পাৰ্থবিজয় দত্তৰ জীৱনবীক্ষা আৰু গল্পজগত : এটি আলোকপাত

 ৰুদ্ৰ
সিংহ মটক


“সাহিত্য কি? 

নিৰৱচ্ছিন্নতাৰ মাজেদি শিপাৰ সন্ধান?

তৃতীয় নেত্রেৰে দেশ
মানুহ অৰণ্য আকাশৰ আৱাহন…
?” (পাৰ্থ বিজয় দত্ত)


জোনাকী”-ৰ যোগেদি আধুনিক সাহিত্যৰ এটি বিশিষ্ট কলাৰূপ হিচাপে মননশীল পাঠকৰ মনোযোগ আকৰ্ষণ
কৰা অসমীয়া চুটিগল্পই পিছ
লৈ আবাহন’-ৰ পাতত এক বিস্তৃত আয়তন লাভ কৰে৷ আবাহনৰ যুগতে ই আংগিক আৰু কথনশৈলী, বিষয়বস্তু আৰু
প্ৰেক্ষাপট প্ৰকৰণৰ নতুনত্ব
, অৰ্থগৰিমা আৰু বিচিত্ৰ ধাৰাৰ সূচনা চুটিগল্প হৈ পৰিল অসমীয়া সাহিত্য জগতৰ বহু পঠিত বহু
চিত্তাকৰ্ষক এটি জনপ্ৰিয় শিল্প মাধ্যম ৷ অতি সাম্প্ৰতিক কালছোৱাত ডাঃ অপূৰ্ব
কুমাৰ বৰা আদি প্ৰবীণ-নবীন প্ৰতিভাশালী বহুকেইজন গল্পকাৰ পৰম্পৰাগত কাহিনীৰ
প্ৰচলিত ধাৰাৰপৰা আঁতৰি আহিছে৷ তেওঁলোকে যেন অনুবীক্ষণিক জীৱনদৃষ্টিৰে প্ৰৱেশ
কৰিছে স্বপ্ন-দু:স্বপ্ন
, হতাশা-বিষাদগ্ৰস্ততা, অন্তৰ্দৃন্দ্ব জৰ্জৰিত বিংশ শতাব্দীৰ মানুহৰ জটিল অন্তৰ্জগতত৷ অসমীয়া
চুটিগল্পক অস্থিৰ
, অসহায় আধুনিক মানুহৰ অন্তৰ্বাস্তৱৰ
ম্মৰিত ছৱিৰে তেওঁলোকে দান কৰিছে আঙ্গিকহীন নতুন আঙ্গিক
, বৈচিত্ৰ
আৰু পৰিধিহীন বিশাল আয়তন৷

নতুন অথচ সজীৱ
কথাশৈলী
,
স্থান আৰু কাল নিৰপেক্ষ চিৰন্তন জীৱনসত্য আৰু মানবীয়তাৰ আৰ্তিৰে
প্ৰোজ্বল
, মনোগ্ৰাহী গল্পৰ সষ্টা, প্ৰচুৰ
প্ৰতিশ্ৰুতি সম্পন্ন লেখক পাৰ্থবিজয় দত্তক
, আমাৰে দুৰ্ভাগ্য
আমি অকালতে হেৰুৱাব লগা হল৷ স্কুল
ঘাইকৈ দিল্লীৰ কলেজীয়া দিনবোৰতে তেওঁ অকণিহঁতৰ বাবে বহু সুন্দৰ
, মনোগ্ৰাহী গল্প (গীত আৰু তাৰ অচিন পৃথিৱী, প্ৰথম
প্রকাশ
, ২০১৪) লেখিছিল৷ তাহানিৰ সেই গল্পবোৰতে সূক্ষ্ম
কল্পনা আৰু প্ৰচুৰ সৃষ্টিশীলতাৰ আগজাননী দিবলৈ সক্ষম হৈছিল কথাশিল্পীজনে৷ কিন্তু
অনুশীলন আৰু সম্পৰীক্ষা ই তেওঁৰ গল্পৰ ফৰ্ম আৰু কথনশৈলীলৈ আনে আকৰ্ষণীয় পৰিবৰ্তন
আৰু অভিন
ৱত্ব ৷ মাথো দুবছৰৰ ভিতৰতে তিনিটাকৈ সংস্কৰণ প্ৰকাশ
পোৱা “দূৰৈৰ ঘন্টাধ্বনি”ৰ (ফেব্ৰু
ৱাৰি-২০১৯) প্ৰাক-কথনত নিজৰ
গল্পৰ বৈশিষ্ট্য সন্দৰ্ভত এনেদৰে কৈছে –
মোৰ গল্পবোৰ এনে
কিছুমান অপৰিকল্পিত কথন
, যি ক
নোৱৰাকৈয়ে মোৰ মনৰ জগতখনক ছাঁ-পোহৰাই থৈ গৈছে৷ তাৰ মাজেদি কাহিনীকথন নিশ্চিতৰূপেই
একক আৰু অন্তমুখী হোৱাই স্বাভা
ৱিক ৷ সমাজ-সময়ে দি যোৱা উঁহৰ
ভেদ ভঙাৰ কিছু প্ৰয়াস ঠায়ে ঠায়ে নথকা নহয়৷

মিচিং জনগোষ্ঠীৰ
পটভূমিত লেখিত দত্তৰ
পটভূমি (খণ্ডহৰ, ২০১৫)
এটা অতি সুন্দৰ মননশীল গল্প ইয়াত কাহিনীক্ৰমৰ আধাৰ হ

