চে‍লুলয়ডৰ ৰং ডাঠ বেঙুনীয়া

 পৰী পাৰবীন



কত দিন কত ৰাতি মই এইদৰে কটাইছিলোঁ সেই কথা মোৰ
জ্ঞাত নহয়। সুমেৰু
, কুমেৰু নতুবা এভাৰেষ্ট শৃংগৰ বিস্তৃত
তুষাৰাঞ্চল ভেদি মই যেন
 সূৰুযে ঢুকি নোপোৱা ঠাইতহে
আছিলোঁগৈ। বৰফৰ কঠিন আঘাতত যেন মোৰ সমগ্ৰ শৰীৰ ঠেৰেঙা হৈ পৰিছিল। থক্‌থক্‌কৈ
কঁপিছিলোঁ মই। কঁপি কঁপি ঘোঁৰা চেঁকুৰাইছিলোঁ আফ্ৰিকাৰ কোনো ঘন অৰণ্যৰ ফালে। বিশাল
অৰণ্যৰ মাজৰ একেছিয়া গছৰ ছাঁত
 সূৰুয দেৱতাই জিৰণি লৈছিল মাথোঁ।
অতিক্লান্ত পথিকৰ দৰে সেই বৃক্ষত আঁউজি ময়ো বহি পৰিছিলোঁ। তাৰ পাছত যেন সহস্ৰ দিন
, লক্ষ প্ৰহৰ, কেইবা অযুত ঘণ্টা সেইটো
অৱস্থানতে পাৰ হ
ল। বৰফ-শীতল দেহাটো সূৰুযৰ
উত্তাপেও যেন গৰম কৰিব নোৱাৰিলে। সেই বৃক্ষৰ ছাঁতে মোৰ শৰীৰত এদিন উঁই-হাফলু গজি
উঠিছিল। উঁইপোকবোৰে মোৰ মূৰত কিট্‌কিটাবলৈ ধৰিছিল।

কিট্‌কিট্‌ কিট্‌কিট্‌!

জিন্‌জিন্‌ জিন্‌জিন্!

আকৌ কিট্‌কিট্ জিন্‌জিন্!

দিনৰ পাছত দিন ধৰি কি যন্ত্ৰণাময় অনুভূতি মোৰ!
মূৰটোত মই হাত ফুৰাবলৈ চেষ্টা কৰিলোঁ। দূৰৈৰ অৰণ্যৰ পৰা যেন ভুন্‌ভু
ন্‌ শব্দ এটা ভাহি আহিল— “পেচেণ্টৰ
ভমেণ্ট আহিছে। তিনি মাহৰ কমা
অৱস্থাৰ পাছত এয়া পজিটিভ লক্ষণ।

আসঃ! উঁইপোকৰ নিৰ্বিচাৰ আঘাতত মূৰটো জিন্‌জিনাই জিন্‌জিনাই
আকৌ অৱশ হৈ পৰিল। ব্ৰহ্মাণ্ড ভেদি অহা কোনো কঠিন অস্ত্ৰৰ আঘাতত মগজুটো দুফাল হৈ গ

যেন। প্ৰচণ্ড বিষে মোক থাউকতে বগৰাই পেলালে। আকৌ শুই পৰিলোঁ দুৰ্ঘোৰ টোপনিত।
অৰণ্যৰ অন্ধকাৰ পৃথিৱীয়ে পুনৰবাৰ মেৰিয়াই ধৰিলে মোক।

শত দিন, শত ৰাতিৰ আৰ্তিত ক্ৰমণিকাৰ পাছত এদিন
আন্ধাৰৰ সিপাৰে এটি দুবছৰীয়া শিশু জিলিকি উঠিল। লগতে জিলিকি উঠিল এজন দীৰ্ঘকায়
পুৰুষ আৰু এগৰাকী কোমলাংগী নাৰী।

বলিষ্ঠ পুৰুষ হাতখনে কোমলাংগী নাৰীৰ চুলিকোছাত
ধৰি মাখনবৰণীয়া গালখনত খকৰামুকুটি এটা দি দিয়ে। অকস্মাৎ যন্ত্ৰণাত (নে অপমানত)
নাৰীদেহটো কঁপি উঠি নাকৰ পাহি ফুলি উঠে
, চকু চল্‌চলীয়া হয়। আপোন দেহটোৰ চকুত পানী
দেখিয়েই কিজানি দুবছৰীয়া শিশুটিৰ ওঁঠযুৰিয়ে ফেঁকুৰি উঠে। মাতাল পুৰুষজনে এইবাৰ
চোঁচা লয় শিশুটিৰ ফালে। নাৰীয়ে মেৰিয়াই ধৰে শিশুটিৰ আলফুল দেহাটি। উমাল কোলাৰ পৰশ
পাই শিশুটি নিৰ্ভয় মনে টোপনি যায়। টোপনিৰ মাজে মাজেও যে কি ভাৱনা! এবাৰ যদি কষ্টত
শিশুটিৰ মুখখন বিকৃত হৈ যায়
, আনবাৰ আকৌ আশ্ৰিতা কোলাৰ সাদৰে দুই ওঁঠত হাঁহি
বিৰিঙায়।

আন্ধাৰ অৰণ্যতে শিশুটিক এৰি থৈ মই ঘোঁৰা
চেকুৰাওঁ মৰুৰাজ্যৰ পিনে। মৰুৰাজ্যৰ উষ্ণ বালিয়ে মোৰ সমগ্ৰ শৰীৰ দগ্ধ কৰি পেলায়।
মূৰৰ লাওখোলাটোৰ পৰা মগজুবোৰ যেন গলি গলি টপ্ টপ্‌কৈ বালিত পৰি যায়। দুহাতেৰে মই
মোৰ গলিত মগজু উঠাব খোজোঁ। স্নায়ুতন্ত্ৰই কোনোপধ্যেই মোক সহযোগ নকৰে। সহযোগ নকৰে
দেহটোৱেও।
  মই বাগৰ সলাব খোজোঁ। পৰা
নাযায়। হাত-ভৰি অসাৰ। সমস্ত শৰীৰ যেন বিচ্ছি‍ন্ন হৈ যায় মূৰটোৰ পৰা। গধুৰ তপত
মূৰটোত কেৱল এটা গুম্ গুম্ শব্দ আৰু শব্দৰ মাজে মাজে এখন আন্ধাৰ অৰণ্য আৰু
অৰণ্যখনৰ সিপাৰত এটা দুবছৰীয়া শিশুৰ ভয়াৰ্ত প্ৰতিচ্ছবি। এই গুম্ গুম্ শব্দ আৰু
ব্ৰহ্মাণ্ডজোৰা অন্ধকাৰ ছবিৰ বাদে মোৰ বাবে সত্য এতিয়া একো নাই। দেহ বুলিবলৈ একো
নাই
, ইন্দ্ৰিয় বুলিবলৈ নাই একো, ইন্দ্ৰিয় নাই মানেই গোন্ধ নাই, পোহৰ নাই মৰুময় বালিত এতিয়া কেৱল আন্ধাৰ। এৰা আন্ধাৰ! চৌপাশে আন্ধাৰ! ইমান
আন্ধাৰ! কোনে এই আন্ধাৰৰ মাজত মোক অকলে এৰি থৈ গ
?

