সংশ্ৰৱশূন্য

অংকিতা বৰুৱা



কাৰ্ভিঙ
নাইফখনৰে কাঠৰ টুকুৰাটোক এখন মুখাবয়বলৈ ৰূপান্তৰ কৰাত ব্যস্ত সি । মুখখনৰ প্ৰতিটো
অংগকে নিখুতভাবে ফুটাই তুলিবলৈ সি খুব সাৱধানে তাৰ হাতখন চলাই গৈছে । তাৰ বিশেষ
ধ্যান থাকে চকুযুৰিত । শব্দতকৈ এযোৰ চকুৰ সংবেদনশীলতাই তাক বেছিকৈ আকৰ্ষিত কৰে ।
   তাৰ হাতেৰে প্ৰাণ পাই
উঠা মুখখনত চকুযুৰিও
  সাংঘাটিকভাৱে আকৰ্ষনীয়
হোৱাটো তাৰ প্ৰধান লক্ষ্য ।
  মনৰ মাজত
আঁকি লোৱা প্ৰতিমূৰ্ত্তিটোক তাৰ অভিজ্ঞ হাতদুখনেৰে নিখুতভাবে
  গঢ় দি গৈ থাকিল । যিমানে সি শেষ পৰ্য্যায়ৰ ফালে আগবাঢ়িছে সিমানে
তাৰ উৎকন্ঠা বাঢ়ি আহিছে ।
  এক ধৰণৰ পৰিশীলিত  ব্যগ্ৰতা হয়তো প্ৰতিজন সৃষ্টিকামীয়ে সময়ে সময়ে নিজৰ চেতনাত ধাৰণ
কৰে
  !  

পেইন্ট
ব্ৰাছডালেৰে বেচ্ কালাৰটোত শেষ টাচ্ছটো দিছে সি । চকুৰ মণিকেইটাক আৰু অলপ উজ্জ্বল
কৰি তুলিছে । মণি দুটাৰ উজ্জলতাত বগা অংশটো বগা যদিও সামান্য নীলাৰ চাপ এটা পৰা
যেন লাগিছে । আকৌ এবাৰ চকু ফুৰালে সি সম্পূৰ্ণ হৈ উঠা মুখখনত । এই শিল্প
  তাৰ কেতিয়া নিচা হৈ পৰিল সি নিজেই নাজানে । কিন্তু এতিয়ালৈ সি এজন
অভিজ্ঞ ভাস্কৰ্য্য শিল্পী হৈ উঠিছে । এই শিল্পৰ প্ৰতিটো দিশ সামৰি তাৰ সৃষ্টিয়ে
গতি ল’ব জনা হৈছে । অৱশ্যে তাৰ
  সৃষ্টিসমূহ
কেৱল সি আৰু তাৰ কোঠাটোৰ মাজতেই আবদ্ধ হৈ ৰয় । কেতিয়াও ঘূণাক্ষৰেও কোনো দ্বিতীয়
এজনক এই বিষয়ে কোৱা নাই সি । বছৰযোৰা সাধনাই তাৰ মনটোক স্থিতপ্ৰজ্ঞতাৰে সামৰি ৰখাত
প্ৰতিপল
  সহায় কৰিছে বাবেই সি
কৃতজ্ঞ এই বিদ্যাত । উৎসাহেৰে সি মুখখন দুহাতেৰে তুলি ললে ।
 

খুটিয়াই
চাইছে সি মুখখনক । প্ৰতিটো অংগকে আলফুলে এবাৰ স্পৰ্শ কৰি চাইছে । যি স্পৰ্শত লাগি
আছে সৃষ্টিৰ অমল সুখ । এটুকুৰা কাঠেও কি এক সুকোমল হৃদয়জ অনুভৱ কঢ়িয়াব পাৰে !
  তাৰ বুকুখনৰ এচোৱা চুই চালে সি , জীয়া শিলচটা এপলকৰ বাবে লৰচৰ কৰি
উঠিল ।
 

 কিছুপৰলৈ
তাৰ দুচকু নিবদ্ধ হৈ ৰ’ল মুখখনৰ চকুযুৰিত।
  এটা প্ৰশ্নবোধকে আহি তাৰ কপালৰ ৰেখাকেইডাল অধিক গাঢ় কৰি তুলিলেহি
  দুহাতেৰে চকু মুখ
মোহাৰি সি পুনৰ মন দিলে সম্পূৰ্ণ হৈ উঠা মুখখনত । আকৌ এবাৰ ভালদৰে চকুযুৰিক লক্ষ্য
কৰিলে ।
 

হয়
জানো ? নে এয়া তাৰ ভ্ৰম !
 

এই
চকুযুৰি … এই দৃষ্টি …
  ! 

