এজাক উলংগ মানুহ

 কাব্যশ্ৰী মহন্ত

এজাক মানুহ
হাবিখনৰ ফালে আহি আছে৷ মানুহৰ জুমটোৰ একেবাৰে আগত চাৰিটামান মানুহে কিবা এটা বোজাই
কৰি কঢ়িয়াই আনিছে। পিছে পিছে সমদলটোত এজাক কটিবস্ত্ৰ মানুহ। মতা তিৰোতা ল
ৰা
ছোৱালী। দহ-বাৰ বছৰৰ তলৰবোৰৰ গাত এধানিও কাপোৰ নাই। ডাঙৰবোৰে কঁকালৰ তলছোৱাত
সামান্য কিবা একোখন মেৰিয়াই লৈছে। তিৰোতাবোৰৰো শৰীৰৰ ওপৰভাগ উদং৷ কঁকালতহে মাত্র কিবা
একোটুকুৰা আছে। এয়া যেন একেবাৰে স্বাভা
ৱিক। সমদলটোৰ পিছত অহাবিলাকৰ
বহুতে চিঞৰি চিঞৰি কান্দি আহিছে। কান্দোন নে বাং-বিং চিঞৰ একো ধৰিব নোৱাৰি।
কান্দোনবোৰো চিঞৰ যেন লাগে চিঞৰবোৰো কান্দোনৰ দৰে শুনি।

থুপ খাই থকা
জুপুৰীহেন ঘৰবোৰৰ পৰা পিৰ পিৰকৈ ওলাই আহিছে মানুহবোৰ আৰু সমদলটোৰ লগ লাগিছে।
ক্ৰমাৎ দীঘল হৈ আহিছে সমদলটো
ডাঙৰ হৈ আহিছে আৰাওৰ দৰে লগা চিঞৰবোৰ৷
জুপুৰীৰ দৰে ঘৰবোৰৰ মাজেৰে বাট উলিয়াই উলিয়াই গৈ আছে বোজা কঢ়িয়াই অনা চাৰিটা
মানুহ আৰু সিহঁতৰ পিছে পিছে গৈ আছে বাকী মানুহবোৰ৷ ৰাস্তা বুলি একো নাই৷ কেৱল চকুৰ
আগত যিপিনে যোৱা সহজ হয় সেইপিনেই গৈ আছে সমদলটো৷ বুকু চপৰিয়াই চপৰিয়াই কান্দিছে
তাৰ মাজৰ কেইটামান মানুহ আৰু কেইজনীমান তিৰোতাই৷ সিহঁতৰ সেই কান্দোনত ভয় খাই সৰু
সৰু ল
ৰা-ছোৱালী কেইটামানেও কান্দিবলৈ ধৰিছে৷

এটা সময়ত
জুপুৰীৰ থেপবোৰ পাৰ হৈ সিহঁতে বহল ঠাই এটুকুৰা পালেগৈ৷ পথাৰ নহয় কিন্তু৷ বীজ
সিঁচি শইচ চপাবলৈ শিকা নাই এতিয়াও মানুহবোৰে৷ গছৰ ডালত যিহকে লাগি থকা দেখে তাকে পাৰি
আনি খায়

কেতিয়াবা শিলগুটি দলিয়াই চৰাইচিৰিকটি মাৰি
পুৰি খায়৷ নহ
লেবা মাটি খান্দি পোৱা আলু-কচু জুইত পুৰি খায়৷
সাপ-বেং
, কেৰ্কেটুৱা-নেউল ইত্যাদি সকলো বস্তু সিহঁতে জুইত
পুৰি খায়৷ জুই জ্বলাই জাৰৰ দিনত সিহঁতে গা সেকে৷ শীতকালৰ জুই আৰু জহকালৰ সূৰ্যই সিহঁতৰ
শৰীৰবোৰ পুৰি কেটোৰ ক
লা কৰি থয়৷

সিহঁত থকা ঠাইৰ পৰা
বহুত দূৰত নগৰ আছে৷ তাত থকা মানুহবোৰে কাঠ আৰু বাঁহেৰে ঘৰ সাজে৷ মাটিৰ পাত্ৰত শস্য
সিজাই খাব জানে৷ গোটেই গা ঢাকি কাপোৰ পিন্ধে৷ বাং-বিংকৈ নিচিঞৰি সৰু সৰু মাতেৰে
কথা পাতে৷ আৰু বহুত কাম কৰিব পাৰে সেই মানুহবোৰে৷ কেতিয়াবা ঘোঁৰাত উঠি বা দলে-বলে
লগ হৈ সেই ঠাইৰ মানুহবোৰ এইবোৰ ঠাইলৈকো আহে৷ তেওঁলোক অহা দেখিলে উলংগ মানুহবোৰ
সংকুচিত হৈ সোমাই থাকে৷

