শিশুসাহিত্যিক ইন্দ্ৰকান্ত
কাৰ্কীদেৱলৈ শ্ৰদ্ধাঞ্জলি

ৰঞ্জুমণি মহন্ত

সপ্তম শ্ৰেণীত
বৃত্তি পাওঁতে
মৌচাক’-এওঁলোকে
বৃত্তি লাভ কৰিছে
শিতানত মোৰ ফটো ওলোৱাত দেউতাই মৌচাক’-ৰ সেই সংখ্যাটো কিনি আনিছিল আৰু সেইদিনাই মোৰ
মৌচাক’-ৰ সৈতে প্ৰথম পৰিচয় ঘটিছিল৷
তাৰ আগলৈকে মই
সঁফুৰাহে পঢ়িছিলোঁ৷
ৰঙীন পৃষ্ঠাৰে সৈতে ডাঙৰৰ লেখাৰ লগতে অনেক অকণিৰ লেখাৰে ভৰপূৰ
মৌচাকখনে মোক বৰকৈ মোহাচ্ছন্ন
কৰি তুলিছিল৷ বিশেষকৈ সেই মাহৰে পৰা নতুনকৈ আৰম্ভ কৰা
ছৰজাইনৰ
অতিথি
শীৰ্ষক শিশু কল্পকাহিনীৰ প্ৰথমটো খণ্ডই মোক এনেকৈ
আচ্ছন্ন কৰি তুলিলে যে মই
মৌচাকখন
এৰিব নোৱৰা হৈ পৰিলোঁ৷ ইটো সংখ্যাৰ পৰা সিটো সংখ্যালৈ অধীৰ আগ্ৰহেৰে বাট চাই থকা হ
লোঁ৷ মাহটো নাযায়-নুপুৱায় লগা হল৷ মৌচাকখন হাতত পৰাৰ লগে লগে প্ৰথমেই ছৰজাইনৰ অতিথিপঢ়িহে বাকীবিলাক লেখা পঢ়োঁ৷

এইদৰে কেইমাহমান
যোৱাৰ পাছত এদিন মৌচাকৰ পাতত এটা ঘোষণা চকুত পৰিল৷ ঘোষণাটোত কোৱা হৈছিল যে মৌচাকৰ
অকণিসকলৰ মাজত
ছৰজাইন বঁটানামেৰে এখনি
প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে৷
ছৰজাইনৰ অতিথিৰ শেষৰ খণ্ডটোৰ লগত উপন্যাসখনৰ বিষয়ে এলানি প্ৰশ্ন প্ৰকাশ কৰা হব৷ সেই প্ৰশ্নসমূহৰ উত্তৰৰ লগতে উপন্যাসখন পঢ়ি কেনে লাগিল চমুকৈ লিখি মৌচাকৰ ঠিকনালৈ ডাকযোগে পঠাই দিব লাগিব৷ সম্পূৰ্ণ
শুদ্ধ উত্তৰ আৰু শ্ৰেষ্ঠ মতামত দিওঁতালৈ আকৰ্ষণীয় পুৰস্কাৰ আগবঢ়োৱা হ
ব৷ ঘোষণাটোৱে ছৰজাইনৰ অতিথি
প্ৰতি
মোৰ আকৰ্ষণ দুগুণে বঢ়াই তুলিলে৷ স্কুলৰ পঢ়াতকৈ বেছি মনোযোগেৰে উপন্যাসখন পঢ়িবলৈ ধৰিলোঁ৷

ঘোষণামতেই
উপন্যাসখনৰ শেষৰ খণ্ডটোৰ সৈতে প্ৰশ্ন এলানি প্ৰকাশ হ
ল৷
আন বহুতৰে দৰে ময়ো প্ৰতিযোগিতাত যোগদান কৰিলোঁ৷ ছমাহমানৰ উৎকণ্ঠা আৰু অধীৰ আগ্ৰহৰ
অন্ত পেলাই
এদিন যেতিয়া ফলাফল ঘোষণা কৰিলে, তেতিয়া আছিল মোৰ হতবাক হোৱাৰ পাল৷ কাৰণ ছৰজাইন বঁটাৰ ফলাফলৰ প্ৰথম স্থানত আছিল মোৰ নাম৷ সপোনৰো অগোচৰ এই ঘটনাই মনলৈ আনি দিয়া
আনন্দ-উত্তেজনাৰ ঢৌ নৌ মাৰ যাওঁতেই কেইদিনমান পাছতে ডাকত মোৰ নামত এখন চিঠি আহিল
,
ত ৰৈ আছিল মোৰ বাবে আন এটা বিস্ময়৷ কাৰণ ছৰজাইন বঁটাপোৱাৰ বাবে শুভেচ্ছা জনাই সেই চিঠিখন
দিছিল মোৰ সেই সময়ৰ আটাইতকৈ প্ৰিয় লেখক
ছৰজাইনৰ অতিথিৰ স্ৰষ্টা স্বয়ং শ্ৰদ্ধেয় ইন্দ্ৰকান্ত কাৰ্কীদেৱে৷

অসমীয়া
শিশুসাহিত্যৰ ক্ষেত্ৰখনক অতি উচ্চমানৰ লেখাৰে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত
ইন্দ্ৰকান্ত কাৰ্কী
দেৱ অন্যতম৷ তেখেতৰ বগা
ভালুক
’ ‘ছৰজাইনৰ অতিথি’, ‘কাঠমাণ্ডু
কাঠমাণ্ডু
’, ‘জাল’, ‘চোৰধৰা যন্ত্ৰৰ দৰে শিশুৰ মন-প্ৰাণ আলোড়িত কৰিব পৰা লেখা অসমীয়া ভাষাত খুউব কমেইহে আছে৷
বিশেষকৈ অসমীয়া শিশুসাহিত্যত যি এমুঠিমান কল্পকাহিনী আছে তাৰ ভিতৰত কাৰ্কীদেৱৰ
ছৰজাইনৰ অতিথিনিশ্চিতভাৱে অন্যতম৷

সাহিত্যচৰ্চাৰ
বাহিৰেও তেখেতে সংগীতৰো চৰ্চা কৰিছিল৷ গোৰ্খা সংগীতৰ জগতখনৰ তেখেত এটা পৰিচিত নাম
আছিল৷ গীতিকাৰ
, সুৰকাৰ আৰু সংগীত পৰিচালক হিচাপেও তেওঁ নিজৰ এটা
পৰিচিতি গঢ়ি তুলিবলৈ সক্ষম হৈছিল৷

বহু উচ্চমানৰ
লেখাৰে অসমীয়া শিশুসাহিত্যক সমৃদ্ধ কৰা এই প্ৰচাৰবিমুখ সাহিত্যিকজনে যোৱা
২৩.০৭.২০২১ তাৰিখে পৰলোকলৈ গতি কৰিলে৷
  অত্যন্ত
দুখৰ বিষয় এয়ে যে তেখেতে তেখেতৰ অৱদানৰ বাবে জীৱিত কালত কোনো ধৰণৰ স্বীকৃতিতো
নাপালেই
, আনকি মৃত্যুৰ বাতৰিটোৱেও অসমৰ প্ৰচাৰ মাধ্যমত বিশেষ
গুৰুত্ব নাপালে৷

তেখেতৰ বিয়োগে
অসমীয়া শিশুসাহিত্য জগতৰ এক অপূৰণীয় ক্ষতি কৰিলে৷ সাহিত্যিকজনাৰ বিদেহ আত্মাৰ
চিৰশান্তি কামনা কৰাৰ লগতে শ্ৰদ্ধাঞ্জলি নিৱেদন কৰিলোঁ৷