পলাশ বৰুৱা

  কি কৰোঁ কি নকৰোঁ অৱস্থাৰ মাজত ৰৈ কিৰণ যেন স্থৱিৰ হৈ পৰিছে৷ নৰ মাজত চলি থকা তাৰ
অস্থিৰতাৰ যুদ্ধখনৰ বিষয়ে কোনেও নাজানে৷ সি কাকো ক
বও নোৱাৰে৷ আটাইতকৈ
ডাঙৰ কথা এয়ে যে তাৰ মনৰ অস্থিৰতা আজি স্কুলতো ওলাই পৰিল৷

        স্কুলৰ প্ৰাতঃসভাত তাৰ ভাগত কৰিবলগীয়া কাম আছিল বক্তৃতা প্ৰদান৷ আজি যেতিয়া
তাৰ নামটো বক্তৃতাৰ সময়ত ঘোষণা কৰিলে তেতিয়াহে তাৰ মনত পৰিল যে সি কালি ইয়াৰ বাবে
কৰিবলগীয়া প্ৰস্তুতি নকৰিলেই৷ প্ৰাতঃসভাৰ মঞ্চত উঠি তাৰ অৱস্থা নাজল-নাথল হ
ল৷ কালিৰে পৰা চলি থকা অস্থিৰতাৰ বাবে সি আজিৰ বক্তৃতাৰ কথাটো পাহৰি থাকিল৷
অথচ তাক কালিয়েই আজিৰ এই দায়িত্বৰ কথা কৈ থোৱা আছিল৷ প্ৰাতঃসভাৰ মঞ্চত একো নকৈ
শিলৰ খুটাৰ দৰে ৰৈ থকা দেখি সকলো আচৰিত হ
ল৷

        কি হল কিৰণ ? তুমি যে একো
কোৱা নাই
?” সভাৰ মঞ্চত থিয় হৈ থকা অমৰ ছাৰে তাক সুধিলে৷

        সি একো কব নোৱাৰিলে৷ অৱশ্যে সেই কথাটো কয়নো কেনেকৈ?
কথাষাৰ কবলৈ প্ৰয়োজন হোৱা সাহস তাৰ নাই৷ ঠিক
তেনেকৈ লাজৰ আৱৰণেও তাক যেনেকৈহে বান্ধি ৰাখিছে সেই বান্ধোন ছিঙিবলৈ সি শক্তিহীন
হৈ পৰিল৷৷

        প্ৰাতঃসভাত সাধাৰণতে খং কৰিবলগীয়া
পৰিস্থিতি নহয়েই৷ কিন্তু সি কোনো উত্তৰ নিদিয়া দেখি অমৰ ছাৰৰ খং উঠিল৷

        তুমি তোমাৰ পালন কৰিবলগীয়া দায়িত্বৰ ক্ষেত্ৰত গাফিলতি কৰিছা৷ তোমাৰ বাবে
আজিৰ দিনটোৰ আৰম্ভ
ণি বেয়া হল৷ তুমি
কিয় এনে কৰিলা এই বিষয়ে আমাৰ জনাৰো আগ্ৰহ নাই৷

        ছাৰ অলপ সময় ৰল৷ তাৰ পাছত সকলোলৈকে চাই তেওঁ কলে,

        কিৰণে যি কৰিলে সেয়া কোনো ক্ষেত্ৰতে ক্ষমা কৰিব নোৱাৰি৷ তেওঁ আমাৰ
বিদ্যালয়ৰ বাবে এটা নকৰিবলগীয়া কাম কৰিলে৷ সেয়ে এই কামৰ শাস্তি হিচাপে তেওঁ অহা
সপ্তাহত একেৰাহে তিনিদিন বক্তৃতা দিব লাগিব৷

        কিৰণৰ শাস্তি শুনি সকলো সেইফালেই তাপ মাৰিলে৷ কিৰণ তলমূৰকৈ মঞ্চৰপৰা নামি আহিল৷ ৰাষ্ট্ৰীয় সংগীত গাই
শ্ৰেণীকোঠালৈ শাৰী পাতি যাওঁতে ব
ন্ধু সমীৰে কাণে কাণে সুধিলে,

        ঐ কি হ, কিয় খেলিমেলি
কৰিলি আজি
?”

        কিৰণৰ একো কবলৈ মন যোৱা নাছিল৷ সেয়ে তাৰ কথাৰ কোনো
উত্তৰ নিদিলে৷ কিন্তু ভিতৰি ভিতৰি ভগৱানক ধন্যবাদ দিলে – কাৰণ তাক যে ছাৰে কিয় সেই
ভুলটো কৰিলে পাক মাৰি নুসুধিলে৷

