বিষ্ণু ৰাভা আৰু অসমীয়া মধ্যবিত্ত সমাজ

 

পঙ্কজ প্রতিম বৰদলৈ

ৰাভাদেৱক অসমীয়া জনমানসৰ লগত চিনাকি কৰোৱাৰ প্ৰয়োজন নাই। প্রাক্‌স্বাধীনতাকালীন সময় আৰু উত্তৰ স্বাধীনতা যুগৰ প্রায় একুৰি দুবছৰ অসমৰ
সমাজ জীৱনৰ বিষ্ণু ৰাভা এক এৰাব নোৱাৰা অংগ আছিল। অসমৰ মধ্যবিত্ত সমাজত বিষ্ণু
ৰাভা এক মধ্যবিত্ত আৱেগ। এই সমাজখনত ৰাভাৰ গ্রহ
যোগ্যতা এক
তর্কৰ বিষয় যদিও বহুসময়ত ৰাভাক প্রয়োজন অনুসাৰে গ্রহ
যোগ্য
কৰি লোৱা হৈছে বুলি কোৱাতো ভুল নহ
ব। ৰাভাৰ কেৱল মাত্র
সাংস্কৃতিক চিনাকি আৰু বহুল সমাদৃত
কলাগুৰুউপাধি ৰাভাৰ বহুমুখী প্রতিভা আৰু কৰ্মৰাজিক এক গণ্ডীৰ মাজত ৰাখি ৰাভাৰ
আভাক প্রতিহত কৰাৰ অসমীয়া মধ্যবিত্ত সমাজৰ নিৰন্তৰ প্ৰয়াসৰ অন্যতম জ্বলন্ত
উদাহৰণ। ৰাভা কেৱল এজন শিল্পী নাছিল। বিষ্ণু ৰাভাৰ ৰাজনৈতিক দর্শন
, ধর্মীয় চেতনা, জনগোষ্ঠীয় বিষয় কেন্দ্রিক গৱেষণা,
লোককলা আৰু শাস্ত্রীয় নৃত্যৰ তুলনামূলক অধ্যয়ন, ‘প্রাগজ্যোতিষ কলা পৰিষদ’-ৰ জৰিয়তে কৰিব খোজা
বিভিন্ন কার্যসূচী আদি বহুবোৰ দিশৰ প্রকৃত অধ্যয়ন আজিকোপতি হোৱা নাই৷ বিষ্ণু ৰাভা
আৰু অসমৰ মধ্যবিত্ত সমাজৰ এই সংঘাট পর্যালোচনা কৰিলে অসমীয়া মধ্যবিত্ত সমাজৰ
ৰাভাৰ প্ৰতি যি বিভ্রান্ত স্থিতি সেয়া বুজিব পাৰি।