ধেমাজি জিলাৰ জ
নাইৰ সৰলচিতীয়া মিছিং মানুহখিনিৰ গ্ৰাম্য
জীৱন আৰু তেওঁলোকৰ বৰ্ণিল লোকসংস্কৃতি৷ মিচিং গাভৰু মেনকা আৰু চুচেন দৈনন্দিন
কৰ্মজীৱন
, তেওঁলোকৰ ৷ পাৰস্পৰিক প্ৰেম-ভালপোৱা, ভৱিষ্যতৰ আশা আৰু যুগ্মজীৱনৰ ৰঙীন স্বপ্নকে উপাদান হিচাপে লৈ গল্পৰ
কাহিনীভাগ আগবাঢ়িছে প্ৰাঞ্জল ভাষা
, চিত্ৰধৰ্মী বৰ্ণনাই গল্পৰ প্ৰকাশভঙ্গীক দিছে নতুন ৰস, ব্যঞ্জনা
আৰু অ্থবৈভৱ৷
পুহৰ পথাৰখন হিমত ভিজিছে৷ নৰাৰ খোজবোৰ থিয়দঙা
দি উন্মুক্ত আকাশখনলৈকে ধিয়াইছে৷ আকাশলৈ সন্ধিয়া নামিছে ৷ পাহাৰটোৰ নামনিৰ
গছবোৰত পখীৰ আৰাও ৷ মেনকাৰ এনে লাগিল যেন এইখন তাইৰ চিৰ চিনাকি পথাৰখন নহয়৷ আন্ধাৰ-পোহৰৰ
সমদলত ধানৰ গোজবোৰ এখন সমুদ্ৰৰ ৰূপ পাইছে৷ সিহঁতৰ পথাৰখন যিহে ডাঙৰ
, মেনকাৰ এনে লাগিল এইখন সমুদ্ৰ নহয়, মহাসমুদ্ৰই হব৷ এই মহাসমুদ্ৰত মেনকাই অবগাহন কৰিলে৷ অতবছৰত এই প্ৰথমবাৰ ৷ভাবিব নোৱাৰাকৈ সজীৱ, কাব্যময় কথ্যভযাৰ এনে অৰ্বাচীন
যাদুৰে কথাশিল্পীজনে যেন গোটেই কাহিনীটোকে প্ৰদান কৰিছে জীৱন-জগতৰ নতুন ৰং
,
হৃদয়পৰশা এক মায়াময় আবেশ৷

গল্পৰ বাবে
উপযুক্ত চৰিত্ৰ নিৰ্বাচনত তেওঁ যেনেকৈ গুৰুত্ব দিছে
, সেইদৰে বাস্তৱ
প্ৰয়োজনত সেই চৰিত্রবোৰৰ নিখুঁত চিত্ৰায়নতো অন্তদৃষ্টি আৰু কলা নৈপুণ্য ৰ পৰিচয়
দিছে৷ কুলাজান পঞ্চায়তৰ মেম্বাৰ অতুল মেদকৰ চুছেনৰ বেংকৰ লোনটো হ
ব বুলি কোৱাত চুছেনে বি. ডি. অক লগ ধৰিবলৈ যাব বুলি
মেনকাৰ মাকক  
নালে৷ এইটো
মেনকাৰ বাবে যেন এটা ডাঙৰ খবৰ৷
মেনকাৰ মনটো এক আশাই ঢৌৱাই গল৷ এইকণেইতো সম্বল৷ উল গুঠাৰ দৰে এনেবোৰ
সৰু-বৰ ভাবনাকে গুঠি গুঠিয়েইতো তাই গঢ়ি তুলিছে ভৱিষ্যতৰ পিৰামিড ৷
কাহিনীক্ৰম জু- ৰৈখিক হলেও
সৰল-সজীৱ
, বৈচিত্ৰভৰা আৰু সেয়ে আমাৰ মনোযোগ ধৰি ৰাখিব পৰাকৈ
বেচ প্ৰাণৱন্ত ৷ কথনভংগীৰ স্বকীয়তা আৰু চৰিত্র চিত্ৰণৰ বাবে প্ৰয়োজনীয় প্ৰসাৰিত
জীবনবোধ আৰু অন্তদৃষ্টি পাৰ্থৰ গল্পবোৰৰ মূল সম্পদ ৷ তেওঁৰ গল্পৰ কেনভাছ কোনো কোনো
গল্পকাৰৰ দৰে বিশেষ বিস্তৃত নহয়
, সেয়ে গাঁথনি আটিল৷ ভাৱৰ ঐক্যসূত্ৰ
বজাই ৰাখিব পৰা বাবেই তেওঁৰ পটভূমি’-ৰ আংগিক বেচ নিটোল৷ বিশ্বায়ন নামত তথাকথিত পৰিৰ্তনৰ ধামখুমীয়াত ক্ৰমে স্থবিৰ, সোলোক-ঢোলোক হব ধৰা গ্ৰাম্য জীৱন আৰু গ্ৰাম্য অৰ্থনীতিৰ পৰম্পৰা আৰু প্ৰমূল্যক
কাহিনীকাৰৰ সাহিত্যবীক্ষাই
পটভূমি
খামুচি ধৰাই নহয়
, সেয়া তেওঁ সামূহিক জীৱনৰ উন্নয়ন আৰু
ভৱিষ্যতৰ স্বাৰ্থত যেন নকৈ সঞ্জীবিত কৰিছে৷ ই হ
ল কলাৰ ভিচন,
 সৃজনীবীক্ষাৰ আত্মা ৷এই
দিশত আমাৰ বহু লেখক কিম্বা গল্পকাৰ যেন দুখলগাকৈ উদাসীন কিম্বা ব্যৰ্থ বুলি উল্লেখ
কৰি কথাশিল্পী পাৰ্থবিজয় দত্তই “যুক্তি বাস্তৱৰ ছাঁ-পোহৰত” গ্ৰন্থত এক প্ৰাসংগিক
মন্তব্য আগবঢ়াইছে৷
-”নগৰমুখিতাৰ কথা কবলৈ
গৈ যেনেদৰে আমাৰ এচাম লেখকে গ্ৰাম্য কথকতা পাহৰি পেলাইছে
, অনুৰূপ
বিশ্ব এখন গাওধাৰণাৰ আওতাত সোমাই একাংশই
দৃষ্টিৰ বাহিৰৰ এক ধূসবিত বিশ্ব বিচাৰি হাবাথুৰি খাইছে৷
” (যুক্তি
বাস্তৱৰ ছাঁ-পোহৰত)।

