বাঘিনীৰ সত্য জীৱন কাহিনী

বাঘৰাণী খইৰী
মূল : অখিল মোহন পট্টনায়ক

অনুবাদ : ড° ৰত্নোত্তমা দাস বিক্ৰম 

এইদৰে অনেক পুৰণা কথা ভাবি ভাবি মোৰ চিল্‌মিলীয়া টোপনি আহিছিল। হঠাৎ কণমানি
খইৰীৰ ‘ইয়াওঁ ইয়াওঁ
’ মাত শুনি মই উঠি টর্চ মাৰি চালোঁ। খইৰী তাইৰ মানৱী-মাতৃৰ শাৰীৰ ওপৰত নিশ্চিন্তমনে
শুই আছিল। কিবা সপোন দেখি বিৰ্‌বিৰালে হ
বলা। সপোন দেখি আৰু সপোন
দেখি আনন্দ পোৱা কেৱল মানুহৰ একচেটিয়া নহয়। মই ঘড়ীটোলৈ‍ চালোঁ। ৰাতি ডে
ৰ বাজিছি‍ল। কিছু সময়ৰ পাছত ময়ো শুই পৰিলোঁ।

তাৰ পাছদিনা ৰাতিপুৱা কুহুমীয়া গাখীৰৰ লগত অলপ প্র’টিনেক্স মিহলাই আমি খইৰীৰ
খোৱা পর্ব আৰম্ভ কৰিবলৈ প্রস্তুত হ’লোঁ।

সকলো কেঁচুৱাৰ দৰে তায়ো নাখাব, তায়ো দুষ্টামি কৰিব আৰু মুখ জোকাৰি, হাত জোকাৰি উৎপাতখন লগাব। সেইবাবে মোটা খাকী কাপোৰেৰে আমি তাইৰ কাৰণে চাৰিপাত
মোজা তৈয়াৰ কৰিছিলোঁ। যাতে তাই চাটি-ফুটি কৰিলে তাইৰ ধাৰাল নখবোৰ আমাৰ গাত
নালাগে। তাইক ধৰি জোৰ কৰি বটলেৰে গাখীৰ খুৱাবলৈ আৰম্ভ কৰিলোঁ। মই তাইক বুকুত আউজাই
ৰোঁ। ইমান সাৱধানতা লোৱা সত্ত্বে‍ও তাই চাটি-ফুটি কৰি মোজা ফালি মোৰ কান্ধত
চাৰি-পাঁচ ঠাইত দাগ লগায় আৰু তাৰ উপৰি তাই মোৰ গেঞ্জীৰ ওপৰত পাতল পাতল শৌচ কৰে।

তাইক কান্ধৰ পৰা তলত নমাই দিয়াৰ পাছত তাই খয়েৰী ৰঙৰ মলখিনি খুঁচৰি চালোঁ।
তাত শুকান শুকান কেইডালমান বান্দৰৰ নোম থকা যেন পালোঁ। খইৰীয়ে প্রথমবাৰ শুকান শৌচ
কৰিছিল অফিচ ৰুমত। তাই মাকৰ কাষৰ পৰা অপহৃত হোৱাৰ পাছত। তেতিয়াও তাইৰ মলত বান্দৰৰ
নোমে লডা বান্ধি আছিল। আৰু মলখিনিৰ পৰা দুটা মৰা পেলু ওলাইছিল। কিন্তু গাখীৰ খোৱা
পোৱালিৰ মলত এইবোৰতো ওলোৱাৰ কথা নহয়। খইৰী বাঘিনী মাকৰ একেটিয়েই পোৱালি। তাতে
আকৌ আমাৰ কাষ পাওঁতে একেবাৰে হাড়ে-ছালে লগা। এনেকুৱা হ
ল কেনেকৈ? মই অনুমান কৰিলোঁ, একমাত্র পোৱালিটোকো খাবলৈ দিবৰ বাবে বাঘিনীৰ যথেষ্ট গাখীৰ নাছিল বোধহয়। আৰু
তাৰ উপৰি তাইৰ মাকৰ স্বাস্থ্য সম্ভৱতঃ বিশেষ ভাল নাছিল। কাৰণ সেই দিনটোত
খড়িয়াকেইজনৰ চিঞৰ শুনি পোৱালি এৰি তাই এইদৰে ভাগ্যক ধিয়াই গুচি গৈছিল
, কিয়?

বাঘপোৱালিবোৰ সৰু হৈ‍ থাকোঁতে সিহঁতে যেতিয়া মাকৰ গাখীৰ এৰি বাহিৰৰ বস্তু
খোৱা আৰম্ভ কৰে
, তেতিয়া বাঘিনীয়ে পোৱালিৰ ওচৰত নিজৰ পেটত আধা হজম খোৱা মাংস বমি কৰি উলিয়াই
দিয়ে আৰু পো
ৱালিয়ে তাকে চেলেকি চেলেকি খায়। নিজৰ চেষ্টাৰে
মাংস কামুৰি টানি ছিঙি খোৱা দাঁত খইৰীৰ তেতিয়ালৈকে গজা নাছিল। তথাপি তাইৰ মাকে তেনেকৈয়ে
মাংস খুৱাইছিল চাগে
; নহলে তাইৰ পেটৰ পৰা বান্দৰৰ নোম বাহিৰ হব কেনেকৈ? সেয়া ভাবি গাঁৱৰ পৰা পাৰ পোৱালি অনালোঁ। তাৰ পাখি, নোম আৰু পেটৰ নাড়ী সকলো চাফা কৰি সেই
মাংস কিমা কৰা মাংসৰ দৰে খুব সৰু সৰু কৰি দিলোঁ। সেয়া যেতিয়া খইৰীৰ আগত দিলোঁ
, তাই মহা আনন্দৰে টপকৈ গিলি থ’লে। পেটটো কিছু ঠাণ্ডা হোৱাত এটুকুৰা আন্ধাৰ ঠাই
চাই তাই চুপচাপ শুই থাকিল। তাইৰ টোপনি ভাগি‍লে আমাৰ ভৰিয়ে ভৰিয়ে দৌৰি দৌৰি ইটো ৰুম
সিটো ৰুম হৈ খেলা-ধূলা আৰম্ভ কৰি দিয়ে। আবেলি চাৰি বজাত পুনৰ একেই পর্ব আৰম্ভ।
বটলৰ গাখীৰ আৰু প্রটিনেক্স আৰু পাৰ পোৱালি কিমা কৰা মাংস। খইৰীক লৈ বহু জোটা-পোটাত
পৰিবলগীয়া হয়
, তথাপি এই সমস্ত জঞ্জালৰ এটা উজ্জ্বল দিশ আছে। এতিয়ালৈকে বাঘৰ প্রতিদিনৰ
জোখ-মাপ ল
ব পৰা নাছিল। সেই কাৰণে ঠিক কৰিলোঁ, তাইৰ দেহ, মূৰ, ভৰি আৰু নেগুৰ আদিৰ এক মাপ ৰখাৰ, ৰ পৰা পৰৱৰ্তী কালত জনা যাব বাঘপোৱালিৰ দেহ কোন বয়সত কি ধৰণেৰে বাঢ়ে

