অভিজিত শর্মা বৰুৱা 

       ইয়’ৰ অনাৰ, মোৰ নাম সুপ্রিয় চৌধুৰী।
… হয়, হয়, ময়ে মোৰ নাম সলনি কৰিবৰ বাবে আবেদন কৰিছিলোঁ। … কি ক
লে? … এডভোকেট? … নাই, মোৰ
কোনো উকীল নাই। মানে মই ক’ব খুজিছোঁ যে মই এইটো এটা সাধাৰণ কথা বুলি ভাবিছোঁ। উকীল এজন
এংগেজ কৰাৰ সামর্থ্য মোৰ আছে, কিন্তু মই কৰা নাই। মই নিজে মোৰ নাম সলনি কৰাৰ
যুক্তি আদালতত দাঙি ধৰিব খুজিছোঁ। কাৰণ মোৰ বিষয়ে, মোৰ সমস্যাৰ বিষয়ে মোতকৈ বেছিকৈ
আৰু কোনে জানে ? কি ক
লে ? অনুমতি দিছে ? … ধন্যবাদ ইয়’ৰ অনাৰ, তেন্তে মই আৰম্ভ কৰোঁ, অলপ আগৰ পৰাই কওঁ।
… কি ক
লে ? … নাই নাই, দীঘলীয়া নকৰোঁ। কিন্তু ছাৰ মোৰ কথাখিনি চমুকৈ হ’লেও … কি ক’লে
ছাৰ, ক
ব পাৰোঁ ? … ধন্যবাদ ছাৰ।

       মোৰ নামটোতো মই কৈছোৱেই – সুপ্রিয়।
ঘৰতো মোৰ আন নাম নাই। মানে ঘৰত মতা নাম বুলিবলৈ বেলেগ নাই, সকলোৱে সুপ্রিয় বুলিয়েই
মাতে। আমাৰ দেউতা আছিল হাইস্কুলৰ শিক্ষক। মোৰ জন্ম হোৱাৰ পাছতে হেনো দেউতাই মাক কৈছিল,
চাবা, ই বৰ ভাল হব, সকলোৰে প্রিয় হব। সি সু স্বভাৱৰ আৰু আনৰ
প্রিয়পাত্র হ
ব বুলি মই এতিয়াই ধৰিব পাৰিছোঁ। সেই বাবে মই তাৰ নাম সুপ্রিয় ৰাখিলোঁ।” দেউতা
এজন আদর্শ শিক্ষক আছিল। সদায় খদৰৰ পোছাক পিন্ধিছিল, জীৱৰ ছালেৰে তৈয়াৰ কৰা বুলি
তেওঁ আনকি চামৰাৰ চেন্দেলো নিপিন্ধিছিল। হয় ৰবৰৰ চেন্দেল, নহয় খালী ভৰি।

       ঘৰত মই নীতি-শিক্ষাৰ পাঠ ভালদৰেই
পাইছিলোঁ। মা আছিল মাইনৰ পাছ। আমাক নৈতিক শিক্ষা দিয়াত মায়েই মুখ্য ভূমিকা লৈছিল।
কটু কথা, দ্বন্দ্ব, হাই-কাজিয়াৰ পৰা আমি শত যোজন দূৰত আছিলোঁ। সৰুৰে পৰাই দেউতাই মোক সময়
পালে বেদ-বেদান্তৰ ভাঙনি কৰি শুনাইছিল। ৰামায়ণ-মহাভাৰতৰ শিক্ষণীয় কথাবোৰ হৃদয়ংগম কৰিবিলৈ
কৈছিল। ময়ো সেই চেষ্টা কৰিছিলোঁ। দেউতাই মোক কৈছিল,
স্কুলৰ শিক্ষা এক আনুষ্ঠানিক শিক্ষাহে, আচল
শিক্ষা ঘৰত, সমাজত। ত্যাগৰ দৰে মহান কাম, পৰোপকাৰৰৰ দৰে ভাল কর্ম আৰু নাই।”  মই দেউতাৰ কথা আৰু আদর্শ মানিবলৈ যত্ন কৰিছিলোঁ।
নম্র, বিনয়ী হ
বলৈ চেষ্টা কৰিছিলোঁ, সততে আনক সহায় কৰিবলৈ আগবাঢ়ি আহিছিলোঁ। আমাৰ অঞ্চলৰ সকলোৱে
মোক ভাল পাইছিল, মৰম কৰিছিল। মই সঁচাকৈয়ে সুপ্রিয় আছিলো, মা-দেউতাই মোক লৈ গৌৰৱ কৰিছিল।

       মেট্রিকত মই ষ্টেণ্ড কৰিছিলোঁ। গাঁৱত
তাকে লৈ বিৰাট উল্লাস হৈছিল। … সকলোবে ফূর্তি কৰিছিল, যেন নিজৰ ঘৰৰ ল
ৰাটোৱেহে ভাল ৰিজাল্ট কৰিছে।
মোক, ষোল্ল বছৰীয়া সেই ল’ৰাটোক, সেইদিনা
আনে কান্ধত লৈ ফুৰিছিল। মই মাটিত ভৰিয়েই দিব পৰা নাছিলোঁ। সেয়া যে কি নিভাঁজ,
নিঃস্বার্থ আন্তৰিকতাৰ প্রকাশ আছিল ! ভাবিলে এতিয়াও চকু পানী ওলাই যায়।

