সেউজপুৰৰ সাধু

স্মৃতিৰেখা দেৱী
(যোৱা সংখ্যাৰ পিছৰ অংশ)
সভাখন চিনাকিপৰ্বতে সমাপ্ত হল। বেলিও ইতিমধ্যে লহিয়ালে।
অতিথি দুজনক মহামন্ত্ৰী বৃকোদৰ আৰু বগলী পণ্ডিতে তেওঁলোকৰ বাবে যতনাই থোৱা ঠাইলৈ
বিশ্ৰামৰ বাবে আগ বঢ়াই নিলে। বাকী ৰাইজো ঘৰাঘৰি গ
লগৈ।
ৰাতিলৈ মহাৰাজৰ বাসস্থানত
মহামন্ত্ৰী বৃকোদৰ
, সেনাপতি হিতৰাম, সভাপণ্ডিত বগলী আৰু বাটলুকে
ধৰি কেইবাজনো লোকৰ এখন ভিতৰুৱা সভা বহিল। সভাখনত বিদেশী অতিথি দুজনে সেউজপুৰৰ
ৰাইজক কোন সময়ত কেতিয়াৰ পৰা ক
ত শিক্ষাদান কৰিব, সেই সম্পৰ্কে আলোচনা
ল। সভাত সিদ্ধান্ত লোৱা হল যে সকলো বয়সৰ লোকেই ইচ্ছা
কৰিলে বিদেশী শিক্ষক দুজনৰ ওচৰত পাঠ ল
ব পাৰিব। পাঠদানৰ কাৰণে বৰতলেই উপযুক্ত ঠাই হব। শ্ৰেণীত সকলোৱে নিয়ম মানি বহিব লাগিব। লিখাৰ সঁজুলি
প্ৰত্যেকে নিজে নিজে যোগাৰ কৰি আনিব লাগিব। বাকী অতিথি দুজনৰ কাৰণে দৰকাৰী
সা-সঁজুলিবোৰ মলুৱাই ঠিক-ঠাক কৰি দিব।
মাজতে বাটলুৱে মাত লগালে— ‘‘মহাৰাজ, এটা সমস্যা হল নহয়।’’
‘‘আকৌ কি হ?’’ — মহাৰাজ কেশৰীয়ে সুধিলে।
‘‘মানে মহাৰাজ, আমি হৈছোঁ অসমীয়া জীৱ। বিদেশী অতিথি দুজনে আমাৰ
অসমীয়া মাত-কথা শিকি লৈ আমাক পঢ়ুৱাব নে আমি তেওঁলোকৰ মাত-কথা শিকি লৈ পঢ়িব লাগিব
?’’
মহাৰাজকে ধৰি আটায়ে বাটলুৰ
কথাষাৰৰ গুৰুত্ব বুজি পালে। হয়তো। বিদেশীৰ ভাষাটো শিকি-বুজি ল
বলৈ হলে সেইটো শিকাহে হ, আন একো শিকা নহবগৈ। তেনেহলে কি কৰা যায়? সকলো চিন্তাত পৰিল।
অতিথি দুজনৰ কথাবোৰ সেউজপুৰৰ
ৰাইজে বুজি নোপোৱাৰ বিষয়টো গম্ভীৰভাৱে আলোচনা কৰা হ
ল। শেষত মহামন্ত্ৰী বৃকোদৰে কলে যে  বগলী পণ্ডিতে
যিহেতু অলপ অচৰপ ইংৰাজী জানে
,
গতিকে
ইংৰাজীতে কথা কোৱা অতিথি দুজনৰ কথাবোৰ তেওঁহে ভালকৈ বুজি আনকো বুজাই ক
ব পাৰিব। গতিকে বগলী পণ্ডিতকে
বিদেশী অতিথি দুজনৰ দোভাষী হিচাপে কাম কৰিবলৈ অতিৰিক্ত দায়িত্ব দিয়া হ
ল।
— ‘‘বাটলু।… ই শুলেই নেকি?’’ মহাৰাজ কেশৰীৰ মাতত বাটলু উচাপ খাই উঠিল।
— ‘‘নাই শোৱা মহাৰাজ। আপোনালোকৰ
কথাবোৰ শুনি আছোঁ। দিনটো কষ্ট হ
ল যে, ভাগৰ কিন্তু লাগিছে। মানে
চকুহাল জাপ খাবই খুজিছিল। কিবা ক
ব নেকি মহাৰাজ?’’