        আজি বিমানহঁতে তাক লাষ্ট ডেট্ দিছে৷ আজি সি সিহঁতক খুৱাবই লাগিব৷

        স্কুলৰ সময়খিনিত মাজে মাজে তাৰ বিমানহঁতলৈ মনত পৰি আছে৷

       বিমান, নবীন আৰু চিন্ময় তাৰ নতুন বন্ধু৷ সিহঁত কিৰণৰ স্কুলৰ নহয়৷ ওচৰৰ হাইস্কুলৰ লৰা৷
সিহঁত কিৰণৰ শ্ৰেণীৰো নহয়৷ নাইনত প
ঢ়ে৷ কিন্তু ওচৰৰ ক্ৰিকেট
ক্লাৱটোত হোৱা ক্ৰিকেট খেল চাবলৈ বুলি যাওঁতে চিনাকি হৈ ব
ন্ধু হৈ পৰিল৷ এতিয়া স্কুলত সমীৰহঁতৰ লগত কটাই পিছৰ সময়খিনি বিমানহঁতৰ লগত
কটোৱাটো কিৰণৰ অভ্যাস হৈ পৰিছে৷

        কিৰণৰ তুলনাত বিমানকে আদি কৰি গোটেইকেইটাৰে ঘৰুৱা অৱস্থা ভাল৷ সিহঁতৰ মাক-দেউতাকে
কিবা নহয় কিবা এটা কাম কৰে৷ কেনোবাটোৰ দেউতাকে যদি চহৰত চাকৰি কৰে কাৰোবাৰ মাকে
আকৌ স্কুলত কাম কৰে৷ মুঠৰ ওপৰত সিহঁতৰ ঘৰবোৰৰ অৱস্থাৰ লগত কিৰণৰ ঘৰৰ অৱস্থা
নিমিলে৷ আনহাতে কিৰণৰ দেউতাকে হাজিৰা হিচাপত ইটা ভাটা এটাত কাম কৰে৷ আগতে
মাকেও কৰিছিল৷ কিন্তু ভনীয়েকৰ জন্মৰ পাছৰপৰা মাক কামলৈ যোৱা নাই৷ অৱশ্যে আৰু কেইদিনমানৰ
পাছৰপৰা তেওঁ আকৌ কামলৈ যাব বুলি কৈ আছে৷ তেতিয়া বোলে কিৰণে ভনীয়েকক ভালকৈ
চোৱা-চিতা কৰিব লাগিব৷

       বিমান, নবীনহঁতৰ লগত কটাই কিৰণে বহুত নতুন অভিজ্ঞতা
গোটাইছে৷ এই অভিজ্ঞতাবোৰৰ বাবেই এতিয়া কিৰণৰ বাবে সিহঁতৰ সংগ এৰাব নোৱৰা ধৰণৰ হৈ
পৰিছে৷

        কিৰণৰ মবাইল ফোন নাই৷ বিমান, নবীন আৰু চিন্ময়ৰ প্ৰত্যেকৰে হাতত একোটা দামী মবাইল ফোন অনবৰতে  থাকেই৷ বিমানে কোৱামতে সি বোলে
আজিকালি স্কুললৈও মনে মনে ম
বাইল লৈ যায়৷ আজৰি সময়ত শিক্ষকৰ চকুত ধূলি দি
লগৰকেইটামানৰ লগত গে’ম খেলে৷ কিৰণক সিহঁতে ম
বাইলকেইটা মুক্তমনেৰে চুবলৈ দিয়ে৷
কিৰণ তাৰ বাবে
সিহঁতৰ ওচৰত ণী৷ তাতে
বাইলত খেলিবলৈ পোৱাৰ অভিজ্ঞতাই কিৰণক ইমান মোহিত কৰি ৰাখে যে স্কুলৰপৰা কেতিয়া
গৈ বিমলহঁতৰ ওচৰ পাব পাৰি সেইটো তাৰ অন্যতম চিন্তা হৈ পৰে৷

         মাথো গেম খেলাই নহয়, বিমানহঁতে তাক আনকালে নেদেখা বহুত ভিডিঅমোবাইলত
দেখুৱাইছে৷ তিনিআলিৰ নৰেনদাৰ দোকানৰপৰা কিছু আঁতৰত থকা বৰগছজোপাৰ গাত ভেঁজা দি দি
বহুতদিন সেই ভিডিঅ
চাইছে৷ সি নজনা বেলেগ এখন পৃথিৱীয়েও যে
তাৰ বাবে ম
বাইলটোত অপেক্ষা কৰি থাকে সেই কথা ভাবি তাৰ মন ৰোমাঞ্চিত হৈ পৰে৷ 

