ড° ৰাস্না ৰাজখোৱা
যিবোৰ ৰাশিক আমি জুখিব
পাৰোঁ সেই ৰাশিবোৰক ভৌতিক ৰাশি (physical quantity) বুলি কোৱা হয়। উদাহৰণস্বৰূপে
সময়, দীঘ, ওজন, বেগ ইত্যাদি ৰাশিসমূহক জুখিব পাৰোঁ বাবেই এইবোৰ ভৌতিক ৰাশি। আনহাতে
আমাৰ গাটো বেয়া লগা বা মনটো ভাল লাগি থকা— এই ‘ভাল লগা’, ‘বেয়া লগা’ কথাবোৰৰ
পৰিমাণ জুখিব নোৱাৰি, গতিকে ইহঁত ভৌতিক ৰাশি নহয়। ভৌতিক ৰাশিসমূহ দুই ভাগত ভাগ
কৰা হয়। যিবোৰ ৰাশি প্রকাশ কৰিবলৈ আন কোনো ৰাশিৰ প্ৰয়োজন নহয় (যেনে— দীঘ, ভৰ, সময়,
বিদ্যুৎ প্রৱাহ, পদাৰ্থৰ পৰিমাণ, উষ্ণতা, দীপন প্রাবল্য), সেইবোৰ ৰাশিক মৌলিক ৰাশি
(fundamental quantity) আৰু যিবোৰ ৰাশিক প্রকাশ কৰিবলৈ মৌলিক ৰাশিৰ প্ৰয়োজন হয়,
সেইবোৰ ৰাশিক যৌগিক বা লব্ধ ৰাশি (derived quantity) (যেনে—বেগ, ক্ষেত্ৰফল, বল,
চাপ ইত্যাদি) বুলি কোৱা হয়। যিকোনো এটা ভৌতিক ৰাশিক সাংখ্যিক মান আৰু এককৰ দ্বাৰা
প্ৰকাশ কৰা হয়। অৱশ্যে কিছুমান ভৌতিক ৰাশি প্রকাশ কৰিবলৈ সাংখ্যিক মান আৰু এককৰ
উপৰি দিশৰো প্ৰয়োজন হয়। এনে ৰাশিক সদিশ ৰাশি (vector quantity) বোলে। আমাক যদি
এটা সাংখ্যিক মান কোৱা হয়, তেনেহ’লে কোনটো ভৌতিক ৰাশিৰ বিষয়ে উল্লেখ কৰিছে আমি
ধৰিব নোৱাৰোঁ। কিন্তু সাংখ্যিক মানটোৰ লগত এককটো উল্লেখ কৰিলে ভৌতিক ৰাশিটোৰ
বিষয়ে গম পোৱা যায়। যদি কোনোবাই ’১০ কিল’গ্ৰাম’ বুলি কয়, তেনেহ’লে কোনো এটা
বস্তুৰ ভৰৰ কথা; ’১০ মিটাৰ’ বুলি ক’লে কোনো বস্তুৰ দীঘৰ কথা, ‘১০ ছেকেণ্ড’ বুলি ক’লে
সময়ৰ কথা কৈছে বুলি বুজা যায়। এক মিটাৰ বুলি ক’লে ভাৰতবৰ্ষৰ মানুহ এজনে দীঘৰ
যিটো পৰিমাণ বুজে, আন এখন দেশৰ মানুহেও সেই একে পৰিমাণ বুজিবলৈ অৰ্থাৎ এখন দেশৰ
মানুহে আন এখন দেশৰ মানুহক যিটো ভৌতিক ৰাশিৰ বিষয়ে যি পৰিমাণৰ কথা কৈছে, সেইটো
সঠিকভাৱে বুজিবলৈ সাতটা মৌলিক ৰাশিৰ একক লৈ ১৯৬০ চনত জেনেভাত বহা ‘ওজন আৰু পৰিমাপ’-ৰ
আৰ্ম্তজাতিক মহাসভাই আৰ্ম্তজাতিক একক পদ্ধতি নামে নতুন সুসংগত এক পদ্ধতি প্রৱৰ্তনৰ
