিদ্ধ গলিত
মাজনিশা
সি অকলে থাকে
আৰু সভ্যতাক
গালি পাৰে
চহৰৰ অনাহাৰী
পাগলীজনীৰ চকুত
সি এটুকুৰা
ৰু
টী
ক্ষুধাতুৰ
দুপৰীয়া
তাৰ ঘামৰ
গোন্ধত
ঘেঁহুৰ
পথাৰবোৰ শস্যৱতী হয়
সভ্যতাই তাক
ক্ৰীতদাস কৰি
জনতা
জনাৰ্দনৰ হাত-ভৰি বান্ধিব খোজে
স্বাৰ্থৰ
পৃথিৱী কঁপাবলৈ
তাৰ গধুৰ
গোৰোহাটো লাগে
সাৱধান, ঘটোৎকচ আহিছে
তোমালোকৰ
অট্টালিকাবোৰ কঁপিব ধৰিছে!
———————–
ঠিকনা: অদিতি
ভৱন
, গড়কাষৰীয়া, মগৰাহাট (কালুগাঁও), শিৱসাগৰ-৭৮৫ ৬৬৬, ভ্ৰাম্যভাষ: ৯৮৫৪৮৪৮৩৫৯


 কবিতাটিৰ শ্ৰব্য ৰূপ


জলকোঁৱৰৰ পদ্য
মিণ্টুল হাজৰিকা 
একো নোকোৱাকৈ ওলাই গ’ল তেওঁ
বুকুত ৰাখি নৰকৰ স্বৰলিপি 
এতিয়া খালী খালী লাগে বুকুৰ কোঠা
কৈ নগ’ল যদিও বুজিলোঁ মই 
তথাপি পদূলিত ৰুই থ’লোঁ চকুযুৰি
জোনাকেও জানে তেওঁৰ গমন কালিকাৰ কথা
তথাপি ৰাতি হ’লে মোৰ তেজত দৌৰে এশ আঠটা বগা ঘোঁৰা 
মই নিজেই দুৱাৰ খুলি আদৰি আনিছিলোঁ ভিতৰলৈ
কেৱল সঁচা কোৱাৰ অজুহাততে সলনি হ’ল দৃশ্যপট
পকেটৰ পৰা খামুচি লৈ গ’ল প্ৰাণৰ কঠীয়া
এতিয়া কেৱল উকা পথাৰত পৰি  আছে যীশুৰ জন্মৰ
এশ বছৰ
আগৰ এটা দিন
 
মোৰ  হাতত
যিপাহি ফুল তোমাৰ বাবে
তোমাৰ হাতত কিয় নাই সেইপাহি ফুল মোৰ বাবে 
অৱশেষত গম পালোঁ মোৰ কোনো ঘৰ নাই 
নদী নাই পাহাৰ নাই…
ক’লৈ যাওঁ মই নিজকে লুকুৱাই ৰাখিছোঁ নৰকত 
বৰুৱাৰ পুখুৰীটো মোৰ পৰা কেইবা মাইল দূৰত!
ভ্ৰাম্যভাষ: ৮৬৩৮২৫৯০৭৩


 কবিতাটিৰ শ্ৰব্য ৰূপ


অৰ্থৱাদ*
(থৰ্ব বেদৰ  দুটা
যাদুমন্ত্ৰৰে
 
এটি কবিতা...)
গায়ত্ৰী দেৱী বৰঠাকুৰ
(এক)
প্ৰিয়া
তোমাৰ-মোৰ 
এই যে
চকুকেইটা
 
সেইকেইটাই 
বৰষক
মৌ 
কলহৰ কাণে 
চাৰিচকুৰ
কোণবোৰত
ওলমি থাকক 
কজলা কাজল
তোমাৰ আটকীয়া
হিয়াখনত
 
মেৰ খাই থাকোঁচোন
 মই
 অকলেই
 আৰু আমি হৈ পৰোঁ আমাৰ দুয়োৰেই 
(দুই)
এইয়া চোৱা 
মোৰ এই
সমন্ত্ৰক*
 কাপোৰডুখৰিৰে 
বান্ধি পেলাইছোঁ 
তোমাক 
শুনা
আন কোনো
পয়োধৰাৰ নামকে
 
নানিবা
মুখলৈ
তুমি  কেৱল মোৰহে 
কথাটো  গাঁছিয়েই বা 
হৃদয়ত 
চিৰদিনলে
*কোনো বস্তুৰ স্বৰূপক  লৈ বিবাদ 
*মন্ত্ৰপূত
বাসন্তী পুৰ৷ তেজপুৰ৷ শোণিতপুৰ—৭৮৪০০১
৮৮২২৯৪৩০৬৪

 কবিতাটিৰ শ্ৰব্য ৰূপ



গল্প

অনিন্দিতা
কলিতা

মই ৰামধেনু
হৈ কবিতা লিখা দিনৰে কথা—
ককাই কোৱা
সাধুটোত আছিল
 
এজনী গোসাঁনী 
ভৰি-পটা
ওলোটা
 
গছে গছে বগাই
ফুৰা
 
বেয়া মনবোৰ
বধি পেলোৱা…
— আমি ডাইনী
বুলিহে কওঁ ককা!
— নাপায়, নকবি৷ আই গোসাঁনীয়ে শুনিব৷ দায় লাগিব৷ জামুকলীয়া ৰংবোৰ পি খাব৷
ককা নাই, কাহিনীটো আছে 
যুৰীয়া ঘৰৰ
তিৰোতাবোৰৰ থুৰীয়াত লাগি
,
পাভটিৰ
চুঙা-বাঁহৰ নিমখত ডুবি
, 
জপাৰ তলৰ
কাপোৰত গোন্ধ সানি
 
আলহী-পাখিৰে
উৰি আহি
 
কাহিনীটো
নগৰৰ বৰ ঘৰত সোমায়হি
পাৰী খুঁটাত লাগি ঝুনুক্‌কৈ‍বাজে 
আই গোসাঁনীৰ জুনুকা
দুভৰি
 
নিশা পৰে পৰে
বাজিয়েই থাকে
 
আই গোসাঁনীয়ে চিঞৰে 
নুশুনে কোনেও 
জাক জাক বগা
এপ্ৰনে
 
কেচিৰে ছিঙি দিয়ে চিঞৰ!
কঁপা কঁপা
নীৰৱতাৰ
পাছত 
সকলোৰে জীৱনৰ
ভা
গি‍ যোৱা ঘটনাৰ আঁৰত 
হেনো 
আই গোসাঁনীৰ মায়া 
আই গোসাঁনীৰ ছায়া 
আই গোসাঁনীৰ কায়া 
কাহিনীটো
বুকুত বান্ধি লৈ ফুৰিছোঁ
 
এদিন ভেঁকুৰি
ধূসৰ হোৱা
 
এখন আইনাৰ
সিপাৰৰ পৰা
 
আই গোসাঁনীয়ে কলে 
তুমিয়েইতো
মৃত কাহিনীকাৰ!
তেতিয়ালৈ
সকলো মায়া লগা পাহাৰ বগুৱা বাই অহা
 
মোৰ সন্মুখত
ককা
 
আৰু হাঁহি
খিলখিল ধানৰ থোকেৰে জিলমিলাই থকা
 
সোণোৱালী
পথাৰ
 
পথাৰ 
আৰু পথাৰ…


 কবিতাটিৰ শ্ৰব্য ৰূপ