যশোৱন্ত নিপুণ


(১)

মানুহ দুঘৰৰ
কাজিয়া লাগে মাহেকে-পষেকে৷ কিন্তু কাজিয়া কৰাৰো কিছুমান বিশেষ সময় আছে৷ আবেলি আৰু
শনি বা ৰবিবাৰেহে সাধাৰণতে যুদ্ধ চলে৷ কাম-কাজৰ পৰা আজৰি হৈ লৈ দুয়োপক্ষই
এঘণ্টা-দুঘণ্টাৰ কাৰণে মহাসমৰত লিপ্ত হয়৷ চুবুৰিটোৰ বাকীসকলেও ভালেই পায়৷
গালি-শপনিবোৰ আৰু ইপক্ষই সিপক্ষৰ বদনাম যেনেকৈহে খোঁচৰে
, গোটেই কাজিয়াখনেই এখন সৰস নাটকৰ ৰূপ লয়গৈ৷ দুই-এজন চুবুৰীয়াই ৰাস্তালৈ কিবা কামৰ কাৰণে ওলাই অহাৰ ভাও জুৰি মহাসমৰৰ বীৰ যোদ্ধাসকলৰ লম্ফ-জম্ফবোৰৰ দৰ্শন
কৰি নয়ন সাৰ্থক কৰি যায় মাজে মাজে৷ কাজিয়া ভগাৰ পাছত চুবুৰিটো নিজম পৰে
, ঠিক দ্বিতীয় দৰ্শনীৰ পাছৰ ভ্ৰাম্যমান থিয়েটাৰৰ মণ্ডপটোৰ দৰে৷ 

প্ৰাইমাৰী
স্কুলখনৰ স
ন্মুখত বহা সন্ধিয়াৰ আড্ডাটোতো ফুচ্‌ফুচ্‌কৈ কাজিয়াখনৰ কাৰণ, ঊদ্দেশ্যৰ
বিশ্লেষণ চলে৷

যিয়েই
নহওক
,
কাজিয়াখনৰ এটা বৰ ভাল দিশ আছে৷ ৰেৱতী আইতাৰ, মানে
পশ্চিমৰ ঘৰৰ নৰকান্ত খুৰাৰ মাকজনীৰ বয়স হৈছে৷ কথা ক
লেই
তেওঁৰ বুকুখন বিষায় হেনো
, হাত-ভৰিৰ বিষত থাকিব নোৱৰা হোৱা কথাটো
তেওঁ সকলোকে পাৰিলে সদায়েই ক
ব খোজে৷ কিন্তু কাজিয়া লাগিলে
তেওঁৰ ডিঙি ফালি এনে সুৱ
দী, শুৱলা গালি বাহিৰ হৈ আকাশখন
চিৰাচিৰ কৰে যে আমি ক
বলৈ বাধ্য হওঁ – আৰু কমেও এবছৰ হাত-ভৰিৰ
বিষেই মাত্ৰ নহয়
, বেলেগ কোনো অসুখৰ বাপেকৰো সাধ্য নাই আইতাৰ
ওচৰ চাপিবলৈ৷ আৰু সঁচাকৈয়ে দুই-তিনিদিনলৈ তেওঁ বুকু ফিন্দাই ঘূৰি ফুৰে৷ যেন ক
ৰবাৰ স্বাস্থ্যনিৱাসত গৈ এমাহমান থাকি শক্তিবৰ্ধক ঔষধ, পথ্য আদি খাইহে ঘূৰি আহিল তেওঁ৷

কিন্তু সিদিনা
কাজিয়া লাগিল সোমবাৰৰ দিনা ৰাতিপুৱাই ! কি আচৰিত কথা ! হৰিহৰ খুৰাই থিয় হৈ ভাবিলে৷ ছেঃ 
! তেওঁ গৰুহালক পথাৰত এৰাল দিবলৈ ওলালেই নহয়৷ এতিয়া কোনে তেওঁক কব- কাজিয়াত কি হ, কোনে
কাক কি বুলি গালি পাৰিলে
, কোনে কাৰ কেইপুৰুষ উদ্ধাৰিলে ?
ইফালে গৰুহালক গোহালিলৈ ওভতাই নিলেও বেয়া দেখিব ! দুখ মনেৰে তেওঁ পথাৰলৈ
গৰুহালৰ সৈতে আগ বাঢ়িল।
 