— ‘‘শুন। তোক মই এটা বিশেষ
দায়িত্ব দিয়াৰ কথা ভাবিছোঁ। এয়ে প্ৰথম বাৰৰ কাৰণে বিদেশৰ পৰা আমাৰ ৰাজ্যলৈ অতিথি
আহিছে। আহিছেও এটা মহৎ উদ্দেশ্য লৈ। গতিকে এতিয়া কথা হ
, তেওঁলোকে যাতে ইয়াত
একো বিষয়তে অসুবিধা নাপায় তালৈ চকু ৰাখিব লাগিব। কেনেবাকৈ বিদেশত যদি সেউজপুৰৰ
বদনাম ওলাবলৈ হয়
, লাজত তই-মই কত লুকাম কচোন।’’
‘‘কি কয় মহাৰাজ? মই এটা সামান্য ডেৰ-দুই
আঙুলীয়া জীৱ
, এটা সামান্য নিগনি।
মোকনো আপুনি এনে ডাঙৰ দায়িত্ব দিব
লাগেনে? তনো মই বিদেশী অতিথিৰ
মান-সৎকাৰ কৰিব পাৰিম
?’’ —
বাটলুৱে
কাওবাও কৰিবলৈ ধৰিলে।
‘‘ই অঁকৰা,
তোৰ তলত
সমিতি এখন পাতি দিম নহয়। নিজৰ প
ন্দ মতে তই চাৰি-পাঁচজন লোক বাছি, মই সমিতি কৰি দিম। তই অৰ্ডাৰহে দিব লাগে, বাকীবোৰ কৰাই কৰিব নহয়।’’— কেশৰীয়ে বাটলুক অভয় দিবলৈ যত্ন
কৰিলে।
‘‘বাঃ! মহাৰাজেও আজিকালি দেখোন
ইংৰাজীহে ক
বলৈ লৈছে!’’ — বাটলুৱে ভাবিলে। সি মুখ ফুটাই
লে— ‘‘ব তেনেহলে মহাৰাজ। পিছে আমি কি কৰিব
লাগিব বুজাই কওক।
’’
— ‘‘মন দি শুন অবোপাই। অতিথিৰ থকা-খোৱাৰ ধৰণ
আমাৰ সৈতে নিমিলিবও পাৰে। দৰকাৰ মতে তেওঁলোকে সকলো যোগাৰ পাইছেনে নাই
, কিবা বিচৰা বস্তু দিয়া হোৱা
নাই নেকি
এইবোৰ ব্যৱস্থা তই
কৰিব লাগিব
,
বুজিছ
? তাৰ উপৰি তেওঁলোক
ইফালে-সিফালে ফুৰা-চকা কৰিব খুজিলেও
ব্যৱস্থা কৰি দিব লাগিব। আকৌ তেওঁলোক যিফালে ফুৰিবলৈ
যায়
, সেইফালে থকা আমাৰ
প্ৰজাসকলে যাতে লেতেৰা-পেতেৰা কৰি নাৰাখে সেইটো কথালৈও চকু দিব লাগিব।
’’
‘‘মহাৰাজ।’’—ক্ষন্তেক চিন্তা কৰি বাটলুৱে কলে— ‘অকল বিদেশী অতিথি দুজন গলেহে চাফ-চিকুণ দেখিব লাগে বোলা কথাষাৰ মই ভাল পোৱা নাই।
তাতকৈ সকলো প্ৰজাই যাতে চাফ-চিকুণকৈ থাকে সেইটোহে নিশ্চিত কৰিব লাগে। সেইটো
স্বাস্থ্যৰ কাৰণেও ভাল। আপুনি অলপ টানকৈ নিৰ্দেশ এটা দিলেই হ
ল মহাৰাজ।’’
‘‘বাটলুৱে সঠিক কথা কৈছে
মহাৰাজ।
’’— সভাপণ্ডিত বগলীয়ে কলে।
— ‘‘ব হব। বিদেশীৰ আগমন
উপলক্ষ্যে মই এইটো নিৰ্দেশ কাইলৈৰ পৰা যাতে আটায়ে মানি চলে তাৰ ব্যৱস্থা কৰিম।
পিছে তই তোৰ দায়িত্ব ভালকৈ পালন কৰিব লাগিব।
’’
— ‘‘আপুনি চিন্তা নকৰিব মহাৰাজ।
মই আপোনাৰ সন্মান হানি হ
বলৈ নিদিওঁ।’’
তাৰ ওপৰত মহাৰাজ কেশৰীৰ যি
বিশ্বাস
, যি আস্থা, তাত আঁচোৰ এটা পৰিবলৈও সি
দিয়া নাই কাহানিও। এইবাৰো নিদিয়ে। সি অকৃতজ্ঞ নহয়। সেউজপুৰলৈ প্ৰথম অহাৰ দিনা
গুণ্ডা হিতৰামৰ হাতৰ পৰা মহাৰাজ কেশৰীয়ে তাক নবচোৱা হ
লে কিজানি সি ইমান দিনে জীয়াই নাথাকিলহেঁতেনেই। সি জীয়াই
থাকিলেও তাক কোনোবাই চিনি পালেহেঁতেন জানো
? তদুপৰি মহাৰাজৰ প্ৰিয়পাত্ৰ হৈ কিবাকিবি ভাল কাম কৰি
দেখুৱাবলৈও সি সুবিধা পালেহেঁতেন জানো
?