মুকলি ঠাইটুকুৰা
পাৰ হৈ এখন হাবি৷ হাবিখনৰ ফালে আহি থাকিল সমদলটো৷ হাবিখনৰ ওচৰ পাই কান্দি থকা
মানুহকেইজনীৰ কান্দোন আৰু বেছি হ
ল৷ এটা কটিবস্ত্র মানুহ মুকলি ঠাইখনত
বাগৰি পৰিল আৰু ভৰি দুখন জোৰেৰে মাৰি ছট্‌ফট কৰিবলৈ ধৰিলে৷ আন দুজনী মানুহ আহি
মানুহটোৰ দুইফালে ধপ্‌ ধপ্‌কৈ বহি পৰিল আৰু চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে৷ সমদলটোৰ
আগত বোজা কঢ়িয়াই নিয়া মানুহ 
চাৰিটাই কিন্তু এবাৰো পিছলৈ ঘুৰি নাচাই আগৰ দৰেই
হাতৰ বোজাটো লৈ কোবাকুবিকৈ আহি থাকিল৷ হাবিখন মহতিয়াই আগলৈ গৈ থাকিল দলটো৷ হাবিখন
সিহঁতৰ চিনাকি৷ চৰাই, পহু
, বনৰীয়া গাহৰি সিহঁতে ইয়াৰপৰাই
মাৰি নিয়ে৷ জুই জ্বলাবলৈ নিয়ে শুকান কাঠ৷ সিহঁতৰ পোহনীয়া জন্তুৰ বাবে
, নিজৰ বাবে সকলো প্রয়োজনীয় বস্তু সিহঁতক অৰণ্যই যোগান ধৰে৷ আহোঁতে যাওঁতে
হাবিখনৰ প্ৰতিটো অংশ সিহঁতৰ চিনাকি হৈ গৈছে৷ ফালৰি কাটি নদীলৈ কেনি যাব লাগে
সিহঁতে জানে৷ একেখন নদী সিহঁতৰ জুপুৰীবোৰৰ কাষেৰেও বৈ গৈছে৷ কিন্তু সেইখিনি ঠাইত
নদীখন দ৷ লগতে সেইছোৱা নদীত বোজা লৈ পাৰ হোৱাৰ কথা ভাবিবই নোৱাৰি৷ এই নদীৰপৰাই
মানুহখিনিয়ে পিয়াহৰ পানীটোপা পায়৷

বোজা লোৱা
মানুহকেইটা নদীত নামিল৷ বাকী মানুহবোৰলৈ ঘুৰি চাই সিহঁতে বিং-বাংকৈ কিবা ক
লে৷
বেছিভাগ মানুহ পাৰতে থাকিল৷ শিলৰ ওপৰেদি বৈ থকা পাতলীয়া পানীৰ ধাৰ কাটি কাটি বোজা
কঢ়িওৱা মানুহকেইটা সিটো পাৰলৈ গৈ থাকিল৷ সিপাৰে হাবি নাই, নদীৰ পাৰত পাতলীয়া
জাৰণি
, উলুৱনি৷ কিছু দূৰলৈ থিয় পাহাৰ আৰু এই পাৰতকৈ বহুত ডাঠ
হাবি৷ সেইফালে মানুহৰ বসতি নাই৷ হাবিৰ মাজত হিংস্ৰ জন্তুৰ বাস৷ লগতে বিষাক্ত সাপ৷
নদীৰপৰা উঠি বেছি দূৰ আগ নাবাঢ়ি মানুহ চাৰিটাই হাতৰ বোজাটো দলিয়াই দিলে৷ 

