কেইটিমান জাপানী কবিতা

অনুবাদ: ড০ প্ৰাণজিৎ
বৰা

পখিলা

ছুবই শ্বিগেজি (Tsuboi Shigeji; 1897 – 1975)


নমুনা সংগ্ৰহকৰা কোঠাটোত

শাৰী শাৰীকৈ পৰি থকা আনবোৰৰ দৰে

মোৰ টোও পৰি আছিল

পিন এটাৰে ক্ষতবিক্ষত হৈ

যেন কোনোবা মৃতকৰ শোক পালনৰ বাবেহে

পৰি আছিলোঁ তেনেকৈ, নিৰৱে

 

শ্ৰান্ত, অস্থিসাৰ পতংগবিদজনে

মূৰটো বেঁকা কৰি চিন্তান্বিত হৈ আছিল তেতিয়াও

মাজে মাজে মোৰ পাখিকেইটা

অলপ অলপকৈ কঁপিছিল

 

অস্‌ – মৰা নাই এতিয়াও

কি এঠালগা জীৱ !

নে বতাহতহে কঁপিছিল ইয়াৰ পাখিকেইটা ?’

ভাবি ভাবি খিৰকীখন জোৰেৰে বন্ধ কৰি দিছিল তেওঁ

 

হয় মই জানো মই আৰু জীয়াই থকা নাই

মই এতিয়া পৰীক্ষাৰ নমুনা এটা মাথোঁ; তথাপি

ইমান নিকপকপীয়াকৈ যদি খিৰিকীখন বন্ধ হৈ থাকে

মই দেখোন দম বন্ধ হৈ কিবা হৈ যাম !

 

মোৰ বাৰেভচহু বকবকনিত আমনি পাই

মোৰ পত্নীয়ে বিছনাৰ পৰা উঠি গৈ

লাহেকৈ খিৰিকীখন মেলি দিলেগৈ

 

বাহিৰত থোপাথোপে ফুলি থকা ফুলৰ দৰে

ৰাতিটো আছিল উজ্জ্বল:

ইমান উজ্জ্বল যে চকুপানী ওলাইছিল সৰসৰকৈ

———– 


নীৰৱ কিন্তু

ছুবই শ্বিগেজি 


মই মনে মনে থাকিব পাৰোঁ, কিন্তু

মই ভাবি আছোঁ

মই কথা নাপাতিব পাৰোঁ, কিন্তু

মোক ভুল নকৰিবা এখন দেৱাল বুলি৷

 ———– 


ঘৰ

মিকি ফু (1889-1964)

ঘৰলৈ উলটি আহিবৰ পাছত

পথৰুৱা গছবোৰৰ মাজেৰে

বাঁহীৰ মাত:

ৰাতি মেঘে ঢকা জোনটো

 

সেই মাতে পুৰিছিল

গাভৰুজনীৰ অন্তৰ :

তাই কান্দিছিল

 

এইবোৰ দহ বছৰৰ আগৰ কথা৷

এতিয়া মাক হোৱাৰ পাছতো বাৰু

তুমি কান্দানে

সেই একেখন অন্তৰেৰে?

———– 


কাউৰীটোৰ চিঠিখন

ছাইজো য়াছ’ (Saijo Yaso; 1892-1970)

 

পাহাৰৰ কাউৰীটোৱে অনা

সৰু ৰঙা খামটো খুলি মই

পঢ়িছিলোঁ :

জোন উঠিবৰ নিশা

পাহাৰটো তয়াময়া ৰঙা হৈ

জ্বলি উঠিব

 

উত্তৰটো লিখিবলৈ ওলাওঁতেই

মোৰ চকুহাল মেল খালে,

এৰা, তাতে আছিল সি :

এটা অকলশৰীয়া ৰঙা পাত

———– 


অনুপস্থিতি

টাকাহাশ্বি শ্বিন কিচি (১৯০১১৯৮৭)

তেওঁলোকক কোৱাঁ

        মই ইয়াত নাই

তেওঁলোকক কোৱাঁ

         ইয়াত কোনোৱেই নাই

৫০০ মিলিয়ন বছৰৰ পাছত

উলটি আহিম মই

 

তৰাবোৰ

টাকেনাকা ইকু (১৯০৪১৯৮২)

