স্বাধীনতা : অধিকাৰ আৰু দায়িত্বৰ যুগলবন্দী

 লুইতজ্যোতি

        ১৫ আগষ্ট, ১৯৪৭
চন৷ ভাৰতৰ স্বাধীনতাৰ দিন৷ ১০০ বছৰীয়া ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পা
নী আৰু তাৰ পাছত ৯০ বছৰীয়া ব্ৰিটিছ ৰাজ শাসনৰ যৱনিকা পৰিছিল৷ তাৰ আগতেই ১৯৪৬ চনৰ জুলাই মাহত 
॰ ৰাজেন্দ্ৰ
প্ৰসাদৰ সভাপতিত্বত সংবিধান সভা গঠন হৈছিল৷ ১৯৪৬ চনৰ
২৬ ডিচেম্বৰত সংবিধান সভাৰ প্ৰথম বৈঠক অনুষ্ঠিত হৈছিল সংসদ ভৱনৰ চেণ্ট্ৰেল
হলত৷ ইয়াৰ পিছত ২ বছৰ ১১ মাহ আৰু ১৭ দিনৰ অন্তত সংবিধানৰ খচৰা প্ৰস্তুত হৈছিল৷
১৯৪৯ চনৰ
২৬ নৱেম্বৰত এই সংবিধান গৃহীত হৈছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰিৰ পৰা এই সংবিধান বলৱৎ হৈছিল৷ ভাৰতৰ সংবিধান ভাৰত ৰাষ্ট্ৰৰ প্ৰধান হাতপুথি৷ এই সংবিধানৰ
ভিত্তিতেই মৌলিক ৰাজনৈতিক প্ৰক্ৰিয়া
, শক্তি, সংগঠন তথা চৰকাৰ আৰু চৰকাৰী সংস্থাৰ কৰ্তব্য, লগতে
জনসাধাৰণৰ দায়িত্ব নিৰ্ধাৰণ কৰা হয়৷ প্ৰতিজন ভাৰতীয়ৰ অধিকাৰ
আৰু মানি চলিবলগীয়া আইনৰ দস্তাবেজ সংবিধান৷ সংবিধানৰ প্ৰথম পৃষ্ঠাত আমাৰ
সংবিধানৰ প্ৰস্তাৱনা আছে৷ প্ৰস্তাৱনাই মূলতঃ আমাৰ ৰাষ্ট্ৰৰ আটাইতকৈ প্ৰাসংগিক সংজ্ঞা৷
প্ৰস্তাৱনা অনুসৰি আমাৰ দেশৰ প্ৰতিজন মানুহৰে ভাবধাৰা আৰু প্ৰকাশৰ স্বাধীনতা আছে (
Liberty
of thougth & expression)৷ একেটা প্ৰস্তাৱনাতেই কোৱা হৈছে যে যিকোনো পৰিপ্ৰেক্ষিতত প্ৰতিজন ব্যক্তিৰ গৰিমা আৰু ৰাষ্ট্ৰৰ
একতা
, অখণ্ডতা অক্ষুণ্ণ ৰখাটো আমাৰ প্ৰতিজনৰে কৰ্তব্য৷
সামগ্ৰিক পৰিৱেশত প্ৰস্তাৱনাৰ এই দুটা দিশৰ আলোচনা অত্যন্ত জৰুৰী হৈ পৰিছে৷

