ৰঞ্জু শৰ্মা

 

সোঁৱৰণ...

        টুলুঙা নাও
কিছুমানৰ দৰে মেঘৰ চপৰাৰে ভৰি থকা এখন পানীৰঙী আকাশ
, সেই আকাশৰ চন্দ্রাতপে ঢাকি ৰখা
এখন পাহাৰ।
 ওখ! খু–



উব ওখ! য’ত পাইন গছ আৰু দেৱদাৰুৰ বাদে এক্কোৱেই নাথাকে।
 সেই
পাহাৰৰ এটা সুন্দৰ ঢালত আমি এটা  ঘৰ সাজিম।
  সৰু মৰমলগা কাঠৰ ঘৰ। দুখন
চকী আৰু এখন সৰু কফি টেবুলৰ  জোখাৰে ঘৰটোত
এখন বাৰাণ্ডা থাকিব।
 হু হুৱাইহু হুৱাই ওৰে দিন ওৰে ৰাতি পাইন গছৰ চেঁঁচা বতাহ বলিব। চাৰিচুকীয়া কাঠৰ খিৰিকীবোৰত ওলমি থকা গুলপীয়া পর্দাবোৰে বতাহৰ সতে ঢৌ খেলি নাচিব। সন্মুখৰ পাহাৰৰ অঁকোৱা পঁকোৱা লুংলুঙীয়া বাটটোৰে পিঠিত
হোৰা একোটা লৈ পুৰুষ
মহিলাৰ দল এটি শাৰী পাতি গৈ থাকিব।
 লাহে লাহে, ৰৈ ৰৈ। দূৰৰ পৰা সিহঁতবোৰক একোটা গুৰি পৰুৱাৰ
দৰে দেখা যাব।
 আৰু.. ধোৱাই থকা কফি একোকাপ
হাতত লৈ আমি সেই শাৰীবোৰ চাই থাকিম চাই থাকিম চাই থাকিম
…। 
পাহাৰৰ
ভাঁজত সিহঁতৰ বিন্দু সদৃশ অৱয়ববোৰ আৰু বেলিটোৰ শেষ হেঙুলীয়াখিনি একাকাৰ হৈ
নোযোৱালৈকে আমি মাথো চায়েই থাকিম

    : … আৰু তাৰ পিছত কি ?… বেলি
পৰাৰ লগে লগে পাহাৰীয়া বতাহজাক সেৰসেৰীয়া চেঁচা হৈ আহিব আৰু সেই ঠাণ্ডাত কঁপি কঁপি আপুনি হাঁচিয়াই থাকিব, হাঁচিয়াই
থাকিব
! এজমাটোৱে সাৰ পাই উঠি মৰমেৰে আপোনাক আঁকোৱালি ধৰিব!  মই হলে
তেতিয়া কাৰো কেয়াৰ লোৱাত নাই দেই।
  নাহকেনছেল। পাহাৰত
ঘৰ বন্ধা প্রগ্রেম কেনছেল।

    হুহ!…লগৰ মানুহজনী হবলা তই
বি! মোৰ সপোনৰ ‘আমি’টোত তই
বেদখলকাৰীৰ দৰে সোমাবলৈ নাহিবি কিন্তু কৈ দিছোঁ।
 তোৰ লগত সংসাৰ কৰিলে পাহাৰত ঘৰ সাজিবলৈ নহয় সন্ন্যাসী
বলৈহে যাব পাৰিম। বৰ সপোন
দেখাজনী ওলাইছে চোৱাঁ 
!

    অনিৰুদ্ধৰ শেষ কথাষাৰিৰ আঘাতত হিমাঞ্জলিৰ মুখমণ্ডলত
ইমানপৰে ঢপলিয়াই ফুৰা শিশু হাঁহিটো উজুটি খাই পৰে।
 বহি
থকা চকীখনৰ পৰা ঘপহ কৰে উঠি শব্দটো কিছু ডাঙৰ হোৱাকৈয়ে তাই চকীখন পিছপিনলৈ ঠেলি
দিয়ে আৰু অনিৰুদ্ধক তাতেই এৰি মুহূর্তৰ ভিতৰতে হাইৱে
টো পাৰ হৈ ৰেচিডেঞ্চিয়েল ক’ল’নিৰ
মেইন গে
টখনৰ ভিতৰৰ দীঘল বাটটোত হেৰাই যায়গৈ।

    কাপটোৰ শেষটুপি কফি চুৰুপকৈ শব্দ এটি কৰি মুখেৰে উজাই লৈ
তৃপ্তি লোৱাৰ পাছতো আৰু কিছু সময় অনিৰুদ্ধ খালী টেবুলখনতে বহি ৰয়।
 অকলশৰে। মুখত
জান নিজান এটি কিশোৰ হাঁহি।
  

    অনিৰুদ্ধৰ আশেপাশে থকা টেবুলবোৰ
ইতিমধ্যে আবেলিৰ চাহ-নাস্তাৰ বাবে অহা ছাত্র
ছাত্রীৰ ভিৰ
এটিৰে ভৰি পৰে।
সিহঁতৰ উচ্ছ্বল হাঁহি-ধেমালিৰ মৃদু কোলাহল
এটিয়ে চহৰৰ উপকণ্ঠ অঞ্চলত থকা গৱেষণা প্রতিষ্ঠানটিৰ সন্মুখৰ এই সৰু আৰু একমাত্র
ৰেষ্টোৰাঁখন মুখৰ কৰি তোলে।
 আওহতীয়া
ঠাইডোখৰ ৰাতিৰ আন্ধাৰত নিজম পৰাৰ আগে আগে ই যেন এখন্তেকৰ উৎসৱ।

