anyayug@gmail.com
দাসে যোৱা শতিকাৰ নৱম দশকৰ পৰাই গল্প লিখি আহিছে। তপন দাসৰ গল্পগুচ্ছ–ত চৌবিছটা গল্প সংকলিত হৈছে।
তেওঁৰ গল্পত বাস্তৱৰ সঠিক চিত্ৰায়ণ হোৱা বুলি ক’ব পাৰি, বিশেষকৈ চৰিত্ৰ আৰু সেই চৰিত্ৰবোৰৰ মুখৰ ভাষাৰ আধাৰত। অভ্ৰভেদী
কল্পনা, ঘটনাৰ মোৰ সলনিত প্ৰমাণ
কৰা প্ৰত্যুৎপন্নমতিতা, কিছু শিশুসুলভ দুষ্টালি
বিশেষভাৱে লক্ষ্য কৰিবলগীয়া। কিন্তু আটাইতকৈ ডাঙৰ কথা, তপন দাসে যিকোনো গল্প এটা সুন্দৰভাৱে ক’ব জনাটো। নাটকৰ মানুহ হিচাপে অৱধাৰিতভাৱেই
তেওঁৰ গল্পত নাটকীয়তা সৃষ্টি হয়, যি পাঠকক চমৎকৃত কৰে। কিন্তু তেওঁ গল্পকথনত গিমিক সৃষ্টি নকৰে।
তাৰ বিপৰীতে বাস্তৱক সুস্থভাৱে কাৰ্য-কাৰণৰ সূত্ৰইদি অনুধাৱন কৰিবলৈ যত্ন কৰে।
২০১৩
গল্প লিখিছে যদিও আধুনিক মানুহৰ মনস্তত্ত্ব অধ্যয়নত তেওঁৰ কম সংখ্যক গল্পই যথেষ্ট প্ৰভাৱশালী
বুলি পৰিগণিত হৈছে। ২০১৩ চনতে প্ৰকাশিত বুদ্ধই হাঁহিছে শীৰ্ষক গল্পগ্ৰন্থত নটা
গল্পত গল্পকাৰৰ পৰ্যৱেক্ষণ ক্ষমতা, বিশ্লেষণ ক্ষমতা, ইতিহাস সম্পৰ্কীয় দৃষ্টিভংগী, আন্তঃৰাষ্ট্ৰীয় ৰাজনৈতিক পৰিপ্ৰেক্ষা
সম্পৰ্কত সজাগতা আৰু সাৱধানী অৱস্থানৰ লগতে দ্ৰুত গতিত গা কৰি উঠা মেট্ৰ’প’লিটান সমাজত সৃষ্টি হোৱা ন ন মানৱীয় সমস্যাৰ সম্পৰ্কেও গল্পকাৰৰ গভীৰ
অনুসন্ধিৎসা প্ৰকাশ পাইছে। বিষয়ৰ অনুগত বৰ্ণনাভংগী বিতোপন বৰবৰাৰ গল্পৰ এটা বিশেষ
আকৰ্ষণ।
ৰোগ, ৰোগী আৰু চিকিৎসাৰ সৈতে
জড়িত হওঁতে ৰোগীৰ মনস্তত্ত্ব অধ্যয়নৰ যি সুযোগ লাভ কৰে, তেনে সুযোগ আন ক্ষেত্ৰৰ মানুহৰ
একেবাৰেই কম। আকৌ, নিজৰ জন্মস্থানখনৰ মানুহৰ
মুখৰ কথা-বতৰাৰ ভাষা, সাধুকথা-কিম্বদন্তি, প্ৰাকৃতিক বিবিধতা আৰু সেই প্ৰকৃতিৰ
সৈতে সহমৰ্মিতা, নিজৰ সমাজখনৰ জনগাঁথনিৰ
স্বৰূপ আৰু সিবিলাকৰ সৈতে সম্পৰ্কিত সমস্যা আৰু সম্ভাৱনাখিনি আন্তৰিকতাৰে পৰ্যবেক্ষণ-অধ্যয়ন
কৰা লোকে সাহিত্যচৰ্চাৰ বেলিকা কাহানিও ভাবনা আৰু বিষয়ৰ অভাৱত ভুগিবলগীয়াত নপৰে। আনহাতে, গাঁৱৰ পৰা গৈ মহানগৰৰ জীৱন-প্ৰৱাহৰ
সৈতে মিলি-জুলি সহাৱস্থান কৰিবলগীয়া ব্যক্তিয়ে বহু নতুনত্ব আহৰণ কৰে আৰু আন বহুখিনিৰ
