তেঁতেলী আৰু সৰিয়হৰে ইলিচ মাছ

ইলিচ মাছ বুলি কলেই  সাধাৰণতে সৰিয়হ-ইলিচ, ভাপা ইলিচ, ইলিচ মাছৰ পাতুৰি  আদি  ৰন্ধনশৈলীয়েই আমাৰ মনলৈ আহে। এইবাৰ আগ বঢ়াইছোঁ ইলিছ মাছৰ এক ব্যতিক্ৰমী ৰন্ধন


উপকৰণ
ইলিচ মাছ ৬ টুকুৰা
সৰিয়হ ২ চাহচামুচ
তেঁতেলী ১/২ টেবুলচামুচ
কেঁচা জলকীয়া ৪টা
নিমখ স্বাদ অনুসৰি
চেনি ১ চাহচামুচ
গোটা সৰিয়হ ১/২ চাহচামুচ
মিঠাতেল  ২ টেবুলচামুচ

প্ৰণালী: প্ৰথমে মাছকেইডোখৰ নিমখ আৰু হালধি সানি কিছু সময় মেৰিনেট কৰি ৰাখক সেইখিনি সময়তে তেঁতেলীখিনি কাঁচৰ বাটি‍ এটাত একাপ পানীৰ সতে মিহলাই লওক তাৰ পাছত সৰিয়হখিনি দুটা কেঁচা জলকীয়া আৰু অকণমান নিমখেৰে সৈতে
মিক্সিত পেষ্ট কৰি
,
 এটা বাটিত পেষ্টখিনিৰ লগত
হালধি
 আৰু এগিলাচ পানী মিহলাই  ৰাখক এতিয়া এটা ফ্ৰায়িং পেনত মিঠাতেল দি গেত তুলি দি, তেল গৰম লে গোটা সৰিয়হকেইটা ফুটাই মাছ কেইচকল দি  কিছু সময় ইলুটিসিলুটি কৰি সৰিয়হমিহলি পানীখিনি
এখন চেকনীৰে চেকি দি দিয়ক
সেইখিনি
উতল অহাৰ লগে লগে
 তেঁতে‍লীপানীখিনিও চেকি তাতে দি দিয়ক স্বাদ অনুসৰি নিমখ দিয়াৰ লগতে অকণমান চেনি দি জোলখন ঘন হৈ অহিলে দুটামান কেঁচা জলকীয়া ফালি দি নমাই পৰিৱেশন কৰক

গুটিকচুৰে
সৈতে মাছ

উপকৰণ
চেনিপুঠি মাছ ৫০০ গ্ৰাম
কচু টা (১৫০ গ্ৰাম)
মেথিগুটি  চাহচামুচ
পিঁয়াজ সৰু চাই ১টা
কেঁচা জলকীয়া ২টা
গোলনেমুৰ ৰস ২ চাহচামুচ
নি‍য়াপাত ২ টেবুলচামুচ
নিমখ  স্বাদানুসাৰে‍


প্ৰণালী:
প্ৰথমে কচুটো গুচাই টুকুৰা-টুকুৰ কৰি সিজাই লৈ পিটিকি লওক তাৰ পাছত ফ্ৰাইপেনত মাছকেইচকল আধা ভজা কৰি সেই তেলতে মেথিকেইটা ফুটাই, পিঁয়াজকেইচকল দিয়ক৷ পিঁয়াজ ভালদৰে ভজা হলে হালধি দি আগতে পিটিকি থোৱা কচুখিনি দি অকণমান লৰাই এগিলাচমান গৰম পানী দিয়ক৷  উতল অহাৰ লগে লগে মাছ দি,  মাছ সিজি জোলখন  ঘন লে নেমুৰস দি, অকণমান চেনি আৰু কেঁচা জলকীয়াকেইটা ফালি দি শেষত ধনি‍য়াপাত দি নমাই পৰিৱেশন কৰক

এইমাহৰ চাংমাইশাল ‘তৃপ্তি’-ৰ সৌজন্যত