ইফালে কাজিয়াই
পূৰ্ণ গতি ল
লে৷

চালা,
মহামাৰীত মৰাহঁত, তহঁতৰ কাৰণে পাণ এজোপাও ৰাখিব নোৱৰা হলোঁ৷ কিয় ইমান পাপী অতহঁত
! ইমান অন্যায় কৰি থাক পাপীহঁত৷
” নৰকান্ত খুৰাই গগন ফালি
গালি পাৰিছে৷

পূবফালৰ পুৰন্দৰ
ককায়ো সমানৰ বীৰ৷ তেওঁ চিঞৰিছে
, “ঐ ইতৰ প্ৰাণী ! তহঁতৰ কথা দেশৰ
ৰাইজে জানে৷ নিজে পাণ কাটি বেলেগক দোষ দিবলৈ আহিছ
, নাককটা
নিলাজৰ জাত ! কি দৰকাৰ পৰিছে তোৰ বাৰীত সোমাই তোৰ পাণ কাটিবলৈ মোৰ
? তোৰ ঘৰত, তোৰ বাৰীত কেতিয়াবা মূতিবলৈও যোৱা দেখিছে নেকি আমাক কোনোবাই ? বদনাম নিদিবি বুলি কৈ দিছোঁ তহঁতক৷
 

তাৰ পাছত ভীষণ কোঢ়াল৷
ইঘৰে সিঘৰক অভিধানতো বিচাৰি নোপোৱা বিশেষণ দি দি গালি পাৰিছে৷ ওচৰ-চুবুৰীয়াই মাজে মাজে
নেদেখাকৈ হাঁহিছে৷

চাইকেল
মাৰি মাৰি কাষৰ গাঁৱৰে এজন টাউনৰ বজাৰলৈ গৈ আছিল৷ নৰকান্ত খুৰাই তেওঁক আগচি ধৰি
ৰখালে৷
ভাই, মোৰ বুকুত কেনেকৈ ই কুকুৰে কামোৰ মাৰিলে চাই
যাহিচোন৷

মানুহজনে
অনিচ্ছা সত্ত্বেও খুৰাৰ ঘৰৰ পিছফাললৈ গ
ল৷ দুই ঘৰৰ সীমাৰ কাষৰ
তামোলজোপাত বগোৱা পাণজোপাৰ পাতবোৰ জঁই পৰি গৈছে৷ গুৰিতেই কোনোবাই পাণজোপা কাটি থৈছে৷

 

তয়ে ক এতিয়া, এনে মানুহৰ কাষত কোনোবা ভাল মানুহ কেনেকৈ তিষ্ঠিব ?
মই বুলিহে নমৰাকৈ বাচি আছোঁ৷ পাণকটা শত্ৰুৰ দৰে শত্ৰু নাই জগতত৷”  নৰকান্ত খুৰাই আটাহ পাৰি পাৰি কলে৷

পাণ
কটাটো বৰ বেয়া কাম হৈছে৷ কিন্তু কাটিছে কোনে
? তই দেখিছ জানো
?” নিৰপেক্ষ সুৰ এটা আনিবলৈ চেষ্টা কৰি মানুহজনে সৰু সৰুকৈ
লে৷


হিংসুকে কি কৰিব নোৱাৰে
? পৃথিৱীৰ চব পচা কাম সিয়েই কৰে৷” নৰকান্ত খুৰাই চিঞৰি চিঞৰি কলে৷