বাবে অনুমোদন জনাইছিল। এই আন্তৰ্জাতিক একক পদ্ধতিটোক সংক্ষেপে SI পদ্ধতি বুলি
উল্লেখ কৰা হয়। এই পদ্ধতিত দীঘৰ একক মিটাৰ, ভৰৰ একক কিল’গ্ৰাম, সময়ৰ একক ছেকেণ্ড
ইত্যাদি। কিন্তু প্ৰত্যেক দেশৰ বা ৰাজ্যৰ বা একো একোটা অঞ্চলৰ কিছুমান সুকীয়া
বৈশিষ্ট্য, প্ৰচলিত শব্দ বা পৰম্পৰা থকাৰ দৰে পৰম্পৰাগত জোখ-মাখ আৰু এককো থাকে।
এতিয়াও বজাৰত এপোণ বা একঁৰা তামোল বেচা-কিনা দেখা যায়। ‘এপোণ’, ‘একৰা’ বা ওজনৰ
একক ‘তোলা’, ‘ৰতি’ এককবোৰ বোধহয় অসমতহে প্রচলন হয়। বৰ্তমান আমি প্রায়বোৰ
জোখ-মাখৰ ক্ষেত্ৰত SI পদ্ধতিটো ব্যৱহাৰ কৰোঁ, কিন্তু প্রাচীন অসমত জোখ-মাখৰ ধাৰণাটো
অলপ বেলেগ ধৰণৰ আছিল।

প্রাচীন অসমত
ব্যৱসায়-বাণিজ্য বিনিময় প্রথাৰে (barter system) চলিছিল। আজিও এই প্রথা ক’ৰবাত
কমকৈ হ’লেও দেখা যায়, বিশেষকৈ উত্তৰ-পূবৰ পাহাৰীয়া অঞ্চলত কিছুমান জনগোষ্ঠীৰ
মাজত বিনিময় প্রথা চলে। প্রাচীন অসমত, বিশেষকৈ পাহাৰীয়া অঞ্চলত ওজন আৰু জোখ-মাখৰ
ধাৰণাটো স্পষ্ট নহয়। তেওঁলোকে বস্তুৰ আকাৰ আৰু ওজন ইংগিতেৰে বা তুলনা কৰি বৰ্ণনা
কৰিছিল। কোনো পথৰ দৈৰ্ঘ্য বুজাবলৈ হ’লে, ‘তামোল এখন খোৱাৰ পৰ’ বা ‘এদিনৰ বাট’,
‘তিনি দিনৰ বাট’— এনেদৰেই বৰ্ণনা কৰিছিল।

সময়ৰ ক্ষেত্রত
প্রাচীন অসমত, সময় দিনৰ ভাগত সূৰ্যৰ আৰু নিশা চন্দ্ৰৰ অৱস্থানৰ ভিত্তিত নিৰূপণ
কৰা হৈছিল। ৰাতিপুৱা ‘ধলফাট দিয়া সময়’, সন্ধিয়া ‘বেলি পাতত বহা সময়’ বুলি
বৰ্ণনা কৰা হৈছিল। কেতিয়াবা ৰাতিপুৱাক ‘চৰাই পুৱা’ বুলিও কোৱা হৈছিল। কিন্তু অসমত
জ্যোতিষ বিদ্যাৰ প্ৰসাৰৰ লগে লগে সময়ৰ নিখুঁত গণনা আৰম্ভ হ’ল।

আনহাতে প্রাচীন অসমত
ওজনৰ ক্ষেত্ৰত কোনো একক নাছিল। নিৰ্দিষ্ট আয়তনৰ পাচিৰ জোখমতে বস্তুৰ বিনিময়
কৰিছিল। কিন্তু মধ্যযুগৰ শেষৰ ফালে জোখ-মাখৰ কিছুমান একক ব্যৱহাৰ কৰিবলৈ আৰম্ভ
কৰে। সেইবোৰ হ’ল—
ওজনৰ ক্ষেত্ৰত কোনো একক নাছিল। নিৰ্দিষ্ট আয়তনৰ পাচিৰ জোখমতে বস্তুৰ বিনিময়
