ৰমানন্দন বৰা

পাঁচ

 

ট্ৰেক্টৰ এখন
খেতিৰ বাবে কিমান কামত অহা সেই কথা বছাগাঁৱৰ মানুহে নিজ চকুৰে দেখিলে৷ তিনিহাল
বলধে এঘণ্টাত যি কাম কৰিব পাৰে
, এখন ট্ৰেক্টৰেA সিমান কৰিব পাৰে৷

এইবাৰ কলাই
মহাজনে হালোৱা চাৰিটাৰ ঠাইত দুটা বন্দোৱস্ত কৰিলে৷ দ
 মাটি
দুপুৰাত অমনা বাও সিঁচিলে৷ বাকী নপুৰা শালি খেতিৰ মাটিও ব
হাগৰ
ভিতৰতে চহাই শেষ কৰিলে৷ কেনেকৈ
? টেক্‌টাৰৰ কৃপাত৷

ট্ৰেক্টাৰৰ
কেজুৱেল লগোৱা
, ট্ৰেইলাৰ লগোৱা, খোলা আদিবোৰ
বেণুৰ একচেটিয়া কাম৷ কিন্তু বেণুৱে লাহে লাহে অনুভৱ কৰিলে দিনটো ট্ৰেক্টাৰখন চলাই
থকাটো মুখৰ কথা নহয়৷ গোটেই গাৰ মঙহ কঁপাই থাকে৷ বাউসী আৰু বুকুত বিষ উঠে৷
সেই কাৰণে সি মাজে মাজে ৰজিতক একোপাক চলাই চাবলৈ দিয়ে৷ খেতিটো বেণুৱে অকলে ট্ৰেক্টৰ
চলাই তুলিব নোৱাৰিব বুলি সি অনুভৱ কৰিলে৷ গৰুৰ হালেই ভাল৷ গৰুক জিৰণি লাগে৷
মানুহেও জিৰণি পায়৷ শনিবাৰ
, মঙ্গলবাৰ, আওবাৰ,
আঁউসী, অমাৱস্যা, ষাঠ
লগা
, শৰণ-গ্ৰহণ আদিত হাল খতি৷ মানে হালোৱাৰ জিৰণি৷ পথাৰৰো
জিৰণি৷ পথাৰত থকা পোক-পৰুৱাবোৰে নাঙলৰ ফালে ছিঙি-ভাঙি পেলোৱা ঘৰখন থান-থিত লগাবলৈ
সময়
 অকণো
 পায়৷ ট্ৰেক্টৰ অহাৰ লগে লগে এই নিয়মবোৰ নেমানিলেও চলে৷
গৰু হ
ল গোঁসাই, চুৱা-নিকাৰ কথা থাকে৷
ট্ৰেক্টৰ হ
ল যন্ত্ৰ, যন্ত্ৰৰ জীৱ নাই৷
গতিকে জিৰণিৰ কথাও নাথাকে
, চুৱা-নিকা দূৰৰ কথা৷ কিন্তু
যন্ত্ৰৰ কাৰ্যদক্ষতা ৰাইজক দেখুৱাবলৈ যাওঁতে ক
লাই মহাজনে
যন্ত্ৰটো চলাই থকা মানুহটোৰ কথা পাহৰিয়ে গৈছে৷

বেণুৱে তথাপি
কামক পিছ পেলোৱা নাই৷ নিজৰ দেহালৈ সি আগতেও চোৱা নাছিল
, এতিয়াও নাচায়৷
কিন্তু নাচাওঁ বুলি নোচোৱাকৈ
, নাভাবোঁ বুলি নাভাবি থাকিব
নোৱাৰা কথাটো হ
ল পাহিতা৷ দিনে-ৰাতিয়ে পাহিতাৰ কথাই তাক
ব্যাকুল কৰি ৰাখে৷

বেণু-পাহিতাৰ
কথাবোৰ এটা সীমাৰ মাজত গোপনে চলি থাকিল৷ বেণু আগতকৈ দৃঢ় হ
,
পাহিতাও নতুন এটা জীৱনৰ বাবে সাজু হল৷

