আফ্ৰিকা আদি বহু দেশতে ইংৰাজী ভাষাত সাহিত্য চৰ্চা কৰা লোক আছে। আমাৰ নতুন
পাঠকসকলৰ উদ্দেশ্যে ইংলেণ্ড আৰু আমেৰিকাৰ দহজন বিশ্বপ্ৰসিদ্ধ কবিৰ দহোটা কবিতাৰ
সৰল অনুবাদ আগ বঢ়োৱা হ’ল।
মেজ আৰু চকী
মূল ইংৰাজী
কবিতা : The Table and the Chair
কবি : Edward Lear (12 May 1812, Holloway – 29 January 1888)
(১)
এদিন মেজে ক’লে চকীলৈ চাই
গম পাইছানে তুমি সখী
এই তাপত কেনেকৈ
গৈছোঁ দহি
ছাল–বাকলি এৰাই গাটোও গৈছে জহি
আহিব পাৰিলোঁহেঁতেন যদি ফুৰি
খুলি–ভাঙি!
মেজে ক’লে চকীলৈ চাই
চকীয়ে মেজক
উত্তৰ দিলে চকু ঘোপা কৰি
ইমান মূৰ্খৰ দৰে
কিবোৰ যে ভাবা তুমি
নাজানানে কি
কিমান অক্ষম আমি
খোজ দিয়াৰ কথাটো
ভাবিলানো কেনে কৰি!
এৰি এইবাৰ মেজে ক’লে
চকীক সম্বুধি
ক্ষতিডালনো কি
তোমাৰ দৰেই মোৰো
দেখোন অতবোৰ ভৰি
দুয়োৱে লগ লাগিলে
কিয়নো আহিম হুঁহকি
৩
উলাহেৰে তাৰ
পাছত দুয়ো ওলাল এদিন মেজ আৰু চকী
জগতখন ভ্ৰমিলে
হাতত হাত ধৰি
উছাহৰ কিৰিলি
পাৰি সকলো চালে
গা সাতখন আঠখন
একোকে নেৰিলে
ল’ৰা–বুঢ়া যেয়ে দেখিলে
দুয়োকে, দিলে বাট এৰি
চোৱা, চোৱা, সৌৱা মেজ আৰু চকী
বাহিৰৰ বতাহ
খাইছে উমলি–জামলি৷
পিছে প্ৰাসাদ
এটালৈ যোৱা সুৰুকীয়া বাটটোৰে যাওঁতে
দুয়ো এসময়ত
হেৰুৱাই পেলালে বাটৰ চিন,
বেলিও পৰি আহিছে, কি যে আপদ
তেনেতে ওলালহি
হাঁহ পেকপেকী, লগে লগে এন্দুৰ আৰু গুবৰুৱা ভাই
পিছে টকা
নিদিয়াকৈ কোনেনো কাম কৰিবলৈ চায়
মেজ আৰু চকী, উলিওৱা দুয়োৰে সাঁচতীয়াখিনি
লৈ যাম বাট
চিনাই ঘৰলৈ বুলি৷
৫
ঘৰলৈ আহি দুয়োয়ে
মেল জুৰিলে ফুচফুচাই,
ভাই!
আৰু জগততে নাই!
নাচোঁ এসাঁজ দকচি খাই!
বহিল হাঁহ পেকপেকী, এন্দুৰ পোনা আৰু গুবৰুৱা ভাই
কি সেই আনন্দ কি
সেই মজা একোকে নুসুবিধা
তিনিওৰে নাচৰ
লহৰ কি চাবা, কিমান চাবা
দুয়োৰে কি স্ফূৰ্তি
নাচি নাচি এসময়ত
আটায়ে টোপনিত পৰিল ঢলি৷
নামি আহিছে ৰাতি
মূল ইংৰাজী
কবিতা : Night
Comes
কবি : Beatrice Schenk de Regniers (August 16, 1914—March 1,
2000)
অকাশখনলৈ চাই
চাই
নামি আহিছে
ৰাতি
অহিছে তৰাবোৰো
জুমি জুমি
জোনটো আহিছে
হাতত সাৰে ভৰিত
সৰে
ৰূপালী ৰহণ সানি
কোন সেয়া
ভয়তে থৰ্থৰ্কৈ
কোনে ভয় খাইছে
ৰাতিটোলৈ?
মই নহয় দেই৷
বৰষুণজাকৰ
ৰূপালী পাদুকাযোৰ
মূল ইংৰাজী
কবিতা : The Rain Has Silver Sandals
কবি : May
Justus (May 12, 1898 – November
7, 1989)
ব’হাগত নাচিবলৈ, চোৱা
বৰষুণজাকৰ ভৰিত
সেইযোৰ ৰূপালী পাদুকা!
ফিটাৰ সেইযোৰ জোতা দেখিছা
ছিটিকি ছিটিকি নপৰিবনে বাৰু বাৰিষাৰ বোকা?