       িকন্তু অকল মবাইলটোৱেই সিহঁতৰ প্ৰতি তাৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু নহয়৷
বিমানহঁতে তাক সি যে ডাঙৰ হ
বলৈ আৰম্ভ কৰিছে সেই কথা অনুভৱ
কৰিবলৈ শিকালে৷ ঘৰত থাকোঁতে মাক-দেউতাকে তাক
তই এতিয়াও সৰু
হৈ আছ
বুলিয়েই যিকোনো সময়ত কৈ থাকে৷ অথচ, সি ঘৰখনৰ ডাঙৰ লৰা৷ তেনেকৈ স্কুলৰ সময়ত
ছাৰ-বাইদেউহঁতেও সিহঁতক সৰু বুলিয়েই ধৰি লৈ কথা কৈ থাকে৷ প্ৰতিটো কথাতেই
সিহঁত সৰু বুলি ভাবি কৈ থকা যিকোনো কথাৰ বাবে তাৰ কেতিয়াবা আমনিও নলগা নহয়৷ সেয়ে
সি সুবিধা পালেই ডাঙৰ হোৱাৰ আমেজ বিচাৰি বিমানহঁতৰ ওচৰ পায়হি৷ বিমানহঁতেও যেন তাক
উদাৰ মনে তাৰ সোৱাদ তাক দিবলৈ চেষ্টা কৰে৷ বিমানহঁতৰ ওচৰত পোৱা এই সোৱাদ সমীৰ বা
স্কুলৰ আন ব
ন্ধুবিলাকৰ ওচৰত সি নাপায়৷

        শেহতীয়াকৈ কিৰণে এক নতুন সোৱাদ লাভ কৰিবলৈ পাইছে৷ এই কথা অৱশ্যেই সি তাৰ
স্কুলৰ লগৰখিনিৰ আগত কোৱা নাই৷ কাৰণ কথাটো জানিলে সিহঁত জাঁপ মাৰি উঠিব৷ তাতে
কেনেবাকৈ এই কথা যদি ছাৰহঁতৰ কাণত পৰেগৈ তেতিয়া কথা বিষমেই হ
ব৷ ইফালে কথাটো আনক নজনাবলৈও বিমান-চিন্ময়হঁতে তাক বাৰে বাৰে কৈছে৷

       এইবোৰ নাখালে ডাঙৰ কিহৰ৷ এইবোৰ খাই পাইছনে নাই?” কিছুদিনৰ
আগত চিন্ময়ে সৰু পেকেট দুটাৰ দুভাগ বস্তু
মিলাই মুখত ঢালি তাক সুধিছিল৷

        সি একো মতা  নাছিল৷ মাথো এটা কায়দা
কৰি সিহঁতে পেকেট দুটাৰ গুৰিবোৰ মুখত ঢলা কাৰ্যটো চাই আছিল৷

        ৰজনীগন্ধা৷ মজা লাগে খাই৷ মুখখন বৰ ভাল লাগি থাকে৷নবীনে তাৰ মুখলৈ চাই গৌৰৱেৰে কৈছিল৷

        খাবি নেকি ? টেষ্ট কৰি চা৷বিমানে
তাক ক
লে৷

        নালাগেনালাগে৷ সি এতিয়া সেইবোৰ খাব পৰা হোৱা নাই৷
মূৰ ঘূৰাব তাৰ৷
এইবাৰ চিন্ময়ে মাত দিলে৷

       চিন্ময়ৰ কথাষাৰে কিৰণক জোঁকাৰি দিলে৷ সি ডাঙৰ হৈছোঁ
বুলি ভিতৰি ভিতৰি লালন-পালন কৰি থকা ভাবনাৰ গছজোপাত চিন্ময়ে যেন
সজোৰে আঘাত হানিলে৷ গছজোপা যেন সেই আঘাতত দ্বিখণ্ডিত হৈ পৰি গৈছে৷ সি চিন্ময়ৰ চকুত তাৰ প্ৰতি এক কৌতুকপূৰ্ণ দৃষ্টিৰ উপস্থিতি দেখা পালে৷

        একো নহয়৷ মোৰ মূৰ নুঘূৰায়৷ অকণমান টেষ্ট কৰি চাওঁ দিয়া৷কিৰণে কলে৷

        কিৰণৰ মনত সৃষ্টি হৈছিল প্ৰচণ্ড জোদ৷ তাৰ দেহাটো ইমান থুনুকা নহয় যে এদিন
ৰজনীগন্ধা অকণ খালেই মূৰ ঘূৰাব৷ সি প্ৰায় জোৰ কৰাৰ দৰেই সিহঁতৰপৰা ৰজনীগন্ধাৰ
পেকেটটো টানি আনিলে৷ তাৰ পাছত চিন্ময়ে খোৱাৰ ধৰণেৰেই মুখত পেকেটটোৰ গুৰিবোৰ মুখত
ঢালি দিলে৷ কিছুসময় প্ৰতিক্ৰিয়াহীনভাৱে থকাৰ পাছত কিৰণৰ মূৰটো কিবাকিবি লাগিল৷
তাৰ চাৰিওফালৰ পৃথিৱীখন যেন ক্ৰমশঃ লাটুম এটাৰ দৰে ঘূৰিবলৈ ধৰিছে তেনে লাগিল৷
বিমানৰ গাত ধৰি ৰ
বলৈ তাৰ তীব্ৰ আকাংক্ষা জাগিল যদিও মনৰ
মাজত থকা তীব্ৰ আত্মসন্মানৰ ভাবটোৱে তেনে কৰিবলৈ বাধা দিলে৷ তাৰ পেকেট খোৱাৰ কাৰবাৰটো
দেখি ইতিমধ্যে নবীনহঁত আচৰিত হৈছিল৷ কাৰণ প্ৰথম অৱস্থাতেই ইমান আত্মবিশ্বাসেৰে
সিহঁতেও খাব পৰা নাছিল৷ সি সিহঁতৰ মুখত ফুটি উঠা আশ্বৰ্যকৰ মনোভাৱ পুৰামাত্ৰাই
উপভোগ কৰিছিল৷ সেয়ে সহি সামৰি হ
লেও তাৰ দেহাটোৰ মাজত চলি
থকা টলং-ভটং অৱস্থাটো সি নিয়ন্ত্ৰ
কৰিলে৷ বিমানহঁতৰ
কায়দাৰেই সি মুখৰপৰা পিক্‌ অকণ পেলাই দিলে আৰু প্ৰকৃতিস্থ অৱস্থালৈ আহিল৷

