শিক্ষাৰ ঊৰ্ধ্বত জ্ঞানৰ পৰিধি

কৰৱী বৰ্মন কলিতা

‘‘Education is not an end in itself,
but is only a means of acquiring knowledge.’’

হয়, শিক্ষাৰ কোনো
লক্ষ্যস্থান নাই। শিক্ষা হৈছে জ্ঞান
, এক উপায়অৱলম্বন মাত্ৰ৷
 

শিক্ষা হৈছে মানুহৰ শাৰীৰিক, মানসিক আৰু আত্মিক উৎকৰ্ষ সাধনৰ এক প্ৰক্ৰিয়া৷  প্ৰকৃততে
কিন্তু শিক্ষিত একোজন মানুহ জ্ঞানী নহ
বও পাৰে আৰু অল্প
শিক্ষিতজনো মহাজ্ঞানী বুলি বিবেচিত হ
ব পাৰে৷ দৰাচলতে আত্মিক
উৎকৰ্ষ সাধন হ
লেহে মানৱ অন্তৰত প্ৰকৃত জ্ঞানৰ বিকাশ হয়৷ আজিকালিৰ
ছাত্ৰ- ছাত্ৰীসকলে যি আনুষ্ঠানিক শিক্ষা বিদ্যালয়
, মহাবিদ্যালয়
অথবা বিশ্ববিদ্যালয়ৰ মাধ্যমত গ্ৰহ
কৰি আছে, সেইখিনি শিক্ষা হয়তো তেওঁক পৰৱৰ্তী জীৱনৰ বাবে
  নিজকে
স্বাৱলম্বী কৰিবলৈ
  সক্ষম কৰি তুলিব পাৰিব
তাত কোনো দ্বিমত নাই
, কিন্তু ইয়াৰ দ্বাৰা সেই আনুষ্ঠানিক
শিক্ষাই যে তেওঁক এজন প্ৰকৃত জ্ঞানৰ গৰাকী কৰি তুলিব
, তাত
  হয়তো
সংশয়
  অলপ  ৰৈ
যায়৷
 

 জ্ঞান হৈছে সম্যক উপলব্ধি৷ এই
জ্ঞান প্ৰকৃততে তিনি প্ৰকাৰৰ— আত্মিক জ্ঞান
, আৰ্থিক জ্ঞান
আৰু পাৰমাৰ্থিক জ্ঞান৷ মানৱ জীৱন সীমাবদ্ধ৷ এটা সময়সীমালৈকেহে
   আমি এই
ধৰাত
  বিচৰণ কৰিব পাৰোঁ
তাৰ
পাছত সকলো অসাৰ৷ কোনোজন মানুহে হয়তো নিজৰ জীৱনকালত
সম্পূৰ্ণ জ্ঞান লাভ কৰিবলৈ সমৰ্থ নহ
বও পাৰে৷ খু কম সংখ্যক গুণীজ্ঞানী লোকেহে নিজৰ জীৱনকালত অশেষ
সাধনা
, পৰমেশ্বৰৰ প্ৰতি থকা নিঃস্বাৰ্থ
ভক্তি আৰু প্ৰেমৰ শক্তিৰে আত্মোপলব্ধি কৰিবলৈ সক্ষম হৈছে৷
  প্ৰকৃত
জ্ঞানৰ বাবে কেৱল শিক্ষাই যথেষ্ট নহয়৷ জ্ঞান অৰ্জনৰ বাবে যি সাধনাৰ প্ৰয়োজন হ
,
  সেয়া হব লাগিব অন্তৰ্মুখী৷ যেতিয়া এটা  মানৱ
শৰীৰে কাম
, ক্ৰোধ, লোভ, মোহ, মদ,
  মাৎসৰ্য—
এই ছয় ৰিপুক বশ কৰিবলৈ সক্ষম হ
,
তেতিয়াই মানৱ শৰীৰটোত বাস কৰা
  মনটো
অন্তৰ্মুখী হ
ব৷

সম্যক জ্ঞানৰ লাভৰ বাবে একচিত্ত
মন
,
সাধনা, ধৈৰ্যৰ প্ৰয়োজন৷ সেইদৰে বিশ্বজ্ঞানো
অসীম৷ পৃথিৱী বিশ্ব-ব্ৰহ্মাণ্ডৰ এটা অংশবিশেষ
মাথোঁ৷ এই
ক্ষুদ্ৰ পৃথিৱীখনৰ বিষয়ে
  আমি সমগ্ৰ  জ্ঞান
লাভ কৰিব নোৱাৰিব
পাৰোঁ সাধাৰণ দৃষ্টিত৷ ইয়াত প্ৰয়োজন হব পৰমেশ্বৰৰ দয়া আৰু নিজৰ অক্লান্ত সাধনা আৰু প্ৰচেষ্টা৷ কবলৈ গলে আমি মহামূৰ্খসকলে নিজকে জ্ঞানী বুলি দম্ভ
  মাৰোঁ৷ আনৰ আগত শিক্ষিত, জ্ঞানী বুলি নিজকে  প্ৰতিপন্ন
কৰোঁ, কিন্তু
 সকলো আনুষ্ঠানিক-অনানুষ্ঠানিক
শিক্ষা গ্ৰহ
কৰাৰ পাছতো জানো আমি জ্ঞানী? জ্ঞান
লাভ ইমান সুলভ হ
ব পাৰে যদি সমাজত বৰ্বৰতা, হিংসা, দুৰ্নীতি, ব্যভিচাৰ কিয়?
যদি পৰমেশ্বৰক ইমানেই ভক্তি কৰে
  একাংশই   তেন্তে
বেয়া কৰ্মবোৰ জীৱনকালত কৰিবলৈ কেনেকৈ শক্তি গোটায় তেওঁলোকে
? সঁচাকৈ কিন্তু আমি সমাজত জ্ঞানী-গুণী বুলি এনেইহে গৰ্ব কৰি ফুৰা এজাক
অজ্ঞানী জীৱতুল্য মাত্ৰ৷

সমাজত বিয়পি পৰা নৈতিক অধঃপতনৰ অৱসান ঘটক৷ নতুন দৃষ্টিভংগীৰে, গঠনমূলক কৰ্মৰাজিৰে‍
নিজৰ লগতে দহজনৰো উপকাৰ সাধন হব পৰা কামত
জড়িত হওক৷ ঈশ্বৰৰ প্ৰতি ভক্তি মনতে পুহি জ্ঞানৰ পৰিধিৰ বিকাশ সাধন কৰক৷

বিষয় শিক্ষয়িত্ৰী (দৰ্শ বিভাগ) 

গুৱাহাটী,

ভ্ৰাম্যভাষ: ৭০০২৭৪১৮৬১