ক’ৰবাত
যেন অপ্ৰত্যাশিত কিবা এটা ঘটি গৈছে ! দোহাৰিবলৈ
  নিবিচৰা এক প্ৰাচীন সত্যৰ সৈতে সি যেন পুনৰবাৰ মুখামুখি হৈছে ।
আঁতৰি আহিবলৈ আপ্ৰাণ চেষ্টা কৰাৰ পাছতো এক বিশেষ বিন্দুত যেন থমকি ৰৈ গ’ল সি !
 

 অতীতটোক সমগ্ৰতাৰে ভাৰহীন কৰি পেলালে বুলিয়েই সি ইমানদিনে নিজৰ
প্ৰতি এক গভীৰ বিশ্বাস গঢ়ি তুলিছিল। সন্মুখৰ বাটটোক নিজ ইচ্ছাৰে সজাই তুলিব জনা
মানুহ সি । স্মৃতিকাতৰতা ত্যাগ কৰিব পৰাকৈ স্বাভিমানীও ।

 এই মুখখন সম্পূৰ্ণ হৈ উঠাৰ ঠিক এক চেকেণ্ড আগলৈকে সি নিজৰ প্ৰতি
তেনে এক ধাৰণাতে বিশ্বাসী হৈ আছিল। এছোৱা সময়ক এৰি পেলাওঁ বুলিয়েই এৰি পেলাব
পৰাকৈ সি স্থিতপ্ৰজ্ঞ । তাৰ মনত শৈশৱে গঢ় দিয়া ,
  ‘পুৰুষত্ব’ৰ 
প্ৰতিচ্ছবিখনে
  অহৰহ সোঁৱৰাই থাকে –
সি এজন প্ৰকৃত পুৰুষ , স্থিতপ্ৰজ্ঞ সি । সমাজৰ দৃষ্টিত এজন প্ৰকৃত পুৰুষ হোৱাৰ এই
কচৰৎ তাৰ বহু যুগৰ
   অসহজ কথাবোৰক সহজ কৰি তোলাৰ সেই কৌশল সি সৰুতেই শিকি পেলাইছিল। 

কিন্তু
হঠাত তাৰ এনে কিয় লাগিছে নৈৰ পকনীয়াৰ দৰে এজাক স্মৃতিয়ে আহি তাক পলকতে মেৰিয়াই
ধৰিছেহি ! এটা নিৰ্জীৱ কাঠৰ টুকুৰাইও কঢ়িয়াই নেকি যাতনাবিলাস
  ! নে তাৰ বুকুৰ জীয়া শিলচটাৰ চাৰিওফালে সেই স্মৃতিবোৰ আথা খাই ৰৈ
গৈছে !
 

অস্থিৰ
হৈ উঠিছে সি ।

এনে
হোৱাৰতো কথা নাছিল !
 

যাতনাৰ
নিশ্বাস এটাত তাৰ হাতৰ ৰঙ মচিবলৈ ব্যৱহাৰ কৰা শতচ্ছিন্ন কাপোৰ টুকুৰা সামান্য কঁপি
উঠিল । ঠিক তাৰ বুকুৰ ভিতৰখনৰ দৰেই ।
 

কিমানদিন
হ’ল চাগে এই ‘স্থিতপ্ৰজ্ঞ’ শব্দটোৰ সৈতে তাৰ মিতিৰালি হোৱা ! সৰু আছিল সি । অন্তত
সকলো কথা বুজিব পৰাকৈ পৰিপক্ক হৈ উঠা নাছিল তেতিয়া । সকলো কথাকে পোহৰমুখী বুলি
ভবাৰ বয়স আছিল সেয়া ।
  ভাল-বেয়া ,
শুদ্ধ-অশুদ্ধৰ বিচাৰ কৰাৰ অৱকাশেই বা আছিল ক’ত !
  লগৰ ল’ৰা-ছোৱালীৰ সৈতে আওঁহতীয়া ফিল্ডখনত ৰবাব টেঙাৰে বল খেলাৰ
বয়স আছিল সেয়া । ভৰ দুপৰীয়া ফিল্ডখনৰ কাষৰ গছত বগাই লেটেকু পনিয়ল চুৰ কৰি খোৱাৰ
দিন আছিল সেয়া । নদীখনত জপংকৈ গোটেইকেইটা একেলগে জপিয়াই জলকেলী কৰাৰ বয়স আছিল সেয়া
। সেই নিৰ্দোষ ধেমালিৰে পৰিবেষ্টিত জীৱনবোৰত জটিলতাৰ সুৰুঙাই বা আছিল ক’ত !
 