আই আই!

আই কত মোৰ! মোৰ বিচ্ছিন্ন হোৱা
শৰীৰটো লৈ আইৰ ভ্ৰূক্ষেপ কিয় নাই
? সেই আন্ধাৰ অৰণ্যত দেখা দিয়া কোমলবয়সীয়া
মানুহগৰাকী মোৰ আয়েই নাছিল জানো
?  হয় হয়, সেয়াই মোৰ আই আছিল। তেওঁ মোৰ যে আই আছিল, সেয়াই সত্য। কিন্তু মোৰ পিতৃ
কোন আছিল
, সেই দীৰ্ঘদেহী মানুহজন নে? নে বছৰদিয়েকৰ মূৰত আইৰ ওচৰলৈ অহা সেই সৈনিকজন, যি আহিলেই আইৰ পৃথিৱীখন পোহৰ
হৈ গৈছিল
, নিমিষতে দুচকু উজলি উঠিছিল, সেয়াহে মোৰ পিতা আছিল নেকি? কোন আছিল মোৰ পিতা? সেই সৈনিকজন? নে সেই অত্যাচাৰী মানুহজন? সৈনিকজনে মোলৈ চোঁচা লোৱা
নাছিল
, সৈনিকজনে মোক আৱেগেৰে কোলাত তুলি চুমাও খোৱা নাছিল। তেতিয়াহলে
মোলৈ চোঁচা লোৱা সেই মানুহজনহে মোৰ পিতা আছিল নেকি
, মৃত্যুৰ সময়তো যিজনে মোৰ
হাতখন এৰি দিয়া নাছিল
? সৈনিকজন কত এতিয়া? 
মোৰ আই
? মোক এৰি থৈ সেই সৈনিকজনৰ লগত আই গুচি গল নেকি? নাই, নাই, আই কিদৰে যাব? আই দেখোন মোৰ ওচৰতে আছিল। মই
টোপনি যোৱাৰ আগতে আই মোৰ কাষতে আছিল। এই গভীৰ নিদ্ৰাৰ আগমুহূৰ্তত আইৰ দৰে কোমল
দেহা এটাই জানো মোক সাৱটি ধৰা নাছিল
? সেই দেহাটো আইৰেই নাছিল জানো? আইৰ বাদে কোন নাৰীয়ে বুকুৰ
পৰশেৰে সাৱটি ধৰিব মোক
?

ঠিক মনত পৰিল। সেই সৈনিকজনৰ লগত আই গুচি যোৱা
নাছিল। সৈনিকজন এদিন নোহোৱা হৈ গৈছিল। আই ৰৈ গৈছিল পিতাইৰ ওচৰত। বহু বছৰৰ পাছত
পিতাইৰো চিতা জ্বলিছিল। কিন্তু আই আৰু মই সদায়ৰ বাবে একেলগেই আছিলোঁ। নীলাৰ লগত
হোৱা গভীৰ বিচ্ছেদত যেতিয়া মই সাতমহলীয়া ফ্লেটৰ বেলকনিত থিয় হৈ মাজনিশাৰ আন্ধাৰ
চাই চাই জীৱন এৰি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ
, তেতিয়াও মোৰ পিছফালে আহি আই থিয় হৈছিল। তথাপি
যেন আন্ধাৰ অৰণ্যই মোক টানি নিছিল। আইৰ দেহাৰ জোৰে মোক ৰখাব নোৱাৰিব
, এনে ভাবত মই যাব খুজিছিলোঁ
গভীৰ আন্ধাৰলৈ। আইক এৰি
, সকলোকে এৰি মই আন্ধাৰ গমন কৰিব খুজিছিলোঁ। হয়
হয় মই আন্ধাৰ গমন কৰিব খুজিছিলোঁ। মৃত্যুক মোৰ তেনেই আপোন যেন লগা হৈছিল। নীলা
অবিহনে মোৰ মৃত্যুৱেই শ্ৰেয়
মই কান্দি কান্দি আইৰ ওচৰত
মৃত্যুভিক্ষা খুজিছিলোঁ।

সেই ওখ বিল্ডিং, সেই আন্ধাৰ গেৰেকনি, হতাশাই গ্ৰাস কৰা সেই বিধ্বস্ত
যুৱক
, গভীৰ বেদনাত বেঙুনীয়া বৰণ ধৰা আইৰ মুখ সকলোৱে‍ই হঠাৎ নোহোৱা হৈ গল।
যেন পৰ্দাৰ আঁৰকাপোৰ তৰি দিয়া হ
ল হঠাতে আৰু প্ৰেক্ষাগৃহত
জ্বলি উঠিল শাৰী শাৰী হালধীয়া বাল্ব।

লগে লগে সাৰ পাই গলোঁ
মই। চকু মেলিবলৈ চেষ্টা কৰিলোঁ। চকু মেলি দিয়াৰ লগে লগে সূৰ্যৰ তীব্ৰ পোহৰে চাট
মাৰি ধৰিলে চকুত। কাণৰ ভিতৰত চলি থকা গুম্‌গুমনিটো ক্ৰমাৎ গুণ্ গুণ্ শব্দ
কিছুমানলৈ ৰূপান্তৰ হ
ল। কিছু স্পষ্ট, কিছু অস্পষ্ট, কিছু চেপা মৰা শব্দৰ টুকুৰা
কাণত পৰেহি।

চেঞ্চ
আহিছে
, চেঞ্চ আহিছে, ছি‍ষ্টাৰ, এটেণ্ডেণ্টক আহিবলৈ দিয়া। অহ যীশু! তুমি কৃপা
কৰিলা
”, বৰ্ষীয়ান ডাক্তৰে বুকুত ওলমি থকা ক্ৰছচিহ্নৰ লকেটটো স্পৰ্শ কৰিলে।