    অনিৰুদ্ধৰ সেইবোৰলৈ অকণো ভ্রূক্ষেপ নাই। এই
মুহূর্তত সি ধ্যানমগ্ন এজন সিদ্ধপুৰুষ।
 ৰেষ্টোৰাঁৰ খোলা খিৰিকিৰে হাইৱেটোৰ ইটো পাৰৰ
দীঘলীয়া বাটটোত ক্রমান্বয়ে ধূসৰ হৈ যাবলৈ
ধৰা হিমাঞ্জলিৰ অৱয়ৱটোলৈ সি একেথিৰে চাই আছে।
 সামান্য বতাহতে তাইৰ গুলপীয়া দোপাত্তাখন নাৱৰ পালৰ দৰে কঁপিছে।

    কোনোবা এটি  অচিন
কোণত অনিৰুদ্ধৰ বুকুখনো কঁপিছে নেকি
? নে বিষাইছে?…

    খুব এখন ওখ পাহাৰ… পাইন গছৰ বতাহ… কাঠৰ অকণমানি খিৰিকী এখনআৰু বতাহত নাচি থকা গুলপীয়া
পর্দা
…।

    অনিৰুদ্ধৰ এনে লাগে সৌৱা তাৰ দিঠকৰ সপোনটোৱেও যেন তাক তাতে
এৰি হিমাঞ্জলিৰ দোপাত্তাখন খামুচি ধৰি তাইৰ পিছে পিছে গৈ আছে গৈ আছে
!

* * *

অলপ বিষাদ বিলাস …

 

আমার একলা আকাশ থমকে গেছে 

রাতের

স্রোতে ভেসে,

শুধু তোমায় ভালবেসে..

আমার দিনগুলো সব

রঙ চিনেছে, তোমার কাছে এসে,

শুধু তোমায় ভালোবেসে।

    পাহাৰীয়া চেঁচা বতাহত খিৰিকীৰ গুলপীয়া পর্দাবোৰ উমলিছে। বতাহজাকে
সামৰি অনা বনৰীয়া ফুলৰ সজীৱ গোন্ধটোৱে পলকতে চৌপাশ মায়াময় কৰি তুলিছে।
 ৰাতিপুৱাৰ এই
সময়খিনি হিমাঞ্জলিৰ কিবা এটা ভাল লাগে।
  বাৰাণ্ডাত পাৰি থোৱা আৰামী চকীখনত গাটো এৰি দি
তাই অলস চকু দুটি মুদি দিছে
… বিনিদ্র নিশা এটিৰ সমস্ত অভিমানবোৰে
যেন চকুৰ পতাদুখন গধুৰ কৰি
তুলিছেহি বুলি তাই এতিয়াহে উপলব্ধি কৰিছে।
 এনেহেন ভাগৰুৱা সময়ত তাই এই নির্দিষ্ট
ঠাইটুকুৰাত বহি চকু দুটি মুদি লৈ শ্রেয়া
ঘোষালৰ এই বেংগলী মেল
ডিবোৰ শুনি থাকিবলৈ খুব ভাল পায়। একেটা গানকে কেইবাবাৰো ৰিপিট কৰি মন ভৰি নোযোৱালৈকে শুনে। প্রাণ
ভৰি উঠা সেই বিষাদ সুৰে কতবাৰ যে তাইক আৱেগিক কৰি তুলিছে! কিমান বাৰ যে তাইৰ আজানিতে
দুচকুৰে দুধাৰি কুহুমীয়া চকুলো বৈ গৈছে
… তাই জানো ৰাখিছে তাৰ
লেখ-জোখ
? নাই, নাৰাখে।
 নেদেখা-নুবুজা বুকুৰ এটি নিভৃত কোণত গোপনে সাঁচি ৰখা বিষণ্ণ আৱেগখিনিক যে ইমান
বছৰে তাই খুব আলফুলে আপদাল কৰিছে।

    বিষাদকো জানো লালন কৰে? প্রায়েই নিজকে প্রশ্ন
কৰে তাই
বহুবাৰ
চেষ্টা কৰিছে পুৰণি বিষাল ঘা এটুকুৰাই অধিকাৰ কৰি ৰখা হৃদয়ৰ সেই অকণমানি চুকটো কাটি নি পাহাৰীয়া জুৰিটিত
উটুৱাই দিব
জাৰি-জোকাৰি চাফা কৰি পেলাব নিৰুদ্দিষ্ট অতীতৰ অৱশিষ্ট
স্মৃতিখিনিও।
 পিছে নোৱাৰে। জগতৰ
সমস্ত আৱেগৰ পৰা মুক্ত হ
ব পাৰিলেও এই দগমগীয়া কেঁচা ঘা টুকুৰাৰ পৰা কেতিয়াও তাই
পৰিত্রাণ পাব নোৱাৰে
….

    হিমাঞ্জলিয়ে তাইৰ পুৰণি ডায়েৰীখন উলিয়াই  আনিলে। বিষাদ বিলাসৰ
এই বিমূর্ত মুহূর্তবোৰত তাই সদায় সেই
পুৰণি ডায়েৰীখনৰ হালধীয়া পৃষ্ঠাবোৰ
লুটিয়াই চায় আৰু
বুকুত সাবটি বহি থাকে
… বহু সময়।
 যেন এজনা ধ্যানমগ্ন মুনি।মনৰ চকুৰে
পঢ়ি যায় তাৰ এটি এটি শব্দ
, এটি এটি বাক্য…। 

    “…শাৰদী শীতল, স্নিগ্ধ নিশা এটিৰ দৰেই আশা এটিয়ে সংগোপনে আহি ঘৰ পাতি বহিছিলহি বুকুতে
মোৰ।
 কেতিয়াৰ
পৰা ঠিক নাজানো হয়তো প্রথম চিনাকিৰ দিনটোৰ পৰাই কিবা এটা ভাল লাগিছিল তোমাক।
 অনবৰতে
তুমি গহীন ৰুক্ষ মুখাখন ওলমাই লৈ ফুৰিলেও মোৰ দৃষ্টিয়ে অনুভৱ কৰিছিল তোমাৰ স্নেহান্বিত দুই নয়নৰ আহ্বান।
 অনিৰুদ্ধ!
স্‌ … নামটোতে যে কিমান আকুলতা! লেবৰেটৰীত জইন কৰাৰ দিনাই যিদিনা মোক তোমাৰ সতে একেখন ৱর্কিঙ এৰিয়া ভগাই
লবলৈ দিয়া হৈছিল ছিনিয়ৰ হিচাপে কমখন এটিটিউড্ দেখুৱাইছিলানে সিদিনা।
… আজিও মনত আছে কৃত্রিম বিৰক্তি
দেখুৱাই কোৱা তোমাৰ কর্কশ কথাকেইষাৰ