কৰিছিল। কিন্তু মধ্যযুগৰ শেষৰ ফালে জোখ-মাখৰ কিছুমান একক ব্যৱহাৰ কৰিবলৈ আৰম্ভ
কৰে। সেইবোৰ হ’ল—
| ১) মুদ্ৰাৰ হিচাপ | |
|---|---|
| ২০ বিন্দু | = ১ ঘূণ |
| ১৬ ঘূণ | = ১ তিল |
| ২০ তিল | = ১ কাক |
| ৩ যব | = ১ দন্তী |
| ৩ দন্তী | = ১ ক্ৰান্তি |
| ৩ ক্ৰান্তি | =৪ কাক | =৯ দন্তী | = ১৫ তিথি | = ২৭ যব | = ৮০ তিল | = ১ কড়া |
| ৪ কড়া | = ১ গণ্ডা |
| ২০ ক্ৰান্তিক | = ১ পাই |
| ২ অৰ্ধ-পইছা | = ৩ পাই | = ৫ গণ্ডা | = ১ পইছা |
| ২ পইছা | = ৬ পাই | = ১ ডাবল পইছা |
| ৪ পইছা | = ২ ডাবল পইছা | = ১২ পাই | = ২০ গণ্ডা | = ১ অনা |
| ২ অনা | = ৪ ডাবল পইছা | = ১ আদমহীয়া বা দুঅনা বা দুয়ানি |
| ২ আদমহীয়া বা দুয়ানি | = ৪ অনা | = ১ সিকি | = মহা |
| ২ সিকি | = ৪ আদমহীয়া | = ৮ অনা | = ১ আধলি |
| ২ আধলি | = ৪ সিকি | = ৮ আদমহীয়া | = ১৬ অনা | = ১ টকা |
| ১৬ টকা | = ১ মোহৰ |
উল্লেখযোগ্য যে অৰ্ধ-পইছা, পাই, পইছা আৰু ডাবল পইছা এই চাৰিটা তামৰ মুদ্ৰা। আনহাতে দুয়ানি, সিকি, আধলি আৰু টকা ৰূপৰ
মুদ্ৰা, মোহৰ, সোণৰ মুদ্ৰা। তাম, ৰূপ আৰু সোণ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কড়িও
মুদ্ৰা হিচাপে প্ৰচলন কৰা হৈছিল। উদাহৰণস্বৰূপে—
মুদ্ৰা, মোহৰ, সোণৰ মুদ্ৰা। তাম, ৰূপ আৰু সোণ মুদ্ৰা হিচাপে ব্যৱহাৰ কৰাৰ উপৰি কড়িও
মুদ্ৰা হিচাপে প্ৰচলন কৰা হৈছিল। উদাহৰণস্বৰূপে—
| ৪ কড়া | = ১ গণ্ডা |
| ৫ গণ্ডা | = ১ বুড়ি বা পইছা |
| ৪ পইছা বা বুড়ি | = ১ অনা বা পণ |
| ৪ পণ | = ৪ অনা | = ১ চক |
| ৪ চক | = ১৬ পণ | = ১ টকা বা কাহন |
যদি কড়াই-গণ্ডাই কোনোবাই হিচাপ বিচাৰে,
সেই সময়ত তাৰ হিচাপ দিব পৰাৰ পূৰা মাত্ৰাই ব্যৱস্থা আছিল। এক টকাৰ (১৬ x ৪ x ৫ x৪)
= ১২৮০ ভাগ পৰ্যন্ত জোখৰ হিচাপ দিব পাৰি। প্রাচীন অসমত বিনিময় প্রথাৰে ব্যৱসায়-বাণিজ্য
চলিছিল যদিও পৰম্পৰাগতভাৱে কিছুমান হিচাপৰ জোখ-মাখ আছিল।

|
২) সোণ, ৰূপ, ৰত্নৰ জোখ-মাখ
|
|
|---|---|