কি আছিল সেই
বোজাৰ ভিতৰত
? কলপাতেৰে মেৰিয়াই মেৰিয়াই, তাৰ
ওপৰত গছৰ লতাৰে বান্ধি অনা মানুহৰ এটা
মুমূৰ্ষু দেহা৷ দেহাহে৷
মৃতদেহ নহয় কিন্তু৷ প্ৰাণ আছিল তেতিয়াও শৰীৰত৷ কলপাতৰ মেৰবোৰৰ পৰা মূৰটো উলিয়াই
বাহিৰৰ বতাহ ল
বলৈ যেন যত্ন কৰিলে অৱশ শৰীৰটোৱে৷ শৰীৰটো আছিল
এটা ডেকা ল
ৰাৰ৷ ডেকা বুলিলে হয়তো ভুল হব৷ সি আছিল এটা সোতৰ-ওঠৰ বছৰীয়া কিশোৰ৷ জ্বৰ, ব্যাধি,
ভাগৰে তাক ইমান অৱশ কৰি পেলাইছিল যে তাৰ
চৌপাশে কি হৈ আছে সেয়া যেন সি বুজি উঠা নাছিল৷ থেকেচা মাৰি নমাই থওঁতে তাৰ অৱশ
শৰীৰটোৰ পৰা
গেঙনিৰ দৰে কিবা এটা ওলাই আহিছিল৷ এক মুহূৰ্তৰ বাবে চৌপাশৰ শব্দবোৰ নিৰৱ হৈ পৰিছিল৷
যেন সি বুজি উঠিছিল কি হ
বলৈ ধৰিছে৷ মাত্ৰ দুবছৰৰ আগতে সিও
এনেদৰেই সমদলৰ লগত আহিছিল৷ সেইদিনা কলপাতেৰে মেৰিয়াই লতাৰে বান্ধি অনা শৰীৰটো আছিল
তাৰ খুৰাকৰ৷ খুৰাকৰ গোটেই গাতে বিহফোঁহাৰ দৰে টোপা টোপা খহু ওলাইছিল৷ জ্বৰত
মানুহটো ৰঙা পৰি উঠিছিল৷ কেইবাদিনো ধৰি একো খাব পৰা নাছিল৷ চোতালত এসোপা শুকান খেৰ-ঘাঁহ-বনৰ ওপৰত বাগৰি বাগৰি 
চিৎকাৰ কৰি আছিল মানুহটোৱে৷ একেটা
জুপুৰীতে থকা মানুহবোৰ তাৰ ওচৰলৈ অহা নাছিল৷ ভয় কৰিছিল সকলোৱে কাৰণ এনেকৈ টোপা
টোপা খহু ওলাই জ্বৰ হোৱা মানুহবোৰৰ পৰা বেমাৰটো আনৰ গালৈ সোঁচৰে৷ মানুহ মৰিও থাকে
এইটো বেমাৰত৷ নমৰিলেও খুত খুত চিনবোৰ গোটেই গাত ৰৈ যায়৷ কিছুমানে চকুৰে নেদেখা
হয়৷ আন কিছুমান হয়তো কলা হয়৷ দুদিনমানৰ পাছত যেতিয়া খুৰাক লৰিব চৰিব নোৱাৰা হ
, মানুহবোৰে এনেকৈ কলপাত জোৰা দি বহল কৰি তাত
খুৰাকক শুৱাই মেৰিয়াই লতাৰে বান্ধি লৈ আহিছিল৷ ন
দী পাৰ হৈ
এই সদায় মানুহ নহা হাবিখনত খুৰাকক এৰি থৈ যাওঁতে আনৰ লগতে সিও বৰকৈ কান্দিছিল৷ ৰাতি
টোপনিৰ পৰা সাৰ পালে তাৰ খুৰাকলৈ মনত পৰিছিল৷ সেই নিজান হাবিখনত খুৰাকে কি কৰিছে
বাৰু
? বাঘ ওলাইছে যদি? অসুখটো ভাল পালেহে
খুৰাক আহিব পাৰিব৷ তেতিয়ালৈকে কেনেকৈ থাকিব বাৰু
? শুই
থাকোঁতেই যদি সাপে খুটি থৈ যায়
? তাৰ ভাবি ভাবি কান্দোন ওলাই
গৈছিল৷

দেউতাক বা আন
ডাঙৰ মানুহৰ লগত কেতিয়াবা কিবা বিচাৰি নদীৰ ইপাৰৰ হাবিলৈ সি
হঁতো যায়৷। কোনোবাদিনা হাবিৰ মাজত হাড়-মূৰ কিছুমান পৰি থকা দেখে৷ ওচৰলৈ
যোৱা দেখিলে ডাঙৰবোৰে হাক দিয়ে৷ তাত গচক পৰিলে হেনো অপদেৱতাই পায়৷ সেইবোৰ চব
অপদেৱতাই পোৱা মানুহ৷ তাৰ মানে তাৰ খুৰাকো এদিন তেনেকুবা হাড়-মূৰ হৈ পৰিব
?

মূমুৰ্ষু লৰাটোৰ
বুকু ভেদি এটা মৰ্ম
ন্তুদ কান্দোন ওলাই আহিল৷ হয়, তাৰ খুৰাক 
এতিয়ালৈ হাড়-মূৰ হৈ গল আৰু এতিয়া তাৰো
ঠিক তেনেকুৱাই হ
ব৷ অৱশ শৰীৰটোত গোট খাই থকা শেষ শক্তিকণেৰে
ৰাটোৱে চিঞৰিব খুজিলে৷ চুঁচৰি চুঁচৰি কলপাতৰ মেৰটোৰ পৰা সি ওলাব
খুজিলে৷ সি ইয়াত এনেকৈ পৰি থাকিব নোখোজে৷ তাৰ এই সৰ্বনশীয়া বেমাৰটোৰপৰা মুক্তি
পাই সি আৰু বহুদিনলৈকে জীয়াই থাকিব খোজে৷ লগৰীয়াৰ লগত হাতত দীঘল লাখুটি লৈ থিয়
পাহাৰ ব
গাই সি ভাল পায়৷ কলৰ পাতত মেৰোৱা পোৰা চৰাইৰ মাংস
খাই সি ভাল পায়, ভাল পায় খৰ
স্ৰোতা নদীৰ সংগীত, জোনাকৰ শব্দহীন মায়া৷ এই সকলোবোৰে ভৰি থকা তাৰ চিনাকী পৃথিৱীখনত সি আৰু
কিছুদিন থাকিব খোজে৷

