সম্পাদকীয়

সাম্প্ৰতিক মহামাৰীত আমি কি কি
হেৰুৱাইছোঁ

 

এদিন
দুদিনকৈ প্ৰায় দেৰ বছৰ পাৰ হ
ল কিন্তু কনাভাইৰাছজনিত মহামাৰীৰ আতঙ্ক আজিকোপতি মাৰ নগল৷ আইছলেশ্যন, চিয়েল ডিষ্টেঞ্চিং,
হেণ্ড ছেনিটাইজাৰ, মাস্ক্, লক্‌ডাউন্‌, আনলক্‌ আদিকৈ নানান শব্দৰ বহুল ব্যৱহাৰে
জগতখনকে যেন এইখিনি সময়ত সলনি কৰি পেলাইছে৷ দৰাচলতে আক্ষৰিক অৰ্থাৎ পৃথিৱীখন ২০১৯
বৰ্ষৰ আদিছোৱাৰ দৰে গোলাকাৰেই হৈ আছে ঠিক
, হয়তো এইখিনি সময়ত
জৈৱ ইন্ধন ব্যৱহাৰ হোৱা যান-বাহন কিছু কমকৈ চলা কাৰণে পৃথিৱীৰ বায়ুমণ্ডলো কিছু
পৰিষ্কাৰ হৈছে৷ কিন্তু আমাৰ চকুৰ আগতে
, আমি মন নকৰাকৈয়ে
মানুহৰ সমাজখন দ্ৰুত গতিত সলনি হৈ গৈছে৷

এই মহামাৰীত
বহু লোকে প্ৰাণ হেৰুৱাইছে৷ বহুতে হেৰুৱাইছে সংস্থাপন৷ কিন্তু প্ৰাণ হেৰুওৱাসকলৰ
আত্মীয়-স্বজনেই হওক বা সংস্থাপন হেৰুওৱাসকলৰ পৰিয়ালেই হওক দুবেলা দুমুঠি নোখোৱাকৈ
থকা নাই৷ তেখেতলোকৰ কষ্ট হৈছে
, সেই কষ্টৰ প্ৰতি আমাৰ সহমৰ্মিতাও আছে৷ কিন্তু তেনে
ক্ষতিতকৈও অধিক তথা সুদূৰপ্ৰসাৰী ক্ষতিৰ সম্মুখীন হৈছে আজিৰ মানৱ সমাজ৷ বহুতে মানি
বলৈ টান পাবও পাৰে, কিন্তু
সাম্প্ৰতিক মহামাৰীত আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে ভাৰতৰ দৰে উন্নয়নশীল দেশৰ শিশুৰপৰা যুৱক-যুৱতীলৈকে যিসকল
বিভিন্ন শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰীসকল৷ কেনেকৈ
?

জীৱনত
প্ৰথম বাৰৰ বাবে স্কুললৈ গৈ এটা শিশুৱে কি শিকে
? প্ৰথমে শিকে ঘৰখন যেনেকৈ তেওঁক লৈ ব্যস্ত
হয় তেনেকৈ ঘৰৰ বাহিৰৰ জগতখন তেওঁক লৈ ব্যস্ত নহয়৷ বৰং
, ঘৰখনৰ
বাহিৰৰ জগতখনত তেওঁৰ একো গুৰুত্বই নাই৷ দ্বিতীয়তে শিকে সমাজ বোলা ধাৰণাটো৷ নিজৰ
নিচিনা একে বয়সৰ
, একে ভাব-চিন্তাৰ সহপাঠীসকলে পৰস্পৰৰ সৈতে
আপোনাআপুনি এখন সমাজ পাতি লয়৷ তৃতীয়তে
, পিতৃ-মাতৃ কিম্বা ঘৰৰ
জ্যেষ্ঠসকলৰ দৰে বা তেওঁলোকতকৈও অধিক জনা-বুজা শ্ৰদ্ধেয় লোক ঘৰৰ বাহিৰতো আছে বুলি
তেওঁ বুজি পায়৷ এনেকৈ স্তৰে স্তৰে ন
  ন জ্ঞান আহৰণ কৰি প্ৰকৃততে পাঠশালাতে শিশু এটাই  মানুহ  হিচাপে বৌদ্ধিকভাৱে
জন্মলাভ কৰে৷ মানুহ এজনৰ প্ৰথম জন্ম হৈছে এবিধ প্ৰাণী বা জন্তু হিচাপে জন্মগ্ৰহণ৷
এই দ্বিতীয় ধৰণৰ বৌদ্ধিক জন্মইহে মানুহ এজনৰ জীৱনৰ গতিপথ নিয়ন্ত্ৰণ কৰে৷