| ৪ টা ধান/৬ টা ধান | = ১ ৰতি বা ৰাতি |
| ৬ ৰতি | = ১ অনা (=৭২৯ মিলি গ্রাম) |
| ২ অনা বা ১২ ৰতি | = ১ আদমহা |
| ২ আদমহা বা ৪ অনা | = ১ মহা বা সিকি |
| ৪ মহা বা ১৬ অনা বা ৯৬ ৰতি | = ১ তোলা বা ভৰি বা এটকা (১১.৬৪৬৪ গ্রাম) |
| ৮০ তোলা | = ১ সেৰ |
| ১ আধলি | = এতোলাৰ আধা (৫.৮৩২ গ্রাম) |
এক চৰু সোণ = আহোম যুগৰ প্রচলিত জোখ,
য’ত নদীৰ বালি ধুই সোণ কমোৱা হৈছিল। ওজন প্রায় ১৫.১৮ গ্ৰাম।
য’ত নদীৰ বালি ধুই সোণ কমোৱা হৈছিল। ওজন প্রায় ১৫.১৮ গ্ৰাম।
(ৰতি— ক্ষুদ্ৰতম জোখ। তিনি প্রকাৰৰ
ৰতিৰ জোখ পোৱা যায়। সকলো অলংকাৰৰ ক্ষেত্ৰত ৰতিৰ জোখ =১৮৭ মিলি গ্রাম। সোণাৰিৰ ৰতিৰ জোখ = ১৬২ মিলি গ্ৰাম,
মুক্তাৰ ক্ষেত্ৰত = ১০৮ মিলি গ্রাম।)
ৰতিৰ জোখ পোৱা যায়। সকলো অলংকাৰৰ ক্ষেত্ৰত ৰতিৰ জোখ =১৮৭ মিলি গ্রাম। সোণাৰিৰ ৰতিৰ জোখ = ১৬২ মিলি গ্ৰাম,
মুক্তাৰ ক্ষেত্ৰত = ১০৮ মিলি গ্রাম।)
|
৩) গোটা বস্তুৰ ওজন
|
|
|---|---|
| ৪ গোট বা কড়া | = ১ গণ্ডা বা মহা |
| ৪ গণ্ডা বা ৪ মহা | = ১ তোলা |
= ৯৬ ৰতি (১১.৭ গ্ৰাম)
|
| ৫ সিকি বা ৫ গণ্ডা বা ৫ মহা | = ১ কাচ্চা |
| ৪ কাচ্চা বা ৫ তোলা | = ১ ছটাক (প্ৰায় ৫৮.৫ গ্রাম) |
| ৪ ছটাক বা ১৬ কাচ্চা বা ২০ তোলা | = ১ পোৱা |
| ৷ সেৰ | = ১ পোৱা |
| ।। সেৰ | = ২ পোৱা |
|
ͷ সেৰ |
= ৩ পোৱা |
| د৷ সেৰ | = ৫ পোৱা |
| ৪ পোৱা বা ১৬ ছটাক বা ৮০ তোলা | = ১ সেৰ (প্ৰায় ৯৩৬ গ্রাম) |
| ১ ভাৰ | = ২ সেৰ |
| ৫ সেৰ | = ১ ধাৰা বা পাল্লা বা পচৰি (৪.৬৮ কেজি) |
| ৮ পচৰি বা ধাৰা বা ৪০ সেৰ | = ১ মোন (= ৩৭.৪৪ কেজি) |
|
৪) ধান-চাউলৰ ওজন
|
|
|---|---|
| ৩ পোহাই বা আধা সেৰ বা ৪০ টকা | = ১ কঠা |
| ২ কঠা | = ১ সেৰ |
| ১০ কঠা বা ৫ সেৰ | = ১ দোণ |
| ৩ দোণ বা ১৫ সেৰ | = ১ আড়ি |
| ৪ দোণ বা ২০ সেৰ | = ১ পূৰা |
| ২ পূৰা | = ১ মোন |
| ৩ পূৰা বা ৪ আড়ি | = ১ ঢোল |
|
৫) বস্তুৰ জোখ
|
|
|---|---|
| ৬ দন্তি | = ১ ক্ৰান্তি |
| ৪ গোট বা কড়া | = ১ গণ্ডা |