    …“প্লিজ কিপ ডিছটেন্স ফ্রম মি। এক্সুৱেলি, আই ডণ্ট লাইক শ্বেয়াৰিং মাই
স্পে
চ অৰ এনিথিং।” …

    জানানে… শিল এটাত উজুটি খাই হামখুৰি খাই
পৰাৰ দৰে অনুভৱ হৈছিল সিদিনা মোৰ।
 খং, অভিমান নে
দুখত নাজানো কৰিড
ৰৰ এচুকত আহি সিদিনা বাৰে বাৰে সেমেকা চকুহাল মোহাৰি আছিলোঁ। আৰু তাৰ
পাছত কি হল
? অকল তোমাৰ স্পেচেই নহয় সমস্ত বুকুজুৰি যে কেৱল ময়েই
মই
!

      লেবৰেটৰীৰ কামত নিশা দেৰিলৈকে কাম কৰি থাকিবলগীয়া হোৱা সেই
দিনবোৰ যে
… আঃ ! মনত পৰিলে এতিয়াও আকৌ এবাৰ
অতীতলৈ উভতি যাওঁ যাওঁ লাগে জানা।
 কোনো কাম নথকা
সত্ত্বেও লাইব্ৰেৰিৰ অজুহাত দেখুৱাই কাৰ বাবেনো তুমি অপেক্ষা কৰিছিলা
? আৰু যে কৈছিলা..

    বেছি ৰাতিলৈ অকলে লেবত নাথাকিবিৰাতি ৰাতি ইয়াত গবেষণাত বিফল হৈ আত্মহত্যা কৰা ষ্টুডেণ্ট কিছুমানৰ অতৃপ্ত
আত্মাবোৰ ঘূৰি ফুৰে।
 কিবা হলে ছিনিয়ৰে
সঁকিয়াই নিদিলে বুলি বদনাম কৰি ফুৰিবি যে সেই কাৰণেহে ৰৈছোঁ
, নহলে তোৰ যিয়েই হওক মোৰ কি আহে যায়?…”

    তেতিয়ালৈ তোমাৰ কথাত মোৰ খং নুঠা হৈছিল। মনে
খুব হাঁহিছিলোঁ।
 অভিনয় যে এক্কেবাৰে বেয়া আছিল তোমাৰএকদম থাৰ্ড গ্রেড। তুমি হয়তো
নাজানা তোমাৰ চকুযুৰিত ঢৌ খেলি থকা আৱেগবোৰ হাজাৰ অভিনয়েও লুকুৱাব নোৱাৰে।
 

    তুমি কবা নে মই? মই ক’ম নে তুমি?…
প্রস্তাৱনাৰ অপেক্ষাত সময়বোৰ সৰকি গৈ আছিল।
 আৰু
এখোজ দিলেই য’ত প্রাপ্তি আছিল
, যি সময়ত এটি মাত্র স্বীকাৰোক্তিৰ
অন্তত আমাৰ কাংক্ষিত সপোনবোৰে আমালৈ অপেক্ষা কৰি আছিল সেই সময়ত এজনে আনজনৰ মুখলৈ
চাই আমি মাথোঁ আমাৰ যাত্রাটো উপভোগ কৰি আছিলোঁ।
 অভিমান নে অহংকাৰৰ, সংকোচ নে ইগ’ নামৰ এঠাবোৰে
মুখবোৰ বান্ধি ৰখাৰ সময়তো কিন্তু অবাধ্য মনেৰে বিচাৰিছিলোঁ আমি দুয়ো দুয়োৰে
সান্নিধ্য।
 জানো, মোৰ দৰে তুমিও
বুজিছিলা তিক্ত শেলহেন শব্দবোৰৰ মাজতো মৰম আছিল
, দেখা দেখি হ’লেই
মূৰ দাঙি উঠা কাজিয়াবোৰ আচলতে আমাৰ কাম্যই আছিল।

    তুমি জানো বুজা নাছিলা তুমি ভাল পোৱা বাবেই যে মই নীলা পিন্ধিছিলোঁ, বৈ যাবলৈ দিছিলোঁ ঘন ক’লা চুলিটাৰি !! তুমি বেয়া পোৱা বাবেই মই মোৰ অতিকে প্রিয় ৰঙা ৰঙৰ শ্লিভলেছ কাপোৰযোৰ
পিন্ধাই বাদ দিছিলোঁ
, তুমি অকলশৰীয়া হৈ পৰা বাবেই কিমানদিন
ধৰি ঘৰলৈকে যোৱা নাছিলোঁ
, লেৱৰেটৰীৰৰ কামবোৰ অজুহাতহে আছিল
মাথোঁ।
তোমাৰ ওপজা দিনত যে মই
উপবাসে থাকি মন্দিৰলৈ গৈছিলোঁ
, সিদিনা মোক তুমিয়েই জোকাইছিলা
“আজি নাস্তিকে কেনেকৈ চিনি পালে ঈশ্বৰৰ ঘৰৰ বাট”
, তোমাৰ জানো
মনত নাই
?

