দ্বিতীয় আৱিৰ্ভাৱ (অনুবাদ কবিতা)

মূল: ৱি‍লিয়াম বাটলাৰ য়িট্‌ছ্‌ (William
Butler Yeats)

অনুবাদ: যশোৱন্ত নিপুণ

ক্ৰমশঃ বৰ্ধমান চাকনৈয়াত ঘূৰি ঘূৰি
শেনটোৱে আৰু শুনিবলৈ নাপায় তাৰ গৰাকীৰ
কণ্ঠ
;
সকলো খহি পৰে; কেন্দ্ৰই আৰু ধৰি ৰাখিব নোৱাৰে;
মাত্ৰ সীমাহীন বিশৃংখলতাই ঘেৰি ধৰে পৃথিৱীখন,
ৰক্তাক্ত বাধাহীন জোৱাৰে আৱৰে, আৰু সৰ্বত্ৰ
প্লাৱনে গ্ৰাস কৰি আনে নিষ্কলুষ সৰলতাৰ
উৎসৱ
;
সৰ্বোত্তমসকলৰ কোনো দৃঢ়তা নাই, কিন্ত পাষণ্ডবোৰ
তীব্ৰতম আৱে‍গেৰে উচ্ছ্বসিত৷


নিশ্চয় কিবা সত্যৰ উন্মোচন হব অচিৰেই;
নিশ্চয় দ্বিতীয় আৱিৰ্ভাৱ অতি সন্নিকট৷
দ্বিতীয় আৱিৰ্ভাৱ! সেই শব্দবোৰ শুনানুশুনাতেই
বিশ্বৰ চিৰন্তন আত্মা আৰু চেতনাৰ গৰ্ভৰ
পৰা এটা ছায়াই

মোৰ চকু চাট মাৰি ধৰে; মৰুভূমিৰ বালিময় বক্ষৰ কৰবাত
এটা সিংহৰ শৰীৰ আৰু মানৱ মস্তকৰ অৱয়ৱে,
সূৰ্যৰ দৰে ভাবলেশহীন আৰু নিৰ্দয় এটা
চাৱনিয়ে
,
তাৰ মন্থৰ উৰু লৰচৰ কৰে, আৰু তাৰ চাৰিওফালে
ঘূৰি ৰয় খঙাল মৰুপক্ষীবোৰৰ ছাঁ৷ 

আকৌ নামি আহে অন্ধকাৰ; কিন্তু মই এতিয়া জানো
কুৰিটা শতিকাৰ শিলৰ দৰে গভীৰ নিদ্ৰাক
এখন প্ৰলয়ংকৰী দোলনাই বিক্ষুব্ধ কৰি তুলিলে
দুঃস্বপ্নলৈ
,
আৰু কি দুৰ্দমনীয় পশু, তাৰ সময় আহিল অৱশেষত,
বেথেলহেমলৈ ধীৰে ধীৰে আগ বাঢ়ে পুনৰ জনম
বলৈ?