গল্পকাৰৰ মিছিং
জনগোষ্ঠীটোৰ লোকজীৱনৰ স
তে সম্পৰ্ক অতিকে নিবিড়৷ মিছিংসকলৰ
বৰ্ণাঢ্য লোকজীৱন
,বহবৰ্ণিল লোকসংস্কৃতি আৰু লোকাচাৰ শুদ্ধ আৰু
নিভাঁজ ৰূপত উজলি উঠিছে তেওঁৰ গল্পৰ দাপোণত ৷ ৰহি প্ৰস্তুতকৰণ প্ৰথাৰ বাস্তৱ
প্ৰেক্ষাপট আৰু তাৰ স
তে সাঙোৰ খাই থকা উচাহ-আনন্দৰ ৰহণীয়া
অভিজ্ঞতাৰাজী গল্পকাৰে এনেদৰে ব্যক্ত কৰিছে –
দটো টান৷ আৰু দুটামান ৰদ পালেই এপববোৰ মচমচীয়া হব৷ অলপ সৰহকৈয়ে তাই এইবোৰ এপব বনাইছে৷ কষ্ট কৰিলেহে ৰহিটো ভাল হব৷ মানিমুনি,
কুঁহিয়াৰ পাত, কঠাল গছৰ পাত, চোমপতীয়া, আঠুডাঙৰীয়া গছৰ পাত, ভুৰভুৰী ঢেঁকীয়া, কপৌ ঢেঁকীয়া, দীঘলতি পাত আদিবাসী কত কষ্টেৰে তাই গোটাই ৰদত শুকুৱাই মচমচীয়া কৰি খুন্দিছে ৷ তাত দুটামান জালুকো দিছে জ্বলা হবৰ জোখাৰে৷ চাউলৰ পিঠাগুড়ি আগতেই মেনকাই সাজু কৰি থৈছিল৷ অতবোৰ বনৰীয়া
শাক-পাতবোৰ গুড়িবোৰ পিঠাগুড়িৰ স
তে সানি বৰ যতনেৰে মেনকাই
সাজৰ পিঠাবোৰ বনাইছিল৷ এপ
ববোৰলে চাই চাই তাই মনতে গুণিলে – ভাল
ৰাগিয়াল ৰহি উলিয়াব পৰাটোত এক অদভুত স্ফু
ৰ্তি আছে৷ জনগোষ্ঠীটোৰ
পেটে-ভাতে চলি থকা দুৰ্বল অর্থনীতি ধৰি ৰখা কুকুৰা
, গাহৰি
প্ৰতিপালন
, বুকুৰ আপোন বাপতিসাহোন আলিআয়ে লৃগাং উৎসটি আদৰাৰ উপথপ্‌ হেঁপাহ, শ্ৰম-ভাগৰৰ
শেষত জিৰণিৰ মুহূৰ্তবোৰৰ প্ৰিয় পানীয় ৰহি বনোৱাৰ সৈতে ও
প্ৰোত-ভাৱে
জড়িত সাতামপুৰুষীয়া এতিহ্যৰ গাঁৱলীয়া সমলবোৰৰ পৰিচিত প্ৰসংগ
, সৰলচিতীয়া মেনকাজনীৰ মনৰ মানুহ চুছেনক দূৰণিৰ ৰেলৰ চাকৰি এৰি গাহৰি
ফাৰ্মখন নিজ অঞ্চলতে পাতিবলৈ প্ৰস্তাৱ আগবঢ়োৱাৰ আশাবাদী পৰিকল্পনা -এনেবোৰ
সমাজমুখী ভাৱ-চিত্তা
, বৰ্ণিল উপাদান পটভূমি
গল্পটোৰ অনুভূতিক বিশালতা, কল্পনাৰ সতে বাস্তৱতাৰ ৰহণীয়া সাযুজ্যৰে(]৷১৷32051007) কাহিনীৰ
ৰহণ চ
ৰাইছে৷

