নিয়া (National Investigation Agency)ৰ বিষয়ে কিছু কথা

 অৰূপ কুমাৰ ফুকন

আজি কিছুদিনৰ
পৰা অসমত এই
নিয়া শব্দটোৱে প্ৰায় প্ৰতিজন সচেতন নাগৰিকৰে মনত নানা কৌতুহলৰ সৃষ্টি কৰিছে। বিশেষকৈ
সদ্যসমাপ্ত বিধান সভাৰ নিৰ্বাচনৰ এজন প্ৰা
ৰ্থী প্ৰায় দুটাকৈ
বছৰ এই আইনৰ বিভিন্ন ধাৰাত অভিযুক্ত হৈ কাৰাগাৰত থকা কথাটো
ৱে
আমাৰ ৰাজ্যখনৰ জনসাধাৰণক এই আইনখনৰ সম্পৰ্কত ভাবিবলৈ অথবা চিন্তা
কৰিবলৈ বাধ্য কৰাৰ বাবেই আমি আজি এই আইনখনৰ সম্পৰ্কত আলোচনা কৰিবলৈ লৈ
ছোঁ

২০০৮ চনত
ভাৰতবৰ্ষৰ বাণিজ্যিক ৰাজধানী
মুম্বাইত ২৬/১১/২০০৮ তাৰিখে পাকিস্তানৰ
মদতপুষ্ট লস্কৰ
তৈবা নামৰ এটা
উগ্ৰপন্থী সংগঠনে কৰা ভয়াবহ আক্ৰমণৰ কথা আমাৰ সকলোৰে জ্ঞাত। এই উগ্ৰপন্থী আক্ৰমণৰ
পাছতেই ভাৰত চৰকাৰে ততাতৈয়াকৈ ৩১/১২/২০০৮ তাৰিখে ২০০৮ চনৰ আইন নং ৩৪-ৰ জৰিয়তে
The
National Investigation Agency Act, 2008 নামেৰে এখন আইন তাৎক্ষণিকভাৱে
সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ প্ৰ
য়ন কৰে। এই আইনখনকে আমি নিয়া বুলি সকলোৱে জানো। এই তদন্তকাৰী সংস্থাটো হৈছে
এটা যুক্তৰাষ্ট্ৰীয়  (
Federal
Agency) তদন্তকাৰী সংগঠন, যিটো আমেৰিকাৰ এফ বি
আইৰ দৰে সংগঠ
ৰ লগত তুলনা কৰিব পাৰি।

এই আইনখন প্ৰয়ন
হোৱাৰ আগতেও অন্য বহুতো আইন আমাৰ দেশত প্ৰ
য়ন কৰা হৈছিল আৰু
সেই প্ৰায় সকলোবোৰ আইনেই জম্মু আৰু কাশ্মীৰৰ বাহিৰে সমগ্ৰ দেশতে প্ৰযোজ্য হ
ব বুলি ঘোষণা কৰা হয়। যদিও আলোচ্য আইনখন কিন্তু
সমগ্ৰ দেশতে প্ৰযোজ্য হোৱাকৈ প্ৰ
য়ন কৰা হৈছে

এই  The National Investigation Agency Act, 2008 আইনখনেই আজি আমাৰ
আলোচ্য বিষয়। ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থাটোক এই 
The National Investigation Agency Act আইনখনেই জন্ম
দিয়ে। যিহেতু আগতে উল্লেখ কৰা মতে মুম্বাইত উগ্ৰপন্থী সংগঠনৰ দ্বাৰা আক্ৰান্ত
হোৱাৰ ঠিক পাছতে এই আইনখন প্ৰণয়ন কৰা হৈছিল
, সেয়ে পাছৰ
পৰ্যায়ত বিভিন্ন দিশ আলোচনা /পৰ্যালোচনা কৰি ভাৰত চৰকাৰে ২০১৯ চনত এই আইনখনৰ এক
সংশোধনী আনে।