বিছনাৰ কাষত বগা এপ্ৰন পৰিধানকাৰী এদল
ডাক্তৰ-নাৰ্ছ। ক
ত আছোঁ মই? হস্পিতেল? কিন্তু কিয়? তভক মাৰিলোঁ মই।

চকুত পানী লৈ কলা
শ্বল লোৱা মানুহ এগৰাকী দৌৰি আহি বুকুত উবু
ৰি খাই পৰিল। কোন এওঁ? আই নেকি? হয় হয় আয়েই হয়। আইক মাতিব
খুজিলোঁ। মাতিব নোৱাৰিলোঁ। ওঁঠযোৰ বেঁকা হৈ অস্ফুট গেঙনি এটাহে ওলাই আহিল। নিজৰ
কথাখিনি নিজেই বুজি নাপালোঁ।

তিনি
মাহৰ পাছত চকু মেলিছে আপুনি। চিনি পাইছে নে এওঁক
? কোন কওকচোন”— বগা এপ্ৰন পৰিহিত ডাক্তৰে সুধিলে
মোক।

আই”— কিছু কষ্ট কৰি মাতটো
উলিয়ালোঁ। অথচ যেন অস্পষ্ট মাত
, যেন বুজি নাপালে কোনেও।

আপোনাৰ
পত্নীক মনত পৰা নাই আপোনাৰ
? নামটো কওকচোন।’’ — আকৌ সুধিলে ডাক্তৰে।

এইবাৰ মোৰ আচৰিত হোৱাৰ পাল। মোৰ পত্নী? মই বিয়া পাতিছিলোঁ? সেয়া কেতিয়া আকৌ? চাকৰি এটা পোৱাৰ পাছতেই
নীলাস্মিতাক সমাজৰ সন্মুখত নিজৰ কৰি লোৱাৰ কথা আছিল। চাকৰি পালোঁ নেকি
? বিয়াও পাতিলোঁ নেকি? কিন্তু নীলাৰ যে আনৰ লগত
বিয়া ঠিক হৈছিল। মই যে মৰিব খুজিছিলোঁ!

আঃ কথাবোৰ মনত নপৰে কিয়? যদি মই বিয়া পাতিলোঁ, নীলাস্মিতা ক? মাৰ ওচৰলৈ আহিবলৈ
নীলাস্মিতাই ভয় কৰিছিল সদায়েই। সেই কাৰণেই অহা নাই নেকি তাই
?

কি হে
বৰুৱা
? আপোনাৰ পত্নীৰ নামটো কওক আক”— ডাক্তৰে কাণখন মোৰ মুখৰ
ওচৰলৈ আনি সুধিলে।

নীলা।
নীলাস্মিতাই হ
ব লাগিব। নীলাৰ বাহিৰে কোন হ?”— বৰকৈ দোমোজাত পৰিলোঁ মই।

ডাক্তৰৰ মুখত হতাশাৰ ভাব ফুটি উঠিল। কোন নীলা? ৰোগীয়ে নীলা নামৰ কাৰোবাক
মনত পেলাইছে। ৰোগীয়ে তেওঁৰ পত্নীক আই বুলি সম্বোধন কৰিছে। এয়া চিন্তনীয় কথা। ট্ৰ
মেটিক
ব্ৰেইন্ ইনজুৰিটোৰ পাছত তেওঁৰ বাঁওফালৰ মগজুকোষৰ অধিকাংশ নষ্ট হৈ গৈছে।
পেৰালাইছিছত আক্ৰান্ত হৈ অসাৰ হৈ গৈছে তেওঁৰ দেহৰ সোঁ অংশ। কথা কওঁতে তেওঁ কেৱল বাঁওফালৰ
ওঁঠখনহে লৰাইছে। সোঁহাতখন লৰ-চৰ কৰিব পৰা নাই। সোঁভৰিখন মৰা কাঠ এডালৰ দৰে পৰি
আছে।

আই যেন লগা মানুহগৰাকীয়ে দুহাতেৰে মুখ ঢাকি বহি
পৰিছে। বৰ্ষীয়ান ডাক্তৰে তেওঁৰ কান্ধত হাত থৈছে
— “ধৈৰ্য
নেহেৰুৱাব মিছেছ বৰুৱা। যীশুৱে সকলো চাই আছে।
 

তাৰ পাছত তেওঁ নিজকে কলে অতি সোনকালে এটা নিউৰছাৰ্জাৰি‍ৰ
প্ৰয়োজন আছে।

ছাৰ্জাৰি‍! কি কাৰণে? বুজিব নোৱাৰি মই ডাক্তৰৰ
মুখলৈ চাই থাকিলোঁ।

বৰুৱা, আপুনি মূৰত অত্যন্ত আঘাত
পাইছিল।
”— মোৰ প্ৰশ্নবোধক চাৱনি দেখি ডাক্তৰে মোৰ মূৰত হাত ফুৰাই দিলে।

আঘাত পাইছিলোঁ? মই সেইদিনা বেলকনিৰ পৰা পৰি
গৈছিলোঁ নেকি
?

নাই। মনত পেলাব নোৱাৰোঁ। কথাবোৰ কোনোবাখিনিত
নিমিলে। সেই সাত মহলীয়া বিল্ডিঙৰ পৰা মই জাঁপ মাৰি দিয়াৰ ইচ্ছাটো সত্য
, কিন্তু জাঁপ মাৰি দিয়াটো
অসত্য। কাৰণ তাৰ পাছতো মোৰ জীৱনত বহুতো উত্থান-পতন আছিল। প্ৰতিশোধপৰায়ণ মন এটাক
পোহপাল দিছিলোঁ বহু দিন ধৰি। নিজে মৰাতকৈ নীলাক ধ্বংস কৰিম
, এই সংলাপৰ কচৰৎ চলিছিল মনৰ
মাজত। মানসিক সন্তুলন হেৰাইছিল। বহু ঔষধ আৰু মৰম-বুজনিৰ পাছতহে মোৰ মনটো এদিন
নিৰ্ভাৰ হৈ উঠিছিল। নিৰ্ভাৰ হৈ উঠা মনটোত লাহে লাহে প্ৰতিশোধৰ স্পৃহা নোহোৱা হৈ
গৈছিল
, নোহোৱা হৈ গৈছিল সমূহ দুখৰ স্মৃতি। আইকেই সম্বল কৰি এদিন মোৰ জীৱনে উলম্ব দিশত
গতি কৰিছিল। তাৰ পাছৰ গতিবোৰ কেৱল ওপৰলৈ আৰু ওপৰলৈ। টকা
, পইচা, ক্ষমতা সকলো আৰ্জিছিলোঁ মই।
সেই আন্ধাৰ গেৰেকনিৰ পৰা আকাশলৈ মোৰ কায়িক উত্তৰণ কিদৰে সম্ভৱ
, তাকো ইমান ত্বড়িত গতিত, সেই ৰহস্য মই ভেদ কৰিব পৰা
নাই এই মুহূৰ্তত।