দূৰৈৰ
ঘন্টাধ্বনি” গল্পত অসম বুৰঞ্জীৰ বুকুৰ বহু উপেক্ষিত এক ট্ৰেজিক কাহিনীক যেন জীৱন্ত
ৰূপ দিছে চতুৰ অথচ সংবেদনশীল গল্পকাৰে – য
ত ৰজাঘৰীয়া আহোম
সেনাই আঠ লাখ মোৱামৰীয়াক বধিলে পথাৰত ৷ মা
লৌ, খুটীয়াপোতা
শ্মশান হ
ল৷ বতাহজাক থমকি ৰল৷ বুকু
দহি যোৱা নীৰৱতা ভোগদৈৰ বুকুত থাকি গ
ল৷

ইতিহাসক
দেও দি মই নিজৰ অস্তিত্ব বিচাৰি নাপাওঁ ৷ সেয়ে ইতিহাসক কবৰৰপৰা খান্দি খান্দি মই উলিয়াওঁ
আৰু এনেদৰেই মই নিজক সজা
ওঁ-পৰাওঁ ৷ পকেটৰপৰা
নোটবহীখন মই উলিয়াই লৈছোঁ আৰু পথাৰক কৈছোঁ –
পথাৰ তোৰ বৰ্ণিল ইতিহাস কথমকি
ৰয় হিমানী পথাৰ৷ ক
ত যুতিব, ত সামৰিব? ইতিহাসতো খণ্ডিত নহয়, ই বৈ থকা নৈ৷ দিচৈ নৈৰ কাহিনীকে কবনে পথাৰে,
যাৰ পলসত পোত গৈছিল কত পিতনি, গেৰ ধৰিছিল ধানে৷”….

মোহময়
জীৱন-মালিকা পথাৰ ৷ সংগ্ৰাম আৰু সভ্যতাৰ স্তৰে-স্তৰে একোটা তেজ লগা সূত্ৰ অগ্নি-
গৰ্ভা এই পথাৰ ৷ গল্পটোৰ কলাগত মহত্বৰ বিষয়ে বিশিষ্ট লেখিকা ৰত্না ভৰালী
তালুকদাৰে এনেদৰে মন্তব্য কৰিছে –
গল্পৰ দৰে জীৱনৰ গদ্যৰ
কঠিন কলা এটাৰ কথা ক
বলৈও তেও বিচাৰি পায়গৈ এখন পথাৰ৷ কিন্তু
তেওঁ কেৱল পথাৰৰ কথাকেই নকয়
, যি জীৱনৰ প্ৰাণদায়িনী
মন্ত্ৰেৰে আমাক চঞ্চল কৰি ৰাখে৷ তেওঁ বিৱৰণী দিয়ে সেই পথাৰক কেন্দ্ৰ কৰি মানুহৰ উত্থান
আৰু পতনৰ অনেক ভংগুৰ ছন্দৰ – নিৰ্মম ইতিহাসৰ বুকুৰে যি বাগৰি আহে৷
পলস পৰা পথাৰৰ মাটি কেতিয়াবা তেজত ভিজিছে৷ বুজাব নোৱৰা দুখত উচুপিছে
পথাৰে৷ নিজৰ চকুপানী উজাৰি নিজেই কথক হৈছে পথাৰ৷ হয়তো কাহিনী আগুৱাই নিয়াৰ
স্বাৰ্থতে ৷
পথাৰে মোক বাৰে বাৰে সুধিছে – এই তেজক্ষয়ী
বুৰঞ্জী শুনি তুমি ভৱিষ্যতদ্ৰষ্টা হ
ব পাৰিম বুলি ভাৱিছা
নেকি
? মই বোলো ভৱিষ্যতদ্ৰষ্টা নহয়, কিন্তু
এটা বাটতো বান্ধিব পাৰিম৷ যিটো বাটৰ সন্ধান এই সময়ে পুনৰাই কৰিছে৷

হালধীয়া
অৰণ্য” আন এটি সুন্দৰ গল্প৷ দৰাচলতে গল্পকাৰে এঠাইত উল্লেখ কৰাৰ দৰে প্ৰতিটো গল্পই
এটা নক্সা৷ প্ৰতিটো কথাৰে নিজাকৈ একোটা ব্যাখ্যা
, নিজাকৈ
একোটা উপস্থাপন শৈলী ৷ মূল
তঃ সজীৱ, স্পন্দনশীল৷
জীৱন বা সময় সৰল ৰেখাত গতি নকৰে৷ সুখৰ দিন সদায় নাহে৷ কেতিয়াবা বিপদ-আপদ আহে৷ ঘৰখনৰ
কোনো সদস্যৰ জীৱন
লৈ বেমাৰ-আজাৰ আহে৷ সহজ আত্মসমৰ্পণৰ বিপৰীতে
এনে মুহূৰ্তবোৰত বাস্তৱতাৰ স
তে ধৈৰ্যৰে,
কিছু সাহসেৰে মুখামুখি হব পৰাতহে থাকে জীৱনৰ
আচল অৰ্থ
গল্পকাৰে এনেবোৰ সহজ সত্যকো তেওঁৰ কাহিনী আৰু
চৰিত্ৰৰ সাৰস্বত সমল কৰি লৈছে৷

মই এপাক তেওঁক চাব
পাৰিমনে
?”

