দুটা শব্দ সম্ভৱতঃ আমি প্ৰত্যেকেই দিনটোত
কেইবাবাৰো ব্যৱহাৰ কৰোঁ৷ শব্দ দুটা হৈছে
ভাল আৰু বেয়া৷ আন বহু শব্দৰ ক্ষেত্ৰত কৰাৰ দৰেই আমি
প্ৰত্যেকেই নিজৰ মতে ভাল আৰু বেয়াৰ সংজ্ঞা একোটা স্থিৰ কৰি লওঁ আৰু সেইমতেই বিবিধ
বিষয়ৰ আলোচনাত শব্দ দুটা প্ৰয়োগ কৰোঁ৷ পিছে আমি সততে প্ৰয়োগ কৰোঁতে শব্দ দুটাৰ
তাৎপৰ্য আমাৰ জ্ঞান-বুদ্ধি
,
 স্বাৰ্থ-ৰুচিবোধ আদিৰ মাজতে সীমাৱদ্ধ হৈ থাকে৷
সেয়েহে বহু সময়ত কাৰোবাৰ হাঁহিয়ে কাৰোবাক কন্দুৱায়৷ অৰ্থাৎ তেনে অৱস্থাত এজনৰ
কাৰণে যিটো কাৰণ হাঁহিৰ
, সেই একেটা কাৰণ আন এজনৰ কাৰণে কান্দোনৰ হয়৷
যদিহে সেই কাৰণটোৱে সকলোৰে কাৰণে হাঁহি বা আনন্দ সৃষ্টি কৰিলেহেঁতেন তেন্তে সেইটো
নিশ্চয় সকলোৰে কাৰণে
 ভাল লহেঁতেন৷

সকলোৰে কাৰণে ভাল’-টোকহে প্ৰকৃততে
ভাল বুলিব পাৰি৷
 ভাল মানে? কাৰো অপকাৰ নোহোৱা, লে সকলোৰে উপকাৰহে হোৱাটোৱেই ভাল৷

ভাল-বেয়াৰ প্ৰসঙ্গটো আমাৰ দেশৰ শাসন ব্যৱস্থাত
প্ৰায়ে উচ্চাৰিত হয়৷ একোখন চৰকাৰে ৰাইজৰ কাৰণে গ্ৰহণ কৰা একোখন আঁচনি বা আইনক
কোনোবাই ভাল আৰু কোনোবাই বেয়া বোলে৷ দৰাচলতে ভাৰতবৰ্ষৰ যি ভৌগোলিক বৈচিত্ৰ্য
, সেই কাৰণতে ইয়াৰ বিভিন্ন স্থানৰ লোকসকলৰ জীৱন
যাত্ৰাৰ ধৰণ বেলেগ বেলেগ আৰু সেই কাৰণতে তেওঁলোকৰ সমস্যাবোৰো বেলেগ বেলেগ৷ এতেকে
একেটা নীতিৰেই দেশখনৰ সকলো অঞ্চলৰ ৰাইজৰ কল্যাণ সাধিব পৰা নাযায়৷ অসমৰ ক্ষেত্ৰতো
কথাটো একেই৷ বিভিন্ন জাতি-জনগোষ্ঠীৰে গঠিত অসমীয়া সমাজখনক কোনো জাতিবিশেষ বা
গোষ্ঠীবিশেষকে গুৰুত্ব দি বুজাব নোৱাৰি৷ সেয়েহে সকলোৰে মনঃপুত হোৱাকৈ উন্নয়নৰ ৰূপৰেখা
এটি প্ৰস্তুত কৰাটো নিঃসন্দেহে এটা টান কাম৷