        মানিছো দেই তোক৷ একেবাৰতেই তই তোৰ বাহাদুৰি দেখুৱাই দিলি৷চিন্ময়ে কলে৷

       সি একো নামাতিলে৷ মাথো সিহঁতে যে তাক সৰু হৈ থকা বুলি লৈ লৈ থকা মনোভাৱটো
ভুল সেই কথা প্ৰমাণ কৰি সি সুখী অনুভৱ কৰিছিল৷

        সেই দিনটোৰপৰা কিৰণ বিমানহঁতৰ ৰজনীগন্ধা বা অন্যান্য যিকোনো পেকেটজাতীয়
বস্তু খোৱাৰ খাচ লগৰী হৈ পৰিল৷ বিমানহঁতেও কিৰণৰ নতুন ৰূপত আনন্দ পালে৷

        এইবোৰ আনন্দ যিহেতু কিৰণে স্কুলৰ লগৰবোৰৰ লগত নাপায়, সেয়ে স্বাভাৱিকভাৱেই বিমানহঁত তাৰ বেছি অন্তৰংগ বন্ধু হৈ পৰিল৷ স্কুলৰ সময়তকৈ পিছৰ সময়খিনি তাৰ বেছি আপোন হৈ পৰিল৷

        কিন্তু শেহতীয়াকৈ কিৰণৰ বাবে এটা সংকট আহি পৰিছে৷ সেইদিনা হঠাৎ নবীনে
প্ৰস্তাব দিলে – আমি সদায় কিৰণক শিখৰ-ৰজনীগন্ধা খুৱাই থাকোঁ
, এদিন
কিৰণেও আমাক খুৱাওক৷ নবীনৰ এই প্ৰস্তাবত বিমান আৰু চিন্ময়েও সমৰ্থন দিলে৷

        কিৰণে নবীনৰ কথাটো প্ৰথমে ধেমালি বুলিয়েই ভাবিছিল৷
কাৰণ কেতিয়াবা সি বৰ ধেমা
লি কৰি থাকে৷ কিন্তু সেইদিনা
তিনিওটাৰ মুখকেইখন চাই সি নিশ্চিত হ
ল যে সেই প্ৰস্তাৱ ধেমালি নহয়৷ সিহঁতি হয়তো সদায় সদায় কিৰণক পইচা ভৰি খুৱাই থকা কাৰবাৰটোত অলপ
সলনি হোৱাটো বিচাৰিছিল৷ কিৰণৰো অৱশ্যে সদায় সিহঁতৰ পইচাৰে শিখৰ বা ৰজনীগন্ধা খাই ভাল
লগা নাছিল৷ তাৰো সিহঁতক কিবা এটা খুৱাবৰ ই
চ্ছা জাগিছিল৷
কিন্তু মন থাকিলেও সি যে অসহায় সেই কথাও ভালকৈয়ে অনুভৱ কৰে৷ কাৰণ সি তাৰ ঘৰখনৰ পৰা
এটা পেকেট কিনিবলৈ দেউতাকৰ ওচৰত হাত পাতিব লগাৰ বাহিৰে আন কোনো উপায় নাই৷ ইফালে কি
সতেৰে বাৰু দেউতাকক এইটো কামৰ বাবে পইচা বিচাৰে
?

        যেনেকৈ নহওক, কিবা এটা উপায় কৰি হলেও সি নবীনহঁতক এদিন দোকানলৈ নি শিখৰ-ৰজনীগন্ধাৰ পেকেট দুটা খুৱাবই৷

        কিন্তু  এতিয়া সি তীব্ৰ মানসিক
অশান্তিৰ মাজেদি সময় কটাবলগীয়াত পৰিছে৷ কাৰণ কালি ৰাতি সিহঁতৰ ঘৰত হৈ যোৱা
ঘটনাটোৰ প্ৰধান মানুহ যে সিয়েই৷ কালি সি আনকালে নকৰা কাম এটা কৰিলে৷ কামটো
কৰিবলৈ তাৰ সিমান ই
চ্ছা নাছিল৷ কিন্তু সি বাধ্য হৈ পৰিছিল৷
তাৰ বাহিৰে আন কোনো উপায় নাছিল৷ কথাটো চিন্তা কৰিয়েই সি আজি স্কুলত প্ৰাতঃসভাত
খেলিমেলিখন কৰিলে৷

