চাকিৰ তলৰ ছাঁ

কল্যাণী
দত্ত

পুৱাৰ পৰা ৰাতি এপৰলৈকে
ঘৰখন উৰুলিকৃত হৈ থাকে।
 যেন বিয়াঘৰ এখনহে! হাই-উৰুমি বা কাজিয়া-পেচাল
বুলি নহয়
, অনৱৰতে হাঁহি-খিকিন্দালিহে। বেলি উঠাৰ লগে লগে আৰম্ভ হোৱা হাঁহি-কিৰীলি আৰু
কথাৰ লানি নিছিগা ধাৰবোৰ নিশা ভাত খোৱাৰ পাছতহে শাম কাটে৷ আইতাকে মাজে মাজে দবিয়াই
উঠে
— “হেৰৌ মনে মনে থাকচোন অলপ। সন্ধিয়া পৰত ধৰালৈ গোসাঁই ঈছৰ নামে৷ ঘৰে ঘৰে
সোমাই অঞ্জল দিয়ে৷ তহঁতে এনেকৈ হাঁহিত ঘৰৰ টিং উৰুৱাওঁ যেন কৰি থাকিলে গোসাঁই ঈছৰ
পত্ৰং দিব৷”
 

মাকেও কথাষাৰত হাত উজান
দিয়ে
 হয়
পাই
, মুখ দুখন নিবিষায় নে কি জানো এই দুজনীৰ! কেতিয়াকৈ যে স্কুললৈ যাব পৰা হ
যেন লাগিছে৷ তেতিয়াহে যদি ঘৰখন অলপ শান্ত হয়৷”

পিছে মাক-আইতাকৰ কথা বুজিব
পৰাকৈ সিহঁতৰ বয়সেইনো হৈছে কিমান
 ! তালযুৰীয়া ছোৱালী দুজনী
মাথোঁ ডেৰ বছৰৰহে ডাঙৰ-সৰু৷ গতিকে ভাল-ভুলৰ প্ৰভেদ বুজিব পৰা হোৱা নাই অদ্যাপি৷
পুৱাৰ পৰা গধূলি এপৰলৈকে খেলি
, দৌৰি, জঁপিয়ায়েই পাৰ কৰে দুয়ো৷

সোণমণি ডাঙৰ৷ তাইৰ জন্মৰ
ডেৰ বছৰমানৰ পাছতেই আহিছিল সোণপাহি
 ৷ দুয়োজনীৰে নাম দুটা আইতাকেই ৰাখিছিল৷ “পোছাকী নাম তহঁতে  যি দিয় দি থাকিবি পাছে-পৰে৷ ঘৰত মাতিবলৈ মই দিম নাম৷” সোণমণিৰ জন্মৰ দিনাই আইতাকে
সোলা হাঁহিটো মাৰি ঘোষণা কৰিছিল কথাষাৰ৷ মাকৰ আব্দাৰত পো-বোৱাৰী কোনেও এষাৰো মাত
মতা নাছিল৷ কোঠাত সোমাই দুয়ো মুখ টিপি হাঁহিছিল৷

সেই সোণমণি থুপুক্-থাপাক্কৈ
খোজ কাঢ়ি বৰঘৰ-চ
ৰাঘৰ কৰিব পৰা হোৱা দিন এটাতে সোণপাহি আহিছিল
ঘৰখনলৈ৷ ঘৰখনৰ যেন জেউতি আগতকৈও চৰিছিল৷ আইতাকৰ ব্যস্ততাবোৰ বাঢ়িছিল৷ সোণমণিক
পিটিকি পিটিকি খিচিৰি খুৱাই দিয়াৰ পৰা অ
শৌচীয়া বোৱাৰীয়েকৰ বাবে
জালুক বটি পাতত দিয়ালৈকে৷ ভেদাইলতাৰে জীয়ন দি থোৱা মাগুৰ মাছৰ জোল ৰন্ধাৰ পৰা
ঘৰ-চোতাল সৰালৈকে৷ তথাপি
, আইতাক ভাগৰুৱা হোৱা নাছিল৷ সোণমণিৰ কলকলনিয়ে ঘৰখনৰ অৱসাদবোৰ ধুই
নিছিল৷

