চ্যালুইনৰ পৰা লুইতলৈ‍

ড° চন্দ্ৰধৰ চমুৱা

(বাৰ)

কিন্তু তাৰ জীৱনৰ যিটো পঞ্চম গভীৰ
আঘাত, সেইটো কিছু বেলেগ ধৰণৰ
; সেয়া
প্রকৃতিৰ দ্বাৰা বা জীৱন-প্রক্রিয়াৰ দ্বাৰা অৱধাৰিত নহয়। সেয়াতো সম্পূর্ণ
মানুহৰ সৃষ্টি।

ছ্যু-কা-ফাৰ সংসাৰ যাত্ৰা আৰু স্বাধীন
ৰজা হিচাপে সুদীর্ঘ কাল ৰাজ্য শাসনৰ সময়ছোৱাত তাৰ জন্মভূমি মাওলুঙত কিছুমান বিশেষ
পৰিৱর্তন নিশ্চয় হৈছে।

মাহৰ পাছত মাহ, বছৰৰ পাছত বছৰ বাগৰি গৈ
আছে। পিতৃৰ উপদেশ সাৰোগত কৰি আপোন ককায়েক নয়-ছান্‌
ফা আৰু ছুজৎ-ফাৰ লগত ভ্রাতৃত্বসুলভ সুসম্পর্কৰে
ছুৱে‍ নিজৰ ৰাজ্য শাসন কৰি আছে। মন্ত্রীসকল হৈছে থাও-মঙ্‌
বানৰুই আৰু থাওমঙ্‌কাংঙান। মাও-লুঙৰ বা বাতৰিও সি পাই আছে।
কাৰণ সেয়াও ককাই-ভাই, জ্ঞাতি-কুটুম্বৰ দেশ, য
ত সি ডাঙৰ-দীঘল হৈছিল, ৰ মাটি-পানী-বায়ুৰ স্পৰ্শত তাৰ জীৱনৰ
নানা আশা-আকাংক্ষাই পোখা মেলিছিল।
 মঙ্‌-মিতত ৰজা হোৱাৰ
দহোটা বছৰৰ পাছত সি খবৰ পালে, অস্থায়ী ৰজা ব্লক্‌-খাম্‌-দেঙৰ জীৱনাৱসান ঘটিছে।
পূর্বৰ চৰ্তমতে তেওঁৰ পাছত ছু-খান্‌
ফা ৰজা হৈছে।
ইতিমধ্যে ছু-খান্‌
ফা চফল
ডেকা হৈ উঠিছে। তাৰ ভায়েক চাম-লুঙ্‌-ফাও এতিয়া একৈছ বছৰীয়া দুঃসাহসী যুৱক। তাক
মঙ্‌
লুঙ্‌ প্রদেশৰ শাসনকৰ্তা
পতা হৈছে আৰু লগতে মাও-লুঙৰ সেনাধ্যক্ষও নিয়োগ কৰা হৈছে। চাম্‌-লুঙ্‌-ফাৰ এতিয়া
নদ-নদী
, পর্বত পাহাৰ লংঘি
দুঃসাহসিক অভিযান কৰাৰ বয়স।

ছ্যুকা-ফাই যিটো কথা এদিন চেংচেৰ ৰাজপ্রাসাদত
সাধাৰণভাৱে কৈছিল
, সেই কথাটো ইমান গভীৰভাৱে
আখৰে আখৰে সঁচা হৈ পৰাত এহাতে সি এটা আত্মপ্রসাদ লাভ কৰিলে আৰু আনহাতে সি এটা নতুন
চিন্তাত নিমজ্জিত হ
ল।
ককায়েক ছু-খান্‌
ফাৰ
সিংহাসন আৰোহণ উপলক্ষে সি শুভেচ্ছা প্ৰেৰণ কৰিলে
, উপহাৰ হিচাপে পঠালে পাটৰ
গুণা কৰা পটলুং
, ঙি-ঙাও-খাম্‌ অংকিত চাপ্‌কন, চাদৰ, পহু ছালৰ পয় জাৰ, কেইপদমান সোণৰ অলংকাৰ।
এখনি পত্ৰত লিখি পঠালে
 ককাইদেউ, মনত পৰে নিশ্চয়, যেতিয়ালৈকে আকাশ মাটি
নহয়
, মাটি পানী নহয়, কাউৰী বগা নহয়, বৰ শিল পানীত নোপঙে, তেতিয়ালৈকে তোমাৰ প্রতি
মোৰ সদ্ভাৱ থাকিব।