        আজি বিমানহঁতক পেকেট খুওৱাৰ লাষ্ট ডেট৷

        কাইলৈ খুৱাৱ যদি খুৱাবি৷ নহলে তই আমাক খুৱাবি বুলি
আশা নকৰোঁ আৰু৷

        কালি দিনত চিন্ময়ে কোৱা কথাষাৰ তাৰ গাত লাগিছিল৷ সি কোনো ৰকমেই পেকেট দুটা
কিনিবৰ বাবে প্ৰয়োজন হোৱা পইচাকেইটা যোগাৰ কৰিব পৰা নাছিল৷ দেউতাকক খুজিবলৈ সাহসো কৰা নাছিল৷ খুজিলেও
দেউতাকে তাক এইটো কামৰ বাবে কেতিয়াও পইচা নিদিয়ে৷ আনহাতে দিবলৈ মন কৰিলেও দিব ক
ৰপৰা? কাৰণ কষ্ট-মষ্ট কৰি ঘটি অনা হাজিৰাটোৰ
পইচাকেইটানো কি বুলি তাৰ হাতত এনে এটা কামৰ বাবে তুলি দিব
?

         সি কিবা এটা কৰাৰ পৰিকল্পনা
কৰিলে৷ কিন্তু কি কৰিব একো ভাবি পোৱা নাছিল৷ সিহঁতৰ ওচৰৰ পৰা ঘূৰি আহি ঘৰ সোমাওঁতেই
হঠাৎ তাৰ মনত 
বুদ্ধি এটা খেলালে৷ ঘৰ সোমাই সি
দেখিবলৈ পাইছিল ভনীয়েকে তাই এটকা-দুটকাকৈ গোটোৱা ভঙনীয়া পইচাৰ টেমাটো তাৰ ওচৰলৈ
লৈ আহিছে৷

        দাদা, ইয়াত আশী টকা আছে৷ এইটো পইচাৰে মই ছবি বহী এখন আৰু ৰং পেঞ্চিল আনিম৷

       তাই কথাটো কৈ থাকোঁতে টেমাটো নি বিছনাৰ তলত থৈ দিয়া দেখা পালে৷ ভনীয়েকৰ
কামটোত সি নতুন সঞ্জীৱনী পোৱাৰ দৰে পালে৷ সি ঠিক কৰিলে যে তাই খৰচ কৰাৰ আগতে টেমাটোৰ
পৰা কেইটকামান সৰকাব লাগিব৷ সি তেতিয়াই কামটো কৰাৰ কথা ভাবিলে৷ কিন্তু সুবিধা
নাপালে৷ ৰাতি যেতিয়া ভনীয়েক শুবলৈ গ
ল আৰু মাক-বাপেকেও
আগফালৰ বাৰাণ্ডাত বহি কথা পাতি আছিল
, তেতিয়াই সি টেমাটোৰপৰা
পইচা দুমুঠি উলিয়াই আনিলে৷ সি তেতিয়াই হিচাপ কাৰ কথা নাভাবিলে৷ কাৰণ হিচাপ কৰি
থাকোতে মাক-দেউতাক ওলালেহি কথা গুৰুতৰ হ
ব৷

        অষ্টম শ্ৰেণী পোৱাৰপৰা কিৰণ আগফালৰ বিছনাখনত অকলে শুবলৈ লৈছিল৷ সেয়ে
সি পইচাকেইটা নিজৰ জেপতে ৰাখি ৰাতি শুবৰ সময়ত গণিলে- পুৰাপুৰি পচিঁশ টকা আছে৷ তাৰ
মনটো ভাল লাগিল৷ ধুনীয়াকৈ তাৰ জোৰা মৰিব৷ মনৰ আনন্দত সি গান এটা গুণগুণাই টোপনি
ল৷

        কিন্তু আজি  ৰাতিপুৱাৰ সময়ত যিটো
ঘটনা ঘটিল
, সেই ঘটনাটোৰপৰাই কিৰণৰ মনটো খেলিমেলি লাগি আছে৷

       ৰাতিপুৱা মাকে হঠাৎ আৱিষ্কাৰ কৰিলে যে কিৰণৰ ভনীয়েকৰ তীৰকঁপা জ্বৰ৷
বাপেকো জ্বৰৰ মূৰ্তি দেখি স্তম্ভিত৷ তাইৰ মাজে মাজে জ্বৰ উঠে যদিও ইমান বেছিকৈ প্ৰথম উঠিছে৷ মাক-বাপেকৰ কি কৰোঁ-নকৰোঁ লাগিল৷ সাধাৰণতে ভনীয়েকৰ গা বেয়া
লে তিনিআলিত থকা নূৰ চাহাবৰ হোমিঅদোকানৰপৰা বড়ি
চাৰিটা খুৱাই দিলেই ভাল হৈ যায়৷