| ৫ গণ্ডা | = ১ বুড়ি বা কুড়ি |
| ৪ বুড়ি বা ২০ গণ্ডা বা ৮০ টা | = ১ পোণ বা অনা |
| ৪ পোণ বা অনা | = ১ চক |
| ১৬ পোণ | = ৪ চক | = ১ কাওণ | = ১ টকা |
|
৬) আয়তনভিত্তিক জোখ
|
|
|---|---|
| ১ কঠা |
= দহ মুঠি আয়তনৰ সমান (প্রায় ৪৫০ গ্রাম)
|
| ১ ঢোল |
= তিনি পূৰা ওজন আৰু আয়তনৰ সমান। ইয়াৰ প্রকৃত মান নিৰ্ভৰ কৰিব কেনেকুৱা ধৰণৰ পূৰা ব্যৱহাৰ কৰিছে, তাৰ ওপৰত।
|
| ১ দোণ | = দহ কঠা বা এশ মুঠি |
| ১ পূৰা |
= ৩ দোণ বা এক অৰিয়া। পূব অসমত ইয়াৰ মান ১৪ কেজি, পশ্চিম অসমত ‘অৰিয়া’ ব্যৱহাৰ নকৰে। ই চাউলৰ চাৰি দোণৰ সমান, ওজন প্ৰায় ১৮ কেজি।
|
উল্লেখযোগ্য যে চাং ৰুং ফুকনৰ বুৰঞ্জীত
উল্লেখ থকা ‘ডাঙ্গ’ আৰু ‘কম’ একক দুটাৰ জোখৰ বিষয়ে ক’তো পঢ়িবলৈ নোপোৱাত এই বিষয়ে
জনা কেইবাজনো ব্যক্তিৰ লগত যোগাযোগ কৰিছিলোঁ। তেখেতসকলৰ ভিতৰত শিৱসাগৰ কন্যা মহাবিদ্যালয়ৰ
বুৰঞ্জী বিভাগৰ অধ্যাপক শ্রীযুত প্রৱীণ শৰ্মাদেৱে শিৱসাগৰৰ কেইজনমান বয়োবৃদ্ধ লোকৰ
সৈতে আলোচনা কৰি তলত উল্লেখ কৰা তথ্যকেইটা আমাক যোগান ধৰিছে। এই সুযোগতে তেখেতক ধন্যবাদ
জ্ঞাপন কৰিছোঁ৷

| ১ ডাঙ্গ |
প্রায় ৩২ কেজিৰ সমান। কান্ধভাৰৰ দুয়োফালে প্ৰায় ১৬ কেজি লৈ কঢ়িওৱা ওজনৰ সমান।
|
| ১ কম | প্রায় ২০ কেজিৰ সমান।
(চেৰা গুৰ জোখাৰ একক। গুৰ বনাবলৈ কুঁহিয়াৰ ৰস পগাওঁতে উৎপন্ন হোৱা ফেনখিনিক চেৰা গুৰ বুলি কোৱা হৈছিল। মধ্যযুগত আহোমসকলে দৌল-দেৱালয়, ৰংঘৰ, কাৰেংঘৰ বনাবলৈ চিমেণ্টৰ সলনি কঢ়াল ব্যৱহাৰ কৰিছিল। সেই কঢ়ালত চেৰা গুৰ ব্যৱহাৰ কৰিছিল।)
|
|
৭) জুলীয়া বস্তুৰ জোখ
|
|
|---|---|
| আধাসেৰ | একসেৰৰ আধা। প্রায় ৪৬০ ঘন চেণ্টিমিটাৰ পানীৰ ওজন আৰু আয়তনৰ সমান |
| ১ কলহ | প্রায় সাত লিটাৰ পানীৰ সমান |
| ১ কাটা | ৫ ৰ পৰা ৬ লিটাৰ দৈ ধৰা বহল মুখৰ মাটিৰ জাৰ (দৈ জুখিবলৈ ব্যৱহাৰ কৰা হয়) |
| ১ কূপা |
সৰু মাটিৰ জাৰ, (তেল জুখিবলৈ ব্যৱহাৰ কৰা হয়)। ৬০ গ্রাম = এক ছটাক ওজন
|
| টাঁৰ | কুপাৰ স’তে সমান |