সময় যোৱাৰ লগে লগে সেই প্রতিজ্ঞাত
কিছু সন্দেহ আৰু দ্বিধা উপস্থিত হ’লেও সি তাক দোহাৰিছে। সেই প্রতিজ্ঞা যে তাৰ সেই
সময়ৰ শিশু সুলভ বা যৌৱনসুলভ উচ্ছ্বাস প্রকাশ আছিল সেয়া বুজিবলৈ তাৰ কিছু দেৰি
লাগিছিল। তাৰ দৃঢ় বিশ্বাস সি তাওৰ পথেদি বাট বুলিব
, বুদ্ধৰ পঞ্চশীলৰ আধাৰত
স্বদেশ শাসন কৰিব
, কাৰো শত্ৰুতা সি নকৰে; কিন্তু তাকে যদি আনে
দুর্বলতা বুলি ভাবে
? একপাক্ষিকভাৱে সদ্ভাৱ
ৰক্ষা কৰাটো কেনেকৈ সম্ভৱ
? লোভ-লালসা আৰু
উচ্চাকাঙ্খাই পৃথিৱীত
 সকলো সংঘৰ্ষৰ মূল। আৰু
ছু-খান্‌
ফা আৰু চাম্‌-লুঙ্‌ফাই এইবোৰক পৰিতৃপ্ত কৰিবৰ বাবে যদি
তাৰ ৰাজ্যলৈও হেপাহ মেলে, তেন্তে ক
ত থাকিব তাৰ সেই প্রতিজ্ঞা? ফ্রাত্রাই যেন এই প্রশ্নৰ সন্মুখীন হোৱাৰ
পৰা তাক বচায়
, সি মনতে প্রার্থনা কৰিলে।

কিন্তু ফ্রা-ত্রাই নবচালে।

মাওলুঙৰ ফালৰ পৰা এটা বিপদৰ সম্ভাৱনা
থাও-মঙ্‌ ডাঙৰীয়াসকলে কিছু দিনৰ পৰা বাৰুকৈ অনুভৱ কৰিছিল। ডাঙৰীয়াসকল জ্ঞানী আৰু
সিয়ান লোক
, সময়তকৈ এখোজ আগতেই
তেওঁলোকে বহু কথা গম পায়
, কোনোবাই কাহ মাৰিলেই বুজে
তাৰ অন্তৰালত কি আছে। পুৰোহিতসকল পণ্ডিত লোক
, বহু
কথা জানে তেওঁলোকে
, আৰু সেই জ্ঞানৰ ভিত্তিত
কোনো বিষয়ত মঙ্গলামঙ্গল নির্ণয় কৰে। খাময়াং
, ইৰাৱতী, চিইন, চ্যালুইন আৰু নাম-মাও
উপত্যকাৰ কোনো তাই-ছান ৰজাই এই মন্ত্রী-পুৰোহিতসকলৰ সান্নিধ্য ত্যাগ নকৰে।
পুৰোহিতসকলে দেখি আছে ছ্যু
কাফাই কিবা এটা অন্তর্দ্বন্দ্বত আজি
কিছু দিনৰ পৰা বেয়াকৈ ভুগি আছে। তেওঁলোকে
 কাইছেংমুঙ্‌
কুকুৰা কাটি ফে
লুঙফেবান্‌ পুথি মেলি কুকুৰাৰ ঠেঙেৰে মঙল
চাই ক
লে যে ৰজা আৰু ৰাজ্যৰ
বিপদ নহা নহয়। এনে সময়ত ৰজা-প্রজাৰ মনোবল ৰক্ষা কৰিবৰ বাবে আৰু তেওঁলোকক অধিকতৰ
সাহস আৰু প্ৰেৰণাৰে উদ্বুদ্ধ কৰিবৰ বাবে এটা পূজানুষ্ঠান পাতিব লাগে। সেয়া ৰিক্‌-খ্‌বন্‌
মঙ্‌খ্‌বন্‌পূজা।