        ১৫ আগষ্ট, ২০২২
চনত ভাৰতবৰ্ষৰ স্বাধীনতাৰ ৭৫ বছৰ পূৰ্ণ হ
ব৷ শাসনাধিষ্ঠিত কেন্দ্ৰীয় চৰকাৰে এই ৭৫ বৰ্ষপূৰ্তিৰ লগত সংগতি ৰাখি ৭৫ সপ্তাহৰো স্বাধীনতাৰ অমৃত
মহোৎসৱৰ ঘোষণা কৰিছে৷ কিন্তু ইয়াৰ সমান্তৰালকৈ আজি আমাৰ সকলোৰে মাজত সবাতোকৈ
চৰ্চিত স্বাধীনতাৰ অংশটো হৈছে বা
ক্‌ স্বাধীনতা অথবা
অভিব্যক্তিৰ স্বাধীনতা৷ বা
ক্‌ শক্তি মানৱ সমাজৰ কাৰণে এক
ঈশ্বৰ প্ৰদত্ত শক্তি৷ মানুহ এজনৰ চিন্তাধাৰা
, আৱেগ, অনুভূতি এই বাক্‌ শক্তিৰ জৰিয়তে প্ৰকাশ পায়৷ গতিকে
বা
ক্‌ স্বাধীনতা আমি জন্মসূত্ৰে পোৱা প্ৰাকৃতিক অধিকাৰ৷
প্ৰকৃতিগতভাবে পোৱা এই অধিকাৰৰ কোনো পৰিসীমা নথাকে
, অৰ্থাৎ ই
এক নিৰংকুশ (
absolute) স্বাধীনতা৷ কিন্তু এনে সীমাহীন
স্বাধীনতাই সামাজিক গাঁথনিত বাস কৰা জনসাধাৰণৰ মাজত সংঘৰ্ষৰ সৃষ্টি কৰিব পাৰে৷
সেয়েহে আমাৰ সংবিধান প্ৰদত্ত বা
ক্‌ স্বাধীনতা নিৰংকুশ নহয়৷
প্ৰস্তাৱনাত কোৱা হৈছে
চিন্তা, অভিব্যক্তি,
বিশ্বাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতাৰ
সমান্তৰালকৈ আমি সমাজৰ প্ৰতিজন ব্যক্তিৰ মৰ্যাদা তথা জাতীয় ঐক্য আৰু সংহতি
সুনিশ্চিত কৰাটো আমাৰ নৈতিক দায়িত্ব৷

        ভাৰতীয় সংবিধানৰ স্বতন্ত্ৰতাৰ অধিকাৰ
খণ্ডৰ ১৯
(১) অনুচ্ছেদত বাক্‌ স্বাধীনতা আদি বিষয়ক অধিকাৰ সংৰক্ষিত কৰা হৈছে৷ এই অনুচ্ছেদৰ অন্তৰ্গত
অধিকাৰসমূহ