বাঘৰ আগঠেঙত পাঁচোটাকৈ আঙুলি আৰু পি‍ছঠেঙত চাৰিটাকৈ। বাঘৰ পি‍ছঠেঙৰ পঞ্চম
আঙুলিটো প্ৰকৃতিৰ বিৱর্তনত লুপ্ত হৈ গৈছে। সিহঁতৰ প্রতিটো ঠেঙৰ গোৰোহা আৰু ঠেঙৰ পি‍ছভাগ
মাটিৰ পৰা দাং খাই মাটি নোচোৱাকৈ থাকে। কেৱল ঠেঙৰ আগভাগহে মাটিত পৰে। বাঘৰ ঠেঙৰ
তলুৱাৰ চাপ য
তে পৰে তাত কেৱল ঠেঙৰ আগভাগ আৰু আঙুলিৰ চাপ
পোৱা যায়
, চাৰিওটা ঠেঙৰ চাৰিটাকৈ আঙুলিৰ চাপ দেখা পোৱা যায়। আগঠেঙৰ বুঢ়া আঙুলি দুটা
তলুৱাৰ জোৰাৰ পৰা প্ৰায় চাৰি আঙুলমান ওপৰত থাকে
, মাটিত নপৰে। মানুহে চিৎ হৈ শুই দুই
হাত দুফালে মেলি দিয়াৰ দৰে বাঘেও সিহঁতৰ আগঠেং দুটা মেলি দিব পাৰে। সিহঁতেও
মানুহৰ হাতৰ দৰেই বুঢ়া আঙুলিটো ইফালে-সিফালে লৰাব পাৰে। আমাৰ দৰে বাঘেও সিহঁতৰ
আগঠেঙৰ নখেৰে বস্তু ধৰিব পাৰে। সিহঁতৰ তৃতীয় আঙুলিটো আমাৰ হাতৰ মধ্যমা আঙুলিৰ
দৰেই আনবোৰতকৈ দীঘল আৰু বাঘৰ মাপ লওঁতে সেই আঙুলিটোৰ পৰা জোখ লোৱা হয়।

খইৰীৰ দেহৰ বিভিন্ন অংশৰ জোখ-মাপ লোৱা হৈ যোৱাৰ পাছত তাই চাৰিওফালে ঘূৰি
অলপমান শুঙা-শুঙি কৰি বিছনাৰ ওপৰত উঠি তাইৰ মানৱী মাতৃক জপটিয়াই ধৰি আৰামেৰে শুই
পৰে। অথচ
, মোৰ কান্ধত তাইৰ নখ লাগি যিবোৰ আঁচোৰৰ দাগ লাগে, সেইবোৰে বেচ চেক্‌চেকাবলৈ ধৰে। অগত্যা উপশম হব বুলি ভাবি আঁচোৰবোৰত পানী নিমিলোৱা ডেটল ঘঁহি দিওঁ।

মোৰ ডায়েৰি‍ লিখা শেষ হয় মানে ৰাতি প্রায় বাৰ বাজে। মই আঁঠুৱা তৰি শুবলৈ যোৱাৰ আগতে খইৰীক তাইৰ শোৱা ঠাইৰ পৰা দাঙি আনি মোৰ
বিছনাৰ ওপৰত ৰাখিলোঁ। লাইটো নুমুৱাই দিলোঁ। কিন্তু বাঘৰ চকুৰ বাবে লাইট জ্বলালে যি
, লাইট নুমুৱালেও সেই একেই। সেই আন্ধাৰতো মোৰ মূৰ, ভৰি, হাত সকলো তাই জলজল-পটকৈ দেখা পায়। কিছু সময়ৰ পাছত তাই মোৰ বাঁওভৰিৰ কাষৰ বেৰত লাগি চুপ হৈ
শুলে। মই মোৰ বাঁও ভৰিখন লাহেকৈ আঁতৰাই আনি তাইৰ পেটৰ ঘন নোমখিনি চুলোঁ। তাই
তেনেকৈয়ে টোপনিতে তাইৰ দুই আগঠেঙৰে মোৰ ভৰি সাবটি ধৰি টানি জপটিয়াই ধৰিলে। কিছু
সময়ৰ পাছত মোৰ ভৰিৰ ওপৰত তাইৰ আগঠেঙৰ চাপ ঢিলা হৈ পৰিল। মই জানিলোঁ
, খইৰী শুই পৰিল। সেই শোৱা, শোৱা নহয়। অলপ পাছতে মোৰ বুকুৰ কাষলৈ চুঁচৰি আহি তাইৰ সোঁফালৰে কাটি হৈ তাইৰ
মুখখন মোৰ ডিঙিত গুঁজি দিলে। মই মোৰ সোঁহাতেৰে তাইৰ পিঠিখন অকণমান হাত ফুৰাই
দিয়াত পুনৰ তাইৰ দেহ
, ঠেং সকলো ঢিলা হৈ পৰিল। পুনৰ কিজানি শুই পৰিল। আৰু কিছু সময়ৰ পাছত চট-ফট কৰি পি‍ছ
ঠেং দাঙি মোৰ উৰুৰ ওপৰত মেলিলে। আৰু তাইৰ সোঁ ঠেং অলপ সময়ৰ বাবে শূন্যলৈ উঠি ঢপকৈ
মোৰ বুকুৰ ওপৰত পৰিল। খইৰীয়ে এক স্বস্তিৰ দীর্ঘ শ্বাস এৰি চাৰি ঠেং মেলি আৰামেৰে
শুলে। তাৰ কিছু সময়ৰ পাছত আৰম্ভ হৈ গ
ল ঘোৰ্ঘোৰণি আৰু মাজে
মাজে চু চু শব্দ
, যেন তাই মাকৰ বুকুৰ গাখীৰহে খাইছে। মাজে মাজে সপোন দেখাৰ দৰে কুঁকুঁৱায়।
কেতিয়াবা কেতিয়াবা তাইৰ দেহ আৰু বাহু জোকাৰ খাই যায়। মানুহৰ শিশুও টোপনিত
থাকিলে ঠিক এনেকুৱাই হয়
, তাইৰ হোৱাত কি বাধা?

