টেষ্টটিউব শিশু আৰু এজন ডাক্তৰৰ মৃত্যু

 অভিজিত শর্মা বৰুৱা

প্রখ্যাত চলচ্চিত্র-নির্মাতা তপন সিন্‌হাই ১৯৯০
চনত নির্মাণ কৰা এখন চলচ্চিত্রৰ নাম আছিল—
এক ডাক্তৰ কি মৌত
এই ছবিখন পশ্চিম বংগৰ সাহিত্যিক ৰমাপদ চৌধুৰীৰ
অভিমন্যুনামৰ
গল্পটোৰ আধাৰত নির্মিত কৰা হৈছিল। সেই গল্পটোৰ আধাৰ আছিল আকৌ ডাঃ সুভাষ
মুখোপাধ্যায়
, যিজনে প্রথম ভাৰতীয় টেষ্টটিউব শিশু (আৰু বিশ্বৰ
দ্বিতীয়)
দুর্গা’-ৰ জন্ম দিয়াইছিল, কিন্তু
জীৱনকালত তাৰ বাবে স্বীকৃতি পোৱাটো দূৰৰ কথা
, ৰাজ্য চৰকাৰৰ পৰা অপমান আৰু
সামাজিক অৱহেলাৰ বলি হৈ আত্মহত্যা কৰি মৃত্যুক সাৱটি লৈছিল। সেই কথালৈ যোৱাৰ আগতে
বাৰু টেষ্টটিউব বেবি সম্পর্কত কিছু কথা আলোচনা কৰি লোৱা যাওক।


  টেষ্টটিউব বেবিবা পৰীক্ষানল শিশু’-ৰ জন্ম বৰ বেছি বছৰৰ আগৰ কথা নহয়। ১৯৭৮ চনতহে বিশ্বত
প্রথমটি টেষ্টটিউব শিশুৰ জন্ম দিয়া হৈছিল।
 যি পদ্ধতিৰে এনে টেষ্টটিউব শিশুৰ জন্ম দিয়া হ  তাক কোৱা হল ই ভি এফ, বা ইন ভিট্রফার্টিলাইজেছন (In Vitro Fertilization)লেটিন ভাষাত ইন ভিট্রশব্দৰ অর্থ
কাঁচৰ ভিতৰত। গতিকে এই ইন ভিট্রফার্টিলাইজেছনৰ
অর্থ হবগৈ কাঁচৰ ভিতৰত নিষেচন। এই নাম বোধকৰো
এই কাৰণেই দিয়া হ
ল যে ইয়াৰ বাবে যি জৈৱিক কামকাজ বা পৰীক্ষা চলোৱা হয়,
 সেয়া কাঁচৰ বীকাৰ, পৰীক্ষানল বা আন পাত্রত কৰা হয়। এই পদ্ধতিৰে
জন্ম হোৱা শিশুক
 টেষ্টটিউব শিশুবুলি জনা গলেও এনে
সন্তানৰ ভ্রূণ য
ত সৃষ্টি কৰা হয়,
 সেয়া কিন্তু আমি ৰসায়ন বিজ্ঞানৰ পৰীক্ষাত
ব্যৱহাৰ কৰা ধৰণৰ টেষ্টটিউব নহয়
, সেয়া হল কাঁচৰে এক বহল পাত্র, যাক পেট্রি ডিছনামেৰে
জনা যায়।
 