তাই অনুমতি
বিচাৰিছে৷ মানুহটো একেবাৰে এখন নদীৰ দৰে৷ অহৰ্নিশে সৰ
ৱ, সপ্ৰতিভ৷ এতিয়া তেওঁক এটা অক্সিজেন মাস্ক পিন্ধাই
দিয়া হৈছে৷ তে
ওঁ তাইলৈ এক কৰুণ চাৱনিৰে চাইছে৷

সময়বোৰ ক্ৰমাৎ
জটিল হৈছে
, পিছে আত্মসমৰ্পণৰ ক্ষণ এইটো নহয়৷ এই কথাষাৰ কেনেবাকৈ
তাই ভাবুক মানুহটোৰ কাণত পেলাব পৰা হ
লে৷ মানুহজনক কব পৰা যায় নেকিতুমি যিদৰে যুঁজি আছা, বাহিৰত মোৰ যুঁজখনো সমানেই ৷ মন নেপেলাবা, আহাঁ,
একেলগে এঘড়ী যুজোঁ’’ (হালধীয়া অৰণ্য,পৃ৮১)

কেতিয়াবা
মেট্ৰোৰ ফ
ৰলেনৰ গাড়ীবোৰে তাইৰ সৰু বুকুখন কঁপাই তোলে৷ তাই
ডিভাইদাৰত ৰৈ উশাহ সলায়৷ ভাৱে
, সময়ো ক্ষন্তেক ৰোৱা হলে৷ কিন্তু সময় ৰব নোৱাৰে৷ কাহিনীবোৰৰো যে অজস্ৰ
বাট ৷

অতবোৰ
কাহিনীয়ে ঠেং-ঠুং মেলি এতিয়া আদবাটতে তাইক আগচি বহি আছে৷ পানীত পাহ মেলা
ভেঁটফুলৰ দৰেই এই কাহিনীবোৰ৷ পানীৰ তলত জালিকাৰ দৰে অজস্ৰ শিপা
, যাক চকুৰে নমনি৷ দিন বাগৰাৰ লগে লগে কাহিনীবোৰে পাহাড় মেলিছে৷ অক্টোপাচৰ
অজস্ৰ হাতৰ দৰেই কাহিনীবোৰে লাহে লাহে সময়ক জপটিয়াই ধৰিছে আৰু তাইৰ সমুখৰ বাটবোৰ
বন্ধ কৰি দিয়া হৈছে৷ জলঙাইদি বাগৰি অহা সময়ৰ যৎসামান্য সহানুভূতি বা শুভকামনাৰ
ৰেশৰ প্ৰৱেশপথত অক্টোপাচৰ হাত হৈ কাহিনী একোটাহঁত থিয় দি আছে৷

দিনক দিনে
বাহিৰৰ পৃথিৱীখন জটিল
, ধূসৰ হৈ গৈ আছে৷ জীৱনো সেই আগৰ সাধুবোৰৰ
দৰেই সৰল হৈ থকা নাই৷ ছদ্মবেশী
, হঠকাৰী সময়ে অনেক ঢউ,
ধুমুহাৰে জীৱন প্ৰবাহো জটিল কৰিছে৷ এইখনতো
আকাশ নথকা পৃথি
ৱী ৷ কা কা কা৷ কাউৰীৰ ছাইবৰণীয়া পাখিৰে
আগুৰি থকা ধূসৰ পৃথিৱী ৷ কা কা কা৷
” (পিৰামিডৰ মানুহ) ৷ এই
যা
ন্ত্ৰিক পৃথিৱীত জীৱনত পদে পদে উজুতি
খাবলগা হোৱাটোত তেনে কোনো অস্বাভা
ৱিকতা থাকিব নোৱাৰে কিন্তু
কথকৰ দৃষ্টিত নিজস্ব জীৱন জিজ্ঞাসাৰ পোহৰত মনৰ এনে বহু ভয়
, শংকা
জয় কৰি সময়ৰ জখলাত আগুৱাব পাৰি৷ উদ্দেশ্যহীনভা
ৱে দিনবোৰ
পাৰ কৰাতকৈ সুখে-দুখে
, উছৱে-বিপদে কিছু সাহসেৰে অৰ্থপূৰ্ণভাৱে
জীৱন উদযাপনহে আমাৰ সকলোৰে লক্ষ্য হ
ব লাগে৷ সেইবুলি সমুদ্ৰ-ভীতি’-ত গল্পকাৰে জীৱনৰ তুচ্ছতা-ক্ষুদ্ৰতা,
ভয়-ভীতি, নিয়তিৰ খেল বা অনিশ্চয়তাকো
উপেক্ষাৰ দৃষ্টিৰে চোৱা নাই৷
মালয়ালী হাঁহিমুখীয়া
নাৰ্চবোৰে ভগা ভগা হিন্দীত মোক সোধে—
আপুনি ইমান ভাবুক ৷ দিনৰ
দিনটো কি ভাবি থাকে
?”

মই
টপৰাই মাত দি
ওঁ – “সৌ সাগৰখনৰ পাৰত মই থিয় হব খোজো আৰু তাৰ বাবেই দিন গণনা কৰি আছো৷নার্ছবোৰে
কোঠালিৰ খিৰিকীৰে সাগৰখনলৈ নতুনকৈ চায়৷

নিজক নিজে
বিচৰাৰ পৰ্বটোৱে মোক জটিল যেন লগা কথাবোৰ ভাঙি-পাতি সহজ কৰিবলৈ শিকালে৷ পত্নীৰ
কন্দনামুৱা মুখখনলৈ চাই মই চিনেমাৰ হিৰ
’-ৰ সুৰত কবলৈ চেষ্টা কৰোঁদেখতে হ্য আগে হতাহে ক্যা৷তেওঁ কয় – ‘ধেমালি
নকৰিবা ৷

মই কওঁ – ‘জীৱনটোৱেই এটা বিৰাট ধেমালি৷মোৰ পত্নীয়ে মানি নলয়৷” (সমুদ্ৰ ভীতি /পৃ ৩৮)

