পম্পী শৰ্মা খাউণ্ড
বৰ মানিমুনি আৰু সৰু মানিমুনি দি বনোৱা মাছৰ জোল

উপকৰণ
ল মাছ ৪/৫ টুকুৰা
মানিমুনি ৪/৫ মুঠি (পতাত পিহি লোৱা)
আলু ২টা (বল কৰি লোৱা)
আদানহৰু পেষ্ট ১ চামুচ 
কেঁচা জলকীয়া ১ টা 
জালুক গুড়ি‍ ১ চামুচ 
নিমখহালধি জোখ অনুপাতে
তেল জোখ অনুপাতে

প্ৰণালী: প্ৰথমে মাছকেইটা
ধুই নিমখ
, হালধি সানি ফ্ৰাই কৰি ল
এতিয়া পতাত মানিমুনিখিনি
মিহিকৈ পি
হি এতিয়া এখন কেৰাহীত তেল দি পাঁচ
ফোৰ
আৰু কেঁচা জলকীয়া, আদা, নহৰু পেষ্ট দিব। আলুখিনি দি হিচাপ মতে নিমখ, হালধি
আৰু জালুক
গুড়ি দি পিহি লোৱা মানিমুনিখিনি
দি অলপমান ভাজি লৈ পানী দি উতলাত মাছকেইটুকুৰা
  দি আকৌ ভালদৰে
উতলিবলৈ দি নমাই দিব

খাৰেৰে ৰন্ধা কুকুৰা মাংস
(কুকুৰা মাংস খাৰ দি ৰন্ধা— তেলবিহীন)

(এইবিধ খাদ্য সাধাৰণতে গাৰো জনগোষ্ঠীৰ
প্ৰিয় খাদ্য)


উপকৰণ
কুকুৰা মাংস আধা কেজি/এক কেজি
খাৰ ১ চামুচ
পিঁয়াজ ২টা
কেঁচা জলকীয়া/ ভোট জলকীয়া ১ টা
আদা ১ টুকুৰা
নহৰু ৫ ফুটা
তেজপাত ২ খিলা
নিমখ জোখ অনুপাতে
কেঁচা ধনিয়াৰ পাত ১ মুঠি

প্ৰণালী: প্ৰথমে
মাংসখিনি ধুই টুকি ল
এতিয়া পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়া পেষ্ট
কৰি ল

এতিয়া এখন কেৰাহী
গেছত গৰম কৰি মাংসখিনি
ঢালি লৰাই ঢা মাৰি দিব। যেতিয়া মাংসখিনিৰ পৰা তেল উলাব, তেতিয়া
পেষ্ট কৰি লোৱা
পিঁয়াজ, আদা, নহৰু, কেঁচা জলকীয়াৰ পেষ্টখিনি দি ভালদৰে লৰাই দিব।
লগত নিমখ দিব। যেতিয়া
মাংসখিনি সিজিব,
তেতিয়া খাৰ চামুচ দি হিচাপ মতে পানী দি উতলিবলৈ দিব। যেতিয়া মাংসখিনি উতলি জোলখন
ডাঠ হ
ব তেতিয়া কেঁচা জলকীয়া আৰু কেঁচা ধনিয়াপাত কাটি নমাই দি গৰমে ভাতৰ লগত পৰিৱেশন
কৰক। এইবিধ ব্যঞ্জন খাবলৈ খুব সোৱাদ ভৰা হয়



মাটি মাহেৰে
ৰন্ধা কুকুৰাৰ মাংস
 

উপকৰণ
মাটি মাহ ২ কাপ
কুকুৰা মাংস আধা কিল’গ্ৰাম
পিঁয়া ২টা (কাটি লোৱা)
আদানহৰু পেষ্ট ২চামুচ
খাৰ ২চামুচ
বিলাহী ১টা (কাটি লোৱা)
নিয়া গুড়ি, জীৰা গুড়ি, মিট মলাজলকীয়া গুড়ি‍ জোখ অনুপাতে
শুকান জলকীয়া ২টা
তেজপাত ২খিলা
নিমখহালধিতেল জোখ অনুপাতে
কেঁচা জলকীয়া ৩/৪টা
কেঁচা ধনিয়া পাত ১মুঠি (কাটি লোৱা)


প্ৰণালী: প্ৰথমতে
মাটি মাহখিনি ২/৩ ঘ
ণ্টামান সময় পানীত তিয়াই থৈ বাকলি গুচাই
ধুই ল
এতিয়া এটা প্ৰেছাৰ কুকাৰত মাটি মাহখিনি দি নিমখ
দিব। লগত খাৰ দুই চামুচ দি ২/৩ হুইচেল আহিবলৈ দি নমাই থ
এতিয়া এটা পাএত
মুৰ্গী
মাংসখিনি লব। লগত হিচাপ অনুপাতে নিমখ,
হালধি, তেল, জলকীয়া গুড়ি, জীৰা গুড়ি, নিয়া গুড়ি, মিট মলা এই সকলো বস্তু দি
ভালদৰে সানি আধা ঘ
ণ্টামান সময় ঢাকি থ
এতিয়া এটা
কেৰাহীত তেল দি শুকান জলকীয়া
, তেজপাত দিব লগত কাটি লোৱা পিঁয়াজ ,আদা, নহৰু পেষ্টখিনি দি
ৰঙচুৱা হোৱালৈকে ভাজি লৈ মুৰ্গী
মাংসখিনি দিব ভালদৰে লৰাই ঢাকি দিব। এতিয়া কাটি লোৱা বিলাহী আৰু কেঁচা জলকীয়া দিব পুৰ লৰাই দিব। যেতিয়া মাংসখিনি ভালদৰে ভাজ খাব,
তেতিয়া সিজাই থোৱা মাটি মাহখিনি মাংসখিনি
লগত ঢালি দি ভালদৰে লৰাই ঢাকি দিব। যেতিয়া মাংসখিনি
ভালদৰে মাটি মাহখিনিৰ লগত মিলি যাব
, তেতিয়া গেছ অফ কৰি ওপৰত
কেঁচা ধ
নিয়া পাত কাটি দি গৰমে গৰমে ভাতৰ লগত পৰিৱেশন কৰক
খাবলৈ বৰ
সুস্বাদু হয়