Category অন্যযুগ, অক্টোবৰ, ২০২০ (শাৰদীয় সাহিত্য)

সোণালী ৰঙৰ জোতাযোৰ

ডা: নীলাক্ষী চলিহা গগৈ‍ এনিশাৰ আজো–আইতাৰ সেই ধুনীয়া জোতাযোৰ। তেওঁৰ মেম বান্ধৱীয়ে‍ উপহাৰ স্বৰূপে দিয়া জোতাযোৰ। যেতিয়া তেওঁৰ স্বামী বিদেশৰ পৰা অহা চাহাবৰ নতুনকৈ খোলা চাহবাগিচাত মেনেইজাৰ হিচাপে নিয়োজিত আছিল, হাবি-জংঘলেৰে ভৰা, ভাল আলিবাট এটাও নোহোৱা ঠাইবোৰত চাহাব ঘোঁৰাত উঠি…

যুদ্ধ

হজৰত আলী দুয়োপাৰি দাঁতৰ যুঁজত তামোল হয় গুড়ি,  আইতাই তামোল চোবায় চপক্‌ চপক্‌ কৰি।  কঁকাল বেঁকা ককায়েকে মূঢ়া এটাত বহি, লাঠিৰ লগত যুদ্ধ কৰোঁতে কাপোৰ পৰিল খহি৷ নাতিয়ে কয়, আইতা সাধু এটা কোৱা, পাৰিলে এবাৰ মোক কোলাত তুলি লোৱা৷ আইতাই কয় নাতিপোনা…

লেখকৰ মৃত্যু

  ৰঞ্জুমণি মহন্ত ইংৰাজীত এষাৰ কথা আছে— ‘‘A writer never dies. He lives in his words.’’ এজন লেখকৰ হেনো কেতিয়াও মৃত্যু নহয়৷ কায়িকভাৱে মৃত্যু হ’লেও তেওঁ কালাতীতভাৱে জীয়াই থাকে তেওঁৰ লেখাসমূহৰ মাজত৷ কিন্তু যদিহে লেখকজনৰ সৃষ্টিৰাজি সংৰক্ষিত হৈ নাথাকে, তেন্তে…

ভালহালা

অব্যক্ত নিৰ্বাণ ৰাজখোৱা   অংকন: বৰ্ণিল মহন্ত (ইটালিত তেতিয়া ক’ভিড-১৯ মহামাৰীৰ সন্ত্ৰাস আৰম্ভ হৈছে। গোজ আৰু তেওঁৰ বন্ধুও সেই মহামাৰীত ঢুকাল। দুয়ো আছিল যুৱ বিজ্ঞানী। গোজৰ বন্ধুৰ ডায়েৰীখন পোৱা গ’ল।)  ১৪/০৩/২০২০ ‘যোৱাঁ নে?’ ‘কৰিবনো কি, যাবতো লাগিবই। হয় বাহিৰত গুলী…

বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞা

সাক্ষাৎগ্ৰহণ: নিবিড় অনুৰাগ মানস চিত্ৰশিল্পক এক নতুন গতি দিবলৈ চেষ্টা কৰি আহিছে অসমৰ বিশিষ্ট চিত্ৰশিল্পী পৰেশ ভূঞাই। ১৯৮৯ চনত তেখেতৰ শিল্প প্ৰদৰ্শনী দৰ্শন কৰি সুধাকণ্ঠ ভূপেন হাজৰিকাই লিখিছিল— ‘‘শ্ৰী পৰেশ ভূঞাৰ চিত্ৰ প্ৰদৰ্শনী আজি দেখিলোঁ। টেম্পেৰা৷ মিক্স্‌ড মিডিয়া আৰু অইল পদ্ধতিত অঁকা কেইখনমান…

বৃক্ষ মানৱ

পাপৰি বৰ্মন মাষ্টৰনীয়ে‍ মাইচানাক ক’লে— ‘‘মানুহজনে ওৰেটো ৰাতি নোশোৱে নহয়। গোটেই ৰাতি ইচাট-বিচাট কৰি সময় কটায়।’’ ‘‘কিয় ? দিনটো স্কুলত ব্যস্ত নাথাকে নেকি আজিকালি? নে বৌ, দাদাকো ফেইচবুক আৰু ৱাটছ্‌এপে পালে?’’ ‘‘নহয় অ’, থাকে। আগেয়ে দিনটো স্কুলত, তাৰ পৰা আহি টিউশ্যন এটা কৰি আজৰি সময়ত বাগিচাতে…

পিছলৈ উভতি চাওঁ: ৭

নিমগুটি, টাংগুটি আৰু কত কি? ড॰ পোনা মহন্ত স্কুল ছুটীৰ পাছত ঘৰলৈ আহি পেণ্ট-চোলাযোৰ খুলি থৈ গামোচা এখন কঁকালত মেৰিয়াই লৈ পোনে পোনে দৌৰ মাৰিছিলোঁ বাৰীৰ পি‍ছফালে থকা পুখুৰীটোলৈ৷ তেতিয়া মোৰ হাফ্‌পেণ্ট এটাই আছিল৷ স্কুললৈ পিন্ধি যোৱাৰ বাহিৰে সেইটো আন…

পাব্‌জি খেলা ল’ৰাটো

সিদ্ধাৰ্থ গোস্বামী নিশা প্ৰায় দহ বজাত চুবুৰিটোৰ এঘৰৰ পৰা ল’ৰা এটা হেৰাইছিল। স্বাভাৱিক কথা— সেই কাৰণেই  হুৱা-দুৱা লাগিছিল ঘৰখনত,  চুবুৰিটোত। ঘৰত অবাইচ মাত মতা এটা ল’ৰা, পাব্‌জি খেলিবলৈ শিকা এটা ল’ৰা, পঢ়া-শুনাত মন–কাণ নিদিয়া ল’ৰা আদি আটাইবোৰ কথা তেতিয়া তল পৰিছিল। মাথোন এই…

গিনীপিগ্

অপূৰ্ব কুমাৰ শইকীয়া মুম্বাই অন্তৰ্দেশীয় বিমান বন্দৰৰ পৰা বাহিৰলৈ ওলাই অহাৰ পিছতহে তাৰ অনুভৱ হ‘ল – ‘মানুহ মহানগৰবিলাকলৈ নিজকে হেৰুৱাবলৈ আহে‘ বোলা কথাটো তাৰ মানে সঁচা ! বাহিৰত হাতে হাতে প্লে‘কাৰ্ড প্ৰদৰ্শন কৰি অগণন মানুহ, কোনোবাজন বিশুদ্ধ গাড়ীচালক, কোনোবাজন হয়তো যোগাযোগৰ অভাৱত অনাত্মীয় হৈ পৰা…

অকণমান চিন্তা-চৰ্চা

মালবিকা শৰ্মা মাজতে ৱাটছএপত সুধা মূৰ্তিৰ এটা লে‍খা পঢ়িছিলোঁ— Attachment in Detachment (বিচ্ছিন্নতাৰ মাজত যোগসূত্ৰ)৷ লে‍খাটোৱে মন চুই গৈছিল৷ একেবাৰে সঁচা কথা৷ আগৰ দিনত মানুহবোৰে একেলগে থাকি ভাল পাইছিল। বেলেগকৈ থাকিবলগীয়া যাতে নহয়, সেয়ে ঘৰৰ ওচৰে-পাঁজৰে থকা কামবোৰ কৰিয়েই জীৱন…