কোনোবাই কেতিয়াবা বাথৰুমৰ দুৱাৰ বা কোনোবা দুৱাৰ খুলিলে খইৰী চক খাই উঠি
চাৰিওফালে ঘূৰি চায়। তাইৰ কাণ বৰ সজাগ
, সেয়া নহলে তাই বিপদসংকুল ঘোৰ অৰণ্যৰ ভিতৰত নিজৰ সৰু শৰীৰক
শত্ৰুৰ পৰা ৰক্ষা কৰি ডাঙৰ হ
ব কেনেকৈ?

এটা সময়ত ৰাতি পুৱাল। খইৰীয়ে মোৰ সোঁ ভৰি তাইৰ ধাৰাল নখেৰে ধৰি খেল আৰম্ভ
কৰি দিছে। মই যেতিয়াই টানো
, এৰিবলৈ তাই নাৰাজ। লাহে লাহে তাই মোৰ ভৰিৰ ছালত চেলেকিবলৈ আৰম্ভ কৰি দিলে।
লাহে লাহে জিভা আৰু দীঘল হ
ল আৰু চেলেকা জোৰ হল। মোৰ লাগিল মোৰ ভৰি কোনোবাই যেন ধাৰাল লোহাৰ তাৰৰ ব্ৰাছেৰেহে ঘঁহিছে। তাই
কিন্তু তাতো সন্তুষ্ট নহ
ল। এইবাৰ তাই তাইৰ কুকুৰ দাঁতেৰে ভৰিৰ ছালত
যিমান মন যায় কুটকুটালে। জংঘলত নিজৰ মাকক তাই এনেকৈয়ে আদৰ কৰে। কিন্তু মোৰ ছালতো
বাঘৰ ছাল নহয়
, তাইৰ জিভা আৰু দাঁতৰ কছৰতত মোৰ ভৰি আঁচ আঁচকৈ দাগ পৰি চেক্‌চে‍কাবলৈ ধৰে।

ৰাতিপুৱা ছয়-চাৰে ছয় বজাত পুনৰ গাখীৰ আৰু প্রটিনেক্স খুৱাবৰ পাল। আঁচোৰৰ
পুৰণা দাগবোৰৰ ফুলা আৰু বিষ নকমোতেই আকৌ এবাৰ খাবলৈ দিয়াৰ সময়ত তাইৰ ধাৰাল নখৰে
নতুন দাগ আৰু তিনি-চাৰি ঠাইত হৈ গ
ল। লাহে লাহে তাইক খাবলৈ
দিয়াটো এটা সমস্যাত পৰিণত হ
ল। সদায়তো তাইক জোৰকৈ
ধৰি নিজৰ গাত চাৰি-পাঁচবাৰ দাগ লগাই খাবলৈ দিয়াতো সম্ভৱ নহয়
, সেই কাৰণে এখন দ থালিত অলপ গাখীৰত চেনি মিহলাই থালিৰ কাষত চেনিৰ দানাৰ সৰু
শাৰী এটা দীঘলকৈ টানি আনিলোঁ। আৰু বাঘপোৱালিক মৰমকৈ খোচামতি কৰি খাবলৈ মাতিলোঁ।
তায়ো খুব কৌতূহলী। মূৰটো ইফাল-সিফাল কৰি চেনিৰ দানাবোৰ খুব সাৱধানতাৰে কিছু সময়
পৰীক্ষা কৰিলে
, তাৰ পাছত শুঙি শুঙি তাই জিভা উলিয়াই দুই-এটা চেনি দানা চাকি চালে। খুব সোৱাদ
লাগিল নিশ্চয়। তাৰ পাছত সেই চেনিৰ দানা খাই খাই গাখীৰৰ ওচৰ পালেগৈ আৰু চ
প্‌চপকৈ প্রায় দুশগ্রামমান গাখীৰ খাই দিলে। এটোপাও তলত নপৰিল। কিছু সময়ৰ পাছত
এটা কেঁচা কণী ফেটি দিয়াত খুব খুশিৰে চুঁচি-মাজি থালি চাফা কৰি দিলে। যি কি নহওক
, দুই বেলা খুওৱাৰ সমস্যাটোৰ কিছু সমাধান হৈ গল।