বেছিভাগ
গল্পকাৰে ফৰ্ম বা কলাচাতুৰ্যৰ
চৌখিনতাৰ ওপৰত মাত্ৰাধিক গুৰুত্ব আৰোপ
কৰা দেখা যায়৷ কিন্তু কেৱল আংগিকৰ চমক
, ৰূপগত দিশটোৱেই চুটিগল্পৰ
মান নিৰ্ণয় নকৰে৷ সমাজমুখী শাশ্বত হৃদয়বৃত্তি
, চিৰন্তন
মানবীয় প্ৰমূল্যৰাজিয়েহে গল্প এটাক সাৰ্থক কলাৰ সাৰৱত্তা প্ৰদান কৰে৷ জীৱনত
ক্ষয়ৰ বিলাস বা ভঙাটোৱেই শেষ সত্য নহয়৷ ভাঙি ভাঙি নকৈ গঢ়াৰ যি অন্তৰতম প্ৰয়াস
সিহে শিল্পৰ ধৰ্ম৷ সময়ৰ সত্য ৷ পৰি
ৰ্তন জিজ্ঞাসাই
পাৰ্থবিজয় দত্তৰ চৰিত্ৰবোৰক দিছে নতুন জীৱনদৃষ্টি ৷
– “মাটিৰে
নতুনকৈ গঢ়িবলৈ তেওঁৰ কেতিয়াবা মন নোযোৱা নহয়৷ নাক
, মুখবোৰ
আটিলকৈ গঢ়িব
, কণ্ঠটো গভীৰ হব আৰু
থাকিব এটা জোনাকী মন৷ জোনাকী পৰুৱা ভালপোৱা মানুহ যেতিয়া সেই জোখৰ এটা ঠুনুকা মন কিয়
নাথাকিব৷
(টেপা পুটুলৰ মাত আৰু দুপৰৰ
আধা কোৱা গল্প) ৷

সাৰ্থক কলাকৰ্মই আমাক এক মানুহৰ মূৰ্ত্তি আঁকি দেখুৱায় ; লগে লগে
মানুহে বসতি কৰি ধন্য কৰা বৰ্ণিল পৃথিৱীখনো আমাৰ চকুৰ আগত ভাঁহি থাকে৷
জীৱনৰ বাৰেবৰণীয়া ৰূপটোৰ প্ৰতি আগ্ৰহ আৰু জীৱনৰ অনিশ্চয়তাৰ সংযোগে তেওঁৰ
(পাৰ্থবিজয় দত্তৰ) গল্পৰ বৰ্ণনালৈ এনে এক স
ম্ভ্ৰ
কঢ়িয়াইছে যাৰ অনুধা
ন যন্ত্ৰণাৰ উপলব্ধি, যাৰ অনুধান জীৱন সত্যৰ মুখামুখি৷ ভাল গল্প লিখাৰ
তাড়না আৰু সাধনাৰ সচেতনতা তেওৰ গল্পত স্পষ্ট৷ কথক আৰু কাহিনীৰ এই খেল খেলিব
পাৰিছে বাবে তেওঁৰ গল্প যা
ন্ত্ৰিকতাৰপৰা মুক্ত, সজীৱঠিক দূৰৈৰ ঘন্টাধ্বনিৰ দৰে চিনাকি-অচিনাকি
বতাহৰ কঁপনি৷
” (ৰিন্দম বৰকটকী)৷




বিমূৰ্ত”
(খণ্ডহৰ
,২০১৫) পাৰ্থবিজয় দত্তৰ আন এটা উচ্চ মানৰ গল্প৷ সমাজে গঢ় দিয়া পৰিয়াল নামৰ বৃত্তটোৰ চৰিত্ৰবোৰক
ধৰি ৰখা যিকোনো স্তৰৰ সম্পৰ্ক নামৰ সূতাডাল মূল
তঃ জটিল আৰু
বিমূৰ্ত ৷ তাতে আকৌ দুটা ভিন্ন পৰিয়ালৰ
সুকীয়া সুকীয়া
পৰিবেশৰপৰা আহি পতি-পত্নী ৰূপে সংসাৰ যাপন
কৰিবলৈ লোৱা এই
নতুন মানবীয় সম্পৰ্কৰ আধাৰত গল্পৰ কাহিনী যিদৰে আগবাঢ়িছে
, সেইদৰে
ক্ৰমে সংশয়
, অবিশ্বাস আৰু উশাহ গধুৰ হৈ অহা ঘনীভূত উৎকণ্ঠাৰ
মাজেৰে আমি পাঠকসমাজে স্বাভা
ৱিকতে আশা কৰিব নোৱাৰা এক
ৰহস্যজনক অথচ বিষাদঘন পৰিণতিৰ মোৰ লৈছে গল্পটোৱে৷

