পানীৰ তলৰ কাৰেং
অত্ৰেয়ী গোস্বামী লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা খলখলাই থকা পানীখিনি স্থিৰ হৈ আছে, সূতা এডালৰ দৰে৷ এইখিনিতে সপোন এটা দেখিব পাৰি থিয়ৈ থিয়ৈ, এইখিনিতে ঘটি যাব পাৰে এটা নাভূত নাশ্ৰুত ঘটনা৷ হঠাতে উঠি আহিল এটা কাছ অ’…
অত্ৰেয়ী গোস্বামী লাহনি মাৰোঁতে মাৰোঁতে ঘোলা হোৱা খলখলাই থকা পানীখিনি স্থিৰ হৈ আছে, সূতা এডালৰ দৰে৷ এইখিনিতে সপোন এটা দেখিব পাৰি থিয়ৈ থিয়ৈ, এইখিনিতে ঘটি যাব পাৰে এটা নাভূত নাশ্ৰুত ঘটনা৷ হঠাতে উঠি আহিল এটা কাছ অ’…
নীলোৎপল বৰুৱা বেদ বৰাই বুটজোতা ল’লে। শ্বপিং মলটোৰ আটাইতকৈ দামী শ্ব’ ৰুমটোৰ পৰা তেওঁ জোতাযোৰ কিনিলে। প্ৰান্তীয় প্ৰদেশত হোৱা ধাৰাসাৰ যুদ্ধ জিকি উভতি অহা বিজয়ী চামুৰাই এজনৰ মুখ ভংগিমাৰে তেওঁ ঘৰলৈ আহিল!! দামী জোতা। কিচকিচিয়া ক’লা চামৰাৰ বুটজোৰৰ ওপৰত কে’বাটাও ষ্টিলৰ…
দিগন্ত শইকীয়া তাৰো আগতে আমাৰ একোডাল নেগুৰ আছিল শিলতে জুই তলে সোঁত ওপৰে সাঁকো দীঘে উপত্যকা গছে পিন্ধিলে পাত আকাশে ৰ’দ ভিতৰে তথাপি কুঁৱলী হায়েনাৰ কে’নাইন। লালকাল নে উজাগৰ জিন! কি এই পিয়াহ! কিয়…
মদাৰজ্যোতি কোনোবাই শ’ল-শালৰ কথা ক’ব মোৰ পিছে প্ৰিয় শেলুৱৈ পানীৰ চেঙাহে সিদ্ধাৰ্থৰ গল্পত অতিকায় হৈ অহাৰ দৰেই মাছটো এদিন শ’লৰ পোণাতকৈও বুজন হ’ল চেঙা আবতৰীয়া(বিহুৰ বতৰৰ নহয়) উছৱ-কালতে জাল, পল, জাকৈৰ লগতে দৰিকণা ধৰা চালনী এখনৰে ময়ো…
স্বপ্নালী কলিতা আবেলি নীহাৰে বাৰাণ্ডাত বহি ককাকক মাতিলে আহাঁচোন বুলি। হয়নে অ’ ককা! কথা এটা সুধিম মই ভাবি-গুণি ক’বা। ককায়ে বোলে সোণ মোৰ সুধিবিচোন বাৰু, উত্তৰটো জানিলে নক’মনে আৰু! ককা ককা ! অসমত পোৱা চৰাইবোৰৰ নামবোৰ…
পঙ্কজ প্ৰতিম বৰদলৈ যোৱা অক্টোবৰ মাহৰ ৫ তাৰিখে সন্মানীয় উচ্চতম ন্যায়ালয়ে ৰায়দান কৰা দিপালী বিশ্বাস বনাম নিৰ্মলেন্দু মুখাৰ্জীৰ গোচৰটো সাধাৰণ মানুহৰ বাবে আপাত দৃষ্টিত বিশেষ গুৰুত্বপূৰ্ণ গোচৰ যেন বোধ নহ’ব পাৰে, কিন্তু এই গোচৰটোৱে ভাৰতৰ ন্যায়িক ব্যৱস্থাৰ বহু বিসংগতি পোহৰলৈ…
সঞ্জীৱ সভাপণ্ডিত আমাৰ ইতিহাসে আমাক যিকণ কয়, তাৰ পৰা আমি জানিব পাৰোঁ যে, আহোমসকল এবাৰ যি ব্ৰহ্মপুত্ৰ উপত্যকালৈ আহিল– আহিলেই আৰু, ঘূৰি যোৱাৰ নাম নল’লে৷ তেওঁলোকে চীন দেশত থকা বা উত্তৰ মানদেশ বা উত্তৰ থাইলেণ্ডত থকা পুৰণা পিতৃভূমি বা মাতৃভূমিৰ…
দ্বিজেনকুমাৰ দাস দেশৰ কথা ভাবি কলিজাত উচাহৰ কলপ সানোঁতেই আগফালৰ দুৱাৰত কোনোবাই টোকৰ দিয়ে৷ নিশাৰ আন্ধাৰ বজাই কঁপি উঠে বেৰৰ জেঠী৷ নুমাই যোৱা মমডাল বিচাৰি টিনৰ ফুটাৰে সৰকা জোনৰ পোহৰে কান্দে৷ জপাই থোৱা খিৰিকিত চিত-কম্পিত এটা দামুৰী৷ মাকজনী যাৰ…
ৰুদ্ৰ সিংহ মটক “সাহিত্য কি? নিৰৱচ্ছিন্নতাৰ মাজেদি শিপাৰ সন্ধান? “তৃতীয় নেত্রেৰে দেশ মানুহ অৰণ্য আকাশৰ আৱাহন…?” (পাৰ্থ বিজয় দত্ত) “জোনাকী”-ৰ যোগেদি আধুনিক সাহিত্যৰ এটি বিশিষ্ট কলাৰূপ হিচাপে মননশীল পাঠকৰ মনোযোগ আকৰ্ষণ কৰা অসমীয়া চুটিগল্পই পিছলৈ ‘আবাহন’-ৰ পাতত এক বিস্তৃত আয়তন…
(সংগ্ৰামী সাহিত্যিক শশী শৰ্মাদেৱৰ চমু জীৱনী) প্ৰশান্ত মিশ্ৰ প্ৰস্তাৱনা যোৱা শতিকাৰ নৱম দশকৰ আগভাগৰ কথা৷ অসম আন্দোলনৰ (১৯৭৯-১৯৮৫) ভৰপক৷ এক অস্পষ্ট ধুঁৱলী-কুঁৱলী চিন্তা-চৰ্চাৰে আচ্ছন্ন অসমৰ সামাজিক-ৰাজনৈতিক পৰিৱেশ! ঠিক তেনেকুৱা এটা পৰিৱেশতেই তেতিয়াৰ নলবাৰী চহৰৰ এটা ব্যক্তিগত পুথিভঁৰালত এজন স্কুলীয়া…