খোৱাৰ পাতত গুপ্তঘাতক

 ৰিপুঞ্জয় বৰদলৈ

কভিড-১৯ বা কনাই
মহামাৰিীৰ ৰূপ লোৱাৰ সময়ত বিশষজ্ঞসকলে বাৰে বাৰে কৈ আছে যে
 যিসকল ব্যক্তিৰ দেহৰ প্ৰতিৰোধ ক্ষমতা বেছি,
তেনে ব্যক্তিক যিকোনো ভাইৰাছে সহজতে অসুস্থ কৰিব নোৱাৰে৷ সেইবাবে চিকিৎসকসকলৰ মতে
আমি সে
জীয়া শাক-পাচলি আৰু ফল-মূল যিমান পাৰি সিমান খাব লাগে৷
কিন্তু যি পৰিৱেশত এই শাক-পাচলি আৰু ফল-মূল উৎপাদিত হয়, তেনে পৰিৱেশত বাৰু
পুষ্টিকাৰক গুণবোৰ থাকিবনে
? আজিৰ তাৰিখত বুকু কঁপাই তোলা এই প্ৰশ্নৰ উত্তৰ
দিবলৈকে এই লে‍খাটো যুগুতোৱা হৈছে৷ বিশ্বৰ আগশাৰীৰ দেশবোৰত উপলব্ধ সেউজীয়া
শাক-পাচলি আৰু ফল-মূলত গধুৰ ধাতুৰ উপস্থিতি পোৱাটোৱে বিশ্ব স্বাস্থ্য সংস্থাক
চিন্তিত কৰি তুলিছে৷ প্ৰথম বিশ্বৰ দেশসমূহক বাদ দি ভাৰতৰ কথা চিন্তা কৰকচোন৷ মাজতে
ছায়েঞ্চ ৰিপ
ৰ্টাৰ নামৰ আলোচনীখনত সোণালী নাগৰ নামৰ লেখিকাগৰাকীয়ে
তেখেতৰ প্ৰবন্ধত দিয়া তথ্যসমূহ অতি ভয়াৱহ৷ ভাৰতৰ নাগপুৰস্থিত ‘পৰিৱেশ কাৰিকৰী
গৱেষণা সংস্থা’
 (CSIR-NEERI)-এ যমুনা নৈৰ বানপানী
হোৱা অঞ্চলত কৰা খেতিৰ পৰা উৎপাদিত শস্য সম্পৰ্ অধ্যয়ন কৰিছিল৷ অনুষ্ঠানটোৱে পশ্চিম
দিল্লীৰ গীতা কলনি
, ময়ূৰ বিহাৰ আৰু চমানপুৰ সদৰ (নে খদৰ) অঞ্চলৰ পৰা ফুলকবি, বন্ধাকবি, পালেং, মেথি শাক,
বীট,
 বেঙেনা, ধনি‍য়া এই সাতবিধ শাক-পাচলিৰ ক্ষেত্ৰত
পৰীক্ষা কৰি লেড
, কেড্‌মিয়াম, মাৰ্কাৰি বা পাৰা আৰু নিকেলৰ দৰে গধুৰ ধাতুৰ
