স্বপ্না নিহাৰ
একতীয়াকৈ থকা মূৰটো আনপিনে ঘূৰাবলৈ বহু পৰ
ধৰি যুঁজি আছিলোঁ। উশাহ নাপাই চট্ফটাইছিলোঁ। কাৰোবাক চিঞৰি মাতিম যেন! অথচ সেই ভ্ৰমবিধৌত ক্ষণটোত বুজি উঠিছিলোঁ যে সেই সময়ত
সেয়া কৰিবলৈ মই অপাৰগ! একে সময়তে এইটোও বুজিছিলোঁ যে মূৰটো সামান্য লৰালেই স্বাভাৱিক অৱস্থালৈ
ঘূৰি আহিম।
নহ’লে! নহ’লে!
নাই! ভাবিব নোৱাৰি এই ‘নহ’লে’-টোৰ
বিকল্পবোৰ!
মূৰটো ঘূৰাবলৈ প্ৰাণ-পণে চেষ্টা কৰিলোঁ। চেষ্টা
কৰিলোঁ চিঞৰিবলৈ। জীৱনৰ প্ৰতি থকা আতুৰতাই মোক ব্যাকুল কৰিলে। বেঁকা হৈ থকা বাবে ডিঙিৰে মিহিকৈ গোঁ-গোঁৱনিৰ
শব্দ এটাও ওলাইছিল নেকি বাৰু!
অৱশেষত উশাহটো ঘূৰাই পালোঁ।
দুচকু মেলি মই দীঘলকৈ উশাহ ল’লোঁ। বিছনাত বহি মূৰটো ইফালে-সিফালে হলাই চালোঁ।
আছোঁ! ঠিকেই আছোঁ মই!
যোৱা কিছু দিন ধৰি মোৰ এই অভিজ্ঞতাটো হৈ আছে।
মোৰ নিকট বন্ধু-বান্ধৱী দুই-চাৰিগৰাকীক কৈছোঁ এই বিষয়ে। সিহঁতে পৰামৰ্শ দিছে
ডাক্টৰক দেখুৱাবলৈ, মনৰ জড়তা দূৰ কৰিবলৈ দুই-এটা যোগ কৰিবলৈ। অথচ মই একোৱে কৰা নাই। চৰম আলস্যৰে যি হয় হ’ব বুলি চলঙৰ মাজত মূৰ
সুমুৱাই থকা কাছটোৰ দৰে আছোঁ। যেন আত্মগোপনহে! নে পলায়ন? কাৰ পৰা? নিজৰ পৰা?
এই মুহূৰ্তত পিছে অলপ আগতে ঘটি যোৱা কথাবোৰ ভাবি
এনে লাগিল যেন মৃত্যুৰ দুৱাৰডলিৰ পৰাহে ঘূৰি আহিলোঁ। এনেকৈয়ে মানুহ মৰে চাগে! উশাহ
নাপাই চট্ফটাই থাকি মৰে! বেঁকা ডিঙিটো চিধা কৰিবলৈ বুলি
মূৰটো ঘূৰাব নোৱাৰি মৰে! জীয়াই থাকিবলৈ প্ৰাণ-পণে যুঁজিও মৰে! জীৱনলৈ অযুত হেঁপাহ বুকুত পুহি ৰাখি মৰে!
সঁচাকৈয়ে নে! আস! এয়াটো তেন্তে এটা চমৎকাৰ!