নাভাইৰাছজনিত পৰিৱেশত আমাৰ প্ৰথম বাৰৰ বাবে বিদ্যালয় গৰকিবলগীয়া শিশুসকলে
কাৰ্যতঃ দুটা শিক্ষাবৰ্ষ হেৰুৱাইছে৷ তেওঁলোকে উপলব্ধি কৰিব নোৱৰাটো স্বাভাৱিক

তেওঁলোকে প্ৰকৃতপক্ষে কি হেৰুৱাইছে; কিন্তু
সৰহ সংখ্যক অভিভাৱকো শিশুসকলৰ এই অৱস্থাটোক লৈ অকণো উদ্বিগ্ন কিম্বা চিন্তিত
নোহোৱাটোহে আশ্চৰ্যজনক৷ তেন্তে আমাৰ মনত জাগি উঠা আন এটা প্ৰশ্ন
আমাৰ শিশুসকলৰ কথা ভাবিব কোনে?

একেবাৰে
প্ৰথম চাম শিশুৰ কথা এৰিছোঁ৷ এইবাৰ তেওঁলোকতকৈ ডাঙৰসকলৰ কথালৈ আহোঁ৷ মন কৰিব লাগিব
, এই মহামাৰী আৰম্ভ
হোৱাৰ প্ৰাক মুহূৰ্তলৈকে বিভিন্ন শিক্ষানুষ্ঠানত ডিজিটেল ধাৰণাৰে পাঠদান আৰু
পাঠগ্ৰহণৰ সা-সুবিধা সম্পৰ্কে চিন্তা-চৰ্চা চলিছিল৷ সেই উদ্দেশ্যে বহু আগ শাৰীৰ
শিক্ষানুষ্ঠানত ভিডিঅ
কন্‌ফাৰেঞ্চিঙৰ সা-সুবিধাৰে সমৃদ্ধ
সভাকক্ষ আদি নিৰ্মাণ কৰা হৈছিল৷ পিছে মহামাৰী বিশ্বজুৰি আৰম্ভ হোৱাৰ মাত্ৰ
কেইদিনমানৰ ভিতৰতে কম্পিউটাৰ আৰু ম
বাইল ফোনত চলাব পৰা এনে
কিছুমান মিটিং এপ্লিকেশ্যন (চমুকৈ এপ্‌ বুলি কয়) ওলাল যে উপৰি উক্ত
ভিডিঅকন্‌ফাৰেঞ্চিঙৰ সা-সুবিধাৰে সমৃদ্ধ সভাকক্ষৰ ধাৰণাটো আহি এণ্ড্ৰয়ড্‌ ফোনৰ ৰূপত মানুহৰ হাতৰ মুঠিতে সোমাই পৰিলহি৷