আমাৰ দেশত এই
আইন প্ৰণয়ন হোৱাৰ আগতেও কেন্দ্ৰীয় চৰকাৰৰ অধীনত
কেন্দ্ৰীয়
অনুসন্ধানকাৰী সং
স্থা’ (CBI-Central Bureau  of Investigation) আছিল। এই
সংস্থাটোক প্ৰত্যক্ষভা
ৱে কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশত
অনুসন্ধান কৰিব পৰা ক্ষমতা দিয়া আছে আৰু ইয়াৰ পৰিসীমাও নিৰ্ধাৰণ কৰি থোৱা আছে
,
যিয়ে ৰাষ্ট্ৰীয় আৰক্ষী (National
Police) –ৰ পৰিপূৰক হিচাপে কাম কৰিব লাগে। মূলতঃ CBI
সংস্থাটো হল দেশৰ আৰক্ষীৰ এটা পৰিপূৰক অংশ। নিয়া হল এনে এটা মুক্ত ৰাষ্ট্ৰীয় অনুসন্ধানকাৰী সংস্থা যিটো সংস্থাই দেশৰ যিকোনো ঠাইত যিকোনো পৰিস্থিতিতে যেনেকুৱা ধৰৰ বিপদ অথবা সন্ত্ৰাস নহওক কিয় তেনে পৰিস্থিতিতে
অনুসন্ধান অব্যাহত ৰাখি কাম কৰি যাব পাৰে।
 

ভাৰতবৰ্ষত
ইংৰাজে শাসন কৰি থকা অৱস্থাতে প্ৰ
য়ন কৰা (৬/১০/১৮৬০)
ভাৰতীয় দ
ণ্ডবিধি আইনে (Indian Panel Code) বিভিন্ন অসামাজিক, অন্যায়, অনৈতিক
কাৰ্য প্ৰতিহত কৰি আইন সংগতভাৱে দোষীক শাস্তি প্ৰদান কৰাৰ বিধান প্ৰণয়ন কৰি থৈছে
যদিও সকলো দোষকে চুব নোৱাৰাৰ বাবেই বিভিন্ন সময়ত সময়সাপেক্ষ বিভিন্ন আইন প্ৰণয়ন
কৰি দেশৰ নাগৰিকক সুৰক্ষা প্ৰদান কৰি আহিছে। তথাপিও আমাৰ দেশত এচাম লোকে আইন ভংগ
কৰি বিভিন্ন ধৰণৰ অপৰাধ সংঘটিত কৰি আহিছে।

সেই দিশসমূহ পৰ্যালোচনা কৰি ৩০/১২/১৯৬৭ চনতে আমাৰ দেশত Unlawful Activities
(Prevention) Act, 1967 নামৰ আৰু এখন আইন প্ৰণয়ন কৰিব লগা হয়।
২০১৯ চনত উক্ত আইনখন সংশোধন কৰি নিয়াৰ দ্বাৰাই তদন্ত কৰোৱাব পৰা ক্ষমতা প্ৰদান কৰা
হয় আৰু ২০১৯ চনৰ সংশোধনীৰে
The Unlawful Activities (Prevention) Amendment
Act 2019 চমুকৈ (UAPA)-নিয়াৰ বিষয়াৰ দ্বাৰা স্বতন্ত্ৰভাৱে তদন্ত,
আক্ৰমণ (raid), জব্দ আদি কৰিবলৈ ক্ষমতা প্ৰদান কৰে।

নিয়াৰ দ্বাৰাই মূলতঃ তলত উল্লেখ কৰা আইনকেইখনৰ উপৰিও
ভাৰতৰ দণ্ডবিধি আইনৰ কেইটামান ধাৰাৰ লগতে অন্য দুখন আইনৰ অধীনত তদন্ত
, আক্ৰমণ (raid), অথবা জব্দ কৰাৰ অধিকাৰ প্ৰদান কৰিছে।
আইন কেইখন হৈছে:

১)  The Explosive
Substance Act, 1908 

২) The Atomic Energy Act, 1962 

৩) The Unlawful Activities (
Prevention) Act, 1967 

৪) The Antihijacking Act, 1982 

৫) The Suppression
of Unlawful Act Against Safety of Civil Aviation Act, 1982

৬)The SARCC
Convention (Suppression of Terrorism
) Act, 1993

৭)The Suppression
of Unlawful Act Against Safety of Maritime Navigation Act Fixed Platform of
Continental Self Act, 2002 আৰু

৮)The Weapon of
Mass  Destruction And Care Delivery
System (Prohibition Of Unlawful Activities) Act, 2005 । লগতে 
১৮৬০ চনৰ
ভাৰতীয় দণ্ডবিধি আইনৰ ১২১ ধাৰাৰ পৰা ১৩১ ধাৰালৈকে
; ৩৭০ আৰু ৩৭০(a)
আৰু ৪৮৯ (a) ধাৰাৰ পৰা ৪৮৯(e) ধাৰালৈকে কৰা অপৰাধসমূহ ১৯৫১ চনৰ অস্ত্ৰ আইনৰ ২৫ নং ধাৰা আৰু 
২০০০ চনৰ তথ্য
প্ৰযুক্তি আইনৰ ৬৬(
F) ধাৰাৰ অধীনৰ গোচৰসমূহ (অৱশ্যে মাননীয় উচ্চতম ন্যায়ালয়ে ২৪/০৩/২০১৫ তাৰিখৰ
এক নিৰ্দে
যোগে এই ধাৰাটো বাতিল কৰিছে)।