এই অভিজ্ঞতাৰে মই এটা নতুন কাহিনী লিখিব পাৰোঁ। জীৱনৰ কাহিনী।
ঘড়ীটোলৈ চালোঁ। ৰাতি ডেৰ
বাজিছে। শুই থাকিয়েই মনতে সম্ভাব্য
কাহিনীটোৰ নিৰ্মাণকাৰ্যৰ শুভাৰম্ভ কৰিলোঁ। মনতে অলেখ-অযুত কটা-ছিঙাৰ
অন্তত কাহিনীৰ অৱয়ব এটাই যেতিয়া চকামকাকৈ দুচকুত ধৰা
দিলে তেতিয়া ঘড়ীৰ কাঁটাই চাৰি বজাৰ সংকেত দিছে।
জাঁপ মাৰি বিছনাৰ পৰা নামিলোঁ। কাহিনীটো ধৰি
ৰাখিব লাগিব এতিয়াই। বহু দিন এনে হৈছে যে ৰাতি মই মনতে কাহিনী এটা যুগুতাইছোঁ আৰু পুৱা লিখিম বুলি
ফস্তি জুৰি টোপনি গৈছোঁ। কিন্তু পাছদিনা সাৰ পাই একো মনত পেলাব
নোৱাৰোঁ। আনকি এনেও হৈছে যে কাহিনী লিখিম বুলি যে ভাবিছিলোঁ সেয়াও পাহৰি থাকোঁ! বহু দিনৰ পাছত যেতিয়া একেবোৰ বিক্ষিপ্ত চিন্তাই
যেতিয়া মনটোক পুনৰবাৰ কোবাই যায় তেতিয়াহে
মনলৈ আহে যে এই বিষয়ে লিখিম বুলি আগতেও ভাবিছিলোঁ
নেকি বাৰু!
বাৰু, লিখিবলৈ বহাৰ আগতে একাপ কফি খোৱা যাওক। কাগজ-কলম গোটাই ধোঁৱাই থকা ব্লেক কফিকাপ হাতত লৈ লিখিবলৈ বহোঁতে মনত পেলাব নোৱাৰিলোঁ শেষবাৰ এইদৰে টোপনিৰ পৰা উঠি কেতিয়া লিখিবলৈ লৈছিলোঁ।
হয়তো এযুগ আগতে!
হয়তো তাতোকৈও আগতে!
লিখিবলৈ বহি মই অনুভৱ কৰিলোঁ অলেখ অযুত
অনাদৃত কাহিনীয়ে বুকুত ঘৰ পাতি নিগাজী হৈ বহি আছে। কোনটো এৰোঁ! কোনটো কওঁ!
আচ্ছা, কলমডালক দুটামান কাহিনী শুনোৱা যাওক। কোনবোৰ কাহিনীয়ে জীয়া ৰূপ ল’ব সেয়া ই নিজেই নিৰ্ণয় কৰিব।
কলমডাল অ’,
শুনিবানে?
শুনিবা! বেচ তেন্তে।
ক’ৰ পৰা আৰম্ভ কৰোঁ!
কি! প্ৰথমৰে পৰা!
ঠিক আছে, একেবাৰে সৰুৰ পৰাই আৰম্ভ কৰোঁ দেই।
চকুৰ সমুখেৰে চলন্ত ৰেলগাড়ী এখনৰ দৰে দৃশ্য এটা পাৰ হৈ গ’ল।
ঘৰৰ কাষতে ৰেলষ্টেচনটো। নৰনাৰায়ণ সেতুৰ তেতিয়া নিৰ্মাণকাৰ্য চলিহে আছিল। দিনে দুই-তিনিখনমান কয়লা কঢ়িওৱা মালগাড়ীহে চলে। স্কুলৰ পৰা আহি আবেলি আবেলি আমাৰ প্ৰায়ে ‘ৰেল
বগৰোৱা’ অভিযান চলে। ৰেলৰ চিৰিত সৰু সৰু
শিলগুটিবোৰ থৈ দিওঁ। ভাবোঁ, আজি এখন বাগৰিবই!