মনে
মনে থাক চাল্লা গৰুচোৰ
, ইতৰ, নিলাজ৷ ই
গৰুচোৰে নিজে পাণ কাটি মোক দোষ দিবলৈ আহিছে৷ মই তাৰ বাৰীলৈ মূতিবলৈকো নাযাওঁ৷ ৰাইজখনে জানে৷
” পুৰন্দৰ ককায়ে মানুহজনলৈ চাই কলে৷

 

ইফালে ইমান পৰে
ৰণত মাত্ৰ এষাৰ-দুষাৰ গালিৰ যোগদান আগ বঢ়োৱা ৰেৱতী আইতাৰ খঙে মূৰৰ চুলিৰ আগ পালেগৈ৷
তেওঁৰ কলিজাৰ শক্তি যে কমি যোৱা নাই তাকেই আকৌ এবাৰ প্ৰমাণ কৰি চিঞৰিলে
, “সি কুলাংগাৰেতো মিছা মাতিবই৷ ৰাইজখন আছে৷ ইয়াক এৰি নিদিওঁ আজি৷ ই তিৰী
বাঁৰী হোৱাৰ আজি ৰাইজে বিচাৰ কৰিব লাগিব৷ লাগিব
, লাগিব,
লাগিব৷

বচনফাঁকি
পুৰন্দৰ ককাইৰ ঘৈণীয়েক
, নিৰজা নবৌৰ গাতহে বেছিকৈ লাগিল৷ খঙত ৰঙা
হৈ তেওঁ চিঞৰিলে
, “কি কলি, চালী পিশাচিনী বুঢ়ী ? তিৰী বাঁৰী হোৱা বুলিছ ! তই নিজে কি অ’ ? তোৰ ভাল গুণৰ কাৰণেহে তোৰ মানুহটো কেতিয়াবাতে মৰি ভূত হয় নে ? চালী শাখিনীয়ে আকৌ বেলেগক গালি পাৰে, লাজো নাই৷

কাঁড়পাতে ৰেৱতী
আইতাৰ বুকুতে লগাতকৈয়ো বেছি দকৈ বিন্ধি গ
ল৷ অলপ সময় তভক মাৰি তেওঁ
বজ্ৰপাত পৰা মানুহৰ দৰে থিয় হৈ ৰ
ল৷ বুকুখনত শোক এটায়ো খুন্দা
মাৰি ধৰিলে তেওঁৰ৷ চকুপানীবোৰ সৰসৰকৈ ওলাবলৈ ধৰিলে৷ ককা ডেকা বয়সতে স্বৰ্গগামী
হোৱাৰ দুখটো তেওঁ আজিলৈকে পাহৰিব পৰা নাই৷ বৰষুণৰ বতৰত তেওঁ পুতেকক কেতিয়াবা আজিও কৈ
উঠে
, “এই বৰষুণত মানুহজন ভিজিল অ৷ কি
কৰোঁ
, কি কৰোঁ অমই!

 

কাজিয়াৰ মাজতে
সেই
ঘাটুকুৰাৰ যন্ত্ৰণাটোৱে আকৌ নতুনকৈ সাৰ পাই উঠিল৷ চোতালতে বাগৰি পৰি আইতাই
হাও হাওকৈ কান্দিবলৈ ধৰিলে৷
মোক
কিয় এনেকৈ কামুৰি থাক অ
’ ! মোৰ
মানুহটোক কালে লৈ গ
ল৷ অচবেই মনে মনে
বৰ ভাল পালে অ
৷ অমোৰ মানুহটো,
মোক কিয় এৰি গলি অ…”

গোটেই নাটকখনৰেই
যেন ছন্দপতন হ
ল৷ গালি-শপনিবোৰতকৈও ৰেৱতী আইতাৰ হিয়াভগা
কান্দোনৰ শব্দবোৰেহে চুবুৰিটো জিনি নিবলৈ ধৰিলে৷ অলপ পাছতে আইতা মূছকঁছ যোৱাৰ দৰে হ
লে৷ নৰকান্ত খুৰা আৰু খুৰীয়েই দাংকোলাকৈ আইতাক লৈ ভিতৰলৈ গল৷

