নিৰ্বাচনী বতৰা: ৱাশ্বিংটনৰ পৰা দিছপুৰলৈ

সঞ্জীত কুমাৰ
বৰদলৈ

জ্যবাইডেন আমেৰিকাৰ ৪৬তম ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হল৷ এই জয়ে আমাৰ দৰে উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰ লোকসকলক সকাহ
দিলে যদিও মনৰ মাজত থিতাপি লোৱা শংকা আৰু দ্বিধাবোধক একেবাৰে দূৰ কৰিব নোৱাৰিলে৷
২৩২ টা ইলেক্ট
ৰেল কলেজত জয়ী হৈ থমকি ৰবলগা হল যদিও মন কৰিবলগীয়া কথাটো হল— ৰিপাব্লিকান ডনাল্ড ট্ৰাম্পে ২০১৬-ৰ নিৰ্বাচনতকৈ ২০২০-ৰ নিৰ্বাচনত
বেছি ভোট লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১৬ চনত ট্ৰাম্পে ৬৩ নিযুত ভোট লাভ কৰিছিল৷ ২০২০
চনত ট্ৰাম্পে ৭০.৩ নিযুতৰ বেছি ভোট পাবলৈ সক্ষম হৈছে৷ অৰ্থাৎ পূৰ্বৰ নিৰ্বাচনতকৈ বেছি
ভোট লাভ কৰিও ট্ৰাম্প হাৰিবলগা হ
ল৷ ইয়াৰ অন্যতম কাৰণ
হৈছে আমেৰিকাত এইবাৰ অভিলেখ সংখ্যক (৬৬.৯%) ভোটাৰে ভোট দিছে৷ বিগত ১২০ বছৰত ইমান
হাৰত ভোটদান হোৱা নাছিল৷ সি যি কি নহওক
, ডেমক্ৰেট জ্য
বাইডেন জয়ী হল যদিও ট্ৰাম্পবাদৰ
প্ৰভাৱৰ পৰা তেওঁ সহজে মুক্ত হ
ব নোৱাৰিব৷ বহুতে সেয়ে
মুকলিকৈ কৈছে— ট্ৰাম্প ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচনত হাৰিল যদিও ট্ৰাম্পৰ
আমেৰিকা প্ৰথম’ (America First) নীতিৰ জয়
হৈছে৷ অলপতে প্ৰসংগক্ৰমে ময়ূৰ বৰাই যথাৰ্থতে লিখিছে—
‘‘জ্য
বাইডেনৰ জয়ৰ বিষয়টো উদাৰচিতীয়া গণতান্ত্ৰিক মূল্যবোধৰেই জয় বুলি
ব পাৰি৷ কিন্তু জয় লাভৰ যিটো হাৰ বা মাত্ৰা, তাক দেখি সমগ্ৰ বিশ্বৰ Liberal democrat-সকলে
আত্মসন্তুষ্টি লভিব নোৱাৰে৷ লগতে আনটো শক্তিৰ মূল প্ৰতীক ডনাল্ড ট্ৰাম্পৰ দপালনিয়ে
প্ৰমাণ কৰে আমেৰিকাৰ দৰে উন্নত দেশতো সেইটো শক্তি ইতিমধ্যে বৰ ঘৰত বহিল৷ 
ট্ৰাম্পৰ দিনত বাঢ়িব
ধৰা বৰ্ণবাদ
, প্ৰব্ৰজনকাৰীৰ
বিৰুদ্ধে কঠোৰ মনোভাৱ গ্ৰহ
কৰা, ভিড-১৯ নিয়ন্ত্ৰণত ব্যৰ্থ হোৱা, পেৰিছৰ জলবায়ুৰ চুক্তিক অৱজ্ঞা কৰা, WHO-ৰ দৰে
সংস্থাৰ পৰা আঁতৰি অহাৰ হুংকাৰ আদি বহুকেইটা কাৰকৰ ফলত ট্ৰাম্পৰ ভাৱমূৰ্ত্তি
আমেৰিকাৰ তথা সমগ্ৰ বিশ্বতে বহু পৰিমাণে ম্লান পৰিছিল
, আমেৰিকাৰ
গৰিমা হ্ৰাস পাইছিল৷ সঞ্জয় বাৰুৱে এঠাইত লিখিছে—  
“Apart from the sheer vulgarity of
Trump’s persona and politics, the racism, bigotry and white supremacist
ideology of his political support base has not merely divided America and
eroded its democratic credentials at home, but has deeply wounded the global
stature of the United States.” এতিয়া কথা হৈছে সদ্যনিৰ্বাচিত
ৰাষ্ট্ৰপতি জ্য
বাইডেনে আমেৰিকাৰ গৰিমাস্বৰূপ এই ‘moral
global sature’-ক অক্ষুণ্ণ কৰি আমেৰিকাক স্বমহিমাৰে মহিমামণ্ডিত
কৰি ৰাখিব পাৰিবনে
? এইটোৱেই এই মুহূৰ্তৰ দৰকাৰী প্ৰশ্ন৷
কাৰণ কেৱল আমেৰিকাৰ বাবেই নহয়
, উদাৰচিতীয়া গণতান্ত্ৰিক
মূল্যবোধৰ ক্ষেত্ৰত সমগ্ৰ বিশ্বই আমেৰিকাৰ পিনে দৃষ্টি ৰাখে
, প্ৰেৰণা লভে৷ জ্যবাইডেনে এক সুন্দৰ সুযোগ
পাইছে
, কিন্তু নিঃসন্দেহে সি হ
চৰম প্ৰত্যাহ্বানমূলক৷ কাৰণ আমেৰিকাৰ ভিতৰচ
ৰা আগৰ দৰে হৈ
থকা নাই৷ গতিকে সমগ্ৰ বিশ্বই জ্য
বাইডেনক সচেতনতাৰে
নিৰীক্ষণ কৰি থাকিব৷ বিশ্বৰ ভৱিষ্যতৰ ৰাজনৈতিক গতি
বিধি
বহু
পৰিমাণে‍ নিৰ্ভৰ কৰিব বাইডেনৰ ওপৰত৷