বিষ্ণু ৰাভাৰ পৰিৱৰ্তিত ৰাজনৈতিক চেতনাধাৰা তদানীন্তন
অসমীয়া মধ্যবিত্ত সমাজৰ বাবে ৰাভাৰ প্রথম অবাঞ্চিত পদক্ষেপ আৰু মূল
তঃ এই দিশটোৰ বাবেই
ৰাভাক এই তথাকথিত সমাজখনৰ পৰা আজিও প্রণালীবদ্ধভাৱে নিলগাই থোৱাৰ প্ৰয়াস কৰা হয়।
জীৱনৰ প্ৰথম অৱস্থাত গান্ধীজীৰ অহিংস আন্দোলনত বিশ্বাসী ৰাভাই ক্রমান্বয়ে অসমৰ
মধ্যবিত্তৰ নেতৃত্বাধীন কংগ্ৰেছৰ লক্ষ্য আৰু উদ্দেশ্যৰ প্রতি মোহাচ্ছন্ন হয় আৰু
সাম্যবাদী ভাৱধাৰাৰ প্রতি আকর্ষিত হৈ
, প্রাক্‌স্বাধীনতাকালীন উত্তপ্ত সময়তে আৰ চি. পি. আই.-ত যোগদান কৰে। কংগ্ৰেছৰ একছত্রী সময়কালৰ তথা
স্বাধীনতা লাভৰ পৰৱ
ৰ্তী সময়ৰ অভূতপূর্ব জনপ্রিয়তাৰ দিনত
এয়া আছিল অসমৰ মধ্যবিত্ত সমাজৰ প্রতি ৰাভাৰ প্রথম প্রত্যাহ্বান। অসমৰ জনগণৰ
ৰাজনৈতিক চেতনাক কেইবা দশকো ধৰি স্বাধীনতাৰ আকাংখ্যাৰে নিয়ন্ত্রিত কৰি অহা
কংগ্ৰেছৰ লগতে সেই সমাজখনৰ বাবে বিষ্ণু ৰাভাৰ এই বিপৰীতমুখী ৰাজনৈতিক দর্শন গ্রহ
যোগ্য নোহোৱাটোৱেই স্বাভাৱিক৷ ৰাভা আছিল খাটিখোৱা
জনতা সমাজৰ সৰবৰহী
, সার্বজনীন নেতা। মধ্যবিত্তীয়
স্থিতাৱস্থাক বিপ্লৱী উগ্রপন্থাৰে সলনি কৰাৰ সপোন দেখা সৈনিক শিল্পী আছিল বিষ্ণু
ৰাভা । ১৯৪০
ৰ পৰা ৫০ৰ দশকৰ মাজত লিখা বহুবোৰ বিপ্লৱী গীত আৰু কবিতা অসমীয়া সমাজত সত্তৰ আৰু আশীৰ দশকতহে প্রকৃতভাৱে
জনপ্রিয় হৈছিল৷ ইয়েই ৰাভাৰ অসমীয়া মধ্যবিত্ত সমাজৰ লগত থকা দূৰত্বকে সূচায়।

সাধাৰশ্রেণী
জনতাৰ লগত ৰাভাৰ আছিল আত্মিক সম্পর্ক। ৰাভাৰ জনপ্রিয়তা শাসনযন্ত্ৰৰ বাবে আছিল
মূৰকামোৰণি। কেৱল মাত্ৰ চৰকাৰী শাসনযন্ত্রইহে যে ৰাভাৰ পৰা দূৰত্ব বজাই ৰাখিছিল এনে নহয়, অসমৰ বৌদ্ধিক দিশত বিশেষ প্রভাৱ থকা অসম সাহিত্য সভাই বিষ্ণু ৰাভাক ১৯৬০
চনৰ পলাশবাৰী অধি
ৱেশনৰ সাংস্কৃতিক অধিৱেশৰ বাবে মাত্র ২৫ টকা বানচ দি নিমন্ত্রণ কৰিছিল মির্জাৰ কৃষক ৰাইজৰ আগ্ৰহক
নেওচা দিব নোৱাৰিহে। সভাৰ মূল বিষয়ববীয়া ব
হুকেইজনেই ৰাভাৰ
সভাত অংশগ্রহ
কৰা নাছিল। এই অধিৱেশনৰ
বাহিৰে অসম সাহিত্য সভাই ৰাভাক জীৱিত অৱস্থাত কোনো কার্যসূচীত ভাগ ল
বলৈ দিয়া নাছিল আৰু মৃত্যুৰ পাতো এখন শোকসভা
অনুষ্ঠিত কৰাৰ প্রয়োজনীয়তাবোধ কৰা নাছিল।