ওপৰত উল্লেখ কৰা আইনসমূহৰ অধীনত অথবা
ভাৰতীয় দণ্ডবিধি আইনৰ উল্লিখিত ধাৰাসমূহৰ লগতে অস্ত্ৰ আইনৰ ২৫ নং ধাৰা অথবা তথ্য
প্ৰযুক্তি আইনৰ ৬৬(
F)  ধাৰাৰ
গোচৰসমূহ এই
নিয়াঅথাৎ ৰাষ্ট্ৰীয়
অনুসন্ধান সংস্থাই নিজাববীয়াকৈ বা চৰকাৰৰ নিৰ্দেশত খৰতকীয়াকৈ তদন্ত কৰি
নিয়াৰ আদালতত বিচাৰৰ বাবে অভিযোগনামা দাখিল কৰি
দোষীক শাস্তি দিয়াৰ ব্যৱস্থা দিয়া আছে।

 ১৯৭৩ চনত প্ৰয়ন কৰা ভাৰতীয় কাৰ্যবিধি আইন (Criminal Procedure Code)-ৰ বিধি ব্যৱস্থা মতে যিদৰে ফৌজদাৰী (criminal ) গোচৰসমূহ তদন্ত আৰু বিচাৰ প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰি,
ঠিক তেনে ধৰ
ণেৰেই নিয়া’-ৰ দ্বাৰা লোৱা গোচৰসমূহো নিয়াই এই কাৰ্যবিধি অনুসৰি কৰিব লাগে কিন্তু নিয়া’-ই নিজাববীয়াকৈও তদন্ত তথা বিচাৰ কৰাৰ বিধান এই
আইনত উল্লেখ কৰা আছে

ভাৰতীয় কাৰ্যবিধি আইন ১৫৪ নং ধাৰাত
উল্লেখ থকা মতে
, যেতিয়াই কোনো এজন ব্যক্তিয়ে নিৰ্দিষ্ট এলেকাৰ ভিতৰৰ সংশ্লিষ্ট আৰক্ষী থানাত ওপৰত উল্লেখ কৰা আইন বা ধাৰাসমূহৰ
অধীনত কোনো এটা গোচৰৰ সংক্ৰান্তত এজাহাৰ দাখিল কৰে
, তেতিয়াই
সেই সংশ্লিষ্ট আৰক্ষী থানাই ৰাজ্য চৰকাৰক সেই অভিযোগৰ সম্পৰ্কত অৱগত কৰিব লাগিব
আৰু ৰাজ্য চৰকাৰে যিমান সোনকালে সম্ভৱ হয়
, সেই অভিযোগৰ
সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰক অ
গত কৰিব লাগিব। সেইমতে
কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ অথবা অন্য কোনো উৎসৰ যোগেদি অৱগত হোৱাৰ পোন্ধৰ দিনৰ
ভিতৰতে সিদ্ধান্ত লৈ আগতে উল্লেখ কৰা আইনসমূহ তথা ধাৰাসমূহৰ লগত সংগতি থকা অভিযোগ
হলে
নিয়াৰ হাতত উক্ত গোচৰৰ তদন্তৰ
ভাৰ দিব লাগিব। এই আইনত উল্লেখ থকা মতে উক্ত অভিযোগৰ ভিত্তিত কেন্দ্ৰীয় চৰকাৰ
পতিয়ন যাব লাগিব যে অভিযোগটো (ৰাজ্য চৰকাৰৰ পৰা পোৱা) অনু
সূচীভুক্ত
অপৰাধ (
Schedule Offence) আৰু ই ‘নিয়াৰ তদন্তৰ আওতাৰ ভিতৰত পৰে৷ তেতিয়া সেইমতেই কেন্দ্ৰীয় চৰকাৰে নিয়াক তদন্তৰ বাবে নিৰ্দেশ দিব।