ইফালে পুৰন্দৰ
ককাই আৰু নিৰজা নবৌৰো ৰণ জিকাৰ আনন্দতকৈও মনে মনে বেয়াহে লাগিবলৈ ধৰিলে বেছিকৈ৷
বুঢ়ীজনীক তেনেকৈ ক
ব নালাগিছিল পাই৷ এতিয়া সেইটো দুখতেই বুঢ়ীজনীৰ কিবা এটা হবলৈ হলে সিহঁতকহে পাপে চুব৷ ঘৰৰ ভিতৰলৈ সোমাই ককায়ে নবৌক চকু পকাই ধৰিলে,
কিয় তেনেকৈ কলি তই ? বুঢ়ীৰ
লগত কাজিয়া কিয় কৰিব লাগে
? এতিয়া কিবা এটা হলে গম পাবি৷ এনেয়ে বুঢ়ী কোনদিনা সিফলীয়া হয় তাৰ নাই ঠিক৷

বুঢ়ীয়ে
আপোনাক তিৰী বাঁৰী হোৱা বুলি গালি পৰা কাৰণেহে ময়ো তেনেকৈ ক
লোঁ৷
তাতেইনো তাইৰ ইমান গাত লাগিব লাগে নে
?” নবৌৱে চিন্তা মিহলি
সুৰত ক
লে৷

(২)

 

তাৰ পাছৰ
দুসপ্তাহমান ধৰি চুবুৰিটোত লগাতকৈও বেছি শান্তি বিৰাজ কৰিলে৷ ৰাইজে ৰেৱতী আইতাৰ মাতেই
শুনিবলৈ নোপোৱা হ
ল৷ পুৱা-গধুলি, মাজতে কেতিয়াবা এবাৰ-দুবাৰহে ঘৰৰ পৰা
ওলায়৷ বাকী সময়ত তেওঁৰ সাৰি-শব্দই নাই৷ কম বয়সতে গুচি যোৱা গিৰীয়েকৰ স্মৃতি আৰু নিৰজা
নবৌৱে দিয়া আঘাতটোৱে বাৰুকৈয়ে দুৰ্বল কৰি পেলালে তেওঁক৷ নাতিয়েক দুটাক শাসন
কৰিবলৈও আজিকালি তেওঁৰ মন নাযায়৷ আগতে গাৰ বিষটোৰ কথা দিনটোত কাৰোবাক এবাৰ হ
লেও কয়৷ কিন্তু এতিয়া সেইবোৰো নোহোৱা হল৷ নিৰজা নবৌৰ মনে
মনে বৰ চিন্তা হ
ল৷ এই দুখতেই যদি বুঢ়ী সিফলীয়া হয়, তেওঁকহে পাপে চুব৷ মানুহেও নবৌকেই বুঢ়ীৰ মনত দুখ দি মাৰি পেলোৱা বুলি
বদনাম কৰিব৷ নবৌৱে দিনটো কাণ থিয় কৰি শুনিবলৈ চেষ্টা কৰে বুঢ়ীৰ মুখৰ পৰা নিৰ্গত
এটা চিঞৰ
, গালি-শপনিৰ অন্ততঃ এটি টুকুৰা৷ কিন্তু নাই ! তেনে একোৱেই
নঘটে !