জংগলৰ পৰা ঘূৰি আহোঁতে এটা কণামুচৰি মাৰি আনিছিলোঁ। আবেলিলৈ তাই চৰাইৰ কলিজা
আৰু মাংসৰ কিমা খালে। কিন্তু খোৱাৰ পাছত কেনেবাকৈ অলস অলসকৈ শুই থাকিল। মাজে মাজে
তাই গাটো কচালি গেঁথায়। অনুমান কৰিলোঁ
, তাইৰ বায়ু হৈছে। সেই কাৰণে তাইৰ
পেটটো মালিচ কৰি
, মলদ্বাৰেৰে পেৰাফিন তেল দি, চাবোন সুমুৱাই দিয়াত বহু কষ্টৰে এসময়ত তাইৰ শৌচ হল। তাই জংগলৰ পৰা আহিবৰ পৰা প্রায় ত্রিছ ঘণ্টাৰ পাছত প্ৰথমবাৰৰ বাবে প্ৰস্ৰাৱ কৰিলে। তথাপি তাই শৌচ খোলোচা হোৱা নাছিল। মেকুৰী জাতীয় জন্তুবোৰৰ খোৱাৰ কিমান
ঘণ্টাৰ পাছত সেই খাদ্য মল হৈ বাহিৰ হয়
, সেই কথা আমাৰ জনা নাছিল। সেয়া
জানিবলৈ হ
লে, জন্তুবোৰৰ খাদ্যত চিহ্নৰূপে কিবা এটা বস্তু মিহলোৱা হয়। সেই বস্তুটো মলৰ সৈতে
বাহিৰ হ
লে, খোৱাৰ সময় আৰু মল হৈ খাদ্য বাহিৰ হোৱাৰ সময় জনা যায়। এই মাপ গাই, , হৰিণ, শম্বৰ আদি পাগুলি খোৱা জন্তুবোৰৰ বাবে কৰা হয়। ঘোঁৰা, গাধ, হাতী আদি পাগুলি নোখোৱা জন্তুবোৰৰ বাবেও কৰা হয়। ইয়াৰ পৰা জনা যায় যে
পাগুলি খোৱা জন্তুৰ খাদ্য খোৱা নব্বৈ ঘণ্টাৰ পাছত মল হৈ বাহিৰ হয় আৰু পাগুলি
নেখোৱা জন্তু ক্ষেত্ৰত এই সময় যাঠি ঘ
ণ্টাৰ ওচৰা-উচৰি।
ত্রিছ ঘ
ণ্টাৰ দুগু সময় হৈ যোৱা সত্ত্বে‍ও
খইৰীৰ শৌচ নোহোৱাত আমি বেচ উৎকণ্ঠিত হৈ পৰিছিলোঁ। যি কি নহওক
, বহু প্রকাৰ চেষ্টা কৰাৰ পাছত তাইৰ শৌচ হল। মল পৰীক্ষা কৰি জনা গ, তাত পাৰ আৰু কপৌৰ নোম ভর্তি হৈ আছে। অর্থাৎ তাই খোৱা প্রায় ঊনষাঠি ঘণ্টাৰ
পাছত সেয়া মল হৈ বাহিৰ হ
ল।

তাৰ এদিন পাছত খইৰীৰ আৰম্ভ হল জীপ যাত্রা। এটা বাকচৰ
ওপৰত কাপোৰ বান্ধি তাইৰ বাবে এখন অকণমানি কোমল দোলনা তৈয়াৰ কৰা হ
ল। সেই দোলনাখন ৰখা হল জীপত আৰু তাৰ ওপৰত বহুৱাই দিয়া হল খইৰীক। জীপ চলাৰ সময়ত প্রথমে খইৰীয়ে বেচ ভয় খালে। তাই শব্দ কৰি উঠি আহিল।
তাৰ পাছত চুঁচৰি চুঁচৰি আগলৈ আহি মোৰ ডিঙি আৰু কান্ধৰৰ মাজত তাইৰ
 থুঁতৰিটো গুঁজি দিলে। মই তাইক মোৰ কোলালৈ লৈ আনিলোঁ। মানুহৰ কেঁচুৱাক ধৰাৰ দৰে
তাইৰ দুই কাষলতিৰে হাত সুমুৱাই তাই পিঠিখন মোৰ বুকুত আউজাই সাবটি ধৰিলোঁ। তাইৰ
নেগুৰডাল তললৈ ওলমি থাকিল আৰু তাই জীপৰ লাইটৰ পোহৰত গছ
, জোপোহা আৰু ৰাস্তা সকলো চাই গৈ থাকিল।
কিছু সময় সেইদৰে চোৱাৰ পাছত তাইৰ মূৰটো বুকুৰ ওপৰত ৰাখি মানুহৰ কেঁচুৱাৰ দৰে
 ডুলিবলৈ আৰম্ভ কৰিলে। তাইৰ মূৰটো হালি হালি জীপৰ গতিৰ সৈতে তাল ৰাখি মোৰ বুকুৰ
ইকাষে-সিকাষে হেন্দুলি থাকিলে। কিছু সময়ৰ পাছত তাইক কোলাৰ পৰা উঠাই নি ধীৰে ধীৰে
তাইক দোলনা বিছনাত শুৱাই দি থপৰিয়াই দিলোঁ। তাই শুই পৰিল।

আমি আমাৰ গন্তব্যস্থানত উপস্থিত হ’লোঁ। খইৰীক প্রথমে জীপত উঠাৰ বাবে অভ্যস্ত
কৰাইছিলোঁ। কিন্তু পাছলৈ তাইৰ জীপত উঠাৰ নিচা ইমানেই প্রবল হ
ল যে তাইক জীপৰ পৰা নমোৱাই মস্কিল হয়।

জীপ চলাৰ সময়ত খইৰী যে এবাৰ-দুবাৰ সাৰ পোৱা নাছিল, এনে নহয়। কেঁচুৱাবোৰে টোপনিৰ পৰা উঠাৰ দৰেই তাই প্রথমতে অলপকৈ চকু মেলিব, পাছত এবাৰ-দুবাৰ চকু মেলি, বন্ধ কৰি পৰিস্থিতিৰ সৈতে নিজকে পৰিচিত কৰি লব আৰু তাৰ পাছত পূৰাকৈ চকু মেলি চাব। ইফালে-সিফালে এবাৰদুবাৰ নাক লগাই শুঙি শুঙি আকৌ এবাৰ তাইৰ মানৱী মাতৃৰ কান্ধৰ ওপৰত থুঁতৰি ৰাখি শুই পৰিব। এক
নিশ্চিত আশ্রয় পাই তাইৰ সদাজাগ্রত হাত-ভৰিৰ মাংসপেশীবোৰ শিথিল হৈ আহিব।