উগ্র বিপ্লৱী চিন্তাচর্চাৰ পৰা ক্ৰমা সমাজবাদী হোৱা ৰাভাই সংসদীয় গতন্ত্রৰে পুনৰ নতুনকৈ পৃথিৱী সজোৱাৰ সপোন দেখিলে। ১৯৫৭ চনৰ সংসদীয়
নির্বাচনত কোকৰাঝাৰৰ পৰা পৰাজয় বৰণ কৰিলে যদিও ই ৰাভাৰ জনপ্রিয়তা
ম্লান কৰিব নোৱাৰিলে। কিন্তু ৬২ৰ চীনা আক্রমণে পুনৰবাৰ ৰাভাৰ প্ৰতি থকা অসমৰ
মধ্যবিত্ত সমাজৰ
ক্ৰুৰতা প্রকাশ কৰিলে। অসমৰ চৰকাৰে চীনা
চৰকাৰৰ সহযোগী বুলি সন্দেহ কৰি বিষ্ণু ৰাভাক হেণ্ডকাফ লগাই তেজপুৰ চহৰৰ মাজেৰে
পদব্রজে নি গ্রেপ্তাৰ কৰিলে আৰু ৰাভাৰ জনপ্রিয়তাৰ বাবে জনতাৰ ৰোষত পৰাৰ ভয়ত
উৰিষ্যাৰ বেহৰামপুৰৰ জেলত বন্দী কৰি থ
লে। কিন্তু, অতি আশ্বর্যজনকভাৱে অসমীয়া মধ্যবিত্তৰ কোনো ব্যক্তিয়েই ৰাভাৰ গ্ৰেপ্তাৰৰ
প্রতিবাদ কৰাৰ কথা জনা নাযায়। ৰাভা আছিল উগ্র কমিউনিষ্ট গতিকে অসমীয়া মধ্যবিত্তই
বিষ্ণু ৰাভাৰ পৰা দুৰত্ব বজাই ৰাখিছিল। ৰাভাৰ জীৱনকালত ৰাভাৰ বহুবোৰ লেখা অসমীয়া কাকত
আলোনীয়ে প্রকাশ কৰা নাছিল বা তেওঁৰ সাহিত্যকর্মৰ
বিশেষ আলোচনাও কৰা নাছিল। মৃত্যুৰ
ঠিক এক-ডেৰ বছৰৰ পূর্বে
মাত্র ৰাভাৰ সৃষ্টিৰাজিক লৈ কিছু বৌদ্ধিক চিন্তা
চর্চা হৈছিল
যদিও
, সেয়া সীমিত আছিল। একমাত্র ভূপেন হাজৰিকা সম্পাদিত আমাৰ প্রতিনিধি এই ক্ষেত্ৰত ব্যতিক্রম আছিল। ১৯৬৯
চনৰ ২০ জুলাইৰ দিন
টোতে খুব সম্ভৱতঃ
ৰাভাৰ আদ্যশ্রাদ্ধ হৈছিল আৰু সেই দিনাই নীল আর্ম
ষ্ট্ৰং
চন্দ্ৰত উপস্থিত হৈছিল আৰু ইন্দিৰা গান্ধীয়ে ১৪ টা ব্যক্তিগত বেংকৰ ৰাষ্ট্ৰীয়কৰণ
কৰিছিল আৰু ভূপেন হাজৰিকাই সম্পাদকীয় লিখিছিল
ৰাভা,
চন্দ্ৰ আৰু বেংক। ৰাভাৰ মৃত্যুত প্রকৃত
শ্ৰদ্ধাঞ্জ
লি জনোৱাত অসমীয়া মধ্যবিত্তই সম্ভৱপৰ সকলো কৃপণালি কৰিছিল। বিষ্ণু ৰাভাৰ বন্দীত্বৰ কালছোৱাত যদি ৰাভাৰ প্রতি সন্মান প্রদর্শনৰ চেষ্টা কৰা মুষ্টিমেয় সকলৰ অন্যতম আছিল ড
° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য, যাৰ বিষ্ণু ৰাভা এতিয়া
কিমান ৰাতি একমাত্র উদাহৰণ বুলি ক
লেও অত্যুক্তি কৰা নহব।