গল্পকাৰৰ কি
গভীৰ অন্তদৃষ্টি! শিল্প সৃষ্টিয়েই তেওঁৰ একমাত্ৰ লক্ষ্য নহয়
; বৰ্তমানক হাতৰ মুঠিত লৈ ভৱিষ্যত স্বপ্নৰ চাকিগছি সন্মুখত ৰাখি জীৱন আৰু সম্পৰ্কৰ
পুনৰ্নিমাণৰ প্ৰয়াস তেওঁৰ কাহিনীকথনৰ যেন অন্যতম ইতিবাচক
বৈচিত্ৰ ৷ অৱশ্যে তাকে কৰিবলৈ যাওঁতে কাহিনীকাৰে কল্পনাৰ স
তে
বাস্তৱতাৰ জুমু
ঠিটোৰ অবিমিশ্ৰ সংমিশ্ৰণ ঘটাইছে৷ নমিতা আৰু চৈতন্যৰ মাজৰ বুজাবুজিৰ ভেঁটিটো ইউনিভাৰ্চিটিৰ সেই
ৰঙীন দিনবোৰত আছিল বেচ দৃঢ়
; থিয় দি নৈৰ কাঠগড়াৰ দৰে ওখ,
মজবুত; প্ৰেম-ভালপোৱা আৰু অভিমান- অহংকাৰেৰে
উষ্ণ
, উদ্দীপ্ত ৷ কিন্তু এই সম্পৰ্কত বিয়াৰ কিছুদিন পিছত
লাহে লাহে
ফাঁট মেলিছে; দুয়ো বেলেগে
বেলেগে থাকিবলৈ ল
লে৷ কণমানি নিবিড়েই হৈ পৰিল মাতৃ নমিতাৰ
একাকী জীৱনৰ একমাত্ৰ সংগী ৷ নিবিড় যেন তাইৰ প্ৰতিটো ক্ষণৰ দুখ
, হুমুনিয়াহ আৰু চকুলোৰ অবোধ সাক্ষী! আনপিনে পত্নী,পুত্ৰৰপৰা
বিচ্ছিন্ন লেখক
চৈতন্য হৈ পৰিল ভাবিব নোৱাৰাকৈ নিসঙ্গ,
অস্থিৰ আৰু জেদী৷ তেওঁৰনো বাৰু কি দোষ আছিল? এগৰাকী
মহিলা সহক
ৰ্মীৰ সতে অনুস্থানৰ কামত
তেওঁ কিছু ঘূৰা ঘূৰি কৰিব লগা হ
ল৷ তাকে লৈ কিবা এক গুজৱ ওলাইছিল
মানুহৰ মাজত৷ নমিতাই কথাবোৰ সহজভাবে ল
ব নোৱাৰিলে৷ দুয়োৰে
মাজত এনেদৰেই অবিশ্বাসৰ সূ
ত্ৰপাত হল৷ বন্ধু
অচ্যুতৰ বুজনি
, অন্তৰৰ উম কিম্বা বিবেকৰ ভাষাইয়ো চৈতন্যক
প্ৰবোধ দিব নোৱাৰিলে৷ বৰং তাৰ জেদ সময়ত বাঢ়িহে গ
ল৷ নমিতাৰ
মনৰ সন্দেহ অবিশ্বাসৰ জুইকুৰাও কোনোদিন স্তিমিত নহ
ল৷ নৰকৰ
কীটৰূপী অবিশ্বাসক বুকুত বৰপীৰা পাৰি দিলে বোধহয় এনে পৰিণতিয়েই হয়৷ শ্বেকছপীয়েৰৰ
নাটক
অথেল’-ত সুন্দৰী পত্নী ডেছডেমনাৰ প্ৰতি সন্দেহ ঘনীভূত হোৱাত অথেল’-
অস্থিৰতাত ছটফটাই ছটফটাই এনেদৰে চিৎকাৰ কৰিছিল
,
-‘Perdition catch my soul/
When I love thee not/ Chaos is come again.’
.”

যি শুভবোধ, সাহস আৰু নৈতিকতাৰ পোহৰত অচ্যুত আগবাঢ়িছিল, সেই
চাকিগছো যেন শেষ মুহূৰ্তত ভমককৈ জ্বলি নুমাই থাকিল৷ যুগ্মজীৱনৰ পাতনি মেলা
উলাহ-উচ্ছ্ব্সিত দিনবোৰৰ প্ৰেম আৰু বিশ্বাসৰ ওখ কাঠগড়া চপৰা-চপৰে খহিবলৈ ধৰিলে৷ চৈতন্যই
অচ্যুতক কোৱাৰ দৰে সেই চপৰাবোৰ বৈ গৈ নেদেখা ক
ৰবাত হয়তো
নতুন মাজুলী গঢ়েগৈ৷ অতিষ্ঠ হৈ
চৈতন্য নমিতাই ডিভৰ্চৰ বাবে
দিন ধাৰ্য কৰিলে৷ এইখিনিতে হঠাৎ নতুন মোৰ ল
লে কাহিনীয়ে ৷ সলনি
ল গল্পৰ গণিত৷ সময় আৰু নিয়তিৰ কি আশ্চৰ্য খেল! ডিভৰ্চৰ
দিনা চৈতন্যৰ অনুৰোধ ৰক্ষা কৰি নমিতাই তাহানি
য়ুনিভাৰ্চটিৰ দিনবোৰত
পিন্ধা নীলা শাড়ীখন পিন্ধিয়েই চৈতন্যই চলোৱা গাড়ীত উঠি
ক’ৰ্টলৈ আহিল৷ জীৱনৰ পৰা চিৰদিনৰ বাবে যাক ডিভৰ্চ দিবলৈ ওলাইছে, সেই নমীজনীক চৈতন্যই হঠাৎ অসম্ভৱ ধুনীয়া দেখা পালে তেওঁ যেন মনৰ ভিতৰতে বাৰে বাৰে কৈ উঠিল- “নীলাৰঙী শাড়ীখনে তাইক যে ইমান
তুলি ধৰিছে৷
হয়, জীৱন সঁচাই বিশাল;
তাৰ নিতে নব ৰূপ, জ্জ্ব
মহিমামণ্ডিত৷ কি তী
ক্ষ্ন, সুগভীৰ জীৱন এষণা গল্পকাৰৰ! অপ্ৰেম
আৰু অবিশ্বাসৰ কঠিন আবৰ্ত ভাঙি উজলি-উদ্ভাসি উঠিছে জীৱনৰ মহত্ব
, প্ৰেম, বিশ্বাস আৰু জীৱন জগোৱা সৌন্দৰ্যৰ জয়গান ৷