    শূন্য শ্রেণীকোঠাত, দীঘল চেঁচা কৰিড’ৰবোৰত,
কেম্পাছৰ চম্পাকেইজোপাৰ তলত (আমি যে সেইেকইজোপাকে কৃষ্ণচূড়া
বুলিছিলোঁ
), নতুবা গধূলিবেলা নিয়ন লাইটৰ ঢিমিকঢামাক পোহৰেৰে নিসংগ বাটবোৰত খোজ গণি আগুৱাই থকাৰ সময়ত, যেতিয়া মাথোঁ আমাৰ দুয়োৰে ছাঁবোৰ দীঘল হৈ ৰৈ আছিল ঠিক তেতিয়াই ভাবিছিলোঁ… আজি, আজিয়েই উন্মুক্ত হওক আমাৰ হিয়া, বান্ধবোৰ খোল খাওক, বৰফবোৰ গলি পমি পানী হৈ পৰক।
..

    আৰু তুমি? তুমি জানো ভবা নাছিলা সেই একেবোৰ
কথাকে
?… অনাহক ৰুক্ষতা, কর্তত্বসূচক
আদেশবোৰ আৰু সংগতিবিহীন আবোল
তাবোলবোৰনো তেন্তে কি আছিল?… মোৰ অসুস্থতাত যে তোমাৰ চকুহালি নিস্তেজ হৈছিল, মোৰ
অৱর্তমানত তুমি যে অস্থিৰ হৈ উঠিছিলা
, কি আছিল সেইবোৰ?..আৰু সেই সপোনটো?

    তথাপি নুবুজিলোঁ কিহৰ বাধ্যবাধকতাই মূক কৰি ৰাখিছিল তোমাক! কিহে আউল লগাইছিল প্রসাৰিত হব খোজা খোজৰ ছন্দ ?…ইমানো  জানো কঠিন আছিল তিনিটা শব্দৰ এটি স্বীকাৰোক্তি?…  মই তোক ভালপাওঁ”।

    প্রশ্নবোৰ শেষ হোৱা নাছিল কেতিয়াও। তোমাৰ
দ্বাৰা উপেক্ষিত হোৱা মোৰ মনৰ প্র্রশ্নবোৰ গোট মাৰি এদিন অভিমান হৈ পৰিছিল
, খুৱ কঠিন, অভেদ্য। আৰু
চাগে অলপ অহংকাৰীও হৈ উঠিছিলোঁ মই।
 মইতো বিচৰা নাছিলোঁ মাথো একপক্ষীয়  আব্দাৰ … মইতো বিচৰা নাছিলোঁ যে মাথো
কল্পনাৰ খনিকৰেই হৈ ৰোৱাঁ তুমি।

    নিজৰ মৰমৰ লেবটো, কনিকেল ফ্লাস্কৰ ৰেকবোৰ,
ইনক্যুবেটৰত পালিত অণুজীৱৰে ভৰি থকা জাপ জাপ পেট্রিডিক্সবোৰ আৰু মোটা মোটা মাইক্র’বায়’ল’জিৰ
কিতাপবোৰৰ মোহ এৰি সেয়েহে মই এদিন গুচি যোৱাৰ সিদ্ধান্ত লৈছিলোঁ… তোমাৰ পৰা বহু দূৰলৈ।
 মোৰ
কল্পনাৰ খনিকৰৰ কোনো কল্পনাই ঢুকি পাব পৰা দুৰত্বতকৈও বহু দূৰ।
 পাকৈত
কাহিনীকাৰৰ দৰে সাজি লৈছিলোঁ এক কল্পিত কাহিনী।
 নিমিষতে ক’ৰ পৰা জানো সাজি উলিয়াইছিলোঁ এটি কল্পিত নাম, স্বপ্নিলমোৰ হ’ব ল’গা স্বামীৰ নাম! সেইদিনা খুৱ কষ্টৰে অথচ নিখুঁতভাৱে সাধু এটাৰ সৃষ্টি হৈছিল। মোৰো, তোমাৰো।আৰু আমি দুয়ো শুনি গৈছিলোঁ, ভাৱলেশহীন হৈ। তোমাৰ সেই
নিৰাৱেগ চাৱনিয়ে সেইদিনা মোক বেছি জেদী কৰি তুলিছিল জানা।

    তাৰ পাছত, একলব্য হৈ মই মাথো সাধনা কৰিলোঁ এটি
সপোনৰ।
 ঠিক তুমি দেখা সপোনটোৰ দৰেই এখন পাহাৰীয়া 
সৰু টাউনত ঠিকনা এটি গঢ়ি ললোঁ।
 অকলশৰে। তোমাৰ
পৰা এলাগী হৈ।
 দুষ্ট সময়ৰ অভিশাপত লাহে লাহে কাঁইটীয়া
গোলাপৰ লতা কিছুমানে মোক
, মোৰ জীৱনক মেৰিয়াই ধৰিলেহি। ভিতৰৰ
সপোনটোৱে পিছে উশাহ ল
বলৈ এৰি দিয়া নাছিল তেতিয়াও। নিদ্রায়িত আছিল মাথোঁ, শ্লিপিং বিউটিৰ সেই ৰাজকুমাৰীজনীৰ দৰে। সেইদিন
ধৰি অভিমানবোৰ একাষৰীয়াকৈ থৈ দিলোঁ কেৱল তোমাৰ বাবেই।
 অপেক্ষাবোৰে দিনে দিনে মোৰ মনটোক দৃঢ় কৰিলে। জীৱন
এটি জীয়াই থাকিবলৈ প্রিয়জনৰ স্মৃতিয়েই পর্যাপ্ত নহয় জানো
?…

    ভালে থাকাঁ অনিৰুদ্ধ। তোমাৰ
সান্নিধ্যৰ পৰা বহু নিলগত এয়া চোৱাঁ তোমাৰ সপোনৰ স
তেই জীয়াই আছো মই।

* * *

অভিনয়…

 

ঘর ভরা দুপূর

আমার একলা থাকার সুর,

রোদ গাইতো আমি ভাবতাম

তুমি কোথাই কতদূর।

আমার একলা আকাশ থমকে গেছে

রাতের স্রোতে ভেসে..শুধু

 