যোৱা দশককেইটাৰ অসমীয়া মধ্যবিত্তৰ বৌদ্ধিক চিন্তাৰ বাহক
আৰু অসমৰ জাতীয় চেতনা-স্পন্দন যথাক্রমে অসম সাহিত্য সভা আৰু সদৌ অসম ছাত্ৰ সন্থাই
বিষ্ণু ৰাভাৰ সাংস্কৃতিক দর্শনক নিজৰ বিভিন্ন কর্মসূচীত ব্যৱহাৰ কৰিছে
, যাতে ৰাভাৰ জনমানসত থকা ভাৱমূর্তিয়ে এই
সংগঠনস
মূহক নিজৰ লক্ষ্য, উদ্দেশ্যক
ৰাইজৰ মাজলৈ লৈ যোৱাত অধিক সহায় কৰে। অসমীয়া মধ্যবিত্ত সমাজৰ উঠি অহা প্ৰজন্মক
অতি কৌশলেৰে ৰাভাৰ ৰাজনৈতিক আৰু বিপ্লৱী চেতনাৰ পৰা
দূৰৈত
ৰাখিবৰ বাবে
কলাগুৰুউপাধি দি ৰাভাৰ
গীত-কবিতাৰ ব্যাপক প্রচাৰ কৰি ৰাভাক কেৱল মাত্ৰ এজন শিল্পী হিছাপে চিনাকি দিয়াৰ
এই প্রয়াস অসম আন্দোলনকালৰে পৰাই চলি আহিছে। অসমে আন্দোলনৰ নেতাসকলে ৰাভাক এজন
জাতীয়তাবাদী শিল্পী হি
চাপে প্ৰক্ষেপ কৰি ৰাভাৰ ৰাজনৈতিক
দর্শন আৰু চিন্তাক অতি কৌশলেৰে জনমানসৰ পৰা আতৰাই ৰাখি অসমীয়া মধ্যবিত্তৰ
সুবিধাবাদী চৰিত্ৰকে প্রকট কৰিছিল। অসম সাহিত্য সভাই বর্তমান আড়ম্বৰেৰে বিষ্ণু ৰাভা
দিৱস উদযাপন কৰে
, কিন্তু জীৱিত কালত ৰাভাৰ প্ৰতি সভাৰ কি
স্থিতি আছিল ইতিমধ্যে উল্লেখ কৰি
ছোঁ

বিষ্ণু ৰাভাক কেৱল জনজাতীয় পৰিচয়ৰে চিনাকি দিয়াৰ এক
সংঘবদ্ধ প্রয়াসো এটা সময়ত চলোৱা হৈছিল আৰু এয়া আছিল ৰাভাক অসমীয়া মধ্যবিত্ত
সমাজৰ পৰা দূৰৈত ৰখাৰ একা
টিয়া চেষ্টাৰ অংশ। আনহাতে পৰিৱৰ্তিত সময়ত কৃষক মুক্তি সংগ্রাম সমিতি আৰু ইয়াৰ
ভ্রাতৃ সংগঠন ছাত্র মুক্তিয়ে বিষ্ণু ৰাভাৰ ৰাজনৈতিক পৰিচয়ক সাংস্কৃতিক পৰিচয়তকৈ
অধিক গুৰুত্ব দি নিজকে ৰাভাৰ আদৰ্শৰ প্রকৃত ধ্বজাবাহক বুলি প্রতিষ্ঠা কৰাৰ এক
প্রয়াস কৰা দেখা গৈছে। এয়াও আচলতে ৰাভাৰ প্রকৃত বহুমুখী আদর্শক
উত্তৰাধিকাৰসূত্রে লাভ কৰি ৰাজনৈতিক সুবিধাবাদ আদায় কৰাৰ প্ৰয়াসহে মাত্র।