আকৌ আন্ধাৰ পৰ্দা এখন মোৰ সন্মুখত আঁৰি দিয়া হল।
আন্ধাৰ পৰ্দাত এইবাৰ কিছু ক
লা-বগা ৰেখা। কিছু ৰেখা
জিলমিলীয়া। দুবছৰীয়া শিশুটো অস্পষ্ট হৈ যায়। এজন যুৱক জিলিকি থাকে পৰ্দাত। চশ্‌মাৰ
আঁৰত যুৱকজনৰ গভীৰ চকুহাল জিলিকি উঠে। শূন্যতা ভৰা আকাশখনলৈ চাই চাই যুৱকে ভাবিছিল
, চাকৰিটো হলেই
নীলাজনীক নিজৰ কৰি ল
ব লাগিব। নীলাৰ ঘৰত বিয়াৰ বাবে বহুত প্ৰস্তাৱ
আহিছিল। ইমানবোৰ ভাল প্ৰস্তাৱৰ মাজত তাৰ দৰে টিউশ্বনেৰে পেট মোকলোৱা ল
ৰালৈ
নীলাক সম্প্ৰদান কৰাৰ কোনো যুক্তি নীলাৰ ঘৰখনে নেদেখে বুলি এদিন তাই তাৰ ওচৰত
ব্যক্ত কৰিলেহি।

আৰু
তুমি
? তুমি যুক্তি দেখা নে নেদেখা?”— নীলাৰ অসহায় স্থিতি দেখি খং উঠিছিল যুৱকৰ।

তাৰ প্ৰশ্ন শুনি থতমত খাইছিল তাই। মৌন হৈ ৰৈছিল
তাই। যুৱকৰ খং বাঢ়ি গৈ আছিল। উষ্মাভৰা কণ্ঠৰে কৈছিল সি
— “উত্তৰ
দিয়া নীলা। আমাৰ বিবাহত তুমি যুক্তি দেখা নে নেদেখা
?”

নেদেখে, তায়ো যুক্তি নেদেখে”— তাইৰ মৌনতা ভৰা মুখখনে যেন
সেই উত্তৰেই দিছিল। যুৱকে যুৱতীৰ দুবাহুত খামুচি ধৰি কৈছিল
— “মোৰ
দৰে টিউশ্বনেৰে পেট মোকলোৱা ল
ৰাৰ সৈতে বিবাহত বহিবলৈ তুমি
যুক্তি নেদেখা। কিন্তু প্ৰেমৰ দৰে আৱেগিক সম্পৰ্কত তুমি যুক্তি দেখা। হেই মিছ নীলা
, যুক্তিৰে সকলো কথা চাবলৈ
নিশিকিবা। মাক-সন্তানৰ মৰমতো একো যুক্তি নাথাকে
 এইবোৰ হৃদয়ৰ টান। তোমাৰ দৰে হাৰ্টলেছ ছোৱালীয়ে
এইবোৰ নুবুজিবা। যোৱাগৈ তুমি। এতিয়াই সন্মুখৰ পৰা আঁতৰ হোৱা।

পৰ্দাৰ পৰা যুৱতীৰ অৱয়বটো ধূসৰ হৈ গল।
খঙাল যুৱকজন হতাশ হৈছিল। হতাশা গভীৰ হৈছিল। জীৱনটোক কাঠৰ পুতলা যেন ভাব হৈছিল।
নিজকে শেষ কৰি দিয়াৰ প্ৰৱণতা জাগিছিল। নিজৰ লগত যুদ্ধ কৰি কৰি মাজৰাতি সি এদিন
বেলকনিত থিয় হ
ল। সেই মুহূৰ্ততে তাৰ পিছফালে থিয় দি ৰোৱা
আয়েকৰ অৱস্থিতি আৰু আয়েকৰ ওচৰত তাৰ মৃত্যুভিক্ষাৰ দৃশ্যটো গভীৰ আন্ধাৰৰ মাজতো মই
স্পষ্টকৈ দেখা পাওঁ।

এৰা! এইখিনিৰে কথাখিনিৰ মাজত এটা যোগসূত্ৰ
স্থাপন কৰিব পৰা যায়। আত্মহননৰ বিফলতাৰ পাছত যুৱক সম্পূৰ্ণৰূপে মানসিক ভাৰসাম্যহীন
হৈ পৰিল। যুৱতীৰ পলায়নে যুৱকক বিদ্ৰোহী কৰি তুলিলে। আৰু এদিন যুৱতীৰ বিয়াৰ খবৰ
শুনি তাৰ প্ৰতিশোধপৰায়ণ মনটো মগজুৰ সপ্তস্বৰলৈ গতি কৰিলে। কোনোপধ্যেই স্থিৰ হৈ
থাকিব নোৱাৰিলে সি। হস্তমৈথুনেৰে তাৰ সকলো খং-উত্তেজনা ত্যাগ কৰাৰ ভাৱনাটো অহাৰ
সময়তে সি লৈ লৈছিল তাৰ জীৱনৰ আটাইতকৈ কুটিল সিদ্ধান্তটো।
 পিছদুৱাৰেৰে নীলাস্মিতাৰ কোঠাত সোমাই নগ্ন হৈ
বিছনাত শুই পৰিছিল সি। ৰাতি দুপৰত নীলাস্মিতাই তাক তেনে অৱস্থাত দেখি থৰ্‌ থৰ্‌কৈ
কঁপিছিল
, কঁপি কঁপি চিঞৰিছিল, চিঞৰি চিঞৰি মজিয়াত বাগৰি পৰিছিল। সি
নিৰুদ্বেগচিত্তে চিগাৰেট এটা জ্বলাই লৈছিল। ঠিক যেন নীলা ছবি এখনৰ নায়কহে।

তাৰ পাছত?