তেতিয়াই
সিঁহতৰ সমাজখনে শিকাইছিল –
  ল’ৰা মানুহে কান্দিব
নাপায় । ল’ৰা মানুহ বজ্ৰৰ দৰে কঠিন আৰু সাহসী হ’লেহে শোভা পায় । পেনপেনীয়া
স্বভাৱবোৰে ল’ৰাৰ পুৰুষত্বত আঘাত হানে – সেইয়াই আৰম্ভনি আছিল । সেই কথাবোৰ
  ব্ৰহ্মবাক্য হৈ ৰৈ গৈছিল তাৰ জীৱনৰ বাবে । কতবাৰ জীৱনে তাক
কন্দুৱাই মাৰিবলৈ উঠি পৰি লাগিছে তাৰ হিচাপ সি ৰখা নাই । অথচ প্ৰতিবাৰেই সি আকাশলৈ
মূৰ তুলি চাই স্থিতপ্ৰজ্ঞ হৈ ৰোৱাৰ আখৰা চলাই আহিছে । বুকুখনত যাতনাই হেঁচি ধৰিলেও
সি বাহ্যিকতাত নিৰ্লিপ্ত হৈ থকাৰ চেষ্টা চলাই আহিছে । সি এটাই শিকিছে জীৱনৰপৰা ।
পুৰুষে নাকান্দে । কন্দাৰ অধিকাৰ পুৰুষৰ নাথাকে । পুৰুষ মানেই স্থিতপ্ৰজ্ঞ । হাজাৰ
ধুমুহাতো সামান্যতমো হালি নপৰাকৈ থকাজনেই আচল পুৰুষ ।
 

ইমান
সহজ আছিল জানো কথাবোৰ ! কিদৰে আয়ত্ব কৰিছিলে সি যাতনাক গিলি থোৱাৰ সেই কৌশল ! তাৰ
মনত আছে । খুব ভালদৰেই মনত আছে ,
  আইতাকৰ সৈতে
তাক
  সামৰি ৰখা পিতৃ
মাতৃহাল তাৰ বাবে এখন আকাশ হ’ব পৰা নাছিল । জীৱনবোধৰ পাৰ্থক্যই , আদৰ্শৰ পাৰ্থক্যই
সিহঁতৰ ঘৰখনৰ বতাহজাক সদায়েই উতপ্ত কৰি ৰাখিছিল । তাৰ শৈশৱত নাছিল পিতৃৰ বোকোচাত
উঠি , মূৰে গায়ে বগাই ফুৰি কৰা মৰমৰ আব্দাৰবোৰ অথবা মাতৃৰ স্নেহ সনা মাতষাৰ । তাৰ
শৈশৱ বুলিলে এজাক ধুমুহালৈ মনত পৰে , আৰু মনত পৰে আইতাকৰ চাদৰৰ ভাঁজত লাগি থকা ঘাম
আৰু ভাতৰ নিসনিৰ মিশ্ৰিত গোন্ধ ।
  দায়িত্বৰে গধুৰ হৈ পৰা আইতাকৰ দাগ লগা হাতখনলৈ মনত পৰে তাৰ । পুৱা
গধূলি বেমাৰী মাকজনীৰ কেকনিবোৰে তাৰ
  মনটোক চেপি খুন্দি অনা মনত পৰে তাৰ । দেউতাকৰ ওফন্দি থকা মুখখনত
মাকলৈ বুলি উফৰি পৰা শব্দৰ কাঁড়বোৰ তাৰ স্পষ্টকৈ মনত পৰে । মাকজনীয়ে দূৰ্বল
দেহাটোৰেই দেউতাকলৈ চোঁচা মাৰি আহি ফোঁপাই ফোঁপাই কোৱা শব্দৰ প্ৰত্যুত্তৰবোৰ মনত
পৰে তাৰ । অথচ সি সেই সময়বোৰতো এটুকুৰা শিল হৈ ৰৈছিল , নিৰ্লিপ্ত । 

সি
হয়তো তেতিয়াই স্থিতপ্ৰজ্ঞতাৰ কৌশল শিকিছিল ।  সম্পৰ্কৰ মাজত থকা বিভেদবোৰো
বুজি উঠিছিল তেতিয়াই । সম্পৰ্ক এটাৰ মধুৰতা বেছি নে জটিলতা , জোখা নাছিল সি
কেতিয়াও । কেৱল হৃদয়ংগম কৰিছিল ,  চিৰন্তন নিয়মৰ মাজেৰে বান্ধ খোৱা
সম্পৰ্কবোৰৰ মাজতো থাকিব পাৰে এক বিশাল শূন্যতা ।  সমাজসৃষ্ট সম্পৰ্ক এটাক
ৰক্ষা কৰাৰ স্বাৰ্থত নিজস্বতা হেৰুওৱাৰ সপক্ষে সি যুক্তি বিচাৰি পোৱা নাছিল । য’ত
অন্তৰৰ দাবী নাথাকে তেনে সম্পৰ্কৰ মূল্যই বা কিমান ! 