কোনোবা কাহানিবাতে বাটলুৰ
দেউতাকৰ আজোককাকৰ দেউতাকৰ আজোককাকৰ দেউতাকৰ আজোককাকৰ দেউতাকে হেনো মহাৰাজ কেশৰীৰ
প্ৰাণ ৰক্ষা কৰিছিল। মহাৰাজ হেনো কোনোবা মানুহ চিকাৰীয়ে পাতি থোৱা জালত পৰি
একেবাৰে ওলাব নোৱৰা হৈ জীয়াই থকাৰ আশাকে এৰি পেলাইছিল। তেনে সময়তে বাটলুৰ সেই মহান
পূৰ্বপুৰুষজনে গাঁতৰ পৰা ওলাই আহি নিজৰ তী
ক্ষ্ন দাঁতেৰে কুটি কুটি জালৰ পৰা
মহাৰাজক মুকলি কৰিছিল। তেখেতৰ নাম মহাৰাজৰ মুখত সি বহু দিন শুনিছে
প্ৰিয়বন্ধু তীক্ষ্নদন্ত বুলি। সেই পুৰণি
সম্বন্ধটোৰ সন্মান ৰক্ষা কৰাৰ দায়িত্বও পালন কৰিব লাগিব বাটলুৱে। কেশৰীৰ দৰে দয়ালু
মহাৰাজৰ মান-সন্মানৰ কথাও আছে।
সকলোৰে মাজৰ মিলাপ্ৰীতি, সহযোগিতা, সাধুতা আদি গুণৰ কাৰণে
সেউজপুৰ ৰাজ্যৰ নাম নজনা লোক জগতৰ কোনো অৰণ্যতে নোলাব। মহাৰাজ কেশৰীয়ে ৰাজ্যখনৰ
সকলো লোকৰে কল্যাণ হওক বুলিয়েই বহুতো ভাল কাম কৰিছে। ৰাজ্যৰ প্ৰতিজন প্ৰজাকে তেওঁ
নিজৰ সন্তানৰ দৰেই ভাল পায়।
মহাৰাজৰ কথা ভাবিলেই বাটলুৰ
মনটো ভাল লাগি যায়। ইমান সুন্দৰ এখন ৰাজ্যৰ প্ৰজা হ
বলৈ পোৱাটো, তাৰ উপৰি মহাৰাজৰ সভাসদসকলৰ এজন হিচাপে জিলিকি উঠিবলৈ পোৱাটোক সি তাৰ পৰম
সৌভাগ্য বুলিয়েই ভাবে।
আজিকালি সি লৰালিতে মুখামুখি হোৱা সিহঁতৰ ঘৰ ভঙা
সেই দৈত্যৰ নিচিনা যন্ত্ৰটোৰ কথা মনত পৰিলেও তাৰ দুখ নালাগে। কিন্তু সি এটা কথা
ভাবে
, সিহঁতৰ নিচিনা আৰু কত
হাজাৰ-বিজাৰ নিগনিৰ ঘৰ কিজানি এতিয়াও সেই যন্ত্ৰটোৱে ভাঙিয়েই আছে।
ঘৰ ঘৰ শব্দ কৰি যন্ত্ৰটোৱে
সিহঁতৰ ঘৰ থকা প্ৰকাণ্ড আঁহত গছজোপা কেনেকৈ
যে উভালি পেলাইছিল। গোটেই
আঁহতগুৰি ৰাজ্যখনেই থান-বান হৈ পৰিছিল। কাৰো ফালে চাবলৈ কাৰো উপায় নোহোৱা হৈছিল।
সেই অথন্তৰৰ মাজতে কেনেকৈ যে নমৰাকৈ বাচি আহি সি এই সেউজপুৰ ৰাজ্যখন পাইছিলহি…
অৱশ্যে সেই যন্ত্ৰটোৱে সিহঁতৰ
ঘৰখন নভঙা হ
লে বাটলুৱে আজি এই
সৰগপুৰীৰ নিচিনা ৰাজ্যখনত থাকিবলৈ নাপালেহেঁতেন।