সেই ভয়ানক ষড়যন্ত্ৰৰ পাছত
এক নিৰাপদ দূৰত্বত ৰৈ আমি দৰ্শকৰ শাৰী পূৰাওঁ। মনত ভয় আৰু উৎকণ্ঠা। কেতিয়াবা
ড্ৰাইভাৰজনে হাঁহি হাঁহি আমালৈ চায়। ধৰা পৰিলোঁ বুলি ভয়ত পেটতে হাত ভৰি লুকায়। সি যি হওক আমাৰ সেই
কুটাঘাটমূলক অভিযানটো কোনোদিনে সফল নহ’ল যদিওবা নিৰন্তৰে সেই
প্ৰচেষ্টা অব্যাহত ৰাখিছিলোঁ।
ৰেলখন কোনোদিনেই নাবাগৰিল পিছে সেই একে
ঠাইতে এদিন শৈশৱৰ লগৰী এজনী বাগৰি পৰিল। দুটুকুৰা হোৱা শৱটো চাবলৈ সাহস গোটাব পৰা
নাছিলোঁ। কোনোবাই কৈছিল তাই নিজেই চলন্ত ৰেলখনৰ আগত শুই পৰিছিল।
কিয়? কিয়?
নিজকে শিলগুটিৰ দৰে সজাই কিয় শুই পৰিছিল তাই ৰেলৰ চিৰিত? কি বগৰাব খুজিছিল তাই? জীৱন ?
আস! কিখন কৈছোঁ বাৰু! মইতো তোমাক জীৱনমুখী
কাহিনীহে কোৱাৰ কথা আছিল!
তেন্তে আন এটা কাহিনী আৰম্ভ কৰোঁহঁক।
‘ৰ নলেগলে লগা বান্ধৱী এজনী আছিল বুইছা। নাই, নাই টিনা, শিখা ইহঁত নহয়। তুমি তাইক লগেই পোৱা নাই। বহুত বেছি ক্ল’জ
আছিলোঁ আমি। এনে এটা কথা নাছিল যি দুয়ো
দুয়োৰে পৰা লুকুৱাইছিলোঁ। সেই বান্ধৱীয়ে এদিন বুকুত ছুৰীকাঘাত কৰি আঁতৰি গৈছিল।
কি হৈছিল সুধিছা?
বিশেষ একো হোৱা নাছিল। সকলো সহজভাৱে ল’লোঁহেঁতেন মই। মই বুজোঁ প্ৰত্যেকৰে শৰীৰৰ দাবী বেলেগ হ’ব
পাৰে। একো আচৰিত হ’বলগীয়া কথা নাই ইয়াত। অথচ তাই গুচি গ’ল মোৰ কাষৰ পৰা। উপায় নাছিল
মোৰ। সহজ যৌনাকাংক্ষা মোৰো আছে। সেইবুলি তাইৰ আগুৱাই অহা ওঁঠযোৰ, মোৰ শৰীৰত বগাবলৈ বিচৰা তাইৰ হাত দুখনক মই সঁহাৰি জনাব নোৱাৰোঁ। মোৰ মনে, মোৰ শৰীৰে এয়া নিবিচাৰে। তাইক প্ৰত্যাখ্যান কৰি প্ৰথমবাৰলৈ মই বিপৰীত
মেৰুত থিয় দিছিলোঁ।
কি ক’লা! তাই ক’ত!
আছে আছে, ভালেই আছে। কেৱল মোৰ পৰাহে অকণমান আঁতৰ হৈ গ’ল। আমাৰ এই সৰু ঠাইখন এৰি তাই বহু বহু নিলগৰ বৰ ডাঙৰ চহৰ এখনৰ বাসিন্দা হ’লগৈ এতিয়া।
অ’, কিয় মোৰ পৰা আঁতৰ হ’ল
কোৱাই নাই ন’ তোমাক! নাই নাই, সেইটো কথাৰ বাবে নহয়। ক’লোঁ ন’ তোমাক যে সকলো সহজভাৱে ল’লোঁহেঁতেন
মই। অথচ তাই সেয়া নুবুজিলে। ঘটি যোৱা ঘটনাটোৱে, মোৰ বিপৰীতমুখীতাই তাইক উচটালে।
স্বজ্ঞানে তাই আঁতৰি গ’ল। যোৱাৰ আগতে মোৰ ওপৰত এক অপবাদ জাপি দি দেখুৱাই গ’ল
তাইৰ আন এক ৰূপ।
কি অপবাদ?