        কিন্তু তাইৰ যেনেকৈহে জ্বৰ উঠিছে, হোমিঅদৰৱে ভাল কৰিব জানো?” মাকে বাপেকক সুধিলে৷

       উপায় নাই৷ মোৰ হাতত ডাক্তৰৰ ওচৰলৈ নিবলৈ লাল পইচা এটাও নাই৷ হোমিঅ
ঔষধকে খুৱাব লাগিব৷ তোমাৰ হাতত কেনেবাকৈ পইচা আছে নেকি?” দেউতাকে মাকক সুধিলে৷ মাকে নাই বুলি মূৰ জোঁকাৰিলে৷

        বাপেকৰ চকুত অসহায় অৱস্থাৰ এখন ছবি প্ৰতিফলিত হল৷
কি কৰিব এতিয়া তেওঁ
? মাকেও উচপিচাই আছিল৷ হঠাৎ মাকে প্ৰায়
চিঞৰাৰ দৰে কৈ উঠিল৷

        তাইৰ ভাগৰ পইচা কেইটামান আছিল নহয়৷ সেইকেইটাকে লৈ যাওক নহলে৷

       এ: কেনেকৈনো তাইৰ পইচাকেইটা লৈ যোৱাঁ৷ তাই কিবা এটা আশাত পইচাকেইটা
গোটাইছে৷
দেউতাকে মাকৰ কথাত অলপ অস্বস্তি প্ৰকাশ কৰিলে৷

        কিন্তু উপায় নাছিল৷ দেউতাকে টেমাটোৰ পইচাকেইটা হিচাপ কৰিলে৷ মাক-দেউতাক
এজনেও জনা নাছিল আগতে টেমাটোত কিমান পইচা আছিল
? তেওঁলোকে
হিচাপ কৰি যিমান পালে সেইকেইটা পইচা দৰৱৰ বাবে যথেষ্ট নহয়৷ তথাপি থকাকেইটাকে লৈ
দেউতাক
নুৰ চাহাবৰ তালৈ দৌৰ মাৰিলে৷ সপ্তাহৰ শেষত হাজিৰাটো
পালে তাইক পইচাকেইটা ঘূৰাই দিব৷ পইচাৰ মালিকনী যিহেতু বিছনাত পৰি আছিল
, সেয়ে তায়ো কথাবোৰৰ একো ভূ-ভা নাপালে৷

        এই সকলোবোৰ কিৰণৰ সন্মুখতেই ঘটি আছিল৷ কিৰণে মাথো দৰ্শকৰ দৰে চাই আছিল৷ সি
কি কৰিব বা নকৰিব সেইটো লৈ দ্বিধাত ভুগিছিল৷ তাৰ মাজতে ভাব হৈছিল
, সি
ৰাখি থোৱা পইচাকেইটা ঘূৰাই দিব নেকি
? তেতিয়া দেউতাকে
দৰৱকেইটা ভালকৈ জোৰা মাৰি আনিব পাৰিব৷ কিন্তু পইচাকেইটা ঘূৰাই দিলে মাক-দেউতাকে
সেই পইচা ক
ত পালে বুলি প্ৰশ্ন কৰিলে সি কি উত্তৰ দিব?
সি টেমাৰপৰা পইচা চুৰি কৰাটো মাক-দেউতাকেতো নাজানে৷ তেওঁলোকে কিৰণে
তেনে এটা কাম কৰিব পাৰে বুলি কল্পনাও কৰিব নোৱাৰে৷ তেতিয়া…
?

        কিন্তু দেউতাকক পইচাকেইটা ঘূৰাই দিলে বিমান, নবীনহঁতক
দিয়া প্ৰতি
শ্ৰুতিটোৰ কি হ? সিহঁতৰ ওচৰত লঘূ হোৱাৰ ইচ্ছা তাৰ নাই৷ সিহঁতে
তাৰ অক্ষমতাৰ কথা কৈ ঠাট্টা কৰিলে সি কেনেকৈ সহ্য কৰিব?” অতদিন আমাৰপৰা খাই লৈ এতিয়া আমাক খুৱাবৰ সময়ত কথা সলাইছবুলি তাক অভিযুক্ত কৰিলে তাৰ বাবে সেয়া মৰাৰ সমান হব৷ নাই, সি পইচাকেইটা ঘূৰাই নিদিয়ে৷ পিছত যি হয় দেখা
যাব৷

        ইতিমধ্যে তাৰ স্কুললৈ যাবৰ সময় হৈছিল৷ সি গা ধুবলৈ বুলি ওলাওঁতেই দেউতাক নুৰ চাহাবৰ ওচৰৰ পৰা আহিল৷ তেওঁ লৈ যোৱা পইচাৰে বোলে দুপালি ঔষধহে আনিব
পাৰিলে৷ কাইলৈ আৰু এপালি খুৱাব লাগিব৷ তেতিয়াহে জ্বৰটো ভাল হ
ব৷ কাইলৈৰ কাৰণে কাৰোবাৰপৰা পইচা ধাৰ কৰি দৰৱ আনিব
লাগিব
”- দেউতাকে তেনেকৈ কোৱা শুনি কিৰণৰ মনটো আকৌ কিবাকিবি
লাগি গ
ল৷ সি লৰালৰিকৈ দেউতাকৰ ওচৰৰপৰা আঁতৰি গা ধুবলৈ বুলি
গুচি আহিল৷