 

সিদিনা আবেলি
আঁহতজোপাৰ তলৰ বাঁহেৰে সাজি লোৱা খাটখনত বহি কেইজনমানে তাচপাত খেলিছে৷ জিৰজিৰ বতাহে
খেলুৱৈ কেইজনৰ উদং গাবোৰ গৰমৰ দিনতো শাঁত পেলাই ৰাখিছে৷ খেলুৱৈসকলৰ মাজত নৰকান্ত
খুৰা আৰু পুৰন্দৰ ককায়ো আছে৷ দুয়োৰে পিছে মাতবোলহে নাই৷ আৰু এজনে এনেয়ে কাষতে বহি
চাধা মলিছে৷ খেলুৱৈসকলৰ চাধাভক্ত কেইজনেও ভাগ ল
ব বুলি কৈ থৈছে৷

 

তেনেতে নৰকান্ত
খুৰাৰ ঘৰৰ ফালৰ পৰা কান্দোনৰ শব্দ এটা ভাহি আহিল৷ খুৰীয়ে কান্দিছে ডাঙৰ ডাঙৰকৈ৷
আৰু খুৰাৰ প্ৰাইমাৰী স্কুলত পঢ়া ল
ৰাহালে দেদাউৰিয়াই
ঢপলিয়াই দৌৰিছে আঁহতৰ তললৈ৷ চুবৰিটো ৰজনজনাই গৈছে৷

খুৰা
কিংকৰ্তব্যবিমূঢ়৷ হঠাৎ কি হ
ল ঘৰত ?

ডাঙৰ লৰাটোৱে
খুৰাৰ ওচৰ পায়েই আটাহ পাৰি
, মাটিত ভৰি মাৰি, হাত জোকাৰি জোকাৰি কবলৈ ধৰিলে

আইতা মৰিল অ৷ অমৰিল অ’৷
সৰু লৰাটোৱেও ডাঙৰটোৰ মুখলৈ চাই সমানে ডাঙৰকৈ
আটাহ পাৰিছে৷

কি
হৈছে নকৱ কিয় আগতে
?” খুৰাৰো ভয় লাগিল৷

আইতা
মৰি গ
ল৷ বাগৰি পৰি আইতা মৰি গল এ এ
এ৷

 

খাটৰ পৰা জপিয়াই
নামি
,
গামোচাখনৰ আধাখোলা গাঁঠিটো ভালকৈ মাৰি লৈ খুৰাই ঘৰৰ পিনে দৌৰিলে৷
পিছে পিছে ল
ৰা দুটা৷ চাধা মৰাজন আৰু তাচপাতৰ খেলুৱৈ কেইজনো পিছে
পিছে গ
ল৷ পুৰন্দৰ ককাই অলপ সময় তভক মাৰি ৰল৷ কিন্তু তেৱোঁ নৰকান্ত খুৰাৰ ঘৰৰ ফালে খোজ ললে৷
এনেহেন সময়ত শত্ৰুতাৰ কথা মনত ৰাখি থাকিব নাপায়৷

খুৰাৰ ঘৰৰ
পদূলিতে পুৰন্দৰ ককাই থিয় দি ৰ
ল৷

ভিতৰত খুৰাই
চিঞৰি কাৰোবাক দবিয়াইছে
, “মনে মনে থাক৷ মোৰ মূৰটো গৰম নকৰিবি এতিয়া৷
যা পানী লৈ আহ৷ চকু-মুখত মাৰিব লাগে৷ যা
, দেৰি নকৰিবি এতিয়া৷
এনেকৈ ভেঁ-ভেঁকৈ মুখ মেলি দিবহে জানিছ তহঁতে৷

অলপ পাছতহে
কথাবিলাক পৰিষ্কাৰ হ
ল৷ যোৱা কেইদিনমানৰ পৰা ৰেৱতী আইতাই ভালকৈ
খোৱা-বোৱা কৰা নাই৷ অনবৰতে কিবা ভাবি থাকে৷ মাজে মাজে বহু বছৰ আগতে তেওঁক এৰি গুচি
যোৱা ককাৰ কথা কৈ উচুপি উচুপি কান্দে৷ দুৰ্বলতাৰ কাৰণেই মূৰ আচন্দ্ৰাই কৰি তেওঁ
পৰি গৈছিল৷ বোৱাৰীয়েকে তাতেই বৰ ভয় খালে৷ নাতিয়েক দুটাই আইতাকক মৰি যোৱা বুলিয়েই
ভাবি লৈছিল৷