| ১ ঢোল | কাঠৰ ধান থোৱা পাত্ৰ, প্রায় ৫০ কেজি পূব অসমত আৰু ৬০ কেজি পশ্চিম অসমত |
| ১ পোৱা | একসেৰৰ চাৰিভাগৰ এভাগ, প্রায় ২৩০ ঘন চেণ্টিমিটাৰ বা চাৰি ছটাক |
| ১ সেৰ | পানীৰ ৯৩৬ গ্রাম ওজনৰ সমান |
|
৮) পৰম্পৰাগত দূৰত্ব তথা দৈৰ্ঘ্যৰ জোখ
|
|
|---|---|
| ৩ যব |
১ আঙুলি (প্রাপ্তবয়স্ক মানুহ এজনৰ আঙুলিৰ বেধৰ সমান। এক আঙুলিৰ জোখ ১.৯—২ চেণ্টিমিটাৰ বেধৰ ভিতৰত হয়।)
|
| ৪ আঙুলি |
= ১ মুঠি (চাৰি আঙুলি প্ৰায় তিনি ইঞ্চিৰ সমান৷)
|
| ৩ মুঠি | = ১২ আঙুলি |
= ১ বেগেত (প্ৰায় ৯ ইঞ্চি বা ২৩ চেণ্টিমিটাৰ, বুঢ়া আৰু মধ্যমা আঙুলি মেলি ধৰিলে আঙুলি দুটাৰ মাজৰ দূৰত্ব।)
|
| ২ বেগেত | = ১ হাত (প্রায় ১৮ ইঞ্চি) |
| ২ হাত | = ১ গজ | = ৩৬ ইঞ্চি (০৯১৪৪ মিটাৰ) |
= ১ কাঠি (তাঁত বওঁতে ব্যৱহাৰ কৰা হয়।)
|
| ৪ হাত | = ১ ধনু |
| ৫ হাত | = ১ ছটাক |
| ১০০০ ধনু | = ১ তাল |
| ৪ গজ বা ৮ হাত | = ১ নল বা ১ টাঁৰ বা বেওঁ (প্রায় ৩.৬ মিটাৰ) |
| ১০০০ টাঁৰ বা ৮০০০ হাত বা ২ তাল | = ১ ক্রোশ (দুমাইলতকৈ অলপ বেছি) |
| ৪ ক্ৰোশ |
= ১ যোজন (প্রায় ১৪ কিল’মিটাৰ)
|
| ১ বৰ্গমিটাৰ | = ১ লোচা |
| বেঙা |
প্রাপ্তবয়স্ক মানুহ এজনে ভৰি দুখন মেলি ঢুকি পোৱা সবোৰ্চ্চ দূৰত্ব৷ প্রায় ২৪ ইঞ্চিৰ সমান
|
|
৯) মাটিৰ জোখ
|
|---|
সোতৰ
শতিকাতে অসমত মাটিৰ জোখ কৰা আৰু ৰেকৰ্ড কৰাৰ কাম আৰম্ভ কৰা হৈছিল। এই বিষয়ত দক্ষ লোক
উত্তৰ ভাৰতৰ পৰা অনা হৈছিল। সেইসকলক মণ্ডল, কানানগু, আমিন আদি নামেৰে জনা যায়। অসমীয়াত
‘দৰব ধৰা’ বুলি শব্দৰ প্রয়োগ আছে, যাৰ অৰ্থ হ’ল যিসকলে দৰব ধৰে। কিন্তু প্ৰকৃততে যিসকল
লোকে মাটি জোখাৰ তথ্যসমূহ লিপিবদ্ধ কৰে, তেওঁলোকক ‘দৰব ধৰা’ বোলে। মাটি জোখাৰ প্রামাণিক
দণ্ড বা ৰড আছিল আঠ হাত দীঘল বাঁহৰ শলি। অসমত দুটা মাটিৰ জোখ প্ৰচলিত আছিল—

(১) বৰাক
উপত্যকা আৰু গোৱালপৰা জিলা
উপত্যকা আৰু গোৱালপৰা জিলা
(২) অসমৰ
বাকী অংশ
বাকী অংশ