সেইদিনা অক্টোবৰৰ ছয় তাৰিখ। আমি গৈ আছিলোঁগৈ গছৰ ওপৰত বনোৱা টঙিঘৰৰ দৰে
গেষ্টহাউছত। ৰাতিপুৱা উঠি খইৰীয়ে আনদিনাৰ দৰেই কলিজা আৰু মাংসৰ কিমা খালে।
সেইদিনা ব্লেকিয়ে হঠাতে অলপ বেছি বন্ধুতা দেখুৱাবলৈ গৈ তাইৰ অনেক ওচৰ চাপি গ
, ফল হ, খইৰীৰ হাতৰ পূৰা এটা কঠিন থাপৰ, আৰু ব্লেকি গৈ পৰিলগৈ দহ-পোন্ধৰ গজ
দূৰৈত
, কেঁউ-কেঁউ শব্দ কৰি৷ খইৰী সৰু হলে কি হ, তাই ওজন ছয় কেজি দুশ গ্রাম, আৰু নাকৰ আগৰ পৰা নেগুৰৰ মূৰলৈকে তাই দৈৰ্ঘ্য পঁচাশী দশিমক পাঁচ চেণ্টিমিটাৰ।
ইমান দিনে তাই জংগলত কণমানি ঢেঁকীয়াপতীয়া বাঘিনী এজনী হৈ তাইৰ মাকৰ সৈতে চিকাৰ
খেলাৰ বাবে ওলালহেঁতেন
, ঘৰত হাতেৰে ঢুকি পোৱাতে আছে বুলিয়েই ইমান শীঘ্ৰে তাইৰ সৈতে বন্ধুতা হলে চলিব? তাতে আকৌ ব্লেকিৰ দৰে ইতৰ কুকুৰ! তাইৰ সৈতে বন্ধুত্ব হবলৈ অনেক ধৈর্য, অনেক বুজা-পৰা আৰু বেচ কিছু সময়ৰ প্রয়োজন।

পাছবেলা চাৰে পাঁচ বজাত খইৰীৰ পেটটো অলপ ওফন্দিল। পেটটো আঙুলিৰে টিপি চালে
স্পষ্ট ধৰিব পাৰি। কিছু ক্ষুধাৰ উদ্রেক হ
, কাৰণ তাৰ পাছতে খইৰীয়ে খাবলৈ বিচাৰিলে। তাৰ পাছদিনা ৰাতিপুৱা তাইৰ শৌচ হল। দেখা গ, শৌচত কুকুৰাৰ পাখি ওলাইছে। সেইদিনা
তাৰ পৰা আহি পালোঁহি ভগতপুৰ গাঁৱত।

প্রায় ১৯৪৯ চন পর্যন্ত আমি কিমান যে ঢেঁকীয়াপতীয়া আৰু চিতা বাঘৰ চিকাৰ
নকৰিলোঁ! মানুহক সুধি বুজি পালোঁ যে এই অঞ্চলত আৰু বাঘ নাই
, প্রায় বিছ বছৰ ধৰি। বাঘ থাকিবৰ বাবে জংঘলোনো ক? আটাইেবাৰ জংঘল চাফা হৈ গ’ল। খালী যিফালেই চোৱা যায়, কাঁইটীয়া কণ্টানাগঅইৰী বনৰ জোপোহা। আৰু জংঘল কাটি দিলে, বাঘৰ ঘৰ ভাঙি দিলে, বাঘ আহিব কৰ পৰা? অবিবেকী ভাবেৰে চিন্তা নকৰি জংঘল
কাটিলে এয়ে হয় তাৰ স্বাভাৱিক পৰিণতি। আমাৰ সাধাৰণ মানুহবোৰৰ জংঘলৰ উপকাৰিতা
সম্পর্কে সাধাৰণ প্রাথমিক জ্ঞানৰে অভা
ৱ, আৰু দূৰদৃষ্টি আহিব কৰ পৰা?

ডাক বঙলাৰ খাটত শুই মোৰ পঁচিছ বছৰৰ আগৰ কথা মনত পৰি গৈছিল। ইমান সৰু কুটীৰটোৰ
একাষে এখন দুৱাৰ ওলমি আছে আৰু আনকাষে আছে বতাহ ওলোৱা-সোমোৱা কৰিবৰ বাবে এটা জলঙা।
অলপ পাচলি-তৰকাৰীৰ সৈতে ভাত-দাইল খাই আমি ৰাতিটোৰ বাবে সেই কুটীৰ
 ভিতৰত কুচি-মুচি শুই পৰিছিলোঁ। বেৰৰ আধা শেষৰ ফালে দাঙি দিয়া হৈছিল আৰু মই
শুইছিলোঁ শেষৰ ফালে
, জংঘলৰ ফালে। মোৰ শোৱাৰ ঠাইৰ পৰা প্রায় দুশ মিটাৰ এৰি বাঘ আৰু দুটা বাঘ
পোৱালি! সকলোঁ সময়তে বাঘ আহিব বুলি বুকু
 চম্‌চমায়। নাই, বাঘ নাহিল।

সিহঁত জংঘলৰ ভিতৰত বেচ আনন্দত ডাঙৰ-দীঘল হৈছিল। তথা সিহঁতৰ বাবে সেই জংঘলৰ
ভিতৰ সিহঁতৰ খাদ্যও বাঢ়িছিল। প্রচুৰ খাদ্য পাই স্বাস্থ্যকৰ পৰিৱেশৰ ভিতৰত সিহঁত
বছৰৰ ভিতৰত দুই-তিনিটা পোৱালি জগাইছিল। সেই পোৱালিবোৰ কিছু বছৰৰ পাছত ডাঙৰ হৈ
মানুহক বাঘ চিকাৰৰ খোৰাক
 যোগাইছিল। চিকাৰীবোৰে মাজে
মাজে বাঘ চিকাৰ কৰিব পাৰিছিল। তথাপি এক নির্দিষ্ট জংঘলৰ ভিতৰত বাঘৰ সংখ্যা
পর্যাপ্ত আছিল। কিন্তু অবি
বেকী ভাবেৰে জংঘল কটাৰ দৰে বাচ-বিচাৰ নকৰি, চিকাৰৰ নিয়ম নামানি চিকাৰীবোৰে যিমান মন যায় চিকাৰ কৰি গল। এক আনন্দদায়ক সভ্য স্পৰ্টছক ব্যৱহাৰ কৰা হল বণিক মনোবৃত্তিৰে বাঘৰ ছাল বিক্ৰীৰ উদ্দেশ্যে‍ বাঘৰ বংশ মূলতে নিপাত হৈ গল আৰু তাৰ লগতে শেষ হৈ হল চিকাৰ কৰাৰ সুযোগ।