সোণমণিৰ ওপৰে-তলে গুৰিদাঁত
ওলোৱাৰ সময়তে সোণপাহিয়েও অ
ত-তত ধৰি থিয় দিব পৰা হৈছিল৷
ঘৰখনৰ মানুহবোৰ কেৱল দুয়োজনীৰে লগত ব্যস্ত হৈয়ে থাকিব লাগে৷ কোনোবা এবাৰত যদি
সোণমণিয়ে দৌৰি গৈ বুৰাই থোৱা পানী বাল্টিত হাত ভৰায়গৈ
, কোনোবা এবাৰত আকৌ সোণপাহি
থুপুক্-থাপাক্কৈ গৈ চূণৰ টেমিটোতে হাত দিয়েগৈ৷ মুঠতে আইতাক আৰু মাকে ধনু ধৰাদি
ধৰি ৰাখিব লাগে দুয়োটি সোণ পুতলাকে৷

আবেলি মাকে দীঘল
বাঢ়নীটাৰেৰে চোতাল সাৰে৷ বাঢ়নীৰ কাঠি এটা লৈ সোণমণিয়ে মাকৰ পিছে পিছে কণ কণ ভৰিৰ
চিন মাটিত এৰি চোতালখন আঁক-বাক কৰি যায়৷ সেই সময়ত আইতাকে সোণপাহিক যেনে-তেনে কোলাত
বহুৱাই ৰাখে৷ মাজে মাজে ৰাস্তাই যোৱা মানুহ দেখুৱাই দোখুৱাই গায়
 হাতীত উঠি পানীৰাম ঘৰলৈ
যায়
, আলিবাটৰ মানুহে ঘূৰি ঘূৰি চায়”৷

সন্ধিয়া চাৰিআলিত থকা
দোকানখন সামৰি সোণমণিহঁতৰ দেউতাক ঘৰলৈ আহে৷ দুটি জীৱন্ত পুতলাৰ ভৰিৰ নাচোনত শাঁত
পৰে তেওঁৰ ভাগৰুৱা কলিজা৷ সোণমণিয়ে “দেতাক পানী মই দিম মই দিম” বুলি আইতাকৰ হাতৰ
পৰা পানীৰ গিলাচটো লৈ ঢোলোকনি খুৱাই খুৱাই আধা পানী পেলাই নি দেউতাকৰ হাতত গিলাচটো
দিয়েগৈ৷ আধাগিলাচ পানীৰেই পিয়াহ পলায় মানুহজনৰ৷ মাকে আখলত খোলা পাতে৷ তেল দিয়া
পিঠাৰ ফুৰ্ফুৰীয়া গোন্ধত মলমলায় ঘৰৰ আগফাল-পিছফাল৷

মা
হুমণিয়ে মোক
 নিদিয়ে কণমানি সোণপাহিয়ে থেন্থেনায় মাকৰ আগত৷ মাকে তাইক মৰমেৰে বুজায়হুমণি
বুলি নকয় কলিজা মোৰ
, বা বুলি কবা
দেই।”

দিনবোৰ গৈ থাকে৷

দুয়োজনীয়ে “ৰদো
দিছে
, বৰষুণো দিছে, খঁৰা শিয়ালৰ বিয়া গাব পৰা হয়৷ আইতাকক সাধু কবলৈ
খাটনি ধৰিব পৰা হয়৷ পুৱাৰ পৰা গধূলিলৈকে মাথোঁ চিঞৰ-বাখৰ কৰি থাকিব পৰা হয়৷ মাকৰ
চাদৰ এখন গাত আঁৰি দৰা-কইনা খেলিব পৰা হয়৷

খং উঠিলে কেতিয়াবা আইতাকে
কয়
 কিহৰ
বাবে ইমান মুখ দুখন বাঢ়িছে ঔ এই দুজনীৰ! ছোৱালী মানুহৰ মুখ একেবাৰে লাওপাত
, কচুপাত হেন হৈছে৷”

মাকে মুখেৰে একো নামাতে৷
আইতাকে যে এইবোৰ কথা অন্তৰ ফালি নকয়
, সেয়া তেওঁ বুজে৷ নহলেনো
কেতিয়াবা সোনকালে সিহঁতৰ টোপনি গ
লে “ফুট গধূলিতে সোণপুতলা
দুটাক কিয় শুৱাই থ
লি” বুলি বোৱাৰীয়েকক চকু পকাই ধৰেনে!