| একৰ | এই এককটো ব্ৰিটিছসকলে অন্তৰ্ভুক্ত কৰিছিল (০.৪০৪ হেক্টৰ) |
| এক বৰ্গমিটাৰ | = ১ লোচা |
| ১ কঠা | = ২০ লোচা |
| ১ টাঁৰ | = ৩.৫—৩.৬ মিটাৰ |
| ১ পূৰা | = ৪ বিঘা |
| ১ বিঘা | = ১২০ x ১২০ ফুট বা ১৪,৪০০ বৰ্গফুট |
| ১ লেচা/লোচা | = ১ বৰ্গ টাঁৰ অৰ্থাৎ ৮ x ৮ বৰ্গ হাত |
| বেঙ্গলী কঠা | = ৪ x ৪ বৰ্গ হাত। লোচাৰ চাৰিভাগৰ এভাগ |
| ১ হালচা | = ৬,৪০০ বৰ্গ হাত, মোটামোটি একৰৰ তিনি ভাগৰ এভাগ |
|
১০) মাটিৰ
কালি |
|
|---|---|
| ২০ তিল | = ১ কাক |
| ৪ কাক | = ১ গোট বা কড়া |
| ৪ কড়া | = ১ গণ্ডা |
| ২০ গণ্ডা | = ১ কানি |
| ৪ কানি | = ১ পোৱা |
| ৪ পোৱা বা ১৬ কানি | = ১ লেচা বা লোচা |
| ২০ লোচা | = ১ কঠা |
| ৫ কঠা | = ১ দোণ, হালচ বা চক বা বিঘা |
| ৪ দোণ বা বিঘা | = ১ পূৰা |
| ২০ পূৰা | = ১ বেহি |
| ১ একৰ | অসমীয়া ৩ দোণ ২ লোচাৰ সমান |
|
১১) কাকতৰ
জোখ |
|
|---|---|
| ২৪ তাও | = ১ দিস্তা |
| ২০ দিস্তা | = ১ ৰিম |
| ১০ ৰিম | = ১ বেল |
|
১২) কাপোৰৰ
জোখ |
|
|---|---|
| ৩ যব | = ১ আঙুলি |
| ৩ আঙুলি | = ১ গিৰা |
| ৪ গিৰা বা ২৪ আঙুলি | = ১ হাত |
| ২ হাত |
= ১ গজ
|
|
১৩) সময়ৰ
জোখ |
|
|---|---|
| ৬০ অনুপল | = ১ বিপল |
| ৬০ বিপল | = ১ পল |
| ৬০ পল | = ১ দণ্ড (দুই প্ৰহৰৰ পোন্ধৰ ভাগৰ এভাগ = ২৪ মিনিট) |
| আঢ়ৈ দণ্ড | = ১ ঘণ্টা বা হোৰা |
| ৩ ঘণ্টা | = ১ পৰ (প্ৰহৰ) |
| ৮ পৰ বা ৬০ দণ্ড | = ১ দিন |
| ৭ দিন | = ১ সপ্তাহ |
| ১৫ দিন | = ১ পক্ষ |
| ৩০ দিন বা ২ পক্ষ | = ১ মাহ |
| ১২ মাহ | = ১ বছৰ |
| ১২ বছৰ | = ১ যুগ |
| ১০০ বছৰ | = ১ শতাব্দী |
| অহৰহ/দিনৰাতি | = সূৰ্য উদয় হোৱাৰ পৰা পাছদিনা সূৰ্য উদয় হোৱালৈ |
| ১ ঘটি | = প্ৰায় ৪৮ মিনিট, দুই দণ্ডৰ সমান |
| ১ নিমিষ/ চকুৰ পচাৰ | = এটা মুহূৰ্ত |
| বেলা | দিনটোৰ আধা বা ছঘণ্টা |
| এখন তামোল খোৱাৰ পৰ | তামোল এখন খাই শেষ কৰাৰ সময়। প্ৰায় ১২— ১৫ মিনিট |
যদিও