 নিয়াই তদন্তৰ নিৰ্দেশ পোৱাৰ লগে লগেই ৰাজ্য চৰকাৰে সংশ্লিষ্ট আৰক্ষী থানাক যাতীয় নথিপত্ৰ সহ তদন্তৰ সমুদায় তথ্যপাতি নিয়াৰ হাতত দিবলৈ বাধ্য কৰিব। কিন্তু নিৰ্দেশনা নোপোৱালৈকে সংশ্লিষ্ট থানাই তদন্ত অব্যাহত ৰাখিব লাগিব বা ৰাখিব পাৰে।

 এই নিয়া আইনৰ অধীনত তদন্তকাৰী সংস্থাটো যদিহে প্ৰতীয়মান হয়
যে উক্ত গোচৰটো
নিয়া আইনৰ
অনুসূচীভুক্ত অথবা আগতে উল্লেখ কৰি অহা আইনসমূহৰ অন্তৰ্গত
; তেতিয়া
তদন্তকাৰী সংস্থাটো
ৱে নিয়া আইনৰ অনুসূচীভুক্ত আইন অথবা ধাৰাত লৈও উক্ত গোচৰ নিজাববীয়াকৈ তদন্ত কৰিব
পাৰিব আৰু তেনে অৱস্থাত কেন্দ্ৰীয় চৰকাৰ অথবা ৰাজ্য চৰকাৰৰ কোনো নিৰ্দেশনাৰ
প্ৰয়োজন নাথাকে। আৰু তেনে অৱস্থাত ঘটনাৰ লগত জড়িত যিকোনো ব্যক্তিকে গ্ৰেপ্তাৰ
অথবা কিবা সামগ্ৰী জব্দ কৰিব লগা হ
লেও সংশ্লিষ্ট ৰাজ্য
চৰকাৰৰ পৰা কোনো ধৰণৰ অনুমতিৰ প্ৰয়োজন নহয়।

 এই নিয়া আইনৰ অধীনতে কেন্দ্ৰীয় চৰকাৰৰ জাননী আৰু অনুমোদন সাপেক্ষে সংশ্লিষ্ট
এলেকা অথবা ৰাজ্য চৰকাৰৰ অনুমোদিত এলেকাত একোখনকৈ
নিয়া আদালত স্থাপন কৰিব পাৰিব।

 এই নিয়া আইনখনত দিয়া বিধান মতেই নিয়া আদালতৰ বিচাৰপতিসকলক বিশেষ ন্যায়াধীশৰূপে নিযুক্তি দিব লাগিব। এই বিশেষ
ন্যায়াধীশ নিযুক্তিৰ বাবে
নিয়া
অথাৎ সংস্থাটোৱে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ উচ্চ ন্যায়ালয়ৰ মুখ্য বিচাৰপতিক ন্যায়াধীশ
নিযুক্তিৰ বাবে আ
ৱেদন কৰিব লাগিব আৰু উচ্চ ন্যায়ালয়ৰ মুখ্য
বিচাৰপতিয়ে এনে আ
ৱেদন পোৱাৰ সাত দিনৰ ভিতৰত এনে বিশেষ
ন্যায়াধীশক নিযুক্তি দিবৰ বাবে কেন্দ্ৰীয় চৰকাৰক জনাব লাগিব। আৰু এই বিশেষ
ন্যায়াধীশগৰাকীক সংশ্লিষ্ট ৰাজ্যৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অনুমোদন লৈ
কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিব লাগিব। প্ৰয়োজনসাপেক্ষে কেন্দ্ৰীয় চৰকাৰে উচ্চ
ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অনুমোদনসাপেক্ষে এজন বা ততোধিক অতিৰিক্ত বিশেষ
ন্যায়াধীশকো নিযুক্তি দিব পাৰে।

  যিকোনো এজন কাৰ্যবাহী জিলা আৰু সত্ৰ
ন্যায়াধীশ অথবা অতিৰিক্ত জিলা আৰু সত্ৰ ন্যায়াধীশকে
নিয়া আদালতৰ বিশেষ ন্যায়াধীশ হিচাপে নিযুক্তি দিব পাৰে। আৰু সেইদৰে প্ৰতিখন নিয়া’’ৰ বিশেষ আদালতত একোগৰাকী বা ততোধিক অধিবক্তাক
বিশেষ লোক অধিবক্তা (
Special Public Prosecutor ) অথবা
অতিৰিক্ত বিশেষ লোক অধিবক্তা হিচাপে কেন্দ্ৰীয় চৰকাৰে নিযুক্তি দিব পৰা বিধান এই
নিয়া আইনত উল্লেখ আছে।