অৱস্থিতি লাভ কৰি স্ত
ম্ভিত হৈ পৰিছিল৷ শাক-পাচলিসমূহত
ভাৰত চৰকাৰৰ খাদ্য সুৰক্ষা আৰু গুণগত মান নিৰূপক সংস্থা (
FSSAI)-এ শাক-পাচলিত লেডৰ
পৰিমাণ
২.৫ মিলিগ্ৰাম প্ৰতি কেজি হিচাপত থাকিলে কোনো অপকাৰ নহয় বুলি
থিৰাং কৰিছিল৷ তেনে স্থলত দিল্লীৰ উক্ত অঞ্চলসমূহৰ শাক-পাচলিত সীহৰ পৰিমাণ প্ৰতি
কেজিত ২.
 মিলিগ্ৰামৰ পৰা ১৩. মিলিগ্ৰাম পোৱাটোৱে সকলোকে
চিন্তিত কৰি তুলিছে৷ সীহৰ এই উপস্থিতিৰ কাৰণ হিচাপে মাটিত মিহলি হোৱা বিভিন্ন
 কীটনাশক, ৰং, বেটাৰী, গেৰেজৰ আৱৰ্জনা, পলিথিন আদিয়েই মূল কাৰণ বুলি
চিহ্নিত কৰিছে৷ খাদ্যত সীহৰ বিষক্ৰিয়া ঘটিলে কেঞ্চাৰ বা কৰ্কট ৰোগৰ লগতে দেহৰ
অংগসমূহৰ বিভিন্ন বেমেজালিৰ সৃষ্টি কৰি সুস্থ ব্যক্তি এজনক চিৰ
ৰুগীয়া
কৰি তুলিব৷ যমুনাৰ পাৰত উৎপাদিত হোৱা পানীলাওত বিশেষজ্ঞসকলে ২৮.০৬ পিপিএম পৰিমাণৰ
সীহ
, ১৩৯.৯০ পিপিএম পৰিমাণৰ মাৰ্কাৰি বা পাৰা আৰু ৩১৮.৭০ পিপিএম পৰিমাণৰ আৰ্ছেনিক
পাইছে৷ নিয়মানুসৰি সীহ আৰু মাৰ্কাৰি থাকিব লাগিছিল
 ০.১ পিপিএম আৰু ১.০ পিপিএম৷ তাতোকৈ আচৰিত কথাটো
ল খাদ্য সুৰক্ষা আৰু গুণগত মান নিৰূপক সংস্থাই আৰ্ছেনিকৰ সুৰক্ষিত উপস্থিতিৰ পৰিমাণ বৰ্তমানলৈকে
নি
ৰ্ধাৰণ কৰা নাই৷ কাৰণ অনুষ্ঠানটোৱে কল্পনাও কৰা নাছিল যে
শাক-পাচলিত আৰ্ছেনিকৰ উপস্থিতি পোৱা যাব৷ গতিকে যমুনাৰ সেউজীয়া আৰু সজীৱ
শাক-পাচলিয়ে আমাৰ দেহলৈ মাৰাত্মক ৰোগহে কঢ়িয়াই আনিছে৷