 কেতিয়াবা
বুকুখনত বেছিকৈ বিষ এটাই খোচ মাৰি ধৰিলে সি দৌৰ মাৰি গৈ আইতাকৰ বুকুত সোমাই বহু পৰ
তেনেকৈয়ে পাৰ কৰিছিল ।  চুটি চুলিকেইডালৰ ভাঁজত  আইতাকৰ খহটা
আঙুলিকেইটাৰ পৰশে তাৰ কুমলীয়া মনটোক যেন সাধুকথাৰ দেশ এখনলৈ লৈ গৈছিল । সি আশা
কৰিছিল , সেই পৰশ যদি কেনেবাকৈ তাৰ মাকৰ আঙুলিকেইটাৰ হ’লহেঁতেন ! এপাকত আইতাকে
আদৰুৱা মাতষাৰেৰে কৈছিল তাক  -‘ মতা ল’ৰা হৈনো ইমান কিহৰ দুখ অ’ তোৰ ? লৰাই
হবলা কান্দে ! তোৰ লগৰকেইটাকে চাচোন , কেনেকৈ উদঙীয়া হৈ ঘূৰি ফুৰিছে । কথাবোৰ
ইমানকৈ ভাবিবলৈ এৰ বোপাই। ‘
 

আইতাকৰ
গালত টপচকৈ চুমা এটা খাই সি লাজ লাজকৈ আঁতৰি আহিছিল । নাই ! আৰু এনেকুৱা কেতিয়াও
নকৰে সি । দুখক প্ৰশ্ৰয় দিবলৈ গৈ পুৰুষত্বৰ অহংকাৰ হেৰুৱাব নোখোজে কেতিয়াও ।
বুকুখন চুই চাইছিল সি , এচটা জীয়াশিলৰ জন্ম হৈছিল বুকুৰ এচুকত । 

জীৱন-মৃত্যুৰ
দোমোজাক বুজি উঠাৰ সময়তে আদৰৰ আইতাকজনীও নোহোৱা হৈছিল তাৰ জীৱনৰপৰা । একুৰা জুইৰ
শিখাই আগুৰি ধৰা আইতাকৰ মুখখনে তাক কেইবাৰাতিও শুবলৈ দিয়া নাছিল । সম্পৰ্ক এটাৰ
স্থায়িত্ব বিচাৰি তাৰ মনত তোলপাৰ লাগিছিল । কি সঁচা আচলতে ! জীৱন নে মৃত্যু !
মৃত্যু মানেই যদি সকলো শেষ তেনেহলে আজিও কিয় সি আইতাকৰ বুকুৰ উম বিচাৰি হাঁহাকাৰ
কৰি উঠিছে !  আইতাকক মেৰিয়াই ধৰা জুইকুৰাৰ সৈতে তাৰ সেই অনুভূতিখিনিও জাহ
যোৱা হলে ! 

 পাছলৈ
, বেজাৰ লাগিলে সি নৈপৰীয়া অকলশৰীয়া গছজোপাৰ কাষলৈ গৈছিল । আইতাকক কবলৈ মন যোৱা
কথাবোৰ সি গছজোপাৰ সৈতে ভগাই লৈছিল । তাৰ শূন্যতাৰ সমভাগী হৈছিল গছজোপা । গছজোপাই
তাক আইতাকৰ দৰেই এবুকু মৰমেৰে সামৰি লৈছিল ।  মাজে মাজে গছজোপাৰ ওচৰলৈ নাকটো
নি সি উশাহটো উজাই লৈছিল । আইতাকৰ গাৰ গোন্ধটোৰ দৰেই গছজোপাৰো নিজস্ব এক গোন্ধ
আছিল । কেতিয়াও নাপাহৰা সেই গোন্ধটোৱে তাক ৰাতি সপোনতো খেদি ফুৰিছিল । ঠিক আইতাকৰ
মুখখনৰ দৰেই । গছজোপা যুগ যুগ ধৰি  আপোচবিহীনভাবে  থিয় হৈ ৰোৱাৰ দৰে সিও
যেন আয়ত্ব কৰি ল’ব সেই অহংকাৰ  । সৃষ্টিৰ তাড়নাৰে সেউজীয়া হৈ ৰোৱা গছজোপাৰ
অস্তিত্বই তাক আকাশমুখী পথটোৰ সন্ধান দিছিল । 

 কিমান
বছৰ , কিমান বছৰৰ আগৰ কথা আছিল সেয়া ! কত দিন , মাহ , বছৰ পাৰ কৰিলে সি গছজোপাৰ
কাষলৈ নোযোৱাকৈ !