কথাটো ছ্যুকা-ফায়ো ভাবি আছিল।

পৌৰাণিক কাহিনীমতে ইষ্ট দেৱতা লেংডনে
বংশধৰসকলক কৈছিল
ককাই-ভাই, জ্ঞাতি-বঙহ, মিতিৰ-কুটুমৰ মাজত একতা
ৰক্ষা কৰিবলৈ হ
লে
গৰু-ম
হ মাৰি ভোজ-ভাত খুৱাব
লাগিব।
 ছ্যুকা-ফাই ভালদৰে
বুজে প্রজাৰ মাজত আস্থা আৰু বিশ্বাসৰ ভাব জগাই তুলিবলৈ হ
লে তেওঁলোকৰ মনৰ আঁহে আঁহে, বিশ্বাসৰ কেঁহে কোঁহে
দেৱ-দেৱীৰ অৱস্থিতিক উপযুক্ত মর্যাদা দিব লাগিব
, আৰু তাৰ বাবে লাগিব
পূজানুষ্ঠান আৰু উৎসৱ। সেয়ে সি সহজেই সন্মতি দিলে
 ৰিক্‌-খ্‌বন্‌মঙ্‌খ্‌বন্‌ আয়োজন
কৰা হওক। অকল ৰজাই পাতিব লাগিছেনে
, মন্ত্রী-বিষয়া
আনকি সাধাৰণ প্ৰজায়ো তাই-ছান দেশত সাধ্যানুসাৰে এই পূজা পাতে। ৰজাই পাতিব যেতিয়া
ৰাজ্যই জানিব।

তিনি পুৰোহিতৰ পৰিচালনাত আয়োজন হল সেই পূজা উৎসৱৰ। শৰৎ কালৰ ফৰকাল
বতৰ।
 ছ্যুকা-ফাই নৰাদেশৰ
মওগঙত থকা ককায়েক নয়-ছান্‌
ফা আৰু তাইপৰ চুংকোত থকা ছ্যুজৎ-ফালৈ নিমন্ত্ৰণৰ শৰাই পঠালে।
ৰাজ্যৰ বিভিন্ন প্রান্তত থকা ফু
কিন্-মুঙ্‌ বিষয়াসকলক আমন্ত্রণ জনোৱা হল৷ নগৰবাসী আৰু নগৰৰ বাহিৰত থকা
ৰাজবংশৰ কোঁৱৰসকল
, বিয়া দিয়া জীয়ৰী, অঙহিবঙহিসকললৈ খবৰ দিয়া হ’ল তামোল-পাণৰ
শৰাইৰে।

উপহাৰ আদিৰে সকলো চাপি আহিল। দুই-তিনি
দিন ঘোঁৰাৰে যাত্ৰা কৰি ককায়েকহঁতো আহিল। নগৰত দলদোপ-হেন্দোলদোপ পৰিৱেশ।

ক্লং বাদ্য বজাওঁতা, ঢুলীয়া, কালীয়া আৰু নগৰৰ আয়তীসকলৰ
শোভাযাত্ৰাৰে আপ্‌তাঙ্‌ (পৱিত্ৰ জলৰ দ্বাৰা স্নান)-ৰ বাবে নামকিউ নদীৰ পানী তোলা হ
ল৷ পাঁচটা ম, সাতটা
গৰু
, একুৰি এটা গাহৰি ফানুৰু লেংডনলৈ উছর্গি বধ কৰা হল।

সকলো দেৱ-দেৱী মহান ফ্রা-ত্ৰাৰে
বিকেন্দ্রীকৃত পথৰ বিকিৰণ মাত্র। সেয়ে প্রতিজন মুখ্য দেৱতাৰ উদ্দেশ্যে একোখন পাং
সজোৱা হৈছে। সেইবিলাকৰ ভিতৰত আছে জলৰ দেৱতা খাও-খাম
, স্থলৰ অধিপতি আই-লেংডিন, স্বৰ্গৰ অধিপতি লেংডিন, প্রলয় আৰু স্থিতিৰ দেৱতা
লাংকুৰি
, দেৱতাৰ গুৰু জান-ই-হুং, জ্ঞানৰ দেৱতা য়াছিংফা। কাৰেঙৰ সন্মুখৰ আৰু কাৰেঙৰ সন্মুখৰ
আবুৰ ঠাইত মূল পূজানুষ্ঠান চলিছে। ইয়াত প্রধানকৈ আছে তিনি পুৰোহিত
, মন্ত্রীদ্বয়, ছ্যুকা-ফাকে ধৰি ৰাজপৰিয়ালৰ লোক।
খোৱা-বোৱাৰ ব্যৱস্থা বৃহৎ চোতালখন আৰু সন্মুখৰ মুকলি প্রাঙ্গণত কৰা হৈছে। ৰন্ধাই
ৰান্ধিছে
, পানী অনাই পানী আনিছে, কল পটুৱাৰ ডোং সজাই ডোং
সাজিছে। এশমান পাইকে কলপটুৱা বখলিয়াই কেইবা হাজাৰৰ ডোং সাজি ঠাকে ঠাকে‍ সজাই
থৈছে। দুই-তিনি কুৰি ডেকা-গাভৰুৱে কলহেৰে পানী আনি ডাঙৰ ডাঙৰ নাওবোৰত ভৰাই ৰাখিছে।
পিতল
, ব্র’ঞ্জ আৰু তামৰ
লোটা-ঘটী
, বাটি আদি নাৱৰ ওচৰত ৰখা
হৈছে।