পুৰন্দৰ ককায়ে
ঘৰলৈ আহি নবৌকো ক
লে কথাটো৷ নবৌৱে কাণ থিয় কৰি ইতিমধ্যে সকলো
শুনিছিলেই৷ ৰেৱতী আইতা মৰা বুলি নাতিয়েক দুটাই চিঞৰি চিঞৰি কন্দা শুনি তেওঁ বৰ ভয়
খাইছিল৷

কি
কৰিবা এতিয়া
? আমাৰ দোষতেই এইবোৰ হ
নেকি অ
’ ?” ককায়ে সৰু সৰুকৈ কলে৷

খবৰ
এটা লৈ অহাটো ভাল হ
ব নেকি ?” নবৌৱে
সুধিলে৷

কিন্তু
যাওঁ কেনেকৈ
? সিহঁতৰ লগত ইমান বছৰে অহা-যোৱা নাই৷

এঃ
বাদ দিয়ক সেইবোৰ৷ এনেহেন সময়ত সেইবিলাক কথা কোনেও নাভাবে৷

 

পাছদিনা আবেলি
বজাৰৰ পৰা অনা দহটা ৰসগোল্লা আৰু ঘৰৰ গাইজনীৰ আধা লিটাৰমান গাখীৰ লৈ পুৰন্দৰ ককাই আৰু নবৌ ৰেৱতী আইতাৰ বিছনাৰ ওচৰ পালেগৈ৷ নৰকান্ত খুৰাই মনে মনে বৰ ভাল পোৱা নাছিল৷
কিন্তু এনে সময়ত মানা কৰিবও নোৱাৰি৷

খুৰী অ’। আমি অলপ গাখীৰ আনিছিলোঁ৷ খাবি নে অলপ ? নে কিবা ভাবিবি ?” ককায়ে মোলায়েমকৈ সুধিলে৷

কি
ভাবিম অ
বাপু ! তয়ো মোৰে এটা চলি দে৷ খাম দে৷” ৰেৱতী আইতাই সেহাই সেহাই কলে৷

নিৰজা নবৌৱে
একাপমান গাখীৰ খুৱালে আইতাক৷ কাপটো নৰকান্ত খুৰাৰ খুৰীয়েই আনি দিছিল৷ চামোচখনেৰে
খুৱাই থাকোঁতে আইতাৰ চকু দুটা পানীৰে উপচি পৰিছিল আৰু এসোঁটা কান্দিছিলও৷ নবৌৱেও চকুৰ
পানী ৰখাব পৰা নাছিল৷ তেৱোঁ কান্দিছিল আৰু চাদৰখনেৰে চকুলো মচি মচি গাখীৰখিনি
খুৱাইছিল৷

চামোচখনেৰে ভাঙি
ভাঙি ৰসগোল্লা দুটাও খুৱাই দিলে নবৌৱে৷

তামোল খাই ওলাই
আহোঁতে নৰকান্ত খুৰাক বিশেষ চিন্তা কৰি থাকিবলৈ হাক দিলে ককায়ে৷ আইতাৰ যে বৰ্তমান
কোনো বিপদ নাই সেই কথাষাৰতো জোৰ দিলে৷ দুসপ্তাহৰ আগৰ আৰু তাৰো আগৰ কজিয়া-পেচাল
, গালি-শপনিবোৰ সকলোৱে যেন পাহৰি গৈছিল তেতিয়া৷

 

(৩)

 

এমাহমানৰ পাছৰ
শনিবাৰৰ এটা আবেলি৷

দুপৰীয়া ভাত খাই
পুৰন্দৰ ককাই বাৰান্দাতে শুইছে৷ তেওঁৰ উদং গাটো এছাটি বতাহে মাজে মাজে চুই গৈ
আছে৷ টোপনিতে তেওঁৰ নাকটোৱে মেঘে গজাদি গাজিছে৷