গোটেই জাপানখনৰ ওপৰত তৰাবোৰ

পেট্ৰলৰ দৰে গোন্ধোৱা তৰাবোৰ

বিদেশী স্বৰত কথা কোৱা তৰাবোৰ

পুৰণি ফ’ৰ্ড গাড়ীবোৰৰ দৰে কেঁকোজেকো তৰাবোৰ

ক’কাক’লাৰ ৰঙৰ তৰাবোৰ

ফ্ৰিজ এটাৰ দৰে ভোন্ভোনাই থকা তৰাবোৰ

টিনফুডৰ দৰে বিস্বাদ তৰাবোৰ

কটন ঊল আৰু চেপেনাৰে চাফচিকুণ কৰি ৰখা তৰাবোৰ

ফৰ্মেলিনেৰে ষ্টেৰিলাইজ্কৰা তৰাবোৰ

ৰেডিঅএক্টিভিটিৰে চাৰ্জ কৰি ৰখা তৰাবোৰ

সিহঁতৰ মাজতে, চকুৰ গতিতকৈ তীব্ৰ গতিৰ কিছুমান তৰা

অৰু উদ্ভট কক্ষপথত পাকঘূৰণি খাই থকা কিছুমান তৰা

গভীত তললৈ বুলি

সিহঁতে জঁপিয়ায় ব্ৰহ্মাণ্ডৰ আধাৰলৈ

 

গোটেই জাপানখনৰ ওপৰত তৰাবোৰ

 

শীতৰ ৰাতিবোৰত

প্ৰতিটো ৰাতি

সিহঁত প্ৰসাৰিত হয় গধুৰ শিকলিৰ দৰে

 ———– 


পশ্চাৎভাৱনা

টাচিহাৰা মিচিজো (১৯১৪১৯৩৯)

পৰ্বতৰ দাঁতিৰ অকলশৰীয়া গাঁওখনলৈ

উলটি গৈছিল সদায় মোৰ সপোনবোৰ

বনৰীয়া জোপোহা ঘাঁহত সুহুৰিয়াই থকা বতাহ

নিজান দুপৰত হাবিৰ মাজৰ সুৰুকীয়া বাটবোৰত

গান গাই আপোনপাহৰা চৰাইবোৰ

মূৰৰ ওপৰত নীলা আকাশ আৰু জিকিমিকি

টোপনিত লালকাল দি থকা আগ্নেয়গিৰিবোৰ

আৰু মই এফালৰ পৰা কৈ গৈছিলোঁ

মই দেখি অহাবোৰৰ কথাবোৰদ্বীপবোৰ, ঢৌবোৰ,

অন্তৰীপবোৰ, বেলি আৰু জোনাক;

যদিও মই জানিছিলোঁ কোনেও শুনা নাই

মই কৈ গৈছিলোঁ অনৰ্গল

 

ঠিক এইখিনিতে চুটি হৈ যায় সপোনবোৰ

মই পাহৰিবলৈ যত্ন কৰোঁ সকলোখিনি

এসময়ত মই আনকি পাহৰি যোৱাটোও যেতিয়া পাহৰি পেলাওঁ

মোৰ সপোনটো গোট মাৰে মাজ শীতৰ সোঁৱৰণিত

আৰু দুৱাৰখন মোকলাই

আঁতৰি যায়গৈ হাতীপটিয়ে পোহৰাই তোলা বাটটোলৈ

 ———– 


শেষ গ্ৰীষ্ম

কিনোশ্বিটা যুজি (১৯১৪১৯৬৫)

 

ৰঙালাওজোপাই ষ্টেশ্যনৰ

প্লেটফৰ্ম ছানি ধৰিছে

আধা জাপখোৱা ফুলৰ বিন্ধাৰে

সোণপৰুৱা এটাই মূৰ দাঙি চাইছে

 

ৰে’ল এখন আহি ষ্টেশ্যনত ৰৈছেহি

কোনো নমা নাই, কোনোৱেই উঠা নাই

 

ৰেলিঙৰ কাষেৰে গজি উঠা

বজৰাৰ ঠানিত

ডেকা টিকটমাষ্টৰজনে

ওলমাই থৈছে তেওঁৰ কেঁচীখন

 ———– 

 

মই একেবাৰে সলনি হৈ গৈছোঁ

কুৰোডা চাবুৰ’ (১৯১৯১৯৮০)

 

মই একেবাৰে সলনি হৈ গৈছোঁ

সঁচা যে কালিৰ টাইডালেই আজিও মাৰি আছোঁ

সঁচা যে কালিৰ দৰেই আজিও মই একেই হতভগীয়া

কালিৰ দৰেই একেই একো কামত নহা

তথাপি একেবাৰে সলনি হৈ গৈছোঁ মই

সঁচা যে কালিৰ কাপোৰবোৰেই মই আজিও পিন্ধি আছোঁ

সঁচা যে কালিৰ দৰেই আজিও মই একেই মাতাল

কালিৰ দৰেই একেই লেধেমা

তথাপি একেবাৰে সলনি হৈ গৈছোঁ মই

 