পৰা কাৰ্যতঃ বিচ্ছিন্ন হৈ পৰে, যাৰ ফলত আজীৱন এক ধৰণৰ হাহাকাৰবোধে তেনে ব্যক্তিক শান্তিত থাকিবলৈ
নিদিয়ে। তেনে লোক যদি সৃষ্টিশীল লেখক হয়, তেন্তে লেখাৰ যোগেদিয়ে তেওঁ অতীত-বৰ্তমানৰ মাজত একোডাল সাঁকো
ৰচনা কৰিবলৈ সক্ষম হয়। অপূৰ্ব কুমাৰ শইকীয়াৰ শেহতীয়া গ্ৰন্থ চ’তৰ উৰহীৰ গল্পখিনিতো উক্ত কথাখিনিৰ
প্ৰতিফলন ঘটিছে। পৰিচ্ছন্ন চৰিত্ৰ সৃষ্টি, নিহিত ব্যংগ আৰু সমাজৰ প্ৰতি এক ধৰণৰ দায়িত্ববোধ শইকীয়াৰ গল্পসমূহৰ মাজত
প্ৰকাশ পাইছে।
ভাষাত উপন্যাস প্ৰায় নায়েই। ডাঃ নীলাক্ষী চলিহা গগৈয়ে ঐয়া মোৰ ডিব্ৰু-ছৈখোৱা
উপন্যাসত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ বনজ সৌন্দৰ্য আৰু সম্পদৰ লগতে প্ৰখ্যাত বনগাঁও
লাইকা-দধিয়াৰ বাসিন্দাসকলৰ জীৱন চৰ্যাক আন্তৰিকতাৰে পোহৰাই তুলিছে। উপন্যাসখনৰ কাহিনীৰ
গাঁথনি বৰ দৃঢ়পিনদ্ধ নহয় আৰু
সেইটো উপন্যাসখনৰ উল্লেখযোগ্য দিশো নহয়। লাইকা-দধিয়াবাসীৰ গণস্বাস্থ্যৰ বিষয়টোক ঔপন্যাসিকে
এগৰাকী চিকিৎসকৰ চকুৰে লক্ষ্য কৰিছে। অৰণ্যৰ মাজৰ মুক্ত জীৱনবোধৰ সোৱাদ ডাঃ ইৰিণা বৰুৱা
আৰু বকুল বৰাৰ যোগেদি সৃষ্টি কৰা হৈছে। তদুপৰি চোৰাং চিকাৰ, বনৰক্ষীসকলৰ কঠোৰ জীৱন সংগ্ৰাম
আদিও উপন্যাসখনত প্ৰকাশ পাইছে।
পাঞ্চজন্য, গুৱাহাটী, ২০১৭
দীপিকা শইকীয়াৰ কাব্যগ্ৰন্থ কৰ্ণৰ
স্বগতোক্তিত মহাভাৰতৰ ট্ৰেজিক নায়ক মহাৰথী কৰ্ণৰ ক্ষত-বিক্ষত হৃদয় সংবাদ প্ৰকাশ পাইছে।
সমগ্ৰ পুথিখন মুঠতে এটা কবিতা। মানুহৰ অস্তিত্ব, ভৌতিক অস্তিত্ব সাব্যস্তকৰণৰ বাবে মানুহৰ নিৰন্তৰ প্ৰয়াস আৰু
তাৰ কাৰণেই নিৰন্তৰ যুদ্ধৰ সৈতে সহবাস, কৰ্তব্য-অকৰ্তব্যৰ বিচাৰবোধ,
মানুহৰ ভৱিতব্য
সম্পৰ্কে কৰ্ণৰ দৃষ্টিভংগী উপলব্ধি কৰিবলৈ কবিয়ে আন্তৰিকতাৰে যত্ন কৰিছে। গীতিময় স্বয়ংসম্পূৰ্ণ
শব্দচয়নেৰে সালংকৃত কাব্যময় গতিপ্ৰৱাহে পাঠকক এক তুৰীয় জগতলৈ লৈ যাব পাৰে। কবিতাটোৰ
ভাষাও চৰিত্ৰানুগ– সেইবুলি একবিংশ শতিকাৰ
পাঠকৰ বাবে অপৰিচিত নহয়। স্থিতিস্থাপক ভাষাৰে কবিয়ে মানৱীয় প্ৰবৃত্তি-নিবৃত্তিক সময়ে
সময়ে ঢিলাই দিছে, সময়ত আকৌ টানি ধৰিছে।