জ্যোতিষীসকলে সময়ৰ জোখ-মাখ নির্ভুলভাৱে কৰে, সাধাৰণ মানুহে সূৰ্য আৰু চন্দ্ৰৰ অৱস্থানৰ
ওপৰত নিৰ্ভৰ কৰে। সকলো প্রধান মন্দিৰত বিশেষ ব্যক্তিক নিযুক্তি দিয়া হয় যিয়ে সূৰ্যৰ
অৱস্থান চাই সময় গণনা কৰিব পাৰে। তেওঁক ‘বেলি চোৱা’ বুলি জনা যায়।

প্ৰসঙ্গ
পুথি:
পুথি:
১) অসমীয়া
মৌখিক অংক, শ্রীজয়চন্দ্ৰ চক্ৰৱৰ্ত্তী, চতুৰ্থ সংস্কৰণ, ১৮৮৯ ।
মৌখিক অংক, শ্রীজয়চন্দ্ৰ চক্ৰৱৰ্ত্তী, চতুৰ্থ সংস্কৰণ, ১৮৮৯ ।
২) গজেন্দ্ৰ
চিন্তামণি (সাঁচিপতীয়া পুথি), পৃথুৰাম, ১৭৭৮ চন।
চিন্তামণি (সাঁচিপতীয়া পুথি), পৃথুৰাম, ১৭৭৮ চন।
৩) Traditional
Science and Material Culture of Early Assam, Dr. Dinesh Baishya, EBS
Publishers, 2009
Science and Material Culture of Early Assam, Dr. Dinesh Baishya, EBS
Publishers, 2009
৪) Jyoti
Bilingual Thesaurus, Pranav Jyoti Deka, Panbazar, Guwahati—1,2003
Bilingual Thesaurus, Pranav Jyoti Deka, Panbazar, Guwahati—1,2003
৫) কৌতুক
আৰু কাইথেলীৰ অংক, শ্রীদণ্ডীৰাম দত্ত, নবজীৱন প্ৰেছ, কলিকতা—৬, ১৯৬৪ (পঞ্চম
সংস্কৰণ)।
আৰু কাইথেলীৰ অংক, শ্রীদণ্ডীৰাম দত্ত, নবজীৱন প্ৰেছ, কলিকতা—৬, ১৯৬৪ (পঞ্চম
সংস্কৰণ)।
৬) কাইথেলীৰ
অংক, শ্রীদণ্ডীৰাম দত্ত, কাত্যায়নী মেছিন প্ৰেছ, ২৬ নং কৰ্ণওৱালিছ
ষ্ট্ৰিট, কলিকতা, (প্রথম সংস্কৰণ) ১৯৩০
অংক, শ্রীদণ্ডীৰাম দত্ত, কাত্যায়নী মেছিন প্ৰেছ, ২৬ নং কৰ্ণওৱালিছ
ষ্ট্ৰিট, কলিকতা, (প্রথম সংস্কৰণ) ১৯৩০
৭) চাং
ৰুং ফুকনৰ বুৰঞ্জী, সম্পাদনা- ড° ভীমকান্ত
বৰুৱা, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম, ১৯৯২
ৰুং ফুকনৰ বুৰঞ্জী, সম্পাদনা- ড° ভীমকান্ত
বৰুৱা, অসমীয়া বিভাগ, ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম, ১৯৯২
৮) চাং
ৰুং ফুকনৰ বুৰঞ্জী (তৃতীয় সংস্কৰণ), সম্পাদনা- শ্ৰীভূৱন চন্দ্ৰ সন্দিকৈ, শিৱসাগৰ,
অসম, ২০০৭
ৰুং ফুকনৰ বুৰঞ্জী (তৃতীয় সংস্কৰণ), সম্পাদনা- শ্ৰীভূৱন চন্দ্ৰ সন্দিকৈ, শিৱসাগৰ,
অসম, ২০০৭