    পাহাৰৰ আপেল গছবোৰ ফুলিছে। থোপাথোপে
ফুলি থকা পাতল গুলপীয়া ফুলৰ পাপৰিত চাগে পুৱাৰ শিশু ৰ’দজাকে আহি জিৰণি লৈছেহি।
 ওৰে নিশা ঠেৰেঙা লগা জাৰত জুপুকা মাৰি থকা কোমল
পাপৰিবোৰে সদ্যোজাত ৰ’দজাকৰ উমাল পৰশত গা টঙাইছে।
 চঞ্চল বতাহজাকৰ স’তে  বোৱাই দিছে সিহঁতৰ
এধানমান মনপৰশা সুৱাস।
 খোলা খিৰিকীৰে
সোমাই অহা সেই সুৱাসত অনিৰুদ্ধৰ তন্দ্রা ভাগিল।
 দুমহলীয়া কাঠৰ ঘৰটোৰ ওপৰ মহলত থকা খিৰিকীখনৰ ঠিক তলতে থকা বিছনাখনত অনিৰুদ্ধ শুই
আছে।
 শুই আছে মানে আচলতে আধা সপোন আধা দিঠকৰ সেই মায়াময় অদৃশ্য ৰেখাডালৰ মাজত ওলমি আছে। ৰাতি
ৰাতি খাবলগীয়া খুব ষ্ট্ৰং ছিদেটিভ মেডিচিনবোৰৰ এফেক্ট এয়া।
 ওৰে
নিশা এবাৰলৈও সাৰ নোপোৱাকৈ খুব শান্তিত শোৱাৰ পাছত অনিৰুদ্ধই এতিয়া যথেষ্ট ফ্রেশ্ব
ফিল কৰিছে যদিও অলসতা আৰু দুর্বল দেহৰ মাংসপেশীয়ে অহৰহ কৰি থকা অসহযোগিতাৰ বাবে সি
বিছনাৰ পৰা উঠি আহিব পৰা নাই।
 চকু মুদি পৰি
থাকিয়েই সি শুনিছে তলৰ বাৰাণ্ডাৰ পৰা ভাঁহি অহা সেই হৃদয়ভেদী গানৰ কলিবোৰ…।

    জাপ খাই থকা চকুপতাৰ অন্ধকাৰৰ মাজেৰে সি এবাৰ তাৰ পুৰণি
ডায়েৰীৰ পৃষ্ঠাবোৰ লুটিয়াই চালে।
 কিমান বছৰ হ
জানো
? …দহ বছৰ? নতুবা চাগে তাতোকৈ অলপ বেছিয়েই। ঠায়ে
ঠায়ে পাতবোৰ হালধীয়া হৈ উঁৱলি পৰিছে ঠিক তাৰ দেহটোৰ দৰেই।
 শব্দবোৰ ক্রমান্বয়ে ধূসৰ হৈ পৰিছে, পিছে সোঁৱৰণিৰ সেই
অনুৰাগ ম্লান পৰা নাই এতিয়াও।

    “……কি যে ভৰুণ আছিল সময়বোৰতাইৰ
এটি মাথোঁ স্পর্শৰ আকুলতাই মোহাচ্ছন্ন কৰি ৰাখিছিল মোৰ প্রতিটো ক্ষণ।
 মনে প্রাণে আশা কৰিছিলোঁ মোৰ শৰীৰত প্রৱেশ কৰা
প্রতিটো উশাহে কঢ়িয়াই আনক তাইৰ মেঘালী চুলিৰ কেতেকী কেতেকী গোন্ধ
, নতুবা নিশ্বাসৰ কুহুমীয়াত বৰফ গলাদি টোপ টোপকৈ সৰি পৰক দুটি প্রাণৰ মাজৰ
অদৃশ্য সংকোচৰ আৱৰণ।
 নিৰৱ দুপৰ এটিত
এল টাইপৰ হোষ্টেলটোৰ দীঘলীয়া খালী বাৰাণ্ডাত টিনৰ চকী এখনত হেলান দি বন্ধ চকুপতাত
তাইৰ মায়াবী ছবি এখন আঁৰি লৈ ঘণ্টাৰ পাছত ঘণ্টা ধৰি যে চকু মুদি বহি আছিলোঁ
, সঁচাকৈয়ে যাদুময় হৈ পৰিছিল সেই প্রতিদণ্ড সময়

    প্রথম চিনাকিৰ দিনৰ পৰাই মই সেই নামৰ প্রেমত পৰিছিলোঁ.হিমাঞ্জলি… হিমাঞ্জলি… আঃ !
কি যে এক শান্ত … শীতল, প্রশান্তিময়
অনুভুতি আছিল সেই নাম
!

তাইৰ সেই উজ্জ্বল চকুহালত কি যে এক অবুজ আৱেদন আছিল,
সেই সান্নিধ্যত পুণৰ বাঙ্ময় হৈ পৰিছিল মোৰ মৰুময় সময়।
 নতুনকৈ শব্দৰ প্রেমত পৰিছিলোঁ মই। শব্দৰ পলসে সেউজীয়া, মাথোঁ সেউজীয়া কৰি তুলিছিল পাৰাপাৰহীন মোৰ বুকুৰ দিগন্ত। দিনটো
লেৱৰেটৰীৰ কৰিড
ৰত মিহি মিহিকৈ বাজি থকা তাইৰ নুপূৰৰ জুনক-জানাক ধ্বনিবোৰ ৰাতি আহি
মোৰ ডায়েৰীৰ পৃষ্ঠাত শব্দ হৈ বহি লৈছিলহি।
 সেই শব্দৰ
ঝংকাৰত যেন হুৰহুৰাই নামি আহিছিল এক আকাশ ঘন নীলা
যি নীলাই ভৰাই
তুলিছিল বহুদিন ধৰি উকা হৈ পৰি থকা মোৰ হৃদয়ৰ পৃষ্ঠা।

    ব নোৱাৰাকৈয়ে মই সপোন এটি দেখা আৰম্ভ কৰিছিলোঁ। এখন ওখ
পাহাৰ
… খুব ওখ… তাৰ ওপৰত এটি সৰু কাঠৰ ঘৰ।…পাইন
গছৰ বতাহত দুলি থকা হালধীয়া পর্দাবোৰ… সৰু বাৰাণ্ডাখনত… 
তাত বহি সন্মুখৰ শুভ্র আকাশ আৰু দূৰৰ পাহাৰবোৰলৈ একান্ত মনে চাই আছোঁ মই আৰু মোৰ নিচেই কাষতে সেয়া মোৰ উশাহৰ আশ্রয়
হিমাঞ্জলি 
!