কথাবোৰ ভাবি ভাবি সি গৈ আছিল
অতিথিশালাৰ ফালে। হঠাতে চেৰেলীৰ চোতালত এজুম লোকক কিবা কথা পাতি থকা যেন দেখি সি
তভক মাৰি ৰ
ল। কিনো কৰিছে
ৰাইজখনে
? খবৰ এটা লৈ গলে ভাল হব বুলি ভাবিলে সি।
চেৰেলীৰ নতুনকৈ জন্ম হোৱা
পোৱালিকেইটা শুলেই চাগে
সোমাই যাওঁতে ভাবিলে
বাটলুৱে। পিছে তাত ভোলা আৰু গেৰেলা নামৰ গাহৰি দুটাকে ধৰি ময়ূৰ-ময়ূৰী আদি চব আছে
দেখোন! কি কৰিছে ইহঁতখনে এই ৰাতিখন
? মহাৰাজৰ অনুমতি নোহোৱাকৈ এনেকৈ গোট খাই মেল-মিতিং পতাৰ নিয়মতো নাই। চিন্তাত
পৰিল সি। প্ৰথমে সকলোকে মাত এষাৰ লগাই যোৱাৰ কথা ভাবিছিল যদিও এতিয়া গোপনে সিহঁতৰ
কথা শুনিবলৈহে স্থিৰ কৰিলে সি। আকাৰত সৰু হোৱা কাৰণে তাৰ নিজৰ এক প্ৰকাৰ
হীনমন্যতা আছিল যদিও
আজি সেইটো কাৰণত তাৰ নিজকে ভাগ্য
ৱান যেনহে লাগিল। সঁচা কথা, শৰীৰটো অকণমানি হোৱাৰো কিছুমান সুবিধা আছে।
চেৰেলী, মিচিক-মিচিকী নামৰ শহাহাল, কৃষ্ণা নামৰ কাউৰীজনীক সন্দেহ
কৰিবলগীয়া বিশেষ একো নাই। কিন্তু মহামা
ৰিৰ কবলত পৰা ঔগুৰি নামৰ ৰাজ্যখনৰ পৰা অহা এই ভোলা, গেৰেলা আদি নতুন লোককেইজনক
কিয় জানো সকলোৱে বিশ্বাসত ল
ব পৰা নাই। ঘাইকৈ
ভোলা বোলা বৰাগাহৰিটোক বৰ পেট কপটীয়া আৰু হিংসুক যেন লাগে। সেউজপুৰ ৰাজ্যখনক যেন
সি নিজৰ বুলি ভাবিবই পৰা নাই। অথচ মহাৰাজ কেশৰী নোহোৱা হ
লে কাহানিবাতে ঔগুৰিৰ মহামাৰিত মৰা ৰাইজখনৰ নিচিনাকৈ তাৰ
হাড়তো বন গজিলেহেঁতেন। ইপিনে ময়ূৰ-ময়ূৰীহাল মহা অহংকাৰী
ৰূপে-গুণে সিহঁতৰ সমকক্ষ হেনো সেউজপুৰত কোনোৱেই নাই। অৱশ্যে
গেৰেলা নামৰ বয়সস্থ গাহৰিজনক লৈ কাৰো একো আপত্তি নাই। বাটলুৱে লুকাই থকা ঠাইৰ পৰা
সিহঁতৰ কথা-বতৰাবোৰ ভালকৈ নুশুনি আৰু অলপ আগ বাঢ়ি গ
ল।
কি ঠিক, ভোলা আৰু ময়ূৰ-ময়ূৰীয়ে আমাৰ জলা মিচিক-মিচিকী, চেৰেলী আৰু কৃষ্ণাহঁতক
মিছামিছিকৈ কিছুমান মনে সজা কথা কৈ কিবা ষড়যন্ত্ৰও কৰিব পাৰে। গৈ থাকোঁতে ভাবি
