লাইব্রেৰি এণ্ড্ ইন্‌ফৰমেশ্বন ছায়েন্স

ড° বুলজিৎ
বুঢ়াগোহাঁই



‘লাইব্রেৰি
এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ পঢ়ি ছাত্র-ছাত্রীসকলে কেৰিয়াৰ গঢ়িব পাৰে
৷ ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে যিকোনো শাখাত স্নাতক চূড়ান্ত
পৰীক্ষাত উত্তীৰ্ণ হোৱা
ৰ পাছত ‘লাইব্রেৰি
এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’
–ৰ চাৰ্টিফিকেইট, ডিপ্ল’মা, স্নাতক
  তথা স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷ ইয়াৰ উপৰি ‘লাইব্রেৰি এণ্ড্ ইন্‌ফৰমেশ্বন ছায়েন্স’–ত এম.ফিল. আৰু পিএইছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে৷
দেশৰ বিভিন্ন
স্থানৰ লগতে অসমতো ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’
–ত
শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে
৷ অসমৰ ‘গুৱাহাটী বিশ্ববিদ্যালয়’ (http://www.gauhati.ac.in/)–ত
‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা
৩০ খন
৷ এম.ফিল. পাঠ্যক্রমত আসনৰ সংখ্যা ৫ খন৷ লগতে গুৱাহাটী বিশ্ববিদ্যালয়ত ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ত
পিএই
ছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে৷
ডিব্রুগড়
বিশ্ববিদ্যালয় (
http://www.dibru.ac.in/)–ত
‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতক পাঠ্যক্রমত আসনৰ সংখ্যা ২৪ খন
আৰু স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২০ খন
৷
অসম
বিশ্ববিদ্যালয় (
http://www.aus.ac.in/)–ত
‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা
২৫ খন
৷ ইয়াত ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ বিষয়ৰ
স্নাতকোত্তৰ পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীগৰাকী যিকোনো বিষয়ত
স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষাত ৪৫% নম্বৰ
ৰ
সৈতে উত্তীৰ্ণ হ’ব লাগে
৷ এই পাঠ্যক্রমত নামভৰ্তিৰ বাবে শিক্ষাৰ্থীসকলে এটা বাছনি পৰীক্ষা, গ্রুপ ডিছ্‌কাশ্বন (Group Discussion) আৰু সাক্ষাৎকাৰৰ মুখামুখি হ’ব
লাগে
৷ অসম বিশ্ববিদ্যালয়ত ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন
ছায়েন্স’ বিষয়ত এম.ফিল. আৰু পিএই
ছ.ডি. পাঠ্যক্রম অধ্যয়ন কৰাৰ সুবিধা আছে৷
 ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন
ছায়েন্স’ বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ কেইখনমান
শিক্ষানুষ্ঠান হ’ল— দিল্লী বিশ্ববিদ্যালয় (
http://www.du.ac.in), কলকতা বিশ্ববিদ্যালয় (www.caluniv.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (http://www.bhu.ac.in), অলাগপ্পা বিশ্ববিদ্যালয় (http://alagappauniversity.ac.in), আলিগড় মুছলিম বিশ্ববিদ্যালয় (www.amu.ac.in), অন্ধ্ৰ বিশ্ববিদ্যালয় (www.andhrauniversity.edu.in), আন্নামালাই  বিশ্ববিদ্যালয় (http://annamalaiuniversity.ac.in), বেনাৰস হিন্দু বিশ্ববিদ্যালয় (www.bhu.ac.in), বাংগালোৰ বিশ্ববিদ্যালয় (http://bangaloreuniversity.ac.in), মুম্বাই বিশ্ববিদ্যালয় (www.mu.ac.in), দেৱী অহল্যা বিশ্ববিদ্যালয় (www.dauniv.ac.in), ড° বি.
