গজেন মিলি

জোনে সদায় গা ধোৱে

বেলিৰ কুহুমীয়া নৈত

জোনৰ ঘাম সৰে ৰাতি

নিতৌ নিশা ঘামত তিতি

ঘাঁহ-বনে পৃথিৱীৰ মৰম বিচাৰি গেঁৰ ধৰে

ফুল-ফল ধৰি নদন বদন হয়

সপোনৰ আলিঙ্গনত

আমাৰো তৃষ্ণাই সাঁতোৰে ঘামৰ নৈত 

 দৈবাৎ এহালি গঙা চিলনী হৈ