মূমুৰ্ষু কিশোৰটোৰ
কাতৰ চিঞৰবোৰে ঢুকি পাব পৰাতকৈ কটিবস্ত্ৰ মানু
হৰ সমদলটো আঁতৰি গৈছিল৷


নিশা দহ বাজিবৰ
হৈছে৷ চৌবিছ ঘণ্টাই গিজগিজাই থকা মুম্বাই
মেষ্টিক এয়াৰপৰ্টৰ বাহিৰত বৰ বেছি মানুহৰ সমাগম নাই৷ বহুত ফ্লাইট্‌ কেঞ্চেল হৈছে আৰু
বহুতক ৰিছিডিউল কৰা হৈছে৷ কট্‌কটায়া ক
ভিড প্রটকলৰ মাজত
অতি জৰুৰী নহ
লে মানুহে বিমান যাত্ৰা কৰা নাই৷ তথাপি যিকেইখন
ফ্লাইট আছে
, দিনৰ ভাগত আগৰদৰেই ব্যস্ততা৷ মাত্র ৰাতিৰ সময়লৈ
মেষ্টিক টাৰ্মিনাছত ভিৰ কমি গৈছে৷ সৃষ্টিয়ে অপ আজৰি পাই টেবলেটত পুৰণা ফটো, ভিডিঅ কিছুমান চাই
আছিল৷
 

মুম্বাইৰ চিটি হস্পিটেলত যোৱা বছৰ যোগ দিছে সৃষ্টি নান্দেদকাৰে৷ নতুন দিল্লীৰ ছফদৰজং মেডিকেল
কলেজৰ পৰা কমিউনিটি মেডিচিনত স্নাতকোত্তৰ সমাপ্ত কৰিছিল সৃষ্টিয়ে৷ তাইৰ ইণ্টাৰ্নশ্বিপ
চলি থাকোঁতেই দেশত ক
’ৰ
না ভাইৰাছৰ সংক্ৰমণ আৰম্ভ হৈছিল৷
দিল্লী
, মুম্বাইত মানুহৰ দিক্‌বিদিক হেৰুওৱা অৱস্থা৷ মেডিকেল
কলেজৰ ছাত্র
ছাত্ৰীৰ বাবে এনেকুৱা সময়ত দায়িত্ব এৰাব
নোৱাৰা অৱস্থা৷ অচিনাকি ভাইৰাছটোৰ কাৰ্যক্ষমতা পৰ্যৱেক্ষ
ৰপৰা
চৰকাৰী চিকিৎসা সেৱাৰ হাজাৰটা উপসৰ্গক চম্ভালোঁতে লেবেজান হৈ পৰিছিল সৃষ্টি আৰু তাইৰ
লগৰ 
সকলো ইণ্টাৰ্নি ডাক্তৰ৷ কেইবাজনো কসকলোনাত
আক্ৰান্তও হ
ল৷ সিহঁতৰ অতি আদৰৰ অধ্যাপক  সৈকত মিত্ৰক
হেৰুৱাব লগা হ
ল কনাতে৷ 