তাৰ পাছত চেলুলয়ডত আকৌ জিলমিলীয়া ছবি।
কোনোপধ্যেই মনিব নোৱৰা কিছু ছবি। কিছু আন্ধাৰ
, কিছু পোহৰ। পোহৰবোৰ ফাগুনৰ বতাহৰ দৰে ধূসৰ।
কথাবোৰ অশ্ৰাব্য
, কথাবোৰ অস্পষ্ট, কথাবোৰ অস্ফুট।

অশ্ৰাব্য-অস্পষ্ট-অস্ফুট কথাবোৰ আঁতৰাই থৈ যিখন
ছবি চকুৰ আগলৈ ভাহি আহে
, তাত থাকে এটা উচ্চপদস্থ চাকৰি, সফলতা, সামাজিক স্থিতি, গ্লেমাৰ, কাষে কাষে দুজন
নিৰাপত্তাৰক্ষী আৰু বিবাহপ্ৰাৰ্থী ৰমণীৰ হেতা-ওপৰা। হাজাৰ প্ৰতাৰণাৰ পাছতো
, হাজাৰ যুক্তিহীনতাৰ পাছতো, প্ৰতিশোধপৰায়ণ মনৰ চূড়ান্ত
অৱক্ষয়ৰ পাছতো জীৱনটো কিন্তু সেই স্থিৰ বিন্দুটোতেই ৰৈ গ
, যি বিন্দুত ৰৈ আছিল
নীলাস্মিতা।

কি হৈছে এইবোৰ? কি হৈ গ
মোৰ
? দুৰ্বোধ্য, জটিল, অস্পষ্ট, আউল নভগা কথাবোৰ মনৰ মাজত পকনীয়া এটাৰ দৰে ঘূৰি
থাকে। ঘূৰি ঘূৰি সি মন-সমুদ্ৰৰ অতল গৰ্ভত প্ৰৱেশ কৰে। আকৌ বুৰবুৰণি তুলি উঠি আহে
ওপৰলৈ। তথাপি কথাৰ জাল গুঁঠিব নোৱাৰি। ক
ত কি হৈছিল? কেনেকৈ হৈছিল? কেতিয়া হৈছিল?

কাৰোবাক সুধিবৰ মন যায় মোৰ। সেই ডাক্তৰজনে
জানিব নেকি মোৰ কথাবোৰ
? কাৰোবাক চিঞৰ মাতিব খোজোঁ। চিঞৰটো গেঙনি হৈ
ওলায়। বিছনাৰ পৰা নামিব খোজোঁ। দেহাটো বলে নোৱাৰোঁ।
  চিকুটি চাব খোজোঁ নিজক। দুখ
পোৱা নাযায়। পক্ষাঘাতত আক্ৰান্ত মই। হয় পক্ষাঘাতত আক্ৰান্ত। মোৰ বাঁও মগজু বিকল।
মোৰ শৰীৰৰ সোঁভাগ অসাৰ। সোঁ-মগজুৰ নিউৰনে নিয়ন্ত্ৰণ কৰা শৰীৰৰ বাঁও অংশ কিন্তু
সম্পূৰ্ণ সুস্থ। এই বাঁও-অংশৰ দয়াত মই কিছু চিন্তা কৰোঁ
, কিছু ৰোমন্থন কৰোঁ, কিছু কথা বুজি পাওঁ, কিছু কথা শুনো। তথাপি কিছু
কথাৰ সংগতি নাথাকে। মই আই জ্ঞান কৰা সেই মহিলাগৰাকীয়ে মোৰ প্ৰতি পত্নীৰ দৰে আচৰণ
কিয় কৰে
? বুজি নাপাওঁ মই, সেই ছোৱালীজনী যাক মই ভনী বুলি মানো, তাই মোক পাপা সম্বোধন কিয়
কৰে
?

এইবোৰ আঁত নলগা চিন্তাৰ জাল ৰচিবলৈ এটা কোঠাত
মই অকলে পৰি ৰওঁ। আইৰ দৰে এগৰাকী সাদৰী মহিলাই মোৰ আলপৈচান ধৰে। তেওঁ অৱশ্যে মোক
তেওঁৰ পত্নী বুলিহে পৰিচয় দিয়ে। সেয়া নিশ্চয় তেওঁ মিছাকৈ কয়। মোৰ স্মৃতি-ভাণ্ডাৰত
বিয়া নামৰ কোনো স্মৃতিকোষ নাই। তেওঁলোকে মোক চিৰিৰ পৰা বাগৰি পৰি মূৰত আঘাত পোৱাৰ
কথা কয়। তেওঁলোকে মোক মোৰ বিয়াৰ ফট’ দেখুৱায়। সেই দৰাজনক মোৰ খুব আপোন যেন লাগে
, যেন তেওঁক মই প্ৰায়ে সপোনত
দেখোঁ
, চশ্‌মাৰ আঁৰত এটা গভীৰ শূন্যতাবোধৰ চকু এহাল কঢ়িয়াই লৈ ফুৰে যি। কিন্তু সেইজন
মই নেকি
? ময়েই সেই যুৱকজন নেকি?

ঊস! ইমান আউলীয়া চিন্তা। বাহিৰে-ভিতৰে কেৱল
বিশৃংখল চিন্তাৰ অসংলগ্ন টুকুৰা।

তৰ্দ্ধনি মুখখন মই দাপোণত চাব খুজিলোঁ। দাপোণখন
? কোনে আনি দিব মোক দাপোণ এখন? দাপোণ বিচাৰি বিচাৰি মই
হাহাকাৰ লগালোঁ। নাই কোনেও মোৰ কথা বুজি নাপালে। খং-হতাশাই মোৰ মগজুত
শ্বৰ্ট-চাৰ্কিটৰ সৃষ্টি কৰিলে। প্ৰচণ্ড শক্তি এটাৰ উদ্‌গীৰণ হ

যেন। গাৰ জোৰেৰে মই চকীখন ঠেলা মাৰি দিলোঁ। শৰীৰৰ এটা ফালেৰেই মই উঠি বহিলোঁ
বিছনাখনত আৰু একেই শক্তিৰে
 থানবান কৰি পেলালোঁ কৰ্নাৰ টেবুলত
থকা কাকত
, কিতাপ সকলোবোৰ। এপাকত ফট’ এলবামখন মই খিৰিকীৰে বাহিৰলৈ দলি মাৰি দিলোঁ।
খিৰিকীৰ ৰেলিঙৰ ফাঁকেৰে সেইখন কোনোবাখিনি পালেগৈ।

ছোৱালীজনী দৌৰি আহিল— “পাপা, কি হৈছে তোমাৰ? এইবোৰ কি কৰিলা?”