নদীৰ কাষ বা অন্য ঠাইৰ গধুৰ ধাতুৰে প্ৰদূষিত
মাটিত আমি প্ৰায়ে খেতি কৰোঁ৷ এই মাটিত হোৱা শস্যই মাটিৰ পৰা কে
ড্‌মিয়াম, ক’পাৰ, নিকলে, জিংক্, আৰ্ছে‍নিক, সীহ আদি গধুৰ ধাতুসমূহ
শিপাৰ যোগেদি শোষণ কৰি উদ্ভিদজোপাৰ
 ডা, পাত, ফলত জমা কৰি ৰাখে৷ এই ধাতুসমূহ আমি খোৱা শাক-পাচলি আৰু ফল-মূলৰ কাণ্ড, পাত আৰু ফলৰ পৰা আমাৰ দেহলৈ অতি সহজে সোমাই
পৰে৷ এইবোৰ কাৰণত যমুনাৰ পাৰত খেতি কৰা শাক-পাচলিত মানৱ দেহৰ বাবে মাৰাত্মক গধুৰ
ধাতুৰ অৱস্থিতি পোৱা গৈছে৷ আজিৰ তাৰিখত ভাৰতৰ প্ৰায় সকলো নদ-নদীয়েই মানুহৰ পেলনীয়া
আৱৰ্জনা কঢ়িওৱা নলালৈ পৰিৱৰ্তন হৈছে৷ উদ্যোগৰ পৰা নিৰ্গত বৰ্জিত পানী
, মাটিত ব্যৱহাৰ কৰা বিভিন্ন
ৰাসায়নিক সাৰ
, গছত ব্যৱহাৰ কৰা বিভিন্ন প্ৰকাৰৰ কীটনাশক, ঘৰ ৰঙীন কৰিবলৈ ব্যৱহাৰ কৰা
ৰং
, গাড়ী-মটৰত ব্যৱহাৰ হোৱা বিভিন্ন কুলাৰ, বিল, ডিজেলৰ উপৰি অন্যান্য
আৱৰ্জনা
, প্লাষ্টিকৰ সামগ্ৰী, ই-আৱৰ্জনা আদিয়ে সকলো নদ-নদী আৰু ইয়াৰ কাষৰীয়া
অঞ্চলবোৰক ডাম্পিং গ্ৰাউণ্ডলৈ পৰিণত কৰিছে৷ গুৱাহাটীৰ মাজেৰে বৈ যোৱা ভৰলু নৈখন
, 
এসময়ত সংগীতসম্ৰাট ভূপেন হাজৰিকাই সাঁতুৰিছিল
, মাছ মাৰিছিল আৰু আজি ভৰলু বুলি কলে
ওকালি আহিবলৈ ধৰা এক অনুভৱ৷ ভৰলু নৈ কেতিয়াবাই মৰিল, এতিয়াৰখন কেৱল এটা মল কঢ়িওৱা
নলাহে৷ বহুতৰে মনোভাব ভৰলুখন মৰিল আমাৰ কি হ
? তেখেতসকলে বাৰু কি খাদ্য খায়? পুৱাতে ফুটপাথত ওলোৱা সজীৱ
শাক-পাচলি
, কচু-ঢেঁকীয়া আদি কিনি আনি ঘৰৰ পৰিয়ালক সুস্থ-সবল কৰিবলৈ প্ৰয়াস নকৰে জানো? ভৰলুৰ দৰে অন্য প্ৰদূষিত নৈ
বা প্ৰদূষিত মাটিত উৎপাদিত শাক-পাচলি বা ফল-মূলৰ লগতে কচু-ঢেঁকীয়া আদিত গধুৰ
ধাতুসমূহ নি
শ্চয় থাকিব৷ পানীলাওৰ দৰে খাদ্যত সীহ, পাৰা আৰু আৰ্ছেনিক থকাটো
কম মাৰাত্মক কথানে
? অৰ্থাৎ আমাৰ কৃতকৰ্মৰে অভিশাপস্বৰূপে এই গধুৰ
ধাতুসমূহে খাদ্যৰ জৰিয়তে গুপ্তঘাতকৰ দৰে হত্যালীলা আৰম্ভ কৰিছে৷ আমাৰ জীৱনশৈলী
উন্নত কৰিবলৈ প্ৰকৃতিৰ বুকুত এৰি দিয়া ধাতুসমূহ খাদ্যৰ মাজেৰে আমাৰ দেহত সোমাই
আমাৰে মৃত্যু ঘণ্টা বজাবলৈ আৰম্ভ কৰিছে৷