আৰ. আম্বেদকাৰ বিশ্ববিদ্যালয় (
www.dbrau.ac.in), ড° হৰিসিং
গৌৰ বিশ্ববিদ্যালয় (
http://www.dhsgsu.ac.in), গুজৰাট বিশ্ববিদ্যালয় (www.gujaratuniversity.org.in), গুলবাৰগা বিশ্ববিদ্যালয় (www.gulbargauniversity.kar.nic.in), গুৰু ঘাচিদাস বিশ্ববিদ্যালয় (www.ggu.ac.in), গুৰু নানক দেৱ বিশ্ববিদ্যালয় (www.gndu.ac.in), যাদৱপুৰ বিশ্ববিদ্যালয় (www.jaduniv.edu.in), জামিয়া মিলিয়া
ইছলামিয়া (
http://jmi.ac.in), কুৰুক্ষেত্র
বিশ্ববিদ্যালয় (
www.kuk.ac.in), লক্ষ্নৌ বিশ্ববিদ্যালয় (www.lkouniv.ac.in), এম. এছ. যুনিভাৰ্ছিটি অৱ বৰ’ডা (www.msubaroda.ac.in), উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয় (http://www.nehu.ac.in), অ’ছমানিয়া বিশ্ববিদ্যালয় (www.osmania.ac.in), পাঞ্জাৱ বিশ্ববিদ্যালয় (http://puchd.ac.in), পাটনা বিশ্ববিদ্যালয় (www.patnauniversity.ac.in), হায়দৰাবাদ বিশ্ববিদ্যালয় (http://www.uohyd.ac.in/), জম্মু বিশ্ববিদ্যালয় (http://www.jammuuniversity.in), কাশ্মীৰ বিশ্ববিদ্যালয় (www.kashmiruniversity.net), কেৰেলা বিশ্ববিদ্যালয় (http://www.keralauniversity.ac.in), এলাহাবাদ বিশ্ববিদ্যালয় (www.allduniv.ac.in), মাদ্রাছ বিশ্ববিদ্যালয়  (www.unom.ac.in), মহীশূৰ
বিশ্ববিদ্যালয় (
www.uni-mysore.ac.in), পুনে বিশ্ববিদ্যালয় (www.unipune.ac.in), ৰাজস্থান বিশ্ববিদ্যালয় (www.uniraj.ac.in)৷  দূৰ শিক্ষা যোগেদিও ‘লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’ পাঠ্যক্রম অধ্যয়ন
কৰিব পাৰি
৷ এখন উল্লেখযোগ্য শিক্ষানুষ্ঠান হ’ল— ইন্দিৰা গান্ধী
ৰাষ্ট্ৰীয় মুক্ত বিশ্ববিদ্যালয় (
www.ignou.ac.in)৷ এই শিক্ষানুষ্ঠানবোৰত ‘লাইব্রেৰি
এণ্ড ইন্‌ফৰমেশ্বন ছায়েন্স’
–ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তিৰ
বাবে প্রয়োজন হোৱা শিক্ষাগত অৰ্হতা তথা নামভৰ্তি প্রক্রিয়া শিক্ষানুষ্ঠান অনুযায়ী
বিভিন্ন হয়
৷ সবিশেষ তথ্য জানিবৰ বাবে শিক্ষানুষ্ঠানবোৰৰ ৱেবছাইটত
চাব পাৰে
৷  
‘লাইব্রেৰি
এণ্ড ই
ন্‌ফৰমেশ্বন ছায়েন্স’–ৰ বিভিন্ন
  ডিপ্ল’মা আৰু ডিগ্রী লাভ কৰাসকলে চৰকাৰী-বেচৰকাৰী খণ্ডৰ সকলো
শিক্ষানুষ্ঠানকে ধৰি বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানৰ বিভিন্ন গ্রন্থাগাৰত বিভিন্ন
পদত নিযুক্তি লাভ কৰিব পাৰে
৷ যেনে— এচিচষ্টেণ্ট
লাইব্ৰেৰিয়ান (
Assistant Librarian), কেটেলগাৰ (Cataloguer),
টেক্‌নিকেল এছিছটেণ্ট (Technical
Assistant), ৰেকৰ্ড মেনেজাৰ (Records Manager), ৰেফাৰেন্স লাইব্ৰেৰিয়ান (Reference Librarian), ডেপুটি
লাইব্ৰেৰিয়ান (
Deputy Librarian), ডকুমেণ্টেশ্বন অফিচাৰ (Documentation Officer), ইণ্ডেক্সাৰ (Indexer),
ইন্‌ফৰমেশ্বন এনালিষ্ট (Information
 Analyst), ইন্‌ফৰমেশ্বন
আৰ্কিটেক্ট (
Information
 architect), ইন্‌ফৰমেশ্বন এক্সিকিউটিভ (Information Executive), ইন্‌ফৰমেশ্বন
অফিচাৰ (
Information
 Officer), জুনিয়ৰ ইন্‌ফৰমেশ্বন এনালিষ্ট (Junior Information Analyst), জুনিয়ৰ
লাইব্ৰেৰিয়ান (
Junior Librarian), ল লাইব্ৰেৰিয়ান (Law
Librarian), লাইব্ৰেৰিয়ান (Librarian), চিফ্‌
লাইব্ৰেৰিয়ান (
Chief Librarian), লাইব্রেৰি এণ্ড ইন্‌ফৰমেশ্বন অফিচাৰ (Library
 and Information Officer), লাইব্রেৰি
এছিছটেণ্ট (Library
 Assistant), ছিনিয়ৰ
ইন্‌ফৰমেশ্বন এনালিষ্ট (
Senior
 Information Analyst), লাইব্রেৰি এছিছটেণ্ট (Senior Library Information Assistant ) আদি৷
ভ্ৰাম্যভাষ: ৯৪৩৫১৮৮৬৩০
ই-মেইল: buljit@gmail.com