শাওন মহীয়া৷
টিখাং খাং ৰ
দ৷ এজাৰণি ঘাটৰ গাতে লাগি থকা মাটি কেইডৰা আগতীয়াকৈ ৰুই
লে মহাজনৰ সমস্যা এটা কমি আহে৷ দূৰণিবটীয়া মাটি৷ বাকী
মাটিবোৰ একে ঠাইতে৷ ক
বলৈ গলে আনৰ মাটি নগচকাকৈয়ে যাব পাৰি৷ কিন্তু এজাৰণিৰ মাটি
কেইডৰালৈ পুৱা পোহৰ নৌহওঁতেই হাল নিব লাগে৷ এইবাৰ ট্ৰেক্টৰখন আছে যেতিয়া এটা
সুবিধা হ
ব৷ সেবুলি সদায় সদায় কেজুৱেল
চকা লগাই অনা নিয়া কৰিবলৈ অসুবিধা হ
ব৷ বেণুৱেই কথাটো মহাজনক
লে৷ মহাজনে দুখন তিৰ্‌পাল বজাৰৰ পৰা অনাই তম্বু সজাৰ
ব্যৱস্থা কৰিলে৷ ভগা টিনপাত এছলাৰে ট্ৰেক্টৰখন ঢাকি ৰাখিবলৈ সুবিধা এটা কৰিলে৷
এসপ্তাহৰ আগতে ট্ৰেক্টৰখন টায়াৰ চকাৰে ভোগদৈৰ এজাৰণি ঘাটৰ পথাৰ পোৱালেগৈ৷ ট্ৰেইলৰত
তম্বু তৰিবৰ বাবে লগা বস্তু কেইপদমান
, কেইদিনমানৰ বাবে বাচন-বৰ্তনো লৈ
ল৷ খেতি শেষ নোহোৱালৈকে বেণু তম্বুৰ আবাসী হ’ল

আজি ৰ
বৰ টান৷ বেণুৱে ট্ৰেক্টৰেৰে হাল বাই আছে৷ পাহিতাই অকলশৰীয়াকৈ নিজৰ পথাৰত ভূঁই ৰুই
আছে৷ ক
লাই শইকীয়া, ভালীৰাম শইকীয়াৰ
মাটিৰ পট্টা এতিয়াও একেখন৷ পাহিতাহঁতৰ পথাৰত কালি বোকা দিছিল৷ ছজনী ৰোৱনীয়ে শেষ
কৰিব নোৱাৰিলে৷ দুডৰা বাকী থাকিল৷ দেউতাকে পাহিতাক ক
লে,
তয়ে ৰুই পেলাগৈ, দুডৰাহে৷ লগত কমলক লৈ যা৷
চেমনীয়া ভায়েক কমলক লগত লৈ পাহিতাই দিনটোৰ আগভাগতে বাকী থকা বোকা
দুডৰা শেষ কৰিব পাৰিব৷

পথাৰ পাই বেণুক
হাল বাই থকা দেখি পাহিতাৰ মনটো নাচি উঠিল৷ বেণুৱে ট্ৰেক্টৰ লৈ আহিছে বুলি তাই
জানে৷ তাক লগ পাব বুলি তাই আশা কৰিয়েই আহিছিল৷ বোকালৈ নমাৰ আগতে কোমল চাউলৰ জলপানৰ
টোপোলাটো বেণুৰ তম্বুতে ভালদৰে থৈ গ
ল৷ কমলে লগত বৰশীডাল
আনিবলৈ পাহৰা নাছিল৷ সি ভোগদৈত বৰশী বাবলৈ গ
ল৷

পাহিতা পথাৰলৈ
অহা দেখি বেণুৱে ট্ৰেক্টৰখন ৰখাই তাইৰ ওচৰ পালেহি৷ তাই দিয়া তামোলখন মুখত ভৰাই ক
লে,
সোনকালে শেষ কৰ৷ ৰদ বৰ বেছি৷ জাপিটো পিন্ধি
ল৷

প্ৰখৰ ৰদক
শান্ত কৰাৰ নিজা পৰিকল্পনা থাকে প্ৰকৃতিৰ৷ শাওণ মাহ৷ ৰ
দে
বোলে মাটিক মই ভাল পাওঁ
, বৰষুণে বোলে মইহে বেছি ভাল পাওঁ৷

নীলা আকাশত লাহে
লাহে ডাৱৰ উঠি আহিল৷ বতৰৰ গুৰিটো ক
লা কৰি আহিলে৷ ৰদ ঢিমাই আহিল৷ পশ্চিমৰ পৰা এছাটি চেঁচা বতাহে সিঁহতক চুই গল৷ বেণুৰ এডৰা পথাৰৰ দুটা আওচ বাকী আছে৷ পাহিতাৰ এডৰা পথাৰৰ এটা চুক ৰুবলৈ
আছে৷

বুঢ়া মেঘে
গিৰিং গিৰিং কৰি আহিল৷ কাতিৰামৰ চুকৰ ফালে গা চাদৰ এখনে সেউজীয়া গছ-বনবোৰ ঢাকি অনা
দেখি পাহিতাৰ হাতখন খৰকৈ চলিবলৈ ধৰিলে৷ বৰষুণজাক পৰাৰ আগতে ৰুই শেষ কৰিব পাৰিমনে
?