ইয়াৰ মাজতে
ইণ্টাৰ্নশ্বিপ শেষ কৰি সিহঁতৰ বেট্‌ছটোৱে চাকৰিত যোগ দিলে৷ মুম্বাইত বা সমগ্ৰ মহাৰা
ষ্ট্ৰতে কনাৰ প্ৰকোপ গোটেই বছৰ জুৰি অৱধাৰিত ভাৱে চলি
আছে৷ কিন্তু সৃষ্টিৰ ঘৰ যিহেতু ইয়াতে
, সেয়ে তাইৰ বাবে আৰু
মাক-দেউতাকৰ বাবে তাইৰ মুম্বাইত প
ষ্টিং হোৱাটো স্বস্তিৰ
কথাই হ
ল৷ সৃষ্টিৰ দেউতাক চেতন নান্দেদকাৰ মিলিটেৰী ইঞ্জিনিয়াৰিং
ছাৰ্ভিচৰ৷ সৃষ্টিকো ইঞ্জিনিয়াৰ কৰাই তেওঁৰ উদ্দেশ্য আছিল৷ তাইৰ মাক আছিল
নাগালেণ্ডৰ একেবাৰে ভিতৰুৱা ঠাইৰ৷ কিন্তু সৰুৰেপৰা খ্ৰিষ্টিয়ান কেথ
লিক মিনৰ তত্ত্বাৱধানতেই মাক
ডাঙৰ হৈছিল৷ পঢ়াত মনোযোগী আৰু মেধাৱী তাইৰ মাকে ডিমাপুৰৰ পৰা হায়াৰ চেকেণ্ডেৰী
পাছ কৰি গুৱাহাটী মেডিকেল কলেজত ভৰ্তি হৈছিল আৰু এম বি বি এছ পাছ কৰাৰ পিছত মি
নৰ হস্পিটেলতে যোগ দিছিল৷ মাকে কাম কৰা কেথলিক হস্পিটেলৰ চৌহদতে সৃষ্টি ডাঙৰ হৈছিল৷ স্কুল নথকা
সময়খিনিত তাই মাকৰ কাষতেই থাকিছিল৷ কাৰণ সেনা বিভাগত কাম কৰা তাইৰ দেউতাক প্রায়ে আঁতৰি
থাকিব লগা হৈছিল৷ মি
নৰ কৰ্মচাৰী, নাৰ্ছ
ৰোগী
, বা ৰোগীৰ আত্মীয় সকলোৰে মাজত অতি আদৰৰ আছিল সৃষ্টিৰ
মাক ড
কেথেৰিন৷ চিকিৎসা আৰু ৰোগীৰ সেৱাতেই মন-প্ৰাণ সঁপি দিয়া তাইৰ মাকৰ আত্মীয় এই সংসাৰত কোনো নাছিল৷ নিশা পাটীত পৰাৰ আগতে
কিশোৰী সৃষ্টিৰ আগত মাকে কেতিয়াবা বৰ্ণনা কৰিছিল তেওঁৰ আগৰ জীৱনটোৰ কাহিনী৷
সেউজীয়া পাহাৰে আগুৰি থকা
, বিধাতাই অকৃপণ হাতেৰে সৌন্দৰ্য
ঢালি দিয়া নগাপৰ্বতত জীৱন কিমান কঠিন আছিল৷ ছয়
, সাত বছৰীয়াৰ
পৰা লগৰীয়াৰ লগত খৰি বিচৰা
, পৰ্বতীয়া নিজৰাৰ পৰা পানী
কঢ়িয়াই অনা ইত্যাদি কাম কৰিব লগা হৈছিল৷ জান নাজানকৈ মনত পৰে ডিমাপুৰ নে তেনেকুৱা
টাউনলৈ এবাৰ দুবাৰ অহা৷ বসন্ত ৰোগৰ ভয়াৱহ দৃশ্য দেখা পাইছিল কেথেৰিনে নিচেই সৰুতেই৷
কিন্তু তেতিয়ালৈ কেথ
লিক মিনৰ ডাক্তৰ
নাৰ্ছে নগা গাঁওবোৰত সোমাই সেই ৰোগৰ সময়ত ল
ব লগা ব্যৱস্থাৰ
বিষয়ে মানুহক বুজাইছিল৷ দৰৱ-পথ্যৰো যোগান ধৰিছিল৷ কিন্তু মানুহবোৰে দৰৱ-পথ্যৰ ব্যৱহাৰ
নাজানিছিল৷ চৰকাৰী ডাক্তৰখানাৰ মানুহে বিচাৰি বিচাৰি মানুহবোৰক বসন্তৰ প্ৰতিষেধক
ছিটা দিছিল৷ মানুহবোৰে ছিটা ল
ব খোজা নাছিল৷ লৰা-ছোৱালীবোৰক ছিটা দিব খুজিলে মাক-বাপেকবোৰে চৰকাৰী মানুহক মাৰিবলৈকে খেদি
আহিছিল৷ মাকৰ মুখত একেখিনি কথা শুনিছিল সৃষ্টিয়ে৷ ডাঙৰ হৈ তাই কিতাপত পঢ়িছিল
পৃথিৱীৰ বহুতো আদিম জনগোষ্ঠীৰ মাজত বসন্ত ৰোগৰ প্রতি ইমান ভয় আছিল যে এই ৰোগত
ভোগাজনক নিজান অৰণ্যৰ মাজত এৰি থৈ আহিছিল৷