সেই
যে অতিকৈ গোপন সত্য এটা সি ভগাই লৈছিল গছজোপাৰ প্ৰতিটো ডাল-পাত , ঠাল ঠেঙুলিৰ সৈতে
। সেইদিনা তাৰ দৰে সিঁহতো এবাৰলৈ কঁপি উঠিছিল নেকি ! হয়তো  কঁপিছিল । সেই
সত্য যে বৰ সহজ নাছিল । যি সত্যক সি নিজৰ ওচৰত স্বীকাৰ কৰাৰ সময়ত ,  সিও জানো
কঁপি উঠা নাছিল ? 

 আৰু
…আৰু কোনে জানিছিল সেই সত্য ! গছজোপাৰ বাহিৰেও আন এক সত্বাই  তাৰ সেই সত্য
জানিছিল ।  আচলতে সি স্বীকাৰ কৰিছিল তেওঁৰ আগত এক অবিশ্বাস্য অনুভূতিক (
অন্তত তাৰবাবে তেতিয়া সেই অনুভূতিক অবিশ্বাস্য বুলি কোৱাৰেই থল আছিল ) ।
সন্ধ্যাবেলাৰ ছাঁ-পোহৰৰ মাজতো দীপ্তমান হৈ ৰোৱা   চকুযুৰিলৈ চাই সি কৈ
পেলাইছিল – ‘ তোক কেৱল শৈশৱৰ বন্ধু বুলি মানি লব নোৱৰা হৈছোঁ মই । কিবা এক নিজেও
বুজিব নোৱৰা অনুভবে মোক অলপ দিনৰপৰা অস্থিৰ কৰি তুলিছে । অৱশেষত মই এটাই বুজিলোঁ ,
এই অস্থিৰতাখিনি একমাত্ৰ তইহে দূৰ কৰিব পাৰিবি । মোৰ এই ভাললগা , কেৱল এজন বন্ধুৰ
প্ৰতি থকা ভাললগা নহয়  । তই বুজিছনে মই তোক কি বুজাব বিচাৰিছোঁ ? ‘ 

 
‘ নাই , বুজা নাই মই তই কি কবলৈ বিচাৰিছ । ভালদৰে বুজাই কচোন । ‘ 

 বন্ধুৱে
বুজি নোপোৱা কথাবোৰ কওঁতে তাৰ আউল লগা নাছিল । শৈশৱ-কৈশোৰ একেলগে পাৰ কৰি অহা
বন্ধুৰ প্ৰতি তাৰ হৃদয়ত অনুভূত হোৱা বিশেষ অনুভবখিনিক সি অলপো খোকোজা নলগাকৈ কৈ
পেলাইছিল । বন্ধুৰ প্ৰতি থকা ভাললগাবোৰ কেতিয়া অনুৰাগলৈ সলনি হৈছিল সিও নাজানে ,
কিন্তু বন্ধুৰ সান্নিধ্যই তাক কিদৰে মোহাচ্ছন্ন কৰি ৰাখে সেই কথা কবলৈ তাৰ অলপো
সংকোচ হোৱা নাছিল । বন্ধুৰ হাতৰ উমাল স্পৰ্শৰ বাবে সি কিদৰে আতুৰ হয় সেই কথা কবলৈও
তাৰ অলপো দ্বিধাবোধ হোৱা নাছিল । সি কেৱল কৈ গৈছিল হৃদয় উজাৰি … 

 বন্ধুৰ
চকুযুৰিৰপৰা ওলোৱা জুইৰ স্ফূলিংগই তাৰ সৰ্বশৰীৰত দহিছিল । শৈশৱ কৈশোৰৰ চিনাকি
চকুযুৰিত সেইদিনা কাহানিও নেদেখা ঘৃণা দেখিছিল সি । হয়তো সেইদিনাই সি আটাইতকৈ
বেছিকৈ অনুভব কৰিব পাৰিছিল , শব্দতকৈ দুচকুৰ ভাষা বেছি তীব্ৰতৰ । ধাৰাল। 

প্ৰায় গতিয়াই নিয়া দি নিৰ্জন ফিল্ডখনলৈ চোচৰাই  লৈ গৈছিল তাক বন্ধুৱে ।
বন্ধুৰ পেশীবহুল হাতৰ খামোচটো তাৰ চাৰ্টৰ কলাৰত পৰিছিল । খঙত কঁপি উঠা বন্ধুৰ চকুৰ
তীব্ৰতাত তচ-নচ হৈছিল তাৰ বুকুৰ জীয়া শিলচটা … 

 
কি যা তা বকিছ বে তই  !  পাগল হৈছ ? এইবোৰ কথা আনে শুনিলে কি হ’ব ভাবি
চাইছ এবাৰ ! চাবি কিন্তু , আত্মসন্মান আৰু সমাজ দুয়োটাই মোৰ বৰ প্ৰিয় । এই দুটাত
কেৰোণ লাগিলে তোক সুদাই নেৰিম মই । ‘ 

প্ৰচণ্ড
ঠেলা এটাত সি কৰ্ফাল খাই পৰিছিল । বন্ধুৰ চকুযুৰিলৈ শেষবাৰৰ বাবে চাইছিল সি 

 নহয়
নহয় ! 