প্ৰস্তাৱ আৰু
প্ৰসঙ্গৰ অন্তৰ্লীন প্ৰেৰণাৰে উদ্ভাসিত পাৰ্থবিজয় দত্তৰ গল্পৰ আংগিক আৰু
অন্তৰ্জগত ৷ তেওঁৰ শব্দচয়ন স্বচ্ছ
, সালীল; কথনভঙ্গী বহু সময়ত কাব্যিক, অননুকৰণীয়৷ বিশ্ববৰেণ্য কথাশিল্পী মোঁপাচাৰ
বহুতৰপীয়া
, অন্তৰ্ভেদী মনস্তত্বৰ বিৰল ছাঁ-জোনাক নাথাকিলেও
বহুমাত্ৰিক চৰিত্র চিত্ৰণ আৰু কাহিনী প্রকৰণত তেওঁ যেন চেখভৰ বহু ওচৰৰ ৷ আমাৰ
আত্মাৰ অনুভূতি আৰু উদ্বেলিত অনুভৱ
, এয়ে তেওঁৰ গল্পৰ কালহীন
চিৰন্তন আবেদন ৷

বিমূৰ্ত” গল্পৰ শেহৰ পিনে
ময়ো নমিতাৰ দৰেই ক
ব নোৱাৰাকৈয়ে থোকাথুকি হৈ গলো, নে উচুপি উঠিলো মনে মনে আন কোনেও নজনাকে

দুচকুৰে নিগৰিব
ধৰা তপত চকুপানীখিনি মচো-নমচোতেই ফ্লেশ্ববেকৰ দৰে আচম্বিতে যেন মনৰ স্ক্ৰীনত চমকি
উঠিল অন্য এক কাহিনীৰ প্ৰেক্ষাপট ৷ এটা গল্প পাঠৰ অন্তত সেই পাঠচক্ৰত উপস্থিত থকা
অলেখ শ্ৰোতাৰ চকু চলচলীয়া হৈ উঠিছিল৷ ছাদাত হাচান মান্টো নিজেই আছিল
‘‘বা টেক সিং” শীৰ্ষক সেই আলোড়নকাৰী গল্পটোৰ পাঠক
আৰু লিখক ৷ এই গল্পৰো অন্তৰ্বাস্তৱ আছিল প্ৰেম
, সম্প্ৰীতি
আৰু সহজ আস্থাৰ বিপৰীতে অপ্ৰেম আৰু অবিশ্বাসৰ
, হিংসা আৰু
দানবীয়তাৰ নীচক অনুভূতি৷ ভাৰত বিভাজনৰ সেই
তিহাসিক
অদূৰদৰ্শী
, হঠকাৰী সিদ্ধান্তই জন্ম দিয়া দুখন দেশৰ মানুহৰ
মাজত পাৰম্পৰিক অবিশ্বাস
, প্ৰতিশোধপৰায়ণতা, হিংসা-সন্নাসৰ নাৰকীয় জুইত জাহ গৈছিল জোন আৰু আকাশ, হৃদয় আৰু মানতা৷ কিন্তু আমি অনুধান কৰিব পাৰিব লাগিব শক্তিশালী স্ৰষ্টাৰ এই গল্পটোৰ শেহৰ পিনে যেন উমি উমি
জ্বলি উঠিছে অন্য একুৰা স্নি
গ্ধ, পবিত্ৰ জুই৷ এই জুইতে স্নান
কৰি জন্ম হ
ব পাৰে প্ৰেম আৰু বিশ্বাসৰ প্ৰতিমূৰ্তি
স্ফিংক্সৰূপী নতুন মানুহ
, যি মানুহে অপ্ৰেম আৰু অবিশ্বাসৰ
পৃথিবীতো বোৱাব পাৰে প্ৰেম আৰু প্ৰতীতিৰ জোনাকৰ বন্যা
,উৰুৱাব
পাৰে শান্তি
, প্ৰগতি সভ্যতাৰ চিৰ ড্ডী পতাকা৷ এনেবোৰ
গল্পৰ গভীৰত অবগাহন কৰাৰ উদ্বেল মুহুৰ্তুবোৰত আমাৰ ভাৱ হয় সৃষ্টিশীল জীৱনৰ
আগভাগতে শিক্ষা সৌৰভ বঁটা
,
ATC Literary Award, 2017, ATC Mumbai, সাহিত্য সৌৰভ বঁটা, সাহিত্য শিৰোমণি সন্মান, সাহিত্য নক্ষত্ৰ সন্ধান, Franz Kafka
of Assam  উপাধিৰ দৰে বাৰটাকৈ বিশেষ সাহিত্য
পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হোৱা অন্যতম প্ৰিয় গল্পকাৰ পাৰ্থবিজয় দত্তৰ মাজতো
লুকাই আছিল ভৱিষ্যতৰ অন্য এজন ছাদাত হাচান মা
ণ্টো