তিনি পুৰোহিতে নগৰৰ পূব মূৰৰ পুখুৰীত
খাও-খাম দেৱতাৰ ওচৰত তামোল
পাণৰ
শৰাই দি জাকৈ চবিয়াই পোৱা মাছ আৰু কেঁকোৰাকেইটা দোলাত তুলি সম্ভ্ৰমেৰে পূজাস্থলিলৈ
আনি দেৱতাসকললৈ লুঙ্‌-ফাই (উছৰ্গা) কৰা হৈছে। আৰু পাছত সেইবোৰ দেৱতাৰ বস্তুৰূপে
অন্য উপচাৰৰ লগত ৰন্ধা হৈছে। তিনিও ভ্রাতৃসহ ৰাজপৰিয়াল
, ডা-ডাঙৰীয়াসকল, পূজাস্থলিত বহি আছে।
সন্মুখত দেৱ-দেৱীৰ পাংবোৰ। জলৰ দেৱতা খাও-খামৰ পাংখন মাটিৰ ওপৰত স্থাপন কৰা হৈছে।
বাকীসকলৰবোৰ ফুন্‌মাইহাঙত। মাইহাঙত কুকুৰাৰ কণী
, লুক্‌লাও (ৰহি সাজ-পানী) আৰু মিঠা তেলৰ
চাকি দিয়া আছে। তাৰ লগত আছে সোণ
ৰূপৰ মুদ্রা, অয়-অলংকাৰ, সাজ-পাৰ। তদুপৰি আছে ভাগে
ভাগে গৰু আৰু ম
হৰ ভজা
মাংস। তিনি পুৰোহিতে তাই-বেতৰ সুদীর্ঘ মন্ত্র সুৰ লগাই গাই প্রস্তুত কৰা পৱি‍ত্র
জল তিনিও ককাই-ভাইৰ গালৈ কঠীয়াৰ দৰে সিঁচি দিলে। অৱশিষ্ট জল চিংকৰা ফুলেৰে
ৰাজপৰিয়াল তথা উপস্থিত সকলোৰে গালৈ ছটিয়াই দিয়া হ
ল। ইয়াৰ পাছত অন্ন-জলৰ ব্যৱস্থা। ভাত
আগে আগে দিয়া হ
ল।
পুৰোহিতে জাকৈ বাই অনা জলচৰ প্রাণী মিহলি কৰি ৰন্ধা আঞ্জা ৰজা
, ৰাজপৰিয়াল আৰু
মন্ত্রীসকলক বিলাই দিয়া হ
ল।
সেইদৰে অন্যান্য ব্যঞ্জনো
 পুৰোহিতে চাও কাও ঐ… ঘোষামন্ত্ৰৰে সেৱকীৰ
অভীষ্ট সিদ্ধিৰ বাবে আশীর্বাদ দিলে
, ৰজা
আৰু ৰাজ্যৰ মঙ্গলৰ বাবে সকলো দেৱতাৰ নাম উচ্চাৰণ কৰি প্রার্থনা আগ বঢ়ালে। তাৰ
পাছত খোৱা-বোৱা।

পূজাস্থল আৰু প্ৰাঙ্গণত খোৱা-বোৱাৰ
কাম প্রায় একেটা সময়তে শেষ হ
ল। পুৱা আৰম্ভ হোৱা পূজানুষ্ঠানৰ সূর্যাস্তৰ আগে আগে সামৰণি
পৰিল।

সকামৰ অন্তত তিনিও ভ্রাতৃয়ে মাও-লুঙৰ
পৰিস্থিতি
, মঙ্‌মিৎ-কুপ-ক্লিন-দাওৰ সামূহিক নিৰাপত্তা
আৰু অনেক বিষয়ৰ গোপন আৰু গভীৰ আলোচনা কৰিলে।

পুৱা নয়-ছান্‌ফা আৰু ছু-জৎ-ফাহঁত গলগৈ।

পূজা উৎসৱে দেৱতাসকলক কিমান সন্তুষ্ট
কৰিব পাৰিলে, সেয়া
 ছ্যুকা-ফাই জানে, কিন্তু এই অনুষ্ঠানে যে
ৰজা আৰু ৰাজপৰিয়ালৰ লগত অন্যান্যসকলৰ এটা সম্পর্ক গঢ়াত সহায় কৰিলে, সেয়া সি
বুজিছে।

আগলৈ‍ …