খঙত মোৰ মূৰটো ফাটি পৰিল। এই ছোৱালীজনীয়েও মোক
অৰ্থহীন কথা কয়। ছোৱালীজনীক চৰিয়াই চিঞৰি উঠিবৰ মন গ
, কোন পাপা? কাৰ পাপা?

নাই, চৰিয়াৰই দিয়াৰ জোখাৰে মোৰ সমগ্ৰ শক্তি যেন শেষ
হৈ গ
ল। আনকি চিঞৰি উঠাৰ শক্তিকণো নোহোৱা হৈ গল।
এইসকল ডাক্তৰে কি কৰি আছে
, কিয় মোক সুস্থ কৰি তোলা নাই? ইহঁত সকলোৱে মিলি মোৰ
বিপক্ষে ষড়যন্ত্ৰ কৰিছে। হয়
, হয়। হয়তো সেয়াই আচল কথা।

পলাবলৈ মন গ
মোৰ। এই ষড়যন্ত্ৰৰ পৰা পলাবলৈ মন গ
ল মোৰ। কিন্তু মই পলাবলৈও
অক্ষম। আকৌ খং উঠিল মোৰ। আকৌ শক্তি নিৰ্গত হ
ল। হাতৰ ওচৰত থকা গিলাচটো
গাৰ জোৰেৰে দলি মাৰি পঠিয়ালোঁ। গিলাচটো ঠন্ ঠন্‌কৈ ভাগি‍ থাকিল।

 আইৰূপী মানুহগৰাকীয়ে কান্দিবলৈ ধৰিলে। ছোৱালীজনীয়ে মোক সাবটি ধৰিলে— “পাপা
তুমি কিয় এনে কৰিছা্‌
? ঠাণ্ডা হোৱাচোন তুমি।’’

পাপা
বুলি নামাতিবি ছোৱালী। মই তোৰ পাপা নহওঁ
”— একেই উষ্মাৰে কলোঁ
মই।

গালি পাৰিলেও তাই মোৰ ওচৰৰ পৰা দূৰলৈ গুচি
নাযায়। বৰঞ্চ তাই মোক মৰমেৰে শুৱাই দিয়ে। কেতিয়াবা তাই মোৰ বিছনাত বহি মোক
কাগজ-কলম গোটাই দিয়ে। আখৰ লিখিবলৈ মোৰ বৰ কষ্ট হয়। তাই আঙুলিত ধৰি ধৰি আখৰ লিখাবলৈ
ধৰে। মই তাইৰ মুখলৈ চাওঁ। আচলতে তাই মোৰ
 কোন ? ইমান আপোন হৈ মোৰ জীৱনলৈ কিদৰে আহিল?

কথাবোৰৰ জঁট ভাঙিব নোৱাৰি মনটো ভাগৰি পৰে। এনে
জীৱন কিয় হ
ল মোৰ? কি ভুল কৰিলোঁ মই? আলমাৰীত থকা সৌ ডাঙৰ
কিতাপবোৰে মোক আজিকালি ভ্ৰূকুটি কৰে। বৰঘৰৰ নেওতাখন অথবা মেক্স প্লাংকৰ ধ্ৰুৱক
সংখ্যাটো
, ৰসায়ন বিজ্ঞানৰ পিৰিয়ডিক টেবুলৰ ক্ৰমাংকসমূহ নতুবা অৱকলন গণিতৰ সেই ডাঙৰ ডাঙৰ
সূত্ৰবোৰ নাইবা এ
.পি.এছ.চি.-
সময়ত পঢ়া আহোম যুগৰ স্বৰ্গদেউসকলৰ নাম লেথাৰি নিছিগাকৈ মনলৈ আহে। অথচ নিজৰ বিষয়ে
একোৱেই মনলৈ নাহে। শৈশৱ বোলোঁতে এটা দুবছৰীয়া শিশু আৰু যৌৱন বোলোঁতে নীলা নামৰ সেই
ছোৱালীজনী
, তাৰ বাদে মই কোন, ত আছোঁহি, মোৰ বৰ্তমানৰ অৱস্থান আৰু
স্থিতি একোৱেই মনত নপৰে মোৰ। একোৱেই

পক্ষাঘাতত আক্ৰান্ত মোৰ দেহটোৰ ওপৰত বিভিন্ন
চিকিৎসা চলি থাকিল।
 ফিজিঅ’থেৰাপি
চলিবলৈ ধৰিছিল মোৰ দেহৰ অংগবোৰত। থেৰাপিষ্টৰ মতে মই ভাল ফল পাইছিলোঁ। হুইল চেয়াৰত
বহি মই বাহিৰৰ পৃথিৱীখন উপভোগ কৰিব পাৰিছিলোঁ। ভনী যেন লগা ছোৱালীজনীয়ে মোক
কেতিয়াবা পাৰ্কলৈ লৈ আহিছিল। তাতেই মই প্ৰাণভৰি সেউজীয়া উপভোগ কৰিছিলোঁ।

নিজৰ অসহায়তাক মই লাহে লাহে গ্ৰহণ কৰিবলৈ ললোঁ।
পাৰ্ট-টাইম নাৰ্ছ এগৰাকীয়ে মোক পৰিষ্কাৰ কৰে
, আইৰ দৰে মানুহগৰাকীয়ে মোৰ খোৱা-বোৱাৰ যতন লয়।
ভনীৰ দৰে ছোৱালীজনীয়ে মোক কিতাপ আৰু বাতৰি কাকত পঢ়িবলৈ জোৰ কৰে। এনে
নিত্য-নৈমিত্তিক কাৰ্যৰ মাজতে বছৰবোৰ পাৰ হৈ গৈছিল।
 ফিজিঅ’থেৰাপিৰ
ফলস্বৰূপে চোঁচৰাই চোঁচৰাই দেহাটো কোনোমতে ইটো কোঠালিৰ পৰা সিটো কোঠালিলৈ নিব পৰা
হৈছিলোঁ। মনটো কিন্তু বিদ্ৰোহেৰে ভৰি পৰিছিল। এই জীৱন মোৰ কাম্য নহয়। এই জীৱনৰ
কোনো প্ৰয়োজন নাই। কিন্তু মই দেখোন মৰিবলৈও অক্ষম। মোৰ মৃত্যুও এতিয়া মোৰ হাতত
নাই। চেক-আপ কৰোঁতে কেতিয়াবা ডাক্তৰক মই ইচ্ছামৃত্যুৰ কথা ক