ঘৰৰ সম্মুখৰ
মুকলি ঠাইখনত চুবুৰিটোৰ সৰু ল
ৰাবোৰে ফুটবল খেলিছে৷

হঠাৎ কোনোবাই
জোৰৰে বলটোত কিক্ মাৰিলে৷ বলটো উৰি আহি ককাইৰ মূৰতে পৰিল৷ তেওঁৰ টোপনি ক
ৰবালৈ
উৰি গ
ল৷

অই,
তহঁতে খেলিবলৈ সময় নাপাৱ ?” উঠি বহি বলটো
দলিয়াই দি ককায়ে খুব খঙত আটাহ পাৰি ক
লে, “আৰু ইয়াতেহে মোৰ মূৰ খাবলৈ তহঁতে খেলিবলৈ ঠাই পাৱ৷ তহঁতৰ ঘৰৰ সন্মুখত নেখেল কিয় গৰুহঁত ?”

বলটো
এবাৰহে সিফালে গৈছে৷ তাতেনো কি হ
? আমি
ৰাস্তাত খেলিব লাগিব নেকি
?” নৰকান্ত খুৰাৰ চতুৰ্থ শ্ৰেণীত
পঢ়া ল
ৰাটোৱে অলপ ডাঙৰকৈয়ে কলে৷


বিহৰ গুটি ! যমদূতৰ দৰে কথা নক
বি তই৷ ডাঙৰ মানুহৰ লগত
কেনেকৈ কথা ক
ব লাগে মাৰ-বাপেৰে শিকোৱা নাই তোক ? লাজ নোহোৱা চলি !

মুখখন ফুলাই
ঘৰলৈ গৈ সি মাক-দেউতাকক কথাটো কৈ দিলেগৈ৷

 

লগে লগে ৰণভেৰী
বাজি উঠিল৷

নৰকান্ত খুৰাই
চিঞৰিলে
,
চালা কুকুৰ৷ মোৰ লৰাক যমদূত বুলি কৱ,
বিহৰ গুটি বুলি কৱ তই পাপী৷ চৰকাৰী মাটিত সৰু লৰাকেইটাই তোৰ কাৰণেই খেলিব নোৱৰা হল৷ তই কি মন্ত্ৰী,
এম-এল-এ নেকি ? নে তই ডকাইত ?”

মুখ
চম্ভালি কথা ক
বি ঐ চালা ইতৰ৷ তোৰ ঘৰৰ আগত খেলিবলৈ নিদিয়
কিয় সিহঁতক৷
” ককায়ে ওলোটাই চিঞৰিলে৷

তাৰ
কাৰণে সৰু ল
ৰাকেইটায়ো শান্তিত থাকিব নোৱৰা হৈছে৷ ইমান তাৰ
অত্যাচাৰ৷
…” ৰেৱতী আইতাই আৰম্ভ কৰিলে৷

আইতাৰ মাতত কোনো
দুৰ্বলতাৰ চিন নাই৷ কথাটো অনুমান কৰি নিৰজা নবৌৰ মনটো শাঁত পৰি গ
ল৷
আইতাই গালি পাৰি গৈছে
, তেওঁৰ কলিজাটো যে এতিয়াও শক্তিশালী হৈ
আছে
, তাৰে প্ৰমাণ জলজল পটপটকৈ ওলাই পৰিছে৷ আইতাৰ গালিবোৰ
কুলিৰ মাততকৈও মধুৰ হৈ নবৌৰ কাণত পৰিছে৷ হওক তেও
, এটা ডাঙৰ
মহাপাপৰ পৰা নবৌ যে ৰক্ষা পৰিল৷

শীঘ্ৰেই
চুবুৰিটো দুয়োঘৰৰ চিঞৰ-বাখৰেৰে ৰজনজনাই যাবলৈ ধৰিলে৷

 

 

 

ঠিকনা :

P.O. Bamakhata

Via Pathsala

Assam

ভ্ৰাম্যভাষ : ৮৭৬২২২৬৩৪৮

 

PIN 781325