কওকচোন
আইতা
, তাৰ পাছৰখিনি… আচলতে সম্পূৰ্ণ কথাখিনি জনাটো মোৰ বাবে বৰ জৰুৰী৷ গোটেই
কথাখিনি নজনাকৈ ট্ৰিটমেণ্ট দিবলৈ অলপ প্ৰব্লেম হয়৷ তাতে ইমান সৰুতেই…”

নাটকৰ এটা দৃশ্যৰ যেন
দৃশ্যপট পৰে৷

পোহৰ
আৰু
 ছাঁ নামৰ  নাটকখনৰ আঁৰকাপোৰ আঁতৰাৰ লগে লগে আন এটা
দৃশ্যলৈ আগুৱাই যায় দৰ্শকৰূপী ডাক্তৰ ঋষিকেশ ভট্টাচাৰ্য৷

ঘৰখনত মৰিশালিৰ নিস্তব্ধতা
সৰ্বত্ৰ৷ আজিকালি দুযুৰি কণ কণ ভৰিয়ে দেওধনী নৃত্য নকৰে ঘৰখনৰ চাৰিবেৰৰ মাজত৷
এযুৰি ভয়াৰ্ত হৰিণী নয়নে নিৰুদ্বেগ হৈ দৃষ্টি প্ৰসাৰি থাকে সুদূৰলৈ৷

এইটো
কাৰ দৌল…

লি
ঔচ
, বগী ঔচ…

ধেক্কেচ…’’

তাৰ পাছৰ হাঁহিৰ খলকনিবোৰ
বিচাৰি বুঢ়ীয়ে ঘৰখনৰ বাহিৰে-ভিতৰে
 হাহাকাৰ কৰি থাকে৷ সেই হাঁহিবোৰ যে কাৰ ঘৰৰ এলান্ধুকলীয়া বৰপেৰাত সোমাল! কাৰ
চকুৰ পোৰণিয়ে বাৰু
 ছাই কৰি দিলে সেই দিনবোৰ? বুঢ়ীয়ে ভাবি পাৰ নাপায়৷ আই
গোসাঁনীৰ মন্দিৰলৈ এটকা চাৰিঅনাৰে তামোল-পাণৰ টোপোলা বান্ধে৷ সকলো ভাল হৈ উঠক
, এই আশাৰে৷ তথাপি, সকলো নিঃসাৰ হৈ ৰয়৷

আগফালে মুঢ়াটোত বহি থকা
জীৱন্ত পুতলাটো চাবি নিদিলে পৰি থকা প্লাষ্টিকৰ পুতলাটোৰ দৰে বহি থাকে৷

  

ইয়েই
আমি পূজা চাবলৈ যাম
, পূজা চাবলৈ যাম৷” “পূজাত বোলে বেলুন আৰু
পুতলা ওলায়
, হয় নে আইতা?” ঘৰখন
পুৱাৰ পৰাই আনন্দমুখৰ হৈ আছিল সেইদিনাও৷ আনদিনাৰ দৰেই৷ সোণমণি
, সোণপাহিৰ হেঁপাহক আওকাণ
কৰিব নোৱাৰি মাক-দেউতাকে দুয়োকে লৈ যায় পূজাথলীলৈ৷ সোণমণি মটৰচাইকেলৰ আগত বহে৷ মাক
আৰু দেউতাকৰ মাজত কণমানি সোণপাহি৷ তামোলৰ সেলেঙি বৈ থকা ওঁঠেৰে আইতাকে দুয়োৰে
দুগালত টপক্ টপক্কৈ চুমা খায়৷ পদূলিমুখলৈ আগবঢ়াই দি আইতাকে দ
ঢ়া
ঢ়াই কয় সোনকালে
ঘূৰি আহিবা দেই সোণপুতলা দুটা মোৰ৷ নহ
লে মই অকলে অকলে কান্দি
থাকিম নহয়
৷”

আহে, সোনকালে ঘূৰি আহে সিহঁত ৷ পিছে যোৱাৰ দৰে মটৰচাইকেলেৰে নহয়৷ কোনোবা
অচিনাকি মানুহ এজুমৰ মাজত তিনিখন বগা কাপোৰৰ তলত৷ বুঢ়ী অচেতন হৈ পৰে৷ কোনোবাই
নাৰিকল তেলৰ টেমাটো বুঢ়ীৰ মূৰত উবুৰিয়াই দিয়ে৷ কোনোবাই টেঙা-পানী দিয়ে৷

আপুনি
এনে কৰিলে নহ
ব আইতা৷ অকণমানিজনীৰ মুখলৈ চাই আপুনি ধৈৰ্য
ধৰিব লাগিব৷ বেচেৰীয়ে মূৰত অলপ আঘাত পাইছে৷ কান্দিব পৰা নাই এতিয়ালৈকে তাই৷
চাৰিআলিৰ ডাক্তৰখানাতে ৰখা হৈছে তাইক৷”

বুঢ়ী সচকিত হৈ পৰে৷ “কি
হৈছিল
? কি হৈছিল মোৰ বুকুৰ আগমঙহকেইটুকুৰাৰ লগত?” বুঢ়ীয়ে বিৰ্বিৰায়৷ 