কমিউনটি
মেডিচিনত পি জি কৰি থাকোঁতে চতুৰ্থ ষান্মাষিকত এখন আন্তৰ্জাতিক ছোমিনাৰত সৃষ্টি আৰু
তাইৰ গ্ৰুপটোৱে এখন পেপাৰ প্ৰেজেণ্ট কৰিব লগা হৈছিল
পপুলাৰ
ৰেছপঞ্চ টু এপিডেমিক
ছ’। মাকৰ মুখত শুনি থকা নগা গাঁবোৰৰ কথাবোৰে সৰুৰেপৰা সৃষ্টিৰ মনত তোলপাৰ লগাই আছিল৷ প্ৰেজেণ্টেশ্বনৰ অংশ হিচাপে সেয়ে তাই পাঁচ মিনিটৰ শ্বৰ্ট ফিল্ম
এখন ইনক্লুড কৰিছিল৷ উৰিষ্যাৰ বান্ধৱী
স্নেহা পাত্ৰৰ লগত
উৰিষ্যাৰ এখন ভিতৰুৱা ঠাইত দৃশ্য গ্ৰহণ কৰি আহিছিল৷ মাকৰ জন্ম হোৱা ঠাইখনলৈ যাবলৈ
তাত সিহঁতৰ কোনো আপোন মানুহ নাছিল৷ পৰিয়ালৰ সকলো বসন্ত মহামাৰীত উচন হোবাৰ পাছত
মি
নৰ মানুহে কেথেৰিনৰ মাকক ঘৰৰ চোতালত ধূলিয়ে বালিয়ে লেটি
লৈ থকা অৱস্থাত উদ্ধাৰ কৰিছিল৷ যোৱা অৰ্ধশতিকাত নগাৰাজ্যইও ৰূপ সলাইছিল
, আধুনিক জীৱনৰ স্পৰ্শৰে৷

মা, তোমাৰ আগৰ নাম কি আছিল ? “

মাকে হাঁহে৷ “মনতেই নাথাকিল অ’।”

কিয় তুমিচোন কৈছা তোমাক
নবছৰমান বয়সতহে মি
নলৈ আনিছিল বুলি৷ পাৰ্মেনেণ্ট্ মেমৰি তো তিনি বছৰতেই ফৰ্ম হয়৷”

মাকে কেনেকৈ
বুজায় যে তেওঁৰ শৈশৱ আৰু বৰ্তমানৰ মাজত সহস্ৰাব্দৰ পাৰ্থক্য৷ মনত পেলাব খুজিলে
কেৱল এসোপা সেউজীয়াৰ মাজত পিলপিলাই ফুৰা এজাক মানুহৰ ছবি মনলৈ আহে৷ দীঘল দীঘল
দাৰে যে মানুহবোৰে হাবি বন কাটিছিল৷ মতা মানুহবোৰে কঁকালত একোটুকুৰা কাপোৰ পিন্ধিছিল
মাত্র৷ মাইকী মানুহবোৰে অৱশ্যে ওপৰছোৱাতো পিন্ধিছিল৷ কিন্তু ঘৰৰ ভিতৰত সেইটো ইমান
নিয়মৰ কথা নাছিল৷ আইতাক ঘৰৰ ভিতৰত শুই থাকোঁতে গৰমৰ দিনত প্ৰায় উদং হৈয়ে শুইছিল৷

মানুহবোৰৰ
কোনোবাই নিজৰ ল
ৰাছোৱালীক নাম ধৰি মতা শুনিছিল
নে কেতিয়াবা
? নাই মনত নপৰে৷ সেয়া তেওঁ এতিয়া জীয়েকক বুজাবও
নোবাৰে৷ তেওঁৰ জীৱন আৰম্ভ হৈছে মি
নত৷ যীশুৰ পৱিত্ৰ বাণী
তেওঁৰ জীৱনৰ পাথেয়৷ সেই প্ৰেমৰ শক্তিতে তেওঁ জীয়াই থাকিল৷ সৃষ্টিৰ দেউতাকে তেওঁক
বিয়াৰ প্ৰস্তাৱ দিওঁতে তেওঁ মাত্র কৈছিল যাতে তেওঁ আগৰ দৰেই কেথ
লিক খ্ৰীষ্টান হৈয়ে থাকিব পাৰে৷ চেতন নান্দেদকাৰে মানি লৈছিল৷ কিন্তু চেতনৰ
ঘৰখনে তেওঁক গ্রহণ কৰিব পৰা নাছিল৷
সেয়া অৱশ্যে খুব
স্বাভাৱিক বুলিয়েই তেওঁ গ্রহণ কৰে৷ কেৱল ধৰ্ম পৃথক হোৱাই নহয়
, পিতৃ-মাতৃৰ পৰিয়ালৰ কোনো পৰিচয় নথকা এজনী পৃথক জনজীৱনৰ ছোৱালীক বোৱাৰী
বুলি স্বীকৃতি দিব নোৱাৰাটোৱেই স্বাভাৱিক৷ সৃষ্টিক লৈ দেউতাক কেতিয়াবা নিজৰ ঘৰখনলৈ যায়৷
চেতনৰ মাকৰ এবাৰ অসুখ হওঁতে কেথেৰিনে নিজৰ হ
স্পিটেললৈ আনি
চিকিৎসা কৰি সুস্থ কৰি তুলিছিল৷ সৃষ্টিয়ে এম বি বি এছ কৰি থাকোঁতেই দুবছৰ অগাপিছাকৈ মাক-দেউতাক দুইজনে অৱসৰ লৈ মুম্বাইৰ নিজা ঘৰত আছিলহি৷ কেৱল মাকৰ লগতেই ডাঙৰ
হোৱাৰ বাবেই নহ
লেবা চিকিৎসালয়ৰ জীৱনটো খুব ওচৰৰপৰা দেখা
বাবেই সৃষ্টিয়ে মেডিকেল ছায়েঞ্চ্ পঢ়িব বুলিয়েই নিজকে প্ৰস্তুত কৰিছিল৷