টান কাম, কিন্তু অসম্ভৱ নহয়৷ অসমৰ
প্ৰাক্তন মুখ্যমন্ত্ৰী সদ্যপ্ৰয়াত তৰুণ গগৈদেৱে এই কথা প্ৰমাণ কৰি গৈছে৷ অবৈধ
বিদেশী নাগৰিকক বহিষ্কাৰ কৰাৰ লক্ষ্যৰে অসমত গা কৰি উঠা ছবছৰীয়া আন্দোলনৰ
কালছোৱাৰে পৰা অশান্ত হৈ উঠা ৰাজ্যখন প্ৰকৃত অৰ্থত শান্তিৰ পথলৈ ঘূৰাই অনা মানুহজন
আছিল তৰুণ গগৈ ডাঙৰীয়া৷ হিতেশ্বৰ শইকীয়া আৰু প্ৰফুল্ল কুমাৰ মহন্তৰ
মুখ্যমন্ত্ৰিত্বৰ কালত সৰ্বত্ৰ গা কৰি উঠা দুৰ্নীতি ক্ৰমে ক্ৰমে ক্ষীয়মাণ হৈ
আহিছিল তেওঁৰ শাসনকালতেই৷ এটা ৰাজ্যৰ অৰ্থনীতি ইমানেই
 ভাগি পৰিছিল যে অসম চৰকাৰৰ কৰ্মচাৰীসকলে মাহেকৰ
মূৰত দৰমহাৰ টকাকেইটাও পোৱাৰ নিশ্চয়তা নোহোৱা হৈছিল৷ তেনে অৱস্থাৰ পৰা প্ৰতি মাহৰে
প্ৰথম সপ্তাহতে কৰ্মচাৰীসকলে দৰমহা পোৱাটো নিশ্চিত কৰিছিল তেওঁ৷ গুৱাহাটী মহানগৰীৰ
উন্নয়নকে ধৰি নগৰখনক আধুনিক ক্ৰীড়াৰ আন্তঃগাঁথনিৰে সমৃদ্ধ কৰা
, অক্সিজেন লৈ জীয়াই থকা অসম ৰাজ্যিক পৰিহণ নিগমক পুনৰুজ্জীৱিত কৰা, গাঁৱে-ভূঞে ৰাস্তা-ঘাট নিৰ্মাণ কৰা, গ্ৰাম্য স্বাস্থ্য সেৱাৰ ব্যৱস্থা কৰা আদি অনেক
ক্ষেত্ৰত তৰুণ গগৈ ডাঙৰীয়াই নিজৰ যোগ্যতাৰ পৰিচয় দি গৈছে৷ ৰাজনৈতিক লাভালাভৰ
ক্ষেত্ৰতো তেওঁ নিকৃষ্ট বোকা ছটিওৱাৰ দৰে পন্থা অৱলম্বন নকৰি ৰাইজৰ ৰুচি আৰু স
ন্মুখত উপস্থিত পৰিস্থিতি অধ্যয়ন
কৰি প্ৰত্যুৎপন্নমতিতাৰ পৰিচয় দিছিল৷ বহুতৰে নিশ্চয় মনত আছে
,
 এবাৰ এটা নিৰ্বাচনত তেওঁ কোৱা হু ইজ্‌ বদৰুদ্দিন কথাষাৰে গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল আৰু তেওঁৰ
দল বিপুলভাৱে বিজয়ী হৈছিল৷ মুখ্যমন্ত্ৰিত্বৰ পৰা আঁতৰাৰ পাছতো তেওঁ ৰাজনৈতিক
পৰিপক্বতাৰ বাবেই শেহতীয়াকৈ শাসনাধিষ্ঠিত বিজেপি দলৰ বিৰোধী ৰাজনৈতিক শক্তিবোৰৰ
সৈতে মৰ্চা গঠনৰ দিশতো অগ্ৰসৰ হৈছিল৷ ব্যক্তিগত জীৱনতো তেওঁ নিকা ভাবমূৰ্তিৰ লোক
আছিল৷ মুখত অন
ৰতে লৈ থকা হাঁহিটোৱেই তেওঁৰ নিৰ্মল অন্তৰ্জগতৰ প্ৰতিফলন ঘটাইছিল৷

তেওঁক সমালোচনা কৰা মানুহৰ অভাৱ নাছিল, বহুতে তুচ্ছ-তাচ্ছিল্যও কৰিছিল৷ কিন্তু তেনে
সমালোচনা আৰু ব্যঙ্গৰ উত্তৰ তেওঁ কামেৰেই দি গৈছে৷ তেওঁৰ বিয়োগত সমগ্ৰ ৰাজ্যখনতে
যি শূন্যতাবোধৰ সৃষ্টি হৈছে
, সি অভূতপূৰ্ব৷ অসমত কোনো
ৰাজনৈতিক ব্যক্তিৰ মৃত্যুত এনে ব্যাপক শোকগ্ৰস্ততা সৃষ্টি হোৱা নাছিল৷ বিভিন্ন
সময়ত বিভিন্ন ৰাজনৈতিক নেতাৰ মৃত্যু হয় যদিও সেইবোৰ ঘটনা কেৱল একোটা খবৰ হৈয়ে ৰৈ
যায়৷ কিন্তু তৰুণ গগৈৰ মৃত্যুৱে অসমৰ ৰাজনৈতিক আকাশতে নহয়
, সামগ্ৰিকভাৱে দল-মত নিৰ্বিশেষে সকলোৰে অন্তৰত
জোকাৰণি তুলিছে৷

এইজন লোকৰ বিকল্প হিচাপে অসমৰ ৰাজনীতিত এতিয়া
আৰু কোনো নাই৷ আমি বহুতো দক্ষ ৰাজনীতিজ্ঞ লাভ কৰিছোঁ
, বহু নিকা ভাবমূৰ্তিৰ লোকো লগ পাইছোঁ, বহু বহুবল্কী নেতাকো দেখিছোঁ৷ কিন্তু
সামগ্ৰিকভাৱে
, টেল পলিটিচিয়ান
হিচাপে তৰুণ গগৈদেৱে নিজৰ যি পৰিচয় দি গ
ল তেনে পৰিচয় আহৰণ
কৰিব পৰা ৰাজনীতিজ্ঞ ভৱিষ্যতে জন্ম হোৱাৰ আশা বৰ ক্ষীণ৷ কাৰণ মানুহৰ জীৱন জড়িত
বিভিন্ন ক্ষেত্ৰত মূল্যবোধৰ খহনীয়া আৰম্ভ হৈ গৈছে ব্যাপকভাৱে৷ এনে অৱস্থাত বিভিন্ন
শিক্ষাৰে শিক্ষিত হৈ উঠিলেও সমাজৰ সকলো স্তৰৰ লোকৰ বুকুৰ সংবাদ আন্তৰিকতাৰে শুনি
তাৰ মৰ্ম উপলব্ধি কৰিবলৈ সক্ষমতা আজিৰ শিক্ষাই নিদিয়ে৷ আজিৰ শিক্ষাই হিউমেন ৰিছ
ৰ্চ সৃষ্টি কৰাতহে গুৰুত্ব দিয়ে
 যি ৰিছৰ্চে বুজন অঙ্কৰ ধন উপাৰ্জনৰ যোগ্যতা আহৰণ
কৰে৷

তৰুণ গগৈদেৱৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন
কৰিছোঁ৷ মূল্যবোধৰ ৰাজনীতি চিৰঞ্জীৱ হওক৷