এয়া
তাৰ বুকুত দাগ কাটি যোৱা বন্ধুৰ চকু নহয় । এইযোৰ চকু তাৰ বাবে অচিনাকি । আশৈশৱ তাৰ
লগত একলগে ডাঙৰ হোৱা , তাৰ সকলো নিৰ্দোষ ধেমালিৰ বিশ্বস্ত সংগী এই বন্ধুৰ মাজত ক’ত
লুকাই আছিল এনে  এজন ভীৰু পুৰুষ ? এয়া সমাজপ্ৰীতি নে ভয় ?  আত্মসন্মান
হানি হোৱাৰ স্বীকাৰোক্তি আছিল জানো এয়া ! নে এনে অনুভব অসাংবিধানিক ! 

সমাজৰ
ভয়ে নিষ্পাপ অনুভূতিকো শিকলিৰে বান্ধি পেলাই ! তাৰ চিঞৰি চিঞৰি কবলৈ মন গৈছিল ,
আৱেগক ৰুধিবলৈ নিশিকিবি বন্ধু ।অনুভৱবোৰ স্বতঃস্ফূৰ্ত , সেয়া লাগে হাঁহিয়েই হওক
অথবা বুকুভগা কান্দোন  । সমাজৰ ভয়ত পুৰুষত্বক স্থিতপ্ৰজ্ঞতাৰ সংজ্ঞাৰে
নুজুখিবি কেতিয়াও । পুৰুষৰ হৃদয়ো নাৰীৰ দৰেই  সংবেদনশীল । 

তাৰপাছত
… 

তাৰপাছত
সি সেই চকুযুৰিক পাহৰিবলৈ চেষ্টা কৰিছিল ।জীয়া শিলচটা আৰু অলপ ডাঙৰ হৈছিল । নিজকে
বুজাইছিল সি , অনুভবৰ স্বকীয়তা নাথাকে , পৰাধীন ।  জীৱন থাকে মানে আবেগক
বান্ধি ৰখাৰ খেলখন প্ৰতিনিয়ত চলি থাকে হয়তো । নিয়মৰ পৰিধি ভাঙি নতুনৰ দিশে বাট
কটাৰ সাহস সকলোৰে বুকুত নাথাকে । কিন্তু তাৰ আছিল সেই সাহস । অনুভৱৰ পৰিমাপক থকা
হলে সি হয়তো দেখুৱাব পাৰিলেহেঁতেন কিমান তেজাল অনুভবেৰে ভৰি আছে তাৰ বুকুৰ
অলিন্দ-নিলয় কেৱল সেই বন্ধুৰ প্ৰতি । তাৰ দৰেই সকলো সাহসী হোৱা হলে !

 অৱশেষত
সি হেৰাই গৈছিল তাৰ প্ৰিয় চহৰখনৰপৰা । 

 নতুন
ঠাইখনলৈ সি কঢ়িওৱা নাছিল তাৰ প্ৰশ্নবোৰ । এৰি পেলাওঁ বুলিয়েই এৰি পেলাইছিল সি তাৰ
অতীতটোক । স্থিতপ্ৰজ্ঞৰ সংজ্ঞাক সি তাৰ মজ্জাত ধাৰণ কৰি লোৱাত এশ শতাংশই সফল বুলি
সি ধৰি লৈছিল । 

 অথচ
, এটুকুৰা কাঠত কাটি উলিওৱা এখন মুখে তাৰ সমস্ত ধাৰণাক ইতিমধ্যে ভুল বুলি প্ৰমাণিত
কৰি পেলাইছে । কত বছৰ পাৰ হ’ল ! অথচ , সকলোৰেপৰা এক দুৰত্বত অৱস্থান কৰিও সি যেন
সকলোকে হৃদয়ত আজিও কঢ়িয়াই ফুৰিছে। সময়ে কিমান সলনি কৰিলে তাৰ চিনাকি সমাজখন ,
এবাৰ জানিবলৈ তীব্ৰ হেঁপাহ জাগিল ।  একেই নিয়মৰ গণ্ডীত এতিয়াও আছেনে তাৰ
চিনাকি মানুহবোৰ … পুৰুষে নাকান্দে …  পুৰুষ স্থিতপ্ৰজ্ঞ !