  নিয়াৰ বিশেষ আদালতে অভিযুক্তসকলৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰাৰ পাছতহে
বিশেষ ন্যায়াধীশে আদালতত বিচাৰ কাৰ্য চলাব পাৰিব। অভিযোগনামা দাখিল কৰাৰ পাছত
নিয়াৰ আদালতে সেই অভিযোগনামা বিশ্লেষণ কৰি চাই
যদিহে পতিয়ন যায় যে উক্ত অভিযোগৰ ভিত্তিত অভিযুক্ত ব্যক্তিজনৰ শাস্তি তিনি
বছৰতকৈ বেছি নহয়
, লগতে যদি জৰিমনা বা দুয়োটা শাস্তি প্ৰয়োগ কৰিব
পৰা অপৰাধ সংঘটিত হয়
, তেতিয়া তেনে ধৰণৰ গোচৰসমূহ ভাৰতীয়
কাৰ্যবিধিৰ ২৬৩-ৰ পৰা ২৬৫ ধাৰাৰ অধীনত তাৎক্ষণিকভাৱে বিচাৰ কৰি শাস্তি প্ৰদান
কৰা ব্য
স্থা আছে। এই আইনত উল্লেখ থকামতে যদিও এই গোচৰ
সংক্ষিপ্ত বিচাৰ (
Summery Trial) পদ্ধতিৰে নিষ্পত্তি কৰিব পাৰি, তথাপি এনে ধৰণৰ গোচৰত অভিযুক্তজন
দোষী সাব্যস্ত হ
লে তেওঁক নিয়াৰ বিশেষ ন্যায়াধীশৰ আদালতে এবছৰৰ কম কাৰাবাস আৰু পাঁচ লাখ টকা পৰ্যন্ত
জৰিমনা বিহিব পৰাৰ ক্ষমতা দিয়া হৈছে।

ভাৰতত প্ৰযোজ্য হৈ থকা কাৰ্যবিধি আইনমতে
জিলা আৰু সত্ৰ ন্যায়াধীশৰ আদালতৰ কাৰ্যক্ৰমণিকাৰ ধৰ
ণেই এই নিয়াৰ বিশেষ আদালতে
কাৰ্যনিৰ্বাহ কৰিব পাৰে।

নিয়াৰ এই বিশেষ আদালতৰ আদেশ, ৰায় বা শাস্তিৰ বিৰূদ্ধে
উচ্চ ন্যায়ালয়ত আ
পীল বা পুৰীক্ষণ (Revision)-ৰ বাবে দৰ্খাস্ত কৰাৰ ব্যৱস্থা আছে। কিন্তু তাৰ কাৰণে এই বিশেষ ন্যায়াধীশৰ
কোনো আদেশ অন্ত
ৰ্তীকালীন ( Interlocutory)
হ’ব নালাগিব। এই আইনৰ অধীনত যদিহে অভিযুক্ত ব্যক্তিয়ে বিশেষ আদালতৰ
ৰায়ৰ বিৰুদ্ধে আ
পীল কৰে, তেতিয়া তেনে
পীল সংশ্লিষ্ট উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠেহে (Divisional
Bench) আপীল গ্ৰহণ কৰি শুনানি লব পাৰিব। ইয়াত
অভিযুক্তৰ জামিনৰ দৰ্খাস্তৰ ক্ষেত্ৰত তেনে কোনো ধৰা বন্ধা নিয়ম নাই। অভিযুক্তজনে
জামিনৰ ক্ষেত্ৰত
নিয়াৰ বিশেষ আদালতৰ
নিৰ্দেশৰ (
order)-ৰ বিৰুদ্ধে উচ্চ ন্যায়ালয়ত আৱেদন কৰিব পৰা অধিকাৰ দিয়া আছে। এই সমুদায় বিধি-ব্যৱস্থা ভাৰতত প্ৰযোজ্য হৈ
থকা ফৌজদাৰী কাৰ্যবিধি আইন অনুসৰিয়েই নিৰ্দিষ্ট সময় সীমাৰ ভিতৰত কৰিব পাৰে।