       দেউতাৰ আর্থিক অসুবিধা হব পাৰে বুলি চিন্তা কৰি মই মনত
ইচ্ছা থকা সত্তেও কটন কলেজত পঢ়িবলৈ নগ
লোঁ। মোৰ পাছত আৰু চাৰিটা ভাই-ভনী। দেউতাই সিহঁতকো পঢ়ুৱাব
লাগিব। মই প্রি ডিগ্রী ভালদৰে পাছ কৰাৰ পাছত স্থানীয় কলেজখনতে বি এত এডমিশ্যন ল
লোঁ। তেতিয়াই হঠাতে দেউতা ঢুকাল।
দেউতাৰ আচলতে এবিধ দুৰাৰোগ্য ৰোগ হৈছিল। ডাক্তৰে বাহিৰলৈ লৈ যোবাৰ কথা কৈছিল। দেউতাই পইচাৰ
অভাৱৰ বাবে চিকিত্সা নকৰাই লুকুৱাই ৰাখিলে। ডাক্তৰজনে পাছত আমাক কৈছিল।

       আমাৰ মূৰৰ ওপৰত কংক্রিটৰ চাল
কোনোদিনে নাছিল। দেউতাৰ মৃত্যুত শেষ চালিকণো যেন ভাগি পৰিল। মায়ে চিলাই কৰি, কাপোৰ
বৈ ঘৰ চলোৱাৰ চেষ্টা কৰিলে। মই টিউছন কৰি, অ
ত তত পইচা যোগাৰ কৰি ঘৰ চলোৱাত সহায় কৰিলোঁ, লগতে পঢ়া-শুনাও
চলাই নিলোঁ। তাৰ পাছত সুবিধা এটা পাই, কম দৰমহাত হ’লেও শিক্ষকতা কৰিবলৈ ল’লোঁ। আমাৰ
পৰিয়ালটোৱে কিছু তত্ পালে।

       মোৰ মগজুত বিদ্যা-বুদ্ধি কিছু
নিশ্চয় আছিল। শিক্ষকতা কৰি থাকিয়েই  মই এ
চি এছ পৰীক্ষা দিলোঁ, আৰু তাত ভালদৰে উত্তীর্ণ হৈ এ চি এছ বিষয়া হিচাপে নিযুক্তি
পালোঁ। তাৰ পাছত মোৰ কিবা এটা হৈ গ’ল। মানে মোৰ ক্ষমতাৰ বাবে কোনোবাই কিবা কাম কৰি
দিবলৈ মোক টকা-সিকা যাচিবলৈ ধৰিলে আৰু মই
‘এতিয়া লৈয়েই থওঁচোন, আদর্শৰ কথা বাৰু পাছত চিন্তা কৰিম’ বুলি লৈ থোৱা হ’লোঁ। অচিৰেই
মোৰ অৱস্থাৰ পৰিৱর্তন ঘটিল। মই দোপতদোপে উন্নতি কৰিলোঁ বুলিয়েই ক
ব লাগিব। অৱশ্যে টকা ঘটাটোক যদি
উন্নতি বুলি ধৰা হয়, তেতিয়াহে। মোৰ অৱস্থা দেখি আৰু লগতে হয়তো ভাল-চাল যেনো পাই, আমাৰ
ডিপার্টমেণ্টৰ ডিৰেক্টৰজনে তেওঁৰ ছোৱালীজনীকে মোলৈ যাচিলে। মানে বিয়া কৰাবলৈ আদেশ
দিয়াৰ দৰেই হ’ল। অৱশ্যে মোক নিশ্চয় বাধ্য কৰিব নোৱাৰিলেহেঁতেন, কিন্তু মই চিন্তা কৰিলোঁ যে এই প্রস্তাৱ গ্রহণ কৰিলে মোৰ বৈষয়িক লাভ যথেষ্ট হ’ব। আমাৰ পৰিয়ালৰ লগত অৱস্থা
বা চিন্তা-চর্চাৰ ক্ষেত্রত মিল নাই বুলি মাহঁতে বিয়াত আপত্তি কৰিছিল যদিও মই কাৰো
কথা নুশুনি নিজাববীয়াকৈয়ে বিয়া পাতি পেলালোঁ। তাৰ পাছততো মোৰ আৰু উন্নতি ঘটিল।
সুবিধাজনক ঠাইত পোষ্টিং পালোঁ। টকা ঘটাৰ সুবিধাবোৰ নিজে নিজেই মোৰ কাষ চাপি আহিবলৈ
ধৰিলে। মোক ধন-সম্পত্তিৰ নিচাই পালে। মোৰ পত্নীও মোৰ এই নতুন নিচাত সহধর্মিনীহ
ল। মা, ভাই-ভনী, গাঁৱৰ চিন্তা মোৰ তল পৰিল।