তড়িৎ
সিদ্ধান্তৰে সি আপোন চহৰখনলৈ উলটি আহিছে।

আভিজাত্যই
আগুৰি লোৱা চহৰখনৰ মাজত  তাৰ চিনাকী চহৰখন কতোৱেই নাই । সলনি হ’ল চিনাকি
বাট-পথবোৰ  । মৰমলগা আটোমটোকাৰি ঘৰবোৰক ওখ ওখ দালানবোৰে গিলি পেলাইছে ।
চাৰিওফালে কেৱল জীৱনৰ উদযাপনৰ প্ৰতিযোগিতা ।  যান-বাহনেৰে ব্যস্ত ৰাজপথ ।
দূৰৈৰ ক’ৰবাৰপৰা ভাহি আহিছে  উত্তাল সংগীতৰ ধ্বনি । সকলো ব্যস্ত নিজ নিজ
পৃথিৱীত । নাই , ইয়াত তাৰ বাবে কোনেও অপেক্ষা কৰি থকা নাই । হেৰুৱাই পেলাইছে সি
এৰি থৈ যোৱা নিজৰ এখুদমান অস্তিত্বক ।  কাৰো সময় নাই তালৈ চাবলৈ । এটা
ক্ষীণ  আশাৰে সি দুই এজনৰ কাষ চাপি গ’ল  ।  কোনোবা এজনতো তাক দেখি
আবেগিক হওক ! অত বছৰ ক’ত , কেনেকৈ আছিলি বুলি তাৰ খবৰ সোধক  ! 

 কিন্তু 
নাই ! তেনে একো নহল । সি থকা অথবা নথকাৰ মাজত বিশেষ একো পাৰ্থক্য হয়তো কাৰো অন্তৰে
কঢ়িওৱা নাই । কাৰো বাবে  বিশেষ হোৱাৰ যোগ্যতা তাৰ নাই  । সচাকৈয়ে কাৰো
বাবে বিশেষ নহ’লনে সি ! সেই বন্ধুৰো নহ’ল ! সিও পাহৰি পেলাইছেনে তাক চহৰখনৰ দৰে !
এটা দীঘল উশাহ টানি ললে সি । হয়তো  অলপ উত্তেজিতও হৈছে ।  বুকুখন চুই
চালে এবাৰ  , শিলচটাই খলখলাই উঠিল । 

 তাৰ
গছজোপা ! 

 মনত
ৰাখিছেনে তাৰ প্ৰিয়বন্ধুৱে তাক ? নে পাহৰি পেলাইছে … 

 নাই
নাই ! সেই বন্ধুত্বত কোনো শঠতা নাছিল । তাক অন্তত গছজোপাই পাহৰিব নোৱাৰে ।
উদ্ভ্ৰান্তৰ দৰে সি  নৈপৰীয়া গছজোপাৰ কাষলৈ দৌৰিছে । স্থিতপ্ৰজ্ঞ , পুৰুষসুলভ
অহংকাৰেৰে তাৰ প্ৰিয়বন্ধুক আজি সিও ক’ব – ‘ চোৱা আমাৰ বন্ধুত্বৰ দোহাই দি তুমি
বিচৰাৰ দৰেই মই আকাশমুখী হৈ ৰ’লো । তুমি সুখীনে আজি বন্ধু ?  ‘ 

সৌৱা
তাৰ পুৰাতন চিনাকি নৈখন ।

অন্ধকাৰত
নৈখনৰ পাৰত তাৰ প্ৰিয়বন্ধুক দূৰৈৰপৰা ক’লা ছাঁ এটাৰ দৰে লাগিছে  । সি তাৰ
খোজৰ গতিবেগ বঢ়াই দিলে । সোঁ সোঁৱাই বলি থকা নৈপৰীয়া চেঁচা বতাহজাকত তাৰ সৰ্বশৰীৰ
জিকাৰ খাই উঠিল । সি থমকি ৰোৱাৰ প্ৰশ্নই নুঠে । 

 গছজোপাক
পৰম আবেগত সাবটি ধৰিলে সি – ‘ বন্ধু ! চোৱা মই উভটি আহিছোঁ তোমাৰ কাষলৈ । তুমি ,
তুমি হৈয়ে আছা , নহয়নে ! 