আগটোলৈকে তলডোখৰত গজাল লগোৱা সেয়া
জাৰকালিলৈ বুলি
বুট এযোৰা
তাৰ লগতে সময়ে
সময়ে সলাই পিন্ধিবলৈ
পাতল চামৰাৰো
এযোৰা
যেন বৰফেৰেহে
মীনা কৰা!
ৰাতিটো আৰু কি, প্ৰকাণ্ড এটা ক’লা মেকুৰী
মূল কবিতা: ‘The Night is a Big Black Cat’ by G. Orr Clark
ৰাতিটো আৰু কি, প্ৰকাণ্ড এটা ক’লা
মেকুৰী
ট টকৈ জিলিকি থকা চকু দুটি
আকাশখননো আৰু কি, গুলুম মাৰি ধৰা এখন পথাৰ
তৰাবোৰ এন্দুৰ, ৰাতিটোত তাইৰ চিকাৰ!
বসন্তৰ যাদু
মূল ইংৰাজী
কবিতা : Maytime
Magic
কবি : Mabel Watts (May 20, 1906 )
সিঁচিবলৈ বীজ
দিয়া মোক এধানমানি
এধানমান মাটি
এধানমান সুৰুঙা
এধানমান আদৰ
আৰু এধানমান
হেঁপাহ—
এধানি ৰ’দ
জহকালি
মূল ইংৰাজী
কবিতা :
‘Summer’
কবি : Frank
Asch ( August 6, 1946-)
ইমান গৰম!
পেলালোঁ
জোতা–মোজা
পেলালোঁ
গোটেই গাটো!
নৈখনলৈ!
নিগনিবোৰ
মূল ইংৰাজী
কবিতা : Mice
কবি : Rose Fyleman (1877–1957)
মই ভাবোঁ
নিগনিবোৰেই বৰং
ধুনীয়া
দীঘল দীঘল নেজ
সৰু সৰু মুখ
থুঁতৰি বুলিবলৈনো কি
নাই ক’তো খুঁত
দাঁতবোৰ ঘূৰণীয়া
ঘৰৰ যিবোৰ বস্তু
আপুৰুগীয়া
তাকেই কুটি কুটি
শেষ কৰা
কাৰোবাৰ চকুত
পৰিলেই
তৰ্ধণি হেৰুৱাই
লৰ মৰা
তথাপি কিয় যে
সদায় ভাবোঁ
নিগনিবোৰেই বৰং
ধুনীয়া৷
মাখিবোৰে
মূল কবিতা : Wasps
কবি : Dorothy Aldis (March 13, 1896- July 4, 1966)
মাখিবোৰে ভাল
পায় কি
কফি
ভাল পায়
ছিৰাপ
চাহ
ক’কাক’লা
বাটাৰ
আৰু মোক৷
মইতো এলেহুৱা
নহয়
মূল ইংৰাজী
কবিতা : I’m
Really not Lazy
কবি : Arnold
Spilka (November 14, 1917 – December 14, 2002)
মইতো এলেহুৱা
নহয়—
যে
মই হয়!
নকৰোঁ—
নোৱাৰোঁ!
আৰু ভাবোঁ!
মিছিজ মেলন
মূল ইংৰাজী
কবিতা : Mrs.
Malone
কবি : Eleanor Farjeon (13 February 1881 – 5 June 1965)
মিছিজ মেলনে
হাবিৰ দাঁতিত
বাস কৰিছিল অকলে
তেনেকৈ আচলতে
কোনোৱেই
থাকিব নালাগে
অকলে৷
কাঁহী এখনত
এডোখৰ ৰুটী
জুহালত উতলিবলৈ
দিয়া পানী
কথা এষাৰ পাতিবলৈকো
কোনো নাই, বেচেৰী দুখুনী৷
মূৰলৈকে কাপোৰখন
টানি
উৰাখনেৰে গাটো
ঢাকি
পুৰণি বস্তা
এখনৰ ওপৰতে
বেচেৰী যায়
টোপনি—
কেনেকৈনো তেওঁ
দিন কটায়,
এজনীক লৈ
কোনেনো মিছাতে
মূৰ ঘমায়?