         প্ৰাতঃসভাত তাৰ বাবে নিৰ্ধাৰিত দায়িত্বটোৰ কথা কালি ভনীয়েকৰ পইচাৰ টেমা চুৰি কৰাৰ কথা ভাবি থকাৰ বাবেই পাহৰি
থাকিল৷ আনকালে হোৱা হ
লে তাৰ ভাগৰ দায়িত্ব সি সঠিকভাৱেই পালন কৰিলেহেঁতেন৷ আজিৰ বাদে সি কোনোদিনে দায়িত্বত অৱহেলা কৰা নাছিল৷ স্কুলৰ সময়খিনিত
তাক ভনীয়েকৰ মুখখনে বৰকৈ আমনি কৰি থাকিবলৈ ধৰিলে৷ একে সময়তে তাৰ মনৰ মাজত উচিত আৰু
অনুচিতক লৈ এখন ডাঙৰ কাজিয়াই লাগিছিল৷ সি কাক অগ্ৰাধিকাৰ দিব – ভনীয়েক-মাক-দেউতাক
নে বিমান-নবীন-চিন্ময়ক
? দুয়োখিনি মানুহেই তাৰ আপোন৷
বিমানহঁতৰ যোগেদি দেখা পৃথিৱীখনৰ প্ৰতি তাৰ মোহ এতিয়া এৰাব নোৱাৰা ধৰণৰ৷ নতুন
অভিজ্ঞতা আৰু স্বাদৰ মিশ্ৰণৰ মাজত সি তাৰ অভাৱপী
ড়িত জীৱনটোৰ
মাজতো নতুন সোৱাদ পাইছে৷ জন্মৰপৰাই দেখি অহা অভাৱ নামৰ জীৱটোৰ প্ৰতি ইমান
বিতৃষ্ণা জন্ম হৈছে যে এখন্তেক সময় সিহঁতৰ লগত থাকি আৰু অভাৱক পাহৰি গভীৰ সুখ
অনুভৱ কৰে৷ সিহঁতক এৰি দিবলৈ হ
লে সেই সুখৰপৰা সি নিশ্চিতভাৱেই
বঞ্চিত হ
ব৷

        একে সময়তে মাকজনীয়ে পুৱাৰেপৰা ৰাতি শুৱালৈকে টাকুৰী ঘূৰাদি সিহঁতৰ বাবেই
কাম কৰি থাকে৷ কিছুদিনৰ পাছত মাক আকৌ
ইটাভাটালৈ যাব৷ অভাৱক্লিষ্ট ঘৰখনক সকাহ দিবলৈ মাকে কিবা এটা কৰাৰ চিন্তা কৰিছে৷
তেনে সময়ত সি ভনীয়েকৰ পইচাকেইটা চুৰি কৰি ভাল কাম কৰিলে জানো
? দেউতাকেও জানো কম কৰা নাই? সিহঁতৰ প্ৰতি
থকা 
মানুহজনৰ দায়িত্ববোধ কোনোকালেই কমা দেখা নাই৷ সিহঁতক দামী কাপোৰ দিব নোৱাৰিব পাৰে,
কিন্তু শুদা গাৰে ৰখা নাই৷ মাছ-মাংস খুৱাব পৰা
নাই
কিন্তু শুদা হলেও ভাতকেইটাৰ যোগাৰ
কৰি দিছে৷

       আৰু ভনীয়েক ৰূপা? সদায় হাঁহি মুখেৰে থকা ভনীয়েকজনী
যদি এপালি ঔষধৰ অভাৱৰ বাবে নাই
কিয়া হৈ যায় সি কাৰ লগত থাকিব?
তাই তাক ইমান বিশ্বাসেৰে পইচাৰ টেমাটো দেখুৱাইছিল, সেই বিশ্বাসৰ মূল্য সি কেনেদৰে দিলে? এটা অবুজ
বিশ্বাস লৈয়েই তাই গুচি গ
লে সি কেনেকৈ নিজক ক্ষমা কৰিব?
নাই, সি তাৰ ভনীয়েকক হেৰুৱাব নিবিচাৰে৷ তাৰ
বুকুখনত নামহীন দুখ এটাই খুন্দিয়াবলৈ ধৰিলে৷