থাকিল বাটলুৱে। হঠাতে শুকান পাত কিছুমানৰ মাজত সোমাই পৰিল বাটলু। সি গাটো জোকাৰি
দিওঁতে খৰমৰণি উঠাত মিচিক জাঁপ মাৰি আহি তাক দেখিলেহিয়েই।
‘‘তুমিহে,
বাটলু।
মই আক
ভয়েই খাইছিলোঁ পাই।
আহা
, আহা। আমি এটা
গুৰুত্বপূৰ্ণ কথা আলোচনা কৰি আছোঁ।
’’— মিচিকে মিচিকীয়া হাঁহি এটা মাৰি বাটলুক আগ বঢ়াই নিলে।
‘‘হওক তেও, সি মনে মনে অহা বুলি সিহঁতে
গম পোৱা নাই
’’বাটলুৱে ভাবিলে।
বাটলুক দেখি আটায়ে হাঁহি মাৰি
সম্ভাষণ জনালে। পিছে সি কিছু গম্ভীৰভাৱে ক
লে
‘‘
তোমালোকে
কিন্তু মহাৰাজে নজনাকৈ এনেকৈ মেল পতাটো বৰ ভাল কথা হোৱা নাই। মই খোলাখুলিকৈ কোৱা
কাৰণে বেয়া নাপাবা।
’’
‘‘এ তই কথাটো বুজি পোৱা নাই অবোপাই বাটলু। আমিনো কৰ মেলখন পাতিছোঁ? ইহঁত পোনচাটে মহাৰাজৰ ওচৰলৈকে
যাবলৈ ওলাইছিল। পিছে ইমান সৰু কথাতে মহাৰাজৰ তালৈ যাব নালাগে বুলি মইহে ৰাখিলোঁ
বুইছ
? তাতে টীয়ে কলে মহাৰাজে হেনো জিৰণি
লৈছে…
’’ — আন্ধাৰত শুই থকা
চেৰেলীৰ মাক বুঢ়ী ছাগলীগৰাকীয়ে ক
লে। তেওঁৰ মাতষাৰ
শুনিহে বাটলুৱে তেওঁক দেখিলে। ইমানপৰে সি তেওঁক দেখাই নাছিল।
‘‘অ… আই তুমি শোৱাই নাই হবলা?’’ — বাটলুৱে তেওঁক অভিবাদন জনালে।
‘‘এ… কিনো শুবি অ। বুঢ়ী হলোঁ নহয়। গাৰ বিষত টোপনিয়েই
নধৰে দেখোন। তাতে ইহঁতমখাৰ কথাবোৰ কাণত পৰি থাকিলে ক
ৰ টোপনিখন ধৰিব?’’
‘‘বাৰু বাৰু। এতিয়া আচল কথাষাৰ
কোৱাহঁক। নিশাও ভালেখিনি হ
ল। সোনকাল কৰা।’’— কথা বহলাবলৈ নিবিচাৰি বাটলুৱে
সুধিলে।
তেনেকুৱাতে চেৰেলীৰ লৰা-ছোৱালীকেইটা সাৰ পাই
বেবাবলৈ ধৰাত তাই সিহঁতৰ ওচৰ পালেগৈ। অগত্যা গেৰেলাই কথাখিনি ক
বলৈ যত্ন কৰিলে— ‘‘অতিথিকেইজনেনো আমাক কেনে ধৰণে
শিক্ষা দিব
, কেতিয়াৰ পৰা দিব
সেইবোৰকে পাতিছিলোঁ আমি। তাতকৈও ডাঙৰ কথা
, তেওঁলোকে আমাৰ মাত নুবুজে, আমি তেওঁলোকৰ নুবুজোঁ। এনে অৱস্থাত আমিনো কি শিকিম, কি বুজিম এইবোৰ কথাকে পাতি
আছিলোঁ আমি।
’’
(অহা সংখ্যালৈ বাট চোৱা।)