সদ্যসমাপ্ত
বিহাৰৰ নিৰ্বাচনেও আমাক বহু কথা ক
লে৷ নীতিশ কুমাৰ
চতুৰ্থবাৰৰ বাবে মুখ্যমন্ত্ৰী হ
ল যদিও তেওঁৰ পাখি বহু সৰিল৷ এতিয়া তেওঁক বিজেপিয়ে নিয়ন্ত্ৰণ কৰাটো অধিক সহজ হৈ পৰিল৷ অনাগত
দিনবোৰত বিহাৰৰ ৰাজনীতি কম-বেছি পৰিমাণে অস্থিৰ হৈ পৰাৰ সম্ভাৱনা প্ৰবল৷ কাৰণ
নীতিশ কুমাৰ নেতৃত্বাধীন এন ডিয়ে লাভ কৰা ১২৫খন আসনৰ বিপৰীতে মহাগোটবন্ধনে ১১০খন
লাভ কৰিছে৷ একক সংখ্যাগৰিষ্ঠ দল হিচাপে আৰ জে ডি
-এ ৭৫ খন
লাভ কৰিছে৷ আনহাতে নীতিশৰ দল জে ডি (ইউ)
এ ৪৩খন আসনতহে
জয়ী হৈছে৷ পূৰ্বৰ নিৰ্বাচনৰ তুলনাত নীতিশ কুমাৰে ২৮খন কমকৈ পাইছে আৰু বিজেপি দলে
২১খন আসন আগতকৈ বেছি পাইছে৷ ২৯খন আসনত প্ৰতিদ্বন্দ্বিতা কৰি বামপন্থী দলে ১৬খন লাভ
কৰিবলৈ সক্ষম হো
ৱাটো উল্লেখযোগ্য কথা৷ একেদৰে আন এক
গুৰুত্ব
পূৰ্ণ কথা হৈছে— বিহাৰৰ নিৰ্বাচনত আছাউদ্দিন
ওৱেচিছৰ নেতৃত্বত
AIMIM দলে ৫খন আসনত জয়ী হয় যদিও বিৰোধী
গোটবন্ধনৰ ১২ খন আসনক ক্ষতি কৰে
, যাৰ বাবে ওৱেচিছ বে সমালোচিত হৈছে৷ বিৰোধীৰ ভোট কাটাৰ
(vote cutter) হিচাপে তেওঁ পাকেপ্ৰকাৰে
বিজেপি সহ এন ডি এ
ক সহায় কৰিছে বুলি চৰ্চিত হৈছে৷
ওৱেচিছৰ দৰে আজমল চাহাবে অসমত পাকে
প্ৰকাৰে শাসনাধিষ্ঠি বিজেপিপ্ৰধান মিত্ৰদলকে সহায় কৰিব বুলি গুণাগঁথা চলিছে৷ যদি সেয়ে হয়,
তেন্তে অসমৰ সংখ্যালঘু ৰাজনীতি দুৰ্বল হোৱাৰ আশংকা প্ৰবল৷