     মুখ খুলি কৈ দিব
নোৱাৰাখিনিৰ বাবে এখন ডায়েৰী আৰু এজাক শব্দ
..কিমান যে সকাহ …!

    তায়ো বাৰু উমান পাইছিল নেকি মোৰ মনৰ ধুমুহাৰ। কেনেবাকৈ জানিছিল নেকি বাৰু তাইৰ নামত প্রতিনিশা চলা অনুভৱৰ অনুশীলন। এবাৰলৈও তাই অনুভৱ কৰা নাছিলনে মোৰ মনৰ খবৰ! বুজা নাছিল জানো অব্যক্ত প্রেমৰ আস্ফালনত
যে প্রতিদিনে আহত হৈছিল এটি আকলুৱা মন
!
শেষত বহু সাহসিক কুছকাবাজৰ অন্তত যিদিনা প্রথমবাৰৰ বাবে উদঙাই দেখুওৱাৰ
কথা আছিল মোৰ মনৰ প্রতিটো কোন সেইদিনাই অনুভৱ কৰিছিলো মোৰ অভ্যন্তৰত এক অসহ্য বিষ।

    তাৰ পিছত কি হ’ল জানা হিমাঞ্জলি? আমি লিখিম বুলি ভাৱি থকা কাহিনীবোৰ নিয়তিৰ চাগে পছন্দ নহ’ল। সিদিনা
ৰেষ্টোৰাঁখনৰ কফি টেবুলত মোৰ সপোনটোৰ কথা মুকলিকৈ তোমাৰ আগত ক
ম বুলি ভাৱি থাকোঁতেই
মোৰ হাতত পৰিলহি মোৰ ব্লাড ৰিপ
র্টবোৰ। ...বহুদিন ধৰি ভুগি থকা অসহ্য
বিষটোৱে কাবু কৰি থকা বাবে ডক্তৰৰ পৰামৰ্শ মতে
একেলগে কেইবাটাও টেষ্ট কৰাই পেলাইছিলোঁ।
 প্রার্থনা কৰিছিলোঁ অহৰহ… পিছে আৰু ডাক্তৰৰ সন্দেহ আৰু মোৰ ভয়ক
শুদ্ধ প্রতিপন্ন কৰি মোৰ ৰিপ
র্টে কঢ়িয়াই আনিলে সেই অমানিশা…

    কেঞ্চাৰ।

    লগে সলনি হল জীৱনৰ ষ্টপেজবোৰ। প্রথম
ষ্টেজ
,
দ্বিতীয় ষ্টেজ, … মেডিচিন…কেম’থেৰাপি… ইমানবোৰ নতুন শব্দৰ আস্ফালনত নিৰৱ হৈ পৰিল মোৰ বুকুৰ শব্দবোৰ।
 তাৰ মাজতে জানা তোমাক হেৰুৱাৰ ভয়টোৱেই ঘূণপোক
হৈ মোৰ বুকুখন কুটি কুটি খাইছিল প্রতিপল।
 ইমানখিনিৰ পাছতো আৰু অভিনয়ৰ বাহিৰে আছিল জানো অন্য পথ? মই ৰচা সপোনটোৰ পৰা তোমাক বিচ্ছিন্ন কৰিবলৈ কৰা
ৰুক্ষতাৰ অভিনয়বোৰে কিমান কষ্ট দিছিল মোক জানা
?… অনুভৱো
কৰিব পাৰানে
?… প্রতিদিনে প্রতিনিশাই প্রতিমুহূর্তত বহু
হেজাৰ বাৰ মৰিছিলো মই।
 তোমাৰ পৰা
নহয়, মই মোৰ পৰা পলায়নৰ বাট বিচাৰি
হাবাথুৰি খাইছিলোঁ।
 আৰু এদিন সেই আখৰাক নাট্যৰূপ দিয়াৰ সময় আহি পৰিছিল। পাকৈত
কাহিনীকাৰৰ দৰে নাম এটি সাজি উলিয়াইছিলো ময়ো ঠিক তোমাৰ দৰেই
… কৃষ্ণাক্ষি, মোৰ হবলগীয়া
পত্নীৰ নাম
, যাক ইমানদিনে মই মোৰ সপোনত কঢ়িয়াই ফুৰিছিলোঁ।
 বিদেশলৈ যোৱাৰ আগমুহূর্তত যাক মই আপোন কৰি লোৱাৰ কথা। সেইদিনা
তুমি মোৰ চকুত চকু থৈ কথা কোৱা নাছিলা।
 স্বপ্নিল নামৰ কাহিনী এটা সাজি সাজিয়েই ওলাই
অহা চকুপানীখিনি ঢাকি ৰাখিবলৈ সন্ধিয়াৰ আঁঠ বজাতো যে তুমি ক’লা গগ’লছযোৰ পিন্ধি
লৈছিলা।