খ্যাতি অৰ্জন কৰা ঔপন্যাসিক আৰুণি কাশ্যপৰ নৱতম উপন্যাস নৈখন এতিয়া দূৰৈত। অসমৰ এখন
গাঁৱৰ এজন মেধাৱী যুৱক আমেৰিকাৰ বিশ্ববিদ্যালয়ত পঢ়িবলৈ গৈ যিবোৰ ঘটনাৰ মুখামুখী হ’বলগীয়াত পৰিল, কাৰ্যতঃ উপন্যাসখন তাৰেই
ভৰা। কিন্তু গতানুগতিক বৰ্ণনাৰ পৰিৱৰ্তে সামাজিক ভিন্নতাই বিচাৰ-বুদ্ধিৰ ভিন্নতা, ৰুচিবোধকে ধৰি বিভিন্ন দিশত ফুটি
সাংস্কৃতিক ভিন্নতা আদিৰ প্ৰেক্ষিতগতভাৱে ৰাজীৱ নামৰ চৰিত্ৰটোক উপস্থাপন কৰা হৈছে।
ঘটনাচক্ৰত ক্ষত–বিক্ষত
হৈ এটা সময়ত আমেৰিকাত তিষ্ঠিব নোৱাৰি ৰাজীৱে পঢ়া-শুনা আধাতে এৰি অসমলৈ উভতি আহিছে। আমেৰিকাক
পৃথিৱীৰ স্বৰ্গ বুলি সাধাৰণতে বিভিন্ন মাধ্যমৰ যোগেদি তৃতীয় বিশ্বৰ লোকসকলৰ মনত সৃষ্টি
কৰা ধাৰণাটোৰ বিপৰীতে এই উপন্যাসে এজন যুৱকৰ দৃষ্টিৰে প্ৰকৃত আমেৰিকাক আৱিষ্কাৰ কৰিবলৈ
পাঠকক সহায় কৰিব।
২০১৭
অসমীয় ভাষাত চিত্ৰ-ভাস্কৰ্যশিল্প
সম্পৰ্কীয় চৰ্চা আঙুলিৰ মূৰত লিখিব পৰাকৈ কম। প্ৰকৃততে এইটো কাৰণতে অসমত চিত্ৰ-ভাস্কৰ্যশিল্পীসকলৰ
প্ৰতি মানুহৰ আগ্ৰহো কম। কবি নীলমণি ফুকনে আৰম্ভ কৰা শিল্প সমালোচনাৰ ক্ষেত্ৰখনত শেহতীয়াকৈ
সংযোজিত হৈছে ড° ৰাজকুমাৰ মজিন্দাৰৰ নাম। ড° মজিন্দাৰ নিজে চিত্ৰশিল্পী, চিত্ৰশিল্পৰ অধ্যাপকো। গতিকে
শিল্পকলা : ঐতিহ্য আৰু আধুনিকতা শীৰ্ষক পুথিত তেখেতৰ শিল্পদৰ্শন প্ৰকাশ
পোৱাৰ লগতে প্ৰকাশ পাইছে চিত্ৰ-ভাস্কৰ্য সম্পৰ্কে কেইবাটাও দিশত তেখেতৰ অন্তৰ্ভেদী
বিশ্লেষণ। পুথিখনত সৰ্বমুঠ ছাবিছটা লেখা সংকলিত হৈছে। তাৰে দুটামান লেখা হৈছে কথোপকথন
আৰু আন দুটামান হৈছে গ্ৰন্থ সমালোচনা। লেখকে
নিজৰ সময়ৰ পৰিপ্ৰেক্ষিতত শিল্পচৰ্চাৰ সম্পৰ্কেও আন দুটা লেখাত প্ৰকাশ কৰিছে। শংকৰদেৱৰ শিল্পবোধ, পুথিচিত্ৰ, মুখাশিল্প, ছপাচিত্ৰ, প্ৰকৃতিচিত্ৰ, ড্ৰয়িং আদি বিভিন্ন দিশ পুথিখনত
আনুপুংখিকভাৱে আলোচিত হৈছে।
আখৰ প্ৰকাশ, গুৱাহাটী, ২০১৯
নৱজিৎ চেলেঙৰ নন্ ডিজিটেল্
গল্পবোৰ নতুন গল্পকাৰ এজনৰ বলিষ্ঠ আত্মপ্ৰকাশৰ প্ৰমাণ। গল্পগ্ৰন্থখনৰ নামবাচক শব্দ
তিনিটাৰ মাজত থকা নৱনিৰ্মিতিৰ প্ৰয়াস গল্পকাৰজনৰ প্ৰতিটো গল্পৰ মাজতে ঘনীভূত ৰূপত থূপ