সন্তানহীন দম্পতিৰ ক্ষেত্রত পত্নী আৰু পতি দুয়োৰে কিছু সীমাবদ্ধতাৰ বাবে সন্তান জন্ম
হোৱাত অসুবিধাৰ সৃষ্টি হ
ব পাৰে। নাৰীসকলৰ ক্ষেত্রত সাধাৰণতে ফেলপিয়ান টিউবৰ বিসংগতিয়ে বেছি
সমস্যাৰ সৃষ্টি কৰে। আনহাতে পুৰুষৰ ক্ষেত্রত কেতিয়াবা শুক্রাণু কিছু দুর্বল হয় আৰু
তেনে শুক্রাণুৱে ডিম্বাণুৰ বেৰ ভেদ কৰি তাৰ ভিতৰত প্রৱেশ কৰিব নোৱাৰে। ফলত
ডিম্বাণুৰ নিষেচন নহয়
 আৰু ভ্রূণ সৃষ্টি হব নোৱাৰেপাছে আই ভি এফ পদ্ধতিৰ ক্ষেত্রত নাৰী আৰু পুৰুষৰ এনে ধৰণৰ
সীমাবদ্ধতাই কোনো সমস্যাৰ সৃষ্টি কৰিব নোৱাৰে আৰু তেনে নাৰী
পুৰুষে অনায়াসে নিজ সন্তানৰ
জন্ম দিব পাৰে।

আই ভি এফ পদ্ধতিত ডিম্বাণুক শুক্রাণুৰ দ্বাৰা
নিষেচন কৰা কামটো কৰা হয় দেহৰ বাহিৰত। তেনেকৈ সৃষ্টি হোৱা ভ্রূণটো অৱশ্যে এগৰাকী
মহিলাৰ দেহৰ জৰায়ুত সংস্থাপন কৰা হয় আৰু সাধাৰণ সময়সীমাৰ
 (দহ মাহ দহ দিন!) ভিতৰতে সেই সন্তানৰ জন্ম হয়। সাধাৰণ দম্পতিয়ে
সন্তান জন্ম দিয়াৰ ক্ষেত্রত এই কৃত্রিম পদ্ধতি ব্যৱহাৰ কৰাৰ প্রয়োজন নাথাকে যদিও
সন্তানহীনতাৰ
 লক্ষণত ভোগা বিবাহিত দম্পতিৰ ক্ষেত্রত এই পদ্ধতি খুবেই
কার্য্যকৰী। সন্তানহীনতাৰ ক্ষেত্রত সকলো
এছিষ্টেড ৰিপ্রডাক্টিভ টেকনলজিব্যর্থ হোৱাৰ পাছতো এই পদ্ধতি ব্যৱহাৰ কৰি সন্তান জন্ম দিয়াৰ এক সুন্দৰ
সম্ভাৱনা থাকি যায়।
 এতিয়াৰ প্রচলিত পদ্ধতিত প্রথমতে এগৰাকী নাৰীৰ ডিম্বাশয়ৰ পৰা
ডিম্বাণু সংগ্রহ কৰা হয়। সফল গর্ভধাৰণ সুনিশ্চিত কৰিবলৈ ডিম্বাণু নির্বাচন কৰোতেই
কিছুমান পৰীক্ষা সম্পাদিত কৰি লোৱা হয়
, যাতে উপযুক্ত ডিম্বাণুৱেহে
এই প্রক্রিয়াত অংশ গ্রহণ কৰে। তাৰ পাছত সংগ্রহ কৰা হয় শুক্রাণু।
পেট্রি ডিছ’-ত এটি ডিম্বাণুৰ বিপৰীতে প্রায় ৭৫০০০ মান শুক্রাণু ৰখা হয়। এই শুক্রাণু  ডিম্বাণু আকৌ এক তৰল কালচাৰ মাধ্যম’-ত প্রায় ১৮ ঘন্টা থাকে। সাধাৰণতে এই সময়ৰ ভিতৰতেই শুক্রাণুৰ দ্বাৰা
ডিম্বাণুৰ নিষেচন সম্পন্ন হয়। পুৰুষৰ দুর্বল শুক্রাণুৰ ক্ষেত্রত শুক্রাণুৱে
স্বাভাৱিকভাৱে
 ডিম্বাণূৰ ভিতৰত প্রৱেশ কৰিব
নোৱাৰিব পাৰে বাবে তেনে শুক্রাণুক ইনজেকছনৰ সহায়ত ডিম্বাণুৰ ভিতৰলৈ প্রত্যক্ষভাবে
সুমুৱাই দিয়া হয় আৰু এনেদৰেই নিষেচন সম্পন্ন হয়। সেই নিষেচিত ডিম্বাণুক কোৱা হয়
জাইগট
 (Zygote)জাইগটক এক বিশেষ গঠন মাধ্যম’-ত ৰখা হয়, যাতে তাৰ শ্রীবৃদ্ধি ঘটে। প্রায় ৪৮ ঘন্টা
এনেদৰে ৰখাৰ পাছত কোষ বিভাজন ঘটি ই ছয়ৰ পৰা আঠটা কোষত পৰিণত হয়। তাৰ পাছত তাক
সাৱধানেৰে মাতৃ বা আন মহিলাৰ জৰায়ুত সংস্থাপন কৰা হয়। জাইগটক মাতৃ গর্ভত স্থাপন
কৰাৰ পাছত সন্তান জন্ম দিয়াৰ প্রক্রিয়া আন সাধাৰণ সন্তান জন্ম দিয়াৰ লগত একেবাৰে
একে। মানে ভ্রূণ গৈ মাতৃ গর্ভ পোৱাৰ পাছত আৰু পৰীক্ষাগাৰ বা
 টেষ্টটিউবৰ কোনো কাম নাথাকে। কুৰি শতিকাৰ দ্বিতীয়ার্ধৰ
পৰাই চিকিত্সা বিজ্ঞানীসকলে এনে ধৰণৰ পদ্ধতিৰে সন্তান জন্ম দিয়াৰ চেষ্টা কৰি
থাকিলেও ১৯৭৮ চনতহে প্রথমবাৰৰ বাবে এই পদ্ধতিয়ে সফলতা লাভ কৰি
ছিল।