        ক) বাক্‌
আৰু অভিব্যক্তিৰ স্বতন্ত্ৰতা৷

        খ) শান্তিপূৰ্ণভাৱে আৰু বিনাঅস্ত্ৰে গোট
খোৱা৷

        গ) সংস্থা বা সংঘ গঠন কৰা৷

        ঘ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ সৰ্বত্ৰ অবাধ
চলাচল কৰা৷

        ঙ) ভাৰতৰ ৰাজ্যক্ষেত্ৰৰ যিকোনো অংশত বসতি
কৰা৷

        চ) যিকোনো বৃত্তি চলোৱা,
কিম্বা যিকোনো উপ-জীৱিকা, বেহা-বেপাৰ বা
কাৰবাৰ চলোৱা৷

        সংবিধান প্ৰদত্ত এই অধিকাৰ নিৰংকুশ নহয়৷ উপৰি উক্ত অনুচ্ছেদ ১৯ (১)-ৰ ক উপখণ্ডৰ দ্বাৰা লাভ কৰা বাক্‌ আৰু
অভিব্যক্তিৰ স্বতন্ত্ৰতাই ৰাষ্ট্ৰৰ আন কোনো আইনৰ কাৰণে হেঙাৰ হ
ব নোৱাৰে৷ লগতে এই অধিকাৰে আন কোনো আইন প্ৰণয়নৰ ক্ষেত্ৰতো বাধা দিব
নোৱাৰিব৷ বাক্‌ স্বাধীনতাৰ অধিকাৰ সাব্যস্ত কৰাৰ সময়ত আমি প্ৰতিজনেই আমাৰ দেশৰ
প্ৰভুত্ব আৰু অখণ্ডতা
, ৰাজ্যৰ নিৰাপত্তা, বিদেশী ৰাষ্ট্ৰৰ লগত মৈত্ৰীপূৰ্ণ সম্বন্ধ, সাৰ্বজনিক
শৃংখলা
, শিষ্টাচাৰ আৰু সদাচাৰ, ন্যায়ালয়ৰ
গৰিমা অক্ষুণ্ণ ৰখাৰ দায়িত্বও ল
ব লাগিব৷ কিন্তু আমি বহু
সময়ত অধিকাৰৰ কথা আলোচনা কৰো যদিও আমাৰ দায়িত্বৰ কথা পাহৰি যাও৷ ছপা মাধ্যম
,
ডিজিটেল মাধ্যম তথা সামাজিক মাধ্যমৰ প্ৰসাৰৰ লগে লগে বাক্‌
স্বাধীনতাৰ নামত সংবিধান প্ৰদত্ত এই অধিকাৰৰ অনৈতিক ব্যৱহাৰে আমাৰ সাংবিধানিক
ব্যৱস্থাটোকেই বিপদাপন্ন কৰা পৰিলক্ষিত হৈছে৷ এয়া সুস্থ গণতন্ত্ৰৰ লক্ষণ হ
ব নোৱাৰে৷ মতাদৰ্শৰ শ্ৰেষ্ঠতা প্ৰতিপন্ন কৰিবলৈ বাক্‌ স্বাধীনতাৰ আশ্ৰয় লৈ,
আমাৰ দেশৰ ঐক্যক বিঘ্নিত কৰা সকলো প্ৰচেষ্টাকেই আইনগত ব্যৱস্থাৰে
নিৰ্মূল কৰা প্ৰয়োজন৷ কিন্তু এইক্ষেত্ৰত শাসনাধিষ্ঠ চৰকাৰৰ কৰ্মশৈলীও পক্ষপাতদুষ্ট
ব নোৱাৰে৷ চৰকাৰৰ সমৰ্থনকাৰী যিকোনো কথাই যদি আন ব্যক্তিৰ
মৰ্যাদা হানি কৰে
, তেন্তে সেয়া বাক্‌ স্বাধীনতাৰ পৰিপন্থী
আৰু আইনৰ আওতাত শাস্তিযোগ্য৷ এইক্ষেত্ৰত চৰকাৰে নিৰপেক্ষ পদক্ষেপেৰে স্বাধীনতাৰ
প্ৰকৃত অৰ্থক চৰিতাৰ্থ কৰিব লাগে৷ সংবিধানৰ এই অনুচ্ছেদৰ ভিত্তিতেই ভাৰতবৰ্ষত
প্ৰেছৰ অৰ্থাৎ ছপা মাধ্যমৰ স্বতন্ত্ৰতা সংৰক্ষণ কৰা হৈছে৷ নিজৰ আৰু দহৰ ভাবধাৰা
আৰু চিন্তাশৈলীৰ প্ৰসাৰ বাক্‌ স্বাধীনতাৰেই এক বিশেষ ৰূপ৷ এইক্ষেত্ৰত প্ৰেছৰ
গুৰুত্ব অপৰিসীম৷ যিকোনো মতাদৰ্শৰ প্ৰসাৰৰ ক্ষেত্ৰত ছপা মাধ্যমে মুখ্য ভূমিকা লয়
আৰু সেয়েহে এই মাধ্যমৰ স্বাধীনতাও এখন সন্তুলিত সমাজৰ কাৰণে অতি প্ৰয়োজনীয়৷
সংবিধানৰ অনুচ্ছেদ ১৯
(১)ক -ৰ অধীনত প্ৰেছৰ স্বতন্ত্ৰতাও (Freedom
of Press) সুনিশ্চিত কৰা হৈছে৷ যিদৰে ব্যক্তি তথা চৰকাৰে অধিকাৰ
সাব্যস্ত কৰাৰ সমান্তৰালকৈ নিজৰ দায়িত্ব পূৰণ কৰিব লাগে
, ঠিক
একেদৰে  প্ৰেছৰো গুৰু দায়িত্ব আছে৷ ছপা
মাধ্যমত প্ৰকাশিত বাতৰিৰ সত্যতা
, মতামতৰ গ্ৰহণযোগ্যতা
সন্দৰ্ভত বিশেষ গুৰুত্ব দি সামাজিক ভাৰসাম্য বজাই ৰখাটো প্ৰেছৰ দায়িত্ব৷ জনসাধাৰণ
,
ছপা মাধ্যম তথা চৰকাৰে নিৰপেক্ষতাৰে নিজৰ দায়িত্ব পালন কৰিহে নিজৰ
অধিকাৰ সাব্যস্ত কৰিলে আমাৰ গণতন্ত্ৰৰ গৰিমা প্ৰকৃতাৰ্থত অক্ষুণ্ণ থাকিব৷