খোজোঁ। কিন্তু মই ভবামতে একোৱেই হৈ নুঠে
, আনকি মোৰ মৃত্যুও মই ভবামতে হৈ নুঠে। যৌৱনকালৰ
সেই প্ৰতিশোধপৰায়ণ মনটোকে পুনৰবাৰ পোহপাল দিবলৈ আৰম্ভ কৰোঁ মই।

হতাশা-বিদ্ৰোহ আৰু চৰম বিতৃষ্ণাৰ মাজতে ঘটি গ
এই অঘটনটো। পুৰণা নাৰ্ছজনীৰ ঠাইত নতুন নাৰ্ছ এগৰাকী নিয়োগ কৰা হ
ল।
নতুন নাৰ্ছজনীক দেখি নীলাস্মিতালৈ মনত পৰি গ
ল। লগে লগে মোৰ দেহ-মনত
কেতিয়াও নোহোৱা কথা কিছুমানৰ, অনুভূতি কিছুমানৰ জন্ম হ
ল।
তাই ওচৰলৈ অহাৰ লগে লগে মোৰ বুকু ধপ্‌ধপাবলৈ ধৰিলে
, ডিঙিটোত কিহবাই সোপা মাৰি
ধৰিলে
, ঘামিবলৈ ধৰিলোঁ মই, কাণ দুখন ভম্‌ভমাবলৈ ধৰিলে, মূৰটো ভক্‌ভকাই উঠিল, চকু দুটাৰে ধূঁৱলি-কুঁৱলি
হেন দেখিলোঁ। এক অজান আশংকা মিহলি অনুভূতিয়ে মোক গোটেই সময়খিনি সংকুচিত কৰি
ৰাখিলে। অনিয়ন্ত্ৰিত পৰিস্থিতিত পৰি উশাহ বন্ধ হৈ গ

মোৰ আৰু অৱশেষত মোৰ শৰীৰৰ নিম্নাংশ বীজলুৱা পদাৰ্থৰে তিতি গ
ল।

তাৰ পাছত যে কি এক প্ৰশান্তি। দীঘলকৈ নিশ্বাস
এৰি মই বিছনাত চকু মুদি পৰি ৰ
লোঁ। যেন বহু যুগৰ পৰা মই
শোৱা নাছিলোঁ। যেন তৃষ্ণাতুৰ নিদ্ৰাদেৱীয়ে আকুল আহ্বানেৰে হাতবাউলি দি মাতি মোক
জপটিয়াই ধৰিলে। নিদ্ৰাদেৱীয়ে বিভিন্ন ভংগিমাৰে মোৰ শৰীৰ-মনত জোঁকাৰণি তুলি মোক
চেতনামুক্ত কৰি পেলালে। গভীৰ টোপনিত মগ্ন হলোঁ মই। টোপনিৰ মাজে মাজে আন্ধাৰ-পোহৰত
দেখ-অদেখকৈ এহাল নৰ-নাৰী আলিংগনাবদ্ধ অৱস্থাত দেখা পালোঁ।

নাৰীগৰাকীক নতুন নাৰ্ছজনীৰ দৰে দেখা যায়।
নাৰ্ছজনীৰ মুখত আকৌ নীলাক দেখা পাওঁ
, নীলাৰ মাজত আকৌ মাজে মাজে নতুন নাৰ্ছজনীৰ মুখখন
মিলি যায়। পুৰুষজন সেই চশ্‌মা পিন্ধা খঙাল যুৱকজন। সিহঁতহালক এৰি মই দূৰলৈ চাই
পঠিয়াওঁ। দুবছৰীয়া শিশু এটাই ভয়াৰ্ত দৃষ্টিৰে নৰ-নাৰীহাললৈ চাই থাকে। নৰ-নাৰীহাল
এইবাৰ মোৰ আই-পিতাই হৈ পৰে। পিতাই মানে সেই অত্যাচাৰী পুৰুষজন
? নহয় নহয়। সেই সৈনিকজনহে এয়া।
আইগৰাকীয়ে ৰূপ সলাই মোৰ আলপৈচান ধৰা মানুহগৰাকী হৈ পৰে। আৰু এয়া কি
? পুৰুষজন দেখোন মই। নহয় নহয়
এয়া সেই চশ্‌মা পিন্ধা যুৱকজনহে। নহয়
, নহয়, এয়া ময়েই হয়। চশ্‌মা পিন্ধা যুৱকজন ময়েই নেকি? মই আইৰ লগত এইদৰে কিয় থাকিম!
ছিঃ ছিঃ ছিঃ! এয়া মই কি কৰিলোঁ! কি কৰিলোঁ আই! আই মোৰ কাৰ্যৰ ক্ষমা যে নাই! আই!
আই! গভীৰ অপৰাধবোধেৰে মই উচুপি উঠোঁ। বুকুখনত প্ৰকাণ্ড শিল এটাই হেঁচা মাৰি ধৰে।
উশাহ ল
ব নোৱাৰি মই ছট্‌ফটাই থাকোঁ। ঘামত সমগ্ৰ শৰীৰ মোৰ তিতি যায়।
প্ৰস্ৰাৱৰ নিয়ন্ত্ৰণ হেৰাই যায়। চেঁচা তৰল অনুভূতিটোত খক্‌মক্‌কৈ সাৰ পাই উঠোঁ মই।

বগা স্কাৰ্ট পিন্ধা নাৰ্ছজনীয়ে কাপোৰ সলাই মোক
পৰিষ্কাৰ কৰি দিয়ে। বৰ শান্তভাৱে তাই কামবোৰ কৰি যায়। মোৰ অতবোৰ অতপালিতো তাই
ধৈৰ্য নেহেৰুৱায়। তাইৰ খং নুঠে কেতিয়াও। তাইৰ প্ৰতি মোৰ প্ৰেমভাৱ জাগি উঠে। তাইক
মোৰ চুই চাবলৈ মন যায়। নীলাজনীৰ দৰেই তাইৰ গালখন মিহি
, কোমল। কিন্তু মোৰ বৰ ভয় লাগে, নীলাজনীৰ দৰেই তায়ো মোক যদি
এৰি থৈ গুচি যায়।