 গছজোপা
সামান্য কঁপি উঠিল – 

‘তুমি দেৰি কৰিলা বন্ধু । বহুত দেৰি কৰিলা । তোমাৰ বন্ধুক দেখিছিলোঁ সিদিনা । ইয়াতে
, এইখিনিতে তেওঁ বহুপৰ বহিছিল ।  বিশ্বাস কৰা , তেওঁক দেখি প্ৰথমতে মোৰ তীব্ৰ
খং উঠিছিল । 

সি
যেন নিজৰ কাণ দুখনকেই বিশ্বাস নকৰিব – ‘তেওঁ আহিছিল ? মোক বিচাৰি আহিছিলনে তেওঁ
সঁচাকৈ ? ‘ 

গছজোপাই
সামান্য হাঁহিলে ,  


নহয় বন্ধু । তেওঁ তোমাক বিচাৰি ইয়ালৈ অহা নাছিল । তেওঁ আহিছিল প্ৰিয়তমা পত্নীৰ
সৈতে । হাতত হাত থৈ দুয়ো প্ৰেমৰ সংলাপ গাইছিল । তেওঁলোকৰ মিঠা মিঠা কথাবোৰ ময়ো
শুনিছিলোঁ ।  মোৰ ছাঁত কিছুপৰ জিৰাইছিল তেওঁলোক । মোৰ জানা , তোমালৈ খুবকৈ
মনত পৰিছিল । ‘ 

আহত
হ’ল সি । বহুদিনৰ মূৰত বিষ এটাই বুকুখন খোচ মাৰি ধৰিলে তাৰ । ওঁঠখন সামান্য কঁপি
উঠিল । এই মুহূৰ্ত্তত আকাশমুখী হৈ ৰোৱাৰ অহংকাৰেও তাক চুব পৰা নাই দেখোন ! 
সি যেন গছজোপাক সাবটি এবাৰ কান্দিব …

তেতিয়ালৈ
নৈখনৰ পানীখিনি কুহুমবুলীয়া হৈ উঠিছিল । আন্ধাৰ ফালি ধীৰ গতিৰে ওলাই অহা বেলিটোৰ
হালধীয়া পোহৰত গছজোপাৰ সেউজীয়া পাতবোৰ চিকমিকাই উঠিছিল ।  সি এৰি থৈ যোৱাৰ
দৰেই আকাশমুখী হৈ ৰোৱা গছজোপাৰ গোন্ধটো এবাৰ উজাই ল’লে সি ,

 ‘আস্!’ 

‘তুমি অকলশৰীয়া নহয় বন্ধু । মই আছোঁ তোমাৰ লগত। নিয়ম ভঙাৰ সাহস সকলোৰে নাথাকে ।
তুমি সোঁতৰ বিপৰীতে এখন সমাজক নিব নোৱৰা , কিন্তু তোমাৰ যুঁজখনত সত্যক স্বীকাৰ
কৰিব পৰাকৈ তুমি বিবেকবান হৈ জীয়াই আছা । সেয়া কি তোমাৰ প্ৰাপ্তি নহয় ! তুমি একক ।
ভীৰুতা অথবা সমাজ সচেতনতাই তোমাক বিচলিত কৰিব নোৱৰাকৈ তুমি স্থিতপ্ৰজ্ঞ । মই
বিচৰাৰ দৰেই তুমি আকাশমুখী হৈ জী আছা । যোৱা বন্ধু , উলটি যোৱা তোমাৰ ঠিকনালৈ ।
তোমাৰ শিল্পীসত্বাই তোমালৈ অপেক্ষা কৰি আছে । ‘ 

 গছজোপাৰ
কথাত সি এবাৰ আকাশলৈ মূৰ তুলি চালে ।  উজ্জ্বল এচেৰেঙা ৰ’দৰ পোহৰত সি দেখিলে
আইতাকে তালৈ চাই মিচিকিয়াইছে । সি জাপ মাৰি উঠি বহিল । হঠাত তাৰ অনুভব হল , চহৰখনৰ
স্মৃতিৰ ভীৰত সি ইমানপৰে এটা মৃত শৰীৰলৈ ৰূপান্তৰিত হৈছিল । তাৰ আত্মা ৰৈ গৈছে তাৰ
নতুন ঠিকনাত । 

আচলতে
সি মৃত হৈ পৰিছিল নে তাৰ বুকুত খাজ কাটি ৰৈ যোৱা চহৰখন ! 

বতাহতে
এবাৰ আইতাকৰ গোন্ধটো উজাই ল’লে সি । গছজোপাৰ সৰি পৰা ডাল এটা সাবটি লৈ সি উভটি খোজ
ল’লে  তাৰ সৃষ্টিৰ দিশে । 

বুকুৰ
শিলচটাক বোৱতী নৈখনত খহাই সি নিৰ্ভাৰ হৈছে … 

কত
যুগৰ শেষত এই মুক্তি … ! 
 

 — সমাপ্ত
— 

গল্পকাৰৰ ঠিকনা:
জুৰোড তিনিআলি
গুৱাহাটী – ২৩
ভ্ৰাম্যভাষ: – ৯৮৫৪০৮৫৭২০
ইমেইল – ankitabaroah@gmail.com