খাই আছে। আধুনিক জীৱনশৈলীত মানুহৰ যন্ত্ৰণা বহুমাত্ৰিক হৈ উঠিছে, মানুহৰ নিৰাপত্তাহীনতা হৈ উঠিছে
বহুস্তৰবিন্যস্ত আৰু বিক্ষিপ্ত। এই ভাবকে প্ৰতিটো গল্পৰ বিষয়বস্তু আৰু সেই অনুক্ৰমে
ঘটনাৱলীত উপলব্ধি কৰিব পাৰি। শেহতীয়াকৈ লিখিবলৈ আৰম্ভ কৰা নতুনসকলৰ ভিতৰত নৱজিতে ব্যতিক্ৰমী
ধৰণে কথিত লোকভাষাক কেন্দ্ৰীয় প্ৰকাশভংগীৰ সাৰবস্তু হিচাপে লৈ তেওঁ ৰচনা কৰিছে প্ৰতিটো বাক্য।
তেওঁৰ বচনভংগী সৰল যদিও সৰস ব্যঞ্জনাৰে ওপচা, স্থিতিস্থাপক আৰু চৰিত্ৰানুগত। অসমৰ গ্ৰাম্যজীৱনৰ আপাততঃ ক্ষুদ্ৰ কিন্তু তাৎপৰ্যপূৰ্ণ
চিত্ৰ কিছুমানৰ যোগেদি মুকলি বজাৰৰ ৰূপ লোৱা ক্ৰমশঃ প্ৰকৃতিবিচ্ছিন্ন আধুনিক মানুহৰ
জীৱন-যন্ত্ৰণাকে চিত্ৰায়ণ কৰিবলৈ তেওঁ যত্ন কৰিছে। চৰিত্ৰবোৰৰ মনোজগত উন্মোচনৰ দিশৰ পৰাও
লেখকৰ আন্তৰিকতা উপলব্ধি কৰিব পাৰি। ঘাইকৈ গল্পকাৰৰ কথকতা শৈলীটোৱে কোনো সময়তে চৰিত্ৰবোৰৰ
স্বাচ্ছন্দ্যক কলুষিত
কৰিব পৰা নাই অথবা চৰিত্ৰবোৰৰ অবাধ বিচৰণেও বক্তাক কোনো বিশেষ চৰিত্ৰৰ প্ৰতি বিশেষভাৱে
মনোযোগী কৰি তোলা নাই। ই গল্পকাৰ নৱজিতৰ আন এটা মন কৰিবলগীয়া দিশ। পাঠৰ সামগ্ৰিক তাৎপৰ্য
আৰু আমাৰ ব্যক্তিজীৱনৰ প্ৰায় একেআগি অভিজ্ঞতাৰ বাবেই পাঠকে গল্পবোৰৰ মাজত নিজৰে প্ৰতিফলন
দেখা পায়।
পাঞ্চজন্য, গুৱাহাটী, ২০১৯
কুশল দত্ত অসমীয়া আধুনিক কবিতাৰ
এটা চিনাকি নাম। প্ৰথম অৱস্থাত আৱেগ-নিৰ্ভৰতাৰ ফলত তেওঁৰ দৃষ্টিভংগীৰ স্বচ্ছতা দেখা নগৈছিল। কিন্তু
পৰৱৰ্তী পৰ্যায়ৰ কবিতাত তেওঁৰ মানসিক চৈতন্যৰ বাস্তৱবাদিতা প্ৰমাণ হৈছে। তেওঁৰ সমালোচক
মনটো তীক্ষ্নধী আৰু কাৰ্যকৰী। অতীত-ভৱিষ্যৎ, গাঁও-চহৰ,
পাৰ্থিৱ-অপাৰ্থিৱ
বিবিধ বিষয় আহি তেওঁৰ কবিতাত সংশ্লেষিত হৈছেহি।
নিজৰ সৃষ্টিৰ সম্পৰ্কত তেওঁৰ এটা স্পষ্ট ধাৰণা আছে। সেয়েহে তেওঁৰ কাব্যভাষা
অতি উন্নত, সমসাময়িকসকলৰ ভিতৰত এইটো
দিশত তেওঁ প্ৰথম শাৰীতে থাকিব। শৈলীক লৈও তেওঁ সচেতন সম্পৰীক্ষাত অৱতীৰ্ণ হৈছে। ‘কবিতা’ বুলি ক’লে যেনেকুৱা শব্দৰ কম্প’জিশ্যন এটা মনলৈ আহে, তেনে কম্প’জিশ্যন বাদ দিও দত্তই কিছু লেখা