১৯৭৮ চনৰ ২৫ জুলাইত দুজন প্রতিভাৱান বিজ্ঞানী তথা চিকিৎসা বিজ্ঞানী ৰবার্ট
এডৱার্ডছ আৰু পেট্রিক ষ্টেপটোৰ প্রচেষ্টাত
  ইংলেণ্ডৰ কেম্ব্রিজত অৱস্থিত অল্ডহাম জেনেৰেল
হস্পিটেলত আই ভি এফ পদ্ধতিৰে বিশ্বৰ প্রথম শিশু লুইজি জয় ব্রাউনৰ জন্ম দিয়া হয়।
জন্মৰ সময়ত তাইৰ ওজন আছিল প্রায় ২
.৬ কিলোগ্রাম। কৃত্রিম পদ্ধতিৰে জন্ম লাভ কৰা এই কন্যা শিশুৰ পিতৃমাতৃ আছিল লেজলি আৰু গিলবার্ট ব্রাউন। তেওঁলোকে যদিও
জানিছিল যে এয়া এক পৰীক্ষামূলক পদ্ধতি
, কিন্তু এইটো জনা নাছিল যে
তেতিয়ালৈকে এনে এটাও শিশুৰ জন্ম সফল হোৱা নাই। এডৱার্ডছ আৰু ষ্টেপটোৱে তেওঁলোকৰ
পদ্ধতিত লেপাৰস্ক
পৰ সহায়ত এক ডিম্বাণু সংগ্রহ কৰিছিল। তেওঁলোকে তাৰ বিৱর্তন লক্ষ্য কৰিছিল
আৰু দীর্ঘ সময় জুৰি ডিম্বাণুটোৰ বিকাশ হ
বলৈ দিছিল। তাৰ পাছত
এক ক্ষুদ্র ছেদনৰ জৰিয়তে তাক উলিয়াই আনিছিল। এইবাৰ এখন সৰু ডিস্কত শুক্রাণুৰ লগত
তাৰ নিষেছন ঘটাইছিল। যেতিয়া সি এক ভ্রুণত পৰিণত হৈছিল তেতিয়া তাক এক মাতৃগর্ভত
সংস্থাপন কৰা হৈছিল। টেষ্টটিউব শিশু জন্মৰ এই ঘটনাই চিকিৎসা বিজ্ঞানৰ ক্ষেত্রত
যুগান্তৰৰ সূচনা কৰিছিল।
 