হয়, প্ৰযুক্তিৰ দিশৰপৰা
এনে উন্নতি চমকপ্ৰদ৷ পিছে ইমান দিনে যদিও আলোচিত হৈ আহিছিল
সৰু
ৰা-ছোৱালীক মবাইল ফোন দিব নালাগে
বুলি, মহামাৰী অহাৰ লগে লগে ইমান দীৰ্ঘদিনীয়া ধাৰণা
একোটাও মষিমূৰ হৈ পৰিল৷ এতিয়া আমি মনত পেলাই চাওঁচোন
, আমি
বাৰু সৰু ল
ৰা-ছোৱালীক মবাইল ফোন কিয়
দিব নালাগে বুলি কথা পাতিছিলোঁ
? দিশ আছিল দুটা প্ৰথমটো, ইণ্টাৰনেট সংযুক্ত ফোনত জগতৰ ভাল-বেয়া
দুয়োটা দিশ মুকলি বজাৰৰ ৰূপত অনিয়ন্ত্ৰিত ধৰণে 
পোৱা যায়৷
সাধাৰণতে ভাল-বেয়াৰ ধাৰণা আপেক্ষিক হ
লেও কম বয়সৰ লোকে
বিৱেচনা শক্তিৰ অকালপক্কতাৰ কাৰণেই ইণ্টাৰনেটৰ যোগেদি বেয়াৰ (মানে বয়স সাপেক্ষে অপকাৰী) জগতখনত পতিত হোৱাৰ
আশঙ্কা আছিল (আজিও আছে)৷ দ্বিতীয়তে
, বাইল
ফোনৰ ৰেডিয়েশ্যন চকু আৰু মগজুৰ কাৰণে ক্ষতিকাৰক বুলি বহু স্বাস্থ্য বিশেষজ্ঞই
কৈছিল৷ এতিয়া মহামাৰী আৰম্ভ হোৱাৰ লগে লগেই যিহেতু প্ৰযুক্তিবিদ্যাৰ উন্নয়ন সাধিত
হৈছে
, গতিকে সকলোৰে হাতত মবাইল ফোন
একোটা তুলি দিয়াত সকলোৱে হাত উজান দিলে৷ আৰু এতিয়া কম বেছি পৰিমাণে সকলোৰে হাতত
এণ্ড্ৰয়ড্‌ ম
বাইল ([তেনে একোটা কিনিবলৈ ঘৰৰ কি সম্পত্তি
বিক্ৰী কৰিবলগীয়া হৈছে সেইটো প্ৰশ্নৰ স্থান অৱশ্যে বেলেগ)৷
 

এনে
পৰিপ্ৰেক্ষাত মানুহ জীয়াই থাকিব পৰা এটা ব্যৱস্থা হিচাপে
 সকলোচলি আছে স্বাভাৱিকভাৱেই৷ গেলামালৰ দোকানৰপৰা হাৰ্ডৱেৰ সামগ্ৰীৰ দোকানলৈকে সকলো খোলা৷ পাণ-তামোলৰ দোকানৰপৰা সুৰাৰ দোকানলৈকে সকলো খোলা
আছে
, চলি আছে৷ প্ৰতিটো চৰকাৰী বিভাগৰ প্ৰতিটো কাৰ্যালয় চলি
আছে৷ চব চলি আছে৷ কেৱল স্বাভাৱিকভাৱে চলা নাই ভাৰতবৰ্ষৰ শিক্ষাখণ্ডটোহে৷ আমাৰ দেশত এই খণ্ডটোক
লৈয়ে কিন্তু সকলোৱে ডাঙৰ ডাঙৰ বক্তৃতা দিয়ে
কয় যে ভৱিষ্যতৰ
পৃথিৱীৰ সৰ্বাধিক সংখ্যক যোগ্য যুৱ মানৱ সম্পদ প্ৰস্তুত কৰি আছে ভাৰতবৰ্ষই৷ সঁচানে
?
এনে উক্তিক আমি আমাৰ বাস্তৱৰ অভিজ্ঞতাৰ আধাৰত সমৰ্থনযোগ্য ভুলি
ভাবিব পাৰোঁনে
?