জীৱিত অৱস্থাত বিষ্ণু ৰাভা অসমীয়া মধ্যবিত্তৰ বাবে আছিল
শংকা আৰু উদ্বেগৰ কাৰণ। প্রতিষ্ঠানবিৰোধিতাৰ অন্যতম নিদর্শন। জীৱিত ৰাভা আৰু
মৃত্যুৰ পাছৰ ৰাভাৰ পৰিচয় আৰু গুৰুত্ব অসমীয়া সমাজৰ বাবে ভিন্ন। শিল্পী ৰাভা
সর্বজন গ্রহ
যোগ্য। তেওঁৰ নামেৰে
শিল্পী বটাঁ দি বিষ্ণু ৰাভাৰ নামেৰে
ভোট কিনাৰ চেষ্টা আজিও
চলি আছে।
কলাগুৰু’-ৰ নামত উদযাপিত
দিৱসত উঠি অহা ল
ৰা ছোৱালীয়ে কবিতা আওঁৰাই, গীত গায়, নৃত্য কৰে। ৰাভাৰ শিল্পী সত্বাক সংস্কৃতিৰ
বাহক হি
চাপে প্রচাৰ আৰু প্ৰকাশ কৰাৰ নিৰলস প্রচেষ্টা চলি আছে
আৰু চলি থাকিব। পি
.এইছ.ডি. গৱেষণাৰ বিষয় হিছাপে ৰাভাৰ আদৰ আছে, কিন্তু বেছিবোৰতেই
ৰাভাৰ সাংস্কৃতিক দিশৰ চৰ্চা। ৰাজ্যৰ এখনো বিশ্ববিদ্যালয়ে ৰাভাৰ সকলো দিশ সামৰি
কোনো ছিৰিয়াছ গৱেষণাৰ নজিৰ নাই। আনহাতে বিপ্লৱী ৰাভা বর্জনীয়। আজিও সর্বজন গ্রহ
যোগ্য নহয়। মধ্যবিত্ত অসমীয়া সমাজৰ বাবে সেইজন ৰাভা অচিনাকি হৈ থকাটোৱেই মংগল। এই কার্য বাস্তৱায়িত কৰাৰ দৃঢ় চেষ্টা আজিও চলি আছে। ৰাভাৰ
ৰাজনৈতিক দর্শনক একাষৰীয়া কৰি ৰাভাৰ জনপ্রিয়তা জাতীয় সংগঠনৰ বাবে ৰাইজৰ ওচৰ
চপাৰ উত্তম আহিলা।

বিষ্ণু ৰাভাৰ মৃত্যুৰ অর্ধশতিকা পাৰ হোৱাৰ পাছতো তেওঁৰ
বহুমুখী প্রতিভাৰ উচিত মূল্যায়ণ আৰু প্রকৃত স
ন্মান প্রদান কৰিব নোৱাৰাটোৱেই অসমীয়া মধ্যবিত্তৰ
ৰক্ষণশীলতা পৰিচায়ক। অসমীয়া মধ্যবিত্ত বৌদ্ধিক সমাজে
সুন্দৰৰ
পূজাৰী
’-ৰ পৰা সৈনিক শিল্পী’-
পৰিক্ৰমাত আৱদ্ধ কৰি ৰখা বিষ্ণু ৰাভা যিদিনা এই বান্ধোনৰ পৰা মুক্ত হ
ব আৰু অসমীয়া সমাজে ৰাভাৰ বহুমুখী প্রতিভাক নিজৰ ক্ষুদ্ৰ স্বাৰ্থৰ বাবে
ব্যৱহাৰ নকৰি যিদিনা বিষ্ণু ৰাভাৰ প্রতিভা আৰু কৰ্মৰাজিৰ প্রকৃত মূল্যায়ণ কৰিব
পাৰিব
, সেই দিনাহে প্রকৃতাৰ্থত বিষ্ণু ৰাভা দিৱস পতাৰ নৈতিক
দায়িত্ব অসমীয়া জাতিয়ে লাভ কৰিব। তেতিয়ালৈকে বিষ্ণু ৰাভা অসমীয়া মধ্যবিত্ত
সমাজৰ সহজলভ্য
আৱেগ’-ৰ প্রতীক মাত্র।

ঠিকনা:

                      ৰাষ্ট্রপতি ভৱন সংগ্ৰহালয়

                               ৰাষ্ট্রপতি ভৱন, নিউ দিল্লী-১১০০০৪

                       ফোন নং
৮৮০০৯৪৮৮০৮

                                       ই-মেইল: protimpankaj@gmail.com