    সকলো পাহৰিবলৈ চেষ্টা কৰাৰ পাছতো আমাৰ যুগ্ম সপোনটোৱেইটো
আছিল একমাত্র সকাহ।
 তোমাৰ স্মৃতিৰ সতে
কেইদিনমানৰ বাবে হ
লেও সেই সপোনৰ সতে
জীয়াই থাকিম বুলিয়েই তাৰ পাছতেই মই গুচি আহিছিলো পাহাৰীয়া এই সৰু চহৰখনলৈ।

ভালে থাকা হিমা…। মোৰ
দুৰ্ভাগ্যৰ অমানিশাই
স্তিমিত কৰিব নোৱাৰাকৈ কুশলে থাকক তোমাৰ উজ্জ্বল ভৱিষ্যত। 

গাৰ্ছ পার্কত এটি 
সন্ধিয়া …

 

    জীৱনে উপহাস কৰাৰ পাছত অনিৰুদ্ধৰ ওচৰত তাৰ ঘাতক বেমাৰটো
আৰু হিমাঞ্জলিৰ স্মৃতিৰ বাহিৰে নিজৰ বুলিবলৈ আন একোৱেই নাথাকে।
 চিকিৎসাবিজ্ঞানে বান্ধি দিয়া সময়সীমাত আৱদ্ধ হৈ পৰে তাৰ জীৱনৰ দৈর্ঘ্য। কেইবাটাও অপাৰেশ্যন, অলেখ মেডিচিন আৰু কেমথেৰাপিৰ পাছত খুব বেছি দহ বছৰৰ আয়ুস লৈ পৰিয়াল-পৰিজনৰ পৰা আঁতৰি আহি
পাহাৰীয়া এই সৰু ঠাইখনত মৃত্যুৰ বাবে অপেক্ষা
কৰেহি অনিৰুদ্ধই।
 সময় নিজৰ গতিত গৈ আছিল তেনেকৈয়েই।পিছে
সিমানতে অন্ত হোৱা নাছিল কাহিনী।
 নিয়তিয়ে হয়তো
সিহঁতৰ বাবে সাঁচি ৰাখিছিল আৰু কিছু নভবা সময়ৰ দলিল।
মৃত্যুৰ বাহিৰে আন একোৱেই ঈপ্সিত নথকাৰ
সময়বোৰতে জ
গাৰ্ছ পার্কৰ সেই আবেলিটো সিহঁত দুয়োৰে বাবেই আছিল চৰম আশ্বর্যকৰ সময়। কেইবছৰমানৰ আগেয়ে অসমাপ্ত হৈ ৰোৱা এটি
আধৰুৱা অধ্যায় সাৰ পাই উঠিছিল হঠাৎ।

    নিয়মিত খোজ কাঢ়িবলৈ আহি অনিৰুদ্ধ সদায় বহা বেঞ্চখনত বহি
থকাৰ সময়তে সেই একেখন বেঞ্চৰ আনটো মুৰত আহি বহিছিলহি হিমাঞ্জলি।
 অপ্রত্যাশিত… শ্বর্যকৰ… নে নিয়তিৰ পৰিহাস আছিল সেয়া…। বহু সময় ধৰি মূক
হৈ বহি আছিল দুয়ো।
 সুখ নে আনন্দ… হাঁহি নে কান্দোন… খং নে অভিমান… ঠিৰাং কৰিব নোৱাৰা সময়খিনিত দুয়ো দুয়োকে সাবটি ধৰি হুকহুকাই মাথোঁ কান্দিছিল। কিমান সময়?… নাই কিছুমান সময়ত সময়ৰ হিচাপ ৰখা নাযায়।

    ইয়াত যে তই
অকলশৰে
?..

    : ঠিক সেই কথাটোকে ময়ো তোমাক সুধিব পাৰোঁ অনিৰুদ্ধ… তোমাৰ পৰিয়াল?… কি নাম আছিল?..কৃষ্ণাক্ষি ন?… কি খবৰ কৃষ্ণাক্ষিৰ,  মানে তোমাৰ পত্নীৰ? ভালনে?

    : ওঁ, ভালেই। আৰু স্বপ্নিলৰ কেনে?… তোৰ মানুহটোও চাগে তোৰ দৰেই বুঢ়া হৈ গ’ল ন?…

    কিছু সময়ৰ বাবে আকৌ অভিনয়। দহ বছৰ
আগৰ কল্পিত নায়ক
নায়িকাবোৰ আকৌ এবাৰ যেন সাৰ পাই উঠিল।..কৃষ্ণাক্ষি, স্বপ্নিল। বহু সময়
ধৰি সিহঁতে দুয়ো দুয়োক সাধুকথা ক’লে।
 পিছে
সেইদিনা সিহঁত সাৰি নগ
ল। আখৰাবিহীন দুর্বল অভিনয়ৰ বাবে দুয়ো দুয়োৰে ওচৰত খুব বেয়াকৈ ধৰা পৰি গল সেইদিনা।

    অস্তমিত সুৰুযৰ হেঙুলীয়াখিনি গালে-মুখে সানি লৈ বহু সময় সিহঁত তেনেদৰে বহি থাকিল। তেতিয়ালৈ জগার্ছ পার্কত ব্যস্ততা কমি আহিছিল, লাহে লাহে নিটাল
মাৰি আহিছিল চৌপাশৰ কোলাহল।
 
পাহাৰীয়া সৰু চহৰখনে খুব খৰখেদাকৈ যেন দিনটোৰ সামৰণি মৰা আৰম্ভ কৰিছিল। চাৰিওফালে জগার্ছ পার্কৰ নিয়ন লাইটবোৰ জ্বলি উঠিছিল। 

    : অনিৰুদ্ধ, তোমাৰ দৰেই অস্তমিত
সুৰুয আজিকালি মোৰো প্রিয়।
 কিয় জানা? অস্তমিত মানেই যে শেষ নহয়, আন্ধাৰৰো যে থাকে এক
সুকীয়া আমেজ।
 আচলতে কোনো বস্তুৰে শেষ নাই জানা। প্রত্যেকটো অন্তৰ পৰাইতো হয় এক নতুনৰ
আৰম্ভ
ণি।