সমকামীতাৰ অপবাদ।
সমকামিতা কোনো অপচৰ্চাৰ বিষয় নহয় মোৰ মতে। এয়াও মানৱ জীৱনৰ এক সহজ আচৰণ। অথচ তাই মানুহৰ আগত মোক সমকামী আখ্যা দিলে। তুমি ভাবি পাইছানে মোৰ অৱস্থাৰ কথা? নিজৰ সহজ যৌনাচাৰৰ বিষয়ে মই কিমানক পতিয়ন নিয়াম ? পৰিয়ালৰ ঘৃণা মিশ্ৰিত, বন্ধুবৰ্গৰ কৌতূহলপূৰ্ণ
চাৱনিৰ মাজতো মই নিজকে থিৰেৰে ৰাখিছিলোঁ। কাৰণ স্বস্থিতি সন্দৰ্ভত মই নিশ্চিন্ত আছিলোঁ। কিন্তু যিদিনা নিজৰ প্ৰেমাস্পদৰ দুচকুত
ভালপোৱাৰ পৰিৱৰ্তে ঘৃণা দেখিছিলোঁ, সেইদিনা মই ভাগি
পৰিছিলোঁ।
নাৰীৰ জানো না কোৱাৰ অধিকাৰ নাই? নাই নেকি যৌনতাৰ স্বাধীনতা? মই অনিচ্ছুক বুলি কোৱাৰ বাবেই মোৰ ভালপোৱাক তাচ্ছিল্য কৰি গুচি গৈছিল দীৰ্ঘদিনীয়া প্ৰেমিক। সেই মুহূৰ্তত পুৰুষৰ স্পৰ্শ নাকচ কৰাৰ বাবেই সময়ে
মোৰ কপালত গজাল পুতি আকৌ এবাৰ আঁৰি দিছিল সমকামিতাৰ ফলকখন।
তুমি আচৰিত হৈছা ন! নাই, নাম মই নকওঁ। থাককচোন সিহঁত কুশলে। আৰু কথা এইবোৰেই নহয় ন! আৰু কিমান কথা আছে! সকলো কি কৈ শেষ কৰা যায়? কিমান কথা মৃত্যুৰ লগে লগে সমাধিস্থ হ’ব!
উস! আকৌ মৃত্যুৰ কথা চোৱাচোন!
মোৰ কলমডাল অ’, তুমি চাগে আমনি পাইছা! অকণমান
বুজিবা দেই। জানাইচোন মোক।
আচ্ছা তুমি বাৰু প্ৰেমৰ গল্প
লিখিবলৈ ভাল পাবানে? ৰ’বা, তোমাক এতিয়া মই প্ৰেমৰ
কাহিনী শুনাম।
অ’ ঠিকেই ধৰিছা তুমি। তাৰ পাছতো প্ৰেম মোৰ জীৱনলৈ আহিল
হাঃ হাঃ!
সৌমাৰক চিনি পোৱা ন তুমি।
নোপোৱা!
তাকেই!
কেনেকৈনো পাবা! আজি কত দিনে তোমাক মই
ড্ৰয়াৰটোতে বন্দী কৰি ৰাখিছোঁ!
বাৰু সি যি হওঁক, সৌমাৰৰ কথা কোৱাৰ আগতে তোমাক
মই জুৰিৰ কথা ক’ব লাগিব। তাইকো তুমি দেখা নাই।’’
হাঃ হাঃ প্ৰেম কাহিনীত জুৰিৰ কি ভূমিকা? তোমাৰো বাৰু মোক লৈ সন্দেহ
হৈছে নেকি হে হিঃ হিঃ!