সেইকালৰ সেই জংঘলৰ ভিতৰত আজিৰ এই ইলেক্ট্ৰিফাইড্ ডাক বঙলা, আৰু সেই মানুহবোৰৰ বংশধৰবোৰে বাঘৰ পোৱালি চাবলৈ প্ৰচুৰ ভিৰ কৰিছে ডাক বঙলাৰ
বাহিৰত। নিজৰ ভিতৰত অনেক কৌতূহল
, অনেক কথা-বার্তা। খেনোৱে সুধিছে, “এইটো কি সঁচাকৈয়ে
সঁচা বাঘৰ পোৱালি
?” মই সিহঁতক বুজাবলগীয়া হল যে এইটো প্রকৃততেই
বাঘপোৱালি আৰু সিহঁতক ঢেঁকীয়াপতীয়া আৰু চিতাবাঘৰ মাজৰ পাৰ্থক্যও বুজাবলগীয়া হ
ল। টাঙ্গি বিদ্যাপীঠৰ স্কুলীয়া লৰা-ছোৱালীবোৰে খইৰীৰ
দেহত অকণমান হাত লগাই চুবলৈ পাই যেন স্বর্গহে পালে। ইমানবোৰ মানুহৰ ভিৰ
, ইমানবোৰ লৰা-ছোৱালীৰ কিচিৰ-মিচিৰৰ সত্ত্বে‍ও খইৰী আছিল
যথেষ্ট শান্ত আৰু সৌষ্ঠৱান্বিত।

তাৰ পাছদিনা আহিলোঁ কটকলৈ। ভাবিছিলোঁ, কটকত খইৰীয়ে ইমানবোৰ গাড়ী-মটৰ, দোকান-বজাৰ দেখি কৌতূহলী হ, বা ভয় খাব। কিন্তু নাই, যাওঁতে তাইৰ মুখ দেখি এনে লাগিল যেন তাই অনেক চহৰ দেখিছেই। কটকত তাইক আচৰিত
কৰি দিবৰ বাবে বিশেষ একো বস্তু নাই। কটকত জুল
জিকেল ছেমিনাৰৰ
ছাত্ৰবোৰৰ সৈতে সংক্ষিপ্ত সাক্ষাৎকাৰৰ পাছত খইৰী আৰু আমি গ
লোঁ চার্কিট হাউছত থাকিবলৈ। ইমান ডাঙৰ এটা ক্লান্তিকৰ দিনৰ কার্যসূচীৰ পাছত
খইৰীক যথেষ্ট সমাহিত যেন লাগিল। ইতিমধ্যে ব্লেকিৰ সৈতে তাইৰ বেচ বন্ধুত্ব জমি
গৈছে।

তাৰ পাছদিনা ভুৱনেশ্বৰলৈ আহি জনৈক বন্ধুৰ ঘৰত থাকিল খইৰী। তেওঁলোকৰ দুয়োটা
কুকুৰে খইৰীক দেখি বেছ ভুকিলে। কিন্তু তাহাঁতৰ প্রতি খইৰীৰ
 ভ্ৰূক্ষেপ নাছিল। ভুৱনেশ্বৰত এটা পাৰ মাৰি তাইক খাবলৈ দিয়া হল আৰু ইয়াতেই তাইৰ নামকৰণ কৰা হল খইৰী। ভুৱনেশ্বৰৰ পৰা
বাৰিপদালৈ যোৱাৰ সময়ত কটক চহৰ হৈ যাবলগীয়া হ
ল। সেই সময়ত এইফালৰ
অনেক লোকে জানি গৈছিল খইৰী আহিছে বুলি। বক্সী বজাৰ ৰাস্তাৰ ওপৰত মানুহে ভিৰ কৰি
খইৰীক চাবলৈ গাড়ী ৰখাই দিলে আৰু সেই কাৰণে ট্রেফিক জাম হৈ গল প্রায় আধা ঘণ্টা
ধৰি।

বাৰিপদা গৈ পোৱাৰ পাছত সময়ত তাইৰ কিজানি অলপ বেছিকৈয়ে ভোক লাগিছিল, কাৰণ নিজৰ চিৰাচৰিত ভংগীৰে খইৰীয়ে বাৰম্বাৰ খাবলৈ বিচাৰিছিল। কিন্তু পাৰটো
চাফা কৰি সেইটোৰ মাংসৰ কিমা কৰি খাদ্য উপযোগী কৰিবলৈতো সময়ৰ প্রয়োজন। দুটা
পাৰমাংসৰ কিমা বলৰ প্ৰথমটো খোৱাৰ পাছত আনটো কিমা বল খাবৰ বাবে অত্যন্ত অধৈর্য হৈ
তাইৰ মান
ৱী-মাকৰ হাতটো জপটিয়াই ধৰিলে। তাইৰ নখ তেওঁৰ গাত লাগিল আৰু আগতেই নখ লগা
জেগাবোৰৰ এঠাইতো নখ লাগি ৰক্তাক্ত হৈ গল। ঠিক এনেকুৱাতে মই তাইক টানি আনোতে হঠাতে
ঘূৰি দি বাঁ
হাতৰ তলুৱাত কামুৰি দিলে। সেই অৱস্থাত মই হঠাতে নাই বুলি চিঞৰি সোঁহাতেৰে জোৰেৰে এটা থাপৰ মাৰিলোঁ। তাই মোৰ হাত এৰি দি বাৰাণ্ডালৈ গুচি গল। মই লগে লগেই তাইৰ নাম ধৰি আদৰুৱাকৈ মাতি
মাতি তাইৰ পাছে পাছে গ
লোঁ। তাইৰ মানৱী-মাতৃ অলপ দূৰৈত থিয় হৈ আছিল।
খইৰী চিধা গৈ তাইৰ মাকৰ গাত উঠিলগৈ আৰু তাতে মূৰ ঘূৰাই ঘূৰাই গাঁউ-গাঁ
উ’ কৰি মোক কেইবাবাৰো গালি দিলে। ইমান সোনকালে মিলা-মিছা কৰিবলৈ খইৰীৰ মুড নাছিল।
কিছু সময়ৰ পাছত আকৌ এবাৰ আদৰুৱা লেন ধৰি ধৰি খাবলৈ বিচাৰি আহিল খইৰী। এইবাৰ তাইৰে
মুখৰ সমুখতে তাইৰেই খাদ্যৰ প্রস্তুতি ধৈর্য ধৰি চাই থাকি অপেক্ষা কৰিলে আৰু খাবলৈ
দিয়াত তাই খালেও।