ব্রাউনৰ জন্মৰ কিছুদিন পাছতে ১৯৭৮ চনৰে ৩
অক্টোবৰত কলকাতাৰ ডাঃ সুভাষ মুখোপাধ্যায়ৰ তত্বাৱধানত
 দুর্গা’ (আচল
নাম কানুপ্রিয়া আগৰৱালা
) নামৰ ভাৰতীয় টেষ্টটিউব ছোৱালী এজনীৰ জন্ম
হৈছিল। ডাঃ সুভাষ মুখোপাধ্যায়ে শোণিত মুখার্জী নামৰ এজন ক্রায়
বায়লজিষ্ট আৰু ডাঃ সৰোজকান্তি ভট্টাচার্য্য নামৰ এজন
স্ত্রীৰোগ বিশেষজ্ঞৰ সৈতে মিলি এই কাম সম্পন্ন কৰিছিল। সেয়া আছিল বিশ্বৰ দ্বিতীয়
টেষ্টটিউব শিশু। এই অসম্ভৱপ্রায় কাম তেওঁ সম্ভৱ কৰি তুলিছিল তেওঁৰ সৰু
এপার্টমেন্টত কিছুমান সাধাৰণ সঁজুলি আৰু এটা ৰেফ্রিজাৰেটৰৰ সহায়ত। এডৱার্ডছ আ
ৰু ষ্টেপটোৰ পদ্ধতিত লেপাৰস্কপ ব্যৱহাৰ কৰা হলেও ডাঃ মুখোপাধ্যায়ে কোনো লেপাৰস্কপৰ ব্যৱহাৰ কৰা নাছিল আৰু সৰু অপাৰেছন এটা কৰি ডিম্বাণু
সংগ্রহ কৰিছিল। তেওঁ হৰমোন ব্যৱহাৰ কৰি ডিম্বাণুৰ সংখ্যা বঢ়াইছিল
, শুক্রানুৰ লগত তাৰ নিষেচন ঘটাইছিল আৰু তাৰ পাছত
ভ্রূণটোক মাতৃগর্ভত সংস্থাপন কৰিছিল।

যদিও ডাঃ মুখোপাধ্যায়ৰ এই সাফল্যই, বিশেষকৈ ভাৰতত আলোড়ণৰ কৰিব লাগিছিল, পাছে সেয়া নহল। এই গুৰুত্বপূর্ণ আৰু ভাৰতৰ
বাবেই সন্মানজনক কামৰ বাবে কোনো স্বীকৃতি বা কৃতিত্বৰ পৰি
র্তে তেওঁ পালে চৰকাৰী আমোলাৰ পৰা অৱহেলা, সমাজৰ পৰা বহিষ্কাৰকৰণ, ৰাজ্য চৰকাৰৰ পৰা অপমান ইত্যাদি। ১৯৭৮ চনৰ ১৯
অক্টোবৰত ডাঃ মুখোপাধ্যায়ে তেওঁৰ গৱেষণা তথা সফলতাৰ সকলো নথি
প্রমাণ সন্নিৱিষ্ট কৰি পশ্চিম বংগ চৰকাৰৰ স্বাস্থ্য সেৱাৰ সঞ্চালকলৈ এখন
পত্র প্রেৰণ কৰিছিল। কিন্তু চৰকাৰে সেই কথা মানি নললে
, বৰং তেওঁৰ ওপৰত সন্দেহ প্রকাশ কৰি তেওঁক দোষী
সাব্যস্তহে কৰিব খুজিলে। ১৯৭৮ চনৰ ১৮ নৱেম্বৰত ৰাজ্য চৰকাৰে ডাঃ সুভাষ
মুখোপাধ্যায়ৰ ভৱিষ্যত নির্ণয় কৰিবলৈ মেডিকেল এছোচিয়েছনৰ অধীনত এখন বিশেষজ্ঞ সমিতি
গঠন কৰি দিলে। ডাঃ সুভাষ মুখোপাধ্যায়ৰ বিৰুদ্ধে প্রথম অভিযোগ আছিল
তেওঁ উপযুক্ত প্রমাণ অবিহনেই দুর্গা নামেৰে প্রথম মানৱ টেষ্টটিউব
শিশু জন্ম দিয়াৰ কৃতিত্ব দাবী কৰিছে। দ্বিতীয় অভিযোগ
তেওঁ ৰাজ্য চৰকাৰে কোনো
সিদ্ধান্ত দিয়াৰ আগতে সেই সম্পর্কীয় ৰিপর্ট প্রচাৰ মাধ্যমৰ আগত ফাদিল কৰি দিছে।
তৃতীয় অভিযোগ
বিশ্বৰ বহুসংখ্যক প্রখ্যাত চিকিৎসাবিজ্ঞানীয়ে
অত্যাধুনিক গৱেষণাগাৰত শেহতীয়া সা
সঁজুলিৰ সহায়ত কৰিব নোৱৰা কামটো তেওঁৰ নিজৰ সৰু এপার্টমেণ্টতে কিছুমান সাধাৰণ
সঁজুলি আৰু এটা ৰেফ্রিজাৰেটৰৰ সহায়ত সম্পন্ন কৰাৰ দাবী কৰিছে। চতুর্থ আৰু আটাইতকৈ
গুৰুত্বপূর্ণ অভিযোগ হ
তেওঁ চৰকাৰী আমোলাসকলৰ কোনো
নির্দেশ মনা নাছিল
, তেওঁলোকৰ সমুখত মূৰ তল কৰা নাছিল আৰু অতি
স্পষ্টবাদী আছিল।