        সংবিধানৰ অনুচ্ছেদ ১৯(১)-ৰ অধীনত শান্তিপূৰ্ণ তথা অস্ত্ৰবিহীনভাৱে গোট খোৱাৰ অধিকাৰ দিয়া হৈছে৷
কিন্তু এই অধিকাৰৰ ক্ষেত্ৰতো আমি প্ৰতিজনৰে দায়িত্ব আছে৷ বিৰোধ কৰাৰ অধিকাৰ আমাৰ
আছে৷ মতবিৰোধ সাব্যস্ত কৰাৰ কাৰণে আন্দোলন
, ধৰ্ণা দিয়াৰ
অধিকাৰো আমাক সংবিধানে দিছে৷ কিন্তু এনে ধৰণৰ যিকোনো প্ৰদৰ্শন শান্তিপূৰ্ণ
, সাৰ্বজনিক শৃংখলা বজাই ৰখা আৰু আইনগত বাধা-নিষেধৰ অধীন হোৱাটো বাঞ্ছনীয়৷
সাম্প্ৰতিক কালত দেশৰ বিভিন্ন প্ৰান্তত শান্তিপূৰ্ণ প্ৰদৰ্শনৰ অধিকাৰৰ আলমত
বিভিন্ন হিংসাত্মক উগ্ৰ আন্দোলন দেখা গৈছে৷
২৬ জানুৱাৰিৰ কৃষক আন্দোলনৰ গইনা লৈ নতুন দিল্লীত হোৱা হিংসাত্মক প্ৰদৰ্শন ইয়াৰ
জ্বলন্ত উদাহৰণ৷ এইক্ষেত্ৰতো জনসাধাৰণ নিজৰ দায়িত্বৰ প্ৰতি সচেতন হোৱাৰ
প্ৰয়োজনীয়তা আছে৷ আমি নিজৰ অধিকাৰ সাব্যস্ত কৰিবলৈ গৈ আন এজনৰ অধিকাৰ খৰ্ব কৰিব
নোৱাৰো৷ চৰকাৰে এইক্ষেত্ৰতো নিৰপেক্ষতাৰে আইনৰ ভিত্তিত কাম কৰি দেশবাসীৰ প্ৰতিজনৰে
স্বতন্ত্ৰতা ৰক্ষা কৰাটো কাম্য৷

        পৃথিৱীৰ সৰ্ববৃহৎ গণতন্ত্ৰৰ মৰ্যাদা
ৰক্ষাৰ হেতু ভাৰতবাসীৰ গুৰু দায়িত্ব আছে৷ সংবিধান প্ৰদত্ত সমূহ অধিকাৰ সাব্যস্তৰ
সময়ত আমি দায়িত্বশীল হ
লেহে আমাৰ ৭৫
বছৰীয়া স্বাধীনতাই পূৰ্ণ সন্মান পাব আৰু আমাৰ দেশ প্ৰকৃততে এখন সাৰ্বভৌম
, সমাজবাদী, ধৰ্মনিৰপেক্ষ, লোকতান্ত্ৰিক,
গণৰাজ্য ৰূপে চিহ্নিত হৈ থাকিব অনন্তকাললৈ৷