“কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা” শিৰোনামৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ

বাব্‌লু প্ৰসাদ বৰুৱা


ভালেকেইটা মননশীল লেখাই জুলাই মাহৰ অন্যযুগৰ সুৱগা চৰাইছে। এই সংখ্যাতে প্ৰকাশ পোৱা
ডক্টৰ মৃদুল শৰ্মাৰ “কবিৰ নিৰাসক্তি আৰু নৈৰ্ব্যক্তিকতা : এক প্ৰস্তাৱনা”
শিৰোনামাৰ লেখাটো পঢ়ি সমৃদ্ধ হৈছোঁ। প্ৰাঞ্জল অথচ ভাবগম্ভীৰ বিশ্লেষণেৰে এটি গহীন
বিষয় অসমীয়া পাঠকৰ মাজত তুলি ধৰাৰ প্ৰয়াস ভাল হৈছে।

এজন অকলশৰীয়া
কবিয়ে কেনেকৈ নিজৰ শিল্প-নিপুণতা প্ৰতিষ্ঠা কৰিছে
, কেনেকৈ তেওঁ সময়
আৰু নান্দনিক চেতনাৰ নতুন অনুভূতিক তেওঁৰ সৃষ্টিৰ উৎস কৰি তুলিছে আৰু তেওঁ কেনেদৰে
সামাজিক অভিজ্ঞানৰ সৈতে সম্পৃক্ত হৈ আছে – এয়াই তেওঁৰ উৎকৰ্ষণৰ মনোময় মণিকূট। আৰু
একে সময়তে
, সাংসাৰিক প্ৰপঞ্চৰ পৰা কবিতালৈ আৰু ব্যক্তিগত
অভিজ্ঞতাৰ পৰা এক নৈৰ্ব্যক্তিক উপলব্ধিৰ স্তৰলৈ আনুভূতিক উত্তোলনৰ দায়িত্বও কবিৰ
কান্ধতে আছে। তাত্ত্বিক দৃষ্টিভংগীবিলাক মুহূৰ্তে মুহূৰ্তে সলনি হৈ থাকে! অৱশ্যে
,
ইলিয়টৰ এটা পুৰণি আৰু পৰিচিত মন্তব্য আজিও সমানে প্ৰাসংগিক;
“The progress of an artist is a continual self-sacrifice, a continual
extinction of personality”
এজন
শিল্পীৰ প্ৰগতি মানে হৈছে এক নিৰন্তৰ আত্মত্যাগ
, ব্যক্তিত্বৰ
নিৰন্তৰ বিলুপ্তি।

সম্প্ৰতি অসমীয়া
কবিতাৰ আবহ জুৰি কত বিচিত্র অমসৃণ আৰু পৰস্পৰভিন্ন উচ্চাৰণ-ভঙ্গীৰ সমাৱেশ যে
, পাঠকে কোনো একক কণ্ঠস্বৰৰ সন্ধান কৰিব নিবিচাৰে। চেতনাৰ বিপুল বিস্তাৰণ
অথবা ক
ʼবলৈ গʼলে, বিস্ফোৰণৰ এনে পর্যায়ত
সম্ভৱতঃ তাৰ প্রয়োজনো নাথাকে।

তাৰ পৰিৱৰ্তে, পাঠকে আজি এন্ধাৰ-পোহৰৰ মাজেৰে উদ্ভাসিত দ্বৈততা, বিশ্বাস-অবিশ্বাস,
প্ৰকৃতি-প্ৰসাধন, ইতি-নেতিৰ দ্বৈৰথ-দ্বন্দ্বৰ
পৰা বহুমাত্ৰিক স্বৰূপ সাধনাৰ সূত্ৰহে সন্ধান কৰে। উচ্চাৰণৰ ভিন্নভঙ্গfমাৰ ঐশ্চৰ্য
আৰু অসামঞ্জস্যৰ সহাৱস্থানৰ ফলত কেনেদৰে পাঠ (
text)-
সৃষ্টি হৈছে আৰু কেনেকৈ ব্যক্তিগত কণ্ঠস্বৰৰ স্বনে (
tone) কেতিয়াবা
অন্বয় সাধনৰ সম্ভাৱনা কঢ়িয়াই আনিছে আৰু কেতিয়াবা উপমান আৰু উপমেয় উভয়কে
নিৰ্বহনৰ বেদনা আৰু বিৰোধাভাসেই পাঠৰ অনৈকান্তিক আস্তৰণ (
layer) বা সুৰৰ সৈতে খাপ খাই পৰিছে – ইয়াক এক নিৰ্দিষ্ট ধৰণে অনুশীলন কৰাটো আজিৰ
পাঠকৰ দায়িত্ব।

দৰাচলতে, যদি নিজে অতিক্ৰম কৰি অহা পথৰেখা নিজে মচি পেলাব নোৱাৰে তেন্তে
বৰ্জনীয়খিনি শৃংখলিতহে হ
, ফলত
গন্তব্যস্থান ধূসৰ
, অস্পষ্ট হৈ পৰিব। গতিকে অভিজ্ঞতাৰ
পোৰামাটিৰে নিজৰ এটা গহীন ভাস্কৰ্য নিৰ্মাণ কৰাৰ পূৰ্ব-অৱস্থা হৈছে নিৰন্তৰ নিজকে
ভাঙি পেলোৱা।

কিমধিকম্-ইতি।

 

লেখকৰ ঠিকনা:

যোৰহাট

 ভ্ৰাম্যভাষ: ৯৮৫৯৫৬৬০১৭

 ১৩।০৭।২