চৰকাৰে যিখন কমিটি গঠন কৰি দিছিল, তাৰ সভাপতি আছিল এজন  ৰেডিঅপদার্থবিজ্ঞানী আৰু তাৰ সদস্য
আছিল এজন স্ত্রীৰোগ বিশেষজ্ঞ
, এজন মনোবিজ্ঞানী, এজন পদার্থবিজ্ঞানী আৰু এজন স্নায়ুবিজ্ঞানী।
তেওঁলোকৰ কাৰো আধুনিক
ৰিপ্রডাক্টিভপ্রযুক্তি সম্পর্কত কোনো জ্ঞান নাছিল।
অনুসন্ধানৰ সময়ত ডাঃ মুখোপাধ্যায়ক সোধা হৈছিল
– “আপুনি
কেনেকৈ ভ্রূণসমূহ ৰাখিছিল
?” মুখোপাধ্যায়ৰ উত্তৰ আছিল  ছীল কৰা এম্পুলত (কাঁচ বা প্লাষ্টিকৰ ছীল থকা বিশেষ পাত্র)তাৰ পাছৰ প্রশ্নটো
আছিল
 – “আপুনি সেইবোৰ কেনেকৈ ছীল কৰিছিল?” মুখোপাধ্যায়ৰ উত্তৰ আছিল – “ক্ষমা কৰিব, মই বুজি পোৱা নাই।তেওঁ বুজি নোপোৱাৰে কথা। কাৰণ
এম্পুল চিনি পোৱা মানুহে সেই প্রশ্ন সুধিবই নোৱাৰে। আন এজনে আকৌ সুধিলে
, “অঃ! ছীল কৰোতে ভ্রূণবোৰ মৰি নগ?” বুজা গৈছিল যে সেইজনে তেওঁৰ সমগ্র জীৱনকালত
ভ্রূণ দেখাই নাই। অথচ এই মানুহবোৰেই টেষ্টটিউব শিশুৰ প্রসংগটো বিচাৰ কৰিছিল। সকলো
দিশ
চালিজাৰি চাই
কমিতিখনে সিদ্ধান্ত দিছিল
 ডাঃ মুখোপাধ্যায়ে কৰা সকলো দাবী ভুৱা।আনহাতে সমাজেও কৈছিল যে তেওঁ অনৈতিক কাম
কৰিছে। ইমানবোৰ মানসিক চাপ সহ্য কৰিব নোৱাৰি ডাঃ মুখোপাধ্যায়ে ১৯৮১ চনৰ ১৯ জুনত
আত্মহত্যা কৰি তেওঁৰ জীৱননাটৰ যৱনিকা পেলায়।