    : ৰাতি বহুখিনি হ’ল, আহ ঘৰলৈ যাওঁ। 


অপেক্ষা …

বাৰাণ্ডাৰ পৰা উঠি আহি হিমাঞ্জলি অনিৰুদ্ধৰ বিছনাখনৰ কাষতে বহে। নিঃসাৰ হৈ বিছনাত চকু মুদি থকা তাইৰ প্রিয়তম সেয়া। অনিৰুদ্ধৰ প্রায় ৰক্তহীন মুখখন লাহে লাহে শেঁতা হৈ আহিছে। সেই
শুকান দেহটোৰ ওপৰত উপ
ৰ্যুপৰি চলা কেমথেৰাপিৰ
র্চবোৰ, অনিৰুদ্ধক এটি এটি উশাহ দান দিয়া কাঢ়া মেডিচিনবোৰ… বিষবোৰ… এই সকলোৱে মিলি তাইৰ মৰমৰ অনিৰুদ্ধক নিঃশেষ কৰি আনিছে ক্রমান্বয়ে। চকুৰ গুৰিত যেন
দুটা ক
লা গহ্বৰ নিস্তেজ মুখমণ্ডলত বিৱর্ণ হৈ পৰা ওঠদুটি
শুকান
… খুব শুকান। অলপ অমৃত সুধাৰ
বৰষুণ হোৱাহ
লে! …অনিৰুদ্ধৰ বাবে, সিহঁত
দুয়োৰে বাবে
! নিয়তিৰ পৰা আৰু অলপ সময় পোৱাহ
লেঅলপ জীৱন পোৱাহলে!!!

    অনিৰুদ্ধৰ সময় বৰ কম। আঙুলিৰ
মুৰত হিচাপ কৰিব পৰাকৈ বাকী আছে তাৰ আয়ুস।
 লাহে লাহে তৰাং হৈ আহিছে তাৰ উশাহৰ ঘনত্ব। হঠাৎ অনিৰুদ্ধৰ
দুর্বল হাতখন খামুচি হিমাঞ্জলি উচুপি উঠিল।

    : স্‌ হিমা! শোৱা নাই তই ? অলপ ৰেষ্ট লগৈ যা। আৰু
এতিয়া গোটেই ৰাতি মোৰ বাবে সাৰে থকাৰ অর্থ কি
 ? ইমান
সোনকালে তোক এৰি গুচি যাম বুলি ভাবিছ 
?…

    : কিমান ভাল পাইছিলা মোক? ইমান
বছৰে মোৰ অবিহনে কেনেকৈ আছিলা বাৰু অনি
? ভাবিছিলানে আমি
যে এদিন এনেকৈ ল’গ হ’ম
?

    : চুলিখিনি তোৰ ঠায়ে ঠায়ে বগা হৈ পৰিল। ভাল
বুঢ়ীজনী হৈ গ’লি।
... সেই হেয়াৰ ডাই নে কি সেইবোৰকে নো নলগাৱ
কিয় 
?

    : সেয়া মোৰ প্রশ্নৰ উত্তৰ নহয় অনি।  সেই একেই আছা নহয় এতিয়াও?…

     : আৰু তই কি ?
… ‘অৱশেষত সোমালি নহয়নে … মোৰ সপোনৰ আমিটোত বেদলকাৰী হৈ তই সোমাইহে এৰিলি।

    চকুৰ পানীবোৰ মচি লৈ হিমাঞ্জলিয়ে হাঁহে। অলপ
ডাঙৰকৈয়ে।

    অনিৰুদ্ধয়ো হাঁহে। হিমাঞ্জলিয়ে বুজে, খুব কষ্টকৈ হাঁহিছে সি… আনকি
কথাখিনি ক
ওঁতেও খুব কষ্ট হৈছে তাৰ।
অনিৰুদ্ধৰ কষ্ট দেখিলে হিমাঞ্জলিৰ বুকুখনত গোজ মাৰি বহি থকা পুৰণি শিলছটা লাহে
লাহে গধুৰ হৈ আহে।
 কিবা এক ভয়ংকৰ শূন্যতাৰ ভয়ে তাইৰ বুকুখন দহি থাকে অহৰহ।

    … ‘আমাৰ একলা আকাশ থমকে গেছে….

    রাতেৰ স্রোতে ভেসে,

    শুধু তোমায় ভালবেসে

    তলৰ মহলাত তেতিয়াও বাজি থাকে সেই প্রাণময় সুৰ। অনিৰুদ্ধৰ বুকুত লাহেকৈ মূৰটো থৈ হিমাঞ্জলি খুব সাধানে তাৰ ওচৰতে কুচি মুচি শুই পৰে। অনিৰুদ্ধৰ গাটো লাহে লাহে বেছিকৈ বেয়া হৈ আহিছে। কিছুদিনৰ পৰা একেৰাহে বহু সময় ধৰি তাই শুব পৰা নাই। তাইৰ
চকুৰ গুৰিতো স্পষ্ট ভাগৰৰ ক
 ?লা আৱেশ। অনিৰুদ্ধৰ বুকুৰ নির্ভয় উমত চকুহালি লাহে লাহে জাপ খাই আহে তাইৰ। অনিৰুদ্ধয়ো  অনুভৱ কৰে তাইৰ কুহুমীয়া
নিশ্বাস।
 দীঘলকৈ উশাহ এটি উজাই লৈ
সি চকুহাল মুদি দিয়ে।
 অনিৰুদ্ধৰ কপি
থকা হাতখন হিমাঞ্জলিৰ চুলিৰ মাজে মাজে ঘুৰি ফুৰে।
 খুব গোপনে অনিৰুদ্ধৰ দুগালেদি বৈ আহে দুধাৰ অবাধ্য চকুপানী।

    তপত… খুব তপত।


ঠিকনা :
Electronic city phase 1
Bangalore.
Phone: 9599962004