এয়াৰপৰ্টত
শ্বিফট্‌ ডিউটি সৃষ্টিৰ ৰাতি দহ বজালৈকে আছিল৷ মুম্বাই ক
’ৰনাৰ হটস্পট৷ কভিড টেষ্ট নকৰাকৈ ইয়াৰপৰা কাকো যাবলৈ দিব নোৱাৰি৷ আন ঠাইৰপৰা
ইয়ালৈ অহা মানুহখিনিৰো পৰীক্ষা কৰা প্ৰয়োজন৷ পৰীক্ষাৰ অন্তত দৈনিক পঠিয়াব লগা
ডাটাখিনি চ্ছেকিং ডিটেইলছৰ লগত মিলাই ফাইনেল ৰিপ
র্টটো আঠ বজাত পঠিওৱা হয়৷ আঠ
বজাৰপৰা যিখিনি নতুন পজিটিভ কে’ছ ওলাব সেইখিনি পাছদিনাৰ ৰিপ
ৰ্টত যাব৷ কম্পিউটাৰত
ইনপুট্‌ কৰিব লগাখিনি কৰি সৃষ্টিয়ে টেবলেটটো খুলি তিনি বছৰৰ আগতে
ছেমিনাৰখনত প্ৰেজেণ্ট কৰা সাত মিনিটৰ ফিল্মখন চাই আছিল৷ মনে মনে তাই ভাবিছিল
চিকিৎসা বিজ্ঞানৰ ইমান চমকপ্ৰদ উন্নতিৰ দিনতো মানুহৰ বুদ্ধিয়ে ভাইৰাছক চম্ভালিব
পৰা নাই
, আধুনিক শিক্ষাই ঢুকি নোপোৱা সেই মানুহবোৰ কিমান
অসহায় আছিল মহামাৰীৰ সমুখত৷ মনৰ এচুকত তাই সেই নিঃসহায় মানুহখিনিৰ প্রতি যেন এটা
ব্যথাৰ ভাব অনুভৱ কৰিছিল৷

হাই সৃষ্টি !

নাইট্‌ শ্বিফটৰ বাবে সৃষ্টিৰ
সহকৰ্মী ড
প্ৰতুল আহিছে৷ সৃষ্টিয়ে ঘুৰি চাই হাঁহি মাৰি সম্ভাষণ জনালে-

হাৱিজ দ ডে?”

ছেম এজ বিফৰ৷ নডেভেলপমেণ্ট৷

হাতৰ বেগটো থৈ
প্র
তুলে হাতদুখন ছেনিটাইজ কৰিলে৷ পানীৰ বটলটো উলিয়াই দুঢোক পানী খালে৷ ষ্টাফ এজন আহি প্রতুলৰ সমুখত ফাইল এটা থলেহি৷ এৰাইভেল এক্সিটৰ সমুখত সিহঁতৰ অস্থায়ী কাৰ্যালয়৷ আৰু এখিনি
মানুহ ওলাই আহিছে ভিতৰৰ পৰা৷ সিহঁতৰ ষ্টাফ এজন আগবাঢ়ি গৈ ওলাই অহা মানুহখিনিক
ছিৰিয়েল নম্বৰ একোটা দিলে৷ আৰ এ টিৰ বাবে আন দুজন পেৰামেডিকেল ষ্টাফ সাজু হ
ল৷

আজি
বুজিছা
, ৰাতিপুৱাৰ চাহ খাবলৈ নাপাওঁতেই ডেপুটি ছুপাৰিণ্টেণ্ডেণ্টে ফোন কৰিলে৷ বিস্কুটৰ পেকেট এটা বেগতে ভৰাই লৈ গলোঁ৷ বিশ্বাস কৰা, বিস্কুট এটা খাবলৈও সময় নাই৷ ইমানবোৰ
পে
চেণ্ট৷ ইয়াত নাইট্‌ ডিউটি আছে বুলি মই সাত বজাতহে ৰূমলৈ আহিব পাৰিছোঁ৷ আহি
বেকফাষ্ট, লা
ঞ্চ, ডিনাৰ চএকেলগে কৰি
লৈ ফ
ৰটি মিনিটছ্ পুৰা শুইছো৷ বাকীকেটাতো
এতিয়াও হ
স্পিটেলতে৷