নোৱাৰিলে, হুৰ হুৰাই বৰষুণ জাক আহিল৷ ট্ৰেক্টৰ পথাৰতে বন্ধ কৰি বেণু পাহিতাৰ ওচৰ
পালেহি৷
ল ব,
পাছত ৰুবি৷কিন্তু বৰষুণজাক পিছ নপৰিল৷
দুয়োটাকে তিয়াই থৈ গ
ল৷ বতাহে পাহিতাৰ জাপিটো থিৰে থাকিবলৈ দিয়া নাই৷ বেণুৱে তাইৰ হাতত ধৰি পথাৰৰ বোকা ফালি তম্বুৰ ফালে
পোনালে৷
কমল, কমলক চোৱাঁ৷পাহিতাৰ কথাত বেণুৱে মথাউৰিত উঠি ইফালে-সিফালে চাই দেখিলে কমলে
অকণমানহঁতৰ টঙী ঘৰত উঠিছেগৈ৷

দুয়ো আহি তম্বুৰ
ভিতৰত সোমাল৷ দীঘলীয়া তম্বুটোৰ আগ ভাগতে দুটুকুৰা কাঠৰ ওপৰত দুয়োটা বহিল
মুখামুখিকৈ৷ জৰ্‌জৰাই বৰষুণ পৰিছে৷ পানীৰ ছিটিকণিয়ে সিহঁতক তিয়াইছেহি৷

জাপিটোৰে
মুখখন ঢাকি দিয়াঁ৷
’ – পাহিতাই বেণুক কলে৷

আন্ধাৰ
হয় বা৷

এতিয়ানো
কি পোহৰ৷ আকাশখনেই আন্ধাৰ৷

বেণুৱে পাহিতাৰ
জাপিটো দি তম্বুটোৰ দুৱাৰ মুখেদি সোমাই অহা ছিটিকণি বন্ধ কৰিবলৈ যত্ন কৰিলে৷

মনৰ মানুহজনীক
এনেকৈ অকলশৰীয়াকৈ
, আচুতীয়া আৱদ্ধ ঠাইত পাই বেণুৰ গাত
কিবা শিহৰণ জাগি উঠিল৷

এতিয়া
কি কৰিম বুলি ভাৱিছা
?’

নিজাকে
কিবা এটা কৰিব লাগিব৷

কেতিয়া
কৰিবা
? কি কৰিবা? ইমান বছৰে গা মাৰি
কাম কৰিছা৷ পইছা সাঁচিব পাৰিছা নে নাই
? দৰমহা দিয়েনে মহাজনে?
মই জানো, তোমাক মই ভালকৈ বুজি পাওঁ৷ তুমিহে
তোমাক নুবুজাঁ৷

কি
কৰিবি
? মানুহ ঘৰৰ মৰমৰ কাৰণে একো ক
নোৱাৰোঁ৷

কি
মৰম
? তোমাৰ পৰা কাম আদায় লৈছে৷ তোমাক মাটি-বাৰী কিবা দিবনে?
তোমাৰ ঘৰখন পতাৰ কথা কোনোবা দিনে ভাবিছেনে?’

পাহিতা আৱেগিক
হৈ উঠিল৷ দুয়ো নীৰৱে ৰ
ল৷ বাহিৰত জৰ্‌জৰীয়া বৰষুণৰ শব্দ৷ কি কব বেণুৱে ভাৱি নাপালে৷ পাহিতাৰ কথাবোৰ সঁচা৷ সি এটা ভ্ৰমৰ মাজত সোমাই আছিল৷
সি কণা আছিল৷ পাহিতাই তাৰ চকু মুকলি কৰিছে৷ তাই তাৰ কাৰণে ইমান চিন্তা কৰে৷ তাইক
সাবটি ধৰি মৰম কৰিবলৈ মন গ
ল৷

হঠাৎ আকাশখন
ফাটি যোৱাৰ দৰে গাজনি৷ উচপ খাই পাহিতা বেণুৰ কাষ পালেগৈ৷ বতাহৰ ৰু-ৰুৱনি শব্দ৷ সি
তাইক সাবটি ধৰিলে৷ তাৰ সৰ্বশৰীত এটা অনামী কঁপনি উঠিল৷ পাহিতাও ঠিৰেৰে থাকিব
নোৱাৰিলে৷ বুকুৱে বুকুৱে ঠেকা খালে৷ ওঁঠে ওঁঠ বিচাৰি ল
লে৷
ভোগদৈত ঢৌ ফুটিছে৷ বতাহে তাৰ কেঁচা গোন্ধ এটা বোৱাই আনিছে৷ শাওনৰ পথাৰত বৰষুণৰ
ৰমণ৷ কেঁচা মাটিৰ গোন্ধত দুটা আদিম নৰ-নাৰী এক হৈ পৰিল৷ বৰষুণীয়া আকাশখনৰ দৰে পাহিতাৰ ক
লা চুলিটাৰিয়ে জপটিয়াই ধৰিলে বেণুক৷ এক কঠিনতাই আনি দিয়া আমেজত চকু মুদি
দিলে পাহিতাই৷

(আগলৈ)