আমেৰিকাৰ
পৰা বিহাৰৰ নিৰ্বাচন
, সমাগত পশ্চিম বংগৰ নিৰ্বাচনে ২০২১-ত হবলগা অসমৰ বিধান সভা নিৰ্বাচনতো কিছু কিছু ক্ষেত্ৰত প্ৰভাৱ নিশ্চয়
পেলাব৷ কিন্তু এইটো ঠিক
, এই মুহূৰ্তৰ পৰিৱেশ আৰু
পৰিস্থিতিলৈ চাই ক
ব পাৰি— সমাগত নিৰ্বাচনত বিজেপিৰ
নেতৃত্বই হয়তো আকৌ দিছপুৰ দখল কৰিব ৷ ইয়াৰ অন্যতম কাৰণ হৈছে বিৰোধী শিবিৰ
বহুধাবিভক্ত
, শক্তিশালী হব পৰা
নাই৷ কংগ্ৰেছত নেতৃত্ব দিব পৰা নেতাৰ অভাৱ৷ সদ্যপ্ৰয়াত তৰুণ গগৈৰ প্ৰস্থানে দলটোক
আৰু অধিক দিশহাৰা কৰাটো নিশ্চিত৷ নতুনকৈ গঠন হোৱা এ জে পি আৰু ৰাইজৰ দলে সমীকৰণ
ওলট
পালট কৰিব পাৰিব বুলি এই মুহূৰ্তত কব নোৱাৰি৷ দুইএক সমষ্টিত জয়ী হব পাৰে বা হয়তো  প্ৰভাৱিত কৰিব
পাৰে৷ আমি আশা কৰোঁ তেওঁলোকৰ শুভ আৰম্ভণি হওক
, বিধান
সভালৈ নতুন তেজৰ আমদানি হওক৷ তাতকৈ বেছি আশা কৰিব পৰাকৈ এই নতুন দল দুটাই আমাক
আশ্বস্ত কৰিব পৰা নাই৷

আমেৰিকাৰ
নিৰ্বাচনৰ পৰা অসমৰ নিৰ্বাচনলৈকে চাবলগা বহু আছে
, সমাগত সময়ে
বহু কথা ক
ব৷ কিন্তু এইটো ঠিক আমাৰ দৰে উদাৰচিতীয়া গণতান্ত্ৰিক
মূল্যবোধৰ সচেতন লোকসকলৰ সমুখত কঠিন প্ৰত্যাহ্বান আহি আছে৷ বাস্তৱ আৰু বিভ্ৰম (
Reality
and Illusion)-ৰ মাজত খুব পাতল সীমাৰেখা এডাল ৰৈছেগৈ! কোনটো
বাস্তৱ
, কোনটো বিভ্ৰম সেই কথা বিচাৰ বিশ্লেষণ কৰোঁতে‍ আমি সাৱধান হব লাগিব৷ পূৰ্বনিৰ্ধাৰিত কিছু
ধ্যান-ধাৰণাৰ পৰা প্ৰয়োজনত মুক্ত হ
ব পাৰিব লাগিব৷

ভ্ৰাম্যভাষ : ৯৮৫৪৬০৪৩৬৬