 

হয় ভীষণ কষ্ট হৈছে চিকিৎসকসকলৰ৷
ৰোগীৰ কষ্ট দেখি চিকিৎসকে নিজৰ দুখ পাহৰি চিকিৎসাসেৱা চলাই আছে৷ কিন্তু বহুকেইজন
চিকিৎসক ইতিমধ্যে নিজেই ক
’ৰনাৰ চিকাৰ হৈছে৷

তুমি যোৱাঁ৷ আই ৱিল টেক আপ৷
ৰেষ্ট ল
বা অলপ৷ কালিলৈ পুৱাই যাব লাগিব নহয়৷

প্ৰতুলে পি পি ই কিট্‌টো পিন্ধি লৈ কলে৷

সৃষ্টি যাবলৈ
উঠিল৷ পানীৰ বটলটোৰ তলতে প্রতুলে দুখনমান ডেইলি নিউজ পে
পাৰ থৈছে৷ দিনটো শেষেই হবৰ
ল৷ খবৰ বাতৰিত চকু ফুৰোৱাই নহল৷
ৰাতিপুৱাই ঘৰৰপৰা ওলাই অহা৷ হেড্‌লাইন কেইটাকে এবাৰ চাই লওঁ বুলি এখন পে
পাৰ হাতলৈ
তুলি ল
লে সৃষ্টিয়ে৷

প্রথম পৃষ্ঠাতে
এইখন কি ফটো
? সৃষ্টি অবাক হল৷ এজাক উলংগ
মানুহ৷ ইজনৰ গাত সিজন লগাকৈ থিয় হৈ আছে মানুহবোৰ৷ শৰীৰৰ নিম্নাংশত সামান্য
একোটুকুৰা মাত্ৰ বস্ত্ৰ৷ পোছাক বুলিব নোৱাৰি কেতিয়াও সেইটুকুৰা বস্ত্ৰক৷ বিশাল এক
জলাধাৰৰ সমুখত মানুহখিনি থিয় হৈ আছে।
ঠিক অকণমান সময়ৰ আগতে
তাই চাই থকা তিনি বছৰৰ আগৰ সেই শ্বর্ট ফিল্মখনহে যেন ! কিয় থিয় হৈ আছে তেনেদৰে
?
এইখন এতিয়াৰ সময়ৰ এতিয়াৰ সমাজৰে ফটো নে ? নদীৰ
পাৰত এজাক উলংগ মানুহ ! ফটোখনৰ তলত লিখা কথাকেইষাৰ পঢ়ি চালে সৃষ্টিয়ে৷ হৰিদ্বাৰৰ
কুম্ভমেলাৰ ফটো৷ ছফদৰজং মেডিকেল কলেজত তাইৰ সতীৰ্থ হৰিদ্বাৰৰ বৈশালীয়ে কৈছিল
প্ৰতি বছৰে অশোকাষ্টমীৰ সময়ত গংগাস্নান কৰিবলৈ যোবা সাধু-সন্যাসীবোৰৰ বাবে সিহঁতে
দিনতে খুন্দি খুন্দি দুৱাৰ মাৰি থয়৷ গাত ছাই ভস্ম সনা
, দীঘল
দাড়িৰ
, তেল চাবোনৰ স্পৰ্শ নোপোৱা শৰীৰৰ, তাতোকৈও ডাঙৰ কথা শৰীৰ ঢাকি পোছাক নিপিন্ধাকৈ থকা সাধু-সন্যাসীবোৰ
দেখিলে সৰু সৰু ল
ৰা ছোৱালীবোৰে ভয়তে চিঞৰে৷ মাকবোৰে উৎপাত
কৰা ল
ৰাক ভয় দেখুৱায় নাংটা ছাধু’-ৰ লগত পঠিয়াই দিব বুলি৷

খবৰ কাগজৰ ফটোখন দেখি বৈশালীয়ে
কোৱা কথাবোৰ মনত পৰি গ
ল সৃষ্টিৰ৷ এয়া যদি শ্বৰ উপাসনা হয় তেন্তে সেই ইশ্বৰৰ নাম হব অজ্ঞতা৷
ঠিক বহু বছৰৰ আগতে বসন্ত ৰোগীক নিজান হাবিত এৰি থৈ অহাৰ দৰেই এক মূঢ়তা মাথোন৷

 

******

ঠিকনা :

পাৰ্ল এনক্লে

জাতীয় শ্বহীদ পথ

ভগদত্তপুৰ, বেলতলা

গুৱাহাটী, অসম।