জানো অ’, তুমি সন্দেহ কৰা নাই বুলি! পিছে মোৰ নিজৰে সন্দেহ উপজিছিল
হয়তো! সেই সন্দেহ দূৰ কৰিবলৈকে
এদিন দুপৰীয়া মই জুৰিৰ হাতত হাত থৈছিলোঁ, তাইৰ গালত গাল ঘঁহাইছিলোঁ। বিশ্বাস কৰা, সেই মুহূৰ্তত মোৰ দুচকু
পানীৰে উপচি পৰিছিল। মই অকণো আকৰ্ষণ অনুভৱ কৰা নাছিলোঁ তাইৰ প্ৰতি। তাই আচৰিত হোৱা নাছিল। মোৰ সকলো কথা জানিও তাই মোক মৰমেৰে আঁকোৱালি লৈছিল। মোৰ চকুলোৰে তিতা
দুচকুত তিলমানো কামনাৰ ৰেশ নাছিল।
আছিল মোৰ অনন্ত হাহাকাৰবোৰ। তাই মোক বুজি উঠিছিল। মোৰ হাহাকাৰবোৰ থাপিব পৰাকৈ সকাহ বিচাৰি পাইছিলোঁ জুৰিৰ মাজত।
জুৰি এতিয়া ক’ত সুধিছা!
সৌ আকাশত। মোক সকাহ দি থকা ছোৱালীজনী এদিন
ঘৰখনক সকাহ দিবলৈকে তৰাৰ ৰূপ ল’লে। দুৰাৰোগ্য ৰোগে চেপি অনা শৰীৰটো ওলমি ৰৈছিল কোনেও ঢুকি নোপোৱা উচ্চতাত।
তুমি উচুপিছা?
নাই, নাকান্দিবা। ময়ো নাকান্দো চোৱা।
অ’ জানোতো তোমাৰো আৱেগ
অনুভূতি আছে বুলি। অথচ সকলো আৱেগেই জানো লোকচক্ষুৰ আগত উদঙাব পাৰি!
তোমাক সৌমাৰৰ কথা কৈ আছিলোঁ ন! জুৰি যোৱাৰ পাছত মোৰ জীৱনলৈ
সৌমাৰ আহিছিল। নিঃসংগতাই কাবু কৰি পেলোৱা সময়বোৰত সৌমাৰ এফাঁকি অমল প্ৰেমৰ মন্ত্ৰ আছিল যি উচ্চাৰিত
হৈ ৰৈছিল অবিৰতভাৱে। মোৰ সকলো অনুচ্চাৰিত
যাতনাক মোহাৰি খুউব সংগোপনে সি প্ৰেমৰ বেদী সজাইছিল। মই পাহৰি পেলাইছিলোঁ যাতনাৰ সমস্ত ইতিহাস। আমি সুখী হৈছিলোঁ। সৰুকৈ এখনি ঘৰ পাতিছিলোঁ য’ত আমি ইজনে সিজনক মূৰ তুলি চাব পাৰিছিলোঁ।
কিন্তু সময়ৰ খেল চোৱা! আজি সৌমাৰো মোৰ লগত
নাই!
কি হ’ল তাৰ! নাই, একো নহওক তাৰ। য’তেই নাথাকক কিয় কুশলে থাকক সি। হয়তো এদিন আহি দুৱাৰত ঢকিয়াব। মই দুৱাৰ খুলিলেই
বজাৰৰ মোনাখন মোৰ হাতত দি ক’ব, “অলপ
দেৰী হ’ল দেই। খং নকৰিবা৷”
বজাৰলৈ বুলি ওলাই যোৱা সৌমাৰলৈ মই আজিও ৰৈ আছোঁ।
কিমান দিন হ’ল!
সাত বছৰ!