তাৰ পাছত আমি শুবলৈ গলোঁ। খাটলৈ নিবৰ বাবে অনেক খোচামতি কৰি মই খইৰীক খাটৰ
ওপৰলৈ আনিলোঁ। মোৰ গা-মূৰ চেলেকি তাই কিছু সময় কুঁচি-মুচি শুই পৰিল। ৰাতি এঘাৰ
বজাত দেখা গ
ল তাই তাইৰ আগঠেং দুটাৰে মোৰ গাৰু দুটা জপটিয়াই ধৰি পিঠি বেঁকা কৰি শৌচ কৰিছে। পেট বেয়া
হৈছে বুলি ভাবি
 তাইক এটা জ্বলি থকা
টর্চ খেলিবলৈ দি অলপমান ভাস্কৰ লৱণ খুৱাই দিলোঁ। সেইদিনা ৰাতি গাৰুৰ গিলিপ
, বিছনা চাদৰ আদিবোৰ ধোৱা-পখলা কৰোঁতে কৰোঁতে অনেক দেৰি হৈ গৈছিল। বাৰিপদালৈ অহাৰ ৰাস্তাত খইৰীৰ বাবে দুটা কপৌ মাৰি
আনিছিলোঁ। ক
ত বা থোৱা হৈছিল জানো, হঠাৎ এটা কপৌ টানি আনি তাইৰ আগঠেঙৰ হাতোৰাৰে মাৰি মুখেৰে
পাখিবোৰ ছিন্ন-ভিন্ন কৰি ছিঙিবলৈ আৰম্ভ কৰিলে। আৰু লগতে মুখৰ ভিতৰত ভৰাই দি খাবলৈ
ধৰিলে। তাই খোৱাৰ সময়ত কপৌৰ দিয়াচালাইৰ কাঠিৰ দৰে হাড়বোৰৰ কুৰ কুৰ শব্দ শুনা
হৈছিল
, কেৱল পাখি ডেউকা দুখন এৰি অন্ত্র সহিত গোটেইটো কপৌ তাই খাই পেলাইছিল।

তাৰ পাছদিনা ৰাতিপুৱা প্রটিনেক্স, গাখীৰ আৰু দুটা কণীৰ কুহুম খোৱাৰ
পাছত তাইৰ ব্রেকফাষ্ট মেনুত অনেক বস্তু একত্ৰিত কৰি এটা মিক্স
ড্‌ কিমা কৰা হৈছিল। তাত আছিল দুটা চেমিনি চৰাই, দুটা কপৌ, এটা পাৰমাংসৰ কিমা আৰু এটা কজল পাতি চৰাইৰ কলিজাৰ কিমা। তাই বেচ ভালদৰে
এই সকলো খাই পেলাইছিল।

সেইদিনা তাইক প্রথমবাৰৰ বাবে গা-ধোৱা টাবত নি বহুৱাই দিলোঁ। বেচ আনন্দেৰে তাই
গা ধুলে। মই সেইদিনা তাইক জীপত লৈ গৈ থাকোঁতে কপৌ এটা মাৰিবৰ বাবে গাড়ী বন্ধ
কৰিলোঁ। তাই হঠাতে গাড়ীৰ পৰা জাঁপ মাৰি চিধা দৌৰ দিলে পথাৰৰ ফালে। পথাৰত বেচ পানী
আছিল। প্রথমে পানীত প্র
স্ৰাৱ কৰি তাৰ পাছত বেচ কিছু
সময় বাগৰি বাগৰি গা ধুলে। কিছু সময়ৰ পাছত মন সন্তুষ্ট হোৱাত তাই গাড়ীলৈ ঘূৰি
আহিল। আকৌ দুই কিল
মিটাৰৰ পাছত এটা হৰৰ চৰাই আৰু কাউৰী মাৰিবলৈ
বুলি মই গাড়ী বন্ধ কৰিলোঁ। খইৰীয়ে সোঁফালৰ খিৰিকীৰে যেন প্রকৃতিৰ সৌন্দর্য উপভোগ
কৰিছিল। এটা বাৰ-তেৰ বছৰৰ স্থানীয় গাঁৱলীয়া ল
ৰাই খইৰীক ভালদৰে চোৱাৰ লোভত তাইৰ ওচৰলৈ আহিল। খইৰী হঠাৎ খিৰিকিৰে জাঁপ মাৰি
পৰিল ল
ৰাটোৰ কান্ধৰ ওপৰত। লৰাটোৱেও তাইক লাহেকৈ ধৰি কোলালৈ লৈ গল। খইৰীয়ে এই পর্যন্ত তাইৰ জীৱনত অনেক মানুহক দেখিছে, কিন্তু এই প্রথমবাৰ তাই ইমান উচ্ছ্বল আনন্দেৰে এটা অপৰিচিত বালকক মুহূর্ততে
নিজৰ কৰি ল
লে।

সেইদিনা গছৰ ওপৰত সজা ডাকবলাত থাকিলোঁ। খাটৰ ওপৰত
শুই আছিল খইৰী। কিছু সময়ৰ পাছত তাই ঠিক মানুহৰ দৰেই বাৰে বাৰে হিকটিয়াবলৈ আৰম্ভ
কৰি দিলে। কিছু পৰ হিকটিওৱাৰ পাছত মুখ তললৈ কৰি দিয়ে আৰু মুখৰ ভিতৰৰ পৰা ফেন হৈ
বিজল-বিজল তৰল বস্তু ওলায়। মই বৰ উৎকণ্ঠিত হৈ পৰিছিলোঁ
, মই আশ্বস্ত হৈছিলোঁ, যেতিয়া তাই ৰাতি শুই পৰি ৰাতিপুৱা তাইৰ নিত্য-নৈমিত্তিক খাদ্য খালে। ৰাতিপুৱা
উঠাৰ পাছত বাথৰুমৰ শ্বাৱাৰৰ তলত থিয় হৈ অনেক সময় ধৰি খইৰীয়ে গা ধুলে।