  National Investigation Agency Act,
2008-ত 
পাঁচটা অধ্যায় বা পৰিচ্ছেদৰ সৈতে সৰ্বমুঠ ২৬ টা ধাৰা সংযোজিত হৈ আছে । প্ৰথম অধ্যায়ৰ ১ নং ধাৰাত এই আইনৰ ঘোষণা, প্ৰয়োগ আদিৰ কথা উল্লেখ আছে। ২ নং ধাৰাত বিভিন্ন সংজ্ঞাসমূহ নিৰ্ধাৰণ
কৰা আছে. যেনে এজেঞ্চি
, বিধি, উচ্চ
ন্যায়ালয়
, অনুসূচিত অপৰাধসমূহ,
বিশেষ আদালত, বিশেষ লোক অভিযুক্ত ইত্যাদি। দ্বিতীয় অধ্যায়ৰ ৩নং ধাৰাৰ পৰা ৫ নং ধাৰালৈকে ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা (National
Investigation Agency)
বুলিলেনো কি অৰ্থ বুজায় তাৰ উল্লেখ আছে। এই
সংস্থা কেনেদৰে গঠন কৰা হয় ইয়াৰ তদাৰক কেনেকৈ কৰা হয় ইত্যাদি এই অধ্যায়তে আছে। তৃতীয় অধ্যায়ৰ ৬ নং ধাৰাৰ পৰা
১০ নং ধাৰালৈকে অনুসূচিত অপৰাধ বা আগতে উল্লেখ কৰা আইনসমূহৰ বিৰুদ্ধাচৰণ কৰা
অভিযুক্তসকলৰ বিৰুদ্ধে কিদৰে অনুসন্ধান কৰি
নিয়াৰ বিশেষ আদালতত কেনে ধৰণে অভিযোগনামা দাখিল কৰিব লাগে তাৰ বিধান দিয়া আছে।
পঞ্চম অধ্যায়ৰ ১১ নং ধাৰাত
নিয়া
আইনৰ অধীনত বিশেষ আদালত গঠন কৰাৰ বিধান দিয়া আছে। সেইদৰে ১২ নং ধাৰাৰ পৰা ২২ নং
ধাৰালৈকে এই বিশেষ আদালতৰ বিচাৰ প্ৰক্ৰিয়াৰ কথা উল্লেখ আছে। এই পঞ্চম অধ্যায়তে
২২ নং ধাৰাৰ যোগেদি ৰাজ্য চৰকাৰকো
নিয়া আইনৰ অধীনত বিশেষ আদালত গঠ কৰি অনুসূচিত অপৰাধসমূহৰ অভিযুক্তৰ বিৰুদ্ধে বিচাৰ কৰিব পৰা ক্ষমতা দিছে। ষষ্ঠ
অধ্যায়ত এই আইনৰ অধীনত উচ্চ ন্যায়ালয়ৰ নীতি নিৰ্ধাৰণ কৰিব পৰা ক্ষমতা দিছে আৰু
এই আইনত উল্লেখ থকা অসুবিধাসমূহো নাকচ বা খাৰিজ কৰিব পৰা ক্ষমতা দিছে আৰু
কেন্দ্ৰীয় চৰকাৰক নতুন বিধি বিধান ৰচনা কৰি প্ৰয়োগ কৰাৰ ক্ষমতা দিছে।

  কাৰ্যতঃ ভাৰতবৰ্ষৰ নাগৰিকক ভাৰতীয়
সংবিধানে দিয়া অধিকাৰসমূহৰ লগতে বিভিন্ন আইনৰ যোগেদি নাগৰিকসকলে লাভ কৰা অধিকাৰ
তথা সুবিধাসমূহ গ্ৰহণ কৰি যাতে কোনো সন্ত্ৰাসবাদী সংগঠন বা কোনো আইন ভঙ্গকাৰী লোকে ভাৰতৰ অখ
ণ্ডতা আৰু সাৰ্বভৌমত্বৰ ওপৰত আঘাত হানিব নোৱাৰে, তাৰ
প্ৰতি লক্ষ্য ৰাখিয়েই এই
নিয়া আইনখন
প্ৰণয়
কৰি প্ৰৰ্তন কৰা হৈছে। ভাৰতৰ
সচেতন নাগৰিক হিচাপে আমাৰো এই আইন  বিধানসমূহ
পালন কৰি দেশৰ অখ
ণ্ডতা আৰু সাৰ্বভৌমত্বক প্ৰতিহত কৰিব খোজা
যিকোনো শক্তিকে বাধা দিয়া
টো আমাৰ দায়িত্ব।


ঠিকনা : 

উপপথ এন্, পশ্চিম মিলন নগৰ

ডিব্ৰুগড়- ৭৮৬০০৩, অসম।

ফোন : ৯৪৩৫৩৩০০৫১