ইয়াৰ পাছত ১৯৮৬ চনৰ ১৬ আগষ্টত ভাৰতত আই ভি এফ
পদ্ধতিৰে হর্ষবর্ধন ৰেড্ডী বুৰি নামৰ এক শিশুৰ জন্ম দিয়া হ
ল আৰু চৰকাৰীভাবে এই শিশুটিকে
ভাৰতৰ প্রথম টেষ্টটিউব শিশু হিচাপে স্বীকৃতি দিয়া হ
ল। এই
শিশুৰ জন্ম দিয়াৰ কৃতিত্ব লাভ কৰিছিল ইণ্ডিয়ান কাউন্সিল অব মেডিকেল ৰিছার্ছৰ
ডিৰেক্টৰ টি চি আনন্দ কুমাৰে। কে
বা বছৰ পাছত ১৯৯৭ চনত আনন্দ কুমাৰ এক বিজ্ঞান কংগ্রেছত ভাগ
লবৰ বাবে কলকাতালৈ
  আহিছিল। তাতে ডাঃ
মুখোপাধ্যায়ৰ সহকর্মী কেইজনমানে কুমাৰৰ হাতত মুখোপাধ্যায়ৰ গৱেষণা তথা কর্মৰ
নথিসমূহ তুলি দিলে। সেইবোৰ চাই আৰু দুর্গাৰ পিতৃ
মাতৃৰ লগত আলোচনা কৰি কুমাৰ নিশ্চিত হল যে দুর্গাই প্রকৃততে ভাৰতৰ প্রথম টেষ্টটিউব শিশু। সেই
প্রখ্যাত বিজ্ঞানীজনে এখন জার্নেলত
 এ ক্রিটিক অব মুখার্জীছ টেকনিক নামৰ এটা প্রবন্ধ লিখি তাত ডাঃ মুখোপাধ্যায়ে
নথি
প্রমাণ সন্নিৱিষ্ট কৰি পশ্চিমবংগ চৰকাৰৰ স্বাস্থ্যসেৱাৰ সঞ্চালকলৈ লিখা
পত্রখন
, টিভি আৰু বাতৰি কাকতত মুখোপাধ্যায়ৰ সাক্ষাৎকাৰ, সেই সময়ত প্রচাৰ মাধ্যমত প্রকাশিত তথ্যবোৰ
সন্নি
ৱিষ্ট কৰিলে। কুমাৰৰ চেষ্টাৰ
ফলতে আই চি এম আৰৰ
 আর্টিফিচিয়েল ইন্টাৰকর্ছপাঠ্যক্রমৰ পাঠ্যপুথিত ডাঃ
মুখোপাধ্যায়ক ভাৰতৰ প্রথম টেষ্টটিউব শিশুৰ নায়ক হিচাপে স্বীকৃতি উল্লেখ কৰিলে।
আনন্দ কুমাৰে যি কাম কৰিলে
, বহুতো সাধাৰণঅসাধাৰণ লোকৰ বাবে সেই কাম কৰাটো সম্ভৱ নহয়। তেওঁ নিজৰ মূৰৰ
পৰা মুকুটটো নি ডাঃ সুভাষ মুখোপাধ্যায়ৰ মূৰত পিন্ধাই দিলে।

দুর্গাই নিজৰ ২৫ তম জন্মদিনত মুখোপাধ্যায়ৰ স্মৃতিত অনুষ্ঠিত এক
অনুষ্ঠানত নিজৰ চিনা
কি প্রকাশ কৰে আৰু তাৰ লগে লগে
মুখোপাধ্যায়ৰ কাম যে ভুৱা নাছিল
, সেয়া পুনৰ স্পষ্ট হল।

কিন্তু  কিন্তু এই সফলতা প্রত্যক্ষ
কৰিবলৈ ডাঃ সুভাষ মুখোপাধ্যায় তেতিয়া এই পৃথি
ৱীত নাছিল।

*****