২০১৫ চনৰ বিশ্বৰ ভূমি সম্পদ স্থিতাৱস্থাৰ প্ৰতিৱে‍দনত
(
SWSR) মাটিত নিহিত হৈ থকা গুপ্তঘাতক গধুৰ ধাতুসমূহ যি খাদ্যৰ জৰিয়তে মানৱ শৰীৰলৈ
প্ৰৱাহিত হৈছে, সেইসমূহ চিনাক্ত কৰি উলিয়াইছে৷ খাদ্যত পোৱা এই গধুৰ ধাতুসমূহ হ
সীহ, কেড্‌মিয়াম, পাৰা, আৰ্ছেনিক, পলিক্লৰিনেটেড বাইফিনাইল্‌ছ
(
PCB) আৰু পলিচাইক্লিক এৰমেটিক হাইড্ৰকাৰ্বন
(
PAH)
লগতে এণ্টিবায়
টিকৰ দৰে অন্যান্য চিকিৎসাজাত আৱৰ্জনা আদি৷ এই
গধুৰ ধাতুসমূহৰ উৎস হ

কল-কাৰখানাৰ লগতে উন্নয়নমূলক কামসমূহ : শিল্প
বিপ্লৱৰ পাছৰ পৰা মানৱ সভ্যতাৰ উন্নয়নৰ নামত উদ্যোগীকৰণৰ লগতে চহৰীকৰণ
, ৰাস্তা-ঘাট আদিৰ উন্নয়নৰ
বাবে আমি দৈনিক গধুৰ ধাতুসমূহ মাটি আৰু পানীত এৰি আছোঁ৷

কৃষি-কাৰ্য আৰু পশুপালন : বিশ্বত জনসংখ্যা
বিস্ফোৰণৰ পৰিণতিত আমি খাদ্যশস্যৰ চাহিদা পূৰণ কৰিবলৈ নতুন ৰাসায়নিক সাৰ আৰু কীটনাশক
ব্যৱহাৰ কৰিবলৈ লৈছোঁ৷ কৃষি-কাৰ্যত ব্যৱহৃত এই নতুন উপাদানসমূহ প্ৰাকৃতিক ৰসায়ন
নোহোৱাৰ বাবে ইহঁত সহজে মাটিত মিলি নাযায়৷ এইবোৰ মাটি আৰু পানীৰ লগত একে অৱস্থাতে
থাকি শাক-পাচলিৰ জৰিয়তে আমাৰ খাদ্যৰ তালিকাত সোমাই পৰে৷ যাৰ পৰিণতিস্বৰূপে সমগ্ৰ
জীৱজগতৰ খাদ্যশৃংখলক প্ৰভাৱিত কৰি তুলিছে৷

যাতায়াত আৰু যোগাযোগ ব্যৱস্থা : যাতায়াত আৰু
যোগাযোগ ব্যৱস্থাৰ উন্নতিৰ লগে লগে পৰিৱেশত কিছুমান নতুন প্ৰদূষকে‍ দেখা দিছে৷
যেনে
গাড়ীৰ
পেলনীয়া টায়াৰ
, ইন্ধনৰ দহন, বিল, কুলাৰৰ লগতে গাড়ীৰ ক্ষয় হোৱা অংশবোৰে গধুৰ ধাতু
মাটি আৰু পানীত মিহলি হোৱাত ক্ৰিয়া কৰি আছে৷

২০১৫ চনত বছৰজুৰি পালন কৰা আন্তৰ্জাতিক ভূমি
বৰ্ষৰ মূল উদ্দেশ্য আছিল
‘‘স্বাস্থ্যৱান
ভূমিতহে সেউজ সপো
 দেখিব পাৰোঁ’’
অৰ্থাৎ প্ৰদূষিত বা অস্বাস্থ্যকৰ ভূমিত উৎপাদিত সকলো বস্তুৱেই বিহ হৈ পৰে৷ গছৰ
শিপাই মাটিত থকা সকলো গধুৰ ধাতু কাণ্ড
, ফল-মূল, পাত আদিত সঞ্চিত কৰি ৰাখে৷ এই পাত, ফল-মূল, কাণ্ড আমি প্ৰাণীবোৰে খাদ্য
হিচাপে গ্ৰহণ কৰি অলাগতিয়াল আৰু দেহৰ বাবে মাৰাত্মক গধুৰ ধাতুসমূহ গ্ৰহণ কৰি সমগ্ৰ
পৰিৱেশতন্ত্ৰটোৰ স্থিতাৱস্থাৰ প্ৰতিয়েই ভাবুকিৰ সৃষ্টি হৈছে৷

সহকাৰী শিক্ষক 

চেঙামাৰী উচ্চ মাধ্যমিক বিদ্যালয়

বিশ্বনাথ, অসম, 

ভ্ৰাম্যভাষ: ৯৮৬৪৩৬৬১৬১