লিখিছে। শেহতীয়াকৈ কেৱল ছাবিছটা কবিতাৰে তেওঁ প্ৰকাশ কৰি উলিয়াইছে পকা ধানৰ কিৰীটি
শীৰ্ষক কাব্যগ্ৰন্থখন। শিল্পী অধ্যাপক ড° ৰাজকুমাৰ মজিন্দাৰৰ ড্ৰয়িঙেৰে
আৰু মনোজ কুমাৰ চক্ৰৱৰ্তীৰ প্ৰচ্ছদেৰে সমৃদ্ধ কিতাপখনত কবিতাৰ সংখ্যা নিচেই কম হ’লেও এইখন কিতাপ নিশ্চিতভাৱে অসমীয়া
কবিতাৰ সাম্প্ৰতিক সময়ৰ এখন প্ৰতিনিধিত্বমূলক প্ৰতিফলক।
অসমীয়াৰ উশাহ-নিশাহৰ সম্বন্ধ আছে যদিও সাম্প্ৰতিক সময়ত বুৰঞ্জীৰ প্ৰতি আমাৰ আগ্ৰহ ক্ৰমশঃ
টুটি অহা বুলি অনুভৱ হয়। সম্ভৱতঃ এইটো কাৰণতে, নিজৰ শিপা সম্পৰ্কীয় স্পষ্ট ধাৰণা নোহোৱা কাৰণেই বৰ্তমান সময়তো
অসমীয়াই বাৰে বাৰে বঞ্চিত আৰু প্ৰতাৰিত হ’বলগীয়া অৱস্থাত পৰিছে। উদীয়মান লেখক টুনুজ্যোতি গগৈয়ে বুৰঞ্জীৰ
নামত প্ৰচলিত সত্য সম্পৰ্কে নিজৰ অনুসন্ধিৎসাৰ পৰিচয় দি সময়ে সময়ে বহু প্ৰবন্ধ লিখি
আহিছে। তেনে তেৰটা প্ৰবন্ধৰ সংকলন চকৰীফেঁটী বুৰঞ্জীৰ নজ্বলা অধ্যায়। বুৰঞ্জী
অধ্যয়নৰ বেলিকা যিমান পাৰি সিমানলৈ তেওঁ নিৰ্বিকাৰ হৈ বস্তুনিষ্ঠ দৃষ্টিভংগী পোষণ কৰিবলৈ যত্ন কৰিছে।
একে সময়তে সমকালীন সমাজত গা কৰি উঠা বিভিন্ন কেৰোণৰ ঐতিহাসিক প্ৰেক্ষাপট বিচাৰ কৰিবলৈও
তেওঁ যত্নপৰ হৈছে। প্ৰকাশ পোৱাৰ দুমাহৰ ভিতৰতে দ্বিতীয় সংস্কৰণ ওলোৱা পুথিখনে ইতিমধ্যে
তিনিটা সংস্কৰণৰ ৰূপত প্ৰকাশ লাভ কৰিছে।
অনুৰাগ মানসৰ কাব্যচেতনাৰ প্ৰধান দিশ। তেওঁ নিজে এজন চিত্ৰশিল্পীও। প্ৰকৃতি আৰু মানুহৰ
সম্পৰ্কৰ নিবিড়তা, ইতিহাস অনুসন্ধান, মূৰ্ত-বিমূৰ্তৰ মাজত সম্পৰ্কবোধ
আৰু গ্ৰাম্য প্ৰকৃতিনিৰ্ভৰ পটভূমিত নিজৰ অস্তিত্ববোধ তেওঁৰ কাব্যসৃষ্টিৰ অনুপ্ৰেৰণাত
ক্ৰিয়াশীল। সাতত্ৰিছটা কবিতাৰে সমৃদ্ধ তেজত গজা দুপৰীয়াটো–ৰ কবিতাখিনি ভাগ কৰা হৈছে
চাৰিটা থূলত— ক্ৰমে পিতাই আৰু পুৱতি নিশাৰ কথকতা, মাতষাৰ কঁপোতে, নিজক বিচাৰি নাপাই ঘূৰি আহোঁতে আৰু তেজত গজা দুপৰীয়াটোৰ
সৈতে বুলি। প্ৰখ্যাত শিল্পী পৰেশ ভূঞা আাৰু হোমেন শইকীয়াৰ ৰেখাঙ্কনেৰে সমৃদ্ধ অকণমান
কিতাপখনৰ কবিতাখিনি পঢ়িবলগীয়া। নান্দনিক ৰূপত সজ্জিত কিতাপখনৰ মাজত এজন প্ৰতিশ্ৰুতিৱান
কবিৰ অস্তিত্ব বিদ্যমান।