ইয়াৰ পৰা মই ছেণ্ডিপদাৰ ওচৰতে জীপ এৰি দি আহিছিলোঁ টাঙ্গিৰ ওচৰত এখন গাঁৱলৈ।
ইয়াতে আছিল মোৰ শৈশৱৰ চিকাৰৰ আ
ড্ডা। মুখেৰে ডাউকৰ শব্দ
অনুকৰণ কৰি মাতি আনি কিমান যে ডাউক নামাৰিছিলোঁ। জংঘলৰ মাজত এইবোৰ দুষ্টামি কৰাৰ
সময়ত এদিন এটা চিতা বাঘ ওলাই পৰিল। আৰু কিনো শব্দ হৈছে সেই কৌতূহল নিবৃত্ত হোৱাত
মোৰ কাষেৰেই ইফালে-সিফালে চাই পুনৰ জংঘললৈ সোমাই গ
ল। ইয়াতে ওচৰৰ পৰা দেখিছিলোঁ এজনী প্রকাণ্ড ঢেঁকীয়াপতীয়া বাঘিনীয়ে গাই
এজনীৰ ওপৰত জঁপিয়াই পৰি ওলোটাই দিয়া আৰু তাৰ লগে লগে গাইজনীৰ ডিঙিৰ তলৰ অংশ
কামুৰি ধৰা। গাইজনীৰ ওপৰত আছিল বাঘিনীৰ সমস্ত ওজন আৰু বেচ গম্ভীৰ ভাবেৰে মাটিৰ
ওপৰত ঠেং
 দাঙি বাঘিনীয়ে তাইৰ
ভক্ষটো বেচ জোৰেৰে মাটিত হেঁচি ৰাখিছিল। গাইজনীয়ে অসহায় ভাবেৰে কিছু সময় ঠেং আছাৰি
আছাৰি নিশ্চল হৈ পৰিছিল।

অলপ দূৰত মই বন্দুক পোনাই বহি ৰৈছিলোঁ। চিতা বাঘটো মূৰৰ কেৱল সোঁফালটো দেখা
গৈছিল। মোৰ পিছফালে দেউতাই ফুচ-ফুচাই কৈছিল
, “যা, আৰু অলপমান আগলৈ যা। একেবাৰতে চিতাটো লক্ষ্য কৰি মাৰ। মই ভৰি টিপি টিপি যাওঁতে মোৰ ভৰিৰ তলত এটা শুকান ডাল মৰক্‌কৈ‍ শব্দ হল আৰু বাঘে হঠাৎ ঘূৰি দি পিছলৈ এটা জাঁপ মাৰি অদৃশ্য হৈ গল জংগলৰ ভিতৰত।

গাইজনীৰ ডিঙিৰ সিৰ ছিঙি গৈ প্ৰচুৰ ৰক্তপাত হৈছিল। বাঘেও কিছু ৰক্তপান কৰিছিল।
অনেক বিশ্বাস কৰে যে বাঘে তেজ নাখায় আৰু সিহঁতে কেৱল ডিঙি মুচৰি জন্তু মাৰে।
কিন্তু বাঘে ৰক্তপান কৰে
, যদি সুযোগ আৰু সুবিধা মিলে। ৰক্তপান কৰাৰ পাছত সিহঁতৰ মলৰ ৰং হয় কলা-কলা, পাতল আৰু বিজল। এনেকুৱা বেছি হয় মানুহ মাৰি খালে। বাঘ দেখি কিংকর্তব্যবিমূঢ়
হৈ থমকি থিয় হৈ ৰ
লে মানুহ কেতিয়াবা মূৰ্ছা যায় আৰু বাঘে আহি
মানুহটোৰ ডিঙিটো কামুৰি মাৰে। এনে ধৰণৰ অনেক ঘটনা মই দেখিছোঁ। কিন্তু সেই অসুগড়ৰ
নৰখাদক বাঘটো এক ব্যতিক্রম বুলি অনুভৱ হৈছিল। মানুহ মৰাৰ ঠাইটুকুৰাত দুটা বেচ ডাঙৰ
ডাঙৰ তেজৰ দাগ দেখিছিলোঁ। ভাব হয়
, মৰা মানুহৰ ডিঙিৰ সিৰ ফুটি অতি প্রচণ্ড
বেগেৰে পিচকাৰীৰ দৰে তেজ ওলাইছিল আৰু বাঘে ইমান শীঘ্ৰে ইমান দ্ৰুতগামী ৰক্ত পান
কৰিব নোৱাৰিলে। সেই কাৰণেই সেই তেজৰ দাগ।

সেইদিনা মই বিছনাত শুই আছিলোঁ। ব্লেকিৰ লগত খেলাৰ পাছত খইৰীয়ে মোৰ সৈতে খেলা
আৰম্ভ কৰি দিলে। কোনো এবাৰ অতর্কিত আক্রমণ
, কোনো এবাৰ তাই মোক আচৰিত কৰি দিয়াৰ
ইচ্ছা স্পষ্টকৈ প্রকাশ পাইছিল। কিন্তু তাইৰ নিজৰ মাংসপেশী আৰু স্নায়ুবোৰৰ তাইৰ
অদ্ভুত নিয়ন্ত্রণ শক্তি
, তাকে নহলে তাইৰ খেলত তাই মোক নজনাকৈয়ে আঁচুৰি কামুৰি
ৰক্তাক্ত
 কৰি দিলেহেঁতেন।

খেলি খেলি হঠাৎ খইৰী মোৰ ওপৰলৈ হাফোলা মাৰি আহিল আৰু মোৰ বাঁহাতৰ তলুৱা তাইৰ মুখৰ ভিতৰলৈ টানি নিলে। মোৰ বুঢ়া আঙুলিটো তাই গুড়ি দাঁতেৰে
খুব জোৰেত কামুৰি দিলে। মই আকৌ এবাৰ তাইৰ বাঁ
গালত এটা জোৰৰ চৰ
মাৰিলোঁ। তাই হাতটো এৰি দি দিলে আৰু মুখখন ইফাল
সিফাল কৰি টান চৰটোৰ কষ্ট হজম কৰাৰ চেষ্টা কৰিছিল।

ঘৰটো আন্ধাৰ কৰি শুই পৰাৰ ছলনা কৰিলোঁ। তাই উহু-উহু কৰি মোৰ মূৰ আৰু ডিঙিত মুখ গুঁজিলে। যেন কৈছিল, মোৰ ভুল হৈ গল। মই তাইক বুকুৰ ওপৰত সাবটি ধৰিলোঁ আৰু আমাৰ চাৰিওফালে কেৱল নিৰন্ধ্ৰ অন্ধকাৰ। তাই নিশ্বাস এৰাৰ সময়ত তাইৰ নৰম বুকুৰ উঠা-নমাৰ স্পন্দন মোৰ বুকু বাজিছিল।