নিজকে টুকুৰা টুকুৰ কৰি

ৰাশ্বেল
চৌধুৰী
 
 

পথৰ
মাজত নিজকে টুকুৰা টুকুৰ কৰি ছটিয়াই দি

চিয়ঁৰিলোঁ

যাৰ যি
লাগে লৈ যাওক।

ট্ৰেফিক
পুলিচ এজনে আহি অবৈধ কাম নচলিব বুলি লাইচেঞ্চ বিচৰাত

দুশৰীয়া
কবিতা এটি লিখি দিলোঁ

সি
সন্তুষ্ট হৈ গুচি গ

নতুন
চাইকেল এখন কিনিবলৈ মোৰ শৈশৱৰ অলেখ নিদ্ৰাহীন ৰাতি লৈ গ

প্ৰাইভেট
স্কুলৰ এজন শিক্ষকে তেওঁৰ সন্তানৰ বাবে

স্কুলৰ
টিফিন বাকচটি নিলে এজনী আয়ে

চকুলো
জমা কৰিবলৈ

জাফ্ৰাণ
কালিৰে লিখা সোতৰখন চিটি লৈ গ
ল (প’ষ্ট নকৰা)

ৰঙা
ফ্ৰক পিন্ধা এজনী কিশোৰীয়ে

ঠিক
বুকু বৰাবৰ তেজলগা হালধীয়া ছাৰ্টটো ল’লে এজন বেকাৰ যুৱকে

আৰু
মুঠিত কল্‌মলাই থকা অপমানবোৰ

ভৰাই থ’লে
পকেটত

মোৰ
অনুচ্চাৰিত তপ্তবোৰ হাঁহি হাঁহি নিলে

এজনী
ডাইনীয়ে

(সমাজে
দিয়া নাম)

প্ৰচাৰবিমুখ
এজন কবিয়ে মুঠি ভৰাই

(নিজৰ
প্ৰকাশিত কোনো সংকলন নাই)

দেহত ঘঁহিলে
দুখ আৰু হুমুনিয়াহবোৰ

বেলি
লহিয়ালত অপ্ৰয়োজনীয় টুকুৰাবোৰ লৈ আগবাঢ়িলোঁ

আৰু
পৰুৱাৰ দৰে পাছে পাছে আগবাঢ়িল

মানুহবোৰ।

 

ভ্ৰাম্যভাষ:    ৬০০২০১১১৩৭

শ্ৰব্য ৰূপ