কোনোবাই বিৱৰি যায়৷ ৰাস্তা
পাৰ হ
বলৈ লওঁতেই পিছফালৰ পৰা অহা প্ৰচণ্ডবেগী ট্ৰাকৰ খুণ্ডাত
ছিটিকি পৰে সোণমণি৷ আৰু বাকী তিনিজনৰ ওপৰেৰে পাৰ হৈ গ
ল ট্ৰাকখন… 

বুঢ়ীৰ আৰু শুনাৰ ধৈৰ্য
নাথাকে৷ বুকুৰ বিষ আৰু মনৰ শোকে বুঢ়ীক এফালৰ পৰা শুহি নিয়ে৷ তিনিকুৰা জুইৰ লেলিহান
শিখাই দহি পেলায় বুকুখন৷

তাৰ পাছত, ঘৰখন আৰু উৎসৱমুখৰ নহল কাহানিও৷ খেলা
বস্তুবোৰ তেনেকৈয়ে পৰি ৰ
ল এচুকত৷ আগফালৰ বাৰাণ্ডাখনৰ এটা মুঢ়া উকা হৈ থাকিল অনৱৰতে৷

মুখেৰে
মাত এটা মাত অ
 সোণমণি, তোক মই কাবৌ কৰিছোঁ৷
বুঢ়ীৰ হিয়াভঙা কান্দোনেও সোণমণিৰ মুখৰ মাত ঘূৰাই আনিব নোৱাৰে
কোনোদিন৷


ইস ইস, থকাজনীও বেঙীহে হ
হ’বলা! একো এটা মুখৰ মাত নোলোৱা হৈ থাকিল দেহি বেচেৰীজনীৰ!”


তাই বহুত বেছি চঁক খালে৷
সেইবাবে মাতটো চিৰদিনলৈ নাইকিয়া হৈ গৈছে৷”


এৰা পাই, ঘৰখনলৈ চাব নোৱৰা অৱস্থা হল৷
বুঢ়ীও এই বেজাৰতে সিফলীয়াহে হ
ব যেন পাওঁ!

টুকুৰা-টুকুৰ কথাবোৰে বিষকাঁড় একোপাট হৈ
বুঢ়ীক বিন্ধি থাকে৷ নিজকে প্ৰবোধ দিয়ে তেওঁ
 নাই নাই, এই কথাই কথা নহয়। তেওঁ
ভাগি পৰিলে নহ
ব৷ তিনিকুৰা জুই দেখিয়েই কণমানিজনী নিৰ্বাক
হৈ আছে৷ তিনিটা তেজ লগা ছিন্ন ভিন্ন শৰীৰেই তাইক খেদি ফুৰিছে৷ আকৌ এবাৰ ভয়াৱহতাৰ
মুখামুখি হ
বলৈ নিদিয়ে তেওঁ কণমানিজনীক৷

বুঢ়ীৰ মনটো দৃঢ় হয়, হৃদয়খন কঠিন হয়৷ আৰু
খোজবোৰ আগ বাঢ়ে ডাক্তৰখানাৰ দিশে৷

কচোন
সোণমণি
, আইতা বুলি ক৷ আ….ই…..তা৷” কাকূতি কৰে বুঢ়ীয়ে সোণমণিক৷ কিন্তু, এটা নিৰ্জীৱ পুতলাৰ দৰে
বহি থাকে সোণমণি৷ যেন এটা যন্ত্ৰহে৷

আইতা, আপুনি ভাগি নপৰিব৷ আপোনাৰ
ঘৰখনত আকৌ এটা সোণকলি ফুলিব৷ এযুৰি নূপুৰ পিন্ধা ভৰিয়ে দেওধনী নাচিব৷ অৱশ্যে
, এই কাৰ্যৰ বাবে মোক অলপ
সময়ৰ প্ৰয়োজন হ
ব৷” বুঢ়ীৰ হাতত হাত ৰাখি ডাক্তৰে আশ্বাস
দিয়ে৷

সোণমণিক কোলাত তুলি আইতাকে
ঘৰমুখী যাত্ৰাপথত খোজ দিয়ে৷ এই পথত তেওঁ এতিয়া অকলে নহয়৷ তেওঁৰ লগত আছে এজন
সহযাত্ৰী৷

 

লেখিকাৰ ঠিকনা :

ভৱানীপুৰ, বৰপেটা
(অসম)

পিন: ৭৮১৩৫২

ভ্ৰাম্যভাষ: ৮৩৯৯০১৪৪০৭