সমস্ত বেঁকা হাঁহি, ঠাট্টামস্কৰা আৰু ঢেকঢেকনিৰ মুখামুখি হৈ

মই জোৰকৈ দুচকু জপাই বহি ৰওঁ নিৰৱে

আৰু ঠিক তেতিয়াই

মোৰ মাজেৰে পাখি কোবাই কোবাই ভৱিষ্যতৰ পিনে

দ্ৰুতগতিৰে উৰি যায়

এক কান্তিমান শুভ্ৰ পখিলা

  ———– 

জন্তুৰ দুঃস্বপ্ন

কাৱাচাকি হিৰোশ্বি
(১৯৩০২০০৪)

সপোন থকা যেন লাগে

কুকুৰবোৰ আৰু

ঘোঁৰাবোৰৰো

 

জন্তুৰ দুঃস্বপ্নতো কিন্তু

কোনো মানুহ থকা যেন নালাগে

 ———– 


ক্ৰমবিস্তাৰ

শ্বুনটাৰো টানিকাৱা (১৯৩১)

বয়স তিনি

কোনো অতীত নাছিল মোৰ

বয়স পাঁচ

মোৰ অতীত উলটি গৈছিল কালিৰ বুকুলৈ

 

বয়স সাত

মোৰ অতীত উলটি গৈছিল ডাইন’ছ’ৰবোৰৰ মাজলৈ

 

বয়স চৈধ্য

মোৰ অতীত হৈছিলগৈ পাঠ্যপুথিবোৰে যি কয় সেয়ে

 

বয়স ষোল

ভয়াৰ্ত হৈ মই চাই ৰওঁ মোৰ অতীতৰ সীমাহীনতালৈ

 

বয়স ওঠৰ

সময়ৰ বিষয়ে মই নজনা হওঁ একোকে

 ———– 


প্ৰেমগীত

টোশ্বিঅ’ নাকাএ (Tochio
Nakae) (১৯৩৩)

মই এই নাৰীক খাব খোজোঁ

তাইৰ সকলোখিনি

চেনি নোহোৱাকৈ

নৰন্ধাকৈ

কেঁচাই কেঁচাই জীৱন্তে

 

মই কাটিব খোজোঁ এই নাৰীৰ
ডিঙিটো

তাইৰ দুবাহু আৰু ভৰিহাল

অঁতৰাই পেলাব খোজোঁ তাইৰ
স্তনদুটা

মূৰৰ চুলিকোছা

মই তাইক ৰাখিব খোজোঁ কেৱল
মোৰ কৰি

 

মই
খাব খোজোঁ এই নাৰীৰ গান :

তাইৰ
ঘেঁহুৰ পথাৰবোৰ

তাইৰ গছবোৰ

তাইৰ ৰাই সৰিয়হৰ ফুলবোৰ

মই
খাব খোজোঁ তাইৰ বসন্ত

 

মই
হত্যা কৰিব খোজোঁ এই নাৰীৰ প্ৰেমিকটোক

মই
আঁতৰাই পঠিয়াব খোজোঁ

তাইৰ
পেটত সাঁতুৰি থকা মাছটো

তাত
বগাই ফুৰা পোকবোৰ, লেধা গড়বোৰ

তাইক
জীয়াই থাকিবলৈ দি মই তাইক খাব খোজোঁ

বেলিটোক
মাতি আনিব খোজোঁ তাইৰ ভিতৰলে’

শোহা
মাৰি খাব খোজোঁ মই এই নাৰীৰ আত্মাটো

বন্দী
কৰিব খোজোঁ তাইৰ ডাৱৰবোৰ

আকাশখন
আৰু জোনটো

ধৰি
ৰাখিব খোজোঁ তাইৰ তৰাবোৰ

 

মই
থাকিব খোজোঁ এই নাৰীৰ সৈতে

মই
তাইক ৰাখিব খোজোঁ নিৰাপদে

মই
মাৰি পেলাব খোজোঁ তাইৰ বাপেক

মাক,
ভাই, ভনী

অৰু
সেই ঈশ্বৰকো আনকি, যাক

হেজাৰ
যত্ন কৰাৰ পাছতো মই

নিঃশেষ
কৰি পেলাব নোৱাৰিলোঁ সম্পূৰ্ণৰূপে