        টং৷ চতুৰ্থ পিৰিয়ডৰ বেল পৰিল৷ ইতিমধ্যে শ্ৰেণীত থকা অসমীয়াৰ বাইদেউ ওলাই
গৈছে৷ এতিয়া জিৰণিৰ সময়৷ আজি শ্ৰেণীত কোনে কি প
ঢ়ুৱালে,
কি কলে কিৰণৰ একো মনত নাই৷ তাৰ মনটো একেবাৰে
ভাল নলগা হৈ আহিছে৷ সকলো ল
ৰা-ছোৱালীৰ লগতে সিও বাহিৰলৈ ওলাই
আহিল যদিও কিবা এক অকলশৰীয়া ভাবে তাক দহি থাকিল৷ লগৰবোৰে দুপৰীয়াৰ আহাৰ খাবলৈ
থাল-বাটি লৈ ফিল্ডত বহিলগৈ৷  সি ফিল্ডলৈ
নগৈ প্ৰধান শিক্ষকৰ কোঠাৰ দিশলৈ গ
ল৷

       ছাৰ, সোমাব পাৰোঁ নে?” প্ৰধান
শিক্ষকৰ কোঠাত তেতিয়া অমৰ ছাৰ কিবা কথা আলোচনা কৰি বহি আছে৷ দুয়ো মূৰ তুলি চালে৷
অনুমতি পাই সি কোঠালৈ সোমাই গ
ল৷

        ছাৰ মই ঘৰলৈ যাওঁ৷ ভণ্টীৰ গা ভাল নহয়৷তাৰ মনটো ইতিমধ্যে ভনীয়েকৰ ওচৰলৈ উৰি গৈছিল৷

       ’, সেইবাবে আজি প্ৰাতঃসভাত খেলিমেলি কৰিছিলা?”
অমৰ ছাৰে মাত দিলে, “তুমি কথাষাৰ অথনিয়েই কৈ
নিদিলা কিয়
?”

        সি তলমূৰ কৰিলে৷ একো নামাতিলে৷

       প্ৰধান শিক্ষকৰ অনুমতি লৈ সি স্কুলৰপৰা ওলাই আহিল৷ সি তাৰ জেপত পইচাকেইটা আছে নে নাই খেপিয়াই
চালে৷ আছে৷ ঠিকে ঠাকেই আছে৷ সি কোবাকোবিকৈ সিহঁতৰ তিনিআলিটোলৈ খোজ দিলে৷ তিনিআলি
পায়েই সি দেখিবলৈ পালে নৰেনদাৰ দোকানখন খোলা আছে৷ তাক দেখি নৰেনদাই হাঁহি মাৰি
দিলে৷ বিমানহঁতৰ লগত আহি আহি সিও নৰেনদাৰ চিনাকি হৈ পৰিছে৷

        কিহে ডেকা লৰা আজি বৰ সোনকালে আহিলা যে? পাৰ্টনাৰ অহাই নাই দেখোন?” 
সি দোকানৰ বাৰাণ্ডাত ভৰি দিয়াৰ লগে লগেই  নৰেনদাই মাত দিলে৷ লগতে শিখৰ-ৰজনীগন্ধাৰ পেকেট
দুটাও তালৈ আগব
ঢ়াই দিলে৷ নৰেনদাই জানে যে কিৰণে এতিয়া শিখৰ
খাই গ
লেও পিছত বিমানহঁতে পইচা দি দিব৷

        নৰেনদা, হোমিঅদৰৱ যে দিয়ে
নুৰ চাহাবৰ ঘৰলৈ কোনফালে যাব লাগে
?”

       তেওঁ সোধা প্ৰশ্নৰ উত্তৰ নিদি সি লোটাইহে প্ৰশ্ন কৰিলে৷ সি আনকি
পেকেট দুটাৰ প্ৰতি অক
ণো আকৰ্ষণ অনুভৱ নকৰিলে৷ তাৰ কথাত
নৰেনদাই অলপ তভক মাৰি ৰ
ল৷ পেকেট দুটা সামৰি থৈ তেওঁ নূৰ
চাহাবৰ ঘৰলৈ কেনি যায় তাক দেখুৱালে৷ অৱশ্যে কিৰণে তেওঁক ভনীয়েকৰ অসুখৰ কথাখিনিও
ভালকৈ ক
লে৷

        ঘৰখনক জানি-বুজি দুখ দি তাৰ ডাঙৰহোৱাৰ আকাংক্ষা নাই৷

      সি ভনীয়েকক হেৰুৱাবলৈ নিবিচাৰে৷ বিমানহঁতৰ দৰে বন্ধু সি বহুত পাব৷ কিন্তু সৰলভাৱে বিশ্বাস কৰা এজনী ভনীয়েকক হেৰাই  লে পাব জানো?

        নৰেনদাই দেখুৱাই দিয়া দিশেৰে জেপৰ পইচাকেইটা খামোচ মাৰি কিৰণে নুৰ চাহাবৰ
ঘৰৰ দিশে খোজ দিলে৷

লেখকৰ ঠিকনা :
বেতিয়নী কাকতি গাঁও
জিলা-গোলাঘাট
ডাক- বেতিয়নী, পিন – ৭৮৫৬২২
ফোনঃ ৯৩৬৫৬১৩৩৮২ , ৯৮৫৪০৭৩৫৪৯