       কি কলে ইয়’ৰ অনাৰ। আচল কথালৈ আহিব লাগে ? মানে মোৰ নাম
সলনি কৰাৰ উদ্দেশ্যলৈ। … ইয়’ৰ অনাৰ, এতিয়া মোৰ অনুভব হয়, মই মানে মিষ্টাৰ
সুপ্রিয় চৌধুৰী, এই নামটোৰ বাবে উপযুক্ত নহওঁ। মোক যেতিয়া সকলোৱে ভাল পাইছিল, মোৰ
মাজত যেতিয়া সুগুণবোৰ আছিল, তেতিয়া আনে মোক সুপ্রিয় বুলি মাতিলে মোৰ ভাল লাগিছিল।
যি সুপ্রিয়ই পৰোপকাৰক নিজৰ ধর্ম বুলি লৈছিল, সি এতিয়া টকা নাপালে উপকাৰ কি, কোনো
কামেই নকৰে। যি সুপ্রিয়ই তাৰ টিউছনৰ দৰমহাৰ এশ টকাৰ পৰা পঞ্চাছ টকা হলিৰাম দাইতিয়ে
উৰুকাৰ দিনা সুদা ভাত খাব বুলি চিন্তা কৰি নিঃসংকোচে দি দিছিল, সেই সুপ্রিয়ই এতিয়া
দুখীয়া, অভাৱীজনক একো সহায় নকৰে। মোৰ মাৰ কেনেকৈ মৃত্যু হৈছিল, জানে? গাঁৱত থাকি বিনা চিকিত্সাত। মই খবৰ
পাইছিলোঁ, কিন্তু মই কামৰ অজুহাতত নগ’লোঁ। শ্রীমতীৰ পৰামর্শমতে কেইটামান টকা পঠিয়াই
দি দায় সাৰিলোঁ। মোৰ ভাই-ভনীকেইটাই বিশেষ একো কৰিব নোৱাৰিলে। তাৰ বাবে অৱশ্যে ময়েই
দায়ী। মাজ সাগৰতে মই সিহঁতক এৰি দিয়াৰ দৰে হ’ল। মই এতিয়া সিহঁতক চিনি নোপোৱাৰ দৰেই।
মই নাযাওঁ, আৰু দেউতাৰ আত্মসন্মান সিহঁতৰ গালৈও অহাৰ বাবে সিহঁতো অহংকাৰী, ডাঙৰ
মানুহ ককায়েকৰ ওচৰলৈ নাহে।… তথাপি মই মাজে মাজে ইয়াতে গাঁৱৰ পুৰণি চিনাকি মানুহ
কিছুমান লগ পাওঁ। সিহঁতে মোক যেতিয়া সুপ্রিয় বুলি মাতে, মই উচপ খাই উঠো, মোৰ মন
অস্বস্তিৰে ভৰি পৰে। মোক ইয়াত সকলোৱে মিষ্টাৰ চৌধুৰী, ছাৰ, বা আংকল বুলিয়েই মাতে।
কোনোবাই সুপ্রিয় বুলি মাতিলেই মোৰ মনটোৱে একো বাধা নামানি অতীতলৈ গুচি যায়।
গ্লানিত মোৰ অন্তৰাত্মা ভৰি পৰে। গাঁৱৰ মানুহক দোষ দি লাভ নাই। মই যে এতিয়া আচলতে
সুপ্রিয় নহয় – সেই কথা তো সিহঁতে নাজানে! গীতাত কৈছেই –
বাসাংসি জীর্ণানি যথা বিহায়, নহানি গৃহাতি নৰোহপৰানি’।
মোৰ আগৰ আত্মাটোৱে, মানে সুপ্রিয় বোলাটোৱে মোক কাহানিবাই এৰি থৈ গ
ল। দেহা জীর্ণ শীর্ণ হ’লেহে যে
আত্মাই এৰি যাব পাৰে, তাৰ কি মানে আছে? এনেয়েও দেহৰ কাম-কাজবোৰ পছন্দ নহ
লে আত্মাই তাক এৰি গুচি যাবগৈ পাৰে।
গতিকে সুপ্রিয় বুলি মাতিলে মই উচপ খাই নুঠিম কিয় ? … এই সুপ্রিয় নামটোবে মোক অপৰাধবোধত
ভুগায়, মোক পাগল কৰি দিব খোজে। মোক এই নামটোৰ পৰা মুক্তি লাগে।
অপ্রিয় নামটোবেই মোৰ এতিয়া প্রিয়, কিন্তু ইয়’ৰ অনাৰ,
আপুনি আন যি কোনো নাম দিলেও মোৰ কোনো আপত্তি নাই। তাত কিন্তু ‘সু’ শব্দটো থাকিব
নোৱাৰিব। ইয়’ৰ অনাৰ, মোক মুঠতে সুপ্রিয়ৰ পৰা বচাওক … মুক্তি দিয়ক। … উঃ! আদালতৰ
মানুহবোৰ এনেকৈ ঘূৰি আছে কিয় ? … নে মোৰ মূৰটোহে ঘূৰাইছে! … আৰু বুকুখন … মোৰ
বুকুখন ইমানকৈ বিষাইছে কিয় ? … উঃ! … হে ভগৱান!

*****