অ’, সাত বছৰে সি বজাৰ কৰিয়ে আছে। বেছি বজাৰ নাছিল। মাছ অকণ আনো বুলিয়ে ওলাইছিল
সি। আহোঁতে মই ভালপোৱা আলুৰ চপ লৈ আহিব।
সেইজন সৌমাৰক বিচাৰি কতবাৰ পুলিচ থানালৈ
দৌৰিলোঁ! কিমান মঠ-মন্দিৰলৈ গৈ মূৰ দোৱালোঁ! নাই! সি নাই
যে নায়েই!
এবাৰ নৈৰ বুকুত শৱ এটা পালে হেনো! মোক
মাতিছিলে চাবলৈ। নগ’লোঁ। মাছ কিনিবলৈ গ’ল বুলিয়ে সি বাৰু নদীৰ বুকুত
কিয় সোমাবলৈ যাব কোৱাচোন?
বহুতে মোক কৈছিল সেয়া সৌমাৰেই হয়। নামানোঁ!
একদম নামানো মই। ক’ৰবাত আছে সি। পছন্দৰ মাছ বিচাৰিয়েই আছে।
কলমডাল
অ’, তুমি শুনি আছানে? চোৱাচোন প্ৰেমৰ কাহিনী শুনাম বুলি কৈ তোমাক
কিখন শুনাই আছোঁ! বাৰু কোৱাচোন কোনটো কাহিনী ভাল লাগিল তোমাৰ? কোনটো লিখিবা?
উৱা! তুমিচোন কিবা কিবি লিখিছাই! চাওঁ, চাবলৈ দিয়াচোন।
খেলিমেলিকৈ থকা কাগজবোৰ মই মেলি ল’লোঁ। অজস্ৰ কটাকটি! একো মনিব নোৱাৰিলোঁ। পাতবোৰ লুটিয়াই গৈ থাকিলোঁ!
শেষৰ পাতখিলাত চকু পৰাৰ লগে লগে মই চিঞৰি
উঠিলোঁ।
স্বাধীনতা
বিচাৰিয়ে এই যাত্ৰা। মোৰ মৃত্যুৰ বাবে কোনো দায়ী নহয়৷
এয়া হ’ব নোৱাৰে। মোৰ মৰমৰ কলমডালে আত্মহত্যা কৰিব নোৱাৰে।
উকা কাগজ এখিলাত কলমডাল জোৰে জোৰে ঘঁহাব খুজিও বিফল হ’লোঁ! কলমডালৰ সঁচাই মৃত্যু হ’ল নেকি? বুকুখন চিৰিংকৈ উঠিল।
শুনা তুমি মৰিব নোৱাৰা। মোৰ অন্তিমটো কাহিনী নুশুনালৈকে, নিলিখালৈকে তুমি মৰিব
নোৱাৰা। মৰিবলৈ নিদিওঁ তোমাক। এনে এটা দিন ময়ো পাৰ কৰি আহিছোঁ যেতিয়া আত্মহননৰ কথা মোৰো মনলৈ আহিছিল। কিন্তু মই জীয়াই
থাকিলোঁ। কাৰণ জীৱনক ঋদ্ধ কৰা স্মৃতিৰ
গধুৰ জোলোঙাখন মই বৈ আছিলোঁ। আজি এই জোলোঙাখন তোমাক দিলোঁ। তুমি যেনেকৈ মন যায় লিখা। কোনো বাধা অথবা চৰ্ত নাই।
তোমাক মই ন-জীৱন দিলোঁ। স্বাধীনভাৱে
জীয়াই থাকা তুমি। কুশলে থাকা।
থোকাথুকি মাতেৰে কথাখিনি কৈ কৈ মই শৰীৰটো
সোলোকাই পেলালোঁ আৰু কলমডালৰ ভিতৰত সোমালোঁ। জানো, অলপ পাছতে ই সাৰ পাব আৰু মোক
বোৱাই লৈ যাব উকা কাগজৰ পাতে পাতে।