সম্ভৱতঃ
পৃথিৱীত ইতিপূৰ্বে সংঘটিত হোৱা সকলো মহামাৰীৰ তুলনাত এইবাৰৰ ক
ভিড মহামাৰীয়েই মানৱ
তথা জীৱজগতৰ অনিষ্ট কৰিছে সৰ্বাধিক৷ অনিষ্টৰ অধিকতা অনধিকতা সদায়ে মৃতকৰ সংখ্যাই
নিৰ্ণয় নকৰে৷ অন্ততঃ শতাব্দীৰ পূৰ্বে জগতত যি মহামাৰী হৈছিল তাৰ তুলনাত বৰ্তমানৰ
পৃথিৱীৰ অনিষ্ট হৈছে বেছি৷ এই অনিষ্টৰ পৰিমাণ নিৰ্ণয় কৰিব পাৰি ক্ৰমে মৃতকৰ সংখ্যা
,
কৰ্মসংস্থাপন হেৰুওৱা লোকৰ সংখ্যা, মানসিকভাৱে
হতাশ হৈ মৃতপ্ৰায় জীৱন অতিৱাহিত কৰা লোকৰ সংখ্যা
, শিক্ষাবৰ্ষ
হেৰুৱাই হতাশাৰ বলি হোৱা শিক্ষাৰ্থীৰ (কম বয়সীয়া
, মন
কৰিবলগীয়া) সংখ্যা
, জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত (দশম শ্ৰেণীৰ চূড়ান্ত পৰীক্ষা বা মেট্ৰিক পৰীক্ষা) অৱতীৰ্ণ হবলগীয়া অথচ বঞ্চিত হোৱা লৰা-ছোৱালীবোৰৰ হিচাপ কোনে
ৰাখিছে
? জীৱনৰ প্ৰথমটো গুৰুত্বপূৰ্ণ পৰীক্ষাত বহাৰ মানে অনেক মানসিক হেঁচাৰ সৈতে মকামিলা কৰিবলৈ শিকাওঁ। অথচ এনে পৰীক্ষাত ল’ৰা-ছোৱালীক বহিবলৈ নিদি আমি তেওঁলোকক পাছ কৰাই দিয়াৰ ব্যৱস্থা কৰিছোঁ। ইয়াৰ মানেটো কি? ইয়াৰ মানে হৈছে, আমাৰ ল
ৰা-ছোৱালীক পৰীক্ষাৰ মুখামুখী হবলৈ শিকোৱাতকৈ পৰীক্ষাত নম্বৰ পাবলৈ উসাহ য়োগোৱাটোহে আমাৰ আচল নীতি।

আৰু
যদি আমাৰ ল
ৰা-ছোৱালীৰ শৰীৰৰ ক্ষয়-ক্ষতিৰ খবৰ ৰাখোঁ তেনেহলে অন্ততঃ
দহ বছৰমানৰ পাছত আমি গম পাম
, তথাকথিত প্ৰযুক্তিগত উন্নতিত
আহুতি দি নিজকে যুগৰ উপযোগী বুলি প্ৰমাণ কৰিবলৈ গৈ আচলতে আমি কি হেৰুৱাইছোঁ৷

ই বৰ
মৰ্মান্তিক৷
  

 

অন্যযুগ  প্ৰসঙ্গ 

ইণ্টাৰনেটৰ
জগতত
অন্যযুগৰ এইটো চতুৰ্দশ সংখ্যা৷ আলোচনীখন অনলাইন্‌ হিচাপে প্ৰকাশ কৰাৰ পাছৰপৰা
দ্ৰুত গতিত পঢ়ুৱৈৰ সংখ্যা বৃদ্ধিয়ে সম্পাদনা কক্ষৰ সাহস বঢ়াইছে৷ এইখিনিতে ‘অন্যযুগ’ৰ ছপা সংস্কৰণ কেতিয়া ওলাব বুলি সুধি থকা শুভাকাংক্ষীসকলক জনাব খোজোঁ যে
ছপাৰূপত আলোচনী একোখন সুকলমে চলিব পৰা পৰিস্থিতি এতিয়াও উভতি অহা নাই৷ গতিকে
সদ্যহতে
অন্যযুগঅন্‌লাইন্‌ হৈয়ে
প্ৰকাশ পাই থাকিব৷ অৱশ্যে বছৰৰ নিৰ্বাচিত লেখাৰ ছপা সংস্কৰণ এটা প্ৰকাশ কৰাৰ কথা
চিন্তা কৰা হৈছে৷ অন্‌লাইন্‌ হোৱা বাবেই
 অন্যযুগবিদেশত থকা
অসমীয়াসকলেও সময় মতে পঢ়াৰ সুবিধা লাভ কৰিছে৷ সাম্প্ৰতিক পৃথিৱীৰ ই এটা বিশেষত্বই৷
আমি বিদেশত বাস কৰা
অন্যযুগৰ মাননীয়
পঢ়ুৱৈসকলৰ প্ৰতি এটা অনুৰোধ
 
জনাব খুজিছোঁ৷ অনুগ্ৰহ কৰি আপোনালোকে ‘অন্যযুগ’ৰ
মেইল ঠিকনা
anyayug@gmail.com যোগে আপোনালোকৰ প্ৰতিক্ৰিয়া
আৰু পৰামৰ্শ আমাক জনাবচোন৷