এই ভাৱনা অহাৰ লগে লগেই মোৰ সমগ্ৰ চেতনা আকৌ
নিষ্প্ৰদীপ হৈ যায়। ছট্‌ফটাবলৈ ধৰোঁ মই। মোৰ মূৰটো ফণিয়াই দিয়াৰ সময়ত মই তাইৰ ছাৰ্টৰ
বুকুৰ অংশটোত খামুচি ধৰোঁ। অতি আকুলভাৱে তাইৰ বুকুত মই মুখখন গুঁজি মই বিৰবিৰাই
থাকোঁ
— “মোক এৰি থৈ তুমি গুচি নাযাবা, আকৌ গুচি নাযাবা নীলা।

তাই মোৰ মূৰটো দাঙি ধৰিব খোজে। শৰীৰৰ সাতো
চক্ৰই মোক শক্তি যোগান ধৰে। মই আকুল আৱেদনেৰে তাইক সাবটি ধৰোঁ। তাই মোৰ আলিংগনৰ
পৰা মুক্ত হ
ব খোজে। মুক্ত হলেই
যেন নীলাৰ দৰেই তায়ো মোৰ জীৱনৰ পৰা পলাই যাব
, এই ভাৱত মই আৰু জোৰেৰে তাইক সাবটি ধৰোঁ। তাই
চিঞৰ-বাখৰ লগায়। আই বোলা মানুহগৰাকী আহি এই দৃশ্য দেখি হতবাক হৈ পৰে। হতবাক হোৱাৰ
কি কথা আছিল সেয়া মই নাজানো। প্ৰেমত আলিংগন নৰ-নাৰীৰ সহজাত প্ৰবৃত্তি । কিন্তু
কোনেও মোক উত্তৰ নিদিয়ে। বৰঞ্চ চৰম অৱজ্ঞাৰ দৃষ্টিহে নিক্ষেপ কৰে মোলৈ। মই বৰ
অপমানিত অনুভৱ কৰোঁ। অপমানিত হৈ মই কুঁচিমুচি বিছনাখনত সোমাই পৰোঁ।

বৰ্ষীয়ান ডাক্তৰে আহি মোৰ বাহুত বেজী পুশ্ব্
কৰে আৰু আইক কয়
— “ৰোগী মানসিকভাৱে সুস্থিৰ নহয়।

পাছদিনাৰ পৰা মই আৰু নাৰ্ছজনীক নেদেখা হলোঁ।
আয়ে নিশ্চয় তাইক খেদি পঠিয়াইছে। আইলৈ মোৰ হঠাতে ঘৃণা ওপজিল। আয়ে মোক মোৰ নীলাৰ পৰা
দূৰ কৰি আনিছে। প্ৰচণ্ড খঙেৰে মই আইলৈ চালোঁ। এই যেন হকী ষ্টিক এডালেৰে কোঠাৰ সকলো
আচবাব ভাঙি পেলাম মই। দিয়াচলাই কাঠিৰে জুই লগাই দিম বিছনাৰ কাপোৰবোৰত। জুই লগাই
দিম টেবুলৰ কাকত-কিতাপবোৰত। আইৰ পৃথিৱীখন ধ্বংস কৰি দিয়াৰ পৰিকল্পনা ৰচি ৰচি মই
অৱসাদগ্ৰস্ত হৈ পৰিলোঁ। ভীষণ ভাগৰ অনুভৱ কৰিলোঁ মই
, অথচ তীব্ৰ অশান্তিবোধটোৱে
মোক শুবলৈ নিদিলে। খেলিমেলি চিন্তা কিছুমানত বুৰ গৈ মই ট ট চকুৰে চিলিঙলৈ চাই
থাকিলোঁ।

আইৰ ওপৰত প্ৰতিশোধ নোলোৱালৈকে মোৰ মনলৈ শান্তি
নাহে। আইৰ কথাবোৰ সকলোকে কৈ নিদিয়ালৈকে মোৰ মনে শান্তি নাপায়। পিতাইৰ ওচৰলৈ গৈ আই
আৰু সৈনিকজনৰ সেই অবৈধ সম্পৰ্কটোৰ কথা কৈ দিবলৈ মন যায় মোৰ। আই আৰু সৈনিকজনৰ গোপন
আলিংগনৰ ছবিখন যেন মই এতিয়াই দৌৰি গৈ পিতাইক দেখুৱাই থৈ আহিম। নীলাৰ বিছনাত পৰি
থকা সেই উদভ্ৰান্ত যুৱকজনৰ নগ্ন শৰীৰটোতো যেন সেই সৈনিকজনৰ প্ৰতিবিম্ব ভাহি আহে।
হতাশাত ভাগি পৰোঁ মই। মই দেখোন কোনোদিনেই মোৰ নিজৰ হ

নোৱাৰিলোঁ পিতাই যিদৰে কোনোদিনেই আইৰ হ
ব নোৱাৰিলে। নিজলৈ মোৰ বেথা
জাগে। পিতাইলৈ মোৰ বেথা জাগে। সেই দুবছৰীয়া কেঁচুৱাটোলৈ চোঁচা লোৱা দীৰ্ঘকায়
শৰীৰটোলৈ মোৰ মৰম ওপজে। মই একেথৰে খিৰিকীৰ বাহিৰলৈ চাই থাকোঁ। ৰাতিৰ ৰাতিটো মই চকু
মেলি পাৰ কৰোঁ। এই খিৰিকীখন পাৰ হ
লেই যেন মোৰ অৰণ্যখন পাম।
গভীৰ অৰণ্যখনে মোক পিতাইৰ ৰাজ্যলৈ বাট দেখুৱাব। পিতাইৰ লগ হৈ মই আইক খেদি পঠিয়াম।
ঠিক ঠিক। যিদৰে আয়ে মোৰ নাৰ্ছজনীক খেদি দিলে
, সেইদৰেই খেদি দিম আইক।

সিদ্ধান্তটো ল
পাৰি বুকুখন পাতল হৈ যায়। চকু মুদি দিওঁ মই। চকুৰ আগত নতুন পৰ্দা এখন জিলিকি উঠে।
এইবাৰ ছেলুলয়ডৰ ৰং ডাঠ বেঙুনীয়া।

শ্ৰব্য ৰূপ