সেয়া আছিল
শীতকালৰ কোনো এক সোমবাৰ৷
ইমান ডাঠকৈ বৰফ
পৰিছিল যে
খোজৰ শব্দটোত হৈ
গৈছিল নিৰাকাৰ—
তেনেতে তেওঁ হঠাতে,
যেন ঠোঁটেৰে খুঁটিয়াইছে,
তেওঁ আকৌ শুনিলে—
আধা মেলা
ঠোঁটত বৰফ লাগি
থকা৷
খিৰিকীখন মেলি
আলফুলে তেওঁ চৰাইটো আনিলে ভিতৰলৈ
সাবটি লৈ তাক বুকুৰ মাজত আৱেগেৰে ধৰিলে ক’বলৈ—
গোটেইবোৰ গৈছে তিতি
ৰ’বা, তোমাৰ কাৰণে মোৰ ইয়াতে ঠাই হ’ব দেহি—
মঙলবাৰৰ পুৱাৰ
জলপানৰ সময়ত
ঘৰচিৰিকাটোৱেও
খুটিয়াই খাইছিল
তেওঁৰ কাঁহীৰ
পৰা
(কি
যে সেই সংগ মিঠা!)-
তেনেতে দুৱাৰত
শুনা গ’ল
হেঁচনি
আছিল সেয়া এটা
মেকুৰী
শলখাডালত নখেৰে
আঁকুহি–বাকুহি—
বাৰে পৰিছিল পিছলি—
তেওঁ তাকো আনিলে সামৰি৷
গাখীৰ অকণ তপতাই
আতৌ–পিতৌকৈ খুৱালে
ৰ’বি, তোৰ কাৰণেও মোৰ ইয়াতে ঠাই হ’ব, দেহি—
তাৰ পাছত আহক
বুধবাৰ
মজিয়াৰ ঢাৰিখনত
সকলোটি আছিল বহি
ঘৰচিৰিকাটোৱে
খাই আছিল ৰুটীৰ গুড়ি
মেকুৰীটোৱে
গাখীৰপানী,
পৰা কিন্তু আহিছিল ভাহি
কাণত বাজি থকা
অহৰহ কেঁকনি—
শিয়ালী এজনী
লগত তাইৰ ছটিকৈ
পোৱালি৷
শিয়ালী আছিল
তেনেই ভাগৰুৱা
পোৱালিকেইটাও
আধাপেটীয়া—
পিছে উঠিছিল চিঞৰি:
তেওঁ লাহেকৈ
মাত দিলে
শিয়ালীলৈ চাই—
গৈছা তুমি, আই
যোৱা, গাটো লোৱাগৈ তপতাই
তোমালোকৰ বাবেও
মোৰ ইয়াতে হ’ব
ঠাই!
বৃহস্পতিবাৰে
আকৌ এটা গাধ
ওলালহি আহি—
গৈছিল লেৰেলি
গোটেই পিঠিখনত
ঘাঁৰ বুলনি
শুকুৰবাৰে বৰফৰ
টুকুৰাবোৰ
বতাহত যেতিয়া
ৰৈছিল ওপঙি
পাহাৰৰ পৰা নামি
ভালুক এটা
ওলালহি আহি
প্ৰত্যেকৰে বাবে
মিছিজ মেলনৰ আছিল কিবাকিবি
তেনেই অলপীয়া হ’লেও তাকেই দি তেওঁ
গুণিছিল এইবুলি—
‘‘এই হতভগীয়া জীৱকেইটিৰ কি হ’ব একমাত্ৰ, প্ৰভু, জানা তুমি
আটাইকেইটি
কিন্তু থাকিবই লাগিব জী৷’’
তেওঁ বিলাই দিছিল নিজৰ সকলো—
আৰু উৰা
ৰুটী আৰু কেটলি
‘‘এনেকৈয়ে আটায়ে থাকিব লাগিব জী
গোটেই পৰিয়ালটো
একলা একলাকৈ আগবাঢ়ি’’—
শনিবাৰৰ সন্ধিয়া
পাছে
ৰাতি খাবৰ পৰত
মিছিজ মেলন যেতিয়া
বিছনাতে থাকিল পৰি,
নিজৰ মাতটোৰে
মেকুৰীটোৱে তেওঁক বাৰে বাৰে জগালে
ঘৰচিৰিকাটোৱে, শিয়ালীয়ে, ভালুকে, আটায়ে—
নুঠিল৷
শেষত গাধৰ পিঠিত
তেওঁক তেনেকৈয়ে লৈ
হাবি কাটি পাহাৰ
ভাঙি
দিন–ৰাতি একাকাৰ কৰি
ডাৱৰ অতিক্ৰমি
দেওবাৰৰ পুৱা
সিহঁত গৈ পালেগৈ
সৰগৰ দুৱাৰমুখ৷
‘‘কোন এওঁ?’’— সুধিলে দুৱাৰমুখতে থকা সন্ত পিটাৰে,
গাধ–ভালুক–মেকুৰী আটায়ে
তবধ মানিলে—
নোজোৰে
পিছে তেওঁৰ
অন্তৰখন আছিল ইমানেই ডাঙৰ যে
আমাৰ সকলোকে
জুৰিলে৷’’
তেনেতে হঠাৎ সাৰ
পাই
খপ্জপ্কৈ উঠি বহিল
মিছিজ মেলন
তেওঁ সুধিলে অবাক হৈ,
বাচাহঁত মোৰ, ব’লাহঁক যাওঁ উলটি
নহয় দেহি’’
কিন্তু ক’লে তেওঁলৈ চাই—
প্ৰভুৱে আছে বাট চাই
সেই ঠাই!’’