ভাব বিতান

ননী বৰদলৈ

 

বাঁহীৰ
মাত এটা ঢপলিয়াই আহিছে

বাঁহীত
ৰাতিৰ সুৰ

বাঁহীটোৰ
সুৰত উটি আহিছে দুটি জোনাকী৷

             ***

 মেঘৰ আঙুলিৰ ফাঁকেৰে

কেইটোপালমান
বৰষুণ সৰি পৰিছিল

পানীপিয়াজনী
চিঞৰি চিঞৰি উৰি গ
ল৷

            ***

বৰষুণৰ
পাছত গো-বাটটোৰ গৰুৰ খোজত

অগণন
জোন

আকাশত
মাথোঁন এটা৷

            ***

ৰজনীগন্ধা
এজোপা ফুলিলেই

বতাহজাক
মতলীয়া হয়

মদাৰজোপাই
নীৰৱে উচুপে৷

           ***

দুখ
এটাই বুকুখন যেতিয়া দ
কৈ খান্দে

দুখন
সাগৰৰ লহৰে

ওপচাই
পেলায় কূল
, দোকোলটকা বানেৰে৷

 

কবিৰ ঠিকনা:
বৰডুবি
ডাক
:
   হুগ্ৰীজান৷
পিন
: ৭৮৬৬০১
জিলা
: তিনিচুকীয়া৷
৯৪৩৫১৩